অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ বৈষয়িক অৱস্থাঃ

 

এটা সময় আছিল যেতিয়া স্কুলৰ বৈষয়িক অৱস্থা শিক্ষাদানৰ বাবে বিশেষ প্ৰয়োজন বুলি বিবেচনা কৰা হোৱা নাছিল। মুক্ত আকাশৰ তলত, গছ-গছনিৰ মাজত, গাঁৱৰ মুখিয়াল লোকৰ ঘৰৰ বাৰান্দাত, মন্দিৰ, মচজিদ, গীৰ্জা আদিৰ প্ৰংগণত অথবা গুৰুৰ ঘৰত অতি নিঃকিন অৱস্থাত ছাত্ৰক শিক্ষা দিয়া হৈছিল। সেই সময়ত স্কুল এক বিশিষ্ট অনুষ্ঠান স্বৰূপে গণ্য কৰা হোৱা নাছিল। শিক্ষক বা গুৰুসকলৰ ই এক ধৰ্মীয় আৰু নৈতিক কৰ্তব্য আৰু ছাত্ৰৰ নৈতিক আনুগত্যৰ ক্ৰিয়া স্বৰূপেহে বিবেচিত হৈছিল। সেইবাবে শিক্ষাগুৰুৰ ব্যক্তিত্ব-প্ৰধান আৰু পাঠ্যক্ৰম-প্ৰধান স্বৰূপে শিক্ষা গঢ় দি তোলা হৈছিল। সীমিত ছাত্ৰসংখ্যা আৰু শিক্ষাদানৰ মৌখিক পদ্ধতি হোৱা হেতুকে শিক্ষাৰ উন্নত বৈষয়িক অৱস্থা বা পৰিৱেশ এটাৰ প্ৰয়োজনো অনুভৱ কৰা হোৱা নাছিল। বৰ্তমান এনে এটা অৱস্থা আৰু এই সম্বন্ধীয় দৃষ্টিভংগী আৰু মনোভাবৰ সলনি হৈছে। শিক্ষকৰ পুৰণি প্ৰত্যক্ষ শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তে পৰোক্ষ শিক্ষাদান পদ্ধতিলৈ পৰিৱৰ্তন হৈছে। আজিৰ শিক্ষাত শিক্ষকতকৈ ছাত্ৰইহে অধিক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব লাগে। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ বৈষয়িক অৱস্থাৰ প্ৰয়োজন ক্ৰমে অধিকভাৱে অনুভৱ কৰি উঠা হৈছে।

শিক্ষাৰ বৈষয়িক অৱস্থা বুলিলে কি বুজো ?

 

বৰ্তমান সময়ত উন্নত গুণমানৰ শিক্ষা দিয়াৰ কথা কোৱা হয়। শিক্ষাৰ এই গুণগত মানদণ্ড উন্নত কৰি তোলাৰ বাবে ইয়াৰ বৈষয়িক অৱস্থাৰ উন্নতি সাধন কৰি তোলাটো অতি প্ৰয়োজন। বৈষয়িক অৱস্থা বুলিলে সচৰাচৰ শিক্ষাদানৰ বাবে প্ৰয়োজন হোৱা স্কুলৰ ঘৰ-দুৱাৰ, শ্ৰেণীকক্ষ আৰু ইয়াৰ যাৱতীয় শিক্ষা সা-সঁজুলিৰে গঢ়ি উঠা শিক্ষা পৰিৱেশকেই আমি বিশেষভাৱে বুজো। ইয়াক অধিক বহলভাৱে বিবেচনা কৰিলে স্কুলৰ অৱস্থিতি, মাটিৰ পৰিমাণ আৰু পৰিস্থিতি, স্কুলঘৰৰ নিৰ্মাণ ব্যৱস্থা, শ্ৰেণীকক্ষৰ সা-সুবিধা, পুথিভঁৰাল, প্ৰয়োগশালা, পৰীক্ষাগাৰ খেলপথাৰ, প্ৰধান শিক্ষকৰ কাৰ্যালয় আদি সকলো বৈষয়িক দিশ সামৰি ল’ব পাৰি। এই পৰিৱেশ যিমান উন্নত হয়, ছাত্ৰ-শিক্ষকৰ শিক্ষাদান আৰু গ্ৰহণৰ বাবে সিমানেই সুবিধাজনক হৈ উঠে। শিক্ষাৰ বৈষয়িক পৰিৱেশৰ উন্নত অৱস্থা এটাই ছাত্ৰ-শিক্ষকৰ দেহ-মনত কৰ্মপ্ৰেৰণাৰ সৃষ্টি কৰি শিক্ষাৰ আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম কৰি তোলে। আনহাতে ইয়াৰ দুৰৱস্থাই ছাত্ৰ-শিক্ষকৰ মনত নিশ্চিতভাৱে হতাশা, নিৰাশা আৰু উদ্যমহীনতাৰ এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

এই প্ৰসংগত উল্লেখযোগ্য যে মানুহ তথা সকলো জীৱ-জন্তুৱেই হৈছে নিজ নিজ পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়াশীল জীৱ। সেইবাবে পৰিৱেশৰ দৈহিক অথবা বৈষয়িক অৱস্থাই তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰে। মানুহৰ উন্নত আচৰণ তাৰ উন্নত পৰিৱেশত উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিক্ৰিয়াৰ ফলস্বৰূপ শিক্ষা হৈছে সেয়েহে এক সুপৰিকল্পিত, সুনিয়ন্ত্ৰিত আৰু সুপৰিচালিত ব্যৱস্থা। শিক্ষা পৰিৱেশে ব্যক্তিৰ জৈৱিক প্ৰবৃত্তি সচেতনভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ কৰি তুলিব লাগে। এই প্ৰসংগত উন্নত বৈষয়িক পৰিৱেশেৰে শিক্ষাৰ এই মৌলিক দায়িত্বৰ প্ৰতি আমি সচেতন হোৱাটো প্ৰয়োজন।

বৰ্তমান শিক্ষাৰ এই বৈষয়িক অৱস্থাৰ প্ৰতি ছাত্ৰ, শিক্ষক আৰু অভিভাৱকসকল অধিক সচেতন হৈ উঠাটোও পৰিলক্ষিত হৈছে। ছাত্ৰক কোনো নতুন শিক্ষানুষ্ঠানত নামভৰ্তিকৰণৰ বেলিকা তাৰ বৈষয়িক অৱস্থা উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰখা হয়। স্কুলৰ উন্নত অৱস্থা এটাইহে ছাত্ৰক ভাল শিক্ষা দিব পাৰে- এনে এক সচেতনতাৰ ভাব সকলো অভিভাৱকৰ মনতেই থাকে। এই কথাও ক্ৰমে অনুভৱ কৰি উঠা হৈছে যে বৰ্তমানৰ শিক্ষা কেৱল মাথোন এক কলাই নহয়, ই বিজ্ঞানৰো পৰ্যায়ভুক্ত হৈছে। শিক্ষাৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ বাবে উন্নত বৈষয়িক অৱস্থা এটা অতি প্ৰয়োজন। এনে কাৰণতে বৰ্তমানৰ উন্নত গুণমানৰ শিক্ষা অধিক কষ্টসাধ্য আৰু ব্যয়বহুল হৈ উঠিছে।।

উন্নত বৈষয়িক অৱস্থাৰ প্ৰয়োজনীয়তাঃ

 

উন্নত গুণমানৰ শিক্ষাদানৰ বাবে উন্নত এক বৈষয়িক অৱস্থাৰ প্ৰয়োজন, এই কথা বুজিবলৈ আমাৰ টান নহয়। কিন্তু শিক্ষাত এই বৈষয়িক অৱস্থাৰ ওপৰত গুৰুত্ব দিয়া কেতবোৰ বিশেষ প্ৰয়োজন বৰ্তমান আহি পৰিছে যাক বিশ্লেষণ কৰি চোৱাটো আমাৰ প্ৰয়োজন। উল্লেখযোগ্য যে উন্নত দেশবোৰে ইয়াৰ তাৎপৰ্য ভালদৰে অনুভৱ কৰি উঠি এই দিশত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আমাৰ দেশত শিক্ষাৰ এই দিশত প্ৰয়োজনীয় সচেতনতাৰ অভাৱ বৰ্তমানেও পৰিলক্ষিত হয়। দেশৰ পিচপৰা অঞ্চলৰ এখন অৱহেলিত প্ৰাথমিক স্কুলৰ বৈষয়িক অৱস্থাৰ দুখ লগা এখন ছবি আমাৰ বাবে সকলোৰে পৰিচিত। স্কুলৰ শিক্ষক-প্ৰশাসক সকলো এইক্ষেত্ৰত সাধাৰণভাৱে উদাসীন হোৱাটো লক্ষ্য কৰিব পাৰি। সি যি কি নহওক, বৰ্তমানৰ শিক্ষাত বৈষয়িক অৱস্থাৰ প্ৰয়োজনীয়তাৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) ছাত্ৰৰ প্ৰণোদনঃ

শিক্ষাৰ উন্নত বৈষয়িক অৱস্থা এটাই ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণৰ বাবে প্ৰয়োজনীয় উৎসাহ-উদ্দীপনা আৰু প্ৰণোদন যোগাব পাৰে। ফলত শিক্ষা সাৰ্থক কৰি তুলিব পাৰি। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ছাত্ৰৰ শিক্ষাৰ বাবে ই এক অতি প্ৰয়োজনীয় চৰ্তবিশেষ। ইয়াৰ অভাৱত ছাত্ৰৰ শিক্ষাগ্ৰহণ কাৰ্য প্ৰাণহীন এক যন্ত্ৰচালিত ক্ৰিয়াত পৰিণত হয়।

(২) শিক্ষকৰ কৰ্মক্ষমতাঃ

শিক্ষাৰ উন্নত বৈষয়িক পৰিৱেশে শিক্ষকসকলৰ মনত নতুন ক্ৰিয়াৰ প্ৰেৰণা যোগাব পাৰে। তেওঁলোকে নতুন উৎসাহ-উদ্দীপনাৰে শিক্ষাদানৰ নতুন আঁচনি আৰু ক্ৰিয়া-কৌশল গ্ৰহণৰ মানসিক প্ৰস্তুতি লাভ কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ কাৰ্যদক্ষতা দুগুণে বৃদ্ধি কৰি তুলিব পাৰে। ইয়াৰ অভাৱ হ’লে তেওঁলোকৰ শিক্ষাদান কাৰ্যৰ গতানুগতিকতাই স্বাভাৱিকতেই উদ্যমহীন কৰি তুলিব পাৰে।

(৩) চৰিত্ৰ গঠনঃ

শিক্ষাৰ যোগেদি ছাত্ৰৰ চৰিত্ৰ গঠনৰ কথা সঘনে উচ্চাৰণ কৰা হয়। এই চৰিত্ৰ গঠন কাৰ্য বাস্তৱ ক্ষেত্ৰত স্কুলৰ উন্নত বৈষয়িক পৰিৱেশ এটাইহে গঢ় দি তুলিব পাৰে। উন্নত পৰিৱেশত ছাত্ৰই সুস্থ আৰু গঠনাত্মক প্ৰবৃত্তিসমূহ শিক্ষা-অনুশীলনৰ সুবিধা পায়। ফলত তাৰ পুনৰাবৃত্তিৰ যোগেদি সি অভ্যাসত পৰিণত হয়। এইদৰে গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণসমূহৰ সু-সংগঠন আৰু স্থায়িত্বতাই ছাত্ৰৰ চৰিত্ৰ গঠন কৰি তোলে। সেয়েহে ই ছাত্ৰৰ নৈতিক জীৱনো উন্নত মানৰ কৰি তোলে।

(৪) দলীয়-মন শক্তিশালীকৰণঃ

এখন শিক্ষানু্ষ্ঠানৰ বৈষয়িক দিশৰ উন্নত অৱস্থা প্ৰতিজন ছাত্ৰ-শিক্ষকৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁলোকে সকলোৱে এনে গৌৰৱ অনুভৱ কৰে তাক অক্ষুণ্ণ ৰাখিবৰ বাবে সকলো সময়তে প্ৰযত্নবান হৈ উঠে। শিক্ষানুষ্ঠানৰ প্ৰতি এনে আত্ম-সচেতনতা আৰু আত্ম-গৰিমাবোধ ভাবে তেওঁলোকৰ দলীয় মন আৰু সামূহিক জীৱন স্বাভাৱিকতেই অধিক শক্তিশালী কৰি তুলিব পাৰে।

(৫) আত্মশিক্ষাৰ নীতিঃ

বৰ্তমানৰ শিক্ষা শিশুকেন্দ্ৰিক কৰি তুলিবৰ বাবে ছাত্ৰৰ আত্মক্ৰিয়া আৰু আত্মশিক্ষাৰ নীতি গ্ৰহণ কৰা হয়। এই নীতি কাৰ্যকৰীকৰণৰ বাবেও স্কুলৰ উন্নত বৈষয়িক অৱস্থা এটাৰ প্ৰয়োজন। খেলাৰ যোগেদি শিক্ষা প্ৰদানৰ বাবে নানাবিধ খেলা-ধূলাৰ সা-সঁজুলি আৰু পৰিৱেশীয় সা-সুবিধা শিশুক প্ৰদান কৰিব লাগে। স্কুলৰ উন্নত পৰিৱেশ অবিহনে সি সম্ভৱ হৈ উঠিব নোৱাৰে।

(৬) ইতিবাচক মনোভাব গঠনঃ

স্কুলৰ উন্নত বৈষয়িক অৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মনত এক সুস্থ ইতিবাচক মনোভাব আৰু দৃষ্টিভংগী গঠন কৰি তুলিব পৰাটো এক গুৰুত্বপূৰ্ণ কথা। ইয়াৰ ফলত জীৱনৰ সকলো কথা আৰু বিষয়ৰ প্ৰতি তেওঁলোকে গঠনমূলক দৃষ্টিভংগীৰে প্ৰকৃত ৰূপত নিজ বিচাৰ-বিবেচনা প্ৰয়োগ কৰিব পাৰে। এনে এক অৱস্থাই তেওঁলোকক বিভিন্ন সামাজিক পৰিৱেশত সুস্থ সমাযোজনতো সহায় কৰি তুলিব পাৰে।

(৭) শিক্ষা-অপচয় ৰোধকৰণঃ

শিক্ষাৰ নিম্নমানৰ বৈষয়িক পৰিৱেশৰ ফলত ছাত্ৰই স্কুল ত্যাগ কৰা, শিক্ষা অসমাপ্ত কৰি নিৰক্ষৰতাৰ সংখ্যা বৃদ্ধি কৰি তোলাটো এক স্বাভাৱিক ঘটনা। বিশেষকৈ আমাৰ দেশৰ প্ৰাথমিক পৰ্যায়ত ই এটা জটিল সমস্যাত পৰিণত হৈছে। এনে সমস্যা সমাধানৰ সহজ উপায় হৈছে স্কুলৰ বৈষয়িক অৱস্থা উন্নতমানৰ কৰি তোলা। বৰ্তমান সেয়েহে আমাৰ প্ৰাথমিক শিক্ষাৰ গুণ আৰু পৰিমাণ দুয়োটা দিশৰেই বিকাশ সাধনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উঠা হৈছে।

স্কুলৰ বৈষয়িক অৱস্থা কেনে হ’ব লাগেঃ

এখন আদৰ্শ স্কুল স্থাপনৰ কথা ভাবিলে আমি তাৰ বিভিন্ন দিশৰ কথা চিন্তা কৰিব লাগে। স্কুলখন কোন ঠাইত অৱস্থিত, তাৰ মাটিকালি কিমান, স্কুলঘৰটোৰ অৱস্থা কেনে, শ্ৰেণীকক্ষবোৰ কিমান আহল-বহল, পৰীক্ষাগাৰ আৰু কৰ্মশালাৰ প্ৰয়োজনীয় সা-সঁজুলি আছে নে নাই, পুথিভঁৰালৰ অৱস্থা কেনে, খেলপথাৰ স্থাপনৰ সুবিধা আছে নে নাই আৰু এই সকলোবোৰ অৱস্থা পূৰণৰ বাবে স্কুলৰ আৰ্থিক পুজিৰ অৱস্থা কেনে ইত্যাদি কথা সাধাৰণভাৱে বিবেচনা কৰিব লাগে। স্কুলৰ শিক্ষা-কৰ্তৃপক্ষইও এখন আদৰ্শ স্কুল স্থাপনৰ বাবে কেতবোৰ ন্যূনতম প্ৰয়োজনীয় চৰ্ত আৰোপ কৰে। এনেবোৰ চৰ্ত পূৰণ কৰিব পৰা নহ’লে এখন স্কুল স্থাপনৰ অনুমতি আৰু স্বীকৃতি দিয়া নহয়। কাৰণ বৈষয়িক দুৰৱস্থাৰ স্কুল স্থাপনে শিক্ষাৰ গুণগত মানদণ্ড নিম্ন-মানবিশিষ্ট কৰি তোলে। সেইবাবে স্কুলৰ বৈষয়িক অৱস্থাৰ প্ৰতি চকু ৰখাটো শিক্ষা-কৰ্তৃপক্ষৰো এক প্ৰধান কৰ্তব্য। সি যি কি নহওক, বৈষয়িক অৱস্থাৰ বিভিন্ন দিশৰ আদৰ্শ-মানবিশিষ্টতাৰ প্ৰতি নিম্নলিখিতভাৱে বিবেচনা কৰিব পাৰি।

(১) অৱস্থান আৰু ভূমিখণ্ডঃ

এখন স্কুল স্থাপনৰ বাবে সৰ্বপ্ৰথমে বিবেচ্য বিষয় হৈছে তাৰ অৱস্থান বা ভূমিখণ্ড। য’তে ত’তে আৰু যিকোনো অৱস্থাতে এখন স্কুল স্থাপন কৰিব নোৱাৰি। ঠাইখনৰ অৱস্থিতি আৰু পৰিৱেশে শিক্ষাগ্ৰহণত অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলায়। সেইবাবে সুস্থ শিক্ষণ-কাৰ্য সম্পাদনৰ বাবে স্কুলৰ অৱস্থিতিয়ে কেতবোৰ প্ৰয়োজনীয় চৰ্ত পূৰণ কৰিব লাগে। এই প্ৰসংগত আমাৰ বিবেচনাযোগ্য কেইটামান প্ৰয়োজনীয় দিশৰ প্ৰতি নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

স্কুলৰ অৱস্থিতি জনবসতিপূৰ্ণ অঞ্চলৰ মাজত হ’ব নালাগে। তেনে অঞ্চলৰ পৰা নিলগত এক নিৰিবিলি শান্তিপূৰ্ণ স্থান বাচি ল’ব লাগে।

যাতায়তৰ সুবিধা থকা ঠাই হ’লেও ইয়াৰ অৱস্থিতি ঘাই পথৰ নিচেই কাষত হ’ব নালাগে। ছাত্ৰ-ছাত্ৰীসকলৰ যান-বাহনৰ পৰা বিপদমুক্ততাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

স্কুলঘৰৰ অৱস্থান কিছু ওখ, ফৰকাল আৰু ৰ’দ পৰা ঠাইত হ’ব লাগে। পানী বন্ধ হৈ থকা জেকা, চেচুকীয়া আৰু ওচৰত গেলা-পচা বস্তুৰ দম বন্ধা হ’ব নালাগে।

স্কুলৰ ওচৰত কোনো কল-কাৰখানা, শিল্প-প্ৰতিষ্ঠান, চিনেমা হল, বজাৰ বা তেনে কোনো জন-কোলাহোলৰ পৰিৱেশ থাকিব নালাগে।

ছাত্ৰৰ মনত সুস্থ প্ৰভাৱ পেলাব পৰাকৈ স্কুলৰ ওচৰত পাহাৰ, পথাৰ, পাৰ্ক আদিৰ মনোৰম প্ৰাকৃতিক দৃশ্য থাকিব লাগে।

স্কুলৰ অৱস্থান চিকিৎসালয় বা তেনে কোনো সামাজিক কল্যাণমূলক অনুষ্ঠানৰ ওচৰত হ’ব লাগে।

ছাত্ৰ-ছাত্ৰীৰ বাসগৃহৰ সমীপৱৰ্তী স্থানত স্কুল স্থাপিত হ’ব লাগে। প্ৰাথমিক স্কুলৰ ছাত্ৰৰ বাবে এক মাইলৰ কম আৰু মাধ্যমিক স্কুলৰ ছাত্ৰৰ বাবে দুই মাইলৰ কম দূৰত্ব হ’ব লাগে।

স্কুলৰ ভৱিষ্যৎ প্ৰয়োজন মতে সম্প্ৰসাৰণ কৰিব পৰাকৈ আৱশ্যকীয় ভূমিখণ্ড সংৰক্ষিত কৰি ৰাখিব লাগে।

(২) স্কুল-গৃহঃ

এখন স্কুলৰ বৈষয়িক অৱস্থা, তাৰ শিক্ষাদানৰ গাম্ভীৰ্য আদি গৃহ বা স্কুল-বিল্ডিংটোৱেই বাহ্যিকভাৱে প্ৰকাশ কৰিব পাৰে। সুস্থ শৰীৰতহে সুস্থ মন সম্ভৱ হ’ব পাৰে। সেইদৰে উন্নত স্কুল-গৃহ এটাতহে ছাত্ৰ-ছাত্ৰীৰ শক্তিশালী মানসিক আৰু বৌদ্ধিক জীৱন গঢ় লৈ উঠিব পাৰে। স্থাপত্য শিল্পৰ সুন্দৰতাৰে নিৰ্মিত স্কুল-গৃহটোৱে ছাত্ৰ-শিক্ষকৰ মনত মানসিক চিন্তা-চৰ্চাৰ প্ৰথম প্ৰয়োজনীয় প্ৰস্তুতি আনি দিয়ে। ই তেওঁলোকৰ মনত গৌৰৱ আৰু কৰ্মপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠে। বৰ্তমান শিক্ষাৰ ক্ৰমবৰ্ধিত প্ৰয়োজনৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি স্কুলঘৰ নিৰ্মাণ কৰা কাৰ্য নিচেই সহজ হৈ থকা নাই। এটা উন্নত স্কুল-গৃহই বৰ্তমান সমাজৰ প্ৰয়োজন হোৱা ন ন পাঠ্যবিষয়ৰ আৰু সহ-পাঠ্যক্ৰম কাৰ্যসূচীবোৰৰ ভিন ভিন প্ৰয়োজন পূৰণ কৰিব লাগে। আধুনিক শিক্ষাৰ উন্নত কলাত্মক আৰু বিজ্ঞান তথা কাৰিকৰী-বিজ্ঞানভিত্তিক শিক্ষণ পদ্ধতিসমূহ কাৰ্যকৰীকৰণৰ ই সুবিধা দিব লাগে। শিক্ষক আৰু ছাত্ৰৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে সকলো বৈষয়িক সা-সুবিধাৰ ই যোগান ধৰিব লাগে। তেওঁলোকৰ দৈহিক, মানসিক স্বাস্থ্যৰক্ষাৰ সকলো দিশৰ প্ৰয়োজনীয়তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ইয়াৰ উপৰি বৰ্তমান স্কুল সমাজ বা সম্প্ৰদায়ৰো প্ৰয়োজনীয় অংশবিশেষত পৰিণত হৈ উঠিছে। এই সমাজৰ বৃহত্তৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক প্ৰয়োজনীয়তালৈ চাই স্কুলগৃহই সকলো বৈষয়িক সা-সুবিধাৰ যোগান ধৰিব লাগে। এই সকলোবোৰ কথা বিবেচনাৰে সহজেই অনুভৱ কৰি উঠিব পাৰি যে বৰ্তমান স্কুলগৃহ নিৰ্মাণৰ ধাৰণা অধিক জটিলতৰ হৈ উঠিছে। এই প্ৰসংগত অধিক আলোচনালৈ নগৈ এখন আদৰ্শ স্কুলঘৰ নিৰ্মাণৰ প্ৰয়োজনীয় দৃষ্টিকোণসমূহ নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰিব পাৰি।

স্কুলৰ সামূহিক প্ৰয়োজন বহলভাৱে বিবেচনা কৰি স্কুলঘৰ নিৰ্মাণৰ পূৰ্বে এখন নক্সা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে।

স্কুলগৃহটোৱে ছাত্ৰৰ মনত প্ৰকৃত অৰ্থত জ্ঞানৰ মন্দিৰ স্বৰূপ ভাব জগাই তুলিব পৰাকৈ ইয়াৰ বাহ্যিক দৃশ্য গাম্ভীৰ্যপূৰ্ণ কৰি তুলিব লাগে।

স্কুলঘৰটোৰ ছাত্ৰ-শিক্ষক আৰু সংশ্লিষ্ট সকলো লোকৰেই স্বাস্থৰক্ষা কৰিব পৰাকৈ শীত-তাপ, পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে।

পাঠ্যক্ৰমৰ সকলোবোৰ বিষয়ৰ সুচাৰুৰূপে অধ্যয়ন, সহ-পাঠ্যক্ৰম আৰু সামাজিক ক্ৰিয়া আঁচনি আদি ভালদৰে পৰিচালনা কৰিব পৰাকৈ স্কুলঘৰটোৰ কোঠাবোৰ নিৰ্মাণ কৰিব লাগে।

প্ৰধান শিক্ষকে কেন্দ্ৰস্থ ব্যক্তি স্বৰূপে স্কুলৰ সকলো ক্ৰিয়া-কলাপ সুচাৰুৰূপে পৰিদৰ্শন আৰু পৰিচালনা কৰিব পৰাকৈ তেওঁৰ কাৰ্যালয়টো কেন্দ্ৰস্থলত স্থাপন কৰিব লাগে।

শিক্ষকৰ কোঠা, ছাত্ৰ আৰু ছাত্ৰীৰ জিৰণি কোঠা, শ্ৰেণীকক্ষ, পৰীক্ষাগাৰ, কৰ্মশালা, পুথিভঁৰাল, সহ-পাঠ্যক্ৰম পৰিচালনা কক্ষ আদি সকলো দিশৰ যাৱতীয় কাৰ্য পৰিচালনাৰ বাবে একো একোটা পৃথক পৃথক গোট স্বৰূপে গঢ় দি তুলিব লাগে।

স্কুলৰ শিক্ষা বিকাশৰ ভৱিষ্যৎ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰয়োজন মতে সম্প্ৰসাৰণ কৰাৰ সুবিধা ৰাখিব লাগে।

আধুনিক শিক্ষাৰ প্ৰয়োজন অধিক উন্নত স্তৰলৈ গতি কৰাৰ লগে লগে স্কুলগৃহৰ নিৰ্মাণ কৌশলো অধিক জটিল হৈ পৰিছে। শিক্ষাদানৰ বাবে কেৱল শ্ৰেণীকক্ষ নিৰ্মাণেই যথেষ্ট নহয়। ইয়াৰ উপৰিও অন্যান্য কাৰ্য পৰিচালনাৰ বিবিধ কক্ষ থাকিব লাগে। এইসমূহ হৈছে- (১) অডিটৰিয়াম (২) বিজ্ঞানৰ শ্ৰেণী-সংযোজিত পৰীক্ষাগাৰ (৩) হস্তশিল্পৰ কোঠা (৪) কলা-কক্ষ (৫) গাৰ্হস্থ্য বিজ্ঞানৰ কোঠা (৬) সংগীত-কক্ষ (৭) স্কুলৰ সংগ্ৰহালয় (৮) ভোজনালয়, (৯) যোগান আৰু গুদাম ঘৰ (১০) অফিচৰ কাৰ্যালয় ইত্যাদি।

(৩) শ্ৰেণীকক্ষঃ

স্কুলৰ শ্ৰেণীকক্ষসমূহক প্ৰকৃত অৰ্থত একো একোটা জাতি বা দেশ গঠনৰ নিৰ্মাণক্ষেত্ৰ স্বৰূপে বৰ্ণনা কৰিব পাৰি। ই ছাত্ৰ আৰু শিক্ষক উভয়ৰে বাবে শিক্ষণ অধ্যয়নৰ এটা পৰীক্ষাগাৰ স্বৰূপ। সেয়েহে এই কথাৰ সাৰ্থকতা পূৰণ কৰিব পৰাকৈ বৰ্তমানৰ শ্ৰেণীকক্ষবোৰ গঢ় দি তোলা উচিত। শ্ৰেণীকক্ষৰ উন্নত পৰিৱেশে ছাত্ৰ-শিক্ষকৰ মনত তেওঁলোকৰ নিজ নিজ ক্ৰিয়াৰ বাবে প্ৰেৰণা আৰু প্ৰণোদন যোগাব পাৰিব লাগে। ইয়াৰ বাবে শ্ৰেণীকক্ষৰ নিৰ্মাণ কৌশল আৰু প্ৰয়োজনীয় যা-যোগাৰ আদি সুপৰিকল্পিত কৰি তুলিব লাগে। এই প্ৰসংগত নিম্নলিখিত কথাকেইটা মন কৰিবলগীয়া।

শ্ৰেণীকক্ষ সচৰাচৰ ৫০ জন ছাত্ৰ ভালদৰে বহি লিখা-পঢ়া কৰিব পৰাকৈ আহল-বহল হ’ব লাগে। শ্ৰেণীৰ প্ৰতিজন ছাত্ৰৰ ওচৰলৈ গৈ শিক্ষকে ব্যক্তিগতভাৱে মনোযোগ দিব পৰাকৈ ঠাই থাকিব লাগে।

ছাত্ৰ-ছাত্ৰীসকলৰ বয়স আৰু দৈহিক উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখি বহা আসনবোৰ সাজিব লাগে। প্ৰতিখন বেঞ্চতে দুজনকৈ ছাত্ৰ বহিব পৰা হ’ব লাগে।

শ্ৰেণীকক্ষৰ আকাৰ দীঘল হোৱাৰ পৰিৱৰ্তে বহল হ’ব লাগে, যাতে সকলো ছাত্ৰই শিক্ষকক ভালদৰে দেখা আৰু শুনাৰ সুবিধা হয়।

ডেৰফুট বা দুফুট ওখকৈ ভেটি স্থাপন কৰি বা প্লেটফৰ্ম ব্যৱহাৰ কৰি শিক্ষকৰ স্থান শ্ৰেণীৰ সন্মুখত সুবিধাজনকভাৱে স্থাপন কৰিব লাগে।

প্লেটফৰ্মটোৰ সমানে দীঘলকৈ শিক্ষকৰ ব্যৱহাৰৰ বাবে আহল-বহল টেবুল সাজিব লাগে। তেওঁৰ পিছফালে থকা বেৰত প্লেটফৰ্মৰ সমানে দীঘলকৈ ব্লেকবোৰ্ড সংযোজন কৰিব লাগে।

শ্ৰেণীৰ সন্মুখৰ ফালে শিক্ষকৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় ছেল্ফ, আলমাৰী আদি স্থাপন কৰিব লাগে আৰু কিতাপ-পত্ৰ আদি কৰি সকলো প্ৰয়োজনীয় সা-সঁজুলি সুসংৰক্ষিত কৰি ৰাখিব লাগে।

শ্ৰেণীকক্ষত যথোচিতভাৱে পোহৰ আৰু বায়ু চলাচল কৰা ব্যৱস্থা থাকিব লাগে। সন্মুখৰ পৰা অহা পোহৰে যাতে বোৰ্ডখনত প্ৰতিফলিত হৈ ছাত্ৰক দেখাত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

প্ৰতিটো শ্ৰেণীকক্ষ এনেদৰে সাজিব লাগে যাতে এটা কক্ষৰ শিক্ষাদান কাৰ্যই ওচৰৰ আনটো কক্ষত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে।

(৪) বিজ্ঞানৰ পৰীক্ষাগাৰঃ

বৰ্তমান স্কুলত বিজ্ঞান শিক্ষা অপৰিহাৰ্য স্বৰূপে বিবেচনা কৰা হয়। ছাত্ৰৰ মনত জ্ঞান-অভিজ্ঞতাৰ বিজ্ঞানসন্মত দৃষ্টিভংগী জগাই তোলাত আৰু প্ৰকৃতিৰ বুকুত লুকাই থকা বিজ্ঞানৰ ৰহস্য উদ্ঘাটন কৰাত স্কুলৰ বিজ্ঞানাগাৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত সৃষ্টিশীল ক্ষমতাই ইয়াতেই প্ৰকাশৰ পথ বিচাৰি পায়। ইয়াৰ উপৰি যিকোনো অধ্যয়নৰ বিষয়ৰ পৰা তথ্যভিত্তিক আৰু প্ৰণালীবদ্ধভাৱে জ্ঞান আহৰণৰ প্ৰৱণতা তেওঁলোকৰ মনত জাগি উঠে, যি উচ্চশিক্ষাৰ বাবে অতি প্ৰয়োজন। এই সকলোবোৰ কথা স্কুলৰ পৰীক্ষাগাৰবোৰৰ উন্নত অৱস্থা আৰু আধুনিক সা-সুবিধাবোৰৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰসংগত পৰীক্ষাগাৰবোৰৰ কেতবোৰ বিশেষ বিশেষ প্ৰয়োজনীয় অৱস্থাৰ প্ৰতি নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

স্কুলৰ পৰীক্ষাগাৰটো স্কুলঘৰৰ এটা দিশত অৱস্থিত হ’ব লাগে। দুটা সাধাৰণ শ্ৰেণীকক্ষৰ মাজত ইয়াক স্থাপন কৰিব নালাগে।

পৰীক্ষাগাৰৰ প্ৰয়োজন অনুসৰি গেচ, পানী আৰু বিজুলী সংযোগ স্থাপন কৰিব লাগে।

উদ্ভিদবিদ্যা আৰু জীৱবিদ্যা অধ্যয়নৰ বাবে পৰীক্ষাগাৰৰ লগতে উদ্যান স্থাপন আৰু পশুপালনৰো সুবিধা কৰিব লাগে।

বিজ্ঞান শিক্ষাৰ বিভিন্ন আহিলা-পাতি আৰু ৰাসায়নিক পদাৰ্থ আদি ভালদৰে ৰাখিবৰ বাবে ব্যৱস্থা কৰিব লাগে।

বিপদজনক পদাৰ্থ আৰু দামী আহিলা-পাতি আচুতীয়াকৈ নিৰাপদে ৰাখিবৰ বাবে পৃথক ব্যৱস্থা কৰিব লাগে।

পৰীক্ষাগাৰৰ লগতে শ্ৰেণী-সংযোগৰো ব্যৱস্থা থাকিব লাগে, যাতে সংশ্লিষ্ট বিষয়ৰ তাত্বিক ব্যাখ্যা শিক্ষকে ছাত্ৰসকলক প্ৰদান কৰিব পাৰে।

পৰীক্ষাগাৰৰ ভিতৰত শ্লাইড, প্ৰদৰ্শনীৰ বাবে স্ক্ৰীণ স্থাপন কৰি শিক্ষা দিয়াৰো ব্যৱস্থা কৰিব লাগে।

পৰীক্ষাগাৰৰ বস্তুবোৰৰ হিচাপ ৰখা, তাক ভালদৰে তদাৰক কৰা আৰু মেৰামতি কৰা আদিৰ বাবে কৰ্মচাৰী নিয়োগ কৰিব লাগে।

পৰীক্ষাগাৰৰ মূল দায়িত্ব বিভাগীয় শিক্ষকৰ হাতত থাকিব লাগে।

গ্ৰন্থাগাৰঃ

স্কুল-কলেজৰ গ্ৰন্থাগাৰ বা পুথিভঁৰাল ছাত্ৰ-ছাত্ৰীৰ এজন নীৰৱ শিক্ষক স্বৰূপে বৰ্ণনা কৰিব পাৰি। আধুনিক শিক্ষা শিশুকেন্দ্ৰিক হৈ উঠাৰ লগে লগে ই গ্ৰন্থাগাৰকেন্দ্ৰিকো হৈ উঠিছে। অৰ্থাৎ শিক্ষকৰ মৌখিক ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে ছাত্ৰসকলে নিজ প্ৰচেষ্টাৰে গ্ৰন্থাগাৰত পুথি অধ্যয়নৰ যোগে প্ৰয়োজনীয় বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ মনত এক অধ্যয়ন-প্ৰীতি আৰু পঠন অভ্যাস জগাই তোলাটো অতি প্ৰয়োজন। এই দায়িত্ব হৈছে স্কুলৰ গ্ৰন্থাগাৰ আৰু ইয়াৰ পৰিচালকৰ ওপৰত। ইয়াৰ উপৰিও বৰ্তমান সময়ত জ্ঞান-অভিজ্ঞতাৰ বৰ্ধিত পৰিসৰ আৰু তাক আহৰণৰ বাবে গ্ৰহণ কৰা ব্যক্তিকেন্দ্ৰিক শিক্ষণ পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থাগাৰৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি। এই প্ৰসংগত ইয়াৰ কেতবোৰ প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থাৰ প্ৰতি নিম্নলিখিতভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰি।

স্কুলৰ গ্ৰন্থাগাৰ শ্ৰেণীকক্ষৰ পৰা কিছু আঁতৰত এক শান্তিপূৰ্ণ পৰিৱেশত স্থাপন কৰিব লাগে।

গ্ৰন্থাগাৰৰ লগত সংলগ্ন কৰি আহল-বহলকৈ এক পাঠাগাৰ স্থাপন কৰিব লাগে আৰু তাৰ অধ্যয়নৰ সকলো সুবিধা থাকিব লাগে।

এই পাঠাগাৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰি পুথি অধ্যয়নৰ বাবে আৱশ্যকীয় পৰিৱেশ সৃষ্টি কৰিব লাগে।

বিভিন্ন বিষয়ৰ পুথি সহজে পাব পৰাকৈ বিষয়-বস্তুৰ ওপৰত ভিত্তি কৰি পুথিসমূহ সজাই থ’ব লাগে।

সাময়িক আলোচনী আৰু বাতৰি কাকত পৰিৱেশনৰ এটা বিশেষ শাখা পাঠাগাৰৰ লগত সংলগ্ন থাকিব লাগে।

পুথিসমূহৰ উপযুক্ত নিৰ্বাচন আৰু অধ্যয়নৰ বাবে শিক্ষকে ছাত্ৰসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে।

ছাত্ৰসকলক পুথি অধ্যয়নৰ বাবে আকৰ্ষিত কৰি তুলিবলৈ সময়ে সময়ে পুথি-প্ৰদৰ্শনীৰো আয়োজন কৰিব লাগে।

(৬) স্কুলৰ সংগ্ৰহালয়ঃ

এখন পূৰ্ণ পৰ্যায়ৰ স্কুল স্থাপন কৰিবলৈ হ’লে এটা সংগ্ৰহালয়ৰো প্ৰয়োজন। ইয়াত সাধাৰণতে বুৰঞ্জীমূলক, হস্তশিল্প, কলা-ভাস্কৰ্য, বিজ্ঞান আদি বিষয়ৰ আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য বস্তু সংগ্ৰহ আৰু পৰিৱেশন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ প্ৰয়োজন পূৰণৰ দৃষ্টিকোণৰ পৰা স্কুলৰ সংগ্ৰহালয় বিশেষ তাৎপৰ্যপূৰ্ণ বুলিব পাৰি। এটা সময়ত তেওঁলোকৰ সংগ্ৰহ প্ৰবৃত্তি স্বাভাৱিকতেই অতি প্ৰবল হৈ উঠে। ইয়াক স্কুল সংগ্ৰহালয়ৰ দ্বাৰা এক গঠনাত্মক ৰূপ দিব পাৰি। ইয়াৰ উপৰি ছাত্ৰই নিজ হাতে সজা বিভিন্ন বস্তু আৰু হস্তশিল্পৰ উপাদান ইয়াত সংগ্ৰহ আৰু পৰিৱেশন কৰিব পাৰি। এনে কাৰ্যই তেওঁলোকৰ সৃজনাত্মক ক্ষমতাক স্বীকৃতি আৰু উৎসাহ প্ৰদান কৰাৰ লগতে ভৱিষ্যতৰ বাবেও সি প্ৰেৰণাদায়ক হৈ ৰব পাৰে। ছাত্ৰৰ মনত ভিন ভিন শিক্ষা আৰু ক্ৰিয়াৰ প্ৰতি বিশেষীকৰণৰ প্ৰৱণতাও ই জগাই তুলিব পাৰে। এনে উদ্দেশ্য সাধনত স্কুল সংগ্ৰহালয়টো প্ৰয়োগ কৰিবৰ বাবে ইয়াৰ বৈষয়িক অৱস্থাৰ কেতবোৰ বিশেষ কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যেনে-

দৃষ্টি-সংবেদনৰ প্ৰত্যক্ষ অভিজ্ঞতাৰে ছাত্ৰই নিজ মনৰ স্বাভাৱিক কৌতূহল পূৰণ কৰিব পৰাকৈ কেতবোৰ আপুৰুগীয়া বস্তু স্কুলত সংগ্ৰহ আৰু পৰিৱেশন কৰিব লাগে।

ছাত্ৰই সজা আৰু সংগ্ৰহ কৰা বস্তুবোৰ বিভিন্ন ভাগত শ্ৰেণীকৰণ কৰি সংগ্ৰহালয়ত পৰিৱেশন কৰিব লাগে।

পুৰণি বস্তুবোৰ ধূলি পৰি অনাদৰত যাতে নষ্ট হ’ব নোৱাৰে তাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে।

সংগ্ৰহালয়ৰ বস্তুবোৰক কলা, বিজ্ঞান আৰু বুৰঞ্জীমূলক স্বৰূপেও বিভাজন কৰি পৰিৱেশন কৰিব পাৰি।

স্কুলৰ বিশেষ উৎসৱ আৰু সমাৰোহ আদি অনুষ্ঠিত কৰাৰ সময়ত স্কুল সংগ্ৰহালয়টো সকলো লোকৰ প্ৰদৰ্শনীৰ বাবে মুকলি কৰি ৰাখিব লাগে।

স্কুল-সংগ্ৰহালয়ৰ পৰিচালনা সমিতি গঠন কৰি ছাত্ৰ, শিক্ষক উভয়কেই পৰিচালনাৰ দায়িত্ব দিব লাগে।

(৭) কৰ্মশালাঃ

বৰ্তমান শিক্ষা কৰ্মমুখী আৰু কৰ্মকেন্দ্ৰিক হৈ উঠাৰ লগে লগে কৰ্মশালা একোটাৰ প্ৰয়োজন স্বাভাৱিকতেই আহি পৰে। শিক্ষাৰ লক্ষ্য-আদৰ্শৰ ফালৰ পৰাও কোৱা হয় যে উপযোগিতা, উৎপাদনশীলতা আৰু প্ৰায়োগিকতা শিক্ষাৰ মুখ্য বিবেচ্য বিষয় হোৱা উচিত। সেয়েহে ছাত্ৰসকলক বাস্তৱ জীৱনৰ উপযোগীকৈ কৰ্ম-অভিজ্ঞতামূলক শিক্ষা দিব লাগে। বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষা বৃত্তিমুখী কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এনে অৱস্থাত স্কুলৰ কৰ্মশালা এখন উপযুক্তভাৱে স্থাপন কৰিব পাৰিলেহে শিক্ষাৰ এনে লক্ষ্য-আদৰ্শ কাৰ্যকৰী কৰি তোলাটো সম্ভৱ হ’ব পাৰে।

কৰ্মশালা এখনত ছাত্ৰৰ বৃত্তিমূলক আৰু কাৰ্যকৰী বিষয়ৰ শিক্ষাৰ বাবে বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰিব পাৰি, ইয়াৰ ভিতৰত বাঁহ-কাঠৰ কাম, ধাতুৰ কাম, মাটিৰ কাম, কাপোৰৰ কাম, টাইপ ৰাইটিং, বৈদ্যুতিক ক্ৰিয়া, অটোম’বাইল ক্ৰিয়া আদি বৰ্তমানৰ সময়োপযোগীকৈ নিৰ্বাচন কৰিব পাৰি। ইয়াৰ বাবে আধুনিক বিধৰ উন্নত সা-সঁজুলি প্ৰয়োগৰ ব্যৱস্থা থাকিব লাগে। কৰ্মশালাত প্ৰয়োজন অনুসৰি লাইট, ফেন আৰু আহিলা-পাতিবোৰ সুবিধাজনকভাৱে প্ৰয়োগ আৰু সংৰক্ষণৰ সকলো ব্যৱস্থা থাকিব লাগে। বায়ু, পোহৰ আদিৰ অভাৱত যাতে ছাত্ৰসকলৰ কোনো ধৰণৰ দৈহিক অনিষ্ট সাধন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মশালাটো স্থাপন কৰিব লাগে। ইয়াৰ উপৰিও কোনো ধৰণৰ সম্ভাৱ্য আকস্মিক দুৰ্ঘটনা আদিৰ প্ৰতিও প্ৰয়োজনীয় ব্যৱস্থা থাকিব লাগে।

(৮) স্কুলৰ কাৰ্যালয়ঃ

কাৰ্যালয়টোৰ সুব্যৱস্থাই এখন শিক্ষানুষ্ঠানৰ প্ৰশাসনীয় কাৰ্যদক্ষতা স্বাভাৱিকতেই বৃদ্ধি কৰি তোলে। ছাত্ৰ, শিক্ষক, অভিভাৱক, কৰ্মচাৰী আৰু আন সকলো কাৰ্যালয়ৰ লগত সম্বন্ধ ৰক্ষা কৰি চলিব লাগে। কাৰ্যালয়ৰ সুশৃংখলতাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত অনুশাসনৰ প্ৰৱণতাও জগাই তুলিব পাৰে। স্কুলৰ সকলো পক্ষৰ লোকৰ ক্ৰিয়া-সহযোগিতা আৰু সমন্বয় সাধনত ই মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইবাবে স্কুলৰ বৈষয়িক অৱস্থাৰ প্ৰসংগত স্কুল-কাৰ্যালয় আমাৰ মুখ্য বিবেচ্য বিষয়।

এই কাৰ্যালয়টোক ইয়াৰ অধিক ক্ৰিয়া-সক্ষমতাৰ বাবে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- (১) অধ্যক্ষৰ কোঠা (২) সাক্ষাৎকাৰীসকলৰ অপেক্ষা কৰা কোঠা (৩) অফিচ-কৰ্মচাৰীসকলৰ কোঠা আৰু (৪) অফিচৰ তথ্যপাতি সংগ্ৰহৰ কোঠা। এই আটাইকেইটা কোঠা এটাৰ লগত আনটো সংলগ্ন কৰা হ’ব লাগে। কাৰ্যালয়ৰ বিভিন্ন ক্ৰিয়া সম্পাদনৰ বাবে কৰ্মচাৰীসকলৰ ক্ৰিয়া বিভাজিত হ’ব লাগে। মূল্যৱান তথ্যপাতিবোৰ সহজে পাব পৰাকৈ শৃংখলাবাদ্ধভাৱে অফিচ ফাইলবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

(৯) অডিটৰিয়ামঃ

ইয়াক এচেম্বলি হল বুলিও জনা যায়। এখন পূৰ্ণাংগ স্কুলৰ বাবে অডিটৰিয়াম হৈছে অপৰিহাৰ্য অংশবিশেষ। ছাত্ৰ-শিক্ষক সকলোৱে বিভিন্ন সময়ত আৰু বিভিন্ন কাৰণত একত্ৰিত হৈ সমূহীয়াভাৱে সামাজিক ক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে। সমূহীয়া প্ৰাৰ্থনা, সভা-সমিতি স্থাপন, বিশিষ্ট ব্যক্তিৰ কথিকা, আলোচনা চক্ৰ তথা নৃত্য-গীত, নাট্যাভিনয় আদিৰ বাবে এটা আহল-বহল সুবিধা থকা অডিটৰিয়ামৰ প্ৰয়োজন। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ-প্ৰৱণতা ভাব জগাই তুলিব পাৰি আৰু তেওঁলোকৰ সমূহ মন (Group mind) শক্তিশালী কৰি তুলিব পাৰি। স্কুলৰ সামাজিক জীৱনৰ সাম্প্ৰদায়িক অনুভূতি বিকশাই তোলাত অডিটৰিয়ামৰ অৱদান মন কৰিবলগীয়া। শ্ৰেণীকক্ষ পাঠ্য বিষয় শিক্ষাৰ স্থান বুলি গণ্য কৰিলে স্কুলৰ অডিটৰিয়ামটো সহ-পাঠ্য বিষয়ৰ শিক্ষাৰ স্থান স্বৰূপে বিবেচনা কৰিব পাৰি।

এই অডিটৰিয়ামটো সাধাৰণ শ্ৰেণীকক্ষৰ পৰা আঁতৰত যদিও স্কুলৰ কেন্দ্ৰস্থলত স্থাপন কৰিব লাগে, যাতে সকলো ছাত্ৰ-শিক্ষক আৰু সৰ্বসাধাৰণ লোকেও তালৈ অহা-যোৱাৰ সুবিধা হয়। লাইট, ফেন আৰু মাইকৰ সুব্যৱস্থা হলটোত থাকিব লাগে। সন্মুখত থকা মঞ্চ এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে নৃত্য-নাট্যাভিনয়ৰ সকলো আধুনিক প্ৰয়োজন ই পূৰণ কৰিব পাৰে।

(১০) শিক্ষকৰ কোঠাঃ

স্কুলৰ বৈষয়িক অৱস্থাৰ ভিতৰত শিক্ষকৰ জিৰণি কোঠাৰ অৱস্থাও লেখত ল’বলগীয়া। শিক্ষকসকলৰ ব্যৱহাৰৰ বাবে সচৰাচৰ প্ৰতিখন শিক্ষানুষ্ঠানতে একোটা আচুতীয়া কোঠা থাকে। এই কোঠা শ্ৰেণীকক্ষবোৰৰ লগত সংলগ্ন হ’ব নালাগে যদিও স্কুলঘৰটোৰ কেন্দ্ৰস্থলত সুবিধাজনক ঠাইত স্থাপিত হ’ব লাগে। শিক্ষকসকলৰ ব্যক্তিগতভাৱে আৰু সমূহীয়াভাৱে প্ৰয়োগৰ সকলো যাৱতীয় সুবিধা ইয়াত থাকিব লাগে। কোঠাৰ বেৰত প্ৰতিজন শিক্ষকৰ বাবে পৃথক পৃথক ছেল্ফ স্থাপন কৰিব লাগে আৰু তেওঁলোকৰ ব্যক্তিগত বস্তু সুৰক্ষাৰ বাবে তলা-চাবিৰ ব্যৱস্থা কৰিব লাগে। কোঠাটোৰ কেন্দ্ৰস্থলত সুবিধাজনক ঠাইত এটা ৱাল-ক্লক স্থাপন কৰিব লাগে। শিক্ষকসকলৰ নিজ নিজ দৈনন্দিন কাৰ্যক্ৰম বেৰত ভালদৰে প্ৰদৰ্শিত হ’ব লাগে। পুৰুষ আৰু মহিলা শিক্ষকৰ ব্যৱহাৰৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা থাকিব লাগে। উল্লেখযোগ্য যে শিক্ষকৰ কৰ্মপ্ৰেৰণা, প্ৰণোদন আৰু পদ-মৰ্যাদা বহু পৰিমাণে শিক্ষকৰ জিৰণি কোঠাৰ উন্নত বৈষয়িক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।

স্কুলৰ বৈষয়িক অৱস্থা উন্নতকৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণঃ

ওপৰত এখন আদৰ্শ শিক্ষানুষ্ঠানৰ বৈষয়িক অৱস্থাৰ চিত্ৰ দাঙি ধৰা হৈছে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত আমাৰ দেশত প্ৰতিখন স্কুল তেনেদৰে গঢ় দি তোলাটো সম্ভৱপৰ নহয়। ইয়াৰ বাবে প্ৰচুৰ অৰ্থব্যৱস্থা, প্ৰশাসনীয় কাৰ্যদক্ষতা আৰু সৌন্দৰ্য চেতনাৰো প্ৰয়োজন। আনহাতে শিক্ষাৰ বৰ্তমান সামাজিক প্ৰয়োজন বৃদ্ধি হোৱাৰ লগে লগে অধিক সংখ্যক স্কুল স্থাপনৰ প্ৰয়োজন হৈ পৰিছে। ফলত স্কুলৰ বৈষয়িক অৱস্থাৰ গুণমান নিম্নগামী হোৱাটো স্বাভাৱিক। আনহাতে উন্নত মানবিশিষ্ট শিক্ষাদানৰ প্ৰয়োজনীয়তাৰ প্ৰতিও বৰ্তমান অধিক আত্মসচেতন হোৱা দেখা যায়। সেয়েহে শিক্ষাৰ গুণ আৰু পৰিমাণ সমানে বজাই ৰাখি চলাটো আজিৰ শিক্ষাৰ এক প্ৰধান সমস্যা স্বৰূপে দেখা দিছে। এই সমস্যা সমাধানৰ বাবে নতুন চিন্তা-চৰ্চাৰো প্ৰয়োজন হৈ পৰিছে। এই প্ৰসংগত আমাৰ প্ৰয়োজনীয় ব্যৱস্থা স্বৰূপে নিম্নলিখিত দিশসমূহ বিবেচনা কৰাটো প্ৰয়োজন।

(১) বৈষয়িক অৱস্থাৰ পূৰ্ণ উপযোগকৰণঃ

স্কুলৰ বৈষয়িক অৱস্থা যিয়েই নহওক কিয়, তাক উপযুক্তভাৱে সৎ ব্যৱহাৰ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ বিষয়। উল্লেখযোগ্য যে বৈষয়িক দিশটোৰ প্ৰতি যথোচিত আত্মসচেতনতাৰ অভাৱ আৰু শিক্ষা-কৰ্তৃপক্ষৰ এই দিশত উদাসীনতাৰ ফলত প্ৰাপ্ত অৱস্থাৰ পূৰ্ণ উপযোগকৰণ কৰা হৈ নুঠে। সেয়েহে বৰ্তমানৰ বৈষয়িক অৱস্থাটোৰ কিদৰে পূৰ্ণ উপযোগ কৰিব পাৰি সেই সম্বন্ধে কৰ্তৃপক্ষৰ সজাগ দৃষ্টি আৰু বিশেষ তৎপৰতাৰ প্ৰয়োজন।

(২) সৌন্দৰ্য অনুভূতি সচেতনতাঃ

স্কুলৰ বৈষয়িক অৱস্থা সুন্দৰ আৰু উন্নতমানৰ কৰি তুলিবৰ বাবে ছাত্ৰ, শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষৰ সৌন্দৰ্য অনুভূতি সচেতনতাৰো অতি প্ৰয়োজন। উল্লেখযোগ্য যে এনে সৌন্দৰ্য অনুভূতি আৰু এই সম্বন্ধীয় সচেতনতাৰ অভাৱৰ হেতুকে উন্নতমানৰ বৈষয়িক অৱস্থা সত্ত্বেও ছাত্ৰ-শিক্ষকৰ কেতবোৰ বদ্-অভ্যাসৰ বাবে তাৰ বিস্তৰ ক্ষতিসাধন কৰা হয়। সেইবাবে এইক্ষেত্ৰত ছাত্ৰসকলৰ মনত স্কুলৰ বৈষয়িক অৱস্থাৰ সুন্দৰতা ৰক্ষাৰ বাবে সৌন্দৰ্য চৰ্চাৰ প্ৰয়োজন।

(৩) আত্ম-অনুশাসনৰ মনোভাবঃ

ছাত্ৰ-ছাত্ৰীসকলৰ মনত নিজ স্কুলৰ বৈষয়িক অৱস্থা সম্বন্ধে আত্ম-সচেতনতা আৰু আত্ম-গৰিমাবোধ ভাব জগাই তোলাটো প্ৰয়োজন। তেনে এক মনোভাবেহে এইক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীৰ মনত সহযোগিতাৰ মনোভাব গঢ় দি তুলিব পাৰে। ইয়াৰ বাবে শিক্ষা-কৰ্তৃপক্ষই ছাত্ৰসকলক অধিক স্বাধীনতা প্ৰদান কৰি তেওঁলোকৰ মাজত আত্ম-অনুশাসনৰ শিক্ষা-পৰিৱেশ গঢ় দি তুলিব লাগে। স্কুলৰ বৈষয়িক সম্পদ তেওঁলোকৰ নিজৰ স্বৰূপে অনুভৱ কৰি উঠিবলৈ শিকাব লাগে।

(৪) সমাজৰ সক্ৰিয় সহযোগিতাঃ

স্কুলৰ অৱস্থা প্ৰকৃত অৰ্থত সমাজ বা সম্প্ৰদায়ৰ অৱস্থাৰেই এক প্ৰতিফলন স্বৰূপ। সেইবাবে অভিভাৱক আৰু সমাজৰ সকলো লোককে ইয়াৰ লগত জড়িত কৰি তুলি সক্ৰিয় সহযোগিতা কামনা কৰিব লাগে। স্কুল-সমাজৰ সামাজিক অনুভূতি আৰু ধাৰণাৰে তেওঁলোকৰ মনত স্কুলখন সমাজৰেই এক বিশিষ্ট অনুষ্ঠান স্বৰূপে ভাবিবলৈ শিকাব লাগে। স্কুলৰ বিভিন্ন ক্ৰিয়া সম্পাদনত তেওঁলোকৰ শ্ৰমদান আৰু আৰ্থিক সাহায্যদান শিক্ষা-কৰ্তৃপক্ষই কামনা কৰিব লাগে।

(৫) চৰকাৰৰ প্ৰচেষ্টাঃ

- চৰকাৰী সাহায্যৰ অবিহনে স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি আশা কৰিব নোৱাৰি। সেইবাবে জনপ্ৰিয় চৰকাৰে স্কুলৰ অৱস্থা উন্নত কৰি তোলা কাৰ্যত অগ্ৰাধিকাৰ দিব লাগে। অপাৰেচন ব্লেকবোৰ্ডৰ দৰে শিক্ষানীতি কাৰ্যকৰী ৰূপদান কৰাটো চৰকাৰৰ প্ৰধান কৰ্তব্য স্বৰূপে বিবেচিত হ’ব লাগে। সকলো স্কুলৰে ন্যূনতম বৈষয়িক প্ৰয়োজন পূৰণ কৰাটো চৰকাৰৰ ঘোষিত শিক্ষানীতি স্বৰূপে বিবেচিত হ’ব লাগে।

- উন্নত গুণমানৰ শিক্ষাৰ বাবে শিক্ষানুষ্ঠানৰ বৈষয়িক অৱস্থা উচ্চ মানবিশিষ্ট কৰি তোলাটো আধুনিক শিক্ষাৰ বাবে সময়ৰ এক প্ৰত্যাহ্বান স্বৰূপ। ইয়াৰ উপযুক্তভাৱে সন্মুখীন হ’ব পৰাটো হৈছে বৰ্তমান শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কথা। ইয়াক সম্ভৱ কৰি তুলিব পাৰিলেহে সকলো লোকৰ বাবে শিক্ষাৰ সমান সুবিধা দানৰ গণতান্ত্ৰিক শিক্ষানীতিৰ বাস্তৱ ৰূপদান কৰিব পৰা যাব।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top