অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰ আৰু শিক্ষাঃ

ৰাষ্ট্ৰ আৰু শিক্ষাৰ বিষয়ে লিখা হৈছে

 

 

শিক্ষাৰ লক্ষ্য যিদৰে প্ৰয়োজন, সেই লক্ষ্য কাৰ্যত পৰিণত কৰিবৰ বাবে এক নিৰ্দিষ্ট শিক্ষা কৰ্তৃপক্ষৰো প্ৰয়োজন হয়। প্ৰাচীন কালত মানুহৰ শিক্ষা অভিজ্ঞতা আছিল অতি সাধাৰণ আৰু প্ৰাসংগিক বিধৰ। ক্ৰমবৰ্ধিত শিক্ষা অভিজ্ঞতাই মানুহৰ জীৱন-যাত্ৰা ক্ৰমে জটিলতৰ কৰি তোলে। পূৰ্বৰ প্ৰাসংগিক শিক্ষাই মানুহৰ বৰ্ধিত প্ৰয়োজন পূৰণ কৰিব নোৱাৰা হৈ পৰে। ফলত শিক্ষা-ব্যৱস্থা সুসংগঠিত কৰি তুলিবৰ বাবে আৰু মানুহৰ ক্ৰমবৰ্ধিত প্ৰয়োজন পূৰণ কৰিব পৰাকৈ শিক্ষা-কৰ্তৃপক্ষ একোটাৰ প্ৰয়োজন হয়। সাধাৰণতে স্কুল বা বিদ্যালয়কেই শিক্ষাৰ এনে কৰ্তৃপক্ষ বুলি জনা যায়। অৱশ্যে স্কুল-কৰ্তৃপক্ষৰ উপৰিও শিক্ষাৰ দায়িত্ব বহন কৰা বৰ্তমান আন কেতবোৰ কৰ্তৃপক্ষ আছে। ৰাষ্ট্ৰ বা চৰকাৰ, ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহৰ কৰ্তৃপক্ষ, গৃহ-কৰ্তৃপক্ষ আদি এই প্ৰসংগত উল্লেখযোগ্য। আজিৰ সমাজত প্ৰতিজন লোকেই শিক্ষা-সচেতন আৰু প্ৰায়বোৰ সামাজিক অনুষ্ঠানেই ব্যক্তিৰ কল্যাণকামী আৰু শিক্ষা বিকাশ সাধনকাৰী কৰ্তৃপক্ষ স্বৰূপে গঢ়ি উঠিছে। এই অধ্যায়ত শিক্ষাৰ লক্ষ্য বাস্তৱত ৰূপদান কৰা এই বিভিন্ন কৰ্তৃপক্ষ অথবা দায়িত্বশীল অনুষ্ঠানসমূহৰ ভিতৰত ৰাষ্ট্ৰৰ দায়িত্ব আৰু ভূমিকা সম্বন্ধে বহলাই আলোচনা কৰা হৈছে।

ৰাষ্ট্ৰ আৰু শিক্ষাৰ সম্বন্ধঃ

 

বৰ্তমান সময়ত ৰাষ্ট্ৰ হৈছে শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব বহন কৰা এক প্ৰভাৱশালী কৰ্তৃপক্ষ। মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সুখ-শান্তি আৰু প্ৰগতিৰ বাবেই ৰাষ্ট্ৰ একোখন গঠিত হয়। এই সম্বন্ধে ৰাজনীতিবিদ, পণ্ডিত আৰু দাৰ্শনিকসকলৰ মতামতসমূহ বিবেচনা কৰি ক’ব পাৰি যে নাগৰিকসকলে সংগঠিত হৈ শাসনৰ ক্ষমতা দান কৰা চৰকাৰেই হৈছে ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰই নাগৰিক জীৱনৰ আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে আৰু নাগৰিকৰ দেহ-মানসিক তথা অন্যান্য স্বাৰ্থ ৰক্ষা কৰিবৰ বাবে ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োগ কৰে। সেইবাবে নাগৰিকসকলৰ ব্যক্তিগত আৰু সামূহিক স্বাৰ্থ পূৰণৰ যোগেদি সামাজিক মংগল কামনা কৰাটোৱেই হৈছে সাধাৰণভাৱে ৰাষ্ট্ৰৰ দায়িত্ব। এনে সামাজিক দায়িত্বৰ ভিতৰত শিক্ষা-দায়িত্ব বহন কৰাটোও ৰাষ্ট্ৰৰ বাবে এক প্ৰধান বিবেচ্য বিষয়। অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে ৰাষ্ট্ৰই ল’ব লগা শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব সম্বন্ধীয় প্ৰশ্ন বৰ্তমান এক বিতৰ্কমূলক বিষয়।

এই প্ৰসংগত প্ৰথমেই এই কথা উল্লেখযোগ্য যে ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু অনুশাসনিক প্ৰভাৱ সেই দেশৰ শিক্ষা জীৱনৰ ওপৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে পৰিবলৈ বাধ্য। দেশৰ ৰাজনৈতিক লক্ষ্য আৰু আদৰ্শই শিক্ষাৰ লক্ষ্য আৰু আদৰ্শও পৰিচালিত কৰে। কোনো এখন দেশ স্বেচ্ছাচাৰী শাসকৰ দ্বাৰা শাসিত হ’লে সেই দেশৰ শিক্ষাত তেনে শাসনৰ প্ৰভাৱ পৰে। ইয়াত ছাত্ৰসকলে আত্মপ্ৰকাশৰ পৰিৱৰ্তে শাসকৰ প্ৰতি আনুগত্য, কঠোৰ অনুশাসনীয়তা আৰু চৰম আত্ম-ত্যাগৰ নীতিৰে নিজকে গঢ় দি তোলে। শিক্ষাৰ পাঠ্যক্ৰম, কাৰ্য-আঁচনি আৰু শিক্ষণ-পদ্ধতি আদি এনে আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হয়। ফেচীবাদ আৰু নাৎসীবাদ চৰকাৰৰ শিক্ষাৰ আদৰ্শ এনে নীতিৰ দ্বাৰা পৰিচালিত হৈছিল। গণতান্ত্ৰিক ৰাজনীতিৰ আদৰ্শৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকেই আত্ম-প্ৰকাশৰ ব্যক্তি-স্বাধীনতা লাভ কৰে। নিজৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিবৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা-আদৰ্শ আৰু নীতি নিৰ্ধাৰণ কৰা হয়। ব্যক্তিত্বৰ আশানুৰূপ বিকাশ সাধন কৰিবৰ বাবে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত অধিক স্বাধীনতা, স্বায়ত্ব শাসন ক্ষমতা আদিৰে এক উদাৰ আৰু নমনীয় নীতি গ্ৰহণ কৰে। সেয়েহে দেখা যায় যে ৰাষ্ট্ৰ পৰিচালনাৰ ৰাজনৈতিক নীতি আৰু আদৰ্শই একোখন দেশৰ শিক্ষা-নীতি সামূহিকভাৱে গঢ় দি তুলি তাক প্ৰভাৱিত আৰু পৰিচালিত কৰে।

ৰাষ্ট্ৰ-নিয়ন্ত্ৰিত শিক্ষাৰ ধাৰণাৰ বিকাশঃ

 

পুৰণি কালত শিক্ষা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ কথা ভবা হোৱা নাছিল। ৰাষ্ট্ৰৰ ক্ৰমবিৱৰ্তন সম্বন্ধীয় ধাৰণা পৰিয়ালৰ পৰাই সৃষ্টি হয়। মানুহে জৈৱিক তথা সামাজিক কাৰণত প্ৰথমে সৰু সৰু গোটৰ পৰিয়াল গঠন কৰে। তাৰ যোগেদি শিক্ষাকে ধৰি সকলো দেহ-মানসিক প্ৰয়োজন পূৰণ কৰে। শিক্ষাৰ পৰিসৰো তেতিয়া সীমাবদ্ধ আছিল আৰু সৰু গৃহ বা পৰিয়ালেই তাৰ দায়িত্ব বহন কৰিছিল। সমাজৰ উচ্চ স্তৰৰ মুষ্টিমেয় সৌভাগ্যৱান লোকসকলৰ পৰিয়ালৰ মাজতেই এনে শিক্ষা আৱদ্ধ আছিল। ক্ৰমে গুৰু গৃহ অথবা শিক্ষকৰ পৰিয়ালসমূহ একো একোটা শিক্ষা-কেন্দ্ৰত পৰিণত হয়। সমাজৰ নীতি-নিয়ম আদিত ধৰ্মৰ প্ৰভাৱ পৰিবলৈ ধৰাৰ লগে লগে ধৰ্মগুৰুসকল শিক্ষাগুৰু স্বৰূপেও পৰিগণিত হয়। ফলস্বৰূপে ধৰ্মীয় অনুষ্ঠানসমূহে সাধাৰণ লোকসকলৰ শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব গ্ৰহণ কৰে। শিক্ষাই মানৱ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন কৰাৰ লগে লগে ধৰ্মান্ধতা, ধৰ্ম-সংকীৰ্ণতা আৰু কু-সংস্কাৰ আদিৰ প্ৰতি মানুহৰ চকু মেল খায়। শিক্ষা বিস্তাৰে সৰ্বসাধাৰণ লোকক ক্ৰমে শিক্ষা-সচেতন কৰি তোলে। ইয়াৰ ফলত ধৰ্মীয় শিক্ষাৰ ৰক্ষণশীল মনোভাৱে গতিশীল সমাজৰ প্ৰয়োজনসমূহ পূৰণ কৰিব নোৱাৰা হৈ পৰে। ধৰ্ম-নিৰপেক্ষ, প্ৰগতিশীল আৰু সমাজবাদী দৃষ্টিভংগীৰ এক নতুন শিক্ষা-কৰ্তৃপক্ষৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। এই সময়ত ধৰ্মগুৰুৰ কবলৰ পৰা শিক্ষাৰ দায়িত্ব ক্ৰমে সমাজৰ হাতলৈ আহে।

সমাজ আৰু সামাজিক অনুষ্ঠানসমূহে ৰাজহুৱা দায়িত্বৰে স্কুল স্থাপন কৰি আনুষ্ঠানিকভাৱে শিক্ষকৰ ওপৰত শিক্ষাৰ দায়িত্ব ন্যস্ত কৰে। কলা, বিজ্ঞান, কাৰিকৰী বিজ্ঞান আদি বিষয়ৰ ক্ৰমে অধিক চৰ্চা হ’বলৈ ধৰে। পাঠ্যক্ৰমত ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় নতুন নতুন বিষয় ছাত্ৰৰ অধ্যয়নৰ বাবে সন্নিবিষ্ট কৰা হয়। আনহাতে শিক্ষাত সমাজবাদী চিন্তাধাৰাই প্ৰভাৱ পেলোৱাৰ লগে লগে ছাত্ৰসংখ্যা অধিক বৃদ্ধি পাবলৈ ধৰে। অধিক সংখ্যক শিক্ষক, স্কুলঘৰ, শিক্ষা-সঁজুলি, পুথিভঁৰাল, প্ৰয়োগশালা আদি স্থাপনৰ প্ৰয়োজন হয়। সেই হেতুকে শিক্ষা অধিক ব্যয়বহুল আৰু দায়িত্বপূৰ্ণ বিষয় হৈ উঠে। এনে অৱস্থাত ৰাষ্ট্ৰীয় অৰ্থ সাহায্য, অনুদান আৰু পৰিদৰ্শন আদিৰ প্ৰয়োজনো অনুভৱ কৰা হয়। ফলস্বৰূপে দেশৰ শিক্ষাৰ তত্বাৱধান লবলৈ চৰকাৰৰ শিক্ষা-বিভাগ আৰু শিক্ষামন্ত্ৰী দপ্তৰ স্থাপন কৰা হয়। এনেদৰেই শিক্ষা বিভিন্ন আইন প্ৰণয়নৰ যোগেদি ক্ৰমে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আৰু কৰ্তৃত্বলৈ আহে। বৰ্তমানৰ শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হয়। শিক্ষাৰ সমস্যাসমূহো চৰকাৰৰ শিক্ষা সম্বন্ধীয় ৰাষ্ট্ৰীয় নীতিৰ দ্বাৰা সমাধানৰ চেষ্টা কৰা হয়।

শিক্ষা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ সপক্ষে আৰু বিপক্ষেঃ

 

পূৰ্বেই উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰই ল’ব লগা শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব সম্বন্ধীয় প্ৰশ্ন বৰ্তমান শিক্ষা-তত্বৰ ফালৰ পৰা এক বিতৰ্কমূলক বিষয়। এই বিতৰ্ক ব্যক্তিবাদ আৰু সমষ্টিবাদ চিন্তাধাৰাৰ পৰা মূলতঃ উদ্ভৱ হৈছে। এই সম্বন্ধে শিক্ষাবিদ আৰু ৰাজনীতিবিদসকলে ভিন্নমত পোষণ কৰে।

ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰু কৰ্তৃত্বৰ সপক্ষে মত প্ৰকাশ কৰি কোৱা হয় যে শিক্ষা হৈছে ৰাষ্ট্ৰৰ এক দীৰ্ঘম্যাদী বিনিয়োগ ব্যৱস্থা মাথোন। প্ৰত্যেক কল্যাণকামী ৰাষ্ট্ৰই দেশৰ প্ৰাকৃতিক আৰু অৰ্থনৈতিক সম্পদৰ লগতে মানৱ সম্পদৰো উপযোগ কৰিব লাগে। দেশৰ মানৱ সম্পদক এক বিশিষ্ট জনশক্তি ৰূপে কেৱল শিক্ষাৰ যোগেদিহে প্ৰয়োগ কৰিব পাৰি। সেইবাবে ৰাষ্ট্ৰ অথবা চৰকাৰে দেশৰ জনশক্তি স্বৰূপে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ বিধিগত দায়িত্ব গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ কল্যাণ আৰু উন্নতি সম্বন্ধীয় সকলোবোৰ বিষয়ৰ ওপৰত চৰকাৰৰ এক সাধাৰণ নিয়ন্ত্ৰণ ক্ষমতা থকাৰ কথা মানি লোৱা হয়। সকলো নাগৰিকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰৰ শাসন ক্ষমতা আৰু কৰ্তৃত্বৰ কথা স্বীকাৰ কৰা হয়। নাগৰিকৰ উন্নত জীৱন-যাপন সম্ভৱ কৰি তুলিবলৈ আলি-পদূলি নিৰ্মাণ কৰা, যাতায়তৰ সুবিধা কৰা, যোগাযোগ ব্যৱস্থা স্থাপন কৰা আৰু জাতীয় সম্পদ বৃদ্ধিৰ বাবে কৰ-কাতলৰ ব্যৱস্থা আদি চৰকাৰৰ দায়িত্ব। নাগৰিকৰ স্বাস্থ্য ৰক্ষাৰ বাবেও চিকিৎসাৰ ব্যৱস্থা কৰা, ভেজালকৰণ প্ৰতিৰোধ কৰা, আকাল, মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগত দুৰ্গত লোকক সহায় কৰা চৰকাৰৰ কৰ্তব্য। সেইদৰে নাগৰিকৰ মানসিক বিকাশ আৰু মনোৰঞ্জনৰ বাবেও ৰাজহুৱা পুথিভঁৰাল, সংগ্ৰাহালয়, কলাভৱন আদি স্থাপন কৰা, খেলপথাৰ, ষ্টেডিয়াম, উদ্যান আদি নিৰ্মাণ কৰা জনহিতকৰ চৰকাৰৰ কৰ্তব্য। এনেবোৰ বিষয়ৰ লগত শিক্ষাৰ সকলো দিশ আৰু পৰ্যায় পৰিচালনাৰ দায়িত্ব আৰু কৰ্তৃত্ব চৰকাৰে নিজৰ হাতত লোৱাটো যুক্তিসংগত কথা বুলি বিবেচনা কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট চিন্তাবিদ কৰ্লাইল, মেঠিও আৰ্নল্ড আদি সমষ্টিবাদ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হোৱা হেতুকে শিক্ষা ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰু হস্তক্ষেপৰ অনুমোদন কৰে।

শিক্ষা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ সপক্ষে কেতবোৰ অৰ্থপূৰ্ণ যুক্তিৰো অৱতাৰণা কৰা হয়। এই প্ৰসংগত নিম্নলিখিত যুক্তিকেইটা মন কৰিবলগীয়া।

প্ৰথমেই উল্লেখযোগ্য যে ব্যক্তিগত প্ৰয়াস বা উদ্যমৰ যোগে পৰিচালিত শিক্ষাই এখন কল্যাণকামী ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থৰক্ষা আৰু উন্নতি সাধন কৰিব নোৱাৰে, ব্যক্তিগত প্ৰয়াসৰ যোগে স্থাপিত শিক্ষানুষ্ঠানে শিক্ষাৰ সামূহিক উন্নতিৰ পৰিৱৰ্তে ব্যক্তিগত লাভাংশৰ প্ৰতিহে অধিক উৎসাহী হয়। শিক্ষা ক্ষেত্ৰত এনে কৰ্তৃপক্ষই উদাৰনীতি গ্ৰহণৰ পৰিৱৰ্তে ন্যস্ত স্বাৰ্থৰক্ষা আৰু সংৰক্ষণশীল মনোভাৱৰহে পৰিচয় দিয়ে।

দ্বিতীয়তে, ধৰ্মীয় অনুষ্ঠানসমূহে প্ৰদান কৰা শিক্ষাও সংকীৰ্ণ আৰু একপক্ষীয় হৈ উঠে। ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে এনে শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা-নীতি বিৰোধী হৈ উঠিব পাৰে। এনে শিক্ষা-কৰ্তৃপক্ষই শিক্ষাৰ প্ৰসাৰ লাভতকৈও ধৰ্মৰ প্ৰচাৰ হোৱাটোহে অধিক কামনা কৰে।

তৃতীয়তে, যুক্তি দৰ্শাই কোৱা হয় যে শিক্ষাৰ সৰ্বাংগীন উন্নতিৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা-নীতিৰ প্ৰয়োজন আৰু এই নীতি প্ৰস্তুত আৰু কাৰ্যকৰীকৰণৰ বাবে ৰাষ্ট্ৰৰ কৰ্তৃত্ব আৰু পোনপটীয়া নিয়ন্ত্ৰণৰ একান্ত প্ৰয়োজন। সকলো গোষ্ঠী, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকৰ স্বাৰ্থ সমানভাৱে ৰক্ষা কৰাটো কেৱল এক ৰাষ্ট্ৰীয় শিক্ষা-কৰ্তৃপক্ষৰ দ্বাৰাহে সম্ভৱপৰ। ৰাষ্ট্ৰীয় শিক্ষাইহে ৰাষ্ট্ৰীয় সংহতি আনিব পাৰে।

শিক্ষা বিষয়ত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ সম্বন্ধে প্ৰবল যুক্তি থাকিলেও বৰ্তমান ইয়াৰ বিৰোধিতা কৰা লোকৰ সংখ্যা আৰু তেওঁলোকৰ দৃষ্টিভংগীও তেনেই অৱহেলা কৰিব নোৱাৰি। বিশিষ্ট ৰাজনৈতিক চিন্তাবিদসকলৰ ভিতৰত হবচ, লক, আদাম স্মিথ, মিল আৰু হাৰ্বাৰ্ট স্পেনচাৰ আদিৰ নাম এই প্ৰসংগত উল্লেখযোগ্য। ৰাষ্ট্ৰৰ উৎপত্তি আৰু তাৰ সংজ্ঞা আদি সম্বন্ধে এওঁলোকৰ ব্যক্তিগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিলেও শিক্ষা ক্ষেত্ৰত ৰাষ্ট্ৰ নিয়ন্ত্ৰণ আৰু হস্তক্ষেপ হোৱাটো এওঁলোকে নিবিচাৰে। আদাম স্মিথে শিক্ষাৰ বেলিকা এক প্ৰাকৃতিক স্বাধীনতা থকাটো দৃঢ়তাৰে সমৰ্থন কৰে। এই ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ পৰিহাৰ কৰা নীতি গ্ৰহণৰ পোষকতা কৰে। তেওঁৰ মতে দেশৰ প্ৰাথমিক শিক্ষা চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে। কিন্তু উচ্চ শিক্ষা এনে নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’ব লাগে। জন্ ষ্টুৱাৰ্টচ্ মিলেও ব্যক্তি স্বাধীনতাৰ সপক্ষে মত প্ৰকাশ কৰি কয় যে ব্যক্তি হৈছে পৱিত্ৰ আৰু তেওঁৰ নিজ স্বাধীনতাৰ ওপৰত চৰকাৰে কৰা হস্তক্ষেপ অত্যন্ত ঈৰ্ষাৰ দৃষ্টিৰে নিৰীক্ষণ কৰিব লাগে। তেওঁৰ মতে কৰ-কাটল লগোৱা, বিচাৰ কাৰ্য সম্পন্ন কৰা আৰু পুলিচ বিভাগ পৰিচালনা কৰা আদিৰ ক্ষেত্ৰত চৰকাৰৰ এক প্ৰয়োজনীয় দায়িত্ব আৰু নিয়ন্ত্ৰণ থাকে। কিন্তু শিক্ষা বিষয় এনে নিয়ন্ত্ৰণ আৰু প্ৰত্যক্ষ দায়িত্বৰ বাহিৰত থাকিব লাগে। এই প্ৰসংগৰ এক সামূহিক মূল্যায়ন কৰি ৰেমণ্টে মত প্ৰকাশ কৰে যে দাৰ্শনিক লকৰ পৰা স্পেনচাৰলৈকে ইংৰাজ চিন্তাবিদসকলে অত্যন্ত প্ৰয়োজনীয় অৱস্থাৰ বাহিৰে ৰাষ্ট্ৰৰ হস্তক্ষেপ হোৱাটো নিবিচাৰে। অৱশ্যে এই সীমাৰ প্ৰকৃত পৰিসৰ সম্বন্ধে যথেষ্ট মত-পাৰ্থক্য আছে।

শিক্ষা বিষয়ৰ ওপৰত ৰাষ্ট্ৰৰ অত্যধিক নিয়ন্ত্ৰণ আৰু হস্তক্ষেপৰ সম্ভাৱ্য পৰিণতি সম্বন্ধে সচেতন হোৱা উচিত। শিক্ষাত অত্যধিক ৰাষ্ট্ৰীয় হস্তক্ষেপৰ বিৰুদ্ধে নিম্নলিখিত যুক্তিকেইটা আগবঢ়াব পাৰি।

প্ৰথমেই উল্লেখযোগ্য যে শিক্ষা বিষয়ত ৰাষ্ট্ৰক চৰম ক্ষমতা প্ৰদান কৰি ব্যক্তিগত প্ৰয়াস আদি নিৰ্মূল কৰিলে ই ব্যক্তিত্ব বিকাশৰ প্ৰতিকূল পৰিৱেশ এটাৰহে সৃষ্টি কৰিব পাৰে। স্মৰণযোগ্য যে শিক্ষাৰ দ্বাৰা প্ৰতিজন লোকৰ ব্যক্তিত্ব নিজস্বভাৱে বিকাশতহে সহায় কৰিব লাগে- ৰাষ্ট্ৰীয় শিক্ষাৰ মানদণ্ডেৰে সকলো লোকৰ ব্যক্তিত্ব সমানে বিকাশৰ চেষ্টা চলাব নালাগে।

দ্বিতীয়তে মন কৰিবলগীয়া যে প্ৰতিভাৱান ছাত্ৰ ৰাষ্ট্ৰৰ একো একোটা সম্পদ স্বৰূপ। এই সম্পদৰ স্বৰূপ উদ্ঘাটন আৰু তাৰ পূৰ্ণ উপযোগিতাকৰণ কৰাটো প্ৰয়োজন। ৰাষ্ট্ৰ-নিয়ন্ত্ৰিত সাধাৰণ মানবিশিষ্ট শিক্ষাৰ দ্বাৰা তেনে আশা কৰিব নোৱাৰি।

তৃতীয়তে ৰাষ্ট্ৰৰ পূৰ্ণ নিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থাই শাসনাধিস্থিত ৰাজনৈতিক দলৰ দলীয় নীতি আৰু আদৰ্শসমূহ একপক্ষীয়ভাৱে কাৰ্যকৰীকৰণৰহে সুবিধা দিয়ে। এনে শিক্ষাই নাগৰিকৰ প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ আৰু স্বাধীন মনোভাৱ খৰ্ব কৰাৰ আশংকা থাকে।

চতুৰ্থতে অত্যধিক ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণে উচ্চ শিক্ষাৰ স্বাধীন চিন্তা-চৰ্চা আৰু গৱেষণা কাৰ্যত বাধাৰ সৃষ্টি কৰিব পাৰে। এনে নিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থাই বিশেষজ্ঞ আৰু বুদ্ধিজীৱি লোকসকলক অসন্তুষ্ট কৰি তোলাটো স্বাভাৱিক। এই যুক্তিৰ সমৰ্থনত সেয়েহে বিশ্ববিদ্যালয় শিক্ষাৰ স্বায়ত্ব-শাসন দাবী কৰা হয়।

শিক্ষাৰ প্ৰতি ৰাষ্ট্ৰৰ বাঞ্ছিত কৰ্তব্যঃ

দেশৰ বিভিন্ন দিশৰ অগ্ৰগতিত শিক্ষাৰ বৰ্তমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শিক্ষা বিষয়ৰ প্ৰয়োজনীয় দায়িত্ব গ্ৰহণ আৰু নিয়ন্ত্ৰণ কৰাটো বাঞ্ছনীয়। শিক্ষাৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰু হস্তক্ষেপৰ পৰা সম্পূৰ্ণ মুক্ত কৰা অথবা শিক্ষাৰ প্ৰতিটো কথাতে ৰাষ্ট্ৰই হস্তক্ষেপ কৰা আৰু কটকটীয়া নিয়ন্ত্ৰণত ৰখা- ইয়াৰ কোনোটোৱেই সমৰ্থনযোগ্য নহয়। অৱস্থাবিশেষে শিক্ষাত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আমি স্বীকাৰ কৰিব লাগিব। দেশৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰিবৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ আৰু দায়িত্ব গ্ৰহণৰ প্ৰয়োজন। আনহাতে উচ্চ শিক্ষা স্বাধীন, সৃজনাত্মক আৰু ব্যক্তিত্ব বিকাশৰ প্ৰয়োজনমুখী কৰি তুলিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্বায়ত্ব শাসন ক্ষমতা প্ৰদান কৰিব লাগে। সেইদৰে শিক্ষা ক্ষেত্ৰত ব্যক্তিগত প্ৰয়াস আৰু ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ প্ৰয়াস সম্পূৰ্ণ নিৰ্মূলকৰণৰ চেষ্টা কৰিব নালাগে। বেচৰকাৰীভাৱে শিক্ষাৰ দায়িত্ব লোৱা এনেবোৰ কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় শিক্ষা-আদৰ্শৰ অনুকূলে শিক্ষা পৰিচালনাৰ প্ৰয়োজনীয় অধিকাৰ ৰাষ্ট্ৰই প্ৰদান কৰিব লাগে। ব্যক্তিগত প্ৰয়াস, ধৰ্মীয় অনুষ্ঠান, বিশ্ববিদ্যালয় আদি শিক্ষা কৰ্তৃপক্ষসমূহৰ লগত ৰাষ্ট্ৰৰ বিৰোধ অথবা প্ৰত্যাহ্বানমূলক মনোভাৱৰ পৰিৱৰ্তে সহযোগিতা আৰু সমন্বয়ৰ ভাব গঢ় দি তোলাটোহে দেশৰ শিক্ষা বিভাগৰ বাবে প্ৰয়োজনীয় কথা। শিক্ষাৰ সকলো দিশৰ প্ৰতি চৰকাৰে সাধাৰণভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰিব লাগে। ৰাষ্ট্ৰৰ মূল শিক্ষানীতি আৰু আদৰ্শ স্থিৰ কৰি সেইসমূহ বিভিন্ন শিক্ষা-কৰ্তৃপক্ষই কিদৰে কাৰ্যকৰী কৰিছে তাৰ প্ৰতি চকু দিব লাগে। দেশত শিক্ষাৰ এক গণতান্ত্ৰিক আদৰ্শ আৰু পৰম্পৰা সৃষ্টি কৰিবৰ বাবে ৰাষ্ট্ৰীয় চৰকাৰৰ এনে ভূমিকা আদৰণীয়। এই প্ৰসংগত ৰাষ্ট্ৰই শিক্ষাৰ প্ৰতি ল’ব লগা কেতবোৰ বিশেষ বিশেষ দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে তলত উল্লেখ কৰা হৈছে।

(১) ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনঃ

প্ৰতিখন ৰাষ্ট্ৰই নিজৰ ৰাজনৈতিক আদৰ্শ অনুযায়ী শিক্ষাৰ আদৰ্শ আৰু লক্ষ্য স্থিৰ কৰিব লাগে। দেশৰ ভৱিষ্যৎ নাগৰিকসকলক এনে ৰাষ্ট্ৰীয় শিক্ষা-আদৰ্শ আৰু নীতিৰ দ্বাৰাহে উদ্দেশ্যপ্ৰণোদিতভাৱে শিক্ষা দিব পৰা যায়। দেশৰ অৰ্থনীতি, সমাজনীতি, ৰাজনীতি আদি ইয়াৰ ওপৰত ভিত্তি কৰি ৰচিত আৰু পৰিচালিত কৰিব পাৰি। ইয়াৰ ওপৰত ভিত্তি কৰি শিক্ষানুষ্ঠান স্থাপন, আৰ্থিক সাহায্য প্ৰদান, পৰিদৰ্শন, প্ৰশাসন, শিক্ষক-প্ৰশিক্ষণ আদি ব্যৱস্থা গ্ৰহণ কৰা হয়। এনে শিক্ষানীতিৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত প্ৰয়াস আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ শিক্ষাৰ ভূমিকা সম্বন্ধেও চৰকাৰে নীতি নিৰ্ধাৰণ কৰিব লাগে।

(২) উপযুক্ত স্কুল স্থাপনঃ

দেশৰ প্ৰয়োজন অনুসৰি বিভিন্ন অঞ্চলত প্ৰাথমিক, মাধ্যমিক আৰু কাৰিকৰী বিষয়ৰ স্কুল স্থাপন কৰাটো চৰকাৰৰ দায়িত্ব। ইয়াৰ উপৰিও অনাৱশ্যকভাৱে য’তে ত’তে স্কুল স্থাপন কৰি শিক্ষা নিম্নমানৰ কৰি তোলা নহয় তাৰ প্ৰতি চৰকাৰে চকু দিব লাগে। জনজাতীয় আৰু পিছ পৰি থকা লোকৰ অঞ্চলত শিক্ষা বিস্তাৰৰ বাবে চৰকাৰে নিজস্বভাৱে স্কুল স্থাপন কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এনে অঞ্চলত ব্যক্তিগত প্ৰয়াস অথবা ৰাজহুৱাভাৱে শিক্ষানুষ্ঠান গঢ়ি উঠিব নোৱাৰে।

(৩) প্ৰাথমিক শিক্ষা বাধ্যতামূলককৰণঃ

দেশৰ নিৰক্ষৰতা গুচাবৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰি তোলাটো ৰাষ্ট্ৰৰ এক প্ৰধান কৰ্তব্য। ইয়াৰ বাবে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা আৰু তাক নিষ্ঠাৰে কাৰ্যত পৰিণত কৰা চৰকাৰৰ কৰ্তৃত্বৰ দ্বাৰাহে সম্ভৱ হৈ উঠিব পাৰে। বিশেষকৈ চৰকাৰৰ আইনসন্মত ক্ষমতা প্ৰয়োগৰ যোগেদিহে অভিভাৱকসকলক তেওঁলোকৰ ল’ৰা-ছোৱালী নিয়মিতভাৱে স্কুললৈ পঠাবলৈ বাধ্য কৰিব পাৰি।

(৪) আৰ্থিক সাহায্য দানঃ

যি কোনো পৰ্যায়ৰে শিক্ষা উন্নতকৰণৰ বাবে চৰকাৰৰ আৰ্থিক সাহায্যৰ প্ৰয়োজন। এনে সাহায্য বিভিন্ন প্ৰকাৰৰ শিক্ষা-অনুদান স্বৰূপে শিক্ষানুষ্ঠানসমূহক দিব লাগে। ইয়াৰ উপৰিও উপযুক্ত ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্যৰূপে চৰকাৰী বৃত্তি প্ৰদান কৰিব লাগে। মেধাবী ছাত্ৰক বিদেশত প্ৰয়োজনীয় শিক্ষাদানৰ সকলো ব্যৱস্থা আৰু সা-সুবিধা আদিও চৰকাৰে কৰি দিব লাগে। শিক্ষানুষ্ঠানবোৰৰ উপযুক্ত শিক্ষা বিকাশৰ বাবে আৰু আৰ্থিক অসুবিধা দূৰ কৰিবৰ বাবে ঘাটি-মঞ্জুৰী দিয়াৰ ব্যৱস্থা কৰাটোও চৰকাৰৰ কৰ্তব্য। এইক্ষেত্ৰত কোনো ৰাজনৈতিক চৰ্ত আদি আৰোপ কৰা হ’ব নালাগে।

(৫) সাধাৰণ নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণঃ

দেশৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষাৰ মান যাতে উন্নত আৰু সমপৰ্যায়ৰ হৈ উঠে তাৰ প্ৰতি চকু ৰখাটো চৰকাৰৰ দায়িত্ব। ইয়াৰ বাবে চৰকাৰৰ শিক্ষা বিভাগে ব্যাপকভাৱে শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন আৰু পৰ্যবোক্ষণৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰৰ দ্বাৰা নিয়োজিত পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থ-সাহায্য, অনুদান আদি আগবঢ়াব লাগে। এনে ব্যৱস্থাৰ দ্বাৰা দেশৰ শিক্ষানুষ্ঠানবোৰৰ সাধাৰণ নিয়ন্ত্ৰণ ব্যৱস্থা ৰাষ্ট্ৰৰ অধীনলৈ আনিব পৰা যায়।

(৬) শিক্ষক-প্ৰশিক্ষণঃ

শিক্ষাৰ মান উন্নত কৰিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন। শিক্ষকক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলাৰ এই দায়িত্বও চৰকাৰে বহন কৰিব লাগে। বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত এনে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজনীয়তা বৰ বেছি। যিসকল শিক্ষকৰ এনে ব্যৱসায়িক প্ৰশিক্ষণ নাই তেওঁলোকক চাকৰিয়াল জীৱনত বাধাৰ সৃষ্টি নোহোৱাকৈ প্ৰশিক্ষণৰ প্ৰয়োজনীয় ব্যৱস্থা চৰকাৰে কৰি দিব লাগে। ইয়াৰ উপৰিও শিক্ষকসকলৰ শিক্ষাদান কাৰ্যৰ বিভিন্ন সমস্যাসমূহ মুকলিভাৱে আলোচনা কৰিবৰ বাবে আলোচনাচক্ৰ, গ্ৰীষ্মকালীন শিবিৰ আদিৰো প্ৰয়োজনীয় ব্যৱস্থা চৰকাৰে কৰিব লাগে।

ওপৰত উল্লেখ কৰা প্ৰধান দায়িত্বৰ উপৰিও বৰ্তমান সমাজৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি কল্যাণকামী ৰাষ্ট্ৰই শিক্ষাৰ উন্নতি আৰু প্ৰগতিৰ বাবে আন কেতবোৰ দায়িত্বও পালন কৰিব লাগে। এইসমূহ চমুকৈ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) আধুনিক বিজ্ঞানমুখী সমাজৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ কাৰিকৰী, প্ৰযুক্তিবিদ্যা, চিকিৎসা বিদ্যা আদি বিষয়ৰ ব্যয়বহুল শিক্ষানুষ্ঠানসমূহ স্থাপন আৰু পৰিচালনাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে।

(২) উচ্চ শিক্ষাৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যৰ বাবে বৃত্তি প্ৰদান কৰা, বিদেশ ভ্ৰমণৰ সুবিধা দান কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ লোকৰ বিনিময় কৰা আদিৰ প্ৰয়োজনীয় দায়িত্ব চৰকাৰে বহন কৰিব লাগে।

(৩) সময়ে সময়ে শিক্ষাৰ বিভিন্ন দিশৰ সমস্যাসমূহ অধ্যয়ন আৰু সমাধানৰ প্ৰয়োজনীয় পৰামৰ্শ আদি লাভ কৰিবৰ বাবে শিক্ষা আয়োগ আৰু শিক্ষা কমিটি আদি নিযুক্ত কৰাটো চৰকাৰৰ দায়িত্ব।

(৪) ভাষিক, ধৰ্মীয় আৰু সাংস্কৃতিকভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ শিক্ষা সম্বন্ধীয় স্বাৰ্থৰক্ষাৰ প্ৰতি বিশেষ চকু দিয়াটোও গণতান্ত্ৰিক সমাজবাদী চৰকাৰৰ কৰ্তব্য।

(৫) কলা-বোবা, পংগু, বিকলাংগ আদি দৈহিকভাৱে অক্ষম লোকসকলক প্ৰয়োজনীয় শিক্ষাৰে জীৱনত আত্মনিৰ্ভৰশীল কৰি তোলাৰ দায়িত্বও চৰকাৰে বহন কৰিব লাগে।

(৬) কল্যাণকামী ৰাষ্ট্ৰই শিক্ষক গোষ্ঠীৰ সামাজিক মান, অৰ্থনৈতিক স্বাচ্ছন্দ্যতা আৰু শাৰীৰিক সুখ-শান্তি আদিৰ প্ৰতিও বিশেষ চকু ৰখা উচিত।

(৭) শিশু কল্যাণৰ বাবে স্কুলত আহাৰ যোগান ধৰা, স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা, যান-বাহনৰ সুব্যৱস্থা কৰা, শিশু-শিক্ষা সঁজুলিৰ যোগান ধৰা আদি কাৰ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে।

(৮) বৰ্তমান নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকসকলক সাক্ষৰতা দান কৰি তেওঁলোকৰ নাগৰিক জীৱন উন্নত কৰি তুলিবৰ বাবে সামাজিক শিক্ষাৰ ব্যৱস্থা কৰাটো ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য।

মুঠতে ক’বলৈ গ’লে দেশৰ শিক্ষা সম্বন্ধীয় সকলো বিষয় আৰু কৰ্তৃপক্ষৰ লগত ৰাষ্ট্ৰৰ প্ৰত্যক্ষ বা পৰোক্ষ যোগাযোগ আৰু সাধাৰণ নিয়ন্ত্ৰণ থাকিব লাগে। আধুনিক যুগত গণতান্ত্ৰিক দেশত শিক্ষাৰ ব্যাপক প্ৰয়োজন অনুভৱ কৰি উঠা হৈছে। তাৰ লগে লগে বিভিন্ন দিশত শিক্ষা-সমস্যাৰ জটিলতা বৃদ্ধি পাবলৈ ধৰিছে। সেই হেতুকে শিক্ষা বিষয়ত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰু হস্তক্ষেপ সম্বন্ধীয় প্ৰশ্নও সতৰ্কতাৰে বিবেচনাৰ প্ৰয়োজন হৈ পৰিছে। এই প্ৰসংগত ৰাষ্ট্ৰৰ ভূমিকা এখন নাটকৰ পৰিচালকজনৰ লগত তুলনা কৰিব পাৰি। নাটকৰ পৰিচালকে মঞ্চত আত্মপ্ৰকাশ নকৰাকৈ আঁৰ কাপোৰৰ পৰা সকলোবোৰ চৰিত্ৰ আৰু নাটকৰ কাৰ্যাৱলী পৰিচালনা কৰে। ঠিক সেইদৰে চৰকাৰেও নিজ ক্ষমতা আৰু কৰ্তৃত্বৰ প্ৰত্যক্ষ প্ৰদৰ্শন নকৰাকৈ দেশৰ শিক্ষা বিষয়ৰ বিভিন্ন দিশত প্ৰয়োজনীয় নিৰ্দেশ আৰু পৰিচালনা আগবঢ়াব পাৰে।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top