অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষা আৰু সামাজিক পৰিৱৰ্তনঃ পঞ্চম অধ্যায়

শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে লিখা হৈছে

 

 

সামাজিক পৰিৱৰ্তন কি ?

 

পৰিৱৰ্তন এটা প্ৰকৃতিৰেই নিয়ম। সমাজ সদায় পৰিৱৰ্তনশীল। পৰিৱৰ্তনৰ গতি সদায় প্ৰৱাহিত হৈ থাকে। কোনোৱে ইয়াৰ গতি ৰোধ কৰিব নোৱাৰে। সমাজৰ বিভিন্ন প্ৰক্ৰিয়া অনুযায়ী পৰিৱৰ্তনৰ গতিও বেলেগে বেলেগ। কোনোবাখন সমাজৰ পৰিৱৰ্তনৰ গতি ধীৰ আৰু কোনোবাখনৰ অতি ক্ষিপ্ৰ। সমাজৰ পৰিৱৰ্তনৰ লগে লগে সভ্যতাৰো পৰিৱৰ্তন হৈ থাকে। লৰ্ড আলফ্ৰেড টেনিচনে এষাৰী মন্তব্য আগবঢ়াইছিল। তেওঁৰ মতে- “The old order changed yielding place to new; God fulfils in many ways.” পুৰণা নিৰ্দেশ, ৰীতি-নীতি বদলি হৈ তাৰ ঠাইত প্ৰতিষ্ঠা হয় নতুন নিৰ্দেশ আৰু ৰীতি-নীতি। গ্ৰীকৰ বিখ্যাত দাৰ্শনিকসকলে মন্তব্য কৰি গৈছে- There is nothing permanent except change.” এই বিশ্ববিহ্মাণ্ডত এটা বস্তুৰেই স্থায়িত্ব আছে সেইটো হ’ল পৰিৱৰ্তন। প্ৰকৃতিৰ নিয়ম মতে মানুহ ৰক্ষণশীল। মানুহে কিন্তু সাধাৰণতে পৰিৱৰ্তন নিবিচাৰে। আনহাতে প্ৰকৃতি সদায় গতিশীল। সকলো ঠাইতহে মাত্ৰ পৰিৱৰ্তনহে দেখা যায়। এই পৰিৱৰ্তন কিছু কিছু ক্ষেত্ৰত মানুহে সহজভাৱে ল’ব নোৱাৰে যদিও প্ৰকৃতিৰ নিয়ম হিচাপে মানুহে মানি ল’বলৈ বাধ্য হৈ পৰে।

সামাজিক পৰিৱৰ্তনৰ বিষয়ে সমাজবিজ্ঞানীসকলে বিভিন্ন মত পোষণ কৰিছে। তেওঁলোকৰ মতে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হ’ল এখন সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত নিয়মিতভাৱে চলি থকা সামাজিক সম্বন্ধৰ পৰিৱৰ্তন। সমাজখন মানুহৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন কৰ্মৰ ফলশ্ৰুতিহে। সামাজিক সম্বন্ধৰ মূৰ্ত প্ৰতীক হ’ল পৰিয়াল, ধৰ্মীয় সম্প্ৰদায়, ৰাজনৈতিক দল, অৰ্থনৈতিক সমিতি ইত্যাদি। এই প্ৰতীকসমূহৰ মাজত কিবা পৰিৱৰ্তন উদ্ভৱ হ’লেই সি সামাজিক পৰিৱৰ্তনৰ ৰূপ লয়।

সামাজিক পৰিৱৰ্তন সম্বন্ধে সমাজবিজ্ঞানীসকলে নানা ধৰণৰ মত পোষণ কৰা দেখা যায়। সমাজবিজ্ঞানী Ginsberg M.-ৰ মতে “By social change I understand a change in social structure by the size of a society, the composition or balance of its parts, or the types of its organisation.”

অন্য এগৰাকী চিন্তাবিদ Davis–ৰ মতে, “Social change it means only such alternations as occur in social organisation, that is, structure and functions of society.”

Merill আৰু Eldrege–ৰ মতে, “Social change means that large number of persons are engaging that differ from those which they or their immediate forefathers engaged in sometime before.”

অন্য এগৰাকী সমাজবিজ্ঞানী Jones-ৰ মতে, “Social change is a term used to describe variations in, or modification of any aspect of social process, social patterns, social interaction or social organisation.”

ভাৰতীয় সমাজবিজ্ঞানী H.T. Majumdar–এ কৈছে যে, “Social change may be defined as a new fashion or mode, either modifying or replacing the old in the life of a people or in the operation of a society.”

সেইদৰে Gillin and Gillin নামৰ সমাজবিদ দুগৰাকীয়ে তেওঁলোকৰ অমূল্য গ্ৰন্থ ‘Cultural Sociology’–ত উল্লেখ কৰিছে যে, “Social changes are variations from the expected modes of life; whether due to alternation in geographical conditions, in cultural equipments, composition of the population, or ideologies and whether brought about by diffusion or interventions within the group.”

এই সূত্ৰসমূহে সামাজিক পৰিৱৰ্তন প্ৰকৃততে কি তাক ফঁহিয়াই উলিয়াইছে আৰু দেখুৱাইছে যে সামাজিক পৰিৱৰ্তন প্ৰকৃততে মানুহৰ জীৱন ধাৰণৰ সংশোধনহে। ই সমাজৰ সকলো ধৰণৰ পৰিৱৰ্তন বিশ্লেষণ কৰি দেখুওৱা নাই।

আমি সামাজিক পৰিৱৰ্তনৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈ ভাৰতীয় সমাজ ব্যৱস্থাৰ কথালৈ আহোঁ। ভাৰতীয় সমাজ ব্যৱস্থাত এইক্ষেত্ৰত আমি উদাহৰণ হিচাপে পুৰণি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰো। গুৰুগৃহই আছিল অতীত কালত শিক্ষাৰ মূল অনুষ্ঠান। শিষ্যসকলে গুৰুৰ ঘৰতে দৈনন্দিন জীৱনৰ লাগতিয়াল সকলো শিক্ষা আহৰণ কৰি লৈছিল। ১২ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সলৈ এই সুদীৰ্ঘ বাৰবছৰ কাল গুৰুৰ আশ্ৰমত থাকি গুৰুৰ পৰিয়ালৰ এজন অন্যতম সদস্য হিচাপে পৰিগণিত হৈ পৰিছিল। পৰিয়ালৰ সদস্য হিচাপেই সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰি লৈছিল। গুৰু আৰু শিষ্যৰ মাজত সম্বন্ধ আছিল অতি নিবিড় আৰু পিতা-পুত্ৰ সুলভ। গুৰুৱে আশ্ৰম চলাবলৈ কোনো ধৰণৰ আৰ্থিক সাহায্য কাৰোপৰা পোৱা নাছিল। গুৰুৰ বাবে সেইটো সামাজিক কৰ্তব্য আছিল।

আধুনিক সমাজত ইয়াৰ পৰিৱৰ্তন হৈছে। আজি গুৰুগৃহৰ শিক্ষা ব্যৱস্থা আমাৰ সমাজত নাই। শিক্ষকসকলক চৰকাৰৰ দ্বাৰা নিয়োগ কৰা হয় আৰু শিক্ষক হিচাপে উপযুক্ত দৰমহা দিয়া হয়। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা এটা নিৰ্দিষ্ট সময়ত শেষ কৰি হাইস্কুলীয়া শিক্ষাত ভৰ্ত্তি হ’বলগীয়া হয়। আকৌ এটা সময়ত হাইস্কুলীয়া শিক্ষা শেষ হোৱাত কলেজীয়া আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ স্তৰত সোমাই পৰে। এতিয়া শিক্ষক আৰু ছাত্ৰৰ মাজত নিবিড়তা নাই। সম্বন্ধ ক্ষণস্থায়ী হৈ আগৰ গুৰু-শিষ্যৰ সম্বন্ধৰ আমূল পৰিৱৰ্তন সাধন হৈছে।

সেইদৰে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনো সদায় হৈ থকা দেখা যায়। অতীতত সমাজ নাছিল। মানুহে জ্ঞানলাভ কৰাৰ পিছত সমাজ পাতি বাস কৰিবলৈ ধৰিলে। সেই সময়ত কোনো নায়ক নাছিল। বল-বিক্ৰম থকাজনে নায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু লগে লগে গঢ়ি উঠিল সামন্ত প্ৰথাৰ। সামন্ত প্ৰভুসকলে কঠোৰ দমনমূলক নীতি অৱলম্বন কৰিলে। গঢ়ি উঠিল ৰজাদিনীয়া পৰম্পৰা। ৰাজতন্ত্ৰৰ মাধ্যমত বহু বছৰ সমাজ শাসিত হ’ল। সেই সমাজবোৰত আজি ৰজা নাই। তাত গঢ়ি উঠিছে গণতন্ত্ৰ, সাধাৰণতন্ত্ৰ, ৰাষ্ট্ৰতন্ত্ৰ। ৰাজতন্ত্ৰৰ সলনি গণতন্ত্ৰ প্ৰৱৰ্তন কৰা হৈছে। য’ত জনসাধাৰণে নিজস্ব প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ আইন, বিচাৰ আৰু প্ৰশাসনীয় কাৰ্য সম্পন্ন কৰে। এনে ৰাজনৈতিক পদ্ধতিত শাসক আৰু সাধাৰণ নাগৰিকৰ পাৰস্পৰিক সম্বন্ধ সুকীয়া হৈ যায়। ৰাজনৈতিক পদ্ধতিৰ নিচিনাকৈয়ে অৰ্থনৈতিক, পাৰিবাৰিক, ধৰ্মীয় আদি বিভিন্ন মানুহৰ আন্তঃসামাজিক সম্বন্ধৰ পৰিৱৰ্তন সময়ৰ লগে লগে ঘটে আৰু সেই পৰিৱৰ্তনে আনি দিয়ে সমগ্ৰ পদ্ধতিটোৰে পৰিৱৰ্তন। ইয়াকে আমি সামাজিক পৰিৱৰ্তন বুলি আখ্যা দিওঁ।

সামাজিক পৰিৱৰ্তনৰ লগত মানুহৰ আচাৰ-নীতিৰো পৰিৱৰ্তন সম্ভৱ হৈ পৰে, কাৰণ আচাৰ-নীতি আৰু পৰম্পৰাসমূহ মানৱ সমাজৰে অঙ্গাঙ্গী বস্তু। কিন্তু সংস্কৃতিৰ পৰিৱৰ্তন আৰু সামাজিক পৰিৱৰ্তনৰ ব্যৱধান আছে। সংস্কৃতিৰ পৰিৱৰ্তনৰ প্ৰকৃত অৰ্থ হ’ল সামাজিক ৰীতি-নীতি, মূল্যবোধ, আইন-কানুন আদি বিভিন্ন সাংস্কৃতিক দিশবোৰৰ পৰিৱৰ্তন। আমাৰ সমাজত বাল্য-বিবাহ প্ৰচলিত আছিল, মানুহে চুৰীয়া-গামোচা পিন্ধিছিল, মহৰ শিঙৰ ফণী ব্যৱহাৰ কৰিছিল, মজিয়াত পিৰাত বহি ভাত খাইছিল। সেই সকলোবোৰ নীতিৰ সলনি হৈ নতুন আদব-কায়দাক মানুহে আঁকোৱালি ল’লে আৰু তাকেই সংস্কৃতিৰ পৰিৱৰ্তন বুলি কোৱা হয়।

সংস্কৃতিৰ পৰিৱৰ্তনৰ লগত সভ্যতাৰ পৰিৱৰ্তন জড়িত হৈ পৰে। অৰ্থনীতি, উৎপাদনৰ যন্ত্ৰপাতি আৰু পদ্ধতি, যাতায়তৰ আহিলাসমূহ, যুদ্ধৰ আহিলা, ঘৰ-দুৱাৰ নিৰ্মাণ প্ৰণালী, চিকিৎসা পদ্ধতিৰ উন্নতি আদি পৰিলক্ষিত হ’লে সভ্যতাৰ পৰিৱৰ্তন ঘটিছে বুলি কোৱা হয়। সভ্যতাৰ বেছিভাগ সমলেই সংস্কৃতিৰ সমলসমূহৰ লগত অন্তৰ্ভুক্ত হৈ থাকে। সভ্যতাৰ পৰিৱৰ্তনে সংস্কৃতিৰ পৰিৱৰ্তন আনে আৰু সংস্কৃতিৰ পৰিৱৰ্তন আহিলে সভ্যতাৰো পৰিৱৰ্তন হৈ যায়। সভ্যতা আৰু সংস্কৃতিৰ পৰিৱৰ্তনৰ মিল থাকিলেও দুয়োটা বস্তুক একে বুলি কোৱা নহয় বা ক’ব নোৱাৰি। আনহাতে সামাজিক পৰিৱৰ্তনৰ লগতো সভ্যতা আৰু সংস্কৃতিৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সংস্কৃতি আৰু সভ্যতাৰ পৰিৱৰ্তনে সামাজিক সম্বন্ধৰো পৰিৱৰ্তন সাধন কৰে।

সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষাঃ

 

শিক্ষাই সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সমাজৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত শিক্ষা এবিধ সুদক্ষ আহিলা আৰু শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। সমাজলৈ পৰিৱৰ্তন আহে নানা ধৰণৰ মাধ্যমৰ জৰিয়তে। কিন্তু মাধ্যমবোৰৰ স্থায়ীত্ব তেনেই অস্থায়ী। যেনে এখন দেশৰ সৈন্যসকলৰ আন এখন দেশ আক্ৰমণ, নানা ধৰণৰ আন্দোলন, বিভিন্ন ধৰণৰ বিপ্লৱ আদিৰ সমাজত প্ৰতিফলন ক্ষন্তেকীয়া। শিক্ষাই সমাজলৈ পৰিৱৰ্তন আনে লাহে লাহে স্থিৰ গতিৰে। শিক্ষাই অনা পৰিৱৰ্তন স্থায়ী আৰু যুগজয়ী হৈ থাকে। প্ৰত্যেকজন মানুহে তেওঁলোকৰ নিজৰ প্ৰয়োজনসমূহ কাৰ্যাৱলীৰ মাধ্যমেৰে পূৰণ কৰাৰ প্ৰচেষ্টা চলাই থাকে। সেই প্ৰয়োজনসমূহ স্বাৰ্থজনিত, শাৰীৰিক, মানসিক, আৱেগিক বা আধ্যাত্মিক হ’বও পাৰে। যেতিয়া সামাজিক শক্তিসমূহে এই প্ৰয়োজনসমূহ পূৰণৰ বাবে দাবী জনায় তেতিয়া প্ৰশাসন অথবা চৰকাৰে সেই দাবীসমূহ পূৰণ কৰিবলৈ বাধ্য হৈ পৰে। এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ যোৱাৰ পথতে সামাজিক অথবা সাংস্কৃতিক পৰিৱৰ্তন সম্ভৱ হৈ উঠে। সেই পৰিৱৰ্তনৰ ফলস্বৰূপে সমাজলৈ আকৌ নতুন নতুন প্ৰয়োজন আহি পৰে।

জীৱজগতত সমাজৰ ভাৱধাৰা উদ্ভৱ হোৱাৰ লগে লগে শিক্ষাৰ ধাৰণাৰো আৰম্ভ হৈছিল। সমাজৰ সংৰক্ষণ আৰু বিকাশৰ বাবে ডাঙৰবোৰে উঠি অহা শিশুসকলক ভৱিষ্যতৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ দক্ষতা অৰ্জন কৰাৰ শিক্ষা দিছিল। পুৰণিকালৰ সমাজ ব্যৱস্থা অতি সহজ আৰু সৰল আছিল আৰু সেইধৰণে শিক্ষাদান পদ্ধতিও সহজ আছিল। সমাজৰ ৰীতি-নীতি, ভাষা, জীৱন নিৰ্বাহৰ বৃত্তি আদি ডাঙৰৰ পৰা সৰুৱে শিক্ষাৰ মাধ্যমেৰে আহৰণ কৰিছিল। সমাজৰ বিকাশ, সভ্যতাৰ অগ্ৰগতি, মানুহৰ নতুন নতুন প্ৰয়োজনে যুগৰ পৰিৱৰ্তন অনাৰ লগে লগে শিক্ষা পদ্ধতিৰো সলনি হৈ পৰিল।

শিক্ষাক ব্যক্তিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আৰু ব্যক্তিৰ আচৰণ, চিন্তাধাৰা আৰু দৃষ্টিকোণৰ পৰিৱৰ্তন সাধন কৰিব পৰা এবিধ সঁজুলি বুলি শিক্ষাবিদসকলে ক’ব খোজে। হাৰ্বাৰ্টে কৈছিল যে শিক্ষাই মানুহৰ নৈতিক চৰিত্ৰ বিকাশ কৰাত সহায় কৰে। শিক্ষাৰ ধাৰণাটোক এটা সময়ৰ সঞ্চিত সংস্কৃতিগত উত্তৰাধিকাৰৰ হস্তান্তৰিত কৰা পদ্ধতি হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰাকৃতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ভিন্নতা মানুহৰ মাজত চিৰবিদ্যমান। সেই ভিন্নতাৰ মাজতো শিক্ষাৰ উদ্দেশ্য হৈছে ব্যক্তিসকলক সমাজৰ লগত খাপখুৱাই লোৱাৰ সামৰ্থ দান কৰা।

সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা, লক্ষ্যসমূহৰ মাধ্যমেৰেও নিৰ্ণয় হয়। শিক্ষাৰ সামাজিক লক্ষ্যই ইয়াৰ লগত বিশেষভাৱে জড়িত। এই ধাৰণাটোৰ পৃষ্ঠপোষকতা কৰিছিল জন ডিউই নামৰ এগৰাকী মহান চিন্তাবিদে। তেওঁ কৈছিল মানৱ জীৱন অবিৰাম গতিৰে চলাই নিব লাগিব। সামাজিক পৰিৱেশত থাকি আত্ম-নৱীকৰণৰ মাধ্যমেৰে সামাজিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰিব লাগিব। মানৱ জীৱনে পৰিৱৰ্তন সম্ভৱ কৰাত সকলো ধৰণে সহায় কৰে। এইক্ষেত্ৰত John F. Kenedy–ৰ এষাৰী উল্লেখনীয় কথা হ’ল- “Time and world do not stand still, change is the law of life. And those who look only to the past or the present are certain to miss the future.”

আধুনিক সমাজত বিদ্যালয়ৰ প্ৰয়োজনৰ কথা সকলোৱে উল্লেখ কৰা দেখা যায়। বৰ্তমান যুগত বিদ্যালয়ক সমাজৰ এটা অংশ হিচাপে গ্ৰহণ কৰিব পাৰি। কাৰণ এই বিদ্যালয়ে সমাজৰ উঠি অহা নাগৰিকসকলৰ শিক্ষাৰ গুৰু দায়িত্ব বহন কৰিছে। জন্ ডিউইয়ে তেওঁৰ গণতন্ত্ৰ আৰু শিক্ষা নামৰ কিতাপখনত উল্লেখ কৰিছে যে নাগৰিকসকলৰ সামাজিক দক্ষতাৰ দুটা বিশেষ লক্ষ্য আছে- এটা হ’ল শিক্ষাৰ দক্ষতা তথা বৃত্তিৰ দক্ষতা আৰু আনটো হ’ল নাগৰিক হিচাপে দক্ষতা অৰ্জন কৰা। তেওঁ কৈছে যে দৈহিক জীৱনৰ বাবে খাদ্য আৰু প্ৰজননৰ যিদৰে প্ৰয়োজন, ঠিক তেনেদৰেই সামাজিক জীৱনৰ বাবে শিক্ষাৰো প্ৰয়োজন। আধুনিক সমাজত বিজ্ঞান, প্ৰযুক্তিবিদ্যা, শিল্প আৰু মানুহৰ ন ন আৱিষ্কাৰে মানুহৰ সামাজিক জীৱনৰ যি পৰিৱৰ্তন আনিছে তাৰ লগত খোজ মিলাই যাবলৈ শিক্ষাৰ উদ্দেশ্য, বিষয়বস্তু, শিক্ষা আৰু শিক্ষণ পদ্ধতিৰ পৰিৱৰ্তন সাধন হোৱাটো অতি আৱশ্যক হৈ পৰে। পৰিৱৰ্তনশীল সমাজত নিজকে খাপখুৱাই ল’বলৈ মানুহে পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়।

সমাজ পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা অতি বিস্তৃত। এখন সমাজ বা দেশৰ উন্নতি সাধন কৰিবলৈ তাৰ সদস্যসকলে যি লক্ষ্য আৰু উদ্দেশ্য গ্ৰহণ কৰে সেই লক্ষ্য আৰু উদ্দেশ্য সফল কৰি তুলিবলৈ ভৱিষ্যতৰ নাগৰিকসকলক সু-শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সু-শিক্ষাৰ মাধ্যমেৰেহে নাগৰিকসকলৰ কৰ্মদক্ষতা বৃদ্ধি হ’ব। সমাজৰ অৰ্থনৈতিক অৱস্থাৰ ভেটি সুদৃঢ় কৰিবলৈ, খাদ্যত আত্মনিৰ্ভৰশীল হ’বলৈ, সমাজৰ পৰা নিবনুৱা সমস্যা দূৰ কৰিবলৈ শিক্ষা ব্যৱস্থাটোক উৎপাদনমুখী কৰি তুলিব লাগিব। তেতিয়াহে সমাজখন সমৃদ্ধিশালী হ’ব আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব।

শিক্ষাক সামাজিক পৰিৱৰ্তনৰ আটাইতকৈ শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয়। সমাজৰ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু আধুনিকীকৰণৰ বীজ ৰোপণ কৰে শিক্ষাইহে। সমাজক আধুনিকীকৰণ কৰা আৰু পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সকলো দিশৰ বিষয়ে চিন্তাবিদসকলে বিভিন্ন ধৰণৰ অধ্যয়ন সমাপ্ত কৰিছে। এই অধ্যয়নৰ লগত আধুনিকীকৰণৰ দিশটোও সামৰি লোৱা হৈছে। কৃষিৰ পৰিৱৰ্তন আৰু জাত-পাতৰ বিচাৰসমূহে শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰতিৱন্ধকতাৰ সৃষ্টি কৰা দেখা যায়। ‘Homlberg’ আৰু ‘Dobyns’ নামৰ চিন্তাবিদ দুৰগাকীয়ে ‘ভিকো একচন গৱেষণা পৰিকল্পনা’ সন্দৰ্ভৰ প্ৰতিবেদনত সামাজিক বিকাশত আলোকসম্পাত তথা জ্ঞানদানৰ ভূমিকাৰ কথা উল্লেখ কৰিছে। “In this project an attempt was made to transform a stagnant Peruvian hacienda anhabited by subsistence farmers into a modernizing community with institutions incorporating participant values.” সেই পৰিকল্পনাৰ পৰা আৱিষ্কৃত তত্ত্বখিনি এনেধৰণৰ- “Education became enmeshed in wider social change as knowledge became the means to status and effective participation.” এই তত্ত্বখিনিৰ উপৰিও আধুনিক সমাজত সাধাৰণতে পৰিলক্ষিত হৈছে যে আকস্মিক সম্প্ৰদায়ৰ বেছিভাগ আধুনিক নাগৰিকেই হ’ল স্কুলীয়া ছাত্ৰ। এটা সম্প্ৰদায়, লোক সমাজ তথা এখন সমাজ আধুনিকীকৰণ কৰি পৰিৱৰ্তনমুখী কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা শিক্ষাৰ হাতত বুলি এই পৰিকল্পনাৰ অধ্যয়নে প্ৰতিষ্ঠা কৰিছে।

আন এটা অধ্যয়নত ‘Lerner’ নামৰ চিন্তাবিদগৰাকীয়ে আধুনিকীকৰণ মূল শিক্ষাৰ ওপৰত বুলি কৈছে। সমাজৰ উঠি অহা যুৱকসকল শিক্ষালাভ কৰিবলৈ বিদ্যালয়লৈ যায়, বাতৰি কাকত পঢ়ে, বজাৰৰ অৰ্থনীতি আৰু ভাট্টাৰ জ্ঞান লাভ কৰে, নিৰ্বাচনৰ মাধ্যমেৰে ৰাজনীতিত অংশগ্ৰহণ কৰে আৰু ৰাজহুৱা খাতিৰত নিজৰ মতামতৰ পৰিৱৰ্তন সাধন কৰে- “High multiple co-relations were found between urbanization, literacy, media participation and political participation, each corelated in turn with the other three.” স্বাক্ষৰতা অকল এখন পৰম্পৰাগত সমাজৰ পৰা পৰিৱৰ্তনশীল সমাজলৈ আগবঢ়াই নিয়াৰ উৎসই নহয়, ই পৰিৱৰ্তনতাৰ পৰাও সম্পূৰ্ণভাৱে অংশগ্ৰাহক সমাজলৈ আগুৱাই নিয়াৰ দিগদৰ্শক। ‘Phillip Foster’ নামেৰে আন এগৰাকী চিন্তাবিদে এইদৰে ভাৰতবৰ্ষ, ঘানা, চিলি দ্বীপপুঞ্জৰ সামাজিক পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি শেষ স্তৰত কৈছিল, ঔপচাৰিক পশ্চিমীয়া স্কুলীয়া ব্যৱস্থাৰ মাধ্যমতে ঘানাৰ সাংস্কৃতিক পৰিৱৰ্তন সম্ভৱ হৈ পৰিছিল।

ওপৰত উল্লেখ কৰা অধ্যয়ন তথা অনুসন্ধানখিনিৰ উপৰিও বিভিন্ন ধৰণৰ অনুসন্ধানৰ কথা কিতাপ-পত্ৰত প্ৰকাশিত হোৱা দেখা যায়। কিন্তু ৰাজনৈতিক বিকাশো শিক্ষাৰ ওপৰতহে নিৰ্ভৰশীল। শিক্ষাই যে ৰাজনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে সেই বিষয়ে Coleman, Peskon, Lipser, Curle, Sutton, Foster আদি সামাজিক চিন্তাবিদসকলে নানা ধৰণেৰে দেখুৱাইছে। Coleman-ৰ মতে ৰাজনৈতিক নিয়োগ ব্যৱস্থা, ৰাজনৈতিক সামাজিকৰণ আৰু ৰাজনৈতিৰ সংহতি শিক্ষাৰ প্ৰধান কাম। Peskin-এ তেওঁৰ লিখনিত দেখুৱাইছে ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ মূল কাৰণ হ’ল অসমতাপূৰ্ণ শিক্ষা ব্যৱস্থা, যিটো নেতাসকলে (মুছলিম লিগৰ) বাৰুকৈয়ে উপলব্ধি কৰিছিল। ‘Foster’ নামৰ চিন্তাবিদগৰাকীয়ে অধ্যয়নত পাইছিল যে জাতীয়তাবাদৰ প্ৰতি উদ্বুদ্ধ হোৱা নেতাসকল পশ্চিমীয়া শিক্ষানুষ্ঠানত শিক্ষালাভ কৰা ব্যক্তিহে, তেওঁলোকেই স্বাধীন দেশৰ সাজসজ্জাৰে নেতাৰ গঢ় লৈছিল। ‘Curle’ নামৰ চিন্তাবিদগৰাকীয়ে কৈছিল যে শিক্ষাৰ ৰাজনৈতিক প্ৰতিফলন সমাজ অনুযায়ী বিভিন্ন থাকে। ‘Sutton’ নামৰ চিন্তাবিদগৰাকীয়ে আফ্ৰিকাৰ জনসাধাৰণৰ ওপৰত অধ্যয়ন কৰি Foster-ৰ ধাৰণাটোতে উপনীত হৈছিল। ‘Lipset’-এ উন্নতগামী দেশসমূহৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ ওপৰত অধ্যয়ন কৰিছিল। শিক্ষাৰ ভূমিকাই কি পৰ্যায়লৈ ছাত্ৰসকলক আগুৱাই নিছিল তাৰ বহল ধাৰণাও তেওঁ উলিয়াইছিল। যিয়েই নহওক আমি আলোচনাৰ দ্বাৰা শেষত উপনীত হ’লো যে ৰাজনৈতিক বিকাশৰ দিগদৰ্শন শিক্ষাইহে কৰে।

সময়ৰ লগে লগে সকলো বস্তুৱেই পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ মাজেদি বিকাশ হৈছে নতুন ৰূপত। সমাজত পৰিৱৰ্তন বিভিন্ন প্ৰকাৰে পৰিলক্ষিত হয়। শিক্ষা যে এটা সামাজিক পৰিৱৰ্তনৰ মূল আহিলা তাৰ বিষয়ে ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে- “If this change (and even then it would still be necessary) there is one instrument only that can be used : Education, Other agencies may help and can indeed sometimes have a more apparent impact. But the national system of education is the only instrument that can reach all the people. It is not, however, a magic want to wave wishes into existence. It is a difficult instrument whose effective use requires strength of will, dedicated work and sacrifice. But it is sure and tried instrument, which served other countries well in their struggle for development. It can give the will and the skill, do so for India.” (Kothari Commission, 1964-66).

শিক্ষাই সমাজৰ পৰা আন্ধাৰ আঁতৰাই পোহৰ বিলাই দিয়ে। সমাজত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক উত্থান-পতনৰ বাবে পৰিৱৰ্তন সাধন হয়। ই অৱচেতনাৰ মাধ্যমেদি সংঘটিত হয় আৰু পিছতহে চেতন অৱস্থালৈ আহে। অনুকৰণ পদ্ধতিৰ মাধ্যমতো পৰিৱৰ্তন সম্ভৱ হয় সত্য, কিন্তু মূল পৰিৱৰ্তন আহি পৰে পাল্টা সংস্কৃতিৰ মিশ্ৰণত। এখন দেশৰ দ্বাৰা এখন দেশক ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ বিনিময়তো পিছৰখন দেশত পৰিৱৰ্তন সাধন হ’ব পাৰে। এই সকলোবোৰ পৰিৱৰ্তন অৱচেতনাৰ মাধ্যমেদি আহি পৰে। কিন্তু পৰিৱৰ্তন খুব বেছি সময় অৱচেতন অৱস্থাত নাথাকে। পৰিৱৰ্তনসমূহ হওতে হয় অৱচেতনাৰ মাধ্যমত, কিন্তু অলপ সময়ৰ ভিতৰতেই হৈ পৰে চেতনাৰ মাধ্যমত এটা দল বা এখন সমাজৰ গ্ৰহণযোগ্য। শিক্ষাই এই কাৰ্য সম্পাদনৰ কাৰণে দুটা ভূমিকা গ্ৰহণ কৰে। প্ৰথমতে ই স্থায়ী অৱস্থাতো থকা ব্যক্তিসকলৰ মাজত নৈৰাশ্য ভাব আনি দিয়ে। শিক্ষাই ব্যক্তিসকলক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সজাগ কৰি তোলে আৰু বিষাদৰ ভাব উন্নত কৰে। শেষত অৱচেতনভাৱেই সেই পৰিৱৰ্তন আঁকোৱালি ল’বলৈ সজাগ হৈ পৰে।

আমি ওপৰৰ আলোচনাসমূহৰ পৰা গম পালো যে সমাজলৈ পৰিৱৰ্তন তলত দিয়া প্ৰসংগসমূহৰ পৰাই আহে। সেইবোৰ হ’ল-

-  ৰাজনৈতিক অৱস্থা

- অৰ্থনৈতিক অৱস্থা

- বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু

- দাৰ্শনিক চিন্তাধাৰাৰ বিকাশ

সমাজলৈ পৰিৱৰ্তন যি ধৰণেৰেই নাহক শিক্ষাই এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। ৰাজনৈতিক অৱস্থাই এখন দেশত গণতান্ত্ৰিক অথবা সমাজতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰে। সেই চৰকাৰখনে দেশখনত পৰিৱৰ্তন সাধন কৰিব লাগিলে শিক্ষাৰ দ্বাৰাহে পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ’ব। সেই চৰকাৰৰ ধাৰণাটোক বুজন সংখ্যক নাগৰিকে গ্ৰহণ কৰিব লাগিলে নিৰ্ভৰ কৰিব শিক্ষা ব্যৱস্থাটোৰ ওপৰত।

অৰ্থনৈতিক গাঠনিয়ে সমাজলৈ পৰিৱৰ্তন আনে। সেই অৰ্থনৈতিক গাঠনিৰ ধাৰা প্ৰকল্পিত হয় শিক্ষাৰ দ্বাৰাহে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ মূল একমাত্ৰ শিক্ষাহে, অন্য প্ৰকাৰে ইয়াৰ বিকাশ নহয়েই। সেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা প্ৰসাৰিত ফল শিক্ষা আহৰণ কৰা ব্যক্তিয়েহে পায়। দাৰ্শনিক চিন্তাধাৰা পোনে পোনে শিক্ষাৰহে ফলশ্ৰুতি। কিবা পৰিৱৰ্তন, পৰিৱৰ্ধন তথা বিকাশ হ’ব লাগিব শিক্ষাৰ দ্বাৰাহে। শিক্ষাৰ দ্বাৰা দাৰ্শনিক ভাৱধাৰাৰো বিকাশ হয়।

শিক্ষাই ব্যক্তিসকলক সামাজিক পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰি তোলে। ই প্ৰয়োজন আৰু দুৰৱস্থাৰ পৰিৱৰ্তন আনে। লগতে ই অস্তিত্বতাৰ নৈৰাশ্যভাব সৃষ্টি কৰে। শিক্ষাই পৰিৱৰ্তনৰ ক্ষেত্ৰত আগভাগ লয় আৰু সিহঁতক নিৰ্দেশনা আৰু লক্ষ্য আঙুলিয়াই দিয়ে। শিক্ষাই সমাজত সমাজ সংস্কাৰক আৰু নেতা সৃষ্টি কৰে। সেই সমাজ সংস্কাৰক আৰু নেতাসকলে পৰিৱৰ্তন অনাৰ বাবে সকলোখিনি কৰে। শিক্ষাই সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতি নিৰ্ণয় কৰে, যিটোৱে পৰিৱৰ্তন অনাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপে শিক্ষাঃ

 

সমাজ পৰিৱৰ্তনৰ আহিলাৰ নিচিনাকৈ শিক্ষাই সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপে শিক্ষাৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি সামাজিক নিয়ন্ত্ৰণ কি ?- সেই বিষয়েও জনাটো প্ৰয়োজন হ’ব। প্ৰকৃততে সামাজিক নিয়ন্ত্ৰণ হ’ল সংগতিপূৰ্ণ সামাজিক পদ্ধতি। ইয়াক অটুট ৰাখিবলৈ মানৱ সমাজে দলীয়া আচৰণ আৰু কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ যি পদ্ধতি অৱলম্বন কৰে তাকেই সামাজিক নিয়ন্ত্ৰণ আখ্যা দিব পাৰি। মানুহৰ বহুমুখী আন্তঃক্ৰিয়া আৰু অন্তঃক্ৰিয়াৰ পৰা সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ জৰিয়তে সামাজিক পদ্ধতি গঢ়ি উঠে। মানৱ সমাজৰ আন্তঃক্ৰিয়াবোৰ কিছুমান নীতি-নিয়মৰ সহায়ত সম্পন্ন হয়। সেইদৰে সামাজিক সম্বন্ধবোৰো মানুহে সমাজত প্ৰচলিত আন্তঃক্ৰিয়াৰ নীতি-নিয়মবোৰ পালন কৰাৰ ফলতে অটুট থাকে।

সমাজত নানা ধৰণৰ সংগঠন থাকে। সেই সংগঠনসমূহে নানা ধৰণৰ সামাজিক ভূমিকা গ্ৰহণ কৰি আহিছে। সেই সংগঠন, সংস্থা, দল, গোট, সম্প্ৰদায় সকলোবোৰ সামাজিক আন্তঃক্ৰিয়া আৰু সামাজিক সম্বন্ধৰ মূৰ্ত প্ৰকাশ। মানুহৰ আন্তঃক্ৰিয়া সম্পন্নৰ বাবে প্ৰয়োজনীয় নীতি-নিয়মবোৰ পালন কৰি থকা অভ্যাস আৰু মনোভাৱৰ বাবেই এই সকলোবোৰ সমাজত বৰ্তি থাকে। এনেকুৱা এটা ভাৱধাৰা নাথাকিলে সমাজত কোনো ধৰণৰ সংগঠন, সংস্থা, দল বা গোট বৰ্তি নাথাকিলেহেঁতেন। উদাহৰণস্বৰূপে আমি শিক্ষানুষ্ঠানৰ কথা উল্লেখ কৰিব পাৰো। এখন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষাৰ্থী, কৰ্মচাৰী, প্ৰশাসক আৰু সংগঠকসকলে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য প্ৰয়োজনীয় নীতি-নিয়মৰ মাজেদি যদি পালন নকৰে তেতিয়াহ’লে শিক্ষানুষ্ঠানখন বৰ্তি নাথাকিব। সেইদৰে পৰিয়ালৰ উদাহৰণসমূহৰ পৰা আমি বুজিবলৈ সক্ষম হ’লো যে সমাজ এখন বৰ্তি থাকিবলৈ হ’লে ইয়াৰ ব্যক্তি তথা সামাজিক সংগঠনবোৰে বিভিন্ন প্ৰকাৰৰ আন্তঃক্ৰিয়াসম্পন্ন নীতি-নিয়মবোৰ সমাজ পতাৰে পৰা পালন কৰাটো উচিত হ’ব। সমাজৰ সকলো ব্যক্তিয়ে তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰি গ’লেহে সমাজলৈ সামাজিক শৃংখলা আহিব আৰু সমাজখন নিয়ন্ত্ৰিত হ’ব।

কিছুমান সমাজত এই সকলোবোৰৰ ব্যতিক্ৰম দেখা যায়। নানা কাৰণত মানুহবোৰে সামূহিক প্ৰতিমান পদ্ধতি অনুযায়ী সকলো প্ৰকাৰৰ কাৰ্যকলাপ সম্পন্ন কৰিবলৈ অপাৰগ হয় আৰু তাৰবাবে ইচ্ছাও নকৰে। তাৰবাবে সমাজে এনে কিছুমান পদ্ধতি হাতত ল’বলগীয়া হয় যিবোৰৰ সহায়ত সমাজৰ সকলো মানুহক সামাজিক প্ৰতিমানৰ প্ৰতি আনুগত্য কৰাব পৰা যায় আৰু নিজৰ কাৰ্যকলাপ সম্পন্ন কৰিবলৈ বাধ্য কৰোৱায়। সমাজৰ এনে ধৰণৰ চেষ্টাসমূহকে সামাজিক নিয়ন্ত্ৰণ বুলি ধৰা হয়। সামাজিক নিয়ন্ত্ৰণ অনাৰ ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণেও নানা ধৰণেৰে সহায় কৰে।

সমাজত নানা ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমত সামাজিক নিয়ন্ত্ৰণ সম্ভৱ কৰি তোলা হয়। মানুহে যাতে সামাজিক পদ্ধতিৰ প্ৰতি নিজকে অনুগত কৰি নিজৰ নিজৰ আচৰণ সংশোধন কৰি লয় আৰু জীৱনৰ বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ নিজৰ কাৰ্যকলাপ নিজৰ শক্তি অনুযায়ী সম্পন্ন কৰে তাৰবাবে সমাজে কিছুমান প্ৰক্ৰিয়া বা পদ্ধতি অৱলম্বন কৰিবলগীয়া হয়। এই প্ৰক্ৰিয়াসমূহ বিভিন্ন সংস্থা, সংগঠন আদিত দেখিবলৈ পোৱা যায়। প্ৰক্ৰিয়াসমূহ হল অনুশাসন, আদৰ্শবোধ, সামাজিকৰণ, নিষেধ, দণ্ডপ্ৰথা ইত্যাদি। প্ৰক্ৰিয়াসমূহৰ মাজত পূৰ্ণ পৰ্যায়ৰ পৃথকীকৰণ সম্ভৱ নহয়। কাৰণ এটা পদ্ধতি আন এটা পদ্ধতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।

অনুশাসন সামাজিক নিয়ন্ত্ৰণৰ এবিধ গুৰুত্বপূৰ্ণ দিশ। সামাজিকভাৱে স্বীকৃত কাৰ্যসমূহ, আচৰণ আৰু নীতি-নিয়ম আদি মানি চলিবলৈ ডাঙৰৰ পৰা সৰুৱে কিছুমান সজ শিক্ষা পায় আৰু সমাজত নিজকে খাপখুৱাই লয়। এই সজ শিক্ষাসমূহ, যেনে- ডাঙৰক সন্মান কৰা, নিয়মমতে খোৱা-বোৱা কৰা, স্কুললৈ নিয়মমতে যোৱা, পৰিষ্কাৰ-পৰিচ্ছন্ন তথা চাফ-চিকুণ হৈ থকা আদি কামবোৰ সৰুৱে ডাঙৰৰ পৰা শিকি লয়। নিজৰ প্ৰবৃত্তিজাত কাৰ্যৰ পৰিৱৰ্তন সাধন কৰিবলৈ সামাজিক পৰিৱেশত শিশুৱে আনৰ পৰা শিকি অথবা অনুকৰণ কৰি যি আচৰণ দেখুৱাইছিল তাকেই অনুশাসন হিচাপে আখ্যা দিয়া হয়। অনুশাসনক শৃংখলাবদ্ধতা বুলিও কোৱা হয়।

আদৰ্শবোধৰ ভূমিকাও সামাজিক নিয়ন্ত্ৰণৰ এবিধ মূল দিশ। নানা ধৰণৰ সমালোচনাৰ পৰা দেখা যায় যে পৰিয়ালৰ ওচৰত নিয়মানুৱৰ্তিতাৰ কোনো আদৰ্শ দাঙি ধৰিবলৈ যোৱাটো অৰ্থহীন আৰু এই পদ্ধতি বহলভাৱে আলোচনা কৰাৰ পৰাও কোনো লাভ নহ’ব। এই সিদ্ধান্ত সহজভাৱে মানি ল’ব নোৱাৰি। অন্যান্য বিষয়সমূহৰ দৰে পৰিয়াল পৰিচালনা, সমাজ পৰিচালনা আদিৰ ক্ষেত্ৰতো এটা উচ্চ আদৰ্শৰ প্ৰয়োজন আছে যদিও আমি কাৰ্যক্ষেত্ৰত সেই আদৰ্শৰ ওচৰ চাপিব নোৱাৰো। এনে ধৰণৰ আদৰ্শবোধৰ ধাৰণাৰ পৰাও কোনো ধৰণৰ অন্যায় নহয়। আদৰ্শ স্পষ্ট আৰু কাম্য হ’লেও আনুষংগিক আঁসোৱাহসমূহৰ ভূমিকা ইমান গভীৰ যে সেই আদৰ্শৰ ওচৰ চপাটো কষ্টসাধ্য হৈয়ে থাকে। তথাপি শিশুসকলক সামাজিক প্ৰক্ৰিয়াৰ মাধ্যমত আদৰ্শবোধৰ জ্ঞান দিব লাগিব।

সামাজিকৰণ শিশুৰ বাবে এটা অতি লাগতিয়াল ধাৰণা। ইয়াৰ অৰ্থ হ’ল সমাজৰ প্ৰচলিত সকলো ধৰণৰ ৰীতি-নীতি, পৰম্পৰা, সামাজিক মূল্য, ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ অন্যান্য দিশৰ বিষয়ে বিকশিত হৈ অহা শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থা। যাতে এনে শিক্ষা ব্যৱস্থাৰ দ্বাৰা এটা শিশুৱে এসময়ত সমাজৰ এজন উপযুক্ত ব্যক্তি হিচাপে নিজকে পৰিগণিত কৰিব পাৰে। সামাজিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমত শিশুক কিছুমান কাৰ্যকলাপৰ পৰা বিৰত থকাৰ বাবেও শিক্ষা দিয়া হয়। ইয়াৰ মাধ্যমত শিশুৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ ব্যৱস্থা কৰা হয়। কিছুমান অবাঞ্ছনীয় কাৰ্য বা কু-কৰ্মই সমাজৰ পৰিৱেশ নষ্ট কৰে। সেই কু-কৰ্মবোৰৰ ধাৰণা যাতে ল’ৰা-ছোৱালীবোৰৰ মনত নোসোমায় তাৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যই চকু ৰাখিব লাগিব লগতে অন্যান্য সংস্থাবোৰকো সজাগ কৰি তুলিব লাগিব।

ওপৰত উল্লেখ কৰা পদ্ধতিকেইটাৰ লগতে নিষেধ আৰু দণ্ড ব্যৱস্থাও এটা প্ৰয়োজনীয় ধাৰণা। সকলো কৰ্মই শিশুক উপকৃত নকৰে। যিবিলাক প্ৰয়োজনীয় সেইবোৰৰ প্ৰতি শিশুক জ্ঞান দিয়া দৰকাৰ। যিবিলাক অনিষ্টকৰ সেইবিলাকৰ প্ৰতি নিষেধাজ্ঞাৰ ধাৰণা শিশুসকলৰ মনত জগাই তুলিব লাগিব। আনহাতেদি দোষ আৰু দণ্ডৰ বিধানত প্ৰাকৃতিক নিয়ম অনুসৰণ কৰি চলিলে পিতৃ-মাতৃ আৰু সন্তান বেছিকৈ আৱেগৰ বশীভূত হোৱাৰ প্ৰয়োজন নাই। কৃত্ৰিম দণ্ডৰ বেলিকা পিতৃ-মাতৃয়ে পাৰিবাৰিক নিয়ম-কানুনবিলাক সকলোৱে মানি চলাটো তেওঁলোকৰ নিজৰ শ্ৰেষ্ঠত্ব আৰু গাম্ভীৰ্যৰ অংগস্বৰূপ বুলি ধৰে। নিষেধাজ্ঞাসমূহে সামাজিক নিয়ন্ত্ৰণ কম-বেছি পৰিমাণে সহায় কৰি আহিছে যদিও অকল বাধা আৰোপৰ দ্বাৰাই মানুহৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণ নহয়। কিছুমান কৰ্মৰ প্ৰতি উদ্গনি দিও মানুহৰ আচৰণ বা কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা হয়। সমাজত যিবোৰ কাম আৰু আচৰণে ব্যক্তিসকলৰ সামূহিক কল্যাণ সাধন কৰে সেইবোৰ কামৰ প্ৰতি উদ্গনি দিয়া হয়। নানা ধৰণৰ উদ্গনিমূলক প্ৰচেষ্টাৰে সেইবোৰ কামৰ প্ৰতি মানুহক আকৰ্ষণ কৰা হয়। এনে ধৰণৰ প্ৰচেষ্টা শিশুকালৰ পৰাই যদি কৰা হয় তেতিয়াহলে সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থাটো সহজসাধ্য হ’ব।

জনমত গঠন প্ৰক্ৰিয়াৰ মাধ্যমতো সামাজিক নিয়ন্ত্ৰণ সহজ হৈ পৰে। জনমতৰ বিষয়ে সামাজিক চিন্তাবিদসকলে নানা ধৰণৰ মত পোষণ কৰিছে। দাৰ্শনিক জন্ ডিউিইয়ে কৈছে, “Public opinion is a judgement which is formed and entertained by those who constitute the public and is about public affairs.”

আনহাতে Morris Ginsberg য়ে কৈছে, “By public opinion is meant the mass of idea and judgement operative in a community which are more or less definitely formulated and have a certain stability and are felt by the people, who entertain or hold them to be social in the sense that they are a result of many minds acting in common.”

সেইদৰে Kuppu Swami নামৰ সমাজবিজ্ঞানীজনৰ মতে “Public opinion consists of opinions hold by people of a smaller or larger community about a particular problem at a certain time.”

T. Young নামৰ চিন্তাবিদগৰাকীৰ মতে, “Public opinion is a social judgement of a self-concious community on a question of general importance after rational public discussion.”

এটা সামাজিক দলৰ এজন মানুহে যদি তেওঁলোকৰ সামূহিক প্ৰতিমানৰ বহিৰ্ভূত আচৰণ কৰে তেন্তে দলৰ সদস্যবোৰে সেইজন ব্যক্তিৰ বিৰুদ্ধে নানা ধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ কৰে। এই মন্তব্যৰ সন্মুখীন নহ’বৰ বাবে দলৰ প্ৰত্যেক ব্যক্তিয়েই সাধাৰণতে চেষ্টা কৰে। সমাজৰ নেতৃস্থানীয় মানুহে যদি সমাজবিৰোধী কাম কৰে তেনেহ’লে তেওঁৰ বিৰুদ্ধেও নানা ধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ কৰা দেখা যায়। এইদৰে প্ৰকাশ পোৱা জনমতৰ ফলস্বৰূপেই সমাজত নিয়ন্ত্ৰণ ব্যৱস্থা আহি পৰে। আধুনিক সময়ত যিবিলাক সমাজ শিক্ষা আৰু প্ৰযুক্তিবিদ্যাত আগবঢ়া সেইবোৰ সমাজত বাতৰি কাকতৰ সহায়ত জনমত প্ৰকাশ কৰা হয়। মানুহে জনমতক খুব ভয় কৰে। সেয়েহে ইয়াৰ প্ৰতি মানুহ সদায় সজাগ হৈ থাকে।

জনমত প্ৰকাশৰ নানা ধৰণৰ আহিলা আছে। সেইবোৰৰ ভিতৰত ছপাশাল, বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা, বিধানমণ্ডল আদিয়েই প্ৰধান।

সংঘবদ্ধ প্ৰচাৰ কাৰ্যৰ মাধ্যমতো সামাজিক নিয়ন্ত্ৰণ আনিব পাৰি। কিন্তু প্ৰচাৰকৰ নিজস্ব ভূমিকা এইক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে প্ৰচাৰ কাৰ্যৰ জৰিয়তে বেয়া বাতৰি প্ৰচাৰ কৰাহে দেখা যায়। Anderson আৰু Parker নামৰ সমাজবিজ্ঞানী দুজনে এই বিষয়ে এনেদৰে প্ৰকাশ কৰিছে- “Propaganda is the deliberate use of communication to induce people to favour one predetermine line of thought or action over another.” চিন্তাবিদ H. T. Majumdar-এ কৈছে, “Propaganda as the communication of distorted ideas or inadequate facts, or both, conveyed in a manner or tone so as to create in the object of propaganda (the hearer or the reader) an emotional response favourable to the implicit bias of the propagandist.”

সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। প্ৰচাৰ কাৰ্যতকৈ শিক্ষাৰ প্ৰসাৰে সামাজিক নিয়ন্ত্ৰণত অধিক সহায় কৰি আহিছে। সংঘবদ্ধ প্ৰচাৰ কাৰ্য আৰু শিক্ষাৰ মাজত যথেষ্ট ব্যৱধান দেখা যায়। শিক্ষাই শিশুসকলক শিক্ষাকাৰ্যত উদ্বুদ্ধ কৰে। সংঘবদ্ধ প্ৰচাৰ কাৰ্যই বয়স্কসকলক পতিয়ন নিয়ায়। ‘শিক্ষা’ বিদ্যালয়ৰ দৰে অনুষ্ঠানসমূহে প্ৰচাৰ কৰে।

প্ৰচাৰ কাৰ্যৰ দ্বাৰা অন্যধৰণৰ চিন্তা আৰু ধাৰণাৰ খোৰাক যোগায়। শিক্ষাৰ দ্বাৰা সত্য অন্বেষণ হয়, সংঘবদ্ধ প্ৰচাৰ কাৰ্যৰদ্বাৰা মিছা কথাহে শিকে। শিক্ষা বিচাৰ-বুদ্ধি সম্পন্ন, আনহাতে সংঘবদ্ধ প্ৰচাৰ কাৰ্য অবিচাৰসম্পন্ন। শিক্ষাৰ ধাৰণাটো গ্ৰহণযোগ্য, প্ৰচাৰ কাৰ্যৰ ধাৰণাটো গ্ৰহণযোগ্য নহয়। শিক্ষাই সাধাৰণ কল্যাণৰ পোষকতা কৰে আৰু বিকাশ আনে। সংঘবদ্ধ প্ৰচাৰ কাৰ্যই কোনো বিশেষ স্বাৰ্থপূৰণৰ সপক্ষে চিন্তা কৰে। শিক্ষাই নৈতিক মূল্যবোধ আৰু সামাজিক মানদণ্ডৰ উন্নতি সাধন কৰে, সংঘবদ্ধ প্ৰচাৰ কাৰ্যই সদায় ইয়াৰ বিৰোধিতা কৰে। শিক্ষা হল মুক্তমনৰ ধাৰণা, প্ৰচাৰ কাৰ্য হ’ল ঠেকমনৰ ধাৰণা। শিক্ষা হ’ল সামগ্ৰিকভাৱে সংঘবদ্ধ প্ৰচাৰ কাৰ্যৰ বিপৰীতে অকাট্য যুক্তি।

সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপে শিক্ষাই ওপৰত উল্লেখ কৰা সকলোবিলাক প্ৰক্ৰিয়াৰ লগতে জড়িত হৈ থাকে। শিক্ষা প্ৰক্ৰিয়াই পৰোক্ষভাৱে মানৱ সমাজক উন্নতিৰ পথত আগুৱাই নিছে আৰু পদে পদে প্ৰভাৱান্বিত কৰিছে। অতীতৰ মানুহে প্ৰকৃতিৰ বুকুত বৰ্বৰ জীৱন নিৰ্বাহ কৰাৰ সময়ত কিছুমান অতি প্ৰাথমিক আৰু লাগতিয়াল কামৰ দক্ষতা আয়ত্বকৰণতে সমস্ত শিক্ষা আৱদ্ধ আছিল। সেই সময়ত পৰিয়ালৰ বয়স্কসকলৰ কাম-কাজ, আদব-কায়দা, জীৱন নিৰ্বাহৰ প্ৰণালী আদি সকলোখিনি অনুকৰণ কৰিছিল। সেইদৰে সৰুবিলাকে ডাঙৰৰ পৰা নানা ধৰণৰ জ্ঞান আহৰণ কৰিছিল। আধুনিক সমাজৰ জটিলতাই শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় কৰি তুলিছে, কাৰণ বৰ্তমান সমাজত কলা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্যোগ আদিৰ ক্ষেত্ৰতো অভাৱনীয় পৰিৱৰ্তন সাধন হৈছে।

ওপৰত উল্লেখ কৰা প্ৰক্ৰিয়াসমূহৰ লগতে সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সংস্থাই নানা ধৰণে সহায় কৰিছে। সেই সংস্থাসমূহ হ’ল পৰিয়াল, ধৰ্মানুষ্ঠান, আইন আৰু মৌলিক সামাজিক প্ৰথা ইত্যাদি।

সামাজিক নিয়ন্ত্ৰণ সমাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পৰিয়ালসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। পৰিয়ালসমূহে সাধাৰণতে পৰিয়ালৰ সকলো সদস্যৰ ওপৰত সদাসৰ্বদা নজৰ ৰাখে। সকলো সদস্যৰ আচৰণ আৰু কাৰ্যকলাপ যাতে সুচাৰুৰূপে চলি থাকে তাৰ প্ৰতি সদায় সজাগতা দেখা যায়। সামাজিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমত প্ৰত্যেক পৰিয়ালে নিজৰ ল’ৰা-ছোৱালীক সমাজৰ ৰীতি-নীতি, আদৰ্শ আৰু সামাজিক মূল্যৰ বিষয়ে শিক্ষা দিয়ে। যাৰফলত শিশুকালৰ পৰাই কিছুমান কাম কৰিবলৈ প্ৰয়াস কৰে আৰু কিছুমান কাম কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। এইদৰে সদস্যসকলৰ ওপৰত পৰিয়ালৰ নিয়ন্ত্ৰণ আহি পৰে। ইটো পৰিয়াল সিটো পৰিয়ালৰ লগত নিমিলাৰ কাৰণ হ’ল পৰিয়ালবোৰৰ নিজস্ব কিছুমান আদৰ্শ আৰু মূল্যবোধ। পৰিয়ালৰ নিজ আদৰ্শ আৰু মূল্যবোধ অনুসৰি যাতে পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰে তাৰ প্ৰতি প্ৰতিজন সদস্যই সক্ৰিয় সহযোগ কৰা দেখা যায়। সামাজিক ৰীতি-নীতি পৰিয়ালৰ আদৰ্শৰ বিৰুদ্ধে কোনোবা সদস্য গ’লে পৰিয়ালৰ নিয়ন্ত্ৰণৰ মাধ্যমত তেওঁক আয়ত্বলৈ অনা হয় আৰু এইদৰে সামাজিক নিয়ন্ত্ৰণ সম্ভৱ হৈ পৰে।

পৰিয়ালৰ পিছত ধৰ্মানুষ্ঠানসমূহে সামাজিক নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। অলৌকিক শক্তিক মানুহে বিশ্বাস কৰে আৰু সিয়েই ধৰ্মৰ মূল উৎস হৈ পৰে। নানা ধৰণৰ দেৱ-দেৱী, ভূত-প্ৰেত আদি মানুহে বিশ্বাস কৰে। সেই দেৱ-দেৱী, ভূত-প্ৰেত আদিৰ মহিমাতেই সুখ-দুখ, আনন্দ-বেদনা আদি সমাজলৈ আহি পৰে বুলিও বিশ্বাস কৰা হয়। সেই উৎসবোৰক নানা ধৰণেৰে উপাসনা আৰু পূজা-পাৰ্বন কৰা হয়। সেই বিশ্বাসত যাতে কোনোধৰণে ব্যাঘাত নজন্মে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হয়। ধৰ্মানুষ্ঠানসমূহত সমাজৰ সদস্যসকলে অংশগ্ৰহণ কৰি একতাবোধৰ ধাৰণা জগাই তোলে। সকলো প্ৰকাৰৰ ধৰ্মতে পাপ-পুণ্য, ন্যায়-অন্যায়, ধৰ্ম-অধৰ্মৰ ধাৰণাৰ বিচাৰ বিদ্যমান। এই ধাৰণাবোৰক লৈ কাম কৰা আৰু নকৰাৰ প্ৰয়াস মানুহৰ মনত উদয় হয়। দুখীয়াক পুতৌ কৰা, দান-দক্ষিণা দিয়া সকলো ধৰ্মৰে গ্ৰহণযোগ্য আদৰ্শ। সেইদৰে জীৱহত্যা সকলো ধৰ্মৰ গৰিহণাৰ যোগ্য। সেয়েহে যিটোৰ পৰা পুণ্য হয় সেইটো কৰিবলৈ আৰু যিটোৰ পৰা অন্যায় হয় সেইটো নকৰিবলৈ ধৰ্মানুষ্ঠানসমূহে সঁকিয়াই দিয়ে। ধৰ্মসমূহৰ নিজস্ব ৰীতি-নীতিসমূহ পালন কৰিবলৈ যাওঁতেই সামাজিক নিয়ন্ত্ৰণ আহি পৰে। ধৰ্মৰ গোঁড়ামিসমূহৰ ক্ষেত্ৰত কেতিয়াবা বিসংগতিও পৰিলক্ষিত হয়। কিছুমান ক্ষেত্ৰত ধৰ্মীয় ৰীতি-নীতি ভংগ কৰাৰ বিনিময়ত মানুহৰ মৃত্যুদণ্ড বা সমাজচ্যুত কৰাৰ উদাহৰণো পোৱা যায়। নৈতিকতাৰ পৰম্পৰা মানিবলৈ যোৱাৰ লগতে গুৰুতৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈও মানুহে ধৰ্মীয় ৰীতি-নীতিসমূহ মানি চলে। পুনৰ্জন্ম আৰু স্বৰ্গ-নৰকৰ ধাৰণা প্ৰায়বোৰ ধৰ্মতে বিশ্বাস কৰা দেখা যায়। সৎ কামৰ বাবে স্বৰ্গলাভ আৰু বেয়া কামৰ বাবে নৰকলৈ গমন কৰাৰ বিশ্বাস ধৰ্মসমূহত আছে। সেয়েহে এই ভাৱধাৰাবোৰে মানুহক কিবা এটা কাম কৰাৰ সময়ত সজাগ কৰি ৰখা দেখা যায়। এইবোৰৰ পৰা বিশ্লেষণ কৰি দেখা যায় যে ধৰ্মৰ জৰিয়তে সমাজসমূহে সামাজিক নিয়ন্ত্ৰণৰ কাম সমাধা কৰিবলৈ সমৰ্থ হয়। পিছপৰা সমাজত ধৰ্মৰ ভূমিকা অতি গভীৰ বুলি ক’ব পাৰি যিটো অন্য সংস্থাসমূহে পূৰ্ণ কৰিব নোৱাৰে।

পৰিয়াল আৰু ধৰ্মানুষ্ঠানসমূহৰ লগতে সামাজিক প্ৰথাসমূহেও সামাজিক নিয়ন্ত্ৰণত নানা ধৰণে সহায় কৰিছে। সমাজত পৰম্পৰাগতভাৱে চলি থকা সামাজিক ৰীতি-নীতিসমূহেই সামাজিক প্ৰথা। সমাজৰ লোকাচাৰ, লোকবিশ্বাস, সামাজিক মূল্যবোধ আদিয়ে স্বয়ংক্ৰিয়ভাৱে কাম কৰি যোৱাত মানুহক উদ্গনি যোগায়। সামাজিক জীৱনত সামাজিক প্ৰথাৰ প্ৰভাৱ অতি গভীৰ। জন্মলাভৰ পিছৰে পৰা শিশুৱে নানাধৰণৰ সামাজিক প্ৰথাৰ সন্মুখীন হ’বলগীয়া হয় আৰু সেই প্ৰথাসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। শিশু অৱস্থাৰ পৰাই আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ধৰ্মবিশ্বাস, লোকবিশ্বাস আদিৰ জ্ঞান লাভ কৰি তেওঁলোক সামাজিক হৈ পৰা দেখা যায়। প্ৰথাগত শিক্ষাৰ মাজেদিয়েই মানুহৰ মনত সামাজিক ধাৰণা গঢ় লৈ উঠে। পিছপৰা বা ভিতৰুৱা সমাজত মানুহে প্ৰথমতে সামাজিক ৰীতি-নীতি, পৰম্পৰাসমূহ শিকি লয়। সেই পৰম্পৰা আৰু ৰীতি-নীতিসমূহেই আইন আৰু সামাজিক প্ৰথাৰ ৰূপ লয়। সেই সামাজিক প্ৰথা অনুসৰিয়েই মানুহে নিজৰ নিজৰ কাম কৰি যায়।

অতীতৰ সমাজ ব্যৱস্থা আৰু আধুনিক সমাজ ব্যৱস্থাৰ যথেষ্ট ব্যৱধান পৰিলক্ষিত হলেও সামাজিক প্ৰথাসমূহৰ পৰিৱৰ্তন সাধন হৈ প্ৰণালীবদ্ধভাৱে সমাজখন আগুৱাই নিয়াত মানুহে সক্ৰিয় অংশগ্ৰহণ কৰিবলগীয়া হৈ আছে। আধুনিক সমাজত আইন আৰু সামাজিক প্ৰথা দুটা সুকীয়া পদ্ধতি হ’লেও তাৰ মূল হিচাপে সামাজিক প্ৰথাকে ধৰা হয়। তথাপি আইন আৰু সামাজিক প্ৰথাক সুকীয়া ধৰণে লোৱা হয়। সকলো সমাজতে সামাজিক প্ৰথাৰ প্ৰচলন থাকে। যিকোনো সমাজৰ, যিকোনো ধৰ্মৰ মানুহে নিজৰ সামাজিক প্ৰথা অনুযায়ী ৰীতি-নীতিসমূহ মানি চলে। সামাজিক প্ৰথাৰ মাধ্যমত মানুহক সৰুৰে পৰাই নিয়ন্ত্ৰিত কাৰ্যকলাপৰ বিষয়ে শিক্ষা দিয়া হয় আৰু সেই শিক্ষাৰ সহায়ত যাতে ভৱিষ্যতে তেওঁলোক লাভৱান হয় তাৰ প্ৰতিও সজাগ হৈ থকা দেখা যায়। পিছপৰা অঞ্চল অথবা জনজাতীয় অঞ্চলত সামাজিক প্ৰথাৰ প্ৰচলন নোহোৱা নহয়, এই প্ৰথাসমূহৰ উপৰিো আইন-কানুন, সংগঠনৰ নীতি-নিয়ম যথেষ্ট প্ৰচলিত হৈ থাকে। আধুনিক সমাজবোৰ বৈচিত্ৰ্যপূৰ্ণ, সেয়েহে অকল সামাজিক প্ৰথাত ভিত্তি কৰিয়েই সমাজ বৰ্তি নাথাকে, কাৰণ সমাজত নানা ধৰণৰ জাতি-উপজাতি, দল, সমুদায়, লোকসমাজ, সম্প্ৰদায় আদি থাকে।

নীতি-নিয়ম, আইন-কানুন মানুহৰেই সৃষ্টি। মানুহে নিজৰ সুবিধা-অসুবিধা অনুযায়ী আইন-কানুন সংশোধন কৰি লয়। সামাজিক প্ৰথা, ৰীতি-নীতি, পৰম্পৰাসমূহকেই সংশোধিত কৰি লিখিত আকাৰে প্ৰস্তুত কৰি লোৱাৰ ফলত সমাজত আইন হিচাপে পৰিগণিত হয়। সাধাৰণতে আইন হ’ল এখন ৰাষ্ট্ৰই সমাজৰ নাগৰিকসকলৰ কল্যাণৰ অৰ্থে লিখিতভাৱে প্ৰণয়ন কৰি লৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা এখন দলিল। ৰাষ্ট্ৰ বা ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা চৰকাৰে শাসনযন্ত্ৰ সুচাৰুৰূপে চলাবলৈ যিবিলাক বিধি-অনুবিধি প্ৰয়োগ কৰে সেইবোৰেই আইন। ইংৰাজীত এষাৰী কথা আছে- “Law is the command of the sovereign.”- (Austin). Maciver–এ তেওঁৰ ‘The Web of Government’ গ্ৰন্থত কৈছে “Without law there is no order, and without order men are lost, no knowing where they go, no knowing what they do. A system of ordered relationship is a primary condition of human life at every level. More than anything else it is what society means. Even an out law group, a private ship, a robber gang, a band of brigands, had its own code of law, without it could no exist.” যিকোনো সংগঠন বা চৰকাৰৰ নিজস্ব আইন-কানুন থাকিব লাগিব। আইন সদায় দেশ বা ৰাষ্ট্ৰখনৰ নামত প্ৰৱৰ্তন তথা প্ৰকাশ কৰা হয়। যি নাগৰিকে আইনৰ বিৰুদ্ধাচৰণ কৰে তেনে নাগৰিকক ৰাষ্ট্ৰৰ ন্যায়পালিকাই শাস্তি বিহে। সেই শাস্তি বিভিন্ন ধৰণৰ হ’ব পাৰে। সেই শাস্তিভোগৰ ভয়তেই মানুহে আইন মানি চলে আৰু মানিবলৈ ইচ্ছা নকৰিলেও ৰাষ্ট্ৰই মানি চলিবলৈ বাধ্য কৰায়।

সামাজিক নিয়ন্ত্ৰণ অধিক কাৰ্যকৰী কৰি তুলিবলৈ ৰাষ্ট্ৰই আইন প্ৰয়োগ কৰে। সমাজত নানা ধৰণৰ অবিচাৰ, হত্যা আৰু লুণ্ঠন আদি চলিয়েই থাকে। সেই সমাজবিৰোধী কামবোৰৰ পৰা মানুহক বিৰত কৰিবলৈ নানা প্ৰকাৰে আইনৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰা হয় আৰু ভয় ভাব জাগে আৰু আইনবিৰোধী কাম কৰাৰ পৰা নিজকে বিৰত ৰাখে। আইন প্ৰয়োগে সমাজৰ বিশৃংখলতা নাইকিয়া কৰে আৰু মানুহক শান্তিৰে বসবাস কৰাৰ উদ্গনি দিয়ে।

আইনে অকল সামাজিক নিয়ন্ত্ৰণকে সমাজলৈ আনি নিদিয়ে। আইনৰ সহায়ত মানুহক কাম কৰিবলৈও বাধ্য কৰোৱা হয়। মানুহে সুবিধা পালেই কামত ফাঁকি দিব বিচাৰে। সেই ফাঁকি আইন প্ৰণয়ন কৰি বলবৎ কৰাৰ ফলত অলপ হ’লেও ৰোধ হয়। ইয়াৰ মূল কাৰণ হ’ল মানুহে কামত হেমাহি কৰিব বিচাৰিলেও আইনে মানুহক কাম কৰিবলৈ বাধ্য কৰায়। কিন্তু সেই আইনৰ লগতে মানুহৰ নিজস্ব চিন্তাধাৰাও জড়িত। আইনে বাধ্য কৰিবলৈ বিচাৰিলেও মান-সন্মান, লাজ-ভয় মানুহৰ থাকিব লাগিব তেতিয়াহে সামাজিক নিয়ন্ত্ৰণ সম্ভৱ হৈ উঠিব।

সামাজিক নিয়ন্ত্ৰণ আৰু সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষা- এই দুয়োটা ধাৰণাই সামাজিকৰণ প্ৰক্ৰিয়াত নানা ধৰণে প্ৰভাৱ পেলাইছে। শিক্ষা সামাজিক জীৱনৰ এবিধ অবিচ্ছেদ্য অংশ। শিক্ষাক সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত অভিজ্ঞতা বুলি ধৰি লোৱা হৈছিল। কিন্তু নিয়ন্ত্ৰণ সম্পৰ্কে গ্ৰীক সমাজৰ ধাৰণা আধুনিক ধাৰণাতকৈ বেলেগ আছিল। তেওঁলোকৰ মতে নিয়ন্ত্ৰণৰ অৰ্থই হ’ল সামাজিক নিয়ন্ত্ৰণ। এই নিয়ন্ত্ৰণৰ কাম সকলো স্তৰলৈ বিয়পি পৰিছিল। আধুনিক যুগৰ দৰে অতীততো নানা ধৰণৰ সামাজিক অনুষ্ঠান আছিল। আধুনিক যুগত শিক্ষাৰ নিয়ন্ত্ৰণ পৰিয়াল, মঠ-মন্দিৰ, সম্প্ৰদায়, দল, সংগঠন আদিয়ে যেনেকৈ কৰে ঠিক তেনেকৈয়ে অতীততো কৰিছিল. যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিয়ন্ত্ৰণৰ দায়িত্ব কেৱল বিদ্যালয়ৰ ভিতৰত সীমাৱদ্ধ হ’লেও সেই শিক্ষাই সমাজলৈ পৰিৱৰ্তন আনে আৰু সামাজিক নিয়ন্ত্ৰণ সম্ভৱ কৰি তোলে। শিক্ষাক এক অবিৰত গতিত চলা কৰ্মপ্ৰৱাহ বুলি কোৱা হয়। এই প্ৰৱাহৰ ফলতে শিশুৱে সামাজিক পৰিৱেশত বাস্তৱ অৱস্থাৰ লগত সন্মুখীন হৈ অভিজ্ঞতা সঞ্চাৰ কৰে। বিদ্যালয়ত সামাজিক জীৱন যাপন কৰি পৰস্পৰ ক্ৰিয়াৰ মাজেদি যি অভিজ্ঞতা আৰু সত্যৰ উপলব্ধি হয়, সেই সত্যৰ উপলব্ধিয়ে শিশুসকলৰ সামাজিক চৰিত্ৰ গঠনত সহায় কৰে আৰু ব্যক্তিত্বৰ বিকাশ সাধন কৰে। ইয়াৰ মূলতে হ’ল শিক্ষা। সেয়েহে সামাজিক পৰিৱৰ্তন আৰু সামাজিক নিয়ন্ত্ৰণৰ মূল উৎস হ’ল শিক্ষা।

শিক্ষা আৰু আধুনিকীকৰণঃ

সাধাৰণতে ক’বলৈ গ’লে আধুনিকীকৰণ হ’ল গতিশীল প্ৰক্ৰিয়া। ইয়াক এটা শক্তিশালী আন্দোলন হিচাপে ধৰা হয় যিটো আন্দোলন পৰম্পৰাগত আৰু ই পৰম্পৰাগত ৰীতি-নীতিসমূহক আৱশ্যক উদ্যোগীক অৱস্থালৈ আগুৱাই নিছে আৰু সামাজিক সৌধৰ পৰিৱৰ্তন সাধন কৰিছে। আধুনিকীকৰণৰ প্ৰকৃত অৰ্থ হ’ল পৰিৱৰ্তন সাধন আৰু সেই পৰিৱৰ্তন হ’ল পুৰণা প্ৰতিৰূপ আৰু সৌধৰ পৰিৱৰ্তে নতুন সৌধ আৰু প্ৰতিৰূপ সৃষ্টি কৰা।

আধুনিকীকৰণৰ গুণবিশিষ্ট দিশসমূহ বিচাৰ কৰি চালে পূৰ্বৰ ধাৰণাৰ লগত কিছুমান প্ৰণালী জড়িত থকাৰ উমান পোৱা যায়। সেইবোৰ হ’ল সম্পূৰ্ণ ৰাজনৈতিক আদৰ্শ আৰু ইয়াৰ ফলপ্ৰসূ প্ৰয়োগ, উপযুক্ত জাতীয় অৰ্থনীতি, স্বাক্ষৰিত জনসংখ্যা, নিপুণ মানৱশক্তি, গতিশীল মূল্যবোধ ব্যৱস্থা আৰু উচ্চ পৰ্যায়ৰ অভিৰোচন আদি। ইয়াৰ লগতে জ্ঞানৰ বিস্ফোৰণ, খৰতকীয়া সমাজ পৰিৱৰ্তন, খৰতকীয়া অগ্ৰগতিৰ আৱশ্যকতা আদিয়ে আধুনিকীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

আধুনিকীকৰণ বৰ্তমান সমাজৰ এটি লাগতিয়াল দিশ। O. E. Morne নামৰ সমাজবিদজনে আধুনিকীকৰণ এটি বৈপ্লৱিক মাধ্যমেৰে আগবাঢ়ি অহা দিশ বুলি আখ্যা দিছে। পৰম্পৰাগত বা পূৰ্বৰ সমাজত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংমিশ্ৰণৰ ফলত আধুনিকীকৰণ বুলি এটি বিস্তৃত দিশ বৰ্তমান সমাজত পৰিলক্ষিত হৈছে। পশ্চিমীয়া দেশসমূহৰ সকলো ধৰণৰ প্ৰভাৱ পূবৰ দেশসমূহত পৰিছে। আনহাতে পূবৰ কিছুমান দেশ নিজস্ব কৰ্ম-কুশলতাৰ ফলত একোখন প্ৰতিভাসম্পন্ন দেশ হিচাপে পৰিগণিত হৈছে। এইক্ষেত্ৰত আমি জাপানৰ কথা উল্লেখ কৰিব পাৰো। জাপানৰ মানুহৰ বা তেওঁলোকে প্ৰস্তুত কৰা বস্তুৰ এটা নিজস্ব চিনাকী আছে। এইদৰে এজনী জাপানী ছোৱালী দেখিলেই পৃথিৱীৰ সকলো দেশৰ মানুহেই ক’ব পাৰিব যে ছোৱালীজনী জাপানৰ। সেইটো তেওঁলোকৰ নিজস্ব আধুনিকতাৰ প্ৰতিভা মাথোন। পৃথিৱীৰ এতিয়াও তিনিভাগৰ এভাগ দেশহে পূৰ্ণ-পৰ্যায়ৰ বিকশিত দেশ, তিনিভাগৰ দুভাগ বিকাশ লাভ কৰি থকা দেশ। সেই তিনিভাগৰ দুভাগ দেশৰ সমাজ ব্যৱস্থাত পৰম্পৰাগত প্ৰভাৱ আজিও পৰিলক্ষিত হৈছে। সেই দেশবোৰে আজিও বিশ্বাস কৰে যে বিকাশ লাভ কৰিব লাগিলেও অন্ধবিশ্বাস, অজ্ঞতা আৰু গোড়ামীক বাদ দিব নোৱাৰি। সেইদৰে দেশবোৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত নিজস্ব অৰ্থনীতি টনকিয়াল কৰিবলৈও চেষ্টা কৰিছিল আৰু আধুনিকীকৰণৰ সোৱাদ লোৱাৰ ক্ষেত্ৰতো পিছ হুহকি যাবলৈ বিচৰা নাই। সেই অৱস্থাটোক আমি আধুনিকীকৰণ বুলি ক’ব পাৰো।

আধুনিকীকৰণ অকল বস্তুবাদী সংস্কৃতিৰ পৰিৱৰ্তন সাধনেই নহয় ই বিশ্বাস, অৱস্থা, মূল্যবোধ আৰু জীৱন ধাৰণৰ ব্যৱস্থাকো আঁকোৱালি লৈছিল। সাধাৰণ অৰ্থত আধুনিকীকৰণ এনে এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াই সামাজিক গঠনত পৰিৱৰ্তন সাধন কৰিবলৈ বিচাৰে আৰু যিটো প্ৰক্ৰিয়াত মূল্যবোধ আৰু অভিৰোচনৰো ব্যৱস্থা আছে। এইটো এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ সহায়ত পিছপৰা থকা গাঠনিৰ পৰা আগবাঢ়ি যোৱা গাঠনিলৈ তৰিৎ হয়, বিকাশ লাভ কৰে আৰু সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগায়। এই প্ৰক্ৰিয়াটোক বহুতো দেশে বিস্তাৰিত শক্তিৰ সহায়ত অন্য এখন দেশলৈ প্ৰেৰণ কৰে। এইটো সত্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰাহে আধুনিকীকৰণে বিশেষভাৱে আগবাঢ়ি গৈছে আৰু বিস্তৃত স্থান লাভ কৰিছে।

আধুনিকীকৰণৰ অৰ্থ কেৱল আগশাৰীৰ দেশবোৰত অনুকৰণ কৰাটোৱেই নহয়। এইটো এটা প্ৰক্ৰিয়া যাৰ সহায়ত এটা জাতিয়ে নিজস্ব সত্বাৰ সৃষ্টি কৰি নিজৰ চিনাকি দিবলৈ সক্ষম হয়। এখন দেশে আগশাৰীৰ এখন দেশৰ লাগতিয়াল দিশসমূহ অনুকৰণ নকৰিলেও নহ’ব অথবা সেই দেশৰ কিছু বস্তু নিশিকিলেও নহ’ব। আগশাৰীৰ দেশসমূহৰ পৰা বেছিভাগ ধাৰ বা অনুকৰণ কৰা হয় তাৰ লগত দেশখনৰ নিজস্ব দিশ কিছুমান সংমিশ্ৰণ কৰিহে এটা আধুনিকীকৰণৰ নতুন তত্ব উলিয়াব পাৰি। কিন্তু এখন দেশৰ আধুনিকীকৰণ এখন আগশাৰীৰ দেশৰ নীতি-নিয়মৰ প্ৰতিলিপি বা কাৰ্বন কপিৰে উলিওৱা বস্তু নহয়। কাৰ্বন কপি হ’ল এটা বস্তুৰ হুবহু নকল। যদি এখন আগশাৰীৰ দেশৰ প্ৰত্যেকটো বস্তুকে হুবহু নকল কৰে তেতিয়াহ’লে নকল কৰা দেশখনৰ স্বকীয়তা বা চিনাকী বিলুপ্ত হয়। এখন আধুনিক সমাজ হ’ল যিখন সমাজে আৱিষ্কাৰ আৰু অভিনৱত্বক গুৰুত্ব দি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে। এইখন সমাজত প্ৰাকৃতিক সম্পদসমূহৰ সদ্ব্যৱহাৰৰ দ্বাৰা মানুহবিলাকে সুন্দৰ আৰু সুপৰিকল্পিত জীৱন নিৰ্বাহ কৰিব পাৰে। এইখন এখন সমাজ যিখন সমাজে নিজস্ব সংস্কৃতিক সংস্কাৰ সাধন কৰি সামাজিক কল্যাণৰ অৰ্থে খটুৱাব পাৰে। আধুনিক সমাজ এনেকুৱা এখন সমাজ, যি সমাজত নতুন ৰীতি-নীতি আৰু প্ৰণালী আগত ৰাখি সমাজখনক দৈহিকভাৱে, নৈতিকভাৱে আৰু আৰ্থ-সামাজিকভাৱে আগুৱাই নিবলৈ সক্ষম হ’ব। সমাজখনে সাংস্কৃতিক পৰম্পৰাগত সমাজৰ মূল্যবোধ সৃষ্টি কৰিব পাৰে আৰু সেই পৰম্পৰাগত সমাজৰ সকলো দিশ মানৱ কল্যাণৰ ক্ষেত্ৰত যাতে ব্যৱহৃত হয় তাৰ ক্ষেত্ৰত চকু ৰাখে। উদাহৰণস্বৰূপে পৰম্পৰা আৰু সংস্কৃতিয়েই চন্দ্ৰক ভগৱান হিচাপে পৰিগণিত কৰিছিল। যেতিয়া মানুহে সেই চন্দ্ৰত অৱতৰণ কৰিলে তাৰপিছত সেই সংস্কৃতি নোহোৱা হ’ল। এখন আধুনিক সমাজ কৰ্মৰ বাবে প্ৰস্তুত হয় আৰু নতুন প্ৰণালী গ্ৰহণ কৰে। আনহাতে এখন পিছপৰা সমাজে পুৰণা ৰীতি-নীতি, পৰম্পৰা আদি গভীৰভাৱে বিশ্বাস কৰিয়েই থাকে। সেই সমাজে নতুন কোনো বিশ্বাসকেই আঁকোৱালি ল’ব নোখোজে যিবোৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আৱিষ্কাৰ হৈছে।

আধুনিকীকৰণে এটা অতিৰঞ্জিত দিশক আঁকোৱালি নলয় বুলি ধৰি ল’ব পাৰি। মাত্ৰ বিজ্ঞানসন্মত দৃষ্টিভংগীক আধুনিকীকৰণৰ দ্বাৰা আগুৱাই নিবলৈ চেষ্টা কৰে। যেতিয়া এইখন সমাজে বিজ্ঞানসন্মত আৱিষ্কাৰ আদি দেখিও পুৰণা ৰীতি-নীতি, পৰম্পৰা আদি আঁকোৱালি ধৰিয়েই থাকে তেতিয়া সেই দেশখনে বা সমাজখনে বিকাশ লাভ নকৰাকৈয়ে থাকে। যেতিয়া এজন মানুহে তেওঁৰ পৰিবাৰক পৰ্দাৰ আঁৰত ৰাখিবলৈ বিচাৰে তেতিয়াহ’লে তেওঁ আধুনিক সমাজৰ ব্যক্তি নহয়। আমি শুদ্ধভাৱে ক’ব পাৰো যে সেই ব্যক্তিজনৰ বিজ্ঞানসন্মত ধাৰণা নাই। তেওঁ মনৰ সংস্কাৰ সাধন কৰা নাই আৰু তেওঁক এখন বিকশিত দেশৰ ওচৰত দায়ৱদ্ধ কৰা হয়। আধুনিকীকৰণৰ দ্বাৰা মানৱ মনৰ সংশোধন হ’ব লাগিব। ই এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াই মানৱ মনৰ পৰিৱৰ্তন সাধন কৰে। এইক্ষেত্ৰত শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

বৰ্তমান সমাজত সদায় এটি ধাৰণা উদ্ভৱ হয় যে পশ্চিমীয়া ৰীতি-নীতিক আমাৰ সমাজত প্ৰচলিত কৰি আধুনিকীকৰণ সৃষ্টি কৰিছে। এচামে চেষ্টা কৰে যে তেওঁলোকৰ জীৱন ধাৰণত, আচবাবত পশ্চিমৰ প্ৰভাৱ পৰক। কিন্তু আধুনিকীকৰণ প্ৰকৃততে পশ্চিমৰ প্ৰভাৱ নহয়। আধুনিকীকৰণ অকল পশ্চিমীয়া দেশতে নাথাকে আৰু সেই পশ্চিমীয়া ধাৰণাই আধুনিকীকৰণত সহায় নকৰে। ই মাত্ৰ এটা পথৰহে সন্ধান দিয়ে। পশ্চিমৰ সকলো ৰীতি-নীতি, পৰম্পৰা গ্ৰহণ কৰিবলগীয়া বস্তু নহয়।

ৰাচিয়া, আমেৰিকা আৰু জাৰ্মানীৰ ধাৰণাবিলাক একে নহ’বও পাৰে। পশ্চিমৰ সকলো বস্তুকেই ভাল বুলি আখ্যা দিয়াটো ভুল। আমি যি দুখন বিশ্বযুদ্ধৰ কথা জানিবলৈ পাইছো সেই দুখন যুদ্ধত ব্যৱহাৰ হোৱা মাৰণাস্ত্ৰসমূহ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰেই অৱদান আৰু সেইবোৰেই আধুনিক মানৱ সমাজত সন্ত্ৰাসৰ ৰাজত্ব চলাইছিল। পশ্চিমীয়া সমাজৰ সকলো বস্তুৰে মূল্যবোধ অন্য এখন দেশৰ বিভিন্ন সংস্কৃতিৰ ক্ষেত্ৰত ফলদায়ক নহ’বও পাৰে। আমি আগতে উল্লেখ কৰা পূবৰ দেশ জাপানৰ সমাজ আধুনিক সমাজ, কোৰিয়াৰ সমাজ আধুনিক সমাজ। সেই দেশবোৰৰ ৰীতি-নীতিও গ্ৰহণযোগ্য। সেয়েহে আমি ক’বলৈ বিচাৰিছো যে আধুনিকতাবাদ অকল পশ্চিমতেই সৃষ্টি নহয়, ই পূবতো সম্ভৱ হ’ব পাৰে। কোনো দেশেই নিজস্ব চতুৰতা আৰু চিনাকী হেৰুৱাব নালাগে। পশ্চিমৰ পৰা সকলো আহৰণ কৰি নিজৰ সংস্কৃতিক ধ্বংস কৰিলেই আধুনিকতাৰ প্ৰকৃত অৰ্থ ওলাই নপৰিব। ইয়াৰ অৰ্থ আধুনিকীকৰণ বুলি ক’ব নোৱাৰি।

আধুনিকীকৰণ প্ৰক্ৰিয়াটোৰ বিকাশ লাভ কৰাটো সম্ভৱ হয় শিল্প বিপ্লৱৰ মাধ্যমেৰে। কিন্তু শিল্প বিকাশেই আধুনিকীকৰণ বুলি ক’ব নোৱাৰি। আমি এই বিষয়ে ফঁহিয়াই চাই দেখিছো যে বিজ্ঞানৰ অৱদানসমূহে মূল্যবোধ ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিছে। সেই ক্ষেত্ৰতেই অকল এই সমাজখন আধুনিক নহয়। যিয়েই নহওক ইয়েই আধুনিকীকৰণৰ প্ৰথম পথ-প্ৰদৰ্শক হিচাপে পৰিগণিত হৈ পৰিছে। শিল্প বিপ্লৱেই আধুনিকীকৰণ প্ৰক্ৰিয়াক গতিশীল কৰে যদিও ই আধুনিকীকৰণৰ প্ৰকৃত দিশ নহয়। এটি তীখা গোটে এখন সমাজৰ অৰ্থনৈতিক দিশটোৰ উন্নতি সাধন কৰে আৰু ই আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ক। ই নতুন নতুন উৎপাদন কৰি মানৱ সমাজক সহায় কৰে তথাপি ইয়াকে অকল আধুনিকীকৰণ বুলি কোৱা নাযায়। আমি জানো যে মধ্য প্ৰাচ্যৰ দেশবোৰ তেলৰ বাবে ধনী। তেওঁলোকে তেওঁলোকৰ দেশত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰি তেলখাদৰ পৰা তেল উলিওৱাত ব্যস্ত। লগতে পৰিশোধনৰ বাবে পৰিশোধন কেন্দ্ৰও স্থাপন কৰিছে। তেওঁলোকৰ অৰ্থনীতিৰ পৰিৱৰ্তন সাধন কৰিছে তেল উদ্যোগে। ই সীমিত, তেওঁলোকক প্ৰকৃততে আধুনিক বুলি ক’ব নোৱাৰি, কাৰণ পুৰণা ৰীতি-নীতিক তেওঁলোকে বাদ দিয়া নাই। লগতে পৰম্পৰাগতভাৱে সামাজিক দিশবোৰো আগুৱাই নিছে।

আমেৰিকা আৰু ইউৰোপীয় দেশবোৰত প্ৰথমতে আধুনিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তেওঁলোকৰ অৰ্থনীতি বিকাশৰ বাবে সেই দেশবোৰ ধনী হৈছিল। তেওঁলোকৰ বিস্তৃত শিল্প বিকাশৰ বাবেই আৰু সেই শিল্পৰ সহায়ত প্ৰস্তুত হোৱা বস্তুবোৰৰে তেওঁলোকৰ উপনিৱেশসমূহত বজাৰৰ সৃষ্টি কৰিছিল। সেই বস্তুসমূহে দেশবোৰৰ অৰ্থনীতি টনকিয়াল কৰাত তেওঁলোকে আধুনিকতাৰ সোৱাদ সোনকালে পাইছিল। সেই শিল্পসমূহৰ সহায়তেই পশ্চিমৰ সমাজবোৰৰ পৰিৱৰ্তন সাধন হৈছিল। পৰিৱৰ্তন সাধন হোৱা দেশবোৰৰ যিবিলাক অৰ্থনৈতিক ক্ষেত্ৰতো আগবঢ়া সেই সেইসমূহে তেওঁলোকৰ উপনিৱেশসমূহত বিশেষভাৱে প্ৰভাৱ পেলাইছিল। তাৰ ভিতৰত আফ্ৰিকা, এচিয়া, লেটিন আমেৰিকা এইক্ষেত্ৰত বেছি ফলপ্ৰসূ হৈছিল। বিদেশী শাসন আৰু প্ৰভাৱেই বিকাশ লাভ কৰি থকা দেশসমূহতো আধুনিকীকৰণৰ প্ৰভাৱ পেলাইছিল।

ৰাচিয়াৰ ১৯১৭ চনৰ বিপ্লৱে অন্য এটা ধাৰণাৰ বীজ সিঁচি দিছিল। এই বিপ্লৱৰ প্ৰভাৱতেই আধুনিকীকৰণৰ এখন নতুন ক্ষেত্ৰ সৃষ্টি হৈছিল। এই বিপ্লৱে নিধনী দেশবোৰৰ অৰ্থনীতিত আৰু সমাজসমূহৰ সামাজিক গাঠনিত প্ৰভাৱ পেলাইছিল। ইয়াৰ বিস্তৃতি লাভ হৈছিল ৰাজহুৱা মালিকীস্বত্বত আৰু বস্তুসমূহৰ উৎপাদনৰ লগতে বিতৰণৰ প্ৰক্ৰিয়াত। এই ধৰণৰ আধুনিকতাই দ্বিতীয় মহাযুদ্ধৰ পিছত যিবিলাক দেশে স্বাধীনতা লাভ কৰিছিল সেই দেশসমূহত প্ৰভাৱ পেলাইছিল।

আধুনিক শিক্ষা ব্যৱস্থা মাত্ৰ ভাল চাকৰি আৰু বাচকবনীয়াসকলৰ বাবে বুলি ধৰা হয়। এই ধাৰণাৰ বৰ্তমান পৰিৱৰ্তন আহিছে যদিও ই বোধগম্য আৰু মনোগ্ৰাহী হোৱা নাই। অধিকসংখ্যক জনগণেই দাৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু অৰ্ধভাগ জনজাতি আৰু অনুসূচীত জাতিৰ লোক। যদিও শিক্ষাক জীৱনৰ লগত সংগতি ৰাখিবলৈ চেষ্টা কৰা হয় ইয়াৰ ফলতেই শিক্ষা ফলপ্ৰসূ আৰু সম্পূৰ্ণ হৈ নুঠে। বৰ্তমান স্কুল-কলেজৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই শিক্ষণৰ প্ৰথম গোষ্ঠী। শিক্ষা মনোগ্ৰাহী আৰু অৰ্থপূৰ্ণ কৰিবলৈ হ’লে নতুন ধাৰণা, নতুন প্ৰক্ৰিয়া আহিলা-পাতি আৰু মাধ্যম প্ৰয়োগ কৰিব লাগিব। বুদ্ধিসন্মত চিন্তাধাৰাৰ প্ৰয়োগ কৰি সমাজৰ পুৰুষ-মহিলা সকলোকে উপযুক্ত ব্যক্তি হিচাপে প্ৰস্তুত কৰিব লাগিব। শিক্ষালাভ কৰা ব্যক্তিসকলে শিল্পকেন্দ্ৰিক, বৈজ্ঞানিক, কৰ্মপটু আৰু কলাসন্মত শিক্ষাৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিব লাগিব। আধুনিক সমাজে বৈজ্ঞানিক আৰু শিল্পকৰ্মীসকলৰ পৰা অৱদান পাব লাগিব আৰু শিক্ষাত ব্যক্তিৰ মানদণ্ড উচ্চস্তৰৰ হোৱাটো দৰকাৰ। আমাৰ দেশৰ উন্নতি সাধন কৰিবলৈ হ’লে আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ হ’লে গৱেষণা আৰু বিজ্ঞানৰ ওপৰত গুৰুত্ব দি যথেষ্ট সংখ্যক প্ৰধান বিশ্ববিদ্যালয় আৰু অগ্ৰণী শিক্ষণ কেন্দ্ৰ স্থাপন কৰিব লাগিব।

অতীতৰ সকলো ৰীতি-নীতি, ভাৱধাৰা, সংস্কৃতিৰ পৰা আঁতৰি অহাটোৱেই আধুনিকীকৰণৰ প্ৰকৃত অৰ্থ নহয়। ভৱিষ্যৎ সমাজৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমাজৰ প্ৰয়োজন অনুযায়ী অতীতৰ প্ৰতিফলন সৃষ্টি কৰাটোকহে আধুনিকীকৰণ আখ্যা দিব পাৰি।

বিশাল ভাৰতবৰ্ষৰ শ্ৰীবৃদ্ধি আৰু আধুনিকীকৰণৰ মূল হ’ল ইয়াৰ সংস্কৃতিত নিহিত হৈ থকা নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ। কোঠাৰী আয়োগে কৈছে যে, “Modernisation, if it is to be a living force, must derive its strength from the strength of spirit. Modernisation aims amongst other things at creating an economy of plenty which will offer, to every individual, a large way of life and a wider variety of choices.” বাচি লোৱাৰ স্বাধীনতা বৰ উপকাৰী। কিন্তু ই এজনৰ মূল্য ব্যৱস্থা আৰু অভিৰোচনৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধে এজনৰ সমান বিচাৰ-বুদ্ধিৰ ওপৰত বিস্তৃত প্ৰভাৱ পেলায়। জ্ঞানৰ বিস্তৃতি এই মূল্যবোধসমূহৰ দ্বাৰা শক্তিশালী কৰিব লাগিব।

সামাজিক সমস্যাসমূহে বৰ্তমান যুৱকসকলৰ মাজত ভয়াবহ ৰূপ ধাৰণ কৰিছে। ই মনোবৈজ্ঞানিক বিৰোধ হিচাপে পৰিগণিত হৈছে যাৰ ফলত নৈতিক আৰু আধ্যত্মিক মূল্যবোধৰ অপব্যৱহাৰ হৈছে। চিন্তাবিদ আৰু সমাজকৰ্মীসকলে নিৰ্দেশনা আগবঢ়াইছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰ ফলত উদ্ভৱ হোৱা জ্ঞান আৰু নিপুনতা ওচৰা-ওচৰিকৈ লৈ নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ লগত সামঞ্জস্য ৰাখিব লাগিব। আমাৰ বিচাৰ-বুদ্ধি আৰু বাচি লোৱা কৰ্মপ্ৰেৰণাৰ লগত মানৱতাবোধৰ সম্বন্ধ, সত্যৰ অন্বেষণ আৰু ভাৱানুভূতিৰ প্ৰভাৱ সন্নিৱিষ্ট হোৱাটো আৱশ্যক। ছাত্ৰ-ছাত্ৰীসকলৰ সকলো শিক্ষা ব্যৱস্থাত প্ৰকৃত মূল্যবোধৰ প্ৰয়োজন। স্বাধীনতাৰ পিছত এই চিন্তাধাৰা প্ৰকট হৈ উঠিছে। ১৯৪৮ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ, ১৯৫৯ চনৰ শ্ৰীপ্ৰকাশ কমিটি আৰু আন আন আয়োগসমূহে এই ধাৰণাটোৰ সপক্ষে মতামত আগবঢ়াইছে যে শিক্ষানুষ্ঠানসমূহত নৈতিক আৰু ধৰ্মীয় শিক্ষা দিয়া ব্যৱস্থাৰ আৱশ্যক। আয়োগবোৰৰ মূল্যবোধ শিক্ষা ব্যৱস্থাৰ ওপৰত দিয়া নিৰ্দেশনাবোৰ অতি ফলপ্ৰসূ।

প্ৰণালীবদ্ধ শিক্ষাৰ মাধ্যমেৰে মূল্যবোধ সৃষ্টি কৰাৰ বাবে আমি আমাৰ উপৰিপুৰুষসকলৰ পৰা পোৱা আৰু অন্য দেশৰ পৰম্পৰাৰ লগতে সমগ্ৰ পৃথিৱীৰ সংস্কৃতিৰ উপদেশসমূহ গোটাব লাগিব। আমাৰ জাতীয় সংস্কৃতিত থকা গুণ আৰু উপাদানসমূহেই আমাক এই দিশত উৎসাহ আৰু সান্তনা জগাই আধুনিক সমাজ গঢ়াত সহায় কৰিব আৰু দুখ-যন্ত্ৰণা, বিপদ-আপদৰ পৰা মুক্ত কৰিব। আমাৰ জাতীয় নেতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, শ্ৰীঅৰবিন্দ, জয়প্ৰকাশ নাৰায়ণ আদিয়ে এইক্ষেত্ৰত উদ্গনি পাইছিল। সামাজিক ন্যায় আৰু জাতিৰ পুনৰ গঠনত এই উপাদানসমূহৰ দ্বাৰা উপকৃত হোৱা গৈছিল। সেয়েহে আমাৰ অতীতৰ সংস্কৃতিৰ উপাদানসমূহৰ পুনৰ মূল্যায়ন আৰু পুনৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন হৈ পৰিছে।

আধুনিকতাৰ বীজ ৰোপণ কৰিবলৈ হ’লে আমি বিশাল ভাৰতবৰ্ষৰ বিশাল জনগণৰ মাজত তলত উল্লেখ কৰা দিশবোৰ প্ৰয়োগ কৰিব লাগিব।

-  সমাজৰ পৰা নিৰক্ষৰতা আৰু অজ্ঞানতা দূৰ কৰিব লাগিব।

-  সামাজিক ৰাজনৈতিক জাগৰণৰ প্ৰয়োজন পূৰাব লাগিব।

- প্ৰকৃত ৰেহৰূপ আৰু মূল্যবোধৰ বিকাশ ঘটাই সামাজিক শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিব লাগিব।

-  সামাজিক সমস্যাসমূহ শিক্ষা প্ৰক্ৰিয়া আৰু প্ৰশাসনৰ দ্বাৰা সমাধানৰ অৰ্থে প্ৰচেষ্টা চলাই শিশু আৰু যুৱকক দুটা দিশ হিচাপে লৈ সাংবিধানিক নিৰ্দেশনা কামত খটুৱাব লাগিব।

-  কোঠাৰী আয়োগে প্ৰথমতে উল্লেখ কৰিছে যে, “The destiny of India is now being shaped in her classrooms.” সেইবাবে শিক্ষা ব্যৱস্থাক বাধ্যতামূলক কৰি আধুনিকীকৰণ ফলদায়ক কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব।

সাধাৰণতে আধুনিকীকৰণৰ ধাৰণা দুটা। এটা হ’ল আঢ্যৱন্ত বা ধনী-মানী আৰু আনটো হ’ল মধ্যবিত্ত বা নিধনী সামাজিক ধাৰণাকৃত। দুয়োটা ধাৰণাৰে শিক্ষাৰ ক্ষেত্ৰত অৰিহণা আছে। ধনী দেশবোৰেও শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সেইদৰে দুখীয়া দেশবোৰেও বিভিন্ন ক্ষেত্ৰত প্ৰচেষ্টা চলাইছে। দুয়োটা প্ৰক্ৰিয়াতেই শিক্ষাত গুৰুত্ব দিয়া দেখা গৈছে। সেই শিক্ষাৰ বিকাশেই সামাজিক গঠন আৰু অৰ্থনৈতিক বিকাশত সহায়ক হৈ পৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষাৰেই এটি অংশ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশকেই কুৰি শতিকাৰ মূল বুলি ধৰা হয়। মানুহে সৌৰজগতৰ সকলো ক্ষেত্ৰতে অধ্যয়নৰত হৈ সৌৰজগত সম্বন্ধে এটা আধুনিক ধাৰণাত উপনীত হৈ পৰিছে। ঔদ্যোগিক বিকাশ আৰু বস্তুবাদী সংস্কৃতিৰ অভাৱনীয় বিকাশেই বিপ্লৱ সূচনা কৰিছে। লগতে অকল্পনীয়ভাৱে কৃষি, শিল্পকাৰ্য, জীৱবিজ্ঞান আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ বিকাশ সাধন হৈছে। ইয়াৰ ফলস্বৰূপে আধুনিক সমাজ অত্যাধুনিক অৱস্থালৈ অগ্ৰসৰ হৈছে। দুখীয়া দেশবোৰে শ্ৰেণীবিহীন সমাজ গঢ়াৰ সপোন দেখে। আনহাতে ধনী দেশবোৰে শ্ৰেণীস্থিতি সমাজৰ ক্ষেত্ৰত অৰিহণা যোগায়। উচ্চশিক্ষাৰ বাতাবৰণ এই দেশবোৰত মুক্ত আৰু ছাত্ৰ-ছাত্ৰীৰ মেধাশক্তিৰ ওপৰত ভিত্তি কৰা হয়।

আধুনিকীকৰণক গ্ৰহণযোগ্য সমাধান বুলি ক’ব পৰা হৈছে। অপশ্চিমীয়া দেশবোৰে পশ্চিমীয়া দেশবোৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যোগাযোগ স্থাপন কৰি পৰিৱৰ্তন সাধন কৰিছে। এখন দেশে আন এখন দেশৰ সংস্কৃতিক নিজৰ সংস্কৃতিৰ লগত ৰিজাই চাই স্থিৰ সিদ্ধান্তলৈ আহিছে। ‘ডেনিয়েল লাৰনাৰ’ নামৰ চিন্তাবিদজনে পশ্চিমীয়াকৰণ আৰু আধুনিকীকৰণৰ দিশবোৰ চালি-জাৰি চাই আধুনিকীকৰণৰ বিষয়ে মন্তব্য কৰিছে। তেওঁৰ মতে- Modernisation includes a ‘diqueting positivist spirit’. Focushing ‘Public institutions as well as private aspirations.’ অকল প্ৰত্যক্ষবাদী চেতনাই সৰ্বোচ্চ নহয় ইয়াৰ লগত যোগাযোগৰ বৈপ্লৱিক চেতনা আৱশ্যকীয়। আধুনিকীকৰণেই নগৰীয়া ক্ষেত্ৰ বৃদ্ধি কৰি স্বাক্ষৰতা সম্প্ৰসাৰণ কৰাত সহায় কৰে। আধুনিকীকৰণে সামাজিক গতিশীলতাকো সূচায়- “A mobile society has to encourage rationality for the calculas of choice shapes individual behaviour and conditions its rewards. People come to see the social future as manipulable rather than ordained and their personal prospects in terms of achievement rather than heritage.” আনহাতে Robert Bellah নামৰ চিন্তাবিদজনে কৈছে- “Where modernisation mean only a increased effectiveness in goal attainment with no increase in the rationalisation of the goal-setting process very serious pathalogies can result. Emperically such pathologies of modernisation have occured, but they are the product of partial or disturbed modernisation, not the inevitable of modernisation itself.”

আধুনিকীকৰণ সাধাৰণতে ব্যৱহৃত হয় ভাল ক্ষেত্ৰতহে। আধুনিকীকৰণ প্ৰক্ৰিয়াটোৰ সম্পূৰ্ণ দৃষ্টিভংগী হ’ল নিৰপেক্ষতা। এই নিৰপেক্ষ দৃষ্টিভংগী লৈ আধুনিকীকৰণ প্ৰক্ৰিয়াটোক সুপৰিকল্পিতভাৱে আগুৱাই নিলে সমাজ তথা দেশৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ হ’ব।

(উৎসঃ শিক্ষা সমাজবিজ্ঞান, ড বীৰেন্দ্ৰ ডেকা)।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top