অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষকৰ ব্যক্তিত্বঃ

 

 

শিক্ষক হৈছে শিক্ষা কাৰ্যৰ পৰিচালক। সেই হেতুকে তেওঁৰ ভূমিকা সম্বন্ধে আলোচনা অবিহনে শিক্ষা বিষয়ৰ অধ্যয়ন সম্পূৰ্ণ হৈ উঠিব নোৱাৰে। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ কাৰ্যকৰীকৰণ, শিক্ষণ-পদ্ধতি গ্ৰহণ আৰু শিক্ষা-সঁজুলিৰ প্ৰয়োগকৰণ, ছাত্ৰৰ শৈক্ষিক মূল্যায়ন আৰু অনুশাসন ৰক্ষা আদি শিক্ষাৰ সকলো দিশৰ কাৰ্যকৰী ৰূপদান কৰা মূল ব্যক্তিজন হৈছে শিক্ষক। এনেবোৰ কাৰ্য পুৰণি কালৰ শিক্ষা-ব্যৱস্থাত শিক্ষকে একপক্ষীয়ভাৱে নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণ কৰিছিল। বৰ্তমানৰ ইয়াৰ প্ৰতিটো দিশ সুচিন্তিতভাৱে শিক্ষাদৰ্শন আৰু মনোবিজ্ঞানৰ প্ৰয়োগ কৰি নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰ কাৰ্যকৰী কৰা হয়। বৰ্তমান শিক্ষকে শিক্ষাৰ বিষয়বস্তু জনাৰ উপৰিও শিক্ষাগ্ৰহণকাৰী ছাত্ৰসকলক আৰু তেওঁ নিজেই নিজক ভালদৰে জনাটো প্ৰয়োজন। সেইবাবে এইক্ষেত্ৰত শিক্ষকৰ ব্যক্তিগত যোগ্যতা, জ্ঞান-অভিজ্ঞতা আৰু শিক্ষাৰ সমগ্ৰ দিশৰ প্ৰতি তেওঁৰ এক অন্তৰ্দৰ্শন ক্ষমতা থাকিব লাগে। ইয়াৰ উপৰি বৰ্তমান শিক্ষকৰ দায়িত্ব কেৱল স্কুলৰ চাৰিসীমাৰ মাজতেই আৱদ্ধ নাথাকে। তেওঁ সমাজ বা সম্প্ৰদায়ৰো এজন শিক্ষক তথা নেতা স্বৰূপে বিবেচনা কৰা হয়। বৰ্তমান মানৱ সমাজৰ বাবে শিক্ষাৰ প্ৰয়োজন যিমানেই বৃদ্ধি পাই আহিছে শিক্ষকৰ কৰ্তব্য, দায়িত্ব আৰু তেওঁৰ যোগ্য ব্যক্তিত্বৰো সিমানেই প্ৰয়োজন হৈ উঠিছে। এই প্ৰসংগত সংশ্লিষ্ট দিশসমূহৰ প্ৰতি যথোচিত দৃষ্টিপাত কৰিবলৈ এই অধ্যয়াত চেষ্টা কৰা হৈছে।

শিক্ষকৰ ভূমিকা সম্বন্ধে নতুন দৃষ্টিভংগীঃ

 

সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ বিভিন্ন ধাৰণা সলনি আৰু পুনৰ মূল্যায়ন হোৱাৰ লগতে শিক্ষক আৰু তেওঁৰ শিক্ষকতাৰ পুৰণি ধাৰণাও অৰ্থপূৰ্ণভাৱে পৰিৱৰ্তন হৈ উঠিছে। বৰ্তমান শিক্ষাত শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ ভূমিকাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। কিন্তু তেনে ব্যক্তিত্বৰ প্ৰভাৱ হৈছে মনোবৈজ্ঞানিক বিধৰ আৰু ভূমিকা হৈছে পৰোক্ষ বিধৰ। শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ ওচৰত ছাত্ৰ নতমস্তকভাৱে আত্মসমৰ্পিত হোৱা পুৰণি ধাৰণা বৰ্তমান গ্ৰহণযোগ্য নহয়। ছাত্ৰৰ ব্যক্তিত্বৰ আত্মপ্ৰকাশৰ বাবে শিক্ষকে প্ৰদান কৰা গঠনাত্মক স্বাধীনতাৰ ওপৰতহে বিশ্বাস কৰা হয়। ছাত্ৰ-অনুশাসনৰ দিশত প্ৰয়োগ কৰা এনে স্বাধীনতা বাহ্যিক হোৱাৰ পৰিৱৰ্তে আভ্যন্তৰীণ আৰু নিজ বিবেক-পৰিচালিত হোৱাটো কামনা কৰা হয়। শিক্ষকক এজন নিৰ্দেশক, বন্ধু আৰু পথ-প্ৰদৰ্শক স্বৰূপেহে বিবেচনা কৰা হয়, তেওঁক সৰ্বময় কৰ্তা আৰু শক্তিশালী প্ৰশাসক স্বৰূপে নহয়। মণ্টেচৰী স্কুলত সেয়েহে শিক্ষকক এগৰাকী নিৰ্দেশিকা স্বৰূপে আখ্যা দিয়া হয়।

শিক্ষকৰ ভূমিকাৰ ফালৰ পৰাও বৰ্তমান তেওঁ প্ৰত্য়ক্ষ ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে পৰোক্ষ ভূমিকা লোৱাটোহে কামনা কৰা হয়। পুৰণি কালত শিক্ষণ-সঁজুলিৰ ধাৰণা শিক্ষকৰ বাবে সমূলি অপৰিচিত আছিল। শিক্ষণ-সঁজুলিৰ অভাৱত শিক্ষকৰ প্ৰত্যক্ষভাৱে দিয়া মৌখিক শিক্ষাদানেই আছিল শিক্ষাগ্ৰহণৰ একমাত্ৰ সম্বল। ছপাশালৰ অভাৱত শিক্ষাৰ ন্যূনতম সঁজুলি স্বৰূপে কিতাপৰ প্ৰয়োগো সম্ভৱ হোৱা নাছিল। সেয়েহে মৌখিক উচ্চাৰণ আৰু তাৰ স্মৃতি ৰক্ষাৰ যোগে মানুহৰ জ্ঞান বংশানুক্ৰমে সংৰক্ষিত আৰু উত্তৰপুৰুষলৈ সম্প্ৰসাৰিত হৈ আহিছিল। বৰ্তমান এই অৱস্থাৰ দৰ্শনীয় পৰিৱৰ্তন সাধিত হৈছে।

বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনে উন্নত শিক্ষণ-সঁজুলি প্ৰয়োগৰ প্ৰচুৰ সম্ভাৱনীয়তা আনি দিছে। দৃশ্য-শ্ৰাব্য সঁজুলিসমূহৰ প্ৰয়োগে প্ৰত্যক্ষভাৱে দিয়া পূৰ্বৰ মৌখিক শিক্ষাদান পদ্ধতি সলনি কৰি পৰোক্ষভাৱে শিক্ষাদানৰ বৰ্তমান ব্যাপক ব্যৱস্থা কৰা হৈছে। উন্নত নতুন নতুন শিক্ষণ-সঁজুলিৰ উদ্ভাৱন আৰু তাৰ প্ৰয়োগকৰণ সম্বন্ধে বৰ্তমান শিক্ষাত এক নতুন বিষয়ৰ গঢ় লৈ উঠিছে যাক শিক্ষা-প্ৰযুক্তি বিদ্যাস্বৰূপে জনা যায়। আজিৰ শিক্ষকে সেয়েহে শিক্ষাৰ নিৰ্দেশনামূলক সঁজুলিসমূহৰ প্ৰয়োগ কৌশলৰ লগত ভালদৰে পৰিচিত হ’ব লাগে।

শিক্ষাত বৰ্তমান সমাজ-বিজ্ঞানৰ ধাৰণাই শিক্ষকৰ প্ৰভাৱ আৰু তেওঁৰ কাৰ্য-পৰিসৰৰ এক নতুন অধ্যায় ৰচনা কৰি তুলিছে। আধুনিক শিক্ষাই সামাজিক প্ৰয়োজন পূৰণৰ বাবে এক বহল সামাজিক পটভূমিত বিবেচনা কৰা হয়। স্কুলৰ ক্ৰিয়াকলাপ আৰু কাৰ্য-আঁচনি সমাজৰ বিকাশৰ বাবেই প্ৰস্তুত কৰা প্ৰয়োজনীয় আঁচনি স্বৰূপে গ্ৰহণ কৰা হয়। শিক্ষকসকল কেৱল মাথোন স্কুলৰেই নহয়, এখন সমাজ বা সম্প্ৰদায়ৰো নেতা বা পৰিচালক স্বৰূপে গণ্য কৰা হয়। সমাজৰ কণ কণ শিশুসকলৰ শিক্ষা বিকাশৰ দায়িত্ব লোৱাৰ উপৰিও তেওঁলোকে সেই সমাজ বা সম্প্ৰদায়ৰ নিৰক্ষৰ মুনিহ-তিৰোতাক সাক্ষৰতা দান কৰি সুস্থ-সুন্দৰ জীৱন-যাপনৰ দায়িত্বও গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্কুলক প্ৰকৃত অৰ্থত এখন সমাজ উন্নয়ন কেন্দ্ৰত পৰিণত কৰি তুলিব লাগে। বৰ্তমান স্কুলক সেয়েহে এখন বিশেষ সমাজ বা সম্প্ৰদায় স্বৰূপে গণ্য কৰা হয়। সমাজৰ সকলো ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয় আৰু এই সম্বন্ধীয় সমস্যা আৰু দায়িত্ব পালনৰ নেতৃত্ব শিক্ষকেই গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে ৰাজনৈতিক আৰু ধৰ্মীয় নেতাসকলৰ নেতৃত্ব সমাজৰ সকলো শ্ৰেণী আৰু সম্প্ৰদায়ৰ লোকৰ বাবে সমানে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। সেইবাবে শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ নিৰপেক্ষ নেতৃত্বৰ প্ৰভাৱ সমাজৰ সকলো লোকৰ বাবেই কাম্য। শিক্ষকৰ এনেবোৰ সামাজিক ভূমিকাই বৰ্তমান শিক্ষক আৰু শিক্ষকতাৰ এক নতুন অৰ্থ প্ৰদান কৰি তুলিছে। ইয়াক ছাত্ৰ, শিক্ষক আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকেই গভীৰভাৱে অনুভৱ কৰি উঠাটো প্ৰয়োজন হৈ পৰিছে।

শিক্ষকৰ মনোবৈজ্ঞানিক প্ৰভাৱঃ

 

ছাত্ৰৰ ওপৰত শিক্ষকৰ পূৰ্বৰ প্ৰত্যক্ষ দৈহিক প্ৰভাৱৰ কথা বৰ্তমান শিক্ষাত অগ্ৰাহ্য কৰা হয় যদিও পৰোক্ষভাৱে তেওঁৰ মনোবৈজ্ঞানিক প্ৰভাৱৰ কথা স্বীকাৰ কৰা হয়। উল্লেখযোগ্য যে শিক্ষকতাৰ বাবে এজন লোকৰ ব্যক্তিগত কেতবোৰ অসাধাৰণ অৰ্থাৎ সৰ্বসাধাৰণ লোকৰ ক্ষেত্ৰত সচৰাচৰ দেখিবলৈ নোপোৱা গুণ থকা আশা কৰা হয়। তেওঁৰ বিষয়বস্তুৰ প্ৰচুৰ জ্ঞান থাকে, অসীম সহনশীলতা থাকে আৰু নিৰ্ভুল বিচাৰ-বিবেচনা শক্তি থাকে। তেওঁৰ আৱেগ-অনুভূতি হয় নিয়ন্ত্ৰিত, সুপৰিচালিত আৰু ৰসিকতাপূৰ্ণ। তেওঁ ব্যক্তিগতভাৱে সুস্থ, সুন্দৰ, সন্মানজনক আৰু জাকজমকতাহীন সহজ-সৰল জীৱন-যাপন কৰে। তেওঁ ছাত্ৰৰ আচৰণ সংশোধন আৰু অনুশাসিত কৰিব পাৰে, স্কুলৰ বাহিৰে-ভিতৰে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য নেতৃত্ব দিব পাৰে। এনেবোৰ প্ৰত্যাশিত গুণৰাশিয়ে শিক্ষকৰ ব্যক্তিত্ব সকলোৰে বাবে আদৰ্শস্থানীয় আৰু অনুকৰণীয় কৰি তোলে। এনে এক অৱস্থাই ছাত্ৰসকলৰ ওপৰত শিক্ষকৰ এক পৰোক্ষ মনোবৈজ্ঞানিক প্ৰভাৱ পেলায়। অৱশ্যে শিক্ষকে স্কুলৰ সময়খিনিত ছাত্ৰক পাঠদান আৰু অনুশাসন কাৰ্যত ব্যক্তিগতভাৱে ব্যস্ত আৰু মনোযোগী হৈ থকা হেতুকে এনে পৰোক্ষ প্ৰভাৱ সম্বন্ধে তেওঁ সচৰাচৰ সচেতন নহয়। এই পৰোক্ষ মনোবৈজ্ঞানিক প্ৰভাৱক দুটা দিশৰ পৰা বিবেচনা কৰিব পাৰি, যেনে- (ক) ছাত্ৰৰ অনুকৰণশীলতা আৰু (খ) অভিভাৱনশীলতা। এই দুই প্ৰভাৱ সম্বন্ধে তলত ব্যাখ্যা কৰা হৈছে।

(ক) অনুকৰণশীলতাঃ

শিক্ষকৰ সকলো অনুভূতি, ভাব-চিন্তা আৰু ক্ৰিয়াকেই নীৰৱে অনুকৰণ কৰাটো হৈছে ছাত্ৰৰ এক স্বাভাৱিক প্ৰৱণতা। কম বয়সীয়া শিশুৰ জ্ঞান-অভিজ্ঞতা আৰু ধ্যান-ধাৰণা অতি সামান্য আৰু সীমাবদ্ধ অৱস্থাত থাকে। সেইবাবে তাৰ সকলো ভাব-চিন্তা আৰু ক্ৰিয়াৰ বাবে সি শিক্ষক-অভিভাৱকসকলৰ ওপৰত নিৰ্ভৰশীল হয়। ইয়াৰ ফলত তাৰ মনত স্বাভাৱিকতেই প্ৰবৃত্তিমূলকভাৱে অনুকৰণৰ এক মানসিক উত্তেজনা জাগি উঠে। শিক্ষকৰ সকলো ভাল-বেয়া কথা আৰু ক্ৰিয়া-আচৰণকেই সি নিৰ্বিচাৰে অনুকৰণ কৰে। ছাত্ৰৰ এই স্বাভাৱিক অনুকৰণশীল প্ৰৱণতা থকা বাবেই শিক্ষকে তেওঁৰ জ্ঞান-অভিজ্ঞতা আদি নিৰ্দেশ বা উপদেশ স্বৰূপে কোমল মনৰ ছাত্ৰক প্ৰদান কৰিব পাৰে। অনুকৰণপ্ৰিয় ছাত্ৰৰ বাবে শিক্ষক হৈ উঠে সকলো ক্ৰিয়া-আচৰণৰেই আদৰ্শ অনুকৰণীয় ব্যক্তি, ‘হিৰো’ বা ‘গুৰু’। মন কৰিবলগীয়া যে ছাত্ৰ উচ্চশ্ৰেণীলৈ ক্ৰমে গতি কৰাৰ লগে লগে তেওঁলোকৰ নিজ চিন্তা, যুক্তি, বিচাৰশক্তি আদি গঢ় লৈ উঠিবলৈ ধৰে। ইয়াৰ ফলত অনুকৰণ প্ৰৱণতাৰ প্ৰভাৱ কমি আহিবলৈ ধৰে।

(খ) অভিভাৱনশীলতাঃ

শিক্ষকে ছাত্ৰৰ ওপৰত মনোবৈজ্ঞানিকভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰাৰ আন এটা কাৰণ হৈছে ছাত্ৰৰ মনৰ অভিভাৱনশীলতা। অপৈণত চিন্তাশক্তি আৰু বোধশক্তিৰ অভাৱত ছাত্ৰই শিক্ষকৰ চিন্তা আৰু বিচাৰ-বিবেচনাৰ ওপৰত একান্ত নিৰ্ভৰশীল হয়। শিক্ষকৰ ভাব-চিন্তা নিৰ্বিবাদে আৰু প্ৰায় অচেতনভাৱে নিজৰ বুলি গ্ৰহণ কৰে। নিজৰ ভাব-চিন্তাক তুচ্চ বিবেচনা কৰি শিক্ষকৰ ওচৰত মানসিক আৰু বৌদ্ধিকভাৱে আত্মসমৰ্পণ কৰে। এনে এক অৱস্থাকেই সংসূচন বা অভিভাৱন ক্ৰিয়া বোলা হয়। ইয়াৰ ফলত শিক্ষকে তেওঁৰ নিজ চিন্তা-ভাৱনা আৰু বিচাৰ-বিবেচনাৰে ছাত্ৰৰ মন মোহিত কৰিব পাৰে। প্ৰকৃতপক্ষে ক’বলৈ গ’লে প্ৰতিজন প্ৰভাৱশালী শিক্ষকেই হৈছে ছাত্ৰৰ বাবে একো একোজন সন্মোহনকাৰী ব্যক্তি। এই শক্তিৰ বলত তেওঁ ছাত্ৰৰ চিন্তাজগত আৰু ভাবজগত প্ৰভাৱিত আৰু পৰিচালিত কৰিব পাৰে। এনে মনোবৈজ্ঞানিক শক্তি-ক্ষমতাৰ অভাৱ হোৱা ব্যক্তিয়ে শিক্ষকতা কাৰ্যত কৃতকাৰ্য হৈ উঠিব নোৱাৰে।

শিক্ষকৰ ব্যক্তিত্বৰ ব্যাপক প্ৰভাৱঃ

 

শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ প্ৰতিজন শিক্ষিত লোকেই নিজ জীৱনত অনুভৱ কৰে। সেই হেতুকে শিক্ষকসকল বৰ্তমানেও সকলো লোকৰ বাবেই শ্ৰদ্ধা-ভক্তিৰ পাত্ৰ। সমাজৰ কোনো ব্যৱসায়-বৃত্তিয়েই শিক্ষকতা বৃত্তিতকৈ উৰ্ধত আৰু সন্মানীয় স্বৰূপে বিবেচিত হ’ব নোৱাৰে। সমাজৰ লোকৰ দৃষ্টিত শিক্ষকসকল আজিও আদৰ্শ, অনুপ্ৰেৰণাদায়ক আৰু অনুকৰণীয় ব্যক্তি। এনে অনুভৱৰ গুৰিতে থকা শিক্ষকৰ কেতবোৰ ব্যাপক পৰিসৰৰ প্ৰভাৱ আমাৰ বিবেচনাযোগ্য।

(১) জীৱনব্যাপী প্ৰভাৱঃ

আমাৰ জীৱনত সংস্পৰ্শলৈ অহা আৰু সান্নিধ্য লাভ কৰা সমাজৰ বিভিন্ন জন লোকে ভিন ভিন প্ৰভাৱ পেলায়। তেনে প্ৰভাৱ হয় সচৰাচৰ সাময়িক, ক্ষণস্থায়ী বিধৰ আৰু তাৎপৰ্যহীন, যাৰ ফলত সি আমাৰ জীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব নোৱাৰে। আনহাতে এজন আদৰ্শ শিক্ষকৰ প্ৰভাৱ আমাৰ জীৱনত পাহৰিব পৰা নাযায়। এনে প্ৰভাৱ আমাৰ সমগ্ৰ জীৱনৰ বাবে স্মৰণীয় আৰু প্ৰেৰণাদায়ক হৈ ৰয়। কোৱা হয় যে পিতৃ-মাতৃয়ে আমাক জন্ম দিয়ে। এজন হত্যাকাৰীয়ে আমাৰ জীৱন নাশ কৰে আৰু তাতেই তেওঁৰ কাম শেষ হয়। কিন্তু এজন শিক্ষকে আমাৰ সমগ্ৰ জীৱন প্ৰভাৱিত কৰে, তেওঁৰ প্ৰভাৱ কেতিয়াবা শেষ হোৱা বুলি আমি ক’ব নোৱাৰো।

(২) জীৱনৰ দিশ নিৰ্ণয়কাৰী প্ৰভাৱঃ

শিক্ষকে একো একোজন ছাত্ৰৰ ভৱিষ্যৎ জীৱনত বিকাশৰ গতিপথ নিৰ্ণয় কৰি তুলিব পাৰে। একোজন গুণমুগ্ধ ছাত্ৰই শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাত মুগ্ধ হৈ নিজ ভৱিষ্যৎ তেনে ৰূপত গঢ় দি তুলিবলৈ মনে মনে কামনা কৰে। শিক্ষকে শিকোৱা বিষয়ৰ প্ৰতি একো একোজন ছাত্ৰ বিশেষভাৱে আকৰ্ষিত হয় আৰু সেই বিষয় বিশিষ্টভাৱে উচ্চ পৰ্যায়ত অধ্যয়নৰ বাবে সংকল্প গ্ৰহণ কৰে। তেনে বিষয়ৰ অধ্যয়নে পৰৱৰ্তী কালত তেওঁৰ ভাব-অনুভূতি আৰু চিন্তা-ক্ৰিয়া আদি স্বাভাৱিকতেই গঢ় দি তোলে। মন কৰিবলগীয়া যে প্ৰতিজন প্ৰতিভাশালী লোকেই নিজ প্ৰতিভা বিকাশৰ গুৰিতেই তেওঁ লাভ কৰা শিক্ষক বা শিক্ষাগুৰুৰ প্ৰভাৱ কৃতজ্ঞতাৰে স্বীকাৰ কৰে।

(৩) সংৰক্ষণশীলতাৰ প্ৰভাৱঃ

মানৱ সমাজৰ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞান আদি বংশানুক্ৰমে পূৰ্বপুৰুষৰ পৰা উত্তৰপুৰুষলৈ গতি কৰাত শিক্ষকে মুখ্য ভূমিকা গ্ৰহণ কৰে। তেওঁলোক হৈছে সমাজৰ সভ্যতা-সংস্কৃতিৰ সংৰক্ষণকাৰী আৰু ভৱিষ্যতৰ বাবে বহনকাৰী। শিক্ষা গ্ৰহণৰ যোগে নতুন পুৰুষে পূৰ্বপুৰুষৰ জ্ঞান-অভিজ্ঞতা আহৰণ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগে। এনে কাৰ্যত মুখ্য সহায়কাৰী ব্যক্তি হৈছে শিক্ষক। অতীত সমাজৰ গ্ৰহণযোগ্য উপাদানখিনি ছাত্ৰৰ উপযোগীকৈ শিক্ষকেই প্ৰস্তুত আৰু প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। শিক্ষাৰ এই সাংস্কৃতিক লক্ষ্য শিক্ষকেই পূৰণ কৰিব লাগে। সেয়েহে শিক্ষকসকলক সমাজৰ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞানৰ সংৰক্ষক স্বৰূপে বৰ্ণনা কৰা হয়।

(৪) বিকাশশীলতাৰ প্ৰভাৱঃ

অতীত সমাজৰ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞান নতুন পুৰুষে আয়ত্তকৰণ আৰু তাৰ সংৰক্ষণৰ উপৰিও এইসমূহৰ বিকাশ সাধন কৰি তুলিব লাগে। এনে কাৰ্যতো শিক্ষকৰ ভূমিকা স্পষ্ট। মানৱ সমাজ সদায় গতিশীল আৰু ক্ৰমবিকাশশীল। পুৰণি সভ্যতা-সংস্কৃতিৰ সংশোধন আৰু সংস্কাৰ সাধন কৰি নতুন ভাবধাৰা আৰু চিন্তাধাৰা গঢ় দি তুলিব লাগে আৰু তাৰ যোগেদি ক্ৰমবিকাশৰ গতি অব্যাহত কৰি ৰাখিব লাগে। বিকাশৰ এই গতি অব্যাহত ৰাখিবৰ বাবে শিক্ষকেই ছাত্ৰৰ মনত নতুন চিন্তা-ভাৱনা আৰু ক্ৰিয়া-কৌশলৰ ধাৰণা জগাই তুলিব লাগে। তেওঁ ভৱিষ্যৎ বিকাশৰ বাবে সহায়ক হৈ উঠা আৱশ্যকীয় উপাদানসমূহ বাছি লোৱাত আৰু অনাৱশ্যকীয় আৰু অনিষ্টকাৰী উপাদানসমূহ ত্যাগ কৰাত নতুন পুৰুষক সহায় কৰে। তেওঁলোকৰ মাজত লুকাই থকা সুপ্ত অন্তৰ্নিহিত প্ৰতিভা শিক্ষকে চিনাক্তকৰণ কৰি তেনে প্ৰতিভা বিকাশৰ প্ৰয়োজনীয় শিক্ষাৰ সা-সুবিধা দিব লাগে। প্ৰতিভাৰ উপযুক্ত বিকাশে দেশ আৰু সমাজৰ ভৱিষ্যৎ বিকাশৰ গতি নিশ্চিত কৰি তুলিব পাৰে।

(৫) সমাজ-সংস্কাৰ সাধনৰ প্ৰভাৱঃ

বৰ্তমান শিক্ষাৰ সামাজিক দৃষ্টিকোণৰ পৰা শিক্ষকক সমাজ-সংস্কাৰ সাধনৰ এজন দায়িত্বশীল ব্যক্তি স্বৰূপে বৰ্ণনা কৰিব পাৰি। সমাজৰ সৰ্বসাধাৰণ লোকৰ মনত পুৰণি সমাজৰ কেতবোৰ আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আদিৰ প্ৰভাৱ ৰৈ যায়, যি বৰ্তমান সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰে। এইবোৰকেই বৰ্তমান সমাজৰ লোকে অন্ধবিশ্বাস, কুসংস্কাৰ আদি স্বৰূপে বিবেচনা কৰে আৰু ই সেই সমাজৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতা স্বৰূপে দেখা দিয়ে। সৰ্বসাধাৰণ লোকৰ মনৰ এনেবোৰ সংকীৰ্ণতা ভাব গুচাই পুৰণি সংস্কাৰমুক্ত কৰি তোলাত আৰু আধুনিকীকৰণৰ উন্নত পৰিস্থিতিত তেওঁলোকে নিজকে খাপ খুৱাই তোলাত শিক্ষকে নিশ্চিত প্ৰভাৱ পেলাব পাৰে। সুস্থ সমাজ আৰু জাতি গঠনত সেয়েহে শিক্ষকৰ প্ৰভাৱ প্ৰচুৰ।

(৬) জাতীয় সংহতিৰ প্ৰভাৱঃ

দেশ আৰু সমাজৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ মনত ঐক্য-সংহতিৰ ভাব ৰক্ষা কৰাটো বৰ্তমান এক গুৰুত্বপূৰ্ণ বিষয় স্বৰূপে বিবেচিত হৈ উঠিছে। এইক্ষেত্ৰতো শিক্ষকৰ ভূমিকা মন কৰিবলগীয়া। নতুন পুৰুষৰ মনত দেশপ্ৰেম, দেশৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ মনোভাব শিক্ষকেই জগাই তুলিব পাৰে। দেশৰ সংস্কৃতিৰ উত্তৰাধিকাৰীসকলৰ মনত নিজ সভ্যতা-সংস্কৃতিৰ প্ৰতি ভালপোৱা ভাব তেওঁ সৃষ্টি কৰি তুলিব পাৰে। শিক্ষকৰ জাতীয় সংহতিমূলক মনোভাব আৰু দৃষ্টিভংগীয়ে ছাত্ৰসকলৰ ভাব-চিন্তা আৰু ক্ৰিয়া-আচৰণ তেনে ৰূপত গঢ় দি তুলিব পাৰে। উল্লেখযোগ্য যে সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ৰাজনৈতিক দলৰ নেতাসকলৰ পৰা তেনে সংহতিমূলক নেতৃত্ব সৰ্বসাধাৰণ লোকে আশা কৰিব নোৱাৰে। ছাত্ৰসকলে নিজ দেশক জানিবলৈ, নিজৰ ভাষা-সংস্কৃতিক বুজি উঠিবলৈ আৰু তাৰ আদান-প্ৰদানৰ যোগে সংহতিৰ মনোভাব গঢ়ি তুলিবলৈ শিক্ষকেই হৈছে সকলোৰে গ্ৰহণযোগ্য ব্যক্তি।

শিক্ষকৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণসমূহঃ

ছাত্ৰৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাবৰ বাবে শিক্ষকৰ ব্যক্তিত্ব অসাধাৰণ গুণসম্পন্ন হোৱা উচিত, এই কথা আমি সকলোৱে অনুভৱ কৰো। শিক্ষকৰ ব্যক্তিত্বত এনে কেতবোৰ বিশিষ্ট গুণ আৰু ক্ষমতাৰ প্ৰয়োজন যি সমাজৰ ৰাজনৈতিক অথবা সাম্প্ৰদায়িক নেতাৰ গাত পাব পৰা নাযায়। সৰ্বসাধাৰণ লোকৰ মাজৰে এজন হৈও শিক্ষকে তেওঁৰ ব্যক্তিত্ব এক বিশিষ্ট ৰূপত গঢ় দি তুলিব লাগে। এনেবোৰ বিশিষ্ট গুণৰ প্ৰয়োজনীয়তাৰ বিবেচনাৰে সেয়েহে কোৱা হয় যে এজন শিক্ষক জন্মহে হ’ব পাৰে, তেওঁক গঢ়ি তুলিব নোৱাৰি। শিক্ষকতাৰ বাবে প্ৰয়োজন হোৱা এনে অসাধাৰণ স্বকীয় বৈশিষ্ট্য থকা কেতবোৰ গুণ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

v  শিক্ষক হোৱা উচিত বন্ধু-ভাৱাপন্ন, কিন্তু শ্ৰেষ্ঠতাৰ প্ৰতি অনুভূতিশীল। নিজৰ আচৰণ হোৱা উচিত সংযত আৰু আত্মনিয়ন্ত্ৰিত।

v  শিশুৰ মনত আশ্চৰ্যভাবৰ সৃষ্টি কৰিব পৰাকৈ শিক্ষকৰ ব্যক্তিত্ব কিছু পৰিমাণে ৰহস্যজনক হোৱা উচিত।

v  নিজে স্থিৰ কৰা আদৰ্শৰ প্ৰতি বিশেষ আগ্ৰহ আৰু অনুভূতি থকাটো প্ৰয়োজন।

v  ছাত্ৰৰ ওচৰত আত্মসন্মান বজাই ৰাখিবৰ বাবে প্ৰচুৰ জ্ঞানৰো চৰ্চা থকা উচিত।

v  কম বয়সীয়া ছাত্ৰসকলক আকৰ্ষণ কৰিব পৰাকৈ নিজ জীৱনৰ অভিজ্ঞতা থকা প্ৰয়োজন।

এনেবোৰ স্বকীয় বৈশিষ্ট্যই শিক্ষকৰ ব্যক্তিত্ব স্বাভাৱিকতেই ছাত্ৰসকলৰ বাবে আকৰ্ষণীয় কৰি তোলে। সমাজৰ চকুত শিক্ষক হয় আদৰণীয় আৰু ছাত্ৰসকলৰ বাবে তেওঁ হয় শ্ৰদ্ধা-ভক্তিসম্পন্ন আৰু অনুকৰণীয়। এজন আদৰ্শ শিক্ষকক বৰ্ণনা কৰিবলৈ হলে তেওঁৰ ব্যক্তিত্বৰ কেতবোৰ বিশেষ বিশেষ গুণ আমাৰ মনত স্পষ্ট হৈ উঠে। এইসমূহ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) দৈহিক উপযুক্ততাঃ

শিক্ষকৰ দৈহিক আকৰ্ষণীয়তা আৰু সুন্দৰতাই ছাত্ৰৰ মনত প্ৰাথমিক প্ৰভাৱ পেলায়। তেওঁৰ পোচাক-পৰিচ্ছদ, অংগী-ভংগী আৰু কথন-ভংগী আদিৰ সুন্দৰতাই ছাত্ৰৰ মন সহজে আকৰ্ষণ কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণশক্তি, স্বৰধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্ছনীয়। শিক্ষকৰ দৈহিক উপস্থিতি আৰু তেওঁৰ প্ৰসন্ন চাৱনিয়ে ছাত্ৰসকলৰ মনত সন্তোষৰ ভাব সৃষ্টি কৰিব পাৰিব লাগে।

(২) বৌদ্ধিক সক্ৰিয়তাঃ

কোৱা হয় যে পোহৰেহে বিলাব পাৰে। শিক্ষকে নতুন জ্ঞান-অভিজ্ঞতাৰ অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ যোগেদিহে নিজকে বৌদ্ধিকভাৱে আকৰ্ষণীয় ব্যক্তি কৰি তুলিব পাৰে। তেওঁৰ এক অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বাভাৱেহে ছাত্ৰসকলৰ মনত নিজকে নিত্য-নতুন কৰি ৰাখিব পাৰে। নতুন জ্ঞান-অভিজ্ঞতাৰ আহৰণেহে শিক্ষকৰ মনত শিক্ষাদানৰ প্ৰেৰণা জগাই তুলিব পাৰে। ইয়াৰ অভাৱ হোৱা শিক্ষকে  বেছিদিনলৈ ছাত্ৰৰ মনত নিজৰ জনপ্ৰিয়তা ৰক্ষা কৰিব নোৱাৰে আৰু তেওঁ সমালোচনাৰ পাত্ৰ হৈ উঠিব লগা হয়।

(৩) মনোবৈজ্ঞানিক সচেতনতাঃ

শিক্ষাৰ বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত আৰু নিয়ন্ত্ৰিত কৰিবৰ বাবে শিক্ষকৰ মনোবৈজ্ঞানিক সচেতনতাৰ প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন সমস্যাসমূহ ভালদৰে নিৰীক্ষণ আৰু তাৰ প্ৰয়োজনীয় সমাধান কৰিবৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতিবোৰৰ লগত তেওঁৰ পৰিচয় থাকিব লাগে। ছাত্ৰৰ মনৰ প্ৰয়োজন অনুভৱ কৰা, তেওঁলোকৰ মনত আগ্ৰহ-অভিৰুচিৰ সৃষ্টি কৰা, ক্ৰিয়া সম্পাদনৰ মানসিক প্ৰস্তুতি লাভৰ বাবে প্ৰণোদন জগাই তোলা, ছাত্ৰসকলৰ আৰ্জিত জ্ঞানৰ বস্তুনিষ্ঠভাৱে শৈক্ষিক মূল্যায়ন কৰা আৰু ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণ বা সংলক্ষণসমূহ শিক্ষা-অনুশীলন কৰা কাৰ্য নিঃসন্দেহে মনোবিজ্ঞানসন্মত ক্ৰিয়া। মনোবিজ্ঞানৰ অধ্যয়নে সেয়েহে শিক্ষকক এক অন্তৰ্দৃষ্টি দান কৰে।

(৪) আৱেগিক নিয়ন্ত্ৰণঃ

ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্মনিয়ন্ত্ৰিত হোৱা উচিত। তেওঁ নিজে আৱেগ-অনুভূতিবোৰ নিয়ন্ত্ৰিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে। শিক্ষকে ছাত্ৰক শিক্ষাদান কৰা কাৰ্যৰ বেলিকাও নিজৰ সুস্থ আৰু সুৰুচিপূৰ্ণ আৱেগৰ বিনিময় কৰিব পাৰিব লাগে। ইয়াৰ বাবে তেওঁৰ ব্যক্তিত্বত সুস্থ আৰু সুন্দৰ আৱেগৰ গভীৰ অনুভৱ থাকিব লাগে। আৱেগৰ নিয়ন্ত্ৰণ আৰু অনুভূতিৰ সুন্দৰতাইহে শিক্ষকক সৰ্বসাধাৰণ লোকৰ ব্যক্তিত্বতকৈ পৃথক কৰি গঢ়ি তুলিব পাৰে।

(৫) একাগ্ৰতাঃ

শিক্ষকতাৰ বাবে ব্যক্তিমনৰ একাগ্ৰচিত্ততাৰ অতি প্ৰয়োজন। ‘পঢ়ায়, পঢ়ে, ৰোৱে পান এই তিনিয়ে নিচিন্তে আন’- কথাষাৰৰ সাৰ্থকতা শিক্ষকৰ ব্যক্তিত্বত ভালদৰে অনুভৱ কৰিব পাৰি। মনৰ দৃঢ়তা, নিজ কামৰ প্ৰতি গভীৰ ভালপোৱা আৰু কৰ্তব্যনিষ্ঠাৰ মনোভাবেহে শিক্ষকৰ মনত একাগ্ৰতাৰ জন্ম দিয়ে। উচ্চাভিলাষ আৰু নিজ আৰ্থিক উন্নতিৰ অস্থিৰ চিন্তা-ভাৱনাই অথবা ৰাজনৈতিক ক্ষমতাৰ লোভে শিক্ষকক অসুখী কৰি তোলে। ফলত তেনে শিক্ষকে নিজ কাৰ্য নিষ্ঠা আৰু একাগ্ৰতাৰে পালন কৰিব নোৱাৰে। সেইবাবে শিক্ষকে নিজ কাৰ্য এক ত্যাগ, সাধনা আৰু সেৱাৰ মনোভাবেৰেহে গ্ৰহণ কৰিব পাৰিব লাগে।

(৬) বিনম্ৰতাঃ

শিক্ষকৰ ব্যক্তিত্বৰ এক অভাৱনীয় গুণ হৈছে তেওঁৰ বিনম্ৰতা। উচ্চ চিন্তা আৰু সহজ-সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতে বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে এক ব্যক্তিত্বইহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মন সহজে আকৰ্ষণ কৰিব পাৰে। শিক্ষকৰ স্বভাৱসুলভ বিনম্ৰতাইহে প্ৰকৃত অৰ্থত তেওঁক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উৰ্ধত স্থাপন কৰিব পাৰে। গুটি লগা গছ তলমূল হোৱাৰ দৰে জ্ঞান-অভিজ্ঞতাপুষ্ট শিক্ষকো সেয়েহে বিনয়ী হোৱাটো আশা কৰা হয়। অহংকাৰ আৰু আত্মাভিমানৰ অৱস্থাই শিক্ষকৰ ব্যক্তিত্ব অৱনমিত কৰে।

(৭) ৰসিকতাঃ

শিক্ষক ব্যক্তিগতভাৱে আনন্দ-ৰস সঞ্চাৰণকাৰী ব্যক্তি হ’ব লাগে। তেওঁৰ ভাব-চিন্তা আৰু ক্ৰিয়া-আচৰণত প্ৰয়োজন অনুসৰি ৰসিকতাৰ সৃষ্টি কৰিব পাৰিব লাগে। শিক্ষাদান কালত প্ৰসংগক্ৰমে তেওঁ শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত হাস্যৰসৰ প্ৰয়োগ কৰিব জানিব লাগে। ইয়াৰ যোগেদি ছাত্ৰসকলৰ বাবে বিষয়বস্তু অধিক মনোগ্ৰাহী কৰি তোলাৰ উপৰিও তেওঁৰ ব্যক্তিত্ব অধিক গ্ৰহণযোগ্য কৰি তুলিব পাৰে। শিক্ষা-পৰিৱেশো ইয়াৰ যোগেদি অধিক আন্তৰিকতাপূৰ্ণ কৰি তুলিব পাৰি। এই প্ৰসংগত উল্লেখযোগ্য যে শিক্ষকে ইয়াৰ বিপৰীতে ছাত্ৰসকলৰ প্ৰতি কটুক্তি, বক্ৰোক্তি অথবা নেতিবাচক সমালোচনা এৰাই চলিব লাগে।

(৮) নিয়মানুগত্যতাঃ

শিক্ষকৰ প্ৰকৃতিত অনুশাসনৰ প্ৰতি আনুগত্যৰ ভাব থাকিব লাগে। ছাত্ৰৰ অনুশাসনৰ দায়িত্বত থকা শিক্ষকে নিজেই স্কুলৰ আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাব দেখুৱাব লাগে। ছাত্ৰৰ বাবে এইক্ষেত্ৰত তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে। অনুশাসন বাহিৰৰ পৰা ছাত্ৰৰ ওপৰত জাপি দিয়াৰ পৰিৱৰ্তে আভ্যন্তৰীণভাৱে তেওঁলোকৰ মনত গঢ় দি তোলাৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে আইন ভংগ কৰা, অমান্যতা, অবাধ্যতা আৰু বিদ্ৰোহী মনৰ শিক্ষকে ছাত্ৰৰ অনুশাসন আৰু আনুগত্য দাবী কৰিব নোৱাৰে।

(৯) নিৰপেক্ষতাঃ

শিক্ষকৰ ব্যক্তিত্বত কথাই কামে নিৰপেক্ষতাৰ মনোভাব প্ৰতিফলিত হৈ উঠিব লাগে। কোনো কথা গভীৰভাৱে চিন্তা-বিবেচনা নকৰাকৈ তেওঁ এটা পক্ষ সহজে গ্ৰহণ কৰিব নালাগে। সকলো কথা আৰু সংশ্লিষ্ট দিশ ভালদৰে চালি-জাৰি চাই সকলোৰে গ্ৰহণযোগ্য এক দৃষ্টিভংগী লোৱাৰ মনোভাব তেওঁৰ থাকিব লাগে। তেওঁৰ বিচাৰ-বিবেচনা আৰু চিন্তাধাৰা সদায় নিৰপেক্ষ আৰু ন্যায়সংগত হ’ব লাগে। বিশেষকৈ পৰীক্ষাত ছাত্ৰসকলৰ মূল্যায়নৰ বেলিকা তেওঁ নিৰপেক্ষতা আৰু নৈৰ্ব্যক্তিকতাৰ নীতি গ্ৰহণ কৰিব পাৰিব লাগে। বিভিন্ন ক্ষেত্ৰত ছাত্ৰসকলক সহায় আৰু ব্যক্তিগত নিৰ্দেশনা আদি দিয়াৰ বেলিকাও শিক্ষক নিৰপেক্ষ হ’ব লাগে। ইয়াৰ যোগেদিহে তেওঁ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰে আস্থাভাজন হৈ উঠিব পাৰে।

(১০) সহানুভূতিশীলতাঃ

শিক্ষকৰ অন্তৰ ছাত্ৰৰ প্ৰতি সদায় কোমল, সংবেদনশীল, সহানুভূতিশীল হ’ব লাগে। ছাত্ৰৰ বিবিধ ব্যক্তিগত দেহ-মানসিক সমস্যা আৰু অভাৱ আদি সহানুভূতিৰে অনুভৱ কৰিব পৰা এখন অন্তৰ তেওঁৰ থাকিব লাগে। ছাত্ৰৰ সুখত সুখী আৰু ছাত্ৰৰ দুখত দুখী হ’ব পৰা অনুভূতিশীলতাৰহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে। শিক্ষকৰ প্ৰকৃতিত ৰুঢ়তা, কঠোৰতা আৰু নিৰ্দয়তা থাকিব নালাগে। অৱশ্যে শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত ছাত্ৰসকলৰ আচৰণ আৰু অনুশাসনৰ প্ৰসংগত তেওঁ দৃঢ়তাৰে নীতি গ্ৰহণ কৰিলেও কঠোৰ আৰু নিৰ্দয় হৈ উঠিব নালাগে।

স্কুলৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যঃ

বৰ্তমান সময়ত শিক্ষাৰ নীতি আৰু পদ্ধতিত দৰ্শনীয় পৰিৱৰ্তন হোৱা হেতুকে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যৰো পুনৰ বিবেচনা আৰু পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈ উঠিছে। শিক্ষাত নতুন নীতি আৰু আঁচনি প্ৰস্তুত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত শিক্ষকৰ বাবে এই কথাৰ গুৰুত্ব স্বাভাৱিকতেই অধিক বৃদ্ধি পাই উঠিছে। ছাত্ৰক পাঠদান কৰাতেই বৰ্তমান শিক্ষকৰ দায়িত্ব শেষ হোৱা বুলি ধৰা নহয়। শিক্ষাতত্ত্বৰ ফালৰ পৰা কোৱা হয় যে ছাত্ৰৰ সুস্থ আৰু সবল ব্যক্তিত্ব গঠনৰ সকলো আনুষংগিক দিশ শিক্ষকে সামগ্ৰিকভাৱে বিবেচনা কৰিব লাগে। শিক্ষা-মনোবিজ্ঞানৰ ফালৰ পৰা ছাত্ৰৰ সুপ্ত, অন্তৰ্নিহিত শক্তি-ক্ষমতাসমূহৰ চিনাক্তকৰণ আৰু তাৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। নৈতিক দৃষ্টিকোণৰ পৰা আকৌ কোৱা হয় যে ছাত্ৰৰ নৈতিক গুণ আৰু আদৰ্শসমূহ বিকশাই তুলি চৰিত্ৰ গঠন কৰি তোলাটো শিক্ষকৰ কৰ্তব্য। সমাজ-বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও বৰ্তমান কোৱা হয় যে শিশুক সমাজৰ সুনাগৰিক কৰি সামাজিক যোগ্যতা বৃদ্ধি কৰি তোলাটো শিক্ষকৰ কৰ্তব্য। এনে ব্যাপক পৰিসৰৰ অনুভৱ আৰু কৰ্তব্যবোধ শিক্ষকৰ মনত গঢ়ি তোলাটো প্ৰয়োজন যদিও সি নিচেই সহজ কথা নহয়। ইয়াৰ তাত্ত্বিক দিশৰ অধিক আলোচনালৈ নগৈ কাৰ্যকৰী দিশত শিক্ষকৰ কেতবোৰ বাস্তৱ দায়িত্ব আৰু কৰ্তব্যৰ বৰ্ণনা তলত দাঙি ধৰা হৈছে।

(১) শিক্ষা-পৰিকল্পনাঃ

সুস্থ শিক্ষা-পৰিচালনাৰ বাবে উপযুক্ত শিক্ষা-পৰিকল্পনা প্ৰস্তুত কৰি তোলাটো শিক্ষকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। ছাত্ৰৰ বাবে অনমোদিত পাঠ্যক্ৰম আৰু কাৰ্যক্ৰম আৰু কাৰ্যসূচীসমূহ স্কুলৰ ক্ৰিয়া সম্পাদন কৰিবলগা দিনকেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহীয়া ক্ৰিয়াসূচী স্বৰূপে বিভক্ত কৰি ল’ব লাগে। শিক্ষাৰ এই ক্ৰিয়া-আঁচনি প্ৰস্তুত কৰা হ’লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।

(২) পাঠদানঃ

প্ৰস্তুত-পৰিকল্পনা বা ক্ৰিয়া-আঁচনিৰ ক্ৰম অনুসৰি ছাত্ৰক পাঠদান কৰাটো হৈছে শিক্ষকৰ মৌলিক কৰ্তব্য। ইয়াৰ বাবে শিক্ষাদান বিষয় অনুসৰি শিক্ষণৰ কেনে উন্নত পদ্ধতি গ্ৰহণ কৰিব লাগে তাক তেওঁ জানিব লাগে। নিৰ্দিষ্ট বিষয় শিক্ষাৰ বাবে প্ৰয়োজন হোৱা শিক্ষা-সঁজুলিবোৰৰ প্ৰয়োগো পূৰ্ব-পৰিকল্পিত হ’ব লাগে। ইয়াৰ প্ৰয়োগে যাতে ছাত্ৰৰ বিষয়বস্তু আয়ত্বকৰণত প্ৰকৃতপক্ষে অভিৰোচনৰ কাম কৰে তাৰ প্ৰতি তেওঁ লক্ষ্য ৰাখিব লাগে। শিক্ষণ-সঁজুলিৰ প্ৰয়োগে যাতে বিষয়-শিক্ষা ম্লান কৰি পেলাব নোৱাৰে তাৰ প্ৰতি তেওঁ চকু ৰাখিব লাগে।

(৩) সহ-পাঠ্যক্ৰমৰ প্ৰয়োগঃ

স্কুলত বৰ্তমান সহ-পাঠ্যসূচীবোৰৰ প্ৰয়োজন অধিকভাৱে অনুভৱ কৰি উঠাৰ লগে লগে শিক্ষকৰ দায়িত্বও আৰু কৰ্তব্যও অধিক বৃদ্ধি পাই উঠিছে। ছাত্ৰৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণসমূহ বিকশাই তোলাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচীবোৰৰ গুৰুত্ব শিক্ষকে গভীৰভাৱে অনুভৱ কৰাৰ প্ৰয়োজন আহি পৰিছে। ছাত্ৰৰ খেলা-ধূলা, নৃত্য-গীত, তৰ্ক আৰু আলোচনা-চক্ৰ আদিত শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰি তোলাটো তেওঁৰ কৰ্তব্য। এনে কাৰ্যসূচীবোৰৰ প্ৰতি ভিন ভিন ছাত্ৰৰ ৰুচি-অভিৰুচি, ক্ষমতা, যোগ্যতা আৰু সম্ভাৱনীয়তা আদি নিৰীক্ষণ কৰিব পৰা ক্ষমতাও তেওঁৰ থাকিব লাগে। ইয়াৰ বাবে শিক্ষকসকলৰ প্ৰশিক্ষণৰো প্ৰয়োজন বৰ্তমান অনুভৱ কৰা হয়।

(৪) শৈক্ষিক মূল্যায়নঃ

ছাত্ৰক শিক্ষাদানৰ অন্তত পৰীক্ষা কাৰ্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাটো শিক্ষকৰ কৰ্তব্য। ইয়াৰ বাবে সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি এক অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান পৰীক্ষা-ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত তেওঁৰ ভালদৰে পৰিচয় থাকিব লাগে। ছাত্ৰৰ অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা সম্বন্ধে তেওঁৰ স্পষ্ট ধাৰণা থাকিব লাগে। শৈক্ষিক মূল্যায়নৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষকে বিবিধ বস্তুনিষ্ঠ প্ৰশ্ন-প্ৰস্তুতি কৌশল জানিব লাগে।

(৫) ছাত্ৰৰ তথ্য সংগ্ৰহঃ

প্ৰতিজন ছাত্ৰক শিক্ষকে ভালদৰে জানি উঠাটো তেওঁৰ এক ব্যৱসায়িক প্ৰয়োজন স্বৰূপে বৰ্তমান বিবেচনা কৰা হয়। ইয়াৰ বাবে শিক্ষকৰ নিজ ক্ৰিয়াৰ বিশেষ পৰিপাটিতাৰ প্ৰয়োজন। প্ৰতিজন ছাত্ৰৰ শৈক্ষিক, মানসিক, সামাজিক আৰু আন আন ব্যক্তিগত ক্ৰিয়া সম্পাদনৰ প্ৰয়োজনীয় তথ্য-পাতি আৰু বিৱৰণ তেওঁ সংগ্ৰহ আৰু তাৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। এনে বিৱৰণৰ ভিতৰত ছাত্ৰৰ পৰীক্ষাৰ ফলাফল, বুদ্ধ্যংকৰ পৰিমাণ, শ্ৰেণীৰ উপস্থিতি, খেলা-ধূলাৰ কৃতিত্ব, তৰ্কসভা, আলোচনা-চক্ৰ আদিৰ অংশগ্ৰহণ, সামাজিক ক্ৰিয়াৰ অংশগ্ৰহণ আদি উল্লেখযোগ্য। ইয়াৰ বাবে তেওঁ প্ৰতিজন ছাত্ৰৰে সঞ্চয়ী অভিলেখ পত্ৰ প্ৰস্তুত কৰিব লাগে।

(৬) ব্যক্তিগত মনোযোগঃ

স্কুলৰ প্ৰতিজন ছাত্ৰৰে ব্যক্তিগত প্ৰয়োজন, আগ্ৰহ-অভিৰুচি, ক্ষমতা-অক্ষমতা আৰু সমস্যা আদি থাকে। ইয়াৰ উপৰিও কোনো কোনো ছাত্ৰৰ দৈহিক অক্ষমতা, ইন্দ্ৰিয়-দুৰ্বলতা আৰু বৌদ্ধিক নিম্নমান বিশিষ্টতা আদি থাকে। সামাজিক আৰু অৰ্থনৈতিক কাৰণত কোনো কোনো ছাত্ৰই উচ্চাত্মিকা বা নীচাত্মিকা মনোভাবত ভুগিব পাৰে। ব্যক্তিত্বৰ অন্তৰ্মুখীতাৰ বাবে কোনো ছাত্ৰই ক্ৰিয়া-অংশগ্ৰহণৰ পৰা আঁতৰি থাকিব পাৰে। ঘৰুৱা পৰিৱেশৰ অসুস্থতাৰ বাবে কোনো ছাত্ৰই শৈক্ষিক কৃতকাৰ্যতাত ব্যৰ্থ হ’ব পাৰে। এনেবোৰ অৱস্থা শিক্ষকে প্ৰতিজন ছাত্ৰৰ বেলিকা সহানুভূতিৰে বিবেচনা কৰি প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰিব লাগে।

(৭) শিক্ষা-সঁজুলিৰ যত্নঃ

শিক্ষাত বৰ্তমান বিভিন্ন সা-সঁজুলিৰ যোগেদি শিক্ষকে পৰোক্ষভাৱে শিক্ষাদান কৰিব লাগে। এই সঁজুলিবোৰৰ সক্ষমতাৰ ওপৰত তেওঁৰ শিক্ষাদানৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। সেইবাবে এই শিক্ষা-সঁজুলিবোৰৰ যত্ন লোৱাটো তেওঁৰ কৰ্তব্য। সঁজুলিবোৰ যাতে যথাসময়ত প্ৰয়োগৰ বাবে সক্ষম আৰু সক্ৰিয় কৰি ৰাখিব পৰা হয় তাৰ প্ৰতি তেওঁ চকু ৰাখিব লাগে। বিশেষকৈ বিজ্ঞানাগাৰৰ মূল্যৱান যন্ত্ৰপাতি, ৰাসায়নিক দ্ৰব্য আৰু কৰ্মশালাৰ সা-সঁজুলিসমূহ তেওঁৰ ব্যক্তিগত যত্ন আৰু তত্ত্বাৱধানত ৰখাটো প্ৰয়োজন। ছাত্ৰ বা অন্যান্য লোকৰ বাবে যাতে এইসমূহ সহজলভ্য হৈ নুঠে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৮) অনুশাসন ৰক্ষাঃ

পুৰণিকালৰে পৰা বৰ্তমান সময়লৈকে স্কুলৰ নিয়ম-শৃংখলা আৰু অনুশাসন ব্যৱস্থা ৰক্ষা কৰাটো শিক্ষকৰ মুখ্য কৰ্তব্য স্বৰূপে বিবেচিত হৈ আহিছে। ছাত্ৰৰ বিষয়-শিক্ষাতকৈও অনুশাসনৰ শিক্ষা দিয়াটো অধিক তাৎপৰ্যপূৰ্ণ কথা। ছাত্ৰসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰে অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ কৰ্তব্য। তেওঁলোকৰ দৈহিক ক্ৰিয়া-আচৰণ আৰু মানসিক দৃষ্টিভংগী, মনোভাব আৰু মনোবৃত্তি আদি সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুৱৰ্তী কৰি তুলিব লাগে। এইক্ষেত্ৰত শিক্ষকে নিজেই ছাত্ৰৰ বাবে এক আৰ্হিস্বৰূপ হৈ উঠি স্কুলৰ নীতি-নিয়মৰ প্ৰতি নিষ্ঠা আৰু আনুগত্যৰ ভাব প্ৰকাশ কৰিব লাগে। অনুশাসন ৰক্ষাৰ বাবে তেওঁ সততে দৈহিক শাস্তিৰ প্ৰয়োগ কৰিব নালাগে।

(৯) ছাত্ৰৰ নেতৃত্বদানঃ

শিক্ষকৰ যোগ্য নেতৃত্বৰ যোগেদিহে ছাত্ৰৰ শিক্ষা আৰু অনুশাসন সম্ভৱ হৈ উঠিব পাৰে। বৰ্তমান শিক্ষাত শিক্ষকৰ এনে নেতৃত্বৰ অভাৱে তেওঁৰ বাবে বিবিধ সমস্যাৰ সৃষ্টি কৰাও আমি দেখিবলৈ পাওঁ। ইয়াৰ বাবে তেওঁৰ নিজ ক্ৰিয়া-আচৰণ, জীৱনৰ আদৰ্শ মান-বিশিষ্টতা আৰু ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণসমূহ থাকিব লাগে। ছাত্ৰই শিক্ষকৰ নেতৃত্ব অস্বীকাৰ কৰি বাহিৰৰ কোনো ৰাজনৈতিক বা সাম্প্ৰদায়িক দলৰ নেতাৰ প্ৰভাৱত পৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। শিক্ষানুষ্ঠানক সেয়েহে তেওঁ বাহিৰৰ ৰাজনৈতিক আৰু সাম্প্ৰদায়িক প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিব লাগে। তেওঁ নিজেও এনেবোৰ প্ৰভাৱমুক্ত নিৰপেক্ষ ব্যক্তি স্বৰূপে শিক্ষাৰ নেতৃত্ব দিব লাগে।

(১০) অভিভাৱকৰ সহযোগিতা লাভঃ

শিক্ষাত পূৰ্বতে থকা শিক্ষকৰ একপক্ষীয় আৰু একনায়কত্ববাদী প্ৰভাৱ বৰ্তমান সমৰ্থনযোগ্য নহয়। ইয়াৰ পৰিৱৰ্তে শিক্ষকে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা কামনা কৰিব লাগে। বিশেষকৈ ছাত্ৰৰ অভিভাৱকসকলৰ সহায়, সহযোগিতা আৰু আৱশ্যকীয় পৰামৰ্শ লাভৰ চেষ্টা কৰাটো শিক্ষকৰ এক কৰ্তব্য স্বৰূপে বিবেচনা কৰা হয়। শিক্ষক-অভিভাৱক সন্মিলন স্থাপন কৰি তেওঁলোকৰ যুটীয়া প্ৰচেষ্টা আৰু আলোচনা-বিলোচনা আদিৰ যোগেদিহে উভয়ৰে কেতবোৰ জটিল সমস্যা সমাধানৰ পথ বিচাৰি পাব পাৰি। ছাত্ৰৰ শৈক্ষিক অগ্ৰগতি সম্বন্ধে অভিভাৱকসকলক সময়ে সময়ে অৱগত কৰাৰ দায়িত্বও শিক্ষকে গ্ৰহণ কৰিব লাগে।

সমাজৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যঃ

বৰ্তমান শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য সমাজৰ প্ৰতি সম্প্ৰসাৰিত হৈ উঠাটো এক মন কৰিবলগীয়া কথা। স্কুলক এখন ক্ষুদ্ৰ সমাজ বা সম্প্ৰদায় স্বৰূপে বৰ্ণনা কৰা হয়। ইয়াক সমাজ উন্নয়ন কেন্দ্ৰ স্বৰূপেও আখ্যা দিয়া হয়। স্কুলৰ মুখ্য পৰিচালক স্বৰূপে সেয়েহে শিক্ষকে সমাজ বা সম্প্ৰদায়ৰ প্ৰতি এক চৰম গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য পালনৰ প্ৰয়োজন অনুভৱ কৰা হয়। সমাজৰ অৰ্থনৈতিক প্ৰয়োজন আৰু সাংস্কৃতিক আশা-আকাংক্ষা আদি পূৰণৰ দায়িত্ব শিক্ষকেই গ্ৰহণ কৰিব লাগে। স্কুলঘৰ আৰু স্কুল-প্ৰতিষ্ঠানটো কেৱল কণ কণ শিশুক দিনে ৩-৪ ঘণ্টা লিখা-পঢ়া শিকোৱা ঠাই স্বৰূপেই মাথোন প্ৰয়োগ কৰিব নালাগে। এনে কৰাটো দেশৰ অৰ্থ-ব্যৱস্থা, সমাজ-ব্যৱস্থা আৰু শিক্ষা-ব্যৱস্থাৰ এক বিৰাট অপচয় স্বৰূপে বিবেচনা কৰিব পাৰি। একো একোখন সমাজ বা সম্প্ৰদায়ৰ মাজত থকা এই স্কুল প্ৰতিষ্ঠানটোত সকলোৰে আৰ্থিক আৰু সামাজিক বৰঙণি থাকে। সেইবাবে সেই অঞ্চলৰ সম্প্ৰদায়টোৰ সকলো লোকৰ বাবেই ই শিক্ষা আৰু সামাজিক বিকাশৰ মুখ্য কেন্দ্ৰ স্বৰূপে বিবেচিত হ’ব লাগে। প্ৰতিষ্ঠানটোৰ সকলো শিক্ষা আৰু সামাজিক বিকাশৰ দায়িত্ব আৰু কৰ্তৃত্ব শিক্ষকে গ্ৰহণ কৰিব লাগে।

এই প্ৰসংগত উল্লেখযোগ্য যে যি সমাজত নিৰক্ষৰ, দুখীয়া আৰু সামাজিকভাৱে পিচপৰা শ্ৰেণীৰ লোক অধিকসংখ্যকভাৱে থাকে সেই সমাজত স্কুল আৰু শিক্ষকৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। আমাৰ দেশৰ প্ৰসংগত ইয়াৰ উল্লেখ কৰি শিক্ষাবিদ কে. জি. চায়াদেইনে মত প্ৰকাশ কৰে যে বৰ্তমান আমাৰ ভাৰতীয় স্কুলৰ শিক্ষা-ব্যৱস্থাৰ এক দুৰ্বলতা হৈছে, সৰ্বসাধাৰণ লোকে অনুভৱ নকৰ বা কৰিব নোৱাৰে যে স্কুল হৈছে তেওঁলোকৰ বাবেই এক অনুষ্ঠান। বাস্তৱ দৃষ্টিৰে তেওঁলোকে স্কুলক এখন চৰকাৰী কাম-কাজ কৰা কাৰ্যালয় স্বৰূপেহে বিবেচনা কৰে- যিদৰে এখন আদালত, ৰেল ষ্টেচন অথবা কাৰাগাৰক বিবেচনা কৰা হয়। উক্তিটোৰ তাৎপৰ্য অনুভৱ কৰি সেয়েহে ক’ব পাৰি যে স্কুলক সৰ্বসাধাৰণৰ দৃষ্টিত প্ৰকৃত অৰ্থত এখন সমাজ উন্নয়ন কেন্দ্ৰত গঢ় দি তুলিব পাৰিলেহে ভাৰতীয় সমাজৰ শিক্ষা-বিকাশ আশা কৰিব পাৰি। এই প্ৰসংগত শিক্ষকে গ্ৰহণ কৰিব লগা কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) আৰ্থ-সামাজিক দিশৰ বিবেচনাঃ

সমাজৰ আৰ্থিক প্ৰয়োজন আৰু সাংস্কৃতিক আশা-আকাংক্ষা পূৰণত শিক্ষকে নিজ ভূমিকা গ্ৰহণ কৰিব পাৰে। সমাজৰ সাংস্কৃতিক জীৱনৰ আৰু অৰ্থনৈতিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে স্কুলৰ কাৰ্যসূচী আৰু বিষয়সূচীৰ আঁচনি প্ৰস্তুত কৰি তুলিব পাৰে। স্থানীয় লোকৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক আস্থা, নিষ্ঠা, বিশ্বাস আদি ভংগ কৰিব পৰা কোনো কাম তেওঁ কৰিব নালাগে। সেইদৰে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ মানদণ্ড উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰসকলক স্থানীয় হস্তশিল্পৰ বৃত্তীয় শিক্ষা আৰু কৰ্ম-অভিজ্ঞতা প্ৰদান কৰিব লাগে।

(২) ধৰ্মীয় আৰু সাংস্কৃতিক দিশৰ বিবেচনাঃ

স্কুলৰ লগত জড়িত থকা সমাজ বা সম্প্ৰদায়ৰ ধৰ্ম, ভাষা, সংস্কৃতি আৰু সামাজিক ৰীতি-নীতি আদিৰ লগত শিক্ষকৰ ভালদৰে পৰিচয় থাকিব লাগে। সাম্প্ৰদায়িক উৎসৱ-পৰ্ব আদিত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। সেইসমূহৰ প্ৰতি অজ্ঞতা, উদাসীনতা অথবা বিৰূপ মনোভাব তেওঁৰ থাকিব নালাগে। ইয়াৰ পৰিৱৰ্তে সমাজৰ সৰ্বসাধাৰণ লোকৰ মনত ভাষা, ধৰ্ম, সংস্কৃতি সম্বন্ধে সৃষ্টি হ’ব পৰা বিভেদ আৰু বিসংগতিৰ ভাব দূৰ কৰি সংহতিৰ মনোভাব গঢ় দি তুলিব লাগে।

(৩) সামাজিক ক্ৰিয়াৰ নেতৃত্ব দানঃ

একো একোখন সমাজ বা সম্প্ৰদায়ত শিক্ষকজনকেই সৰ্বসাধাৰণ লোকে নিৰ্ভৰযোগ্য ব্যক্তি স্বৰূপে বিবেচনা কৰে। তেওঁলোকৰ বিভিন্ন ব্যক্তিগত আৰু সামাজিক সমস্যাসমূহৰ বেলিকা শিক্ষকৰ দিহা-পৰামৰ্শ বিচাৰে। সেইবাবে ক’ব পাৰি যে একোটা সম্প্ৰদায়ৰ শিক্ষকেই হৈছে স্বাভাৱিক নেতা। তেওঁ সমাজৰ লোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন পৰিস্থিতিত নিৰ্ভৰযোগ্য নেতৃত্ব দিব পাৰিব লাগে। সকলো ৰাজনৈতিক, ধৰ্মীয় আৰু সাম্প্ৰদায়িক প্ৰভাৱৰ পৰা মুক্ত হৈ সৰ্বসাধাৰণ লোকসকলক তেওঁ সুপথে পৰিচালিত কৰিব লাগে।

(৪) নিৰক্ষৰ লোকৰ শিক্ষাদানঃ

সম্প্ৰদায়ৰ মাজত থকা নিৰক্ষৰ লোকসকলৰ শিক্ষা আৰু তেওঁলোকৰ সুস্থ, সুন্দৰ আৰু সন্মানজনক জীৱন-যাপনৰ দায়িত্বও শিক্ষকে গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্কুলক সামাজিক শিক্ষাকেন্দ্ৰ একোটাত পৰিণত কৰি তুলিব লাগে। সমাজৰ নিৰক্ষৰ প্ৰাপ্তবয়স্কসকলক সাক্ষৰতা দান কৰা, স্বাস্থ্যৰক্ষাৰ মৌলিক জ্ঞান দিয়া আৰু অৱসৰ সময়ৰ সুস্থ মনোৰঞ্জনৰ ব্যৱস্থা কৰা দায়িত্ব শিক্ষকে গ্ৰহণ কৰিব লাগে। জন্ম-নিয়ন্ত্ৰণ আৰু পৰিয়াল কল্যাণ আঁচনি আদিও ইয়াৰ যোগেদি সাৰ্থক কৰি তুলিব পাৰি।

(৫)কুসংস্কাৰ দূৰীকৰণঃ

বৰ্তমান সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰা পুৰণি সমাজৰ ৰীতি-নীতি আদিৰ সংস্কাৰ সাধনত শিক্ষকে এক গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। মানুহৰ মনৰ কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ৰক্ষণশীলতাৰ ভাব নিৰক্ষৰতা আৰু অজ্ঞতাৰ ফলত সৃষ্টি হয়। অজ্ঞতা শিক্ষকে গুচোৱাত সহায় কৰিব পাৰে। পুৰণি সমাজৰ কেনেবোৰ উপাদান বৰ্তমানৰ বাবে গ্ৰহণযোগ্য আৰু কেনেবোৰ উপাদান গ্ৰহণযোগ্য নহয় তাৰ ধাৰণা সৰ্বসাধাৰণ লোকে শিক্ষকৰ পৰা পাব পাৰে। মানুহৰ মনোভাব আৰু দৃষ্টিভংগী আদিৰ আশানুৰূপ পৰিৱৰ্তন সাধন কৰি বৰ্তমানৰ সময়োপযোগী কৰি তোলাত শিক্ষকৰ এক বিশেষ প্ৰভাৱ থাকে।

(৬) সমাজৰ লোকক স্কুলৰ ক্ৰিয়া-জড়িতকৰণঃ

সমাজৰ লোকে তেওঁলোকৰ স্কুল প্ৰতিষ্ঠানটোক কোনো চৰকাৰী কাৰ্যালয় স্বৰূপে গণ্য কৰাৰ পৰিৱৰ্তে নিজৰ অনুষ্ঠান স্বৰূপে যাতে বিবেচনা কৰি উঠিব পাৰে তাৰ প্ৰয়োজনীয় পৰিৱেশ শিক্ষকে সৃষ্টি কৰি তুলিব লাগে। ইয়াৰ বাবে স্কুলৰ বিভিন্ন বাৰ্ষিক দিৱস, উৎসৱ উদযাপন আদিত শিক্ষকে সমাজৰ লোকসকলক সক্ৰিয়ভাৱে জড়িত কৰি তুলিব লাগে। স্কুল-প্ৰতিষ্ঠা দিৱস, শিশু-দিৱস, শিক্ষক-দিৱস, অভিভাৱক-দিৱস, বিশ্বশান্তি-দিৱস আদি পালনৰ বেলিকা সমাজৰ লোকসকলৰ সক্ৰিয় সহযোগ কামনা কৰিব লাগে। এই দিৱসসমূহ উদযাপনৰ প্ৰকৃত তাৎপৰ্যও তেওঁলোকক বুজাই দিব লাগে।

(৭) ছাত্ৰ-ছাত্ৰীক সামাজিক ক্ৰিয়া-জড়িতকৰণঃ

স্কুলৰ সহ-পাঠ্যক্ৰমৰ বিবিধ কাৰ্যসূচীৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে সামাজিক ক্ৰিয়াত জড়িত কৰি তুলিব পাৰে। স্কাউট, গাইড, ৰেডক্ৰচ, জাতীয় শিক্ষাৰ্থী বাহিনী আদি গঠন কৰি সমাজ সেৱাত তেওঁলোকক লিপ্ত কৰি তুলিব পাৰে। প্ৰাকৃতিক দুৰ্যোগ আৰু বিপদৰ বেলিকা ছাত্ৰৰ সাহায্য আঁচনি প্ৰস্তুত কৰি তুলিব পাৰে। সমাজৰ বিবিধ উৎসৱ-পৰ্ব, সাংস্কৃতিক অনুষ্ঠান, অধিৱেশন আদি সুচাৰুৰূপে পৰিচালনাৰ বাবে স্কুলৰ স্বেচ্ছাসেৱী বাহিনী শিক্ষকে নিয়োগ কৰিব পাৰে। ইয়াৰ উপৰি প্ৰকল্প-পদ্ধতিৰ আৰ্হিত সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ ওপৰত ছাত্ৰৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰ্যসূচী শিক্ষকে গ্ৰহণ কৰিব পাৰে।

(৮) স্কুলক সামাজিক ক্ৰিয়া-কেন্দ্ৰ স্বৰূপে প্ৰয়োগকৰণঃ

স্কুল-প্ৰাংগণত বিবিধ সামাজিক ক্ৰিয়া আৰু সভা-সমিতি আদি অনুষ্ঠিত কৰি স্কুলঘৰৰ বৈষয়িক সা-সুবিধা সমাজৰ লোকে উপভোগ কৰাৰ সুবিধা দিব লাগে। এনে কাৰ্যৰ যোগেদি সামাজিক অনুষ্ঠানবোৰক স্কুলৰ ক্ৰিয়াকলাপৰ অংশীদাৰ কৰি তুলিব পাৰি। স্কুলৰ দীঘলীয়া বন্ধৰ সময়ছোৱাত স্কুল-প্ৰাংগণত সামাজিক শিবিৰ স্থাপন কৰা, প্ৰদৰ্শনীৰ আয়োজন কৰা, পৰিয়াল পৰিকল্পনাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা, কৃষি-বিষয়ক আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আদি বিবিধ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰি। এনেবোৰ কাৰ্যসূচীয়ে স্কুলক সমাজৰ ওচৰ চপাই নিব পাৰে আৰু শিক্ষকক নেতৃত্ব দানৰ সুবিধা দিব পাৰে।

(৯) সমাজৰ কু-অভ্যাস দূৰীকৰণঃ

সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত কেতবোৰ কু-কৰ্ম, কু-অভ্যাস আৰু কুখ্যাতি থাকে যি তেওঁলোকৰ অভ্যাসত পৰিণত হয়। উদাহৰণস্বৰূপে অসুস্থ পৰিৱেশ আৰু পৰিস্থিতিৰ ফলত তেওঁলোকৰ মাজত মদ-ভাং আৰু অন্যান্য ৰাগীয়াল বস্তু খাই স্বাস্থ্য হানি কৰা, জুৱা খেলাৰ দ্বাৰা চৰিত্ৰ হানি কৰা, অৰ্থনৈতিক দুৰৱস্থাত পৰি টকা ধাৰ কৰা আৰু মাটি বন্ধকত দিয়া আদি কাৰ্য সংঘটিত হয়। এইসমূহ কু-কাৰ্য আৰু কু-অভ্যাস গুচোৱাত শিক্ষকে আগভাগ ল’ব পাৰে। ইয়াৰ বাবে তেওঁ প্ৰয়োজন হ’লে জনমত আৰু জন-আন্দোলন গঢ় দি তুলিব পাৰে। সমাজৰ কম বয়সীয়াসকলে যাতে তেনে ধ্বংসমুখী পথ গ্ৰহণৰ পৰা বিৰত থাকে তাৰ প্ৰতিও তেওঁ সতৰ্ক দৃষ্টি ৰাখিব লাগে।

(১০) সমাজৰ আধুনিকীকৰণঃ

বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ যুগত সমাজৰ প্ৰতি শিক্ষকৰ এক নতুন দায়িত্ব আহি পৰিছে। উল্লেখযোগ্য যে আধুনিক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ উন্নত অৱদানসমূহ সমাজৰ লোকে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰি তুলিব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ মনত নতুন দৃষ্টিভংগী গঢ় দি তুলি আধুনিকীকৰণৰ মনোভাব শিক্ষকে জগাই তুলিব লাগে। উদাহৰণস্বৰূপে সমাজৰ লোকে উন্নত উৎপাদনশীল কৃষিকাৰ্যৰ বাবে উন্নত বীজ, সাৰ আৰু জলসিঞ্চন পদ্ধতি গ্ৰহণ কৰা, সুখী পাৰিবাৰিক জীৱন-যাপনৰ বাবে জন্ম-নিয়ন্ত্ৰণৰ বিজ্ঞানসন্মত পদ্ধতিসমূহ গ্ৰহণ কৰা আদি এনে আধুনিকীকৰণৰ যোগেদিহে সম্ভৱ হৈ উঠিব পাৰে।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে শ্ৰেণীকক্ষৰ ছাত্ৰসকলতকৈও সমাজ আৰু সম্প্ৰদায়ৰ লোকৰ প্ৰতি থকা শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অধিক গুৰুত্বপূৰ্ণ আৰু ব্যাপক পৰিসৰৰ। সমাজৰ প্ৰতি শিক্ষকৰ এই দায়বদ্ধতা আধুনিক শিক্ষাৰ এক নতুন উপলব্ধি আৰু অনুভৱ বুলিব পাৰি। জাতি গঠন আৰু দেশ গঠনত শিক্ষকৰ এই সামাজিক দায়িত্বৰ কথা আমাৰ দেশৰ স্বাধীনোত্তৰ কালৰ শিক্ষা-আয়োগকেইখনতো ভালদৰে প্ৰতিফলিত হৈ উঠিছে। অৱশ্যে ইয়াৰ বাবে সৰ্বসাধাৰণ লোকৰ মনত শিক্ষকৰ ভাবমূৰ্তী অধিক উজ্জ্বলতৰ কৰি তুলিব পাৰিলেহে এই সকলোবোৰ কথা সম্ভৱ কৰি তুলিব পৰা যায়।

শিক্ষক-কল্যাণ আঁচনিঃ

শিক্ষকৰ ব্যক্তিত্ব সম্বন্ধে আলোচনা কালত শিক্ষক কল্যাণ আঁচনিৰ বিষয়ে আলোচনা বাদ পৰিলে আমাৰ অধ্যয়নৰ বিষয় অসমাপ্ত হৈ ৰব বুলি আমি অনুভৱ কৰো। শিক্ষকৰ যোগ্যতা, কৰ্মক্ষমতা আৰু শৈক্ষিক-গুণমানবিশিষ্টতা বহু পৰিমাণে নিৰ্ভৰ কৰে তেওঁলোকৰ বাবে থকা কল্যাণমূলক আঁচনিসমূহৰ ওপৰত। এই কথা বৰ্তমানৰ শিক্ষা-ব্যৱস্থাত অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। এই শিক্ষক কল্যাণ আঁচনিয়ে শিক্ষকসকলক তেওঁলোকৰ ব্যৱসায়িক দিশত প্ৰয়োজনীয় কৰ্মপ্ৰেৰণা আৰু প্ৰণোদন জগাই তুলিব পাৰে। ই তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা আৰু সামাজিক জীৱনৰ মানদণ্ড উন্নত পৰ্যায়লৈ তুলি ধৰিব পাৰে। ফলত সমাজৰ নেতৃত্ব প্ৰদানৰ বাবে তেওঁক উপযুক্ত কৰি তুলিব পাৰে। ইয়াৰ অবিহনে শিক্ষকসকলৰ গুণ, দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে কৰা সকলোবোৰ মৌখিক আলোচনা-বিলোচনা আৰু চিন্তা-চৰ্চা অৰ্থশূন্য আৰু অবান্তৰলৈ পৰিব পাৰে। সেইবাবে ১৯৬৬ চনৰ কোঠাৰি আয়োগে এই কথাৰ গুৰুত্ব অনুভৱ কৰি শিক্ষকসকলৰ বাবে কল্যাণমূলক আঁচনিৰ বিস্তৃত পৰামৰ্শ দাঙি ধৰে। এই পৰামৰ্শবোৰৰ ওপৰত ভিত্তি কৰি শিক্ষক কল্যাণ আঁচনিৰ কেতবোৰ প্ৰয়োজনীয় দিশ তলত উল্লেখ কৰিব পাৰি।

v  প্ৰাথমিক পৰ্যায়ৰে পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে সকলো স্তৰতে শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰি তুলিব লাগে। শৈক্ষিক মান অনুসৰি দৰমহা নিৰ্ধাৰণৰ নীতি গ্ৰহণ কৰিব লাগে।

v  শিক্ষকৰ চাকৰিৰ চৰ্তসমূহৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী শিক্ষকসকলৰ মাজত কোনো বৈষম্য বিবেচনা কৰিব নালাগে।

v  অনুশাসনৰ নীতি আৰু শিক্ষকৰ আচাৰ-বিধি প্ৰস্তুত কৰি তুলিব লাগে।

v  শিক্ষকে তেওঁৰ কিতাপ-পত্ৰ কিনিবৰ বাবে, অধ্যয়ন-গৱেষণা আদি কৰিবৰ বাবে আৰু আলোচনা-চক্ৰ তথা গ্ৰীষ্মকালীন শিবিৰ আদিত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰয়োজন হোৱা বিশেষ সুবিধা প্ৰদান কৰিব লাগে।

v  শিক্ষকৰ চাকৰিৰ নিৰাপত্তা প্ৰদান কৰিব লাগে। তেওঁলোকক শাস্তিমূলকভাৱে চাকৰিৰ পৰা বহিষ্কাৰ কৰা বা স্থানান্তৰকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নালাগে।

v  শিক্ষকৰ পেঞ্চন, সঞ্চয়-পূজি আৰু জীৱন-বীমা আদিৰ তিনিদফীয়া সুবিধা আঁচনি প্ৰদান কৰিব লাগে।

v  বাসগৃহৰ সুবিধা, গৃহ নিৰ্মাণৰ ঋণ আদিৰ বিশেষ সা-সুবিধা শিক্ষকক দিব লাগে।

v  শিক্ষকৰ ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া শিক্ষা, ৰেল আৰু অন্যান্য ভ্ৰমণৰ বাবে ৰেহাই, ছুটীৰ সুবিধা আৰু বিনামূলীয়া চিকিৎসাৰ সুবিধা আদি আগবঢ়াব লাগে।

v  মহিলা শিক্ষকৰ বাবে, বিশেষকৈ বিবাহিতা তিৰোতাৰ বাবে কেতবোৰ আচুতীয়া সা-সুবিধা থাকিব লাগে।

v  জাতীয় পুৰষ্কাৰ প্ৰদান, স্বীকৃতি প্ৰদান আৰু উচ্চ প্ৰশাসনীয় দায়িত্ব প্ৰদান আদি কাৰ্যৰ যোগে শিক্ষকৰ সামাজিক মান উন্নত কৰি তুলিব লাগে।

অৱশেষত ক’ব পাৰি যে শিক্ষকসকলক দেশ আৰু সমাজ গঠনৰ প্ৰধান আহিলা বা মেৰুদণ্ড স্বৰূপে গঢ় দি তুলিবৰ বাবে তেওঁলোকৰ কল্যাণমূলক আঁচনি গ্ৰহণৰ প্ৰয়োজনীয়তা আমি এৰাই চলিব নোৱাৰো। শিক্ষকসকলৰ বাবে কৰা এই জাতীয় বিনিয়োগ ব্যৱস্থাই ইয়াৰ সুফল সমাজৰ সকলো লোককে দিব পাৰে। বৰ্তমান সময়ত শিক্ষকৰ প্ৰতি সমাজৰ লোকসকল যিদৰে ঋণী সেইদৰে সমাজৰ প্ৰতিও শিক্ষকগোষ্ঠী ঋণী হৈ থকাৰ মানসিকতা গঢ় দি তুলিবলৈ এই কল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰি তুলিব লাগে।

(উৎসঃ শিক্ষা-তত্ত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.0
Anonymous Oct 24, 2017 02:27 PM

লিখনিটো পঢ়ি ভাল লাগিল।
প্ৰতিজন শিক্ষকে কথাখিনি জানিব
লাগ।ধন্যবাদ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top