অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্কুল আৰু সমাজঃ

 

 

 

আধুনিক শিক্ষাৰ ভিন ভিন পৰিৱৰ্তিত ধ্যান-ধাৰণাৰ ভিতৰত স্কুলৰ ধাৰণা অন্যতম। স্কুলক ইয়াৰ বৰ্তমানৰ ভূমিকা আৰু বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি এখন বিশেষ সমাজ বা সম্প্ৰদায় স্বৰূপেহে বৰ্ণনা কৰা হয়। স্কুলীয়া শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ব্যাপকতাৰ পৰিসৰ এনে পৰিৱৰ্তিত ধাৰণাৰ যোগেদিহে অনুভৱ কৰি উঠিব পৰা যায়। স্কুলক ‘পাঠশালা’ বা ‘পাঠদান কৰা ঠাই’ স্বৰূপে বিবেচনা কৰা পুৰণি ধাৰণাৰ অন্ত পৰিছে। ইয়াক বৰ্তমান সমাজৰ এক অবিচ্ছেদ্য অংগ আৰু সামাজিক বিকাশৰ এক শক্তিশালী আহিলা স্বৰূপে প্ৰয়োগৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। দেশ গঠনৰ শক্তিশালী অস্ত্ৰ হৈছে এই স্কুল। এনে নতুন অনুভৱৰ লগত ভালদৰে পৰিচিত হ’ব পৰাটো বৰ্তমান ছাত্ৰ, শিক্ষক আৰু সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰে অতি প্ৰয়োজনীয় কথা। ইয়াৰ সংশ্লিষ্ট বিভিন্ন দিশৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ এই অধ্যায়ত চেষ্টা কৰা হৈছে।

স্কুলৰ সামাজিক তাৎপৰ্যঃ

 

বৰ্তমান সামাজিক জীৱন অধিক জটিলতৰ হৈ উঠাৰ লগে লগে স্কুলৰ বৃহত্তৰ ভূমিকা অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। স্কুলৰ এনে ভূমিকা শিক্ষা-দাৰ্শনিক আৰু শিক্ষাবিদসকলৰ চিন্তাত অধিকভাৱে প্ৰতিফলিত হ’বলৈ ধৰিছে। স্কুলক এখন বিশেষ সমাজ বা সম্প্ৰদায়ৰ দৃষ্টিৰে চোৱা হয়। স্কুল হৈছে এনে এখন সমাজ যি মানুহৰ অতীতৰ ঐতিহ্য, বৰ্তমানৰ বাস্তৱ পৰিস্থিতি আৰু ভৱিষ্যতৰ আশা-আকাংক্ষা আদিৰ মাজত যোগসূত্ৰ স্থাপন কৰিব পাৰে। সমাজৰ নতুন প্ৰতিনিধি স্বৰূপে শিশুসকলক স্কুলে অতীত সমাজৰ জ্ঞান-অভিজ্ঞতা, ভাষা-সংস্কৃতি, ধৰ্ম, আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আৰু জীৱনধাৰাৰ লগত সহজ-সৰলভাৱে পৰিচয় কৰাই দিয়ে। সমাজৰ বৰ্তমান অৱস্থা, প্ৰয়োজন আৰু তাৰবাবে আৱশ্যক হোৱা বাস্তৱৰ অভিজ্ঞতা আদি শিশুৰ উপযোগীকৈ প্ৰদান কৰে। ইয়াৰ উপৰি পৰিৱৰ্তনশীল আৰু গতিশীল সমাজৰ ভৱিষ্যতৰ নতুন নতুন আশা-আকাংক্ষা আৰু বিকাশৰ সম্ভাৱনীয়তা আদিৰ ইংগিত স্কুলেই দিব লাগে আৰু তাৰ পূৰণৰ প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থাও গ্ৰহণ কৰিব লাগে। স্কুল অবিহনে সমাজৰ আন কোনো অনুষ্ঠানেই মানৱ সমাজৰ এনে ব্যাপক আৰু বৃহত্তৰ প্ৰয়োজন পূৰণৰ আশা কৰিব নোৱাৰি। উল্লেখযোগ্য যে গৃহ-কৰ্তৃপক্ষ, ধৰ্মীয় কৰ্তৃপক্ষ, ৰাজনৈতিক, প্ৰশাসনিক আৰু আইন কৰ্তৃপক্ষ আদি কোনেও ইয়াক নিঃস্বাৰ্থ ৰূপত সাধন কৰি তুলিব নোৱাৰে। কেৱল স্কুলেইহে বৃহত্তৰ সমাজৰ এনে ব্যাপক প্ৰয়োজন নিঃস্বাৰ্থ আৰু এক সাৰ্বজনীন ৰূপত পূৰণ কৰিব পাৰে। সমাজৰ প্ৰতি স্কুলৰ এনে উদাৰ আৰু বহল পৰিসৰৰ ভূমিকাৰ কথা বৰ্তমান আমাৰ সকলোৰে এক বিশেষ অনুভৱৰ বিষয়। এই প্ৰসংগত তলৰ কথাকেইটা বিবেচনাযোগ্য।

বিশিষ্ট সামাজিক পৰিৱেশ স্বৰূপে স্কুলঃ

 

দাৰ্শনিক জন ডিউইয়ে স্কুলক এক বিশিষ্ট সামাজিক পৰিৱেশ স্বৰূপে বৰ্ণনা কৰে। তেওঁ আঙুলিয়াই দিয়ে যে বৰ্তমানৰ সমাজ আৰু ইয়াৰ পৰিৱেশ অধিক জটিলতৰ হৈ উঠা বাবে সি কণ কণ শিশুৰ স্বাভাৱিক শিক্ষা বিকাশৰ অনুপযুক্ত হৈ পৰিছে। বৃহত্তৰ সমাজত বিভিন্ন গোষ্ঠীৰ লোকে ব্যৱসায়, বাণিজ্য, ৰাজনীতি, কলা, বিজ্ঞান, ধৰ্ম আদি ভিন ভিন দিশ লৈ নিজ স্বাৰ্থ জড়িতভাৱে চিঞৰ-বাখৰ কৰে। এনে এটা পৰিস্থিতিয়ে শিশুক কেৱল মাথোন বিভ্ৰান্ত কৰি তোলে। সেয়েহে শিশুৰ বাবে স্কুলত এনে এক বিশেষ পৰিৱেশ সৃষ্টি কৰি তুলিব লাগে যি তাৰ বাবে উপযুক্ত হৈ উঠিব পাৰে। এনে পৰিৱেশ হ’ব লাগে সহজ-সৰল, পৱিত্ৰ আৰু সু-সামঞ্জস্যপূৰ্ণ। শিশুৰ বাবে প্ৰয়োজন হোৱা স্কুলৰ এই বিশেষ পৰিৱেশৰ তিনিটা প্ৰধান কৰ্তব্যৰ প্ৰতি ডিউইয়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। এইকেইটা হৈছেঃ-

(১) এই বিশেষ সমাজখন সহজ-সৰল আৰু শৃংখলাৱদ্ধ কৰি তোলা।

(২) ইয়াৰ ৰীতি-নীতি পৱিত্ৰ আৰু আদৰ্শভিত্তিক কৰি তোলা।

(৩) সমন্বয় সাধনকাৰী এক বহল আৰু সু-সামঞ্জস্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলা।

শিশুৰ বাবে উপযুক্ত কৰি তুলিব খোজা স্কুলৰ এই বিশেষ সমাজখন বৃহত্তৰ সমাজখনৰ সকলোবোৰ জটিলতাৰ পৰা মুক্ত হ’ব লাগে। বৃহত্তৰ সমাজৰ কলুষতা আৰু অপৱিত্ৰতাবোৰ ইয়াত প্ৰৱেশ কৰিবলৈ দিব নালাগে। ইয়াৰ উপৰিও বৃহত্তৰ সমাজত থকা উচ্চ-নীচ আৰু ভেদাভেদৰ অসমতাবোৰ এই বিশিষ্ট স্কুল সমাজখনত থাকিব নালাগে। সেয়েহে প্ৰকৃত অৰ্থত এই স্কুল সমাজ হ’ব লাগে সহজ-সৰল, নিষ্কলুষ আৰু সু-সামঞ্জস্যপূৰ্ণ।

ক্ষুদ্ৰ সমাজ স্বৰূপে স্কুলঃ

 

স্কুলৰ বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক এখন ক্ষুদ্ৰ সমাজ স্বৰূপেও বৰ্ণনা কৰা হয়। স্কুল-সমাজ বাহিৰৰ সমাজখনতকৈ মূলতেই পৃথক। এই সমাজ ক্ষুদ্ৰ ক্ষুদ্ৰ শিশুসকলৰ দ্বাৰা গঠিত। তেওঁলোকৰ আশা-আকাংক্ষা, লক্ষ্য-উদ্দেশ্য আদিও পৃথক। তেওঁলোকৰ প্ৰধান উদ্দেশ্য হৈছে বৃহত্তৰ সমাজৰ প্ৰয়োজনীয় অভিজ্ঞতা স্কুলৰ পৰা লাভ কৰি উঠা আৰু সেই সমাজৰ বাবে নিজকে উপযুক্ত কৰি তোলা। স্কুলৰ শিক্ষা অভিজ্ঞতাৰে তেওঁলোকে বৃহত্তৰ সমাজৰ বিভিন্ন দিশত সময়ত প্ৰয়োজনীয় নেতৃত্ব দিব লাগিব। স্কুলৰ শিক্ষা শেষ কৰি তেওঁলোকে বৃহত্তৰ সমাজখনলৈ ঘূৰি যায় আৰু তাৰ বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰেগৈ। স্কুলে তেওঁলোকক বৃহত্তৰ সমাজৰ যোগ্য প্ৰতিনিধি স্বৰূপে গঢ় দি তুলিবৰ বাবে প্ৰয়োজনীয় অভিজ্ঞতা দিব লাগে। সমাজৰ সকলো বৃহত্তৰ আশা-আকাংক্ষা, প্ৰয়োজন আৰু তাৰ ক্ৰিয়া আঁচনিৰ ক্ষুদ্ৰ সংস্কৰণ বা প্ৰতীক হৈছে স্কুল। সেয়েহে স্কুলক প্ৰকৃত অৰ্থত এখন ক্ষুদ্ৰ সমাজ বুলিব পাৰি।

নিৰ্মীয়মান সমাজ স্বৰূপে স্কুলঃ

 

স্কুলখন এক পূৰ্ণ বিকশিত সমাজ নহয়। ই ক্ৰমে বিকাশৰ পথত আগবঢ়া আৰু শিশু-বিকাশৰ সম্ভাৱনীয়তা বহন কৰা এখন নিৰ্মীয়মান সমাজহে মাথোন। এনে এক বাস্তৱ দৃষ্টিভংগীৰেহে স্কুলক চাবলৈ চেষ্টা কৰিব লাগে। বাহিৰৰ সমাজখনৰ সকলো প্ৰয়োজন আৰু আশা-আকাংক্ষা আদি পূৰণ কৰিব পৰাকৈ স্কুলত কাৰ্যসূচী আৰু বিষয়সূচী অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ভৱিষ্যতৰ বাবে আমাৰ প্ৰত্যাশিত এখন পূৰ্ণ বিকশিত সমাজৰ সকলো প্ৰয়োজনীয় প্ৰস্তুতি চলোৱা। আজিৰ শিশু হৈছে ভৱিষ্যতৰ সমাজখনৰ গুৰি ধৰোঁতা। আজি স্কুলত থকা কণ কণ শিশুক এনেদৰে শিক্ষা অভিজ্ঞতা দিব লাগিব যাতে তেওঁলোকে ভৱিষ্যতে সমাজখনৰ যোগ্য উত্তৰাধিকাৰ স্বৰূপে নিজৰ প্ৰয়োজনীয় প্ৰস্তুতি লাভ কৰিব পাৰে। আজিৰ স্কুল সমাজখন হৈছে ভৱিষ্যৎ সমাজখনৰ এক পূৰ্ব-প্ৰস্তুতিৰ কৰ্মস্থল স্বৰূপ। স্কুলৰ এনে ভূমিকাৰ স্বৰূপ উপলব্ধিৰেহে স্কুল সমাজক এখন নিৰ্মীয়মান সমাজ বোলা হয়।

ওপৰত উল্লেখ কৰা আলোচনাৰ সাৰাংশ স্বৰূপে স্কুল সমাজৰ তাৎপৰ্য নিম্নলিখিতভাৱে প্ৰদান কৰিব পাৰি।

(১) স্কুলক অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সমাজৰ মাজত যোগসূত্ৰ স্থাপনকাৰী বুলিব পাৰি।

(২) স্কুলক এখন সহজ-সৰল, পৱিত্ৰ আৰু সু-সামঞ্জস্য সমাজ স্বৰূপে বৰ্ণনা কৰিব পাৰি।

(৩) স্কুলক এখন ক্ষুদ্ৰ সমাজ বুলিব পাৰি।

(৪) স্কুলক প্ৰস্তুতিৰ পথত অগ্ৰসৰ হোৱা এখন নিৰ্মীয়মান সমাজ বুলিব পাৰি।

স্কুল আৰু সমাজৰ মাজত সম্বন্ধঃ

 

স্কুল আৰু সমাজৰ পাৰস্পৰিক সম্বন্ধ বৰ্তমান প্ৰতিজন ছাত্ৰ, শিক্ষক আৰু সমাজকৰ্মীৰ বাবেই বিশেষ মন কৰিবলগীয়া। স্কুলক এখন বিশেষ সামাজিক অনুষ্ঠান বুলি কোৱা হয়, কাৰণ স্কুলৰ লক্ষ্য-উদ্দেশ্য আৰু ইয়াৰ কাৰ্যব্যৱস্থা আদি মূলতঃ সমাজ ব্যৱস্থাতকৈ কোনো গুণেই পৃথক নহয়। বৰং সমাজৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্থিৰ কৰা লক্ষ্য-আদৰ্শ আৰু তাৰ কাৰ্যব্যৱস্থাৰ পৰাই তাক নিৰ্ধাৰণ কৰা হয়। সেইবাবে সমাজৰ সকলো আশা-আকাংক্ষা আৰু প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতা আদি স্কুলৰ কাৰ্যসূচীত প্ৰতিফলিত হ’ব লাগে। এই প্ৰসংগত দাৰ্শনিক জন ডিউইয়ে মত প্ৰকাশ কৰি কয় যে স্কুল হৈছে মূলতেই এখন সামাজিক অনুষ্ঠান। শিক্ষা এক সামাজিক প্ৰক্ৰিয়া হোৱা হেতুকে স্কুল স্বাভাৱিকতেই এনে এখন সমাজ বা সম্প্ৰদায় য’ত সকলোবোৰ সামাজিক বিভাগ একত্ৰিত কৰা হয়। ইয়াৰ ফলত সমাজ বা জাতিয়ে বংশগতভাৱে আহৰণ কৰা সকলো সম্পদৰ অংশীদাৰ হৈ শিশুৱে সামাজিক বিকাশৰ বাবে তাক শক্তি স্বৰূপে প্ৰয়োগ কৰিব পাৰে। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰি ক’ব পাৰি যে বৰ্তমান শিক্ষাৰ আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত ব্যৱধান প্ৰায় নোহোৱা হৈ পৰিছে। স্কুলৰ আনুষ্ঠানিক আৰু বিধিগত শিক্ষাতকৈও বহল সামাজিক পৰিসৰৰ বিধিমুক্ত শিক্ষা অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। আজি স্কুল কেৱল মাথোন বিধিগত শিক্ষাৰ পাঠদান কৰা অনুষ্ঠান বুলিয়ে কোৱা নাযায়, ই সমাজৰ বহল পৰিসৰৰ শিক্ষা-অভিজ্ঞতাৰো কেন্দ্ৰস্থল। স্কুল কেতিয়াও সামাজিক জীৱন-বিচ্ছিন্ন অথবা সমাজৰ প্ৰয়োজন আৰু পৰিস্থিতি আদিৰ প্ৰতি আওকণীয়া হৈ থাকিব নোৱাৰে। স্কুলক সামাজিক ক্ৰিয়া আৰু শিক্ষা বিকাশৰ ‘নিউক্লিয়াচ’ বা প্ৰাণকেন্দ্ৰ স্বৰূপেহে গণ্য কৰা হয়।

ইয়াৰ আন এক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে এখন সমাজৰ উন্নতি আৰু প্ৰগতি স্কুলৰ শিক্ষাৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰে। সমাজ সদায় গতিশীল আৰু পৰিৱৰ্তনশীল। সমাজৰ এই গতিশীলতা কেৱল স্কুলৰ শিক্ষাইহে আনি দিব পাৰে। শিক্ষাই মানুহৰ মনত নতুনতা, পৰিৱৰ্তনশীলতা আৰু সৃষ্টিশীলতাৰ ভাব জগাই তোলে। সমাজৰ কেতবোৰ পুৰণি ৰীতি-নীতি আৰু পদ্ধতি আদিৰ অসাৰতা বা অনুপযুক্ততা শিক্ষাৰ পোহৰেৰে মানুহে অনুভৱ কৰি উঠিব পাৰে। ভৱিষ্যৎ বিকাশৰ বাবে পুৰণি সমাজৰ প্ৰয়োজনীয় অংশ বাছি লৈ অপ্ৰয়োজনীয় অংশ ত্যাগ কৰাত শিক্ষাই আমাক সহায় কৰে। শিক্ষাই মানুহৰ মনত ভাল-বেয়া আৰু হিতাহিত জ্ঞান দিব পাৰে। সাধাৰণ মানুহৰ মনৰ কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ৰক্ষণশীলতাৰ পুৰণি মনোভাব আৰু অসুস্থ আচৰণ গুচাব পাৰে। ইয়াৰ ফলস্বৰূপে সমাজৰ প্ৰগতি আৰু পৰিৱৰ্তনশীলতাৰ প্ৰৱণতা তথা অন্তহীন প্ৰয়াস আৰু প্ৰচেষ্টা মানুহৰ প্ৰকৃতিত জাগি উঠে। সেয়েহে ক’ব পাৰি যে স্কুলৰ শিক্ষাইহে মানুহৰ মনত প্ৰগতি আৰু পৰিৱৰ্তনৰ অন্তত স্পৃহা জগাই তুলিব পাৰে। যি সমাজৰ স্কুলীয়া শিক্ষাৰ অৱস্থা আৰু ব্যৱস্থা অধিক উন্নত সেই সমাজৰ সামাজিক বিকাশৰ গতিও অধিক খৰতকীয়া। আনহাতে একোখন সমাজৰ স্কুলীয়া শিক্ষাৰ দুৰৱস্থাই সেই সমাজৰ সামাজিক বিকাশৰ গতি মন্থৰ কৰি তোলে। সেয়েহে এই কথা স্পষ্ট যে সমাজৰ বিকাশ স্কুলৰ শিক্ষা বিকাশৰ লগত ওতঃপ্ৰোতভাৱে বান্ধ খোৱা। স্কুলীয়া শিক্ষাৰ উন্নতিৰ অবিহনে সেই সমাজৰ সামাজিক উন্নতি আশা কৰিব নোৱাৰি।

ওপৰত কৰা আলোচনাই স্কুল আৰু সমাজৰ মাজৰ পাৰস্পৰিক সম্বন্ধ আমাৰ মনত স্পষ্ট কৰি তোলে। ইয়াৰ সাৰাংশ স্বৰূপে ক’ব পাৰি যে এহাতে স্কুলৰ কাৰ্যসূচী আৰু ক্ৰিয়া-ব্যৱস্থা যিদৰে সমাজৰ আশা-আকাংক্ষা আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল সেইদৰে আনহাতে সমাজৰ পৰিৱৰ্তনশীলতাও স্কুলৰ শিক্ষাৰ ওপৰত একান্ত নিৰ্ভৰশীল। সমাজৰ প্ৰয়োজন অবিহনে স্কুলৰ অস্তিত্ব নাথাকে, সেইদৰে স্কুলৰ শিক্ষা অবিহনে সমাজৰ ভৱিষ্যৎ নাথাকে। উন্নত স্কুল ব্যৱস্থা উন্নত সমাজ এখনতহে আশা কৰিব পাৰি, সেইদৰে এখন সমাজৰ উন্নত ৰূপ স্কুলৰ শিক্ষাইহে প্ৰদান কৰিব পাৰে। বৰ্তমান সমাজমুখী আৰু সমাজ কল্যাণকাৰী শিক্ষাৰ কথা বিবেচনা কৰোতে স্কুল আৰু সমাজৰ এই পাৰস্পৰিক সম্বন্ধ নিকটতৰ কৰি তোলাৰ ওপৰত অধিক জোৰ দিয়া হয়। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰি বৰ্তমান গ্ৰাম্য জীৱনৰ অনুন্নত অঞ্চলৰ স্কুলবোৰক সামূহিক উন্নয়ন কেন্দ্ৰ স্বৰূপে ভূমিকা গ্ৰহণৰ দায়িত্ব প্ৰদান কৰা হয়।

সমাজৰ প্ৰতি স্কুলৰ দায়িত্বঃ

স্কুল আৰু সমাজৰ পাৰস্পৰিক আদান-প্ৰদানৰ যোগে সামাজিক সম্বন্ধ উন্নত কৰি তোলাৰ দিশতো স্কুলেই আগভাগ ল’ব লাগে। ইয়াৰ বাবে স্কুলৰ নিৰ্দিষ্ট আঁচনি আৰু সক্ৰিয় প্ৰচেষ্টাৰ প্ৰয়োজন। এই প্ৰসংগত দুটা বিশেষ মন কৰিবলগীয়া দিশ হৈছে- (১) সমাজে স্কুল কৰ্তৃপক্ষৰ পৰা কেনে ভূমিকা গ্ৰহণ কৰাটো বিচাৰে আৰু (২) সমাজৰ সকলো লোকৰ স্বাৰ্থ সামূহিকভাৱে ৰক্ষা কৰি স্কুলে কিদৰে দায়িত্ব গ্ৰহণ কৰিব পাৰে। উল্লেখযোগ্য যে স্কুলে সামাজিক বিকাশ আৰু উন্নয়নৰ নামত কোনো এক বিশেষ ধৰ্মীয় বা ভাষিক সম্প্ৰদায়ৰ স্বাৰ্থ পূৰণৰ পক্ষপাতমূলক ভূমিকা লোৱা অনুচিত। সামূহিক উন্নয়নৰ সজ, নিঃস্বাৰ্থ আৰু সাৰ্বজনীনভাৱে কল্যাণৰ আঁচনিয়েহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে শিক্ষাৰ প্ৰকৃত সামাজিক স্বাৰ্থ পূৰণ কৰিব পাৰে। স্কুলৰ এই প্ৰসংগত থকা প্ৰয়োজনীয় ভূমিকা সম্বন্ধে নিম্নলিখিত কথাকেইটা আমাৰ বিবেচনাযোগ্য।

(১) শিক্ষক-অভিভাৱক সন্মিলন স্থাপনঃ

সমাজৰ লোকসকলৰ লগত স্কুলৰ যোগাযোগ স্থাপনৰ সহজ উপায় হৈছে শিক্ষক-অভিভাৱকৰ যুটীয়া সন্মিলন স্থাপন কৰা। ইয়াৰ যোগেদি শিক্ষা-কৰ্তৃপক্ষই অভিভাৱকসকলৰ লগত যোগাযোগ স্থাপন কৰি দুয়োপক্ষৰ নিজ নিজ অনুভৱ আৰু অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব পাৰে। স্কুলৰ লগত সামাজিক যোগাযোগ স্থাপনৰ কাৰ্যকৰী ব্যৱস্থা আৰু আঁচনিও ইয়াৰ যোগেদি নিৰ্ধাৰণ কৰি ল’ব পাৰে। বিশেষকৈ স্কুলৰ শিক্ষকসকলে ইয়াৰ যোগেদি সময়ে সময়ে দেখা দিয়া সামাজিক সমস্যাসমূহৰ আলোচনা-বিলোচনা কৰি সমাজৰ ওচৰ চাপি যাব পাৰে। সেইবাবে শিক্ষক-অভিভাৱক সন্মিলনৰ যোগে শিক্ষকসকলে সমাজৰ প্ৰকৃত সমস্যা আৰু প্ৰয়োজনসমূহ অধ্যয়নৰ এক সামাজিক মঞ্চ প্ৰস্তুত কৰি তুলিব পাৰে।

(২) স্থানীয় প্ৰয়োজনৰ বিবেচনাঃ

স্কুলৰ শিক্ষা-কৰ্তৃপক্ষই ছাত্ৰৰ সাধাৰণ দেহ-মানসিক প্ৰয়োজনবোৰ পূৰণৰ উপৰিও স্থানীয় ৰাইজৰ আঞ্চলিকভাৱে দেখা দিয়া কেতবোৰ সামাজিক প্ৰয়োজন আদিৰ প্ৰতিও বিশেষ চকু ৰাখিব লাগে। স্থানীয় লোকৰ অৰ্থনৈতিক প্ৰয়োজন আৰু সম্ভাৱনীয়তা আৰু সাংস্কৃতিক আশা-আকাংক্ষা আদিৰ ফলত কেতবোৰ বিশেষ বিশেষ প্ৰয়োজনৰ সৃষ্টি হয়। এই প্ৰয়োজনবোৰৰ স্বৰূপ জানি উঠি তাক যথোচিতভাৱে পূৰণৰ ব্যৱস্থা স্কুলে গ্ৰহণ কৰিব লাগে। উদাহৰণস্বৰূপে স্থানীয় হস্তশিল্প, কুটিৰ শিল্প আদিৰ শিক্ষাৰে স্কুলে ছাত্ৰৰ মাজত সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰিব লাগে। ইয়াৰ বাবে স্কুলৰ পাঠ্যসূচী আৰু কাৰ্যসূচীবোৰত প্ৰয়োজনভিত্তিক বিষয় আৰু ক্ৰিয়াৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰি ছাত্ৰসকলক তাৰ অধ্যয়নৰ বাবে অধিক উৎসাহিত কৰি তুলিব লাগে।

(৩) সামাজিক কু-সংস্কাৰ দূৰীকৰণঃ

ধৰ্ম-সংস্কৃতিৰ সংৰক্ষণশীলতাৰ নামত সমাজৰ একশ্ৰেণী লোকৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰ আদিয়ে অসুস্থ প্ৰভাৱ পেলায়। এনে মনোভাবৰ লোকক স্কুল-কৰ্তৃপক্ষই ধৰ্ম, ভাষা আৰু জাতি সংকীৰ্ণতাৰ মনোভাবৰ পৰা মুক্ত কৰিব লাগে। প্ৰায় সকলো সমাজতে উন্নত আৰু প্ৰগতিশীল মনোভাবৰ আৰু পুৰণি ৰক্ষণশীল মনোভাবৰ লোকৰ মাজত ভুল বুজাবুজিৰ এক ব্যৱধান থাকে। এই ক্ষেত্ৰত স্কুল-কৰ্তৃপক্ষই তেনে সামাজিক ব্যৱধান মানুহৰ মনৰ পৰা গুচাব লাগে। সমাজৰ সংৰক্ষণশীল মনৰ লোকসকলক বিকাশশীল আৰু যুক্তিসাপেক্ষ কৰি তোলাটো স্কুলৰ কৰ্তব্য স্বৰূপে বিবেচিত হ’ব লাগে। বিভিন্ন জনগোষ্ঠী লোকৰ মনৰ সাংস্কৃতিক ব্যৱধান স্কুল-কৰ্তৃপক্ষই গুচাব পাৰে।

(৪) সমাজৰ আধুনিকীকৰণঃ

বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ ব্যাপক প্ৰয়োজনৰ ফলত সামাজিক বিকাশৰ গতি দ্ৰুততৰ হৈ উঠিছে। ফলত সমাজৰ লোকৰ মনত নতুন মূল্যবোধ, ভাবধাৰা আৰু মনোভাব আদি গঢ় লৈ উঠিছে। তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনত ই দ্ৰুত পৰিৱৰ্তন সাধন কৰিছে। এনে দ্ৰুত পৰিৱৰ্তনৰ পৰিস্থিতিত সমাজৰ সৰ্বসাধাৰণ লোকসকলে নিজকে ভালদৰে খাপ খুৱাই লোৱাটো বিশেষ সমস্যা স্বৰূপ হৈ উঠিছে। সেইবাবে সমাজৰ এই দ্ৰুত আধুনিকীকৰণ প্ৰক্ৰিয়াত স্কুলৰ কৰ্তৃপক্ষই এক গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। সৰ্বসাধাৰণ লোকৰ মনত এইক্ষেত্ৰত দেখা দিয়া সন্দেহ আৰু আশংকাৰ ভাব গুচাই পৰিৱৰ্তনৰ নতুন পৰিস্থিতিত সুস্থ সমাযোজনৰ বাবে এক বাস্তৱ দৃষ্টিভংগী গ্ৰহণ কৰাত স্কুলে সহায় কৰিব পাৰে।

(৫) প্ৰাপ্তবয়স্কৰ শিক্ষাঃ

স্কুলৰ দায়িত্ব কেৱল সমাজৰ কণ কণ শিশুক লিখা-পঢ়া শিকোৱাতেই বৰ্তমান আৱদ্ধ থকা নাই। সেই সমাজৰ নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকসকলৰ সুস্থ-সুন্দৰ আৰু সন্মানজনক সামাজিক জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় শিক্ষা দিয়াটোও স্কুলৰ কৰ্তব্য স্বৰূপে বিবেচিত হৈছে। স্কুলক সেয়েহে প্ৰাপ্তবয়স্কসকলৰ শিক্ষা আৰু বিকাশৰ কেন্দ্ৰ স্বৰূপেও গঢ় দি তুলিব লাগে। তেওঁলোকক সাক্ষৰতা দান কৰা, সুনাগৰিকতা আৰু পৰিৱেশ সংৰক্ষণৰ শিক্ষা দিয়া, জনস্বাস্থ্য ৰক্ষাত সহায় কৰা, অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধি কৰা আৰু আজৰি সময়ত মনোৰঞ্জনৰ ব্যৱস্থা কৰা আদি বিভিন্ন শৈক্ষিক দায়িত্ব স্কুল-কৰ্তৃপক্ষই পালন কৰিব লাগে। সমাজৰ লোকৰ জন্ম নিয়ন্ত্ৰণৰ সম্বন্ধে থকা আঁচনি কাৰ্যকৰীকৰণতো স্কুলে গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে।

(৬) শিশু-কল্যাণ আঁচনিঃ

স্কুল-কৰ্তৃপক্ষই সমাজৰ শিশু-কল্যাণ আঁচনিৰ বিভিন্ন কাৰ্যকৰী দিশতো নিজকে জড়িত কৰি তুলি এই দিশত প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে। সমাজৰ নিৰক্ষৰ পিচপৰা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ শিশুসকলে শৈশৱ কালত উপযুক্ত শিক্ষাৰ অভাৱত অনাদৰ, অৱহেলা আৰু অযত্নত ভুগিব লাগে। তেনে শিশুৰ বাবে প্ৰাক্-প্ৰাথমিক পৰ্যায়ৰ প্ৰয়োজনীয় শিক্ষাৰো কোনো ব্যৱস্থা নাথাকে। সেইবাবে প্ৰাথমিক স্কুল প্ৰাংগণতেই এই অৱহেলিত শিশুসকলৰ বাবে শিশু-কল্যাণমূলক বিবিধ আঁচনি গ্ৰহণ কৰিব পাৰি। ইয়াৰ বাবে প্ৰয়োজন হোৱা বাল-সেৱিকা আৰু গ্ৰাম-সেৱিকাসকলৰ প্ৰশিক্ষণৰ দায়িত্বও স্কুলে গ্ৰহণ কৰিব পাৰে। স্কুল-প্ৰাংগণক সেয়েহে প্ৰয়োজনীয় কাৰ্যসূচীৰে শিশু-কল্যাণ আৰু মাতৃ-মংগল কেন্দ্ৰ স্বৰূপেও গঢ় দি তুলিব পাৰি।

(৭) সামাজিক উৎসৱ উদযাপনঃ

সমাজ বা সম্প্ৰদায়ৰ বিভিন্ন বাৰ্ষিক উৎসৱ, পৰ্ব আৰু অনুষ্ঠান আদি স্কুল-কৰ্তৃপক্ষই উদযাপনৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। শিক্ষকে এইক্ষেত্ৰত নিজৰ সামাজিক নেতৃত্ব আৰু পৰিচালনাৰ দায়িত্বৰে সমাজৰ লোকসকলৰ আস্থাভাজন হৈ উঠিব পাৰে। স্কুলৰ ছাত্ৰসকলৰ মাজত স্বেচ্ছাসেৱী কৰ্মীৰ দল গঠন কৰি দি তেওঁলোকক সক্ৰিয়ভাৱে সামাজিক ক্ৰিয়াত জড়িত কৰি তুলিব পাৰে। স্কুল প্ৰাংগণত সমাজৰ উৎসৱ, পৰ্ব, দিৱস আদি আয়োজন কৰি সৰ্বসাধাৰণ লোকসকলৰ মনত তাৰ তাৎপৰ্য ব্যাখ্যা কৰি দিয়াৰ দায়িত্বও শিক্ষকসকলেই গ্ৰহণ কৰিব লাগে। এনে কাৰ্য-ব্যৱস্থাইহে শিক্ষানুষ্ঠানক সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰি তুলিব পাৰে।

(৮) কু-অভ্যাস গুচোৱাঃ

গ্ৰাম্য আৰু পিচপৰা অঞ্চলৰ লোকৰ অজ্ঞতা, নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ হেতুকে তেওঁলোকৰ মাজত কেতবোৰ কু-অভ্যাস গঢ়ি উঠে। এইসমূহৰ ভিতৰত ধূমপান কৰা, মদ-ভাং আদি ৰাগীয়াল বস্তু গ্ৰহণ কৰা, জুৱা খেলা, কাবুলিৰ টকা ধাৰে লোৱা, মহাজনক মাটি-বাৰী, সা-সম্পত্তি আদি বন্ধক দিয়া কাৰ্য উল্লেখযোগ্য। এনেবোৰ বদ অভ্যাসে তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন পংগু কৰি পেলায়। এইসমূহ গুচাবৰ বাবে স্কুলৰ শিক্ষক আৰু ছাত্ৰসকলে এক সামাজিক আন্দোলন গঢ়ি তুলিব পাৰে আৰু সমাজৰ লোকসকলৰ মনত ইয়াৰ বিৰুদ্ধে এক সামাজিক সচেতনতাৰ ভাব জগাই তুলিব পাৰে। এই প্ৰসংগত শিক্ষা-কৰ্তৃপক্ষই সমাজকৰ্মীসকলক সু-সংগঠিত কৰি তুলিব পাৰে।

(৯) অংশকালীন শিক্ষাৰ ব্যৱস্থাঃ

অসুস্থ গৃহ আৰু স্কুলৰ শিক্ষা পৰিৱেশৰ হেতুকে প্ৰাথমিক স্কুলত নামভৰ্তি কৰি বহুতো ছাত্ৰ-ছাত্ৰীয়ে স্কুল এৰি দিয়ে। ইয়াৰ ফলত ব্যাপক হাৰত শিক্ষা-অপচয়ৰ সৃষ্টি হয়। স্কুলৰ শিক্ষা অসমাপ্ত কৰি ৰোৱা এই শিশুসকলে সময়ত সমাজত উৎপাদনহীন আৰু কৰ্মহীন নিৰক্ষৰ লোকত পৰিণত হয়। সমাজৰ এইসকল যুৱক-যুৱতীক অংশকালীনভাৱে শিক্ষাদানৰ ব্যৱস্থা কৰি সাক্ষৰতা প্ৰদানৰ দায়িত্ব স্কুলে গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে আমাৰ দেশত এই অংশকালীন শিক্ষাৰ ব্যৱস্থা স্কুলত নথকা বাবে নিৰক্ষৰতাৰ হাৰ কমাব পৰা হোৱা নাই।

(১০) সাম্প্ৰদায়িক মঞ্চৰ আয়োজনঃ

সমাজ আৰু সম্প্ৰদায়ৰ বিভিন্ন সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক সমস্যা থাকে। এই সমস্যাসমূহৰ সম্বন্ধে সৰ্বসাধাৰণ লোকক অৱগত কৰোৱা, এই সম্বন্ধে তেওঁলোকক সু-সংগঠিত কৰি তোলা আৰু সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰা আদি কাৰ্য সম্পাদনৰ এক নিৰ্ভৰযোগ্য কৰ্তৃপক্ষ হৈছে স্কুল। স্কুলৰ শিক্ষকে এইক্ষেত্ৰত আগভাগ লৈ এক শক্তিশালী সামাজিক মঞ্চ প্ৰস্তুত কৰি তুলিব পাৰে। ইয়াৰ যোগেদি সমস্যাসমূহৰ আলোচনাচক্ৰ, অধ্যয়ন-চক্ৰ আদি আয়োজন কৰিব পাৰে। কোনো অসুস্থ ৰাজনৈতিক বা সাম্প্ৰদায়িক চক্ৰৰ প্ৰভাৱৰ পৰাও ইয়াৰ যোগেদি সৰ্বসাধাৰণ লোকক মুক্ত কৰি ৰাখিব পাৰি।

শিশুৰ সামাজিকৰণত স্কুলৰ ভূমিকাঃ

স্কুলৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত শিশুক সামাজিকৰণ কৰি তোলা দায়িত্ব অন্যতম স্বৰূপে গণ্য কৰিব পাৰি। সামাজিকৰণৰ অৰ্থ হৈছে সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি সচেতনভাৱে অনুগামী কৰি তোলা। শিশু যিহেতু সমাজৰেই উত্তৰপুৰুষ সেইবাবে তেওঁলোকক সমাজৰ উত্তৰদায়িত্ব গ্ৰহণৰ বাবে উপযুক্ত কৰি তোলাটোও স্কুলৰেই কৰ্তব্য। স্কুলৰ এনে দায়িত্ব প্ৰদানৰ শিক্ষা আঁচনি কাৰ্যকৰী কৰি তোলাটো অৱশ্যে শিক্ষকৰ বাবে তেনেই সহজ কাম নহয়। সমাজৰ সকলো শ্ৰেণীৰ লোকক ইয়াৰ লগত জড়িত কৰি তোলা আৰু এইক্ষেত্ৰত এক সমাজ-দৰ্শন গঢ় দি তোলাটো প্ৰয়োজন। ইয়াৰ বিস্তৃত আলোচনালৈ নগৈ এই সম্বন্ধে স্কুল-কৰ্তৃপক্ষই ল’ব লগা কেতবোৰ বাস্তৱ আৰু কাৰ্যকৰী ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

(১) প্ৰতিজন ছাত্ৰই মুক্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশৰ এক গণতান্ত্ৰিক শিক্ষা পৰিৱেশ স্কুলত গঢ় দি তুলিব লাগে।

(২) স্কুল-কৰ্তৃপক্ষই দমনমূলক অনুশাসন নীতি গ্ৰহণৰ পৰিৱৰ্তে ছাত্ৰৰ আত্ম-অনুশাসন আৰু আত্ম-পৰিচালনাৰ নীতি উৎসাহিত কৰিব লাগে।

(৩) শিশুৰ ব্যক্তিমুখী আচৰণ সমাজমুখী কৰি তুলিবৰ বাবে স্কুলৰ পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী তেনে ৰূপত গঢ় দি তুলিব লাগে।

(৪) গণতান্ত্ৰিক মূল্যবোধ আৰু আদৰ্শসমূহ, যেনে- বন্ধুত্ব, ভ্ৰাতৃত্ব, সহযোগিতা, সমতা, সামাজিক ন্যায় আদি ছাত্ৰৰ মনত গঢ়ি তুলিব লাগে।

(৫) ছাত্ৰ-ছাত্ৰীসকলক স্কুলে সমাজৰ সভ্যতা-সংস্কৃতিৰ লগত ভালদৰে পৰিচয় কৰাই দিব লাগে আৰু সেইসমূহৰ গ্ৰহণযোগ্যতা বিচাৰ কৰিবলৈ শিকাব লাগে।

(৬) সমাজত উপযুক্ত নেতৃত্ব প্ৰদানৰ বাবে প্ৰয়োজন হোৱা গুণসমূহ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বত বিকশাই তোলাৰ ব্যৱস্থা স্কুলে কৰিব লাগে।

(৭) ছাত্ৰ-ছাত্ৰীসকলক সামাজিক ক্ৰিয়াত জড়িকৰণৰ বাবে স্কুলে সামাজিক অনুষ্ঠান আদিত স্বেচ্ছাসেৱী দল গঠনৰ ব্যৱস্থা কৰিব লাগে।

(৮) সমাজৰ লোকৰ হস্তশিল্প আৰু কুটিৰ শিল্প আদি স্কুলৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰি সমাজৰ বৃত্তীয় পৰম্পৰাৰ প্ৰতি সচেতন কৰি তুলিব লাগে।

(৯) ছাত্ৰ-ছাত্ৰীয়ে দলগত ক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা কাৰ্যসূচী, যেনে- সামাজিক সমস্যা অধ্যয়নৰ বাবে প্ৰকল্প প্ৰস্তুত কৰা, সাংস্কৃতিক সমন্বয় আৰু জাতীয় সংহতি শিবিৰ স্থাপন কৰা আদি ব্যৱস্থা কৰিব লাগে।

(১০) স্কুলৰ ছাত্ৰ একতা সভা সু-সংগঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দলীয় মন অধিক শক্তিশালী আৰু সমাজমুখী কৰি তুলিব লাগে।

সামাজিক পৰিৱৰ্তনৰ মাধ্যম স্বৰূপে স্কুলঃ

সমাজৰ প্ৰতি থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিবেচনাৰে স্কুলক সামাজিক পৰিৱৰ্তনৰ মাধ্যম বা আহিলা স্বৰূপে গণ্য কৰা হয়। বৰ্তমান শিক্ষা সমাজ-বিজ্ঞানৰ ফালৰ পৰা এই ধাৰণা বিশেষ তাৎপৰ্যপূৰ্ণ। সমাজ হৈছে পৰিৱৰ্তনশীল আৰু ক্ৰমাগত বিকাশশীল। সমাজৰ এই ক্ৰমাগত বিকাশৰ গতি-প্ৰৱণতা আনি দিয়ে স্কুলীয়া শিক্ষাই। এই কথাৰ অনুভৱ আমাৰ মনত স্পষ্ট কৰি তোলাটো প্ৰয়োজন।

সমাজৰ পৰিৱৰ্তনত স্কুলীয়া শিক্ষাই তিনিটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰথমেই উল্লেখযোগ্য যে অতীতৰ সভ্যতা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, অনুভৱ আৰু অভিজ্ঞতাসমূহ স্কুলীয়া শিক্ষাই সমাজৰ নতুন বংশধৰসকললৈ কঢ়িয়াই আনে। এখন সমাজে বিকাশশীল পৰিৱৰ্তন সাধন কৰিবলৈ হ’লে অতীতৰ জ্ঞান-অভিজ্ঞতাক জানিব লাগে। অতীতৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তমানৰ সমাজ গঢ়ি উঠে আৰু ভৱিষ্যতৰ পৰিৱৰ্তনৰ পথ ৰচিত হয়। এই অতীতক জনাটো সম্ভৱ কৰি তোলে স্কুলীয়া শিক্ষাই। স্কুলত পাঠ্যক্ৰম আকাৰে প্ৰদান কৰা জ্ঞান-অভিজ্ঞতাই ছাত্ৰক অতীতৰ লগত পৰিচয় কৰাই দিয়ে। নতুন পুৰুষে তাক জানি উঠি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰে। স্কুলীয়া শিক্ষা সেয়েহে অতীতৰ জ্ঞান-বিজ্ঞান আৰু সভ্যতা-সংস্কৃতিৰ সংৰক্ষক, যি সামাজিক পৰিৱৰ্তনৰ বাবে অপৰিহাৰ্য।

দ্বিতীয়তে ক’ব পাৰি যে স্কুলীয়া শিক্ষাই সমাজক অতীতৰ গ্ৰহণযোগ্য উপাদানসমূহ বাচি লৈ অপ্ৰয়োজনীয় অংশ ত্যাগ কৰাত সহায় কৰে। অতীত সমাজৰ সকলোবোৰ জ্ঞান-অভিজ্ঞতাই সমাজৰ বাবে প্ৰয়োজনীয় নহয়। সমাজৰ পৰিৱৰ্তন সাধন কৰিবলৈ হ’লে সচেতনভাৱে তাৰ গ্ৰহণযোগ্য উপাদানখিনিহে বাচি ল’ব জানিব লাগে। এনে কাৰ্যতো সহায় কৰে স্কুলীয়া শিক্ষাই। শিক্ষাৰ পোহৰেৰে মানুহে ভাল-বেয়া, উচিত-অনুচিত আদি বিচাৰ কৰিব পৰা হয়। মনত নতুন আশা-আকাংক্ষা, উদ্দীপনা আৰু প্ৰয়োজনৰ সৃষ্টি হয়। ফলত পৰিৱৰ্তন আৰু বিকাশৰ স্পৃহা জাগি উঠে। স্কুলীয় শিক্ষাৰ পৰা বঞ্চিত নিৰক্ষৰ লোকৰ মনত পৰিৱৰ্তনৰ এনে স্পৃহা জাগি উঠিব নোৱাৰে। সেইবাবে সামাজিক পৰিৱৰ্তনৰ উৎস বা প্ৰাণকেন্দ্ৰ স্কুলীয়া শিক্ষাতেই নিহিত হৈ আছে।

তৃতীয়তে এই কথা উল্লেখযোগ্য যে সমাজৰ লোকৰ মাজত নিহিত থকা সৃষ্টি প্ৰতিভা উদ্ঘাটন আৰু সামাজিক পৰিৱৰ্তনৰ বাবে তাক প্ৰয়োগকৰণো সম্ভৱ কৰি তোলে এই স্কুলীয়া শিক্ষাই। এখন সমাজৰ পৰিৱৰ্তন আৰু বিকাশ সাধনত সেই সমাজৰ সকলো লোকেই সমানে বৰঙণি যোগাব নোৱাৰে। প্ৰতিখন সমাজৰ লোকৰ মাজতেই একো একোজন সৃষ্টি-প্ৰতিভাসম্পন্ন আৰু সম্ভাৱনীয়তাপূৰ্ণ অসাধাৰণ ব্যক্তি থাকে। এইসকল লোকক চিনাক্তকৰণ কৰি তেওঁলোকৰ সৃষ্টি প্ৰতিভা উপযুক্তভাৱে বিকাশৰ দায়িত্ব গ্ৰহণ কৰে স্কুলীয়া শিক্ষাই। সমাজৰ এই প্ৰতিভাশালী ব্যক্তিৰ মনত নতুন চিন্তা আৰু ক্ৰিয়াৰ প্ৰেৰণা যোগায় স্কুলীয়া শিক্ষাই। তেওঁলোকে নিজ উদ্ভাৱন ক্ষমতাৰে সমাজক নতুন চিন্তা আৰু ক্ৰিয়াৰ পথ দেখুৱায়। ফলত সমাজৰ ক্ৰমাগত পৰিৱৰ্তন আৰু বিকাশ সাধন সম্ভৱ হৈ উঠে। স্কুলৰ শিক্ষাৰ অবিহনে সমাজৰ ব্যক্তি-প্ৰতিভাৰ অপমৃত্যু হৈ উঠে।

ওপৰত কৰা বিশ্লেষণৰ পৰা এই কথা স্পষ্ট হয় যে স্কুলৰ শিক্ষাইহে সমাজৰ পৰিৱৰ্তনৰ গতি অব্যাহত কৰি ৰাখিব পাৰে। যি সমাজত স্কুলীয়া শিক্ষা উন্নত সেই সমাজত সামাজিক পৰিৱৰ্তন আৰু বিকাশৰ গতিও অব্যাহত হৈ থাকে। স্কুলীয়া শিক্ষাৰ দুৰৱস্থাই সামাজিক পৰিৱৰ্তনত স্থবিৰতা আনি দিয়ে। সেইবাবে সামাজিক পৰিৱৰ্তনৰ মাধ্যম হৈছে স্কুল।

স্কুলৰ বিলোপ সাধনৰ ধাৰণাঃ

বৰ্তমান স্কুলীয়া শিক্ষা সমাজৰ সকলো শ্ৰেণীৰ লোকৰে ব্যাপক প্ৰয়োজনলৈ চাই আৰু তাৰ তুলনাত স্কুলে সেই প্ৰয়োজন পূৰণত ব্যৰ্থ হোৱালৈ লক্ষ্য ৰাখি স্কুলৰ বিলোপ সাধনৰ এক আন্দোলন গঢ় লৈ উঠাটো বিশেষ মন কৰিবলগীয়া। উল্লেখযোগ্য যে বৰ্তমানৰ আনুষ্ঠানিক বিধৰ স্কুলীয়া শিক্ষাই সমগ্ৰ বিশ্বৰ লোকৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব পৰা নাই। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধেক লোকে স্কুলৰ চাৰিবেৰৰ মাজত দিয়া আনুষ্ঠানিক শিক্ষা নোপোৱাকৈ থাকে। তেওঁলোক অত্যন্ত দৰিদ্ৰ আৰু অৱস্থাহীন হোৱা বাবে সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু মানবিশিষ্ট স্কুলীয়া শিক্ষাৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আনহাতে উন্নত মানবিশিষ্ট এই স্কুলীয়া শিক্ষা ক্ৰমে অধিক কষ্টসাধ্য আৰু প্ৰতিযোগিতামূলক হৈ উঠিছে।

স্কুলৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ প্ৰয়োজনভিত্তিক হৈ উঠাৰ পৰিৱৰ্তে ই জীৱন-বিচ্ছিন্ন আৰু জীৱনৰ কোনো কামত নহা বিধৰহে হৈ উঠিছে। ই ছাত্ৰৰ মনত আত্ম-উপলব্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ ভাব জগাই তুলিব নোৱাৰে। এনে শিক্ষাই সকলো লোককে বিকাশৰ সমান সুবিধা দানেৰে সামাজিক ন্যায় আৰু সমতা স্থাপন কৰিব নোৱাৰে। ই ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ বিকাশ সাধনতো অসমৰ্থ। ছাত্ৰসকলক কেৱল মৌখিক শিক্ষা-নিৰ্দেশনাৰ বোজা জাপি দি যোগ্যতাৰ মানপত্ৰ প্ৰদান কৰাতেই মাথোন ই সকলো গুৰুত্ব আৰোপ কৰিছে। সেইবাবে এনে শিক্ষা বাস্তৱিকতে এক ব্যাপক পৰিসৰৰ অপচয় বুলিহে ক’ব পৰা যায়। কোনো কোনোৱে আকৌ ইয়াক এক ‘বৌদ্ধিক অন্ধবিশ্বাস কাৰ্য’ স্বৰূপেও অভিহিত কৰিব খোজে। কাৰণ আনুষ্ঠানিক স্কুলীয়া শিক্ষাৰ গতানুগতিক পৰম্পৰা ৰক্ষাৰ বাবে আমি ইয়াৰ যুক্তিযুক্ততা বিচাৰ নকৰি কেৱল অন্ধভাৱে গ্ৰহণ কৰিছো মাথোন।

স্কুলীয়া শিক্ষাৰ এনেবোৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে বৰ্তমান জীৱনৰ ব্যাপক কৰ্ম-পৰিসৰৰ অভিজ্ঞতা সামৰি ল’ব পৰাকৈ এক শিক্ষা-ব্যৱস্থা গঢ় দি তোলাৰ চিন্তা কৰা হৈছে। এনে শিক্ষা হ’ব লাগে জীৱনৰ দৰেই বাস্তৱমুখী আৰু প্ৰয়োজনভিত্তিক। এই শিক্ষাক জীৱনব্যাপী শিক্ষা স্বৰূপে নামাকৰণো কৰা হৈছে। এইবিধ শিক্ষাই স্কুলৰ আনুষ্ঠানিক শিক্ষা আৰু সমাজৰ বহল পৰিৱেশৰ আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা উভয়কেই সামৰি লৈছে। শিক্ষাবিদসকলে সেয়েহে অনুভৱ কৰি উঠিছে যে স্কুলৰ আনুষ্ঠানিক শিক্ষাৰ গতানুগতিক নিয়মতান্ত্ৰিকতা সমূহীয়া শিক্ষাৰ স্বাৰ্থত শিথিল কৰি তোলাৰ প্ৰয়োজন হৈ পৰিছে, যাতে ই সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই শৈক্ষিক প্ৰয়োজন পূৰণ কৰি উঠিব পাৰে।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top