অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰম কাৰ্যসূচীঃ

শিক্ষানীতি অধ্যয়নৰ দিশত এক গুৰুত্বপূৰ্ণ বিষয় হৈছে পাঠ্যক্ৰম প্ৰস্তুতি সম্বন্ধীয় দিশৰ অধ্যয়ন। স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন হয়- ছাত্ৰ বা শিক্ষাৰ্থীসকলক আমি কি শিকাম বা আমাৰ শিক্ষাদানৰ কাৰ্যসূচী কি হ’ব লাগে। অৱশ্যে এই প্ৰশ্ন যিমান সহজে কৰিব পাৰি সিমান সহজে তাৰ উত্তৰ দিব পৰা নাযায়। ই আমাৰ বাবে এক জটিল প্ৰশ্ন এইবাবেই যে শিক্ষাৰ সকলো লক্ষ্য-আদৰ্শ, আশা-আকাংক্ষা আৰু প্ৰয়োজন আদি ইয়াত বিবেচনা কৰিব লগা হয়। ইয়াৰ লগত সংশ্লিষ্ট হৈ থকা অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কথা সাৱধানে বিচাৰ কৰি চাব লাগে। শিক্ষাৰ যোগেদি মানুহৰ ক্ৰমবিকাশৰ গতি ক’ৰ পৰা ক’লৈ আৰু কিদৰে লৈ যোৱা হ’ব এনেবোৰ জটিল প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ আছে। এখন বিকাশশীল সমাজৰ অবিৰত বিকাশ প্ৰক্ৰিয়া এই পাঠ্যক্ৰমৰ ওপৰতেই একান্ত নিৰ্ভৰশীল। সমাজৰ প্ৰভাৱ অনুসৰি সমাজৰ বৰ্তমানৰ প্ৰয়োজন, ভৱিষ্যতৰ আশা-আকাংক্ষা, জীৱনৰ লক্ষ্য-আদৰ্শ আদিৰ সামূহিক বিবেচনাই ইয়াত ঠাই পাব লাগে। ভৱিষ্যতে আমি কেনে জীৱন আশা কৰো আৰু কেনে উন্নতি বিচাৰো, অতীতৰ কেনেবোৰ অভিজ্ঞতা আমাৰ বৰ্তমানৰ বাবে প্ৰয়োজন, কেনেবোৰ নতুন অভিজ্ঞতা আমাৰ গ্ৰহণীয়- এই সকলোবোৰ কথা ইয়াৰ অন্তৰ্ভুক্ত। মুঠতে ক’বলৈ গলে ই দৰ্শনৰ এক গভীৰ চিন্তাৰ বিষয়। সেয়েহে দাৰ্শনিক দৃষ্টিভংগীসমূহ পাঠ্যক্ৰম প্ৰস্তুতিৰ লগত সাঙোৰ খাই আছে। পাঠ্যক্ৰম হৈছে মানুহৰ বিকাশৰ দিক্-দৰ্শনকাৰী স্বৰূপ। ইয়াৰ অধ্যয়ন আৰু বিশ্লেষণ সেয়েহে আমাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ।

পাঠ্যক্ৰমৰ সংকীৰ্ণ আৰু ব্যাপক অৰ্থঃ

পাঠ্যক্ৰমৰ ইংৰাজী শব্দ চয়ন কৰিলে পোৱা যায় যে ‘Curriculam’ শব্দ পুৰণি লেটিন ভাষাৰ ‘Currer’-ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হৈছে ‘Race cource’ অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা। ঘোঁৰা দৌৰৰ বেলিকা নিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত হ’বৰ বাবে গতিপথ অতিক্ৰম কৰিব লগা হোৱা অঞ্চলকেই ইয়াৰ দ্বাৰা বুজোৱা হৈছিল। বৰ্তমান এই শব্দগত অৰ্থ পাঠ্যক্ৰম অধ্যয়নৰ প্ৰসংগত প্ৰয়োগ কৰা হয়। শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট বিষয় অধ্যনয়ৰ নিৰ্ধাৰিত সীমা স্থিৰ কৰা হয়। নিৰ্দিষ্ট শৈক্ষিক সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগা অধ্যয়নৰ বিষয়সূচী বা কাৰ্যসূচীকেই সেয়েহে বৰ্তমান ইয়াৰ সীমিত আৰু সংযত অৰ্থত পাঠ্যক্ৰম বুলি জনা যায়। এই পাঠ্যক্ৰম নিৰ্দিষ্ট শিক্ষা-কৰ্তৃপক্ষই প্ৰস্তুত আৰু নিৰ্ধাৰণ কৰে। শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত তাৰ অধ্যয়ন শেষ কৰি তাৰ ওপৰত কৰা পৰীক্ষা বা মূল্যায়নৰ সন্মুখীন হ’ব লাগে। এনে মূল্যায়নৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ শৈক্ষিক কৃতকাৰ্যতা বা অকৃতকাৰ্যতা বিচাৰ কৰি যোগ্যতাৰ সামাজিক স্বীকৃতি প্ৰদান কৰে। সংকীৰ্ণ বা সীমিত অৰ্থত ইয়াকেই পাঠ্যক্ৰম বোলা হয়। এনে অৰ্থত ক’ব পাৰি যে পাঠ্যক্ৰম হৈছে ছাত্ৰ-শিক্ষকৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্যৰ সংকেতদায়ক আৰু সীমা নিৰ্ধাৰক।

পাঠ্যক্ৰমৰ এই সীমিত অৰ্থই বৰ্তমান ইয়াৰ স্বৰূপ প্ৰকাশ কৰিব নোৱাৰে। এক বহল আৰু ব্যাপক পৰিসৰতহে ইয়াৰ সংজ্ঞা আৰু অৰ্থ প্ৰকাশ কৰা হয়। সময়ৰ পৰিৱৰ্তনে মানুহৰ জ্ঞান-অভিজ্ঞতাৰ পৰিসৰ আৰু এই সম্বন্ধীয় ধাৰণা বহল কৰি তুলিছে। ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণসমূহ বহলভাৱে বিকশাই তুলিবলৈ আৰু সমাজত সুনাগৰিক স্বৰূপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিবলৈ স্কুলীয়া পাঠ্যক্ৰমৰ মাথোন কেইটামান সীমিত বিষয়ৰ অধ্যয়নেই যথেষ্ট নহয়। ইয়াৰ উপৰি স্কুলৰ দায়িত্ব হৈছে ছাত্ৰক জীৱনৰ বহল পৰিসৰৰ প্ৰয়োজনীয় অভিজ্ঞতা প্ৰদান কৰাটোহে, মাথোন কেইটামান নিৰ্ধাৰিত বিষয়ৰ সীমিত জ্ঞান দিয়াটো নহয়। ছাত্ৰক দিব পৰা স্কুলৰ সম্ভাৱ্য জ্ঞান-অভিজ্ঞতাক সেয়েহে এক বহল দৃষ্টিভংগীৰে আৰু সামগ্ৰিক ৰূপত বিবেচনা কৰিব লাগে। এই দৃষ্টিকোণৰ পৰা বৰ্তমান কোৱা হয় যে শ্ৰেণীৰ বাহিৰে ভিতৰে ছাত্ৰক দিব পৰা স্কুলৰ সামগ্ৰিক অভিজ্ঞতাকেই পাঠ্যক্ৰম স্বৰূপে গণ্য কৰিব পাৰি। ইয়াৰ যোগেদি ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনক বহল পৰিসৰত পাঠ্যক্ৰমত সামৰি লবলৈ বিচৰা হৈছে।

পাঠ্যক্ৰমৰ সংজ্ঞাঃ

(১) ১৯৫৩-৫৪ চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া সংজ্ঞা বিশেষ উল্লেখযোগ্য। আয়োগৰ মতে গতানুগতিকভাৱে শিকোৱা স্কুলৰ বিষয়বোৰকেই পাঠ্যক্ৰম বুলিব নোৱাৰি। স্কুল আৰু ইয়াৰ শ্ৰেণীকক্ষসমূহ, পুথিভঁৰাল, প্ৰয়োগশালা, কাৰখানা, খেলপথাৰ আৰু অন্যান্য বিবিধ ক্ষেত্ৰত ছাত্ৰ-শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী ক্ৰিয়াৰ সামূহিক অভিজ্ঞতাকেই ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়। এনে অৰ্থত স্কুলৰ সমূহ অভিজ্ঞতই হৈছে পাঠ্যক্ৰম।

(২) শিক্ষা-দাৰ্শনিক ফ্লোৱেলে পাঠ্যক্ৰমৰ অধিক ব্যাপক বিধৰ সংজ্ঞা দি কয় যে মানৱ জাতিৰ সমগ্ৰ জ্ঞান-অভিজ্ঞতাৰ সাৰাংশ স্বৰূপ অৱস্থাকেই পাঠ্যক্ৰম স্বৰূপে বিবেচনা কৰিব পাৰি।

(৩) শিক্ষাবিদ পাৰ্চি নানে পাঠ্যক্ৰমৰ সংজ্ঞা দি কয় যে মানৱীয় জীৱনশক্তি আত্মপ্ৰকাশ কৰি উঠিব পৰা আৰু সমগ্ৰ পৃথিৱীৰ অধিক স্থায়িত্বশীলভাৱে তাৎপৰ্যপূৰ্ণ হৈ উঠা সকলোবিধ ক্ৰিয়া-অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্যক্ৰমক নিৰীক্ষণ কৰিব লাগে।

(৪) পেইনৰ মতে এখন স্কুলে ছাত্ৰৰ ব্যক্তিত্ব বিকাশ কৰিবৰ বাবে আৰু তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন সাধনৰ বাবে নিৰ্বাচন কৰিব পৰা আৰু সচেতনভাৱে সংগঠন কৰিব পৰা সকলোবোৰ পৰিস্থিতিয়েই হৈছে পাঠ্যক্ৰম।

(৫) ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্যক্ৰমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই অন্তৰ্ভুক্ত কৰে যিসমূহ তেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে।

(৬) মনোৰোৰ মতে শিক্ষাৰ লক্ষ্য সাধনৰ বাবে স্কুলে সৎব্যৱহাৰ কৰিব পৰা সকলোবোৰ অভিজ্ঞতাকেই পাঠ্যক্ৰমে অন্তৰ্ভুক্ত কৰে।

পাঠ্যক্ৰম সম্বন্ধে শিক্ষাবিদসকলৰ এনেবোৰ দৃষ্টিভংগীৰ পৰা সহজে অনুমান কৰিব পাৰি যে মানৱ জীৱনৰ পাঠেয় সমগ্ৰ অভিজ্ঞতাই হৈছে ইয়াৰ অন্তৰ্ভুক্ত। ই আমাৰ জীৱনৰ সমানেই ব্যাপক আৰু গভীৰ।

পাঠ্যক্ৰম সম্বন্ধে দাৰ্শনিক দৃষ্টিভংগীঃ

পাঠ্যক্ৰমৰ ক্ষেত্ৰত থকা বহল দৃষ্টিকোণৰ বিবেচনাৰে এই কথা সহজেই অনুমান কৰিব পাৰি যে পাঠ্যক্ৰম প্ৰস্তুতিৰ প্ৰশ্ন মূলতেই হৈছে এক দাৰ্শনিক চিন্তা-চৰ্চাৰ বিষয়। দৰ্শনৰ চিন্তাধাৰাৰ বিভিন্ন দৃষ্টিকোণৰ পৰাহে মানুহৰ প্ৰয়োজনীয় অভিজ্ঞতাৰ সামগ্ৰিক বিবেচনাৰে এক গ্ৰহণযোগ্য নীতি নিৰ্ধাৰণ কৰিব পৰা যায়। এই প্ৰসংগত শিক্ষাৰ প্ৰধান চিন্তাদৰ্শন কেইটাৰ নিজ নিজ দৃষ্টিভংগীৰ লগত আমাৰ পৰিচয় হোৱাটো প্ৰয়োজন।

পুৰণি কালৰে পৰা শিক্ষাৰ বিভিন্ন দিশত প্ৰভাৱ পেলাই অহা আদৰ্শবাদ দৰ্শনৰ মতে স্কুলৰ পাঠ্যক্ৰমে মানুহৰ জ্ঞান-অভিজ্ঞতাৰ ব্যাপক পৰিসৰ সামৰি ল’ব লাগে। শিশুৰ বাস্তৱ তথা বৰ্তমানৰ প্ৰয়োজন আৰু ক্ৰিয়াকলাপতকৈ মানৱতাৰ সামগ্ৰিক অভিজ্ঞতাৰ আদৰ্শভিত্তিক প্ৰয়োজনহে শিশুৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। আদৰ্শবাদ দৰ্শনৰ মতে মানুহৰ এই ব্যাপক পৰিসৰৰ অভিজ্ঞতাক সংজ্ঞানাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক স্বৰূপে তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই অনুক্ৰমে পাঠ্যক্ৰমত বিজ্ঞান, সুকুমাৰ কলা আৰু ব্যৱহাৰিক কলা-শিল্প আদি বিষয় অন্তৰ্ভুক্ত কৰিব লাগে। এই সকলো বিষয় অধ্যয়নৰ মূল উদ্দেশ্য হৈছে শিশুৰ দৈহিক, মানসিক আৰু আনুভূতিক দিশৰ সুসামঞ্জস্যপূৰ্ণভাৱে সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

আধুনিক শিক্ষাত বিজ্ঞানৰ দৃষ্টিভংগী প্ৰদান কৰা প্ৰকৃতিবাদ দৰ্শনে পাঠ্যক্ৰমৰ ক্ষেত্ৰত এক বাস্তৱ দৃষ্টিভংগী গ্ৰহণ কৰে। সেইমতে কোৱা হয় যে শিশুৰ বাস্তৱ প্ৰয়োজন, আগ্ৰহ, অভিৰুচি আৰু বৰ্তমান ক্ৰিয়া-কলাপেহে তাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমত মুখ্য স্থান লাভ কৰিব পাৰে। অতীতৰ সামাজিক আদৰ্শ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা ইয়াৰ মুখ্য বিবেচ্য বিষয় নহয়। সেইবাবে পাঠ্যক্ৰম বিষয়কেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে শিশুকেন্দ্ৰিক কৰি গঢ় দি তুলিব লাগে। সমাজৰ প্ৰাপ্তবয়স্কসকলৰ অভিজ্ঞতাৰ প্ৰভাৱ বা প্ৰভুত্বই শিশুৰ প্ৰয়োজনীয় অভিজ্ঞতাত হস্তক্ষেপ বা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগে। পাঠ্যক্ৰমত তাত্বিক আৰু চিন্তাগধুৰ বিষয়সমূহৰ পৰিৱৰ্তে শিশুৰ ভাল লগা আৰু তাৰ জন্মগত শক্তি-ক্ষমতাসমূহ বিকশাই তুলিব পৰা বিষয়বোৰহে অন্তৰ্ভুক্ত কৰিব লাগে। এই প্ৰকৃতিবাদ দৰ্শনে প্ৰকৃতিজগতৰ বিষয়সমূহ, যেনে- পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা, উদ্ভিদবিদ্যা আৰু প্ৰাণীবিদ্যা, গণিত আদি বিজ্ঞানসন্মত অধ্যয়নত গুৰুত্ব দিয়ে। এনে অধ্যয়ন প্ৰত্যক্ষ, ক্ৰিয়াভিত্তিক আৰু পৰীক্ষা-সাপেক্ষ হোৱা উচিত। সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীয়ে পাঠ্যক্ৰমত বিশেষ স্থান পোৱা উচিত। শিক্ষাদানৰ পদ্ধতি শিশুৰ স্বতঃস্ফূৰ্ত খেলা-প্ৰৱণতাৰ দ্বাৰা আৰু শিক্ষাদানৰ আঁহিলা দৃশ্য-শ্ৰাব্য সঁজুলিৰ দ্বাৰা শিশুক প্ৰদান কৰিব লাগে। এই চিন্তা-দৰ্শনেই শিশু-মনোবিজ্ঞানৰ অধ্যয়ন শিক্ষাত অপৰিহাৰ্য কৰি তোলে।

বৰ্তমান সময়ৰ শিক্ষাত প্ৰয়োজনীয়তা, উপযোগিতা আৰু উৎপাদনশীলতাৰ দৃষ্টিভংগী প্ৰদান কৰা প্ৰয়োগবাদ দৰ্শনে পাঠ্যক্ৰমক সেই দৃষ্টিৰেই বিবেচনা কৰে। শিশুৰ উপযোগিতাহে পাঠ্যক্ৰমৰ বিষয় নিৰ্বাচনৰ মূল নীতি হ’ব লাগে। অতীতৰ জ্ঞান-অভিজ্ঞতাৰ আদৰ্শভিত্তিক আৰু চিন্তাপ্ৰধান বিষয়সমূহ অধ্যয়নৰ ই পক্ষপাতী নহয়। প্ৰয়োগবাদীসকলে মত প্ৰকাশ কৰে যে ছাত্ৰসকলক মৃত আৰু অপ্ৰচলিত অতীতৰ তত্ব আৰু চিন্তাসমূহ প্ৰদান কৰিব নালাগে। তেওঁলোকৰ পিতৃসকলৰ চিন্তাগধূৰ জ্ঞান-ধাৰণাৰ পৰিৱৰ্তে বৰ্তমানৰ নিজস্ব সমস্যাবোৰৰ ব্যক্তিগত আৰু দলগত সমাধানতহে প্ৰাধান্য দিব লাগে। শিশুজীৱনৰ বাস্তৱ আৰু ব্যৱহাৰিক প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি সক্ৰিয়ভাৱে দিবলৈ বিচৰা প্ৰয়োগবাদ দৰ্শনৰ এই নীতি প্ৰকৃতিবাদ দৰ্শনৰ লগত কিছু মিল থকা দেখা যায়। অৱশ্যে প্ৰকৃতিবাদে প্ৰাকৃতিক জগতৰ সকলো বিষয় ছাত্ৰই অধ্যয়নৰ পোষকতা কৰে। কিন্তু প্ৰয়োগবাদে কেৱল শিশুৰ বাস্তৱ আৰু ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় বিষয় আৰু সমস্যাৰ নিজস্ব অধ্যয়ন আৰু তাৰ সমাধানতহে অধিক গুৰুত্ব দিয়ে। শিশুৰ বাস্তৱ প্ৰয়োজনীয়তা নীতি ইয়াৰ মুখ্য বিবেচ্য বিষয় নহয়। এনে বিবেচনাৰে সমাজ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদি বিষয় পাঠ্যক্ৰমত অধ্যয়নৰ বাবে অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ উপৰিও বাস্তৱ আৰু ব্যৱহাৰিক তথা উৎপাদনমূলক ক্ৰিয়া-অভিজ্ঞতাৰ বাবে শিল্প বিষয়ক কলা, বাণিজ্য, কৃষি আৰু গাৰ্হস্থ্য বিজ্ঞান আদি বিষয়ৰ শিক্ষা দিব লাগে। বৰ্তমান সময়ত দৰ্শনৰ এই দৃষ্টিভংগীয়ে পাঠ্যক্ৰমত বিশেষ প্ৰাধান্য লাভ কৰি উঠিছে।

দাৰ্শনিক দৃষ্টিভংগীৰ এটি সমীক্ষাঃ

পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত নিৰ্দিষ্ট এক দাৰ্শনিক মত সকলো লোকৰ আৰু সকলো সময়ৰ বাবেই গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। ওপৰত আলোচনা কৰা দাৰ্শনিক দৃষ্টিকেইটাৰ পাঠ্যক্ৰম সম্বন্ধে নিজস্ব একোটা চিন্তাধাৰা আছে। এই চিন্তাবোৰ হৈছে সময়সাপেক্ষ পৰিৱৰ্তনীয়। সময়ৰ সলনি হোৱাৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনে মানুহৰ কেতবোৰ নতুন প্ৰয়োজনৰ সৃষ্টি কৰে। ফলত পুৰণি মূল্যবোধ সলনি হৈ নতুন মূল্যবোধ আৰু দৃষ্টিভংগী গঢ় লৈ উঠে। ই মানুহৰ মনত এক নতুন চিন্তা-দৰ্শনৰ জন্ম দিয়ে, যাৰ যোগেদি জীৱনৰ প্ৰয়োজনভিত্তিকভাৱে নতুন পাঠ্যক্ৰম গঢ় দি তোলে। সেইবাবে পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতি আৰু পদ্ধতি দৰ্শনৰ দ্বাৰা বহলভাৱে প্ৰভাৱিত হয়।

এই প্ৰসংগত উল্লেখযোগ্য যে আদৰ্শবাদ দৰ্শনে শিশুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ শিক্ষাৰ সামূহিক প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে। মানৱ সমাজৰ জ্ঞান-অভিজ্ঞতাৰ দৈহিক, মানসিক আৰু আনুভূতিক দিশৰ সামগ্ৰিক ৰূপত কৰা বিবেচনা ইয়াৰ বাবে গুৰুত্বপূৰ্ণ কথা। আনহাতে প্ৰকৃতিবাদ দৰ্শনে সমাজৰ এক সামূহিক বিধৰ অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা শিশুক মুক্ত কৰিবলৈ বিচাৰে। তেওঁলোকে আদৰ্শতকৈও শিশুৰ বৰ্তমানৰ বাস্তৱ প্ৰয়োজনীয়তাত অধিক গুৰুত্ব দিয়ে। এইক্ষেত্ৰত শিশুহে পাঠ্যক্ৰম ৰচনাৰ মূল উদ্দেশ্য হোৱা উচিত।, মানৱ সমাজৰ আদৰ্শভিত্তিক জ্ঞান-অভিজ্ঞতাসমূহ নহয়। এই দুয়োটা বিপৰীতমুখী চিন্তাধাৰাৰ মাজত কিছু সংহতি স্থাপনৰ বাবে চেষ্টা কৰাটো প্ৰয়োগবাদ দৰ্শনত দেখিবলৈ পোৱা যায়। এই দৰ্শনে শিশুৰ বৰ্তমান আৰু ভৱিষ্যৎ দুয়োটাৰেই যথাযোগ্য বিবেচনা কৰিছে। অৱশ্যে ইয়াত শিশুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ আদৰ্শৰ ভিত্তিত নহয়, বাস্তৱ প্ৰয়োজন আৰু উপযোগিতাৰ ভিত্তিতহে পাঠ্যক্ৰম বিবেচনা কৰে। তথাপিও সমাজৰ বৰ্তমান আৰু ভৱিষ্যতৰ আশা-আকাংক্ষা আৰু প্ৰয়োজন আদি ইয়াত অস্বীকাৰ কৰা হোৱা নাই।

পাঠ্যক্ৰম প্ৰস্তুতিৰ দাৰ্শনিক দৃষ্টিত মত-পাৰ্থক্য থাকিলেও ইয়াৰ অনুমোদিত পাঠ্যবিষয়সমূহৰ মাজত সাদৃশ্য থকা দেখা যায়। সাধাৰণভাৱে তিনিওবিধ দৰ্শনেই কলা, বিজ্ঞান আৰু শিল্প এইকেইটা বিষয় অন্তৰ্ভুক্তিৰ পোষকতা কৰে। আমাৰ মানসিক বিকাশৰ যেনে প্ৰয়োজন, দৈহিক কৰ্মক্ষমতা আহৰণ আৰু আনুভূতিক দিশৰ সুন্দৰতা লাভ কৰাটো তেনেদৰেই প্ৰয়োজন। চিন্তা যিদৰে শিক্ষাক্ষেত্ৰত অপৰিহাৰ্য কৰ্ম-অভিজ্ঞতাও তেনেদৰেই অপৰিহাৰ্য। শিশুৰ বৰ্তমান যিদৰে আমাৰ বিবেচ্য বিষয় সেইদৰে তাৰ অতীতৰ প্ৰভাৱ আৰু ভৱিষ্যতৰ আশা-আকাংক্ষাও তেনেদৰেই বিবেচনাযোগ্য। সেয়েহে শিশুৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰমক কলা, বিজ্ঞান আৰু শিল্প স্বৰূপে তিনিটা বহল দিশৰ অভিজ্ঞতাত সামৰি ল’ব পাৰি। মানুহৰ মস্তিষ্ক, হাত দুখন আৰু অন্তৰ এক ঐক্য বন্ধনৰ ত্ৰয়ী স্বৰূপে গণ্য কৰিব পাৰি। এই তিনিওটা দিশৰ যথাসম্ভৱ বিকাশৰ সমল বা উপাদান সেয়েহে পাঠ্যক্ৰমত ঐক্যভাৱে অন্তৰ্ভুক্ত কৰা উচিত। মস্তিষ্ক বা বৌদ্ধিক ক্ষমতাৰ বিকাশৰ বাবে বিজ্ঞানৰ বিষয়সমূহ, অন্তৰ বা আনুভূতিক বিকাশৰ বাবে কলাত্মক বিষয়সমূহ আৰু হাত দুখনৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে শিল্প বিষয়সমূহ ইয়াৰ অন্তৰ্ভুক্ত।

পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাঃ

শিক্ষাত পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা কি, এই প্ৰশ্ন আমাৰ মনত প্ৰথমেই স্পষ্ট হোৱা উচিত। ক’ব পাৰি যে ছাত্ৰৰ ব্যক্তিত্ব গঠনকাৰী শিক্ষকৰ বাবে পাঠ্যক্ৰম হৈছে প্ৰধান আহিলা স্বৰূপ। এই প্ৰধান আহিলা অবিহনে অথবা ই দোষযুক্ত হৈ উঠিলে ছাত্ৰৰ সুস্থ ব্যক্তিত্ব গঠন কৰা সম্ভৱ নহয়। সেইবাবে শিক্ষাৰ সমগ্ৰ আঁচনি এই পাঠ্যক্ৰমক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে। বৰ্তমান ইয়াৰ বহল ধাৰণাৰ বিবেচনাৰে পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা সেয়েহে বিচাৰ কৰি চোৱা উচিত। এই প্ৰসংগত তাত্বিক আলোচনালৈ নগৈ তলৰ কথাকেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

v  আমাৰ জীৱন-দৰ্শন আৰু সমাজ-দৰ্শন পাঠ্যক্ৰমৰ যোগেদি কাৰ্যকৰী ৰূপ দিব পাৰি, যিহেতু শিক্ষা হৈছে এক প্ৰায়োগিক দৰ্শন মাথোন।

v  শিক্ষাৰ যিয়েই লক্ষ্য-উদ্দেশ্য নাথাকক কিয়, তাক কাৰ্যকৰী কৰি তুলিব পৰা হয় কেৱল মাথোন পাঠ্যক্ৰমৰ ক্ৰিয়া-আঁচনিৰ যোগেদিহে।

v  পাঠ্যক্ৰমে শিক্ষকৰ শিক্ষাদান আৰু ছাত্ৰৰ শিক্ষাগ্ৰহণৰ দিশত পথ-প্ৰদৰ্শক স্বৰূপে কাম কৰে। শিক্ষাত তেওঁলোকৰ নিজ নিজ ভূমিকা পাঠ্যক্ৰমে নিৰ্ধাৰণ কৰে।

v  শিক্ষকে গ্ৰহণ কৰিব লগা শিক্ষাদানৰ উপযুক্ত পদ্ধতিও পাঠ্যক্ৰমৰ ওপৰতেই নিৰ্ভৰ কৰে।

v  মানৱ সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান-অভিজ্ঞতাৰ লগত পাঠ্যক্ৰমৰ যোগেদিয়ে যোগসূত্ৰ স্থাপন কৰি তুলিব পাৰি।

v  এটা বিষয় ছাত্ৰই প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাটো পাঠ্যক্ৰমৰ যোগেদিয়ে সম্ভৱ হৈ উঠিব পাৰে।

v  ছাত্ৰৰ আৰ্জিত জ্ঞান-অভিজ্ঞতাৰ বিশ্লেষণ আৰু মূল্যায়নো পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰিয়েই কৰিব পৰা যায়।

পাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাৰঃ

পাঠ্যক্ৰমৰ নিজস্ব উদ্দেশ্য, ইয়াৰ বিষয়বস্তু আৰু শিক্ষাদানৰ পদ্ধতি অনুসৰি ইয়াক পৃথক পৃথকভাৱে বিভক্ত কৰিব পাৰি। শিক্ষাৰ বিভিন্ন উদ্দেশ্য সাধনৰ মানসেৰে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমবোৰৰ লগত আমাৰ পৰিচয় হোৱাটো প্ৰয়োজন।

(১) নমনীয় আৰু অনমনীয় পাঠ্যক্ৰমঃ

পাঠ্যবিষয় পৰিৱৰ্তন সাপেক্ষ হোৱা-নোহোৱাৰ ফালৰ পৰা পাঠ্যক্ৰমক নমনীয় অথবা পৰিৱৰ্তনীয় আৰু অনমনীয় অথবা অপৰিৱৰ্তনীয় স্বৰূপে বিভক্ত কৰিব পাৰি। নমনীয় পাঠ্যক্ৰমত মানুহৰ অভিজ্ঞতাৰ গতিশীলতা নীতি গ্ৰহণ কৰা হয়। এনে পাঠ্যক্ৰমে ব্যক্তি আৰু সমাজৰ ভিন্নমুখী প্ৰয়োজন আৰু সময়সাপেক্ষে তাৰ পৰিৱৰ্তনৰ আৱশ্যকতাৰ নীতি মানি চলে। মানুহৰ জ্ঞান-অভিজ্ঞতা হৈছে পৰিৱৰ্তনশীল আৰু বিকাশশীল। সত্য স্বৰূপে প্ৰমাণিত হোৱা আজিৰ অনুভৱ আৰু অভিজ্ঞতা সময়ৰ পৰিৱৰ্তনে অসত্য বা ভুল বুলি প্ৰমাণ কৰি তুলিব পাৰে। জ্ঞানৰ সন্ধান পাব নোৱাৰা আজিৰ মানুহে কাইলৈ নতুন জ্ঞান-অভিজ্ঞতাৰ সন্ধান পাব পাৰে। আজিৰ মানুহৰ যি আৰ্থ-সামাজিক প্ৰয়োজন সি কাইলৈ সলনি হৈ পৰিব পাৰে আৰু নতুন কেতবোৰ প্ৰয়োজনৰ সৃষ্টি হ’ব পাৰে। এনেবোৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত নমনীয় পাঠ্যক্ৰমত তাৰ প্ৰয়োজনীয় ব্যৱস্থা ৰখা হয়। ইয়াৰ ফলত পাঠ্যক্ৰমত আৱশ্যকীয় সংশোধন আৰু সংবৰ্ধন সময়ে সময়ে কৰা হয়। বিকাশশীল ব্যক্তি আৰু গতিশীল সমাজৰ চাহিদা সেয়েহে এইবিধ পাঠ্যক্ৰমে পূৰণ কৰি তুলিব পাৰে।

অনমনীয় পাঠ্যক্ৰম হৈছে স্থিতিশীল আৰু ই ক্ষিপ্ৰ পৰিৱৰ্তনৰ পৰিপন্থী। এই পাঠ্যক্ৰমৰ অধ্যয়নৰ বিষয়সূচী দীৰ্ঘদিনৰ বাবে একে অৱস্থাত ৰখা হয়। এনে স্থায়ী পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষক-শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ মান সমৰূপত ৰক্ষা কৰিবলৈ বিচৰা হয়। সচৰাচৰ অধ্যয়নৰ মৌলিক বিষয়সমূহ এনে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়। ছাত্ৰসকলৰ ব্যক্তিগতভাৱে আৰু শিক্ষানুষ্ঠানবোৰৰ তুলনামূলকভাৱে শৈক্ষিক মান নিৰূপণ কৰাটো ইয়াৰ দ্বাৰা সম্ভৱ হয়। বিশ্ববিদ্যালয় আদিৰ যোগ্যতাৰ মানপত্ৰ পাবৰ বাবে আৰু জনসাধাৰণৰ স্বীকৃতি লাভ কৰিবৰ বাবেও এইবিধ পাঠ্যক্ৰমৰ প্ৰয়োজন।

(২) শিশুকেন্দ্ৰিক পাঠ্যক্ৰমঃ

বৰ্তমানৰ পাঠ্যক্ৰম শিশুকেন্দ্ৰিক পাঠ্যক্ৰম বুলি সাধাৰণভাৱে জনা যায়। এনে নামকৰণ কৰাৰ কাৰণ স্বৰূপে ক’ব পাৰি যে বৰ্তমান পাঠ্যক্ৰম বিবেচনাৰ কেন্দ্ৰস্থ বিষয় হৈছে শিশু আৰু তাৰ দেহ-মানসিক প্ৰয়োজনসমূহ। শিশুৰ স্বভাৱ অথবা শিশু-প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় বিষয়সূচী আৰু কাৰ্যসূচীসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়। শিশুৰ বাবে তাক বাধ্যতামূলক কৰি তোলা নহয়। এনে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ বাবে শিশু-মনোবিজ্ঞান আৰু শিক্ষা-মনোবিজ্ঞান জনাটো বিশেষ প্ৰয়োজন বুলি ভবা হয়।

শিশুকেন্দ্ৰিক পাঠ্যক্ৰমৰ কেতবোৰ মূল বৈশিষ্ট্য এইখিনিতেই মন কৰিবলগীয়া। প্ৰথমেই উল্লেখযোগ্য যে শিশুৰ উপযোগীকৈ প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত শিক্ষাৰ মাধ্যম হৈছে খেলা। শিশুৰ স্বভাৱসুলভ প্ৰকৃতিয়েই হৈছে খেলা। সেইবাবে যি কথাই শিকোৱা হয় আৰু যি অভিজ্ঞতাকেই দিয়া হয় তাক খেলাৰ যোগেদি আৰু খেলাৰ মনোভাবেৰেহে দিব লাগে। কটকটীয়া নীতি-নিয়মৰ বাধ্য-বাধকতাৰ যোগেদি নহয়। দ্বিতীয়তে পাঠ্যক্ৰমৰ সহায় লৈ শিশুৰ অন্তৰ্নিহিত যোগ্যতা আৰু প্ৰতিভাসমূহ প্ৰকাশ লাভ কৰি উঠিবলৈ স্বাধীনতাৰ প্ৰয়োজন। শিশু-পাঠ্যক্ৰম সেয়েহে জ্ঞানদানকাৰী হৈ উঠাৰ পৰিৱৰ্তে প্ৰতিভাৰ অন্বেষণকাৰী আৰু উদ্ভাৱনকাৰী হৈ উঠাটোহে কামনা কৰা হয়। ইয়াৰ বাবে স্বাধীনতা হৈছে এক বিশেষ প্ৰয়োজনীয় চৰ্ত। তৃতীয়তে ‘ক্ৰিয়াৰ যোগেদি শিক্ষা নীতি’ হৈছে শিশুকেন্দ্ৰিক পাঠ্যক্ৰমৰ আন এটা স্বকীয় বৈশিষ্ট্য। পুৰণি পাঠ্যক্ৰমত শিক্ষকে শিক্ষাদানৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল, য’ত ছাত্ৰই নিষ্ক্ৰিয়ভাৱে অনুকৰণৰ যান্ত্ৰিক ভূমিকা গ্ৰহণ কৰিছিল। শিশুকেন্দ্ৰিক পাঠ্যক্ৰমত শিক্ষক হৈছে নিৰ্দেশক আৰু পথ-প্ৰদৰ্শক। শিশুৱে নিজ ক্ৰিয়া প্ৰচেষ্টাৰে আৰু নিজ ভুল-ভ্ৰান্তিৰ অভিজ্ঞতাৰে আত্মশিক্ষা লাভ কৰিব লাগে। সেয়েহে শিশুকেন্দ্ৰিক পাঠ্যক্ৰমত শিশু হৈছে সৰ্বময় কৰ্তা, শিক্ষক নহয়।

(৩) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমঃ

কোনো বিশেষ বিষয় অধ্যয়নত সৰ্বাধিক গুৰুত্ব দিয়া পাঠ্যক্ৰমেই হৈছে বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম। শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনৰ পৰিৱৰ্তে অধ্যায়ৰ বিষয়বস্তুৰ অপৰিহাৰ্যতাৰ প্ৰতি ইয়াত অধিক প্ৰাধান্য দিয়া হয়। বিষয়বস্তুটোৰ অধ্যয়নৰ সকলো প্ৰয়োজনীয় উপাদান ইয়াত অন্তৰ্ভুক্ত কৰাৰ প্ৰতি লক্ষ্য ৰখা হয়। উল্লেখযোগ্য যে শিশুকেন্দ্ৰিক পাঠ্যক্ৰমত থকা খেলা-প্ৰৱণতাৰ পৰিৱৰ্তে ইয়াত বিষয়বস্তুৰ গাম্ভীৰ্য আৰু তাক অধ্যয়নৰ বাবে ব্যক্তিমনৰ একাগ্ৰতাৰহে বিশেষ প্ৰয়োজন হয়। এনে পাঠ্যক্ৰমৰ অধ্যয়নে ব্যক্তিক সেই বিষয়ৰ বিশিষ্ট জ্ঞান-অভিজ্ঞতা প্ৰদান কৰিব পাৰে। সেইবাবে এইবিধ পাঠ্যক্ৰম সচৰাচৰ তত্ব-বিষয়ক, চিন্তাপ্ৰধান আৰু মননাত্মক হৈ উঠে। বিষয়বস্তুৰ সৈদ্ধান্তিক আৰু প্ৰায়োগিক দুয়ো দিশতেই বিস্তৃত চিন্তা-চৰ্চা আৰু আলোচনা-বিলোচনাই ইয়াত ঠাই পায়। উচ্চশিক্ষাৰ কলা আৰু বিজ্ঞান বিষয়ক পাঠ্যক্ৰমক বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম স্বৰূপে জনা যায়। এনে পাঠ্যক্ৰমৰ শিক্ষাদানৰ বাবে বিশেষজ্ঞ শিক্ষকৰো বিশেষ প্ৰয়োজন হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজৰ কোনো এক বিষয় বা সমস্যাৰ শৃংখলাবদ্ধভাৱে আৰু খৰচি মাৰি অধ্যয়ন কৰা আৰু সেই সম্বন্ধীয় সমস্যাৰ সমাধানত সহায় কৰা। এনে পাঠ্যক্ৰমে ব্যক্তিক বিশিষ্ট জ্ঞান-অভিজ্ঞতা আহৰণৰ যোগে উচ্চ পৰ্যায়ৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা কাৰ্যৰ প্ৰতি আগ্ৰহী কৰি তোলে। প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সৃষ্টিশীল ক্ষমতাৰ বিকাশত আৰু সমাজৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়োৱাত এইবিধ পাঠ্যক্ৰমে বিশেষ সহায় কৰে।

(৪) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমঃ

পুৰণি পাঠ্যক্ৰমৰ অতিমাত্ৰা তত্ব-বিষয়ক অধ্যয়নৰ বিৰুদ্ধে বৰ্তমান ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমৰ ধাৰণা গঢ় দি তোলা হৈছে। পুথিগত জ্ঞান আহৰণ পদ্ধতিৰ প্ৰতিবাদ কৰি দাৰ্শনিক ৰুচোৱে শিশুক স্বভাৱ-সুলভ প্ৰাকৃতিক শিক্ষা আৰু বাস্তৱ অভিজ্ঞতা দানৰ মত প্ৰকাশ কৰে। মেৰিয়া মণ্টেচৰীয়ে তেওঁৰ শিশু-শিক্ষাৰ পদ্ধতিও শিশুৰ ইন্দ্ৰিয় অনুশীলনৰ যোগে হাতে-কামে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা কৰে। দাৰ্শনিক ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ ওপৰত ভিত্তি কৰি শিক্ষাক ক্ৰিয়াভিত্তিক কৰি তুলিবৰ বাবে প্ৰকল্প পদ্ধতিৰ উদ্ভাৱন কৰা হয়। শিক্ষাত এই প্ৰয়োগবাদ দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ মহাত্মা গান্ধীয়েও তেওঁৰ বুনিয়াদী শিক্ষা অথবা শিল্পকেন্দ্ৰিক শিক্ষা গঢ় দি তোলে। ইয়াৰ বাবে বুনিয়াদী পাঠ্যক্ৰমক ক্ৰিয়াভিত্তিক স্বৰূপে প্ৰস্তুত কৰি তোলে। ছাত্ৰৰ শিক্ষাগ্ৰহণ কাৰ্যত ক্ৰিয়াই অধিক প্ৰাধান্য লাভ কৰি উঠা বাবে ইয়াক ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলি জনা যায়। বৰ্তমান প্ৰয়োগবাদ দৰ্শনৰ অধিক জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমৰ প্ৰয়োগ বিশেষ তাৎপৰ্যপূৰ্ণ।

এই কথা নিঃসন্দেহে ক’ব পাৰি যে ক্ৰিয়াৰ যোগেদিহে শিক্ষা সাৰ্থকভাৱে লাভ কৰি উঠিব পাৰি। শিক্ষা আহৰণৰ বাবে যিকোনো লোকৰ বাবেই এক সহজ আৰু স্বাভাৱিক উপায় হৈছে ক্ৰিয়া। শিশুৰ এই স্বভাৱ-সুলভ প্ৰবৃত্তি বা প্ৰৱণতা হৈছে ক্ৰিয়া। ক্ৰিয়াৰ যোগেদি সেয়েহে এই সহজাত প্ৰৱণতাৰ সাৰ্থক প্ৰয়োগ কৰিব পৰা যায়। যি কথা মৌখিক নিৰ্দেশনাৰ দ্বাৰা বুজাব পৰা নহয় তাক হাতে-কামে সহজে বুজাব পাৰি। এনেদৰে লাভ কৰা শিক্ষা অভিজ্ঞতা হয় বাস্তৱভিত্তিক আৰু সেয়ে ই হয় স্থায়ী বিধৰ। পাঠ্য বিষয়ৰ সকলো কথা হাতে-কামে অথবা ক্ৰিয়াৰ যোগেদি শিকোৱাটো অধিক ফলপ্ৰসূ হৈ উঠিব পাৰে। এনে শিক্ষাই ব্যক্তিৰ নিজ জীৱনৰ বাস্তৱ সমস্যা সমাধানতো সহায় কৰে।

(৫) সহ-সম্বন্ধিত পাঠ্যক্ৰমঃ

এইবিধ পাঠ্যক্ৰমক সমন্বয় সাধনকাৰী পাঠ্যক্ৰম বুলিও জনা যায়। বৰ্তমান পাঠ্যক্ৰমত অধ্যয়নৰ বাবে অন্তৰ্ভুক্ত হোৱা বিষয়সমূহৰ সংখ্যা ক্ৰমে বাঢ়ি আহিবলৈ ধৰিছে। মানুহৰ জ্ঞান-অভিজ্ঞতা বিকাশৰ লগে লগে বিভিন্ন দিশত অধ্যয়নৰ প্ৰয়োজনীয় বিষয়সূচীও বৃদ্ধি পাই আহিছে। নতুন পুৰুষে নিজকে সময়ৰ প্ৰয়োজনৰ লগত খাপ খুৱাই তুলিবৰ বাবে নতুন নতুন বিষয়বোৰৰ লগত পৰিচিত হোৱাটো প্ৰয়োজন। আনহাতে এই সকলোবোৰ বিষয় পাঠ্যক্ৰম আকাৰে এজন ছাত্ৰই খৰচি মাৰি অধ্যয়ন কৰাটো সম্ভৱ নহয়। সেইবাবে বৰ্তমান পাঠ্যক্ৰমত সকলোবোৰ প্ৰয়োজনীয় বিষয়ৰ মৌলিক উপাদানবোৰ সামৰি লৈ স্কুলৰ শৈক্ষিক সময়সীমাৰ ভিতৰত তাৰ অধ্যয়ন সম্ভৱ কৰি তুলিবৰ বাবে পাঠৰ সহ-সম্বন্ধ নীতি গ্ৰহণ কৰাটো প্ৰয়োজন। চমুকৈ ক’বলৈ হ’লে বৰ্তমানৰ পাঠ্যক্ৰম হ’ব লাগিব চমু অথচ প্ৰয়োজনীয় বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব পৰা বিধৰ। ই হৈছে বৰ্তমান সময়ত শিক্ষাৰ এক প্ৰয়োজন-সাপেক্ষ নীতি।

ইয়াৰ উপৰি শিক্ষাৰ তাত্বিক দিশৰ পৰা এই কথা কোৱা হয় যে আমাৰ আৰ্জিত জ্ঞান-অভিজ্ঞতা হৈছে প্ৰকৃত অৰ্থত এক অভিন্ন আৰু অবিভাজ্য বিষয়। প্ৰকৃত জ্ঞান লাভ কৰিবলৈ অধ্যয়নৰ বিভিন্ন বিষয়ৰ মাজত সমন্বয়ৰ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে। আমাৰ অধ্যয়ন পৃথকীকৰণ অথবা বিশেষীকৰণ কৰি তুলি জ্ঞানৰ ব্যাপকতাৰ স্বৰূপ অনুভৱ কৰি উঠিব নোৱাৰি। বিশেষীকৰণৰ একপক্ষীয় জ্ঞানে ইয়াৰ সামগ্ৰিক আৰু সমন্বয় সাধনকাৰী দৃষ্টিভংগীৰ অভাৱত আমাৰ মনত কৃত্ৰিমতাৰহে সৃষ্টি কৰি তুলিব পাৰে। ইয়াৰ ফলত চিন্তা আৰু ক্ৰিয়া তথা তাত্বিক আৰু প্ৰায়োগিক দিশৰ মাজত অহেতুকভাৱে পাৰ্থক্য বিবেচনা কৰা হয়। তাত্বিক দিশৰ পুথিগত জ্ঞান ছাত্ৰৰ ব্যৱহাৰিক জীৱনত কোনো কামত নাহে। উল্লেখযোগ্য যে এজন ছাত্ৰই এটা দিনত শ্ৰেণীকক্ষত কমেও পাঁচ-ছয়টা বিষয়ৰ জ্ঞান-অভিজ্ঞতা পায়। বিশেষজ্ঞ শিক্ষকে এইবোৰ পৃথকীকৰণ নীতিৰে প্ৰদান কৰিলে ছাত্ৰই তাক আয়ত্ব কৰিব আৰু প্ৰয়োজন মতে প্ৰয়োগ কৰিবগৈ নোৱাৰে। বিষয় শিক্ষাৰ সমন্বয় সাধন আৰু তাৰ লগত ক্ৰিয়া জড়িতকৰণেহে তেওঁলোকৰ মনত জ্ঞান-অভিজ্ঞতাৰ সামগ্ৰিক দৃষ্টি বা অন্তৰ্দৰ্শন প্ৰদান কৰিব পাৰে। ইয়াৰ বাবে পাঠ্যক্ৰম বিষয়কেন্দ্ৰিক কৰি তোলাৰ পৰিৱৰ্তে ক্ৰিয়াকেন্দ্ৰিক কৰি তুলিব লাগে আৰু শিক্ষা-পৰিৱেশ স্কুলৰ চাৰিবেৰৰ মাজৰ পৰা বাহিৰৰ বাস্তৱ জগতখনলৈ সম্প্ৰসাৰিত কৰিব লাগে। উল্লেখযোগ্য যে গান্ধীজীৰ বুনিয়াদী স্কুলৰ পাঠ্যক্ৰম হৈছে সহ-সম্বন্ধিত পাঠ্যক্ৰমৰ এক বাস্তৱ নিদৰ্শন।

(৬) মৌলিক পাঠ্যক্ৰমঃ

আমাৰ মানসিক শক্তি-ক্ষমতাসমূহৰ শিক্ষা বিকাশ কৰিব পৰা বিষয়সমূহ অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰমকেই মৌলিক পাঠ্যক্ৰম বুলি কোৱা হয়। মানসিক শক্তিতত্ববাদ মনোবিজ্ঞানে বিশ্বাস কৰে যে ব্যক্তিৰ মন কেতবোৰ বিশেষ মৌলিক শক্তি, ক্ষমতা, যোগ্যতা আদিৰ দ্বাৰা গঠিত। এইসমূহ হৈছে স্মৃতি, কল্পনা, চিন্তা, যুক্তি, বিচাৰ-শক্তি, অৱধাৰণ ক্ষমতা, যোগ্যতা ইত্যাদি। এই মানসিক শক্তিসমূহ ব্যক্তিৰ জন্মগত যদিও তাক অধিক সক্ষম আৰু কৰ্মক্ষম কৰি তুলিবৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। সেয়েহে স্কুলৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে কেতবোৰ মৌলিক বিষয় অন্তৰ্ভুক্ত কৰিব লাগে। যেনে- স্মৃতিশক্তি বিকাশৰ বাবে বুৰঞ্জী আৰু সাহিত্য বিষয়, যুক্তিশক্তিৰ বাবে তৰ্কবিজ্ঞান, চিন্তাশক্তিৰ বাবে দৰ্শন আৰু সমস্যা সমাধান ক্ষমতাৰ বাবে গণিত বিষয় পাঠ্যক্ৰমত থাকিব লাগে। পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত থকা এই পুৰণি ধাৰণাকে পাঠ্যক্ৰমৰ শক্তি-তত্ববাদ বুলি জনা যায়। শিক্ষণৰ স্থানান্তৰকৰণ তত্ব পাঠ্যক্ৰম প্ৰস্তুতিৰ এই ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত।

ইয়াৰ বৰ্তমান সংশোধিত তত্ব মতে ক’ব পাৰি যে পাঠ্যক্ৰমত এনেবোৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে যি শিক্ষাৰ্থীৰ মনত বহল পৰিসৰৰ মানসিক অভিজ্ঞতা প্ৰদান কৰিব পাৰে। সাহিত্য, গণিত, বিজ্ঞান আদি হৈছে আমাক বহল পৰিসৰৰ অভিজ্ঞতা দিব পৰা কেতবোৰ মৌলিক বিষয়। মাধ্যমিক শিক্ষা আয়োগে পাঠ্যক্ৰমৰ মৌলিক বিষয় স্বৰূপে ভাষা অধ্যয়ন, সাধাৰণ বিজ্ঞান, গণিত, সমাজ অধ্যয়ন আৰু হস্তশিল্প আদি অধ্যয়নৰ পৰামৰ্শ দিয়ে। এই বিষয়সমূহে দিব পৰা বহল পৰিসৰৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অধ্যয়ন সকলো ছাত্ৰৰ বাবে বাধ্যতামূলক কৰি তুলিব লাগে।

পাঠ্যক্ৰমত কৰ্ম-অভিজ্ঞতাৰ ধাৰণাঃ

প্ৰথমেই উল্লেখযোগ্য যে কৰ্ম-অভিজ্ঞতা পাঠ্যক্ৰমৰ কোনো এক প্ৰকাৰ বা শ্ৰেণীবিভাগ নহয়। ই পাঠ্যক্ৰমৰ বৰ্তমান এক স্বীকৃতিপ্ৰাপ্ত বিষয়হে মাথোন। মানুহৰ জ্ঞান-অভিজ্ঞাতৰ ক্ৰিয়াত্মক দিশৰ প্ৰয়োজনৰ হেতুকেই বৰ্তমান ই পাঠ্যক্ৰমত প্ৰাধান্য লাভ কৰি উঠিছে।

এটা সময় আছিল যেতিয়া মানুহৰ শিক্ষা-অভিজ্ঞতা আছিল অনানুষ্ঠানিক আৰু প্ৰাসংগিক বিধৰ। ইয়াৰ বাবে মানুহে কোনো স্কুল-কলেজলৈ গৈ পাঠ্যক্ৰম অধ্যয়ন কৰিব লগা হোৱা নাছিল। দৈনন্দিন জীৱনত ব্যক্তিগত আৰু সামাজিক পৰিৱেশৰ সান্নিধ্য লাভৰ যোগেদি নিজ হাতে-কামে কৰ্মৰ অভিজ্ঞতা লাভ কৰিছিল। কৰ্মৰ যোগেদি পোৱা এনে অভিজ্ঞতা জীৱনৰ অংশবিশেষত পৰিণত হৈছিল। জীৱনেই আছিল কৰ্ম আৰু কৰ্মই আছিল জীৱন। কিন্তু বৰ্তমান শিক্ষাই আনুষ্ঠানিক প্ৰাধান্য লাভ কৰি উঠাৰ লগে লগে পাঠ্যক্ৰম ৰচনা কৰা হয় আৰু অধ্যয়নৰ বিষয়বস্তু অধিক চিন্তাপ্ৰধান আৰু তত্ব-গধূৰ কৰি তোলা হয়। ফলত ই এক পুথিগত আৰু মৌখিক বিধৰ ৰূপ ধাৰণ কৰি ক্ৰিয়া-বিমুখ আৰু দৈহিক শ্ৰম-বিমুখ হৈ পৰে। শিক্ষা লাভ কৰি উঠা বুদ্ধিজীৱী শ্ৰেণীৰ লোকে কায়িক শ্ৰমৰ প্ৰতি অৱহেলা কৰিবলৈ ধৰে। এইবিধ শিক্ষিত শ্ৰেণী লোকে শ্ৰমৰ মৰ্যাদা অনুভৱ কৰি উঠিব নোৱাৰে আৰু তাৰ ফলত তেওঁলোকে নিজ জীৱনত অপসমাযোজিত হৈ উঠে। আনহাতে বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰচুৰ অগ্ৰগতিৰ যুগত মানুহৰ জ্ঞান-অভিজ্ঞতা বাস্তৱ ক্ৰিয়াভিত্তিক, উৎপাদনশীল আৰু প্ৰায়োগিক বিধৰ হৈ উঠাটো হৈছে সময়ৰ প্ৰয়োজন। দেশৰ কল-কাৰখানা, শিল্প-প্ৰতিষ্ঠান, কৃষিক্ষেত্ৰ আদিত আমাৰ প্ৰয়োজন হোৱা অভিজ্ঞতা হৈছে কৰ্ম-অভিজ্ঞতা। এই সামাজিক প্ৰয়োজনৰ প্ৰতি পাঠ্যক্ৰম আওকণীয়া হৈ থাকিব নোৱাৰে। শিক্ষাৰ কৰ্ম-অভিজ্ঞতাহে হৈছে আজিৰ সমাজৰ প্ৰতিজন লোকৰ বাবে সকলোতকৈ প্ৰয়োজনীয় অভিজ্ঞতা।

শিক্ষাত কৰ্মৰ প্ৰয়োজনীয়তাৰ প্ৰতি এই গভীৰ অনুভূতিৰে স্কুলীয়া পাঠ্যক্ৰমত কৰ্ম-অভিজ্ঞতা বিষয়ৰ প্ৰয়োজন বৰ্তমান অনুভৱ কৰি উঠা হৈছে। ১৯৬৪-৬৬ চনৰ কোঠাৰি শিক্ষা আয়োগে ইয়াৰ গুৰুত্ব অনুভৱ কৰি উঠি স্কুলীয়া শিক্ষাৰ সকলো পৰ্যায়তে কৰ্ম-অভিজ্ঞতাক অবিচ্ছেদ্য অংগ স্বৰূপে অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। এই অনুক্ৰমে বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ লগত সম্বন্ধ ৰক্ষা কৰি কিছুমান উৎপাদনমূলক কাৰ্যত ছাত্ৰই অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। শিক্ষাৰ প্ৰতিটো স্তৰতে ছাত্ৰৰ ক্ষমতা আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ কাৰ্যসূচী ভিন ভিন হ’ব লাগে। সাধাৰণ হাতৰ কামৰ পৰা আৰম্ভ কৰি শেষত কৃষিকাৰ্য আৰু শিল্প-উদ্যোগ আদিৰ কৰ্ম-অভিজ্ঞতালৈ তাক সম্প্ৰসাৰিত কৰিব পাৰি। এনে আঁচনিৰ যোগেদি শিক্ষিত শ্ৰেণীৰ লোকৰ মাজত কৰ্ম-কুশলতা, শ্ৰমমুখিতা আৰু উৎপাদনশীলতাৰ পৰিৱেশ গঢ় দি তুলিব পাৰি। বৰ্তমান সামাজিকভাৱে উপযোগী উৎপাদনমূলক ক্ৰিয়াৰ ধাৰণাই কৰ্ম-অভিজ্ঞতাৰ পৰিসৰ অধিক ব্যাপকতৰ কৰি তুলিছে।

প্ৰচলিত পাঠ্যক্ৰমৰ আসোঁৱাহঃ

পাঠ্যক্ৰম সম্বন্ধে বৰ্তমান নতুন নতুন চিন্তাধাৰা আৰু এই সম্বন্ধীয় পৰীক্ষা-নিৰীক্ষাৰ পটভূমিত প্ৰচলিত পাঠ্যক্ৰমৰ দোষ-ত্ৰুটি আমাৰ সহজেই চকুত পৰে। এখন দেশৰ ত্ৰুটিপূৰ্ণ শিক্ষাৰ বাবে পাঠ্যক্ৰমক বহু পৰিমাণে জগৰীয়া কৰি তুলিব পাৰি। আমাৰ দেশৰ প্ৰচলিত পাঠ্যক্ৰম সন্দৰ্ভত এই কথা বিশেষ অনুভৱ কৰিব পাৰি। ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে গোটেই দেশতে এই বিষয়ে বিস্তৃত অধ্যয়ন কৰি পোৱা পাঠ্যক্ৰমৰ কেতবোৰ আসোঁৱাহ আমাক আঙুলিয়াই দিয়ে। এইসমূহ বৰ্তমানলৈকে গুচাব নোৱাৰাটো বিশেষ ভাবিবলগীয়া কথা। ইয়াক সংক্ষেপে তলত উল্লেখ কৰা হৈছে।

(১) সংকীৰ্ণ ধাৰণাঃ

প্ৰচলিত পাঠ্যক্ৰমে জ্ঞান-অভিজ্ঞতাৰ বহল ধাৰণা শিক্ষাৰ্থীক দিব নোৱাৰে। শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে যুগুত কৰা সীমিত পাঠ্যসূচীকেই মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয়। বৰ্তমান পাঠ্যক্ৰমৰ ব্যাপক অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰা ইয়াত প্ৰস্তুত কৰা হোৱা নাই।

(২) পুথিগত আৰু তত্ত্ব-প্ৰধানঃ

বিশ্ববিদ্যালয়ৰ তত্ত্ব-প্ৰধান পাঠ্যক্ৰমৰ আৰ্হিতেই স্কুলৰ পাঠ্যক্ৰমো ৰচনা কৰা হৈছে। ফলত অনাৱশ্যকভাৱে ই পুথিগত আৰু তত্ত্ব-প্ৰধান হৈ পৰিছে। কাৰ্যকৰী বিষয়ৰ শিক্ষাৰ যোগেদি ছাত্ৰসকলক দিব পৰা ক্ৰিয়াৰ আনন্দৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। ফলত ই অনাকৰ্ষণীয় আৰু জীৱন-বিচ্ছিন্ন বিধৰ হৈ পৰিছে।

(৩) পাঠ্য বিষয়ৰ মাত্ৰাধিক্যঃ

কেৱল প্ৰয়োজনীয়তাৰ বিবেচনাৰে পাঠ্যক্ৰমত বহুতো বিষয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে। অথচ তাৰবাবে ছাত্ৰৰ দেহ-মানসিক ক্ষমতাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হোৱা নাই। ফলত ছাত্ৰৰ বাবে পাঠ্যক্ৰম এক গধূৰ বোজা স্বৰূপ হৈ পৰিছে। বহুতো বিষয়কেই পঢ়িব লগা হোৱাত কোনোটো বিষয়তেই যথোচিত জ্ঞান আহৰণ কৰিব নোৱাৰে।

(৪) ব্যক্তিপাৰ্থক্যৰ প্ৰতি অৱহেলাঃ

কৈশোৰ আৰু প্ৰাক্-কৈশোৰকাল ছাত্ৰৰ প্ৰতিভা বিকাশৰ সময়। এই সময়ত তেওঁলোকৰ ব্যক্তিগত প্ৰয়োজন, ক্ষমতা, আগ্ৰহ-অভিৰুচি আদি স্বাভাৱিকতেই ভিন ভিন হয়। কিন্তু প্ৰচলিত পাঠ্যক্ৰমে ছাত্ৰৰ এনেবোৰ ব্যক্তিগত দেহ-মানসিক প্ৰয়োজন পূৰণত ব্যৰ্থ হৈছে।

(৫) পৰীক্ষাৰ দ্বাৰা প্ৰভাৱিতঃ

প্ৰচলিত পাঠ্যক্ৰম কেৱল পৰীক্ষাৰ উপযোগী কৰিহে প্ৰস্তুত কৰি তোলা হয়। সেইবাবে ই শিক্ষক আৰু শিক্ষাৰ্থীৰ মনত কেৱল পৰীক্ষা-সচেতনতাৰ ভাবহে জগাই তোলে। বিষয়বস্তুৰ জ্ঞান-অভিজ্ঞতা আহৰণ আৰু আয়ত্বকৰণৰ প্ৰতি আগ্ৰহ আৰু স্পৃহা ই জগাই তুলিব নোৱাৰে। পাঠ্যক্ৰমৰ প্ৰাপ্ত অভিজ্ঞতাও কেৱল পৰীক্ষাৰ নম্বৰেৰে বিচাৰ কৰা হয়।

(৬) কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ অভাৱঃ

স্কুলীয়া পাঠ্যক্ৰমত কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ ব্যৱস্থা নথকা বুলি এক দীৰ্ঘদিনীয়া অভিযোগ থকা দেখা যায়। প্ৰচলিত পাঠ্যক্ৰমে ছাত্ৰক অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা আৰু উৎপাদনশীলতাৰ মনোভাব সমূলি জগাই তুলিব নোৱাৰে, ইয়াৰ প্ৰয়োজনীয় সা-সুবিধাও স্কুল-কৰ্তৃপক্ষই ছাত্ৰক দিব নোৱাৰে। এনে শিক্ষাৰ বাবে উপযুক্ত শিক্ষক, পাঠ্যপুথি আৰু শিক্ষা সা-সঁজুলিৰো অত্যন্ত অভাৱ।

(৭) নৈতিক শিক্ষাৰ অৱহেলাঃ

ছাত্ৰৰ শিক্ষাজীৱনত বৌদ্ধিক, দৈহিক আৰু আনুভূতিক এই তিনিওটা দিশৰ অভিজ্ঞতাৰেই প্ৰয়োজন। কিন্তু প্ৰচলিত পাঠ্যক্ৰমত কেৱল বৌদ্ধিক দিশৰ ওপৰতেই একপক্ষীয়ভাৱে গুৰুত্ব আৰোপ কৰা হয়। নৈতিক আৰু সৌন্দৰ্যবোধক অনুভূতিৰ বিকাশৰ দিশটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহয়। ইয়াৰ ফলত ছাত্ৰৰ ব্যক্তিত্বত মানৱীয় অনুভূতিসমূহৰ অভাৱ দেখা যায়।

(৮) জীৱন-বিচ্ছিন্নতাঃ

প্ৰচলিত পাঠ্যক্ৰমে ছাত্ৰক জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতাৰে প্ৰস্তুত কৰি তুলিব নোৱাৰে বুলি সচৰাচৰ অভিযোগ কৰা হয়। স্কুলীয়া পাঠ্যক্ৰমৰ লগত স্কুলৰ বাহিৰৰ জগতখনৰ কোনো সম্বন্ধ স্থাপন কৰা নহয়। শিক্ষাৰ সহ-সম্বন্ধ নীতি নথকা বাবে ছাত্ৰই শিক্ষালাভৰ অন্তত বহিঃজগতৰ বাস্তৱ জীৱনত নিজকে ভালদৰে খাপ খুৱাই ল’ব নোৱাৰি অসহায় অৱস্থা অনুভৱ কৰে।

পাঠ্যক্ৰম প্ৰস্তুতিৰ সাধাৰণ নীতিসমূহঃ

পাঠ্যক্ৰমক প্ৰকৃত অৰ্থত এখন সমাজৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰি তোলা প্ৰতিবিম্ব স্বৰূপে বৰ্ণনা কৰিব পাৰি। সেইবাবে সমাজৰ সকলো লোকৰে আশা-আকাংক্ষাৰ প্ৰতিনিধিত্ব কৰিব পৰা এখন পাঠ্যক্ৰম প্ৰস্তুত কৰি তোলাটো বাস্তৱিকতেই এক কঠিন কাম। ছাত্ৰ-ছাত্ৰীৰ সহজাত ক্ষমতা আৰু যোগ্যতাৰ উদ্ভাৱন আৰু প্ৰশিক্ষণ দিয়া, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু অতীতৰ সভ্যতা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়া গুৰু দায়িত্ব হৈছে পাঠ্যক্ৰমৰ। প্ৰতিখন সমাজৰ শিক্ষক আৰু চিন্তাবিদসকলে এই উত্তৰ দায়িত্ব পালন কৰিব লাগে। সেইবাবে ইয়াৰ সংশ্লিষ্ট সকলো দিশৰ সযতনে বিচাৰ-বিবেচনা কৰাটো অতি প্ৰয়োজন। এই প্ৰসংগত আমাৰ বিবেচ্য কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি তলত দৃষ্টি নিক্ষেপ কৰা হৈছে।

(১) চৰিত্ৰ গঠনঃ

চৰিত্ৰ আৰু ব্যক্তিত্বৰ সুন্দৰতাই হৈছে জীৱনৰ সকলো কৃতকাৰ্যতাৰ মূল কাৰণ। সেইবাবে বিষয়বস্তুৰ পুথিগত জ্ঞান দিয়াৰ পৰিৱৰ্তে ছাত্ৰৰ সুন্দৰ আৰু শক্তিশালী চৰিত্ৰ গঠনৰ প্ৰশ্ন এই প্ৰসংগত আমাৰ প্ৰথম বিবেচ্য বিষয় হোৱা উচিত। চৰিত্ৰৰ প্ৰত্যাশিত গুণ বা লক্ষণসমূহ চিনাক্তকৰণ কৰি সেইসমূহৰ প্ৰয়োজনীয় শিক্ষা-অনুশীলনৰ কাৰ্যকৰী ব্যৱস্থা পাঠ্যক্ৰমত থাকিব লাগে। এই সম্বন্ধে শিক্ষকৰ ভূমিকাও পাঠ্যক্ৰমে তেওঁলোকৰ মনত স্পষ্ট কৰি তুলিব লাগে।

(২) সামাজিক বিবেচনাঃ

স্কুলক এখন সামাজিক অনুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ ক্ষুদ্ৰ প্ৰতিনিধি স্বৰূপে বিবেচনা কৰা হয়। সেইবাবে সমাজৰ প্ৰয়োজনীয় যোগ্যতা আৰু অভিজ্ঞতা তেওঁলোকে পাঠ্যক্ৰমৰ পৰাই পোৱা উচিত। ইয়াৰ বাবে সমাজৰ সকলো অভিজ্ঞতা সামৰি ল’ব পৰাকৈ পাঠ্যক্ৰম এক বহল পৰিসৰত ৰচিত আৰু পৰিচালিত হ’ব লাগে। সমাজৰ সকলোবোৰ অসুস্থ আৰু ক্ষতিকাৰক প্ৰভাৱৰ পৰা ছাত্ৰসকলক ৰক্ষা কৰাৰ আঁচনিও ইয়াত থাকিব লাগে। গতিশীল আৰু ক্ৰমবিকাশশীল সমাজৰ সকলো প্ৰয়োজনীয় অভিজ্ঞতাই পাঠ্যক্ৰমত যোগ্য বিবেচিত হ’ব লাগে। সমাজৰ বিভিন্ন কল্যাণমূলক ক্ৰিয়া-আঁচনিত ছাত্ৰই অংশগ্ৰহণৰ কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে।

(৩) ব্যক্তি-পাৰ্থক্যৰ বিবেচনাঃ

শিক্ষা আহৰণ আৰু তাৰ প্ৰয়োগকৰণ হৈছে মূলতেই এক ব্যক্তিগত ক্ৰিয়া-প্ৰচেষ্টা। প্ৰতিজন ছাত্ৰই পাঠ্যক্ৰমৰ পৰা সমানে উপকৃত নহয়, তেওঁলোকে নিজ ব্যক্তিগত ক্ষমতা আৰু যোগ্যতা অনুসৰি নিজ নিজ ভাবেহে উপকৃত হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুতি কালত ব্যক্তি-পাৰ্থক্যৰ বিবেচনা এক গ্ৰহণযোগ্য নীতি-স্বৰূপ হোৱা উচিত। এই নীতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰসকলক কিছু শৈক্ষিক স্বাধীনতা দিয়াৰ প্ৰয়োজনীয়তাও অনুভৱ কৰা হয়। পাঠ্যক্ৰমৰ সকলো বিষয় সেয়েহে সকলো ধৰণৰ ছাত্ৰৰ বাবে বাধ্যতামূলক কৰি তুলিব নালাগে।

(৪) গতিশীলতাৰ নীতিঃ

ব্যক্তি আৰু সমাজৰ প্ৰয়োজন সময়সাপেক্ষ হোৱা হেতুকে সি সকলো সময়তে একে হৈ নাথাকে। সমাজৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ প্ৰয়োজন আৰু মূল্যবোধ আদিৰ পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনৰ যোগেদিহে ব্যক্তি আৰু সমাজৰ উন্নতি আৰু প্ৰগতিও সাধিত হয়। সেয়েহে প্ৰগতিৰ এই অবিৰাম গতিত সহায় কৰিবৰ বাবে পাঠ্যক্ৰম প্ৰস্তুতিৰ বেলিকা গতিশীলতাৰ নীতি মানি চলিব লাগে। সেই অনুক্ৰমে পুৰণি আৰু অপ্ৰয়োজনীয় হৈ উঠা বিষয়সমূহ পাঠ্যক্ৰমৰ পৰা আঁতৰাই বৰ্তমান ব্যৱহাৰিক জীৱনৰ বাবে অধিক প্ৰয়োজনীয় হৈ উঠা নতুন নতুন বিষয়সমূহ পাঠ্যক্ৰমত ঠাই দিব লাগে।

(৫) সহ-সম্বন্ধ নীতিঃ

জ্ঞান-অভিজ্ঞতাৰ সামগ্ৰিকতালৈ লক্ষ্য কৰি পাঠ্যক্ৰমত সহ-সম্বন্ধ নীতি গ্ৰহণ কৰা উচিত। ইয়াৰ যোগেদি ছাত্ৰসকলে বিভিন্ন বিষয়ৰ প্ৰতি থকা তেওঁলোকৰ অজ্ঞতা আৰু মনৰ সংকীৰ্ণ ভাব গুচাব পাৰে। এনে ভাব গুচাই এক বহল আৰু উদাৰ দৃষ্টিভংগীৰে তেওঁলোকৰ মনৰ দিগন্ত বহলাই তুলিব পাৰে। এই সহ-সম্বন্ধ নীতি গ্ৰহণৰ যোগেদি ছাত্ৰ-শিক্ষক উভয়েই নিজ নিজ ভাবে উপকৃত হ’ব পাৰে। বিশেষকৈ ছাত্ৰসকলে তেওঁলোকৰ আৰ্জিত জ্ঞান-অভিজ্ঞতা জীৱনৰ ওচৰ চপাই নিব পাৰে আৰু তাৰ প্ৰায়োগিক দিশৰ প্ৰতি আত্মসচেতন হৈ উঠিব পাৰে।

(৬) আত্ম-শিক্ষা নীতিঃ

নিজ ক্ৰিয়াৰ যোগেদি শিক্ষা হৈছে আধুনিক শিক্ষাৰ এক গ্ৰহণযোগ্য নীতি। এই নীতিৰ বাস্তৱ ৰূপদান কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰি তুলিব লাগে। শিক্ষাৰ সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই এই নীতি গ্ৰহণ কৰিব পাৰি। শিক্ষকক ছাত্ৰৰ পাঠদানকাৰী স্বৰূপে গঢ় দি তোলাৰ পৰিৱৰ্তে শিক্ষাগ্ৰহণৰ সহায়ক আৰু নিৰ্দেশক স্বৰূপেহে নিজ ভূমিকা গ্ৰহণ কৰিবলৈ দিব লাগে। আনহাতে শিক্ষাগ্ৰহণত ছাত্ৰই নীৰৱ শ্ৰোতাৰ ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে সক্ৰিয়ভাৱে ক্ৰিয়া অংশগ্ৰহণ কৰিব পৰাকৈ পাঠ্যক্ৰম গঢ় দি তুলিব লাগে। এই প্ৰসংগত ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম আমাৰ বিবেচনাযোগ্য।

(৭) বৃত্তীয় প্ৰয়োজনীয়তাঃ

পাঠ্যক্ৰমে বৰ্তমান সমাজৰ বৃত্তীয় প্ৰয়োজনীয়তাৰ কথা নভবাকৈ থাকিব নোৱাৰে। অন্ন-বস্ত্ৰ হৈছে ব্যক্তি আৰু সমাজৰ মৌলিক প্ৰয়োজন। এই প্ৰয়োজন পূৰণ কৰি তুলিবৰ বাবে পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ নীতি অপৰিহাৰ্য। শিক্ষাৰ প্ৰতিটো স্তৰৰ পাঠ্যক্ৰমত সেয়েহে বৃত্তিমূলক বিষয়ৰ শিক্ষাৰ ব্যৱস্থা ৰখা উচিত। ছাত্ৰৰ ভৱিষ্যৎ জীৱনৰ লক্ষ্য-আদৰ্শ আৰু আশা-আকাংক্ষা যিয়েই নহওক কিয়, তেওঁলোকে শিক্ষাজীৱনত আৰ্জিত অভিজ্ঞতাৰ উৎপাদনশীলতাৰ দিশ অনুভৱ কৰি উঠিব পাৰিব লাগে। এনে অনুভৱ ছাত্ৰসকলক প্ৰদান কৰাটো পাঠ্যক্ৰমৰ এক প্ৰধান নীতি স্বৰূপে বিবেচিত হ’ব লাগে।

(৮) চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধনঃ

পাঠ্যক্ৰমত চিন্তা আৰু ক্ৰিয়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। চিন্তাপ্ৰধান আৰু ক্ৰিয়াবিমুখ পাঠ্যক্ৰমে ছাত্ৰৰ জ্ঞান-অভিজ্ঞতা বাস্তৱ বিবৰ্জিত আৰু জীৱন-বিচ্ছিন্ন কৰি তোলে। সেইদৰে ক্ৰিয়াপ্ৰধান আৰু চিন্তাবিমুখ পাঠ্যক্ৰমে ছাত্ৰসকলক জীৱনৰ গভীৰ উপলব্ধি প্ৰদান কৰাত ব্যৰ্থ হয়। অভিজ্ঞতাৰ এনে একপক্ষীয় প্ৰভাৱ গুচাই চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধনেৰে সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰি তুলিব লাগে। এনে সমন্বয় সাধনেহে বুদ্ধিজীৱি আৰু শ্ৰমজীৱি লোকৰ মাজত থকা কৃত্ৰিম ব্যৱধান গুচাই শিক্ষা-অভিজ্ঞতা দুয়ো শ্ৰেণীৰ লোকৰ বাবেই অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।

(৯) অৱসৰ সময়ৰ শিক্ষাঃ

ছাত্ৰৰ সুস্থ দেহ-মন গঢ়ি তোলা আৰু মানসিক স্বাস্থ্য ৰক্ষা কৰাটো পাঠ্যক্ৰমৰ এক বিবেচ্য বিষয়। এই দৃষ্টিকোণৰ পৰা অৱসৰ সময়ৰ শিক্ষা-ব্যৱস্থা কৰাটো পাঠ্যক্ৰমৰ দায়িত্ব। উল্লেখযোগ্য যে পাঠ্যক্ৰমৰ অধ্যয়নৰ বিশিষ্ট বিষয়সমূহে ছাত্ৰৰ বৌদ্ধিক দিশৰহে মাথোন প্ৰয়োজন পূৰণ কৰে। তেওঁলোকৰ আনুভূতিক আৰু ক্ৰিয়াত্মক দিশৰ প্ৰয়োজন সি পূৰণ কৰিব নোৱাৰে। ছাত্ৰই অৱসৰ সময়ৰ সুক্ষ্ম অনুভূতিবোৰ সুস্থভাৱে বিকাশৰ বাবে যিদৰে নৃত্য-গীত, চিত্ৰাংকণ, নাট্যাভিনয় আদি কলাত্মক বিষয়সমূহৰ অধ্যয়নৰ ব্যৱস্থা পাঠ্যক্ৰমত ৰাখিব লাগে সেইদৰে কলাত্মক দিশৰ প্ৰয়োজন পূৰণৰ বাবেও খেলা-ধূলা আৰু অন্যান্য গঠনাত্মক ক্ৰিয়াৰ ব্যৱস্থা ৰাখিব লাগে।

(১০) নৈতিক শিক্ষাঃ

ছাত্ৰৰ ক্ৰিয়া-আচৰণ মাৰ্জিত, সুন্দৰ আৰু সুৰুচিপূৰ্ণ কৰি তুলিবৰ বাবে নৈতিক শিক্ষাৰ প্ৰয়োজন আমি অনুভৱ কৰো। এই প্ৰয়োজন পূৰণৰো কাৰ্যকৰী ব্যৱস্থা পাঠ্যক্ৰমত থাকিব লাগে। উল্লেখযোগ্য যে এই নৈতিক শিক্ষা পুথিগত আৰু তত্ত্বপ্ৰধান কৰি তোলাৰ পৰিৱৰ্তে ই ছাত্ৰৰ ব্যক্তিগত আৰু ব্যৱহাৰিক জীৱনৰ অংশবিশেষ স্বৰূপেহে গঢ় দি তুলিব লাগে। ইয়াৰ উপৰি ধৰ্ম-নিৰপেক্ষতাৰ ভিত্তিত সকলো ধৰ্মৰ নৈতিক আদৰ্শসমূহ ছাত্ৰই অনুভৱ আৰু নিজ জীৱনত তাক গ্ৰহণ কৰিব পৰাকৈ শিক্ষাৰ ব্যৱস্থা পাঠ্যক্ৰমৰ কাৰ্যসূচীত থাকিব লাগে।

শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতিঃ

ওপৰত পাঠ্যক্ৰম প্ৰস্তুতিৰ বেলিকা গ্ৰহণযোগ্য কেতবোৰ সাধাৰণ নীতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পাঠ্যক্ৰম প্ৰস্তুতিৰ প্ৰায়োগিক দিশৰ পৰা বিবেচনা কৰিবলৈ গ’লে ব্যক্তি-বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্যসমূহৰ প্ৰতি লক্ষ্য ৰাখিহে ইয়াক প্ৰস্তুত কৰি তুলিব লাগে। বিকাশৰ বিভিন্ন স্তৰৰ দেহ-মানসিক প্ৰয়োজন হয় ভিন ভিন। শিক্ষা-মনোবিজ্ঞানত এই সম্বন্ধে কৰা অধ্যয়নৰ অভিজ্ঞতাৰেহে আমি এইক্ষেত্ৰত আগবাঢ়িব পাৰো। উল্লেখযোগ্য যে পুৰণি কালত বিষয়কেন্দ্ৰিকতাৰ নীতিৰে পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছিল। শিশুৰ প্ৰয়োজনতকৈও সমাজৰ ধৰ্ম-সংস্কৃতিৰ প্ৰয়োজনে অধিক প্ৰাধান্য লাভ কৰিছিল। এইক্ষেত্ৰত পাঠ্যক্ৰমৰ বিষয়বস্তু আছিল মুখ্য আৰু শিশু আৰু তাৰ প্ৰয়োজন আছিল গৌণ বিবেচ্য বিষয়। বৰ্তমান বিষয়কেন্দ্ৰিকতাৰ পৰা শিশুকেন্দ্ৰিকতালৈ চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে। এনে পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত শৈশৱ, বাল্য, কৈশোৰ আৰু বয়ঃপ্ৰাপ্তি এই প্ৰতিটো পৰ্যায়ৰ পাঠ্যক্ৰম সাৱধানে প্ৰস্তুত কৰি তুলিব লগা হৈছে। এই প্ৰসংগত আমাৰ বিবেচনাযোগ্য দৃষ্টিকোণসমূহ তলত দাঙি ধৰা হৈছে।

প্ৰাক্-প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমঃ

প্ৰাক্-প্ৰাথমিক স্কুলেই হৈছে শিক্ষাৰ সৰ্বপ্ৰথম অনুষ্ঠান। গতানুগতিক শিক্ষানুষ্ঠানৰ নিয়মতান্ত্ৰিকতা আৰু অনুশাসন ব্যৱস্থা নাথাকিলেও ই বৰ্তমান শিক্ষাৰ এক অধিক গুৰুত্বপূৰ্ণ পৰ্যায় স্বৰূপে বিবেচিত হৈছে। শিশুৰ তিনিবছৰ বয়সৰ পৰা সাত বছৰ বয়সলৈকে সচাৰচৰ এইবিধ স্কুলে শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। এই সময়ছোৱাত শিশুৰ দেহ-মানসিক প্ৰয়োজনৰ বিবেচনাৰে ইয়াৰ শিক্ষা-ব্যৱস্থা আৰু পাঠ্যক্ৰম গঢ় দি তুলিব লাগে। মণ্টেচৰী, কিণ্ডাৰগাৰ্টেন আদি শিশু-শিক্ষাৰ পদ্ধতি বৰ্তমান গোটেই পৃথিৱীতে জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ উপৰিও পালনশালা আদি স্থাপনৰ যোগেদিও এই শিক্ষাৰ ব্যৱস্থা কৰা হয়।

এই পৰ্যায়ৰ শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ বিষয়বস্তু আৰু শিক্ষণ পদ্ধতি অন্যান্য পৰ্যায়তকৈ পৃথক। ইয়াৰ শিক্ষা হৈছে ক্ৰিয়াভিত্তিক, খেলাপ্ৰধান আৰু বাস্তৱধৰ্মী। পাঠ্যক্ৰমৰ কেতবোৰ নিৰ্ধাৰিত বিষয়ৰ জ্ঞান শিশুক দিয়াটো ইয়াৰ উদ্দেশ্য নহয়। ছবছৰ বয়সত প্ৰাথমিক স্কুলত লিখা-পঢ়া শিকিবলৈ শিশুৱে যাতে দেহ-মানসিক উপযুক্ততা আৰু প্ৰস্তুতি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাটোহে ইয়াৰ মুখ্য উদ্দেশ্য। সেইবাবে প্ৰকৃত অৰ্থত পাঠ্যক্ৰমৰ নিৰ্দিষ্ট বিষয়ৰ শিক্ষা অধ্যয়নৰ ব্যৱস্থা ইয়াত নাথাকে। এই পৰ্যায়ৰ শিক্ষাৰ কেতবোৰ বিশেষত্ব তলত চমুকৈ উল্লেখ কৰা হৈছে।

v  শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহে বহিঃজগতৰ জ্ঞান-অভিজ্ঞতা যতাৰ্থভাৱে আয়ত্ব কৰি উঠিবলৈ দৃষ্টি, শব্দ আৰু স্পৰ্শ অনুভূতিৰ শিক্ষাৰ বিশেষ ব্যৱস্থা কৰা হয়।

v  এই সময়ছোৱা শিশুৰ প্ৰয়োজনীয় অভ্যাস গঠনৰ সময়। সেইবাবে দৈনন্দিন কাৰ্যসূচীৰ যোগেদি ইয়াত কেতবোৰ সজ অভ্যাস গঢ় দি তোলাৰ চেষ্টা কৰা হয়।

v  শিশুৰ দৈহিক অংগ-সঞ্চালন ক্ষমতা বিকাশৰ বাবে স্কুলৰ মুক্ত পৰিৱেশত বিবিধ খেলা-ধূলাৰ ব্যৱস্থা কৰা হয়।

v  শিশু স্বাভাৱিকতেই কল্পনাপ্ৰিয় হোৱালৈ চাই তাৰ মনত স্বভাৱসুলভ আনন্দ দিবৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হয়।

v  ছন্দ, গীত আৰু নৃত্য আদিৰ স্বাভাৱিক প্ৰৱণতা শিশু-প্ৰকৃতিত পৰিলক্ষিত হয়। সেইবাবে ইয়াৰ উপযুক্ত কাৰ্যসূচীৰ যোগেদি এনে প্ৰৱণতাৰ স্বাভাৱিক প্ৰকাশৰ ব্যৱস্থা ৰখা হয়।

v  স্কুলৰ শিক্ষা-পৰিৱেশ আৰু ক্ৰিয়া-কলাপৰ লগত শিশুৰ ঘৰুৱা পৰিৱেশ আৰু ক্ৰিয়া-কলাপৰ ব্যৱধান ৰখা নহয়। স্কুলৰ ঘৰুৱা পৰিৱেশৰ ক্ৰিয়া-কলাপৰ দৰেই স্কুলৰ শিক্ষা-পৰিৱেশো গঢ় দি তোলা হয়।

v  প্ৰয়োজন অনুসৰি মানসিক যোগ্যতা লাভ কৰি উঠিলে ইয়াৰ শেষ পৰ্যায়ত শিশুৰ সংখ্যা আৰু আঁখৰৰ প্ৰয়োজনীয় জ্ঞান প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰে দিয়াৰ ব্যৱস্থা কৰা হয়।

প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমঃ

প্ৰাথমিক স্কুল শিক্ষাৰ এক সুস্পষ্ট পৰ্যায়। এই পৰ্যায়তেই শিশু-শিক্ষা প্ৰচলিত নীতি-নিয়মৰ মাজেদি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। শিশুৱে এই সময়ছোৱাত তাৰ ইন্দ্ৰিয় অভিজ্ঞতাত কিছু অভ্যস্ত হৈ উঠা বাবে দেহ-মানসিক ক্ৰিয়া-আচৰণৰ ওপৰত কিছু নিয়ন্ত্ৰণ ক্ষমতা লাভ কৰি উঠে। মানসিক আৰু বৌদ্ধিক ক্ষমতা, আগ্ৰহ-অভিৰুচি, স্মৃতি, চিন্তা আৰু কল্পনা-শক্তি আদি সক্ষম হৈ উঠে। সাধাৰণভাৱে সেয়েহে ইয়াক লিখা-পঢ়া কৰাৰ সময় বোলে। শিক্ষাৰ বৌদ্ধিক, আনুভূতিক আৰু ক্ৰিয়াত্মক এই তিনিও দিশৰ উপাদান এই সময়ত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। এই পৰ্যায়ৰ পাঠ্যক্ৰমে সাধাৰণভাৱে এক বহল পৰিসৰৰ অভিজ্ঞতা সামৰি ল’ব পাৰে। বৰ্তমানৰ পাঠ্যক্ৰম শিশুকেন্দ্ৰিক হৈ উঠালৈ চাই এনেবোৰ প্ৰয়োজনৰ বিবেচনা বিশেষ তাৎপৰ্যপূৰ্ণ বুলিব পাৰি। এই প্ৰসংগত আমাৰ বিবেচ্য কেতবোৰ দিশৰ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) ভাষা অধ্যয়নঃ

শিশুৱে প্ৰাথমিক স্কুলত প্ৰৱেশ কৰাৰ পূৰ্বে নিজ মাতৃভাষাৰ কথিত জ্ঞান আয়ত্ব কৰি উঠিব পাৰে। সেইবাবে প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমত শিশুৰ কথিত, পঠিত আৰু লিখিত ভাষাজ্ঞানৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত শিশুক অধিক নতুন শব্দৰ লগত পৰিচয় কৰাই দি তাৰ প্ৰায়োগিক ধাৰণা দিব লাগে। এনেবোৰ শব্দৰ শুদ্ধ উচ্চাৰণ আৰু লিখনৰ ক্ষেত্ৰত বৰ্ণাশুদ্ধিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

(২) গাণিতিক ধাৰণাঃ

সংখ্যা-জ্ঞানৰ প্ৰয়োজনীয় অভিজ্ঞতা এই সময়ত শিশুৱে আয়ত্ব কৰি উঠে। বস্তু আৰু সংখ্যাৰ কম-বেছি পৰিমাণৰ প্ৰতি স্বাভাৱিকতেই সি আকৃষ্ট হয়। সেইবাবে সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি গণিতৰ প্ৰাথমিক ধাৰণা শিশুক দিব লাগে। এনে ধাৰণা তাৰ বাস্তৱ অভিজ্ঞতাৰ যোগেদি দিয়াৰো ব্যৱস্থা কৰিব লাগে।

(৩) মানৱীয় বিষয়ৰ অধ্যয়নঃ

শিশুক এই পৰ্যায়ত মানৱীয় বিষয়বোৰৰ লগত সাধাৰণভাৱে পৰিচয় কৰাই দিয়াটো পাঠ্যক্ৰমৰ দায়িত্ব। এনে বিষয়ৰ ভিতৰত ভূগোল আৰু বুৰঞ্জীৰ প্ৰাথমিক জ্ঞান অন্তৰ্ভুক্ত কৰিব লাগে। থকা ঠাইডোখৰৰ অৱস্থিতি, তাৰ চাৰিসীমা, উপৰিভাগৰ অৱস্থা আদি সম্বন্ধে সাধাৰণ পৰিচিতি দিব লাগে। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশ আৰু মানুহৰ বৰ্ণনা, জীৱিকা নিৰ্বাহৰ পদ্ধতি আদি জনাব লাগে। তেওঁলোকৰ সাধুকথা, ৰূপকথা, প্ৰসিদ্ধ কাহিনী, মহাপুৰুষৰ জীৱনী আদি শিশুৰ উপযোগীকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

(৪) প্ৰকৃতি আৰু পৰিৱেশ অধ্যয়নঃ

শিশুৰ প্ৰাথমিক পৰ্যায়তেই প্ৰকৃতি জগতখনৰ লগত পৰিচয় কৰাই দিব লাগে। তাৰ মনত প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন বস্তু আৰু বিষয়ৰ প্ৰতি এক স্বাভাৱিক কৌতূহলৰ ভাব জন্মে। জীৱ-জন্তু, গছ-গছনি, নদ-নদী, বায়ু-পানী আদিৰ লগত মানুহৰ যি সম্বন্ধ তাৰ সহজ বিশ্লেষণ পাঠ্যক্ৰমত দাঙি ধৰিব লাগে। ইয়াৰ যোগেদি শিশুক বিজ্ঞান-জগতৰ প্ৰাথমিক ধাৰণা দিয়াটোও ইয়াৰ এক উদ্দেশ্য হ’ব লাগে।

(৫) হাতৰ কামঃ

এই সময়ত শিশুৰ স্বাভাৱিকতেই কৰ্ম-প্ৰবৃত্তি আৰু সংগঠন-প্ৰবৃত্তি জাগি উঠে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ এই পৰ্যায়ত নানাবিধ হস্তশিল্প, যেনে- মাটিৰ কাম, কাগজৰ কাম, বাঁহ-বেতৰ কাম আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। হস্তশিল্পবোৰৰ আঞ্চলিক জনপ্ৰিয়তা আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক শিশুৰ উপযোগীকৈ পাঠ্যক্ৰমত গঢ় দি তুলিব লাগে। গাঁও আৰু নগৰ অঞ্চলৰ ভিন্নমুখী প্ৰয়োজন এইক্ষেত্ৰত বিবেচনা কৰিব লাগে।

(৬) কলাত্মক ক্ৰিয়াঃ

শিশুৰ কলাত্মক প্ৰতিভাই এই সময়ত প্ৰকাশৰ পথ বিচাৰে সৃজনাত্মক কল্পনাৰ প্ৰৱণতাই শিশুক নৃত্য-গীতৰ প্ৰতি স্বাভাৱিকতেই আকৃষ্ট কৰে। চিত্ৰাংকণ আৰু অংকিত চিত্ৰত ৰঙৰ প্ৰয়োগ কৰি সৃষ্টিৰ আনন্দ লাভ কৰে। সেইবাবে এই পৰ্যায়ৰ পাঠ্যক্ৰমত শিশুৰ বাবে নৃত্য-গীত, চিত্ৰাংকণ আদি বিষয়ৰ এক বিশেষ প্ৰয়োজনীয়তা আছে। এনেবোৰ বিষয়ে শিশুৰ স্বতঃস্ফূৰ্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশত বিশেষ সহায় কৰে।

(৭) স্বাস্থ্যবিজ্ঞানঃ

স্বাস্থ্যৰক্ষাৰ মৌলিক নীতিসমূহৰ প্ৰাথমিক জ্ঞান আৰু শিশুৰ ব্যৱহাৰিক জীৱনত তাৰ অনুশীলন অতি প্ৰয়োজনীয় কথা। সেইবাবে এই সম্বন্ধীয় ক্ৰিয়া-অভিজ্ঞতাৰ শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। শিশুৰ পোচাক-পৰিচ্ছদ, হাত-ভৰি, চকু-মুখ, দাঁত, চুলি, নখ আদি পৰিষ্কাৰ কৰি ৰখাৰ বাবে শৰীৰ-চৰ্চা বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন।

(৮) নৈতিক শিক্ষাঃ

শিশুৰ এই সময়ছোৱা সজ আচৰণৰ শিক্ষা-অনুশীলনেৰে নৈতিক চৰিত্ৰ গঠনৰ সময়। নৈতিক-অনৈতিকতাৰ চেতনা তাৰ মনত স্বাভাৱিকতেই জাগি উঠে। ইয়াক সুস্থ ৰূপত গঢ় দি তুলিবৰ বাবে পাঠ্যক্ৰমত নৈতিক শিক্ষাৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ যোগেদি শিশুৰ আচৰণ সমাজৰ গ্ৰহণযোগ্য কৰি তুলিব পাৰি। ইয়াৰ বাবে সামূহিক প্ৰাৰ্থনা, মহাপুৰুষৰ জীৱনী অধ্যয়ন, নীতিজ্ঞানসমূহ ব্যক্তিগত জীৱনত কাৰ্যকৰীকৰণ আদি কাৰ্যসূচী গ্ৰহণ কৰিব পৰা যায়।

মজলীয়া স্কুলৰ পাঠ্যক্ৰমঃ

মজলীয়া স্কুলৰ পাঠ্যক্ৰম দহ বছৰীয়া স্কুলীয়া শিক্ষাৰ অন্তৰ্ভুক্ত যদিও শিক্ষাৰ নীতিগত দৃষ্টিকোণৰ পৰা এই পাঠ্যক্ৰমৰ এক স্বকীয় বৈশিষ্ট্য আছে। ই প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ সংযোগকাৰী স্বৰূপে এক দ্বৈত ভূমিকা গ্ৰহণ কৰিব লাগে। ছাত্ৰৰ ১১ বছৰ বয়সৰ পৰা ১৩ বছৰ বয়সলৈকে প্ৰাক্-কৈশোৰ কালছোৱাৰ এক বিশেষ প্ৰয়োজন ই পূৰণ কৰিব লাগে। এই সময়ছোৱাতেই ছাত্ৰ-ছাত্ৰীসকলে বাল্যকাল ত্যাগ কৰি কৈশোৰ জীৱনত প্ৰৱেশ কৰে। বিকাশৰ এই অৱস্থান্তৰ কালছোৱাত পাঠ্যক্ৰমৰ ভূমিকা কেনে হব লাগে সি স্বাভাৱিকতেই আমাৰ দৃষ্টি আকৰ্ষণ কৰা উচিত। ই এহাতে প্ৰাথমিক পৰ্যায়ৰ অনুৱৰ্তী ব্যৱস্থা স্বৰূপে আৰু আনহাতে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ প্ৰস্তুতকাৰী স্বৰূপে দায়িত্ব পালন কৰিব লাগে।

শিক্ষাৰ এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মাধ্যমিক শিক্ষা আয়োগে ইয়াক ছাত্ৰৰ ব্যক্তিত্ব অন্বেষণকাৰী স্বভাৱৰ হোৱা উচিত বুলি মত প্ৰকাশ কৰে। আয়োগৰ মতে এই পাঠ্যক্ৰমে মানুহৰ সকলো প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতাৰ লগতেই ছাত্ৰক সাধাৰণভাৱে পৰিচয় কৰাই দিব লাগে। অৱশ্যে এই পৰ্যায়ৰ পাঠ্যক্ৰম ছাত্ৰৰ জ্ঞান-অভিজ্ঞতাৰ বিশেষীকৰণ বা বিশিষ্টকৰণৰ বাবে নহয়। সেইবাবে কোনো বিষয়ৰ জ্ঞানৰ গভীৰতালৈ যোৱাৰ চেষ্টা ইয়াত থাকিব নালাগে। ভৱিষ্যতৰ বাবে সকলো প্ৰয়োজনীয় বিষয়ৰ লগত পৰিচয় কৰাই দিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী পৰ্যায়ত নিজৰ বিভাজিত পাঠ্যক্ৰম নিৰ্বাচন কৰাত সহায়ক হৈ উঠিব পাৰে। তেওঁলোকৰ বিশিষ্ট যোগ্যতা, আগ্ৰহ-অভিৰুচি আৰু সম্ভাৱনীয়তাসমূহৰ নিজেই বুজ ল’ব পৰাকৈ এই পৰ্যায়ৰ পাঠ্যক্ৰমত সুবিধা থাকিব লাগে। ইয়াৰ উপৰিও অধ্যয়নৰ বিষয়বস্তু অধিক চিন্তাপ্ৰধান আৰু তত্ববিষয়ক কৰি তোলাৰ পৰিৱৰ্তে ক্ৰিয়াভিত্তিক আৰু ব্যৱহাৰিক বিধৰহে কৰি তুলিব লাগে।

পাঠ্যক্ৰমৰ এনেবোৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে মাধ্যমিক শিক্ষা আয়োগে নিম্নলিখিত বিষয়সমূহ অন্তৰ্ভুক্তিৰ পৰামৰ্শ দিয়ে।

v  ভাষা অধ্যয়ন

v  সামাজিক অধ্যয়ন

v  সাধাৰণ বিজ্ঞান

v  গণিত

v  কলা আৰু সংগীত

v  হস্তশিল্প

v  শৰীৰ-শিক্ষা।

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমঃ

শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ ভিতৰত মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম নিঃসন্দেহে সৰ্বাধিক গুৰুত্বপূৰ্ণ। কাৰণ এই পৰ্যায়ৰ শিক্ষাই দেশ আৰু সমাজৰ সকলো শ্ৰেণীৰ লোককে সাধাৰণভাৱে প্ৰভাৱিত কৰে। দেশৰ অৰ্থনৈতিক, সামাজিক আৰু কাৰিকৰী দিশৰ বিকাশ আৰু এই সম্বন্ধীয় আশা-আকাংক্ষা পূৰণ কৰাটো ইয়াৰ ওপৰত নিৰ্ভৰশীল। সমাজৰ উৎপাদনশীল আৰু দায়িত্বশীল সুনাগৰিক ব্যক্তি মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমেই বাস্তৱ ক্ষেত্ৰত গঢ় দি তোলে। উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাৰ অন্তত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাজীৱন শেষ কৰি সামাজিক জীৱনত প্ৰৱেশ কৰে। তেওঁলোকে সামাজিক জীৱনত নিজ নিজ ক্ষেত্ৰত প্ৰয়োজনীয় নেতৃত্বও প্ৰদান কৰে। সেইবাবে এই পৰ্যায়ৰ পাঠ্যক্ৰমে দিয়া শিক্ষাৰ প্ৰভাৱ হয় ব্যক্তিগত আৰু সামাজিক জীৱনৰ বাবে সামগ্ৰিক আৰু সুদূৰপ্ৰসাৰী বিধৰ। এনে পাঠ্যক্ৰম ৰচনা কৰাটো শিক্ষাবিদসকলৰ বাবে এক দায়িত্বপূৰ্ণ কৰ্তব্য। এই প্ৰসংগত আমাৰ বিবেচ্য কেতবোৰ শৈক্ষিক দিশ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) পাঠ্যক্ৰমৰ বিভাজনঃ

শিক্ষাৰ মাধ্যমিক পৰ্যায় ছাত্ৰৰ ভিন্নমুখী প্ৰতিভা বিকাশৰ সময়। এই সময়তেই তেওঁলোকৰ আগ্ৰহ-অভিৰুচি, ক্ষমতা, যোগ্যতা আদিয়ে এক নিৰ্দিষ্ট পথে গতি কৰে। সেই হেতুকে পাঠ্যক্ৰমে তেওঁলোকৰ নিজ নিজ সম্ভাৱনীয়তা বহন কৰা বিকাশৰ দিশসমূহ উন্মোচন কৰিব পাৰিব লাগে। ইয়াৰ বাবে বিভাজিত পাঠ্যক্ৰমৰ প্ৰয়োজন। এনে পাঠ্যক্ৰমত ছাত্ৰৰ শৈক্ষিক আগ্ৰহ-অভিৰুচিৰ এক বহল পৰিসৰ ৰচনা কৰিব লাগে। অধ্যয়নৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ভিতৰত মানৱীয় বিষয়, বিজ্ঞান, কাৰিকৰী বিজ্ঞান, বাণিজ্য, কৃষি, সুকুমাৰ কলা, গাৰ্হস্থ্য বিজ্ঞান আদি ভিন ভিন গোটত বিভক্ত কৰিব লাগে। শিক্ষা বিশেষীকৰণ কৰাটো ইয়াৰ উদ্দেশ্য হ’ব নালাগে যদিও পৰৱৰ্তী কালত উচ্চশিক্ষাৰ বাবে ছাত্ৰৰ মন ঢাল খুৱাই তুলিব লাগে। এনে পাঠ্যক্ৰম বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পৰিচালিত হ’ব লাগে।

(২) মৌলিক বিষয়ৰ অধ্যয়নঃ

পাঠ্যক্ৰম বিভাজিত কৰা হ’লেও এই পৰ্যায়ত সকলো ছাত্ৰই কেতবোৰ মৌলিক বিষয় অধ্যয়ন কৰিব লাগে। এই বিষয়বোৰ হৈছে- ভাষা অধ্যয়ন, সাধাৰণ বিজ্ঞান, সমাজ বিষয়ৰ অধ্যয়ন আৰু হস্তশিল্প। এনেবোৰ বিষয় অধ্যয়নেহে এই পৰ্যায়ৰ পাঠ্যক্ৰমক অহেতুকভাৱে বিশিষ্টকৰণৰ পৰা ৰক্ষা কৰিব পাৰে। এই বিষয়বোৰ বাধ্যতামূলভাৱে কৰা অধ্যয়নে সাধাৰণ শিক্ষাৰ মানদণ্ড বহলভাৱে ৰচনা কৰিব পাৰে। সমাজৰ বিভিন্ন দিশৰ প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতাও ই ছাত্ৰসকলক প্ৰদান কৰিব পাৰে।

বৃত্তীয় শিক্ষাঃ

মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বৃত্তিমুখী মনোভাব বিভিন্ন কাৰণত বৰ্তমান অধিক জনপ্ৰিয় হৈ উঠিছে। উল্লেখযোগ্য যে দেশৰ সৰ্বসাধাৰণ লোকৰ মৌলিক প্ৰয়োজন হৈছে অন্ন-বস্ত্ৰৰ প্ৰয়োজন। সেইবাবে দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি জনশক্তি প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিবলৈ শিক্ষাত বৃত্তিমুখী ভাবধাৰাৰ প্ৰয়োজন। বৰ্তমান শিক্ষাত প্ৰয়োগবাদ দৰ্শনে এই কথা অধিক দৃঢ়তাৰে প্ৰতিপন্ন কৰি তুলিছে। গণতান্ত্ৰিক দেশৰ অৰ্থনৈতিক আৰু সামাজিক স্থিৰতা বহু পৰিমাণে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ নিজ নিজ জীৱনৰ বাবেও এনে শিক্ষা অধিক অৰ্থপূৰ্ণ হৈ উঠিব পাৰে। অৱশ্যে মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰাৰ দৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষা সংকীৰ্ণ বৃত্তিমুখী কৰি তোলাটো ইয়াৰ উদ্দেশ্য নহয় যদিও ইয়াত স্পষ্টভাৱে এক বৃত্তিমূলক মনোভাব থকাটো প্ৰয়োজন।

(৪) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাঃ

মাধ্যমিক শিক্ষাৰ উৎপাদনমুখী লক্ষ্য সাধনৰ বাবেই বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ অতি প্ৰয়োজন। আধুনিক সমাজৰ দ্ৰুত আধুনিকীকৰণ আৰু বিকাশ সাধন বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানেহে সম্ভৱ কৰি তোলাৰ ওপৰত কোঠাৰি শিক্ষা আয়োগে সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানে আৱিষ্কাৰ কৰা নতুন জ্ঞান আৰু কৰ্ম-অভিজ্ঞতাসমূহ প্ৰয়োগ কৰি জীৱনৰ মানদণ্ড উন্নত পৰ্যায়ৰ কৰি তুলিবৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

(৫) সুনাগৰিকতাৰ শিক্ষাঃ

মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমে দেশৰ যুৱক-যুৱতীসকলক সুনাগৰিকতাৰ শিক্ষা দিয়াৰ দায়িত্ব এৰাই চলিব নোৱাৰে। সমাজৰ প্ৰতি নিজৰ দায়িত্ব, কৰ্তব্য আৰু অধিকাৰসমূহৰ প্ৰতি তেওঁলোকক সচেতন আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিব লাগে। সমতা, ন্যায়, বন্ধুত্ব, ভ্ৰাতৃত্ব আদি গণতান্ত্ৰিক মূল্যবোধসমূহৰ দ্বাৰা তেওঁলোকৰ ভাব-চিন্তা আৰু ক্ৰিয়া-আচৰণ আদি পৰিচালিত হ’বলৈ শিকাব লাগে। সহযোগিতা, সহানুভূতিশীলতা আৰু সহনশীলতা আদি সামাজিক গুণসমূহ তেওঁলোকৰ ব্যক্তিত্বত ফুটাই তুলিব লাগে। দেশৰ প্ৰচলিত আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ মনোভাব গঢ় দি তুলিব লাগে। সেয়েহে সমাজত সুস্থ, সুন্দৰ আৰু কলাত্মক জীৱন-যাপনৰ বাস্তৱ ধাৰণা এই পৰ্যায়ৰ পাঠ্যক্ৰমে ছাত্ৰসকলক দিব লাগে।

(৬) আজৰি সময়ৰ শিক্ষাঃ

আজৰি বা অৱসৰ সময় সাৰ্থকভাৱে গঠনাত্মক প্ৰয়োগৰ প্ৰয়োজনীয় শিক্ষা-ব্যৱস্থা পাঠ্যক্ৰমত থকাটো বৰ্তমান বিশেষ প্ৰয়োজন হৈ পৰিছে। আধুনিক যুগৰ যান্ত্ৰিক সভ্যতাই মানুহৰ কায়িক শ্ৰম হ্ৰাস কৰি অত্যধিক অৱসৰ সময়ৰ সৃষ্টি কৰিছে। সেইবাবে ইয়াৰ সুস্থ আৰু গঠনাত্মক প্ৰয়োগৰ ব্যৱস্থা বিশেষকৈ স্কুলৰ পাঠ্যক্ৰমত ৰখাটো প্ৰয়োজন হৈ পৰিছে। আনহাতে ক’ব পাৰি যে এই অৱসৰ সময়ৰ শিক্ষাইহে ব্যক্তিৰ সুপ্ত অৱস্থাত অন্তৰ্নিহিত হৈ থকা সুক্ষ্ম কলাত্মক আৰু সৃজণাত্মক প্ৰতিভা বিকাশৰ সুযোগ দিব পাৰে। সেইবাবে কিশোৰ-কিশোৰীসকলক তেওঁলোকৰ অৱসৰ সময়ৰ অসুস্থ চিন্তা-ভাবনাৰ পৰা ৰক্ষা কৰি সুস্থ আৰু গঠনাত্মক পথ ৰচনা কৰাটো বৰ্তমান এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ এক গুৰু দায়িত্ব স্বৰূপে বিবেচিত হৈছে।

পাঠ্যক্ৰমত উৎপাদনমুখীতাৰ ধাৰণাঃ

দেশ আৰু সমাজৰ প্ৰয়োজনৰ ওপৰত পাঠ্যক্ৰমৰ বিষয় নিৰ্বাচন বিশেষভাৱে নিৰ্ভৰ কৰে। আকৌ সমাজৰ এই প্ৰয়োজন সদায় একেদৰে নাথাকে, সময়ৰ লগে লগে পৰিৱৰ্তন হয়। ক্ৰমবিকাশৰ লগে লগে মানুহৰ কেতবোৰ নতুন নতুন প্ৰয়োজন আৰু আশা-আকাংক্ষাৰ সৃষ্টি হয়। এক নতুন সমাজদৰ্শন আৰু শিক্ষাদৰ্শন গঢ় লৈ উঠে। ফলত শিক্ষানুষ্ঠানত অধ্যয়নৰ পাঠ্যক্ৰমত আৱশ্যকীয় পৰিৱৰ্তন সাধিত হয়। বৰ্তমান পাঠ্যক্ৰমত উৎপাদনমুখীতাৰ ধাৰণা ইয়াৰেই এক বাস্তৱ নিদৰ্শন বুলিব পাৰি। উল্লেখযোগ্য যে পুৰণি কালৰ পাঠ্যক্ৰমত ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়সমূহে প্ৰাধান্য লাভ কৰিছিল। বৰ্তমান সেই প্ৰাধান্য লাভ কৰিছে উৎপাদনমূলক আৰু বৃত্তিমূলক বিষয়সমূহে পুৰণি কালত বৃত্তিসমূহ গতানুগতিকভাৱে বংশানুক্ৰমে চলি আহিছিল। বৰ্তমান প্ৰতিটো বৃত্তি বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞান সাপেক্ষ হৈ উঠা বাবে পাঠ্যক্ৰম আকাৰে অধ্যয়নৰ প্ৰয়োজন হৈ পৰিছে।

পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে বৰ্তমান শিক্ষাৰ তাত্ত্বিক দিশত প্ৰয়োগবাদ দৰ্শনে অধিক প্ৰভাৱ পেলাই আহিছে। মানুহৰ ভাবধাৰা আৰু চিন্তাধাৰাত বস্তুবাদিতা, বাস্তৱমুখীতা আৰু ব্যৱহাৰিকতাৰ প্ৰভাৱ পৰিছে। ছাত্ৰই যি শিক্ষা লাভ কৰে সি তাৰ বাবে সহায়কাৰী আৰু বাস্তৱ সমস্যা সমাধানকাৰী হৈ উঠিব লাগে। আৰ্জিত জ্ঞান-অভিজ্ঞতাই ছাত্ৰৰ আত্মিক উৎকৰ্ষ সাধনৰ পৰিৱৰ্তে বাস্তৱৰ আৰ্থ-সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সমাজমুখী আৰু উৎপাদনমুখী কৰি তুলিব লাগে। এই মৌলিক চিন্তাধাৰাই পাঠ্যক্ৰমৰ চিন্তা আৰু ক্ৰিয়া কেন্দ্ৰীভূত কৰি তুলিছে।

আমাৰ দেশত ইংৰাজৰ শাসন কালতেই পাঠ্যক্ৰমত এই বৃত্তীমুখীতা আৰু উৎপাদনমুখীতাৰ ধাৰণা প্ৰদান কৰা হয়। ১৮৮২ চনৰ হাণ্টাৰ আয়োগে পাঠ্যক্ৰম শৈক্ষিক আৰু বৃত্তিমূলক স্বৰূপে দুটা ভাগত বিভক্ত কৰি তোলাৰ পৰামৰ্শ দিয়ে। অৱশ্যে ইংৰাজৰ শাসনকালত আমাৰ শিক্ষা আৰু পাঠ্যক্ৰম বৃত্তিমুখী আৰু উৎপাদনমুখী কৰি তুলিব পৰা নহয়। স্বাধীনোত্তৰ কালত ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে এই ধাৰণা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্বন্ধে আয়োগে বৰ্ণনা কৰি কয় যে গণতান্ত্ৰিক দেশ এখনত ছাত্ৰৰ উৎপাদনশীল ক্ষমতা বৃদ্ধি কৰি দেশৰ জাতীয় সম্পদ বৃদ্ধি কৰা আৰু তাৰ যোগেদি সৰ্বসাধাৰণ লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাটো প্ৰয়োজন। ১৯৬৬ চনৰ কোঠাৰি আয়োগেও শিক্ষাৰ এই বৃত্তিমুখীতাৰ প্ৰয়োজন আৰু প্ৰাধান্য পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে। ইয়াৰ বাবে আয়োগে মত প্ৰকাশ কৰে যে বিজ্ঞান শিক্ষা সকলো পৰ্যায়ৰ শিক্ষাৰ পাঠ্যক্ৰমত অধিক গুৰুত্ব দিব লাগে, কৰ্ম-অভিজ্ঞতা কাৰিকৰী দিশত ৰূপদান কৰিব লাগে, কৃষিক্ষেত্ৰত বিজ্ঞানৰ অধিক প্ৰয়োগ কৰিব লাগে আৰু মাধ্যমিক শিক্ষাক অধিকভাৱে ব্যৱসায়িক ৰূপদান কৰিব লাগে। বৰ্তমান শিক্ষানুষ্ঠানৰ অধ্যয়নৰ বিষয়সূচী আৰু কাৰ্যসূচী সম্বন্ধে এনে নতুন দৃষ্টিভংগীয়ে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে।

পাঠ্যক্ৰম আধুনিকীকৰণৰ ধাৰণাঃ

পাঠ্যক্ৰম সম্বন্ধে সৃষ্টি হোৱা বৰ্তমান নতুন নতুন চিন্তাধাৰাৰ ভিতৰত আধুনিকীকৰণৰ ধাৰণা বিশেষ তাৎপৰ্যপূৰ্ণ। ছাত্ৰ, শিক্ষক আৰু শিক্ষানুৰাগীসকলে এই ধাৰণাৰ লগতো পৰিচিত হোৱাটো প্ৰয়োজন। পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে এখন উপযুক্ত পাঠ্যক্ৰমে সমাজৰ প্ৰয়োজন আৰু আশা-আকাংক্ষা ভালদৰে প্ৰতিফলিত কৰিব লাগে। বৰ্তমান আমি যিখন সমাজত বাস কৰিছো সি হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ সমাজ। বিজ্ঞানৰ ব্যাপক প্ৰয়োগে আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত দ্ৰুত পৰিৱৰ্তন সাধন কৰি তুলিছে।

আজিৰ দৰে বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰভাৱ নথকা পুৰণি সমাজখনৰ বিকাশৰ গতি আছিল মন্থৰ। মানুহৰ মন আছিল সংৰক্ষণশীল আৰু গতানুগতিক চিন্তা আৰু ধ্যান-ধাৰণাৰ নীৰৱ অনুকৰণশীল। পুৰণি আস্থা, নিষ্ঠা, বিশ্বাস আৰু বহু সময়ত অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়েও তেওঁলোকৰ মন প্ৰভাৱিত কৰি তুলিছিল। এনে এটা অৱস্থাই স্বাভাৱিকতেই সামাজিক বিকাশৰ গতি মন্থৰ কৰি তুলিছিল আৰু পাঠ্যক্ৰম বুলিলে কেৱল নিৰ্ধাৰিত বিষয়সমূহ গতানুগতিকভাৱে কৰা অধ্যয়নকেই বুজোৱা হৈছিল।

বৰ্তমান এই অৱস্থাৰ দৰ্শনীয় পৰিৱৰ্তন সাধিত হৈছে। বিজ্ঞানৰ প্ৰয়োগে পুৰণি গতানুগতিক জ্ঞান-অভিজ্ঞতাবোৰৰ অন্ধ-অনুকৰণৰ যুক্তিযুক্ততা আমাৰ চকুত দাঙি ধৰিছে। ইয়াৰ ফলত পৰিৱৰ্তিত, বিকাশশীল আৰু উন্নত জীনৰ প্ৰতি মানুহৰ আশা-আকাংক্ষা আৰু নতুন নতুন প্ৰয়োজন বৃদ্ধি কৰি তুলিছে। বৰ্তমানৰ সমাজ ইমানেই দ্ৰুত পৰিৱৰ্তনশীল হৈ উঠিছে যে আধুনিক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ লগত পৰিচয় নাথাকিলে এজন শিক্ষিত ব্যক্তিয়েও নিজ পৰিৱেশত খাপ খুৱাই লোৱাত ব্যৰ্থ হ’ব।

এনে এটা দ্ৰুত সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত থকা পাঠ্যক্ৰমৰ গুৰু দায়িত্ব আমি বিশেষভাৱে অনুভৱ কৰো। সহজভাৱে ইয়াকেই পাঠ্যক্ৰমৰ আধুনিকীকৰণ বুলিব পাৰি। পাঠ্যক্ৰমে নতুন নতুন পুৰুষক বৰ্তমান সময়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ আধুনিকতম জ্ঞান-অভিজ্ঞতাৰ লগত পৰিচয় কৰাই দিব লাগে। পাঠ্যক্ৰমেই পুৰণি অভিজ্ঞতাৰ লগত সমন্বয় সাধন কৰিব লাগে আৰু সমাজত ন-পুৰণিৰ মাজত সৃষ্টি হোৱা ব্যৱধান আৰু ভুল বুজাবুজিৰ অন্ত পেলাব লাগে। উল্লেখযোগ্য যে আধুনিকীকৰণ বুলিলে আমাৰ পুৰণি সকলো ঐতিহ্যপূৰ্ণ অভিজ্ঞতাকেই ত্যাগ কৰি পশ্চিমীয়া দেশসমূহৰ নতুন বিজ্ঞান আৰু কাৰিকৰী অভিজ্ঞতাৰ অন্ধ-অনুকৰণ কৰাকে নুবুজায়। আমাৰ নিজ সংস্কৃতি উন্নত আৰু বিকাশশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা উন্নত বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অভিজ্ঞতাক সাৱধানে গ্ৰহণ কৰাটোকহে প্ৰকৃতপক্ষে আধুনিকীকৰণ বুলিব পাৰি। নিজ দেশ আৰু সমাজৰ আৰ্থ-সামাজিক বিকাশৰ বাবে প্ৰয়োজন সাপেক্ষে বিজ্ঞানৰ উন্নত কৌশল গ্ৰহণ কৰা আৰু তাৰ যোগেদি সময়ৰ লগত খাপ খুৱাই নিজকে গতিশীল আৰু ক্ৰমবিকাশশীল কৰি ৰখা কাৰ্যই হৈছে আধুনিকীকৰণ। এই দিশত পাঠ্যক্ৰমৰ এক জটিল আৰু গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা আমি আটায়ে অনুভৱ কৰো। এনে দায়িত্ব আধুনিক শিক্ষক আৰু শিক্ষাবিদসকলৰ বাবে সময়ৰ এক প্ৰত্যাহ্বান স্বৰূপ।

সহ-পাঠ্যক্ৰম কাৰ্যসূচীঃ

আধুনিক শিক্ষা অধিক সমাজমুখী হৈ উঠাৰ লগে লগে সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীসমূহে ক্ৰমে প্ৰাধান্য লাভ কৰি উঠিছে। ই আমাৰ শিক্ষা-অভিজ্ঞতাৰ পৰিসৰ আৰু এই সম্বন্ধীয় ধাৰণা অধিক ব্যাপক কৰি তুলিছে। এনে ধাৰণা আধুনিক শিক্ষাতত্ত্ব আৰু নীতিৰ দৃষ্টিকোণৰ পৰাও সমৰ্থনযোগ্য। কোৱা হয় যে শিক্ষাৰ উদ্দেশ্য হৈছে শিশুৰ অন্তৰ্নিহিত শক্তি-ক্ষমতা আৰু সম্ভাৱনীয়তাবোৰৰ স্বতঃস্ফূৰ্ত বিকাশ কৰা, বাহিৰৰ পুথিগত জ্ঞান তাৰ ওপৰত জাপি দিয়াটো নহয়। শ্ৰেণীকক্ষৰ চাৰিবেৰৰ মাজত কটকটীয়া অনুশাসনৰ যোগেদি পাঠ্যক্ৰমৰ নিৰ্ধাৰিত জ্ঞান গতানুগতিক পদ্ধতিৰে দিয়া ব্যৱস্থাই এনে উদ্দেশ্য সাধন কৰিব নোৱাৰে। শিশুৰ অন্তৰ্নিহিত বিকাশযোগ্য ক্ষমতা তাৰ স্বাভাৱিক ৰূপত বিকশাই তুলিবৰ বাবে শ্ৰেণীকক্ষৰ বাহিৰত এক মুক্ত শিক্ষা-পৰিৱেশ ৰচনা কৰিব লাগে। এনে পৰিৱেশ আৰু তাৰ অভিজ্ঞতা কৰি তুলিব লাগে জীৱনৰ দৰেই বাস্তৱ আৰু ব্যাপক পৰিসৰৰ। শিশুৰ অভিজ্ঞতাক তাৰ ব্যক্তিগত আৰু সামাজিক অভিজ্ঞতাৰ প্ৰয়োজনৰ ওচৰ চপাই নিব লাগে। ইয়াৰ বাবে শিশুৰ অভিজ্ঞতা স্কুলৰ পৰিসীমাৰ ভিতৰতেই সম্ভৱপৰ হৈ উঠা সকলো সামাজিক আৰু গঠনাত্মক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে। এইক্ষেত্ৰত শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষৰ সুচিন্তিত ক্ৰিয়া-আঁচনি আৰু তাৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিব লাগে।

ইয়াৰ গুৰুত্বঃ

মন কৰিবলগীয়া যে পূৰ্বে এই কাৰ্যসূচীসমূহক আজিৰ দৰে গুৰুত্ব দিয়া হোৱা নাছিল। পাঠ্যক্ৰমৰ নিৰ্ধাৰিত বিষয়বোৰক অধিক প্ৰাধান্য দি ইয়াক অতিৰিক্ত কাৰ্যসূচী বা ‘Extra-curricular activities’ বুলিহে বৰ্ণনা কৰা হৈছিল। কিন্তু বৰ্তমান ইয়াৰ শৈক্ষিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ‘Extra’ বা ‘অতিৰিক্ত’ শব্দৰ প্ৰয়োগে ইয়াৰ স্বৰূপ অনুভৱ কৰি উঠাত আমাক সহায় কৰিব নোৱাৰে। সেইবাবে ইয়াক ‘সহ-পাঠ্যক্ৰম’ অথবা ‘শ্ৰেণী বহিৰ্ভুত কাৰ্যাৱলী’ (Extra class-room activity) স্বৰূপে নামাকৰণ কৰা হয়।

সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ গুৰুত্ব বা প্ৰাধান্য সম্বন্ধে এই কথা মন কৰিবলগীয়া যে শিশুৰ ব্যক্তিত্ব বিকাশৰ কেতবোৰ অতি প্ৰয়োজনীয় গুণ ইয়াৰ যোগেদি শিক্ষা বিকাশ কৰাটো সম্ভৱপৰ, যি নিৰ্ধাৰিত পাঠ্যক্ৰম কাৰ্যসূচীৰ দ্বাৰা সম্ভৱ হৈ উঠিব নোৱাৰে। সামাজিক সহযোগিতা, বন্ধুত্ব, প্ৰতিযোগিতা, অনুশাসনীয়তা আৰু আনুগত্যতা আদি গুণসমূহৰ বিকাশ এই প্ৰসংগত উল্লেখযোগ্য। স্কুলৰ নিৰ্ধাৰিত পাঠ্যক্ৰমে ছাত্ৰৰ কেৱল মানসিক আৰু মননাত্মক শক্তিসমূহৰ শিক্ষা বিকাশ কৰি তুলিব পাৰে। কিন্তু ব্যক্তিত্বৰ সামগ্ৰিক বিকাশৰ বাবে সি যথেষ্ট নহয়। শিক্ষাৰ যোগেদি মানসিক বা সংজ্ঞানাত্মক দিশৰ বিকাশৰ উপৰিও ব্যক্তিৰ আনুভূতিক আৰু ক্ৰিয়াত্মক দিশৰ বিকাশ সাধনৰ প্ৰয়োজন। সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে অভিজ্ঞতাৰ এই তিনিওটা বহল দিশ সামৰি ল’ব পাৰে।

সেয়েহে ক’ব পাৰি যে শিক্ষাৰ যোগেদি ছাত্ৰৰ চৰিত্ৰ আৰু ব্যক্তিত্ব বিকাশৰ সামগ্ৰিক আঁচনি এই কাৰ্যসূচীবোৰেহে বাস্তৱত পৰিণত কৰি তুলিব পাৰে। এনে কথাৰ উপলব্ধিৰে বৰ্তমান শিক্ষক আৰু শিক্ষাবিদসকল ইয়াৰ প্ৰতি অধিক আকৰ্ষিত হৈ উঠিছে। খেলা-ধূলা শিক্ষাৰ অবিচ্ছেদ্য অংশবিশেষত পৰিণত হৈছে। এনে উৎসাহ-উদ্দীপনাৰে সেয়েহে কোৱা হয় যে খেলপথাৰ হৈছে এক অনাবৃত স্কুল (Playground is but an uncovered school)।

সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ বিভিন্ন প্ৰকাৰঃ

এই সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ব্যক্তিত্ব বিকাশৰ সমগ্ৰ দিশ ব্যাপকভাৱে সামৰি লয়। সেই হেতুকে এই অভিজ্ঞতাবোৰৰ ব্যাপকতা ইমান অধিক যে তাক সহজেই শ্ৰেণীবিভাগ কৰি তোলাটো কঠিন। তথাপিও এই কাৰ্যবোৰৰ বৈশিষ্ট্য আৰু তাৰ গুণাগুণ আদিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আলোচনাৰ সুবিধাৰ বাবে চাৰিটা বহল ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- দৈহিক-স্বাস্থ্য বিষয়ক, মস্তিষ্ক-ক্ৰিয়া বিষয়ক, অন্তৰৰ অনুভূতি বিষয়ক আৰু সঞ্চালনমূলক হস্তচালনা ক্ৰিয়া বিষয়ক। এই বিভাগ কেইটাৰ সংক্ষেপে তলত বৰ্ণনা কৰা হৈছে।

(১) দৈহিক ক্ৰিয়া বিষয়কঃ

দেহৰ উৎকৰ্ষ সাধনৰ বাবে দেহ-সঞ্চালন আৰু দৈহিকশক্তি, কৌশল আদিৰ প্ৰয়োগ সম্বন্ধীয় খেলা-ধূলা ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। মুকলি খেলপথাৰত দৌৰা, জপিওৱা আদি বিবিধ শাৰীৰিক কৌশলযুক্ত খেলা-ধূলা আৰু অন্তঃদ্বাৰ ষ্টেডিয়াম আদিত অনুষ্ঠিত কৰা খেলা-ধূলাসমূহ এইক্ষেত্ৰত উল্লেখযোগ্য। এনেবোৰ দৈহিক কাৰ্যসূচীয়ে ছাত্ৰৰ দৈহিক স্বাস্থ্য ৰক্ষা কৰা, দৈহিক শক্তি-ক্ষমতা বৃদ্ধি কৰা আৰু অংগ-সঞ্চালনমূলক ক্ৰিয়াপটুতা লাভ কৰাত সহায় কৰে। দেহৰ শক্তি-ক্ষমতাই মানসিক ক্ৰিয়াকলাপ আদি সুস্থভাৱে পৰিচালনা কৰাতো সহায় কৰে। ইয়াৰ উপৰি ছাত্ৰসকলে দৈহিকভাৱে কেতবোৰ সজ অভ্যাস অনুশীলনৰ যোগেদি গঢ় দি তোলাতো ই সহায়ক হৈ উঠিব পাৰে।

(২) মানসিক ক্ৰিয়া বিষয়কঃ

কেৱল পাঠ্যক্ৰমৰ অধ্যয়নৰ বিষয়বোৰেই নহয়, সহ-পাঠ্যক্ৰম কাৰ্যসূচী কেতবোৰেও ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক ক্ষমতাৰ শিক্ষা বিকাশত বিশেষ সহায়ক হৈ উঠিব পাৰে। ছাত্ৰসকলৰ মানসিক তৎপৰতা, বৌদ্ধিক সক্ৰিয়তা, সমস্যা সমাধান ক্ষমতা আদি বিকশাই তোলাত এই কাৰ্যসূচীসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাধাৰণতে শিক্ষানুষ্ঠানৰ বাৰ্ষিক কাৰ্যসূচীত অনুষ্ঠিত কৰা তৰ্কসভা, আলোচনা চক্ৰ, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা আদি ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এনেবোৰ বৌদ্ধিক ক্ৰিয়াৰ যোগেদি ছাত্ৰই আত্মসচেতনতা, আত্মবিশ্বাস, দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, সমস্যাৰ সন্মুখীন আৰু সমাধান ক্ষমতা, স্থিৰ চিন্তা আদি কৰি উঠিব পাৰে।

(৩) আৱেগিক ক্ৰিয়া বিষয়কঃ

শিশুৰ অতি সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল আৱেগিক জীৱনৰ সুস্থ বিকাশত সহ-পাঠ্যক্ৰমসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সুখ-দুখৰ অনুভূতিবোৰ এই সময়ত সুস্থ আৰু অৱদমনমুক্তভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰি তুলিব পৰাটো গৃহ আৰু শিক্ষা-পৰিৱেশৰ এক গুৰু দায়িত্ব স্বৰূপ। ইয়াৰ বাবে আনুভূতিক দিশৰ ক্ৰিয়াকলাপ সুপৰিকল্পিত কৰি তুলিব লাগে। নৃত্য-গীত, চিত্ৰাংকণ, নাট্যাভিনয়, ব্যংগাভিনয়, কবিতা আবৃত্তি, বিবিধ আনন্দদায়ক খেলা-ধূলা আদি এই প্ৰসংগত উল্লেখযোগ্য। এই সমূহ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে শিশুৰ আৱেগিক অভিজ্ঞতাবোৰ মুক্ত, স্বতঃস্ফূৰ্ত আৰু সামাজিকভাৱে গ্ৰহণযোগ্য কৰি তোলা আৰু গঠনাত্মক পথেদি পৰিচালিত কৰা। এনেবোৰ ক্ৰিয়াৰ যোগেদি কল্পনাপ্ৰিয় শিশুৱে নিজস্ব ৰূপত আত্মপ্ৰকাশ কৰি উঠিব পাৰে।

(৪) সামাজিক ক্ৰিয়া বিষয়কঃ

ব্যক্তিকেন্দ্ৰিক স্বভাৱৰ শিশুক সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীবোৰেই সমাজমুখী কৰি তোলে। সেইবাবে শিশুক সামাজিকৰণ বা সমাজৰ উপযোগী কৰি তোলাত এই কাৰ্যসূচীবোৰৰ প্ৰভাৱৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। এই সামাজিক কাৰ্যসূচীবোৰৰ ভিতৰত স্কাউট, গাইড, এন.চি.চি., ৰেডক্ৰচ অনুষ্ঠান আদি আমাৰ বিশেষ সুপৰিচিত। ইয়াৰ উপৰি ছাত্ৰসকলৰ বনভোজ, বৃক্ষৰোপন, শিক্ষামূলক ভ্ৰমণ, বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ বাৰ্ষিক উৎসৱ উদযাপন, সৰ্ব-ধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠান, দলীয় খেলা-ধূলাৰ প্ৰতিযোগিতা, ছাত্ৰ একতা সভাৰ সাংগঠনিক ক্ৰিয়াকলাপ আদি বিবিধ কাৰ্যসূচীয়ে ঠাই পাব পাৰে। এনেবোৰ ক্ৰিয়াই ছাত্ৰৰ মনত বন্ধুত্ব, সহযোগিতা, সহিষ্ণুতা, আনুগত্য, অনুশাসন প্ৰৱণতা, নেতৃত্ব দানৰ ক্ষমতা আদি গণতান্ত্ৰিক জীনৱৰ মূল্যবোধসমূহ অনুভৱ কৰি উঠাত বিশেষ সহায় কৰে। ইয়াৰ উপৰি এই সামাজিক কাৰ্যসূচীবোৰে স্কুলক সমাজৰ ওচৰ চপাই নিব পাৰে আৰু প্ৰকৃত অৰ্থত স্কুল-সমাজৰ ধাৰণা বাস্তৱত ৰূপায়িত কৰি তুলিব পাৰে।

সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ উপযোগিতাঃ

বৰ্তমান শিক্ষাৰ নীতি আৰু পদ্ধতিসমূহৰ দ্ৰুত বিকাশশীল পৰিৱৰ্তনৰ লগে লগে স্কুলৰ সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ প্ৰাসংগিকতা সম্বন্ধে পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈ পৰিছে। স্কুলক কেৱল লিখা-পঢ়া কৰা ঠাই স্বৰূপে গণ্য কৰাৰ পৰিৱৰ্তে বৰ্তমান ইয়াক এখন বিশেষ সমাজ বা সম্প্ৰদায় স্বৰূপে আৰু ইয়াৰ ক্ৰিয়াকলাপক সামাজিক প্ৰয়োজনৰ দৃষ্টিৰে বিবেচনা কৰা হয়। শিক্ষাৰ লক্ষ্য-উদ্দেশ্যও সামাজিক প্ৰয়োজনৰ বিবেচনাৰে কৰা হয় আৰু সেই অনুসৰি কোৱা হয় যে ছাত্ৰৰ সামাজিক যোগ্যতা লাভ কৰাটো হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য। অথচ এনে এক বহল উদ্দেশ্য গতানুগতিক বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমে পূৰণ কৰি তুলিব নোৱাৰে। শ্ৰেণীকক্ষত বিষয়-শিক্ষাৰ পৰিৱৰ্তে বহল সামাজিক পৰিৱেশত ছাত্ৰই লাভ কৰিব পৰা অভিজ্ঞতাসমূহকহে অন্তৰ্ভুক্ত কৰিব লাগে। সেয়েহে পাঠ্যক্ৰমক বৰ্তমান বহল পৰিসৰত আৰু প্ৰয়োজনীয় সামাজিক অভিজ্ঞতাবোৰক সামগ্ৰিক ৰূপত বিবেচনা কৰা হয়। সহ-পাঠ্যক্ৰম কাৰ্যসূচীবোৰৰ প্ৰয়োজন আৰু ইয়াৰ উপযোগিতা সম্বন্ধে অধিক বহল আলোচনালৈ নগৈ ইয়াৰ নিম্নলিখিত দিশসমূহ সংক্ষেপে উল্লেখ কৰিব পাৰি।

v  সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ছাত্ৰৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে।

v  ই ছাত্ৰ-ছাত্ৰীসকলৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ় দি তোলাটো সম্ভৱ কৰি তুলিব পাৰে।

v  এই কাৰ্যসূচীসমূহে ছাত্ৰৰ দৈহিক ক্ৰিয়াপটুতা, মানসিক তৎপৰতা, বৌদ্ধিক সক্ৰিয়তা আৰু সমস্যা সমাধান ক্ষমতা আদি বৃদ্ধি কৰি তুলি দেহ-মনৰ সমন্বয় সাধন কৰিব পাৰে।

v  আৱেগিকভাৱে অপৈণত শিশুৰ আৱেগ-অনুভূতিসমূহ নিয়ন্ত্ৰিত, মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তুলি আৱেগিক পৈণতা লাভত ই বিশেষ সহায়ক হৈ উঠে।

v  এই কাৰ্যসূচীবোৰে ছাত্ৰৰ মনত সামাজিক চেতনা, বন্ধুত্ব, সহযোগিতা, সহানুভূতিশীলতা, নেতৃত্ব প্ৰদান আৰু নেতৃত্ব গ্ৰহণৰ ক্ষমতা আদি সামাজিক গুণসমূহ বিকশাই তুলিব পাৰে।

v  গতানুগতিক পাঠ্যক্ৰমৰ ফলত সৃষ্টি হোৱা মনৰ জড়তা আৰু অৱসাদ আদি গুচাই এই কাৰ্যসূচীবোৰে ছাত্ৰ-শিক্ষকৰ মনত নতুনত্বৰ প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা দান কৰিব পাৰে।

v  ছাত্ৰসকলৰ অৱসৰ সময় সাৰ্থকভাৱে গঠনাত্মক ক্ৰিয়াৰ যোগেদি প্ৰয়োগ কৰা আৰু তাৰ দ্বাৰা তেওঁলোকৰ মন সুস্থ আৰু ৰোগমুক্ত কৰি ৰখাটো ই সম্ভৱ কৰি তোলে।

v  ব্যক্তিৰ সুপ্ত, অন্তৰ্নিহিত আৰু অপ্ৰকাশিত হৈ ৰোৱা দেহ-মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহে ইয়াৰ যোগেদি প্ৰকাশ লাভৰ সুযোগ পাব পাৰে।

v  সুস্থ আৰু শক্তিশালী ব্যক্তিত্বৰ বাবে প্ৰয়োজন হোৱা স্বাধীনতা, স্বতঃস্ফূৰ্ততা, আত্মপ্ৰকাশ, আত্মপ্ৰত্যয়, আত্মোপলব্ধি আদি কেতবোৰ বিশেষ গুণ ই শিশু-ব্যক্তিত্বত গঢ় দি তুলিব পাৰে।

v  শ্ৰদ্ধা-ভক্তি, আনুগত্য, অনুশাসনীয়তা, সংযমশীলতা আদি আদৰ্শ আৰু মনোবল আদিৰ প্ৰয়োজনীয় শিক্ষা-অনুশীলন এই কাৰ্যসূচীসমূহে প্ৰদান কৰিব পাৰে।

শিক্ষাৰ যোগেদি ব্যক্তিত্বৰ সামগ্ৰিক বিকাশত সহ-পাঠ্যক্ৰমসমূহে ব্যাপক প্ৰভাৱ পেলায়। এই কথাৰ সত্যতা ওপৰত কৰা বৰ্ণনাৰ পৰা আমাৰ মনত স্পষ্ট হৈ উঠে। এই কাৰ্যসূচীসমূহৰ পৰা পোৱা অভিজ্ঞতাৰ পৰিসৰ পাঠ্যক্ৰমৰ নিৰ্ধাৰিত বিষয়সূচীতকৈ অধিক ব্যাপকতৰ। ইয়াৰ পূৰ্ণ উপযোগ কৰাটো নিৰ্ভৰ কৰে ছাত্ৰ, শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষসকলৰ তৎপৰতা আৰু তেওঁলোকৰ এই সম্বন্ধীয় স্পষ্ট ধাৰণাৰ ওপৰত।

সহ-পাঠ্যক্ৰম আঁচনি পৰিচালনাৰ প্ৰয়োজনীয় নীতিসমূহঃ

সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহ বৰ্তমান শিক্ষাৰ অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ স্বৰূপে বিবেচনা কৰা হয়। ইয়াৰ অবিহনে ছাত্ৰৰ প্ৰতি থকা শিক্ষানুষ্ঠানৰ দায়িত্ব আৰু কৰ্তব্য কেতিয়াও সম্পূৰ্ণ হৈ উঠিব নোৱাৰে। আনহাতে লক্ষ্য আৰু উদ্দেশ্যবিহীনভাৱে ইয়াৰ বিবিধ কাৰ্যসূচীৰে স্কুলৰ কাৰ্যক্ৰম ভৰাই পেলালে আৰু অপৰিকল্পিত আৰু বিশৃংখলভাৱে তাক কাৰ্যকৰী কৰিবলৈ গ’লে সুফল লাভৰ আশা কৰিব নোৱাৰি। কাৰণ প্ৰতিটো ফলদায়ক ক্ৰিয়াৰে একো একোটা সুচিন্তিত পৰিকল্পনা আৰু সুনিয়ন্ত্ৰিত ক্ৰিয়া-পদ্ধতি থাকে। সেইবাবে শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষই স্কুলৰ সহ-পাঠ্যক্ৰম কাৰ্যসূচীবোৰৰ সুফল লাভ কৰিবৰ বাবে ক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নীতিৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। এই প্ৰসংগত নিম্ন প্ৰদত্ত কথাকেইটা আমাৰ বিবেচনাযোগ্য।

v  সহ-পাঠ্যক্ৰমৰ বিষয় নিৰ্বাচনত এক গণতান্ত্ৰিক নীতি গ্ৰহণ কৰিব লাগে। সকলো ছাত্ৰকে মুক্তভাৱে এই কাৰ্যসূচীৰ চিন্তা আৰু ক্ৰিয়া কৰিবৰ বাবে সুবিধা দিব লাগে। কোনো ধৰণৰ হেঁচা বা বাধ্য-বাধকতাৰ ভাব ইয়াত থাকিব নালাগে। সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীত অংশগ্ৰহণে সকলো ছাত্ৰকে এই কথা ভাবিবলৈ সুবিধা দিব লাগে যে তেওঁলোকে ইয়াৰ যোগেদি নিজ প্ৰতিভা বিকাশৰ একো একোটা সুবিধা লাভ কৰিব পাৰিছে।

v  ছাত্ৰসকলে ইয়াক বহলভাৱে নিৰ্বাচন কৰিব পৰাকৈ শিক্ষা-কৰ্তৃপক্ষই যথাসম্ভৱ অধিক সংখ্যক কাৰ্যসূচীৰ সুবিধা প্ৰদান কৰিব লাগে। এই কাৰ্যসূচীসমূহে তেওঁলোকৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক দিশৰ শিক্ষা বিকাশৰ ক্ষমতা বহন কৰিব পাৰিব লাগে। ছাত্ৰসকলে এইক্ষেত্ৰত নিজ নিজ ভাবে আত্মসচেতন হৈ উঠিব পাৰিব লাগে।

v  অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী সমূহীয়াভাৱে জড়িত হ’ব পৰা আৰু ক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা কাৰ্যসূচীত উৎসাহ যোগাব লাগে। ছাত্ৰ-ছাত্ৰীসকলে যাতে এইসমূহত সমানে অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতিও চকু ৰাখিব লাগে। কোনো অসামাজিক আৰু অন্তৰ্মুখী ছাত্ৰই যাতে এনে কাৰ্যত অস্বস্তি ভাব অনুভৱ কৰিব নোৱাৰে তাৰ প্ৰতি শিক্ষকে দৃষ্টি ৰাখিব লাগে।

v  সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ছাত্ৰৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে। প্ৰতিজন ছাত্ৰৰে নিজস্ব প্ৰতিভা আৰু প্ৰয়োজন আছে। সেইদৰে একো-একোখন সমাজ বা সম্প্ৰদায়ৰো আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজন আছে। উল্লেখযোগ্য যে গাঁও আৰু নগৰ অঞ্চলৰ প্ৰয়োজনৰ মাজত পাৰ্থক্য থাকে। সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী নিৰ্ধাৰণৰ বেলিকা এই কথা বিবেচিত হ’ব লাগে।

v  পাঠ্যক্ৰমৰ বিষয়সূচী অধ্যয়নত সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ছাত্ৰসকলৰ মনত প্ৰেৰণা আৰু প্ৰণোদন যোগাব পাৰিব লাগে। পাঠ্য বিষয়ৰ অধ্যয়নত ই প্ৰতিবন্ধকতাস্বৰূপ হৈ উঠিব নালাগে। ইয়াৰ বাবে শিক্ষা-কৰ্তপক্ষই দুয়োবিধ সময়সূচী নিৰ্ধাৰণ কৰিব লাগে।

v  সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহ ছাত্ৰৰ অৱসৰ সময়ৰ সৎব্যৱহাৰ কৰিব পৰাকৈ অনুষ্ঠিত কৰিব লাগে। ইয়াৰ বাবে স্কুলৰ শৈক্ষিক বছৰটোত এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পাদন কৰিব পৰাকৈ পূৰ্ব-পৰিকল্পিত হ’ব লাগে। ইয়াৰ সময়সাপেক্ষভাৱে সম্পাদনৰ প্ৰতিও শিক্ষা কৰ্তৃপক্ষই বিশেষ তৎপৰতা গ্ৰহণ কৰিব লাগে।

v  সহ-পাঠ্যক্ৰম কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে স্কুলৰ বৈষয়িক অৱস্থা আৰু পৰিৱেশ উন্নত কৰি তুলিব লাগে। স্কুল-কৰ্তৃপক্ষই আৰ্থিক স্বচ্ছলতা আৰু ব্যয়বহুল শিক্ষানীতি এটা গ্ৰহণ কৰাটোও ইয়াৰ বাবে প্ৰয়োজন। এই কাৰ্যসূচীসমূহ খাৰ্যকৰীকৰণত অৰ্থৰ অভাৱ হ’লে ই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে এইক্ষেত্ৰত অৰ্থৰ প্ৰয়োজন পূৰণৰ দিশ সুনিশ্চিত কৰি তুলিব লাগে।

v  সৰ্বশেষত এই কথা উল্লেখযোগ্য যে এই কাৰ্যসূচীসমূহত শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব লাগে। তেওঁলোকৰ সহযোগিতাইহে শিক্ষাৰ্থীসকলৰ মনত প্ৰেৰণা যোগাব পাৰে। সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহ ছাত্ৰৰ একপক্ষীয় ক্ৰিয়া স্বৰূপে বিবেচিত হ’ব নালাগে। ইয়াৰ বাবে শিক্ষকসকল প্ৰয়োজন মতে প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটোও আশা কৰা হয়।

সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ বৰ্তমান নতুন দৃষ্টিভংগীয়ে স্কুলৰ পাঠ্যক্ৰম আৰু এই সম্বন্ধীয় শিক্ষা-অভিজ্ঞতাৰ এক নতুন অৰ্থ আৰু দৃষ্টি দান কৰিছে। এই নতুন ধাৰণাৰ লগত ভালদৰে পৰিচিত হোৱাটো ছাত্ৰ-শিক্ষক আৰু সমাজৰ সংশ্লিষ্ট সকলো শ্ৰেণীৰ লোকে বিশেষ প্ৰয়োজন।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.10810810811
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top