অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষা আৰু সামাজিকৰণঃ ২য় অধ্যায়

শিক্ষা আৰু সামাজিকৰণৰ কথা লিখা হৈছে

 

সামাজিকৰণ প্ৰক্ৰিয়া কি ?

 

সামাজিকৰণ হ’ল সমাজবিদ্যাৰ এটি অন্তৰ্নিহিত ধাৰণা। সামাজিকৰণ এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ সহায়ত ব্যক্তিয়ে সামাজিক পৰম্পৰা আৰু ৰীতি-নীতিগতভাৱে আচৰণ কৰিবলৈ শিকে। সামাজিকৰণৰ দ্বাৰা এজন ব্যক্তিক সমাজৰ লগত খাপ খুৱাই লোৱা হয়। মানৱ শিশুৱে অনুকৰণৰ প্ৰৱণতা আহৰণ কৰে আৰু সিহঁতৰ বিকাশ হয় য’ত বাস কৰে সেই ঠাইৰ মাধ্যমতহে। সেই প্ৰৱণতাৰ মাধ্যমতে শিশুৱে সমাজত চলিবলৈ যি ৰীতি-নীতিৰ আৱশ্যক হয় সেইবিলাক চালচলনৰ মাধ্যমত অনুসৰণ কৰি লয়। এই বিষয়ে এ. আই. গেইটচ্ নামৰ চিন্তাবিদজনে তেওঁৰ সতীৰ্থসকলৰ লগত একমত হৈ প্ৰকাশ কৰিছে যে সামাজিকৰণৰ দ্বাৰা এজন ব্যক্তিক নিজস্ব প্ৰতিভা আৰু পৰিচয়ৰ বিনিময়ত সামাজিকৰণ কৰাটো বুজোৱা নাই। বৰং সামাজিকৰণ আৰু ব্যক্তিকৰণ দুয়োটাকে ব্যক্তিত্ব বিকাশৰ পৰিপূৰক হিচাপেহে পদ্ধতিগতভাৱে ধৰি লোৱা হৈছে। তেওঁলোকৰ মতে ব্যক্তিয়ে আনৰ সংস্পৰ্শৰ বাবে নিজ নিজ প্ৰতিভা বিকাশত বাধাপ্ৰাপ্ত হোৱাটো সামাজিকৰণৰ লক্ষ্য হ’ব নোৱাৰে। এইক্ষেত্ৰত দলীয়া স্বাৰ্থৰ মাজেদি ব্যক্তিস্বাৰ্থ পূৰণ কৰাটো সামাজিকৰণৰ লক্ষ্য হোৱা উচিত। সামাজিকৰণ হোৱাৰ ক্ষেত্ৰত প্ৰকৃততে এজন ব্যক্তিৰ আংশিকভাৱে জন্মগত আৰু আংশিকভাৱে স্ব-আৰ্জিত গুণাৱলীৰ প্ৰভাৱ পৰে। আৰ্জিত গুণাৱলীৰ দ্বাৰা সাধাৰণতে অভ্যাস গঠন হোৱাটোকে বুজায় আৰু এই অভ্যাস গঠনে সামাজিকৰণৰ ক্ষেত্ৰত যে বিভিন্ন ধৰণৰ ভূমিকা ল’ব পাৰে তাত কোনো সন্দেহ নাই। আমি ভাল অভ্যাস গঠন কৰিবলৈ যাওতে যদি প্ৰকৃত অভ্যাসৰ বিলুপ্তি ঘটে, তেতিয়াহ’লে সু-অভ্যাস গঠনত বাধা আৰোপ হ’ব। আনহাতে সু-অভ্যাস গঠন নহ’লে সুচৰিত্ৰ গঠন নহ’ব। এজন শিশুৰ সামাজিকৰণৰ ক্ষেত্ৰত উপযুক্ত চৰিত্ৰ গঠনৰ প্ৰয়োজন খুব বেছি। ইয়াৰ উপৰি সামাজিকৰণৰ ক্ষেত্ৰত ব্যক্তিয়ে ঢুকি পোৱা বিভিন্ন অনুষ্ঠানৰ প্ৰভাৱ পৰাটো তেনেই স্বাভাৱিক। কিয়নো সামাজিকৰণৰ মূল কথাই হ’ল ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ যোগেদি পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ সমন্বয় ঘটোৱা। এইক্ষেত্ৰত সামাজিকৰণৰ অনুষ্ঠানসমূহেই ব্যক্তিজনৰ সামাজিকৰণৰ ক্ষেত্ৰত সহায়ক হৈ পৰে।

সামাজিক জীৱনত পৰস্পৰৰ লগত ভাৱৰ আদান-প্ৰদান কৰি ইজনে সিজনক বুজিবলৈ যত্ন কৰাটোৱেই সামাজিক জীৱনৰ বৈশিষ্ট্য। এইক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে সমাজ বিভ্ৰান্ত হোৱাটো তেনেই স্বাভাৱিক। বিখ্যাত সমাজবিজ্ঞানী এফ জে ব্ৰাউনৰ এষাৰ কথা এইক্ষেত্ৰত উল্লেখনীয়। তেওঁ কৈছে “সমাজবিজ্ঞান কেতিয়াও অকল ব্যক্তি বা সমাজৰ ভেটিত গঢ় লৈ উঠিব নোৱাৰে। বৰং দুয়োটাৰ মাজত পাৰস্পৰিকভাৱে সংগঠিত হ’বলৈ হ’লে এজন ব্যক্তি, দল, উপদল আৰু তেওঁলোকৰ আচৰণৰ মাজত ঘটা প্ৰক্ৰিয়াৰ দ্বাৰাহে সম্ভৱ হ’ব পাৰে”। ইয়াৰ দ্বাৰা শিক্ষা সমাজবিজ্ঞানী ব্ৰাউনে ক’ব খুজিছে যে ব্যক্তিয়ে জন্মলাভ কৰাৰ পিছৰ পৰাই যিদৰে আনৰ আচৰণৰ ওপৰত নিজৰ প্ৰভাৱ পেলায় ঠিক একেদৰেই নিজেও আন ব্যক্তি আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ ধৰে। পাৰস্পৰিক ক্ৰিয়া বুলিলে ব্যক্তি আৰু সমাজৰ এই সম্পৰ্ককে বুজায়।

আমি জানো যে মানুহ এবিধ সামাজিক জীৱ। তেওঁলোকে তেওঁলোকৰ প্ৰকৃতি, সামাজিক, সাংস্কৃতিক ধাৰণা আহৰণ কৰে সমাজৰ পৰা আৰু এইদৰে তেওঁলোকে সামাজিক প্ৰক্ৰিয়াৰ অনুগত হৈ প্ৰকৃতিৰ অন্যান্য জীৱতকৈ শ্ৰেষ্ঠ জীৱ হিচাপে পৰিগণিত হৈ পৰিছে। সামাজিকৰণ প্ৰক্ৰিয়াই তেওঁলোকৰ ব্যক্তিত্বত সমতা স্থাপন কৰে, কাৰণ ব্যক্তিত্বৰ সামাজিক ধাৰণাটো ব্যক্তিসকলৰ কাৰণেই যথেষ্ট প্ৰয়োজন। সামাজিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে শিশু সকলে আত্মানুশাসনৰ জ্ঞান লাভ কৰি সমাজৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু আনৰ প্ৰতি থকা দায়িত্ব উপলব্ধি কৰে। সামাজিক প্ৰক্ৰিয়াই তেওঁৰ বিকাশত সহায় কৰাৰ উপৰিও সামাজিক অনুভূতি, সামাজিক সমন্বয়ৰ জ্ঞান শিকায়। লগতে আনৰ লগত সমন্বয় স্থাপন কৰাৰ জ্ঞান লাভ কৰে।

ব্যক্তিসকলক ইজনৰ লগত সিজনে অনুসৰণৰ ভাৱাবেগ, মৰম-চেনেহ আদিৰ দ্বাৰা প্ৰভাৱান্বিত কৰে। ইয়াৰ উপৰিও সামাজিক অনুষ্ঠানসমূহে ব্যক্তিসকলক সামাজিকৰণ হোৱা অৱস্থালৈ কঢ়িয়াই লৈ যায়। ব্যক্তিসকলে সমাজৰ বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হ’বলগীয়া হয় আৰু সমাজৰ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়। এই সকলোখিনি প্ৰক্ৰিয়াই তেওঁলোকক ব্যক্তিগত আৰু অন্যান্য ক্ষেত্ৰত প্ৰভাৱ পেলায়। শিক্ষা হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান, যিটোৰ দ্বাৰা ব্যক্তিসকলে সামাজিকৰণ হোৱাৰ ক্ষেত্ৰত সহায় পায়।

ব্যক্তি আৰু সমাজঃ

 

সামাজিকৰণ প্ৰক্ৰিয়াৰ মূল বস্তু হ’ল দুবিধ। এবিধ হ’ল ব্যক্তি আৰু আনবিধ হ’ল সমাজ। এই ব্যক্তি আৰু সমাজৰ মাজত থকা পৰস্পৰ সম্বন্ধৰ বিষয়ে চিন্তাবিদসকলৰ মাজত এটা সময়ত বাক্-বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। কিন্তু শেষত সকলোৱে এটা স্থিৰ সিন্ধান্তত আহি পৰিছে আৰু স্বীকাৰ কৰিছে যে ব্যক্তি আৰু সমাজৰ মাজত এটা পৰস্পৰ নিবিড় সম্বন্ধ আছে। প্ৰকৃততে ব্যক্তিসকল বিকশিত হ’বলৈ হ’লে সমাজ লাগিবই, সেইদৰে সমাজৰ বিকাশ হ’বলৈ হ’লে অবিচ্ছেদ্য অংগ হিচাপে ব্যক্তিৰ আৱশ্যক হ’বই। সেয়েহে ইটাৰ লগত সিটোৰ বন্ধুত্ব নিবিড়। অন্যজীৱ-জন্তুবোৰৰ লগত মানুহ বা ব্যক্তিৰ মিল নাই কাৰণ মানুহে সমাজপাতি বসবাস কৰে। লগতে সামাজিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিজকে বিকাশ কৰাত সহায় কৰে। ব্যক্তিসকলে সমাজ গঠন কৰি সমাজক প্ৰভাৱান্বিত কৰে আৰু সমাজে ব্যক্তিসকলক সংস্কৃতিসম্পন্ন কৰি গঢ়ি তোলে। শিশুসকলৰ ব্যক্তিত্ব সম্পূৰ্ণভাৱে নিৰ্ভৰশীল সামাজিক পৰিৱেশৰ ওপৰত। শিশুৱে সিহঁতৰ আৱশ্যকীয় সকলোবিলাক দিশ সমাজৰ পৰা আহৰণ কৰি লয়। শিক্ষা তথা আহৰণ শক্তিটোৱে সিহঁতক নিজৰ আৰু এই সমাজৰ সহায়ত বিকশিত হোৱাত সহায় কৰি প্ৰকৃতিৰ বিকাশ ঘটোৱাই মানুহ হিচাপে নিজকে পৰিচালিত কৰিবলৈ সক্ষম কৰে। প্ৰত্যেকখন সমাজতে ব্যক্তিৰ সংগঠন আছে। প্ৰত্যেকখন সমাজে ব্যক্তিসকলৰ সংগঠন উন্নততৰ কৰাৰ বাবে প্ৰভাৱান্বিত কৰে, সেয়েহে দুয়োটা দিশৰ বিকাশ হয় ইটোৰ লগত সিটো জড়িত হৈ পৰাৰ পিছতহে।

মানুহ যিহেতু সামাজিক জীৱ সেয়েহে সামাজিক জীৱনৰ লগত জড়িত হৈ মানৱ-শিশু ডাঙৰ-দীঘল হয়। ব্যক্তি আৰু সমাজৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ সৃষ্টি হয়। শিক্ষাৰ ক্ষেত্ৰত এই পাৰস্পৰিক প্ৰক্ৰিয়াৰ গুৰুত্ব বহল। অটোৱে নামৰ চিন্তাবিদজনে পাৰস্পৰিক ক্ৰিয়া আৰু তাৰ দ্বাৰা ব্যক্তি, দল আৰু সমাজৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ বিষয়ে মত পোষণ কৰিছে আৰু ই অতি মন কৰিবলগীয়া। কিয়নো ইয়াৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলৰ আচৰণৰ পৰিৱৰ্তন ঘটাটো সম্ভৱ হৈ পৰে। তেওঁৰ মতে, এনে ধৰণৰ পাৰস্পৰিক ক্ৰিয়াৰ যোগেদিহে শিশুসকলে নিজ দল বা সমাজৰ কৃষ্টি, সংস্কৃতি আৰু সভ্যতা গ্ৰহণ কৰিবলৈ সমৰ্থৱান হয়। চমুকৈ ক’বলৈ হ’লে পাৰস্পৰিক ক্ৰিয়াৰ সহায়তহে মানুহে প্ৰকৃততে সমাজৰ ৰীতি-নীতি, নিয়ম-কানুন, আচাৰ-ব্যৱহাৰ আদি খাপ খুৱাই ল’বলৈ সক্ষম হয়। এইক্ষেত্ৰত প্ৰত্যেক ব্যক্তিয়ে পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ গঢ়ি তোলাটো নিতান্ত প্ৰয়োজন।

সামাজিকৰণৰ প্ৰয়োজনীয়তাঃ

 

সামাজিকৰণৰ কিয় প্ৰয়োজন, সেইক্ষেত্ৰত এটা প্ৰশ্ন উদয় হয়। আচলতে সামাজিকৰণৰ প্ৰয়োজন হয় ব্যক্তিসকলৰ সামগ্ৰিক বিকাশৰ কাৰণে। যদিও ব্যক্তি বিকাশক উদ্দেশ্য কৰিয়ে সামাজিক প্ৰক্ৰিয়াৰ উদ্ভৱ হৈছে তথাপি সামাজিকৰণৰ প্ৰয়োজনীয়তা সমাজৰ বাবেও আছে। এইক্ষেত্ৰত ‘গেছেল’ নামৰ সমাজবিজ্ঞানীজনে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Wolf children and Human child’ আৰু ‘ডেভিচ’ নামৰ সমাজবিদজনে তেওঁৰ ৰচনাত এই বিষয়ে বৰ্ণনা কৰিছে। এইক্ষেত্ৰত ১৯২০ চনৰ এটি উদাহৰণ দাঙি ধৰিব পাৰি। এটা ঘোঙৰ গুহাত দুটা শিশু পোৱা গৈছিল, তাৰে এটা আঠ বছৰীয়া শিশু আৰু এটা অকণমানি শিশু আছিল। অকণমান শিশুটো কিছুদিন পিছত মৰি থাকিল। ডাঙৰ শিশুটো ছয় বছৰমান জীয়াই থাকিল। তাইৰ নাম ৰখা হৈছিল কমলা। ছোৱালীজনী মানৱ আচৰণ আৰু জীৱন ধাৰণৰ প্ৰতি সম্পূৰ্ণ অজ্ঞ আছিল। তাই তাইৰ চাৰিখন হাত-ভৰিৰে ঘোঙৰ দৰে খোজ কাঢ়িছিল। তাই কথা ক’ব নাজানিছিল। শেষত তাই মানৱ শিশুবোৰক দেখি অস্বস্তিবোধ কৰিছিল। এইধৰণে তাই সামাজিক পৰিৱেশত বাস নকৰি সামাজিকৰণ নোহোৱা হেতুকে মানৱ জীৱনৰ বৈশিষ্ট্যসমূহ আঁকোৱালি ল’ব পৰা নাছিল। তাইক কথা ক’বলৈ শিকোৱা হৈছিল, খাবলৈ দিয়া হৈছিল। এইদৰে তাই মানৱ সংস্পৰ্শত থাকি মানুহৰ আচৰণখিনি শিকিবলৈ সক্ষম হয়। এইখিনিতে আমি অন্য এটা উদাহৰণ উল্লেখ কৰিব পাৰো। ওঠৰ শতিকাৰ শেষত আৰু উনৈশ শতিকাৰ আৰম্ভণিতে ইউৰোপৰ পৰা এটি ভূতত্ত্ববিদৰ দলে অধ্যয়নৰ বাবে সুদূৰ বনাঞ্চললৈ গৈছিল। তেওঁলোকৰ যাত্ৰাৰ বাবে যিখন জাহাজ ব্যৱহাৰ কৰিছিল তাৰ নাৱিক আৰু কেপ্টেইনৰ মাজত মতবিৰোধ হৈছিল। কেপ্টেইনজনক নিখোজ কৰি এজন জলদস্যুৱে কেপ্টেইনৰ বেশ ধৰিছিল। কিছুদিন পিছত জাহাজখন অটব্য জাৰণিৰ ওচৰত ৰখা হৈছিল। জাহাজখনত এজন ৰাজ-প্ৰতিনিধি তেওঁৰ পৰিবাৰৰ সৈতে আহিছিল। মহিলাগৰাকী আছিল সন্তানসম্ভৱা। জলদস্যু আৰু জাহাজৰ কৰ্মচাৰীসকলৰ মাজত কাজিয়া হৈ মৰামৰি হৈছিল। সেই ঠাইতে মহিলাগৰাকীয়ে এটা শিশু জন্ম দি মৃত্যুমুখত পৰিছিল। ধুমুহাত আক্ৰান্ত জাহাজখন ধ্বংস হৈ মানুহবোৰ চেদেলী-ভেদেলী হৈ পৰিছিল। মানৱ শিশুটোক বনৰীয়া বনমানুহৰ মাইকী এগৰাকীয়ে উম দি দি মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিছিল। লাহে লাহে মানৱ শিশুটো ডাঙৰ-দীঘল হৈ সুন্দৰ-সুঠাম চেহেৰাৰ হ’ল। কিন্তু তাৰ আদব-কায়দা সকলো বনমানুহৰ দৰেই হ’ল বনৰীয়া। জন্মত মানৱ শিশু হ’লেও মানৱ আচৰণ পাহৰি গৈ বনৰীয়া মানুহৰ প্ৰবৃত্তি আহৰণ কৰিলে। আনহাতে সেই শিশুৰ পিতৃ দুৰ্ভোগত পৰি পঙ্গু হৈ থাকিল। বহুবছৰৰ মূৰকত আকৌ সেই ঠাইলৈ আন এটা অধ্যয়নকাৰী দল যাবলৈ ওলাল। লগত ওলাল সেই শিশুৰ নিঠৰুৱা পিতৃজন। দলটোৰ দায়িত্বত থকা ইউৰোপীয়াজনৰ জিয়ৰী গৰাকীয়ো বাপেকৰ লগত গৈছিল। ঠিক সেই ঠাই গৈ পোৱাৰ পিছত এদিনাখন সেই বনৰীয়া প্ৰকৃতিৰ ল’ৰাজনে দলপতিজনৰ ছোৱালীগৰাকীক কোলাত তুলি লৈ গৈছিল। গোটেই অধ্যয়নকাৰী দলটোৱে বনৰীয়া ল’ৰাজনক বুদ্ধিৰে আয়ত্বলৈ আনি ইউৰোপলৈ লৈ গৈছিল। তাত ল’ৰাজনক সামাজিক পৰিৱেশত খাপ খুৱাই ল’বৰ বাবে বহু যত্ন কৰি প্ৰথমে বিফল হৈ পৰিছিল। শেষ মুহূৰ্তত ছোৱালীগৰাকীৰ ল’ৰাজনৰ লগত বিয়া হৈছিল আৰু যথেষ্ট ত্যাগৰ ফলত বনৰীয়া প্ৰবৃত্তিৰ ল’ৰাজনক সামাজিকৰণ কৰিবলৈ সক্ষম হৈছিল। মানৱ শিশু হ’লেও সামাজিক পৰিৱেশত নথকা বাবে ল’ৰাজন হৈ পৰিছিল বনৰীয়া প্ৰকৃতিৰ।

সামাজিকৰণৰ প্ৰক্ৰিয়াক বাধা দিব নোৱাৰি কিন্তু ইয়াক মানৱ বিকাশৰ খুব এটি উল্লেখযোগ্য সমল বুলিও ধৰিব নোৱাৰি, কাৰণ বংশগতিয়ে ইয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ব্যক্তিসকলৰ বিকাশ সামাজিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে হয় আৰু লগে লগে সংস্কৃতিৰো বিস্তাৰ লাভ হয়। ব্যক্তিসকলৰ আত্মবোধৰ বিকাশ হয় কেৱল সামাজিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰেহে। প্ৰকৃততে সামাজিক প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া। ইয়াক যিকোনো এখন সমাজত প্ৰতিপন্ন কৰিব নোৱাৰি। কিন্তু ব্যক্তিৰ প্ৰত্যেকটো সামাজিক সম্বন্ধই সামাজিক প্ৰক্ৰিয়াত অৱদান আগবঢ়ায়। ‘ডেভিচ’ নামৰ শিক্ষা সমাজবিদগৰগাকীয়ে এইক্ষেত্ৰত উল্লেখ কৰিছে যে- “The improvement of socialisation offer one of the greater possibilities for the future alteration of human nature and human society.”

সামাজিকৰণৰ মাধ্যমসমূহঃ

 

পৰিয়ালৰ ভূমিকাঃ

সামাজিকৰণৰ প্ৰথম অনুষ্ঠান হিচাপে পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালসমূহে এটি গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আহিছে। অধ্যাপক ‘ব্ৰাউনে’ কৈছে যে, ব্যক্তি আৰু দল বা সমাজৰ মাজত সম্বন্ধ স্থাপনৰ মূল ভেটি হৈছে পৰিয়াল। কিয়নো পৰিয়ালৰ মাজেদিহে শিশুৱে লাহে লাহে বাহিৰৰ সমাজৰ লগত পৰিচয় হ’বলৈ সুযোগ পায়। প্ৰকৃততে ঘৰ বা পৰিয়ালতে শিশুৰ শিক্ষাৰ আৰম্ভণি হয়। এটি শিশুৰ সামাজিকৰণত পৰিয়ালে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিশুটো প্ৰথমতে যিটো পৰিয়ালত জন্মে সেই পৰিয়ালৰ সকলো ব্যক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু পৰিয়ালটোৰ সকলো দিশৰ পৰিৱেশ ব্যক্তিজনৰ ওপৰত প্ৰতিফলিত হয়। মাক-বাপেক আৰু আন আন সদস্যসকলৰ আচৰণৰ প্ৰতিফলনেও শিশুৰ চৰিত্ৰত চাপ পেলায়। শিশুটোৱে পৰিয়ালৰ সদস্যসকলৰ লগত আত্মীয় মনোভাৱেৰে বিকশিত হ’বলৈ ধৰে। তেওঁ সেই পৰিয়ালৰ মাধ্যমতে নিজক বিকাশ কৰাৰ ক্ষেত্ৰত যিখিনি আঁসোৱাহ পায় সেই আঁসোৱাখিনিক বাদ দি বা মাত্ৰ এৰাই চলি বিকাশ লভিবলৈ চেষ্টা কৰে। সুস্থ পৰিয়ালৰ পৰিৱেশৰ মাধ্যমতে শিশুৰ চৰিত্ৰৰ সু-অভ্যাস গঢ়ি উঠে আৰু ভগ্ন পৰিয়ালৰ মাজত কু-অভ্যাস আহৰণ কৰিবলৈ সঁহাৰি পায়। ‘হিলী’ আৰু ‘ব্ৰোনাৰ’ নামৰ শিক্ষা সমাজবিজ্ঞানী দুজনে তেওঁলোকৰ অমূল্য গ্ৰন্থ ‘New Light on Delinquence and its Treatment’-ত অপৰাধপ্ৰৱণ শিশুৰ বিস্তৃত বৰ্ণনা উল্লেখ কৰিছে। সেই অপৰাধপ্ৰৱণ শিশুবিলাকৰ বেছিভাগেই ভগ্ন পৰিয়ালত জন্ম লাভ কৰি তাৰ মাধ্যমেৰে বিকাশ লাভ কৰিবলৈ সক্ষম হয়। সেই অপৰাধপ্ৰৱণ শিশুসকলে সমাজৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। তাৰ ফলতেই তেওঁলোকে সামাজিকৰণৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই যাবলৈ সক্ষম নহয়। মনোবিশ্লেষক ‘ফ্ৰয়দ’ আৰু ‘এডলাৰে’ ক’বলৈ বিচাৰিছে যে শিশুৱে যিখিনি সু-আচৰণ আৰু কু-আচৰণ সমাজত আহৰণ কৰে সেইখিনি পৰিয়ালৰ পৰাই আহৰণ কৰে। সেইদৰে ‘টাৰমান’ নামৰ মনোবিজ্ঞানীজনে তেওঁৰ গ্ৰন্থ ‘Psychological factors in marital happiness’-ত কৈছে যে যিবিলাক ব্যক্তিয়ে তেওঁলোকৰ বৈবাহিক জীৱনৰ অৱস্থাটো সুন্দৰভাৱে শেষ কৰে তেওঁলোকে তেওঁলোকৰ অভিভাৱকৰ পৰা সু-আদৰ্শ পাবলৈ সক্ষম হয়। ‘Women of the street’ নামৰ কিতাপখনৰ পাতনিত লেখকজনে লণ্ডনৰ বেশ্যালয়বোৰৰ বিশেষ বৰ্ণনা উল্লেখ কৰি কৈছে যে বেশ্যালয়সমূহ হ’ল অভিজ্ঞাৱক আৰু শিশুসকলৰ মাজত থকা সম্বন্ধৰ সমস্যা। পৰিয়ালত যেতিয়া শান্তি-সম্প্ৰীতি নোহোৱা হয় তেতিয়া সেই পৰিয়ালৰ ল’ৰা-ছোৱালী ধ্বংসমুখী হয়। এই ধৰণৰ ঘটনাসমূহে শিশুবিলাকক চোৰ, ডকাইত, হত্যাকাৰী আৰু বেশ্যা হিচাপে পৰিগণিত কৰে।

এখন ৰাষ্ট্ৰৰ মানদণ্ড আৰু সমাজৰ সভ্যতাৰ পৰিচয় পৰিলক্ষিত হয় পৰিয়ালসমূহৰ অৱস্থাৰ জৰিয়তে। অতীতৰ পৰা দেখা যায় যে পৰিয়ালসমূহে শিশুসকলৰ সৰ্বাংগীন বিকাশত নানা ধৰণেৰে ভূমিকা গ্ৰহণ কৰি আহিছে। পৰিয়ালসমূহ হ’ল সবাতোকৈ পুৰণি আৰু শক্তিশালী অনুষ্ঠান। শিশুৱে পৰিয়ালত ভাষাৰ শিক্ষা পায়। সমাজৰ শিক্ষানুষ্ঠান গঢ়ি উঠাৰ আগতে শিশুক বৰ্ণ পৰিচয়ৰ পৰা আৰম্ভ কৰি সামাজিক, নৈতিক, ধৰ্মীয়, বৃত্তিমূলক সকলো প্ৰকাৰৰ শিক্ষা দিছিল পৰিয়ালবোৰে। পৰিয়ালসমূহৰ মাধ্যমত শিশুৱে সকলো ধৰণৰ সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আয়ত্ব কৰিছিল। সমাজত বৃত্তিমূলক দক্ষতা লাভ কৰিছিল পিতৃ-মাতৃ আৰু আত্মীয় মানুহৰ পৰা। বৰ্তমান সামাজিক পৰিৱৰ্তনসমূহে সামাজিক ধাৰা তথা প্ৰক্ৰিয়াটোৰে পৰিৱৰ্তন সাধন কৰিছে। সামাজিক বিধি ব্যৱস্থা আৰু পৰিয়ালৰ গঠনত নানা বিৱৰ্তন আনিছে। শিক্ষাৰ ক্ষেত্ৰ আৰু পৰিসৰ সম্প্ৰসাৰিত হৈছে। এই সম্প্ৰসাৰিত ক্ষেত্ৰত বৰ্তমান পৰিয়ালসমূহে সকলো প্ৰকাৰৰ শিক্ষাদান কৰিব নোৱাৰিলেও শিশুসকলক শিষ্টাচাৰী, দেশপ্ৰেমিক, সহযোগী, সত্যবাদী, ন্যায়পৰায়ণ, শৃংখলাবদ্ধ আৰু সামাজিক হোৱাত যথেষ্ট অৰিহনা যোগায়। শ শ বছৰ আগৰপৰাই পৰিয়ালসমূহে এই গধুৰ দায়িত্ব বহন কৰি আহিয়েই আছে। আধুনিক জগতত পৰিয়ালসমূহৰ গাঁঠনিত কেৰোণ লাগিলেও শিক্ষাৰ ক্ষেত্ৰত এতিয়াও পৰিয়ালৰ ভূমিকা নুই কৰিব নোৱাৰি। ‘ৰজেন ক্ৰেজ’ নামৰ চিন্তাবিদগৰাকীয়ে মন্তব্য কৰিছে যে- ‘Family is the original starting point of education’। আধুনিক সমাজত বিদ্যালয়ে শিক্ষা তথা সামাজিকৰণৰ মূল ভেটি স্থাপন কৰিছে। তথাপি বিদ্যালয়ৰ পিছতে শিক্ষাৰ এটি প্ৰধান অনুষ্ঠান হিচাপে সমগ্ৰ পৃথিৱীতে পৰিয়ালৰ এটা সুকীয়া স্থান আছে। ‘ফ্ৰেঙ্ক’ নামৰ শিক্ষা সমাজবিজ্ঞানী এজনে সামাজিকৰণত পৰিয়ালৰ ভূমিকা পৰ্যালোচনা কৰি মন্তব্য দিছে- “The family is the only socially recognised relation for child bearing and the essential agency for child rearing socialisation and introducing the child to the culture of the society, thereby shaping the basic character structure of our culture and forming the child’s personality”. শিশুৰ জীৱনৰ প্ৰথম কালছোৱাত পৰিয়ালৰ ভূমিকা অতি ভয়ানক। এই সময়ছোৱাতে মানৱ শিশুৱে মানৱত্বৰ সকলো গুণ অনুকৰণ কৰিবলগীয়া হয় পৰিয়ালৰ যোগেদি।

সমাজ গঠনৰ ফালৰ পৰাও ঐতিহ্য আছে। বন্যজীৱন ধাৰণৰ বহুদিন পিছত মানুহ যেতিয়া সমাজৰ পোহৰলৈ আহে তেতিয়া তেওঁলোকে গাঁও পাতি থাকিবলৈ লয় আৰু খেতি-বাতি কৰিবলৈ শিকে। পিছত লাহে লাহে উচ্ছৃংখল জীৱনৰ সলনি বিয়াবাৰুৰ প্ৰচলনৰ জৰিয়তে পৰিয়ালৰ সৃষ্টি কৰে। সামাজিকৰণৰ ক্ষেত্ৰত পৰিয়ালৰ গুৰুত্ব নুই কৰিব নোৱাৰি।

বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণে পৰিয়ালৰ শৈক্ষিক তথা সামাজিক গুৰুত্ব নিৰ্ণয় কৰিছে। ‘কমেনিয়াচে’ কৈছে শিশুৰ প্ৰথম ছটা বছৰ অতিক্ৰম হয় ‘the school of the mother’s knee’- মাতৃৰ শিক্ষানুষ্ঠানৰ তলত। তেওঁ ক’ব খোজে পৰিয়ালেহে শিশুক সকলো ধৰণৰ শিক্ষা দিব পাৰে। প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱে কৈছে মাতৃ হ’ল শিশুৰ প্ৰকৃত সেৱিকা আৰু পিতৃ হ’ল শিক্ষক। পেষ্টালজীয়ে শিশুৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশ বেছি ফলদায়ক বুলি কৈছে।

এখন সুস্থ-সুন্দৰ সমাজত পৰিয়ালটোৱে এজন প্ৰচণ্ড শিক্ষকৰ ভূমিকা গ্ৰহণ কৰে। পৰিয়াল হ’ল এটি সামাজিক দল। ইয়াৰ দায়িত্ব অপৰিসীম। শিশুসকলৰ মনত বুজাপৰাৰ ভাব পৰিয়ালে সুমুৱাই দিয়ে আৰু সংস্কৃতিৰ ভাব জগাই তোলে। পৰিৱৰ্তনশীল সংস্কৃতিৰ ভাব, অৱস্থা, সমস্যা আদিৰ বিষয়ে পৰিয়ালেই শিশুৰ মনক উদ্বুদ্ধ কৰায়। ভাৰতবৰ্ষ আৰু চীন দেশৰ সভ্যতাই অতীতৰ পৰাই পৰিয়ালক শিক্ষাৰ মূল অনুষ্ঠান হিচাপে পৰিগণিত কৰি আহিছে। ভাৰতবৰ্ষত অতীতৰ পৰাই শিশুৰ প্ৰশিক্ষণত পৰিয়ালে এটা উচ্চ স্থান দখল কৰি আহিছে। কিন্তু বৰ্তমান সমাজ ব্যৱস্থাত পৰিয়ালৰ গুৰুত্ব কিছু কমি আহিছে। তাৰ কাৰণ হ’ল যৌথ পৰিয়াল ব্যৱস্থাৰ ভাঙোন। যিয়েই নহওক বিদ্যোৎসাহী পিতৃ-মাতৃসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি নিজৰ ল’ৰা-ছোৱালীৰ বাবে সুন্দৰ পৰিৱেশ তৈয়াৰ কৰাৰ প্ৰচেষ্টা কৰা দেখা যায়। আজিৰ দিনতো পৰিয়ালসমূহত সামাজিক আদৰ্শৰ মাধ্যমত নৈতিক চেতনাবোধেৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। কিন্তু এইটোও সত্য যে পৰিয়ালৰ বিষয়ে থকা আগৰ মনোভাৱ সলনি হৈছে আৰু আধুনিক মনোভাৱেৰে আপ্লুত হৈ সম্পূৰ্ণ পৰিৱৰ্তনৰ পথলৈ অগ্ৰসৰ হৈছে।

আধুনিক সময় আৰু পৰিয়ালঃ

আমি পৰিয়ালৰ ভূমিকাৰ বিষয়ে ওপৰত আলোচনা কৰি দেখিলো যে বৰ্তমান সময়ত পৰিয়ালৰ গুৰুত্ব কমি গৈছে আৰু পৰিৱৰ্তন হৈছে। অতীত কালত সামাজিক গাঁঠনিত পৰিয়াল এটি উল্লেখযোগ্য অংশ হিচাপে পৰিগণিত হৈছিল। পৰিয়ালসমূহৰ অনুভূতিৰ মাধ্যমত সৃষ্টি হৈছিল সামাজিক অনুভূতিৰ। বৰ্তমান সময়ত সমাজৰ গঠন প্ৰণালী সলনি হৈছে আৰু সমাজ ব্যৱস্থাৰ সলনি হৈছে। মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া অৰ্থনৈতিকভাৱে বৈপ্লৱিক হৈ পৰিছে। এইটোৱে পৰিয়ালৰ জীৱনত বিস্তৃতভাৱে প্ৰভাৱ পেলাইছে। আজি সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ খোৱা-লোৱাৰ বাবে নিজেই চেষ্টা চলাবলগীয়া হৈছে আৰু কোনেও এলেহুৱা হৈ বহি থাকি আনৰ ওপৰত থকা-খোৱাৰ আশা কৰি ৰৈ থাকিব নোৱাৰা হৈছে। আজি পৰিয়ালৰ সকলোৱে আৰ্জিব লাগিব। পৰিয়ালৰ গুৰুত্ব কমি গৈছে যদিও মানুহৰ প্ৰয়োজনীয়তাসমূহ দিনে দিনে বাঢ়ি আহিব ধৰিছে। জীৱন ধাৰণৰ মানদণ্ড দিনক দিনে বাঢ়ি আহিছে। মানুহৰ প্ৰয়োজনীয়তাসমূহ বাঢ়ি থকা বাবে সেইবোৰ পৰিয়ালৰ বাহিৰত পূৰণ কৰিবলগীয়া হৈছে। সেয়েহে পৰিয়ালৰ নিয়ন্ত্ৰণ কমি আহিছে।

বৰ্তমান সময়ত আধুনিক সমাজত অকল পৰিয়ালেই ব্যক্তিক উদ্যোগিক, সামাজিক আৰু নৈতিক শিক্ষা দিবলৈ অপাৰগ হৈ পৰিছে। সমাজৰ সাংগঠনিক প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈছে। অতীত কালত বাপেকৰ বৃত্তি পুতেকে এনেয়ে অনুসৰণ কৰি লৈছিল। এজন খেতিয়কৰ ল’ৰাই খেতিৰ কামকে কৰিছিল। কৰতিয়ালৰ পুতেকে কৰতৰ কামেই কৰিছিল, সেইদৰে এজন পুৰোহিতৰ পুতেকে পুৰোহিতৰ কামেই কৰিছিল। কিন্তু বৰ্তমান ইয়াৰ পৰিৱৰ্তন সাধন হৈছে। বিজ্ঞান আৰু উদ্যোগিক বিকাশ সাধন হোৱা হেতুকে সদায় নিত্যৃ-নতুন বৃত্তি ওলাই আছে। তাৰবাবে আৱশ্যক হৈছে বিশেষ শিক্ষা ব্যৱস্থাৰ। সকলো বৃত্তিৰ বাবে নতুন নতুন জ্ঞানৰ আৱশ্যক হৈ পৰিছে আৰু প্ৰয়োজন হৈছে পূৰ্ব-প্ৰশিক্ষণৰ। উদাহৰণস্বৰূপে, এখন কৃষি পাম চলাবলৈ অকল খেতিয়কৰ পুতেক হ’লেই নহ’ব, তেওঁৰ থাকিব লাগিব বিজ্ঞানসন্মত প্ৰশিক্ষণ, গুটিৰ জ্ঞান, সাৰ প্ৰয়োগৰ জ্ঞান, কীট-পতংগৰ পৰা খেতি ৰক্ষা কৰা ব্যৱস্থা, নতুন নতুন বিজ্ঞানসন্মত আহিলা-পাতিৰ ব্যৱহাৰ আদিৰ জ্ঞান। এনে জ্ঞান লাভ কৰিলেহে আধুনিক পদ্ধতিত খেতি কৰিব পৰা যাব। এই জ্ঞানসমূহ অকল পৰিয়ালৰ পৰা পোৱাটো সম্ভৱ নহয়।

মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা বুজিব পাৰি যে বিভিন্ন ব্যক্তিৰ সমৰ্থতা আৰু সুদক্ষতাৰ বিভিন্নতা আছে। প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ নিজস্ব বৃত্তি তেওঁৰ নিজস্ব শক্তি-সামৰ্থ অনুযায়ী যোগাৰ কৰিব পাৰে। তেওঁৰ যদি অৰ্হতা আৰু সামৰ্থ আছে তেতিয়াহ’লে তেওঁৰ বৃত্তিৰ বাবে উপযোগী হ’ব। সেই বৃত্তি অকল পৰিয়ালে যোগাৰ কৰি দিব নোৱাৰিব। ইয়াৰ বাবে পৰিয়ালৰ উপৰিও বিদ্যালয়ৰ সহায় ল’ব লাগিব।

সমাজ সদায় জটিলতাৰ পিনে আগুৱাই গৈ আছে। সমাজৰ যৌগিক প্ৰকৃতিটো বুজাৰ বাবে পৰিয়ালসমূহ অসমৰ্থ হৈ পৰিছে আৰু তাৰ ফলতেই উদ্ভৱ হৈছে অধিক জটিলতা। যদি এই জটিলতাৰ বিষয়ে প্ৰত্যেকজন ব্যক্তিয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰে তেতিয়াহে সমাজৰ বিকাশ সম্ভৱপৰ হ’ব। এই অধ্যয়ন অকল পৰিয়ালৰ দৰে সাধাৰণ অনুষ্ঠানে সমাপ্ত কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰয়োজন হ’ব বিদ্যালয়ৰ দৰে বহল অনুষ্ঠানসমূহৰ। আধুনিক সমাজৰ সামাজিক জীৱন ধাৰণৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক নৈতিকতাৰ মানদণ্ডৰো পৰিৱৰ্তন সাধন হৈছে। বৰ্তমান সময়ত সামাজিক নৈতিকতাৰ বিকাশ লাভ হৈছে স্বাধীনভাৱে। সমাজত বাস কৰিলে সামাজিক নৈতিকতাবোধ আহৰণ কৰিব লাগিব। কাৰণ অকল পৰিয়ালে এই নৈতিকতাবোধৰ ধাৰণা বা মনোভাৱ সম্পূৰ্ণ কৰিব নোৱাৰে।

সামাজিক অনুষ্ঠান হিচাপে পৰিয়ালঃ

পৰিয়াল হ’ল এক সামাজিক অনুষ্ঠান। পৰিয়ালসমূহে পুৰুষ আৰু মহিলাৰ মাজত নিবিড় সম্বন্ধ নিৰ্ণয় কৰে। এজন পুৰুষ, এগৰাকী নাৰী অথবা কেইবাগৰাকীও নাৰী আৰু এজন পুৰুষক লৈয়ে হয় পৰিয়ালৰ সৃষ্টি। তেজৰ সম্বন্ধৰ ধাৰণাক পৰিয়ালে অধিক গুৰুত্ব দিয়ে। পৰিয়ালসমূহৰ আচৰণ নিয়ন্ত্ৰিত হয় প্ৰত্যেকজন সদস্য গুৰুত্বপূৰ্ণ ভূমিকাৰ মাধ্যমত। সামাজিক অনুষ্ঠান হিচাপে পৰিয়ালে সামাজিকৰণৰ কামসমূহ সম্পাদন কৰে। পৰিয়ালে শিশুসকলক দলীয় আচৰণ শিকায় আৰু সামাজিকৰণৰ প্ৰতি অগ্ৰসৰিত কৰে। সামাজিক জীৱন ধাৰণৰ সকলো শিক্ষা পৰিয়ালে শিশুক দিবলৈ সক্ষম হয়। তেওঁলোকে তেওঁলোকৰ নিজৰ ভূমিকা জনাৰ উপৰিও আনৰ ভূমিকা জানিবলৈ চেষ্টা কৰে। তেতিয়াই সামাজিকৰণ প্ৰতিষ্ঠা হয়।

পৰিয়ালৰ ধাৰণাই সদায় নতুন নতুন ৰূপ ল’বলৈ ধৰিছে। অতীতৰ যৌথ পৰিয়াল ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল। লগে লগে সৃষ্টি হ’ল সৰু সৰু পৰিয়াল। সৰু সৰু পৰিয়ালসমূহতো সমস্যাই দেখা দিলে। তাৰ পৰিৱৰ্তন সাধন হ’ল আধুনিক সমাজত। অত্যাধুনিক সমাজত আকৌ উদ্ভৱ হ’ল পাৰমাণৱিক পৰিয়ালৰ। বৰ্তমান সমাজত দুবিধ পৰিয়াল দেখা যায়, এবিধ হ’ল ‘বৰ্ধিত পৰিয়াল’ আৰু আনবিধ হ’ল ‘পাৰমাণৱিক পৰিয়াল’। বৰ্ধিত পৰিয়ালত থাকে তিনিটা বা চাৰিটা বংশ আৰু আনহাতে পাৰমাণৱিক পৰিয়ালত থাকে মাক-বাপেক আৰু এটা বা দুটা ল’ৰা-ছোৱালী। সমাজবিজ্ঞানীসকলে পাৰমাণৱিক পৰিয়ালক ভৌগোলিক আৰু সামাজিকভাৱে গতিশীল পৰিয়াল বুলি আখ্যা দিছে।

সমাজ সদায় পৰিয়ালসমূহৰ ওপৰত নিৰ্ভৰশীল। পৰিয়ালসমূহে সদায় ব্যক্তিসকলক সামাজিকৰণ কৰিবলৈ চেষ্টা কৰে। পৰিয়ালসমূহে সামাজিক পৰম্পৰা কঢ়িয়াই আনি ব্যক্তিৰ ওপৰত তাৰ প্ৰভাৱ পেলায়। পৰিয়ালৰ মাধ্যমত সামাজিক নিয়ন্ত্ৰণ হয়। পৰিয়ালৰ মাজতে শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শিশুসকলে আগ্ৰহ, অনুভূতি সকলো বিকশিত কৰিবলৈ সক্ষম হয় পৰিয়ালৰ জৰিয়তে। পৰিয়ালসমূহে শিশুক মুক্তপ্ৰকাশ কৰাত, প্ৰয়োজনসমূহ পূৰণ আৰু প্ৰৱণতা আদি দিশবোৰ পূৰ্ণ কৰাত সুবিধা প্ৰদান কৰিব লাগিব। জীৱনৰ প্ৰকৃত ঘটনাসমূহৰ প্ৰতি সজাগতা সদায় পৰিয়ালসমূহেই জগাই তুলিব লাগিব। ঘৰুৱা কৰ্মৰাজিৰ লগত সামঞ্জস্য ৰাখি বিকাশ লাভ কৰা পদ্ধতিৰে জ্ঞান দিব লাগিব। প্ৰত্যেক ব্যক্তিৰে নিজস্ব ধৰ্ম আছে। ধৰ্মীয় শিক্ষা মানুহৰ মনত পৱিত্ৰতা অনাৰ বাবে আৱশ্যক। শিশুকালৰ পৰা পৰিয়ালসমূহে ধৰ্মৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা উচিত। শিশুৰ চৰিত্ৰ গঠন হয় পৰিয়ালৰ মাধ্যমত। সেয়েহে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই গুৰুত্ব দিব লাগিব শিশুৰ সু-চৰিত্ৰ গঠনৰ ওপৰত। আনহাতে বৌদ্ধিক বিকাশৰ স্থান হিচাপে শিশুৰ জীৱনত পৰিয়ালে ভূমিকা গ্ৰহণ কৰে, সেয়েহে পৰিয়ালসমূহে শিশুৰ বৌদ্ধিক তথা শৈক্ষিক বিকাশত গুৰুত্ব দিব লাগিব।

বিদ্যালয়ৰ ভূমিকাঃ

 

সামাজিকৰণৰ অন্য এটা গুৰুত্বপূৰ্ণ মাধ্যম হ’ল বিদ্যালয়। শিশুৰ সামাজিকৰণৰ ক্ষেত্ৰত পৰিয়ালৰ পিছতেই শিক্ষানুষ্ঠানৰ কথা উল্লেখ কৰিব পাৰি। পৰিয়ালত সাধাৰণভাৱে সকলো কথাৰে কিছু আভাস পালেও শিক্ষানুষ্ঠানত পৰিপাটিকৈ শিকাৰ সুযোগ পায়। প্ৰকৃতিৰ নিয়ম অনুসৰি মানুহ সামাজিক জীৱ হিচাপে পৰিগণিত হৈছে আৰু সেইবাবে মানুহে সমাজ সৃষ্টি কৰিছে আৰু সেই সমাজতে শিক্ষানুষ্ঠানৰ সৃষ্টি হৈছে। শিক্ষানুষ্ঠানসমূহৰ যোগেদি শিশুক সামাজিক ব্যক্তি হিচাপে গঢ় দিবলৈ যত্ন কৰা হয়। বিদ্যালয় তথা শিক্ষানুষ্ঠানৰ জৰিয়তে জাতীয় সংহতি আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ শিশুক উদ্গনি দিয়া হয়। শিক্ষানুষ্ঠান আৰু সমাজখনৰ মাজেদিহে শিশুৱে নানা ধৰণৰ জ্ঞান আৰু অভিজ্ঞতা লাভ কৰি বাহিৰৰ বহল সমাজখনলৈ আগবাঢ়ি যাব পাৰে।

অতীতৰ সমাজ ব্যৱস্থাত বিশেষ উদ্দেশ্য আগত ৰাখি পুথিৰ সহায়ত অথবা বিষয়বস্তুৰ সহায়েৰে জ্ঞান আহৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক বিশেষ অনুষ্ঠানলৈ পঠোৱা হৈছিল। সেই অনুষ্ঠানসমূহকে   বিদ্যালয় বুলি আখ্যা দিয়া হৈছিল। বৰ্তমান সময়ত সমাজত বিদ্যালয় বহল অৰ্থত ব্যৱহাৰ কৰা হয়। বিখ্যাত দাৰ্শনিক তথা শিক্ষাবিদ জন ডিউইয়ে কৈছে, বিদ্যালয় এখন বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান। ইয়াত শিশুসকলে সমাজৰ এজন সদস্য হৈ জীৱন নিৰ্বাহ কৰি অভিজ্ঞতা সঞ্চয় কৰে। পৰিৱেশত থকা বিভিন্ন ধৰণৰ সমৃদ্ধ অৱস্থাৰ পৰা শিক্ষাৰ্থীয়ে অভিজ্ঞতা সঞ্চয়, পুনৰ সংগঠন আৰু সমৃদ্ধ কৰাৰ সুবিধা পায়।

শিক্ষানুষ্ঠানসমূহৰ কেইবাটিও উদ্দেশ্য থাকে। সেই উদ্দেশ্যবোৰ কাৰ্যত পৰিণত কৰাৰ বাবে সকলোৱে প্ৰচেষ্টা চলালে উদ্দেশ্যবোৰৰ সফল প্ৰয়োগ হোৱাৰ সম্ভাৱনা দেখা যায়।

প্ৰথমতে, বিদ্যালয়সমূহৰ এটা প্ৰধান উদ্দেশ্য হ’ল বিভিন্ন বিষয়ত সঞ্চিত সংস্কৃতি আৰু জ্ঞান নবীন পুৰুষসকললৈ প্ৰেৰণ কৰি সমাজৰ সংৰক্ষণ কৰা।

দ্বিতীয়তে, শিক্ষানুষ্ঠানসমূহে ব্যক্তি আৰু সমাজৰ উন্নতিৰ বাবে সঞ্চিত জ্ঞান আৰু সংস্কৃতিৰো উন্নতি সাধন কৰিব লাগে। নতুন সত্যৰ অনুসন্ধান, নতুন তত্ত্ব আৰু নতুন বস্তু আৱিষ্কাৰৰ বাবে ব্যক্তিৰ সৃজনী শক্তিৰ বিকাশৰ সুবিধা দিব লাগে।

তৃতীয়তে, ভৱিষ্যৎ সমাজৰ উন্নতি সাধন কৰিবলৈ বৰ্তমানৰ শিক্ষাৰ্থীসকলক দুৰ্নীতি আৰু কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু অজ্ঞতাৰ বিৰুদ্ধে যুঁজিবলৈ শিক্ষাদান কৰিবলগীয়া হয়।

চতুৰ্থতে, শিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষ সাধনতকৈ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ ওপৰত প্ৰাধান্য দিব লাগিব।

পঞ্চমতে, শিক্ষানুষ্ঠানৰ মাধ্যমত গণতান্ত্ৰিক পদ্ধতিত জীৱন নিৰ্বাহৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।

ষষ্ঠতে, শিক্ষানুষ্ঠানৰ মাধ্যমত ব্যক্তিৰ বিভিন্নতা স্বীকাৰ কৰি প্ৰত্যেক ব্যক্তিৰ শক্তি, আগ্ৰহ আৰু সামৰ্থৰ প্ৰচ্ছন্নতা বিকাশৰ ব্যৱস্থা কৰা প্ৰয়োজন।

সপ্তমতে, বিদ্যালয়ত বৃত্তিশিক্ষাৰ সকলো ব্যৱস্থা থকাটো প্ৰয়োজন।

অষ্টমতে, কৰ্ম-অভিজ্ঞতাৰ মাধ্যমত কৰ্মৰ প্ৰতি স্পৃহা জগাই তুলিব লাগিব।

নৱমতে, শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে শাৰিৰীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

দশম তথা শেষত, বিদ্যালয়ৰ উদ্দেশ্য সাধন হ’ব উপযুক্ত মূল্যবোধ, মনোভাৱ, অভ্যাস আৰু ভাল আচৰণ গঠনৰ বাবে নৈতিক শিক্ষাদান কৰাৰ পিছতহে।

শিক্ষানুষ্ঠানৰ মাধ্যমত শিশুৱে ৰক্ষণাবেক্ষণ পাবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানলৈ আহি বন্ধু-বান্ধৱৰ লগত মিলা-প্ৰীতিৰ জৰিয়তে আচৰণ সংশোধন কৰিবলৈ বিচাৰে। ইয়াৰ মাধ্যমত তেওঁলোকৰ মনত সৌহাৰ্দতা গঢ়ি উঠে। সেই একেদৰে শিশুৱে বিদ্যালয়ৰ পৰিৱেশত হোৱা ভাৱেৰে প্ৰভাৱান্বিত হয়। তেওঁলোকে নিজকে নিজে আনৰ আচৰণ অনুকৰণ কৰি সংশোধিত কৰিবলৈ বিচাৰে আৰু সমাজৰ লগত তেওঁলোকে সংশোধিত আচৰণৰ মাধ্যমেৰে আত্মপ্ৰকাশিত হ’বলৈ সক্ষম হয়। সেইদৰে বিদ্যালয়ৰ উপৰিও তেওঁলোকে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহপাঠীসকলৰ লগত নিজস্ব ভাৱৰ আদান-প্ৰদান কৰি এটা সুস্থ পৰিৱেশৰ মাধ্যমেৰে বিকাশ লাভ কৰে। কলেজীয়া শিক্ষাৰ মাধ্যমেৰেও তেওঁলোকে সামাজিকৰণৰ পৰম্পৰা গ্ৰহণ কৰিবলৈ সক্ষম হয়।

সামাজিকৰণত আন আন অনুষ্ঠানৰ ভূমিকাঃ

শিশুৰ সামাজিকৰণত পৰিয়াল আৰু শিক্ষানুষ্ঠানৰ উপৰিও আন আন অনুষ্ঠানসমূহেও প্ৰভাৱান্বিত কৰে। পুৰুষ আৰু মহিলা প্ৰত্যেকে তেওঁলোকৰ জীৱনসংগীৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পৰে আৰু তেওঁলোকৰ ভৱিষ্যৎ সেই প্ৰভাৱৰ মাধ্যমতে আগুৱাই যায়। সেই পুৰুষ আৰু মহিলা অথবা স্বামী-স্ত্ৰীৰ বৈধ যৌন সংসৰ্গৰ ফলতে জন্ম হয় মানৱ শিশুৰ আৰু সেই মানৱ শিশুৱে সমাজৰ ৰীতি-নীতি, পৰম্পৰা আৰু পৰিৱেশৰ লগত ডাঙৰ-দীঘল হোৱাৰ বাবে মাক-দেউতাকৰ পৰা ৰক্ষণাবেক্ষণ পায়, লগতে সামাজিকৰণ প্ৰক্ৰিয়াত সোমাই পৰে। এই দায়িত্বসমূহে তেওঁলোকক যথেষ্ট শিকিবলৈ আগ্ৰহান্বিত কৰে।

অন্যান্য অনুষ্ঠানৰ দৰে ধৰ্মানুষ্ঠানৰো এক আৱশ্যকীয় সামাজিক দায়বদ্ধতা আছে। ঐশ্বৰিক শক্তিসম্পন্ন ভগৱানৰ প্ৰতি অটল বিশ্বাস জনোৱাৰ লগতে প্ৰত্যেক ধৰ্মই মানুহক সজ কাম আৰু সজ আচৰণ কৰিবলৈ উদ্গনি দিয়ে। এইবোৰৰ সহায়ত ব্যক্তিয়ে সৰুৰেপৰাই ভাল-বেয়া, পাপ-পুণ্য, উচিত-অনুচিত ইত্যাদি সম্বন্ধে জ্ঞান লাভ কৰিবলৈ সুযোগ পায়। ইয়াৰ দ্বাৰাই সমাজৰ সকলোৱে নিয়ম-শৃংখলাৰ মাজেৰে বসবাস কৰিবলৈ শিকে আৰু তেওঁলোকৰ মনত ধৰ্মীয় সহিষ্ণুতাৰ ভাৱ গঢ়ি তোলে।

সামাজিকৰণ প্ৰক্ৰিয়াত পুথিভঁৰালৰ ভূমিকা নুই কৰিব নোৱাৰি। সাধাৰণতে পুথিভঁৰালত নানা ধৰণৰ কিতাপ-পত্ৰ, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ শিশুসকলে সুবিধা পায়। শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয় জ্ঞান লাভ কৰিবলৈ সুবিধা পায় যদিও আচলতে এই জ্ঞানৰ সমৃদ্ধিৰ বাবে পুথিভঁৰালে বিশেষভাৱে সহায় কৰে। ইয়াৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰুচি-অভিৰুচিৰ বিষয়ে পৰস্পৰে আলোচনা কৰি ভাৱৰ আদান-প্ৰদান কৰি সংঘবদ্ধ হৈ পৰে। বাতৰি কাকত আৰু আলোচনীসমূহে দেশ-বিদেশৰ নান খবৰ দিয়াৰ উপৰিও সাংবাদিকতাৰ ভূমিকাৰ কথা প্ৰতিফলিত কৰিবলৈ সক্ষম হয়। সাংবাদিকতাক এক প্ৰয়োজনীয় বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

সংগ্ৰহালয়সমূহকো সামাজিকৰণৰ মাধ্যম হিচাপে ধৰি ল’ব পাৰি। সংগ্ৰহালয়সমূহত অতীতকালৰ বিভিন্ন সামগ্ৰী সংৰক্ষণ কৰা হয়। সাধাৰণতে যিবোৰ বস্তু এতিয়া পাবলৈ কঠিন হৈ পৰিছে তেনে বস্তু দৰ্শকৰ বাবে সজাই পৰাই ৰখা হয়। এনে আপুৰুগীয়া বস্তুবোৰে এখন সমাজৰ অতীত কালৰ ঐতিহ্য দাঙি ধৰাৰ লগতে সেই সমাজৰ ৰীতি-নীতি আদিৰ বিষয়েও সুস্পষ্ট ছবি দাঙি ধৰিব পাৰে। বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীয়েও এই অনুষ্ঠানৰ পৰা বহুতো সমল সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। বৰ্তমান সময়ৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ দৰকাৰী অংশ হিচাপে সংগ্ৰহালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিবলৈ ধৰিছে।

ব্যক্তিৰ সামাজিকৰণত ৰেডিঅ’, দূৰদৰ্শন আৰু কথাছবিয়েও বিশেষভাৱে সহায় কৰিব পাৰে। প্ৰত্যেক ব্যক্তিয়ে ৰেডিঅ’ আৰু দূৰদৰ্শনত প্ৰচাৰ হোৱা বিভিন্ন অনুষ্ঠানৰ যোগেদি বিভিন্ন শিক্ষা লাভ কৰিব পাৰে। ৰেডিঅ’ আৰু দূৰদৰ্শনৰ মাজেৰে গীত-মাত, নাটক আদি প্ৰচাৰ কৰাৰ উপৰিও পাঠদান কাৰ্যসূচী প্ৰচাৰ কৰা হয়। ইয়াৰ মাধ্যমত দেশ-বিদেশৰ বাতৰি প্ৰচাৰ কৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ কথিকা, আলোচনা আদিও প্ৰচাৰ কৰা হয়। দূৰদৰ্শন আৰু ৰেডিঅ’ৰ নিচিনাকৈ কথাছবিও ব্যক্তিৰ সামাজিকৰণত এক উৎকৃষ্ট আহিলা হিচাপে পৰিগণিত হৈ পৰিছে। কথাছবিৰ জৰিয়তে কোনো এটা বিষয়ৰ জ্ঞান যিমান সোনকালে আৰু যিমান পৰিপাটিকৈ দিব পৰা যায় একোৰে সেইটো কৰা সম্ভৱ নহয়। মুঠতে কথাছবিয়ে আমোদ-প্ৰমোদৰ সুবিধা দিয়াৰ লগতে লাগতিয়াল বিষয়ৰ জ্ঞান দিয়াতো সহায় কৰে।

সমগ্ৰ পৃথিৱীত সামাজিকৰণৰ মাধ্যম হিচাপে ‘স্কাউট আৰু গাইড’ নামৰ সংগঠন সৃষ্টি হৈছে। স্কুল-কলেজসমূহৰ ল’ৰা-ছোৱালীক স্কাউট আৰু গাইডৰ মাধ্যমেৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। যদিও এই স্কাউট আৰু গাইডসকলৰ মাজত প্ৰশিক্ষণৰ মাধ্যমেৰে নানান খেল-ধেমালিৰ ব্যৱস্থা কৰা হয়, আচলতে এইবোৰৰ পিছত এটা নিৰ্দিষ্ট উদ্দেশ্য নিহিত হৈ থাকে। অৰ্থাৎ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰত্যেকজন শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষতাৰ বাবে যিদৰে যতন লোৱা হয় ঠিক সেইদৰে ইয়াৰ যোগেদি প্ৰশিক্ষাৰ্থীসকলৰ মনত সামাজিক সেৱা আৰু চেতনাবোধ, মানৱসেৱা আৰু ব্যক্তিসেৱাৰ মনোভাৱ জগাই তুলিবলৈ যত্ন কৰা হয়। স্কাউট আৰু গাইড প্ৰশিক্ষণৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে দৈনন্দিন জীৱনৰ বাবে লাগতিয়াল বহুতো সজ গুণ, যেনে- পৰোপকাৰ, সমাজসেৱা, ন্যায়পৰায়ণতা, নিয়মানুৱৰ্তিতা, সামাজিকতাবোধ ইত্যাদি আহৰণ কৰি ভাল চৰিত্ৰ গঠন কৰিব পাৰে। এইবোৰ কাৰণতে সমগ্ৰ বিশ্বতে স্কাউট আৰু গাইডৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়।

সামাজিকৰণ প্ৰক্ৰিয়াৰ আন এটি উল্লেখ কৰিবলগীয়া মাধ্যম হ’ল চৰকাৰ। চাৰ্লচ ই স্কীনাৰ নামৰ চিন্তাবিদগৰাকীয়ে কৈছে যে ব্যক্তিৰ সামাজিকৰণৰ ক্ষেত্ৰত অন্যান্য মাধ্যমৰ লগত চৰকাৰকো এক সামাজিক অনুষ্ঠান হিচাপে ধৰিব পাৰি। কিয়নো, চৰকাৰ মানেই হ’ল সমাজৰ ন্যায় আৰু সুশাসন প্ৰতিষ্ঠা কৰাৰ বাবে গঢ়ি উঠা এক সামাজিক অনুষ্ঠান। এই অনুষ্ঠানে নিজ শাসন বা আইন-কানুনেৰে প্ৰত্যেক ব্যক্তিৰ কাম-কাজ, চলন-ফুৰন আদি নিয়ন্ত্ৰণ কৰে। অৱশ্যে বিভিন্ন ধৰণৰ চৰকাৰ গঠন হোৱা দেখা যায়। সংগঠিত চৰকাৰে কেতিয়াবা ব্যক্তি-স্বাধীনতাক সমৰ্থন কৰিব পাৰে নাইবা ইয়াক খৰ্ব কৰি নিজ শক্তিৰ প্ৰমাণ কৰিব পাৰে। যিয়েই নকৰক এইটো ঠিক যে এখন দেশৰ চৰকাৰী নীতি-নিয়ম আৰু শিক্ষা ব্যৱস্থাই ব্যক্তিৰ সামাজিকৰণত ভালেখিনি প্ৰভাৱ পেলায়। কাৰণ এখন দেশৰ শিক্ষা ব্যৱস্থা সেই দেশৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী গঠন কৰা হয় আৰু সেই শিক্ষা ব্যৱস্থাই উঠি অহা ছাত্ৰ-ছাত্ৰীবোৰৰ সামাজিকৰণত যথেষ্ট সহায় কৰে।

চমুকৈ ক’বলৈ গ’লে সামাজিকৰণ এনে এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ সহায়ত শিশুৱে জন্মৰ পৰা মৃত্যুলৈ নিজকে ব্যস্ত কৰি ৰাখে। এই সকলোখিনি দিশৰ মূল বস্তু হ’ল শিক্ষা। শিক্ষা অবিহনে সামাজিকৰণ ফলৱৰ্তী হোৱাটো অসম্ভৱ। আমি এইক্ষেত্ৰত এটি পৰীক্ষামূলক দিশ হিচাপে পাৰস্পৰিক ক্ৰিয়াৰ কথা উল্লেখ কৰিব পাৰো। সেই পাৰস্পৰিক ক্ৰিয়াসমূহ গঢ়ি উঠে খুব বেছিকৈ পৰিয়ালৰ সদস্যসকলৰ মাজত, স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত, ধৰ্মীয় গোটসমূহৰ সদস্যসকলৰ মাজত, সংঘ, সম্প্ৰদায় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ মাজত।

সামাজিক দল আৰু ইয়াৰ বিশেষত্বঃ

মানুহ এবিধ সামাজিক প্ৰাণী। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সমাজৰ পৰা সম্পূৰ্ণভাৱে পৃথক হৈ থকা ব্যক্তি এজনে আনুমানিকহে জীয়াই থাকিবলৈ সমৰ্থ হ’ব। মানুহ বা ব্যক্তিসকল সদায় তেওঁলোকৰ পৰিয়ালৰ আন আন সদস্যসকলৰ লগত মিলি-জুলি থাকি জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰে। ৰাতিপুৱাই কৰ্মৰ দায়িত্বত ব্যক্তিসকল যদিও কৰ্মক্ষেত্ৰলৈ ধাৱিত হয় কামৰ শেষত আকৌ আবেলি ঘৰলৈ উভতি আহে। সদস্যসকলৰ লগত আহাৰ-বিহাৰ কৰে আৰু সাধাৰণ আহাৰৰ সময়ত ইজনে সিজনৰ লগত দিনটোত হোৱা কৰ্মৰাজিৰ আলোচনা কৰে, লগতে ইজনৰ ভাব সিজনৰ লগত আদান-প্ৰদান হয়। সেই আদান-প্ৰদান এটা সময়ত দলীয়ভাৱেৰে পৰিপূৰ্ণ হৈ পৰে আৰু সংগঠিত মনোভাৱৰ সৃষ্টি কৰে।

সামাজিক দল গঠন সম্ভৱ হয় মানুহৰ দ্বাৰা। প্ৰাথমিক দিশত ইয়াক দল হিচাপে ধৰা হয়। আমি কিছুমান ঘৰৰ সমষ্টিক আৰু বননিৰ কিছুমান গছক আৰু বাছ আস্থানত ৰৈ থকা কিছুমান বাছক ‘দল’ বুলি কওঁ। কিন্তু মানৱ সমাজৰ ক্ষেত্ৰত ‘দল’ মানে হ’ল- “A collection of human beings who are brought into social relationships with one another.”

আমি ওপৰৰ আলোচনাৰ পৰা বুজিবলৈ সক্ষম হ’লো যে সামাজিক চিন্তাবিদসকলে বিভিন্ন ধৰণে অধ্যয়ন কৰি দল সম্বন্ধে তেওঁলোকৰ মতামত দাঙি ধৰিছে। তাৰ ভিতৰত বিশেষ উল্লেখযোগ্য কেইটিমান তলত উল্লেখ কৰা হ’ল।

‘উইলিয়ামচ্’ নামৰ চিন্তাবিদগৰাকীয়ে কৈছে, “A social group is a given aggregate of people, playing interrelated roles and recognised by themselves or others as a unit of interaction.”

‘হাৰটন’ আৰু ‘হাণ্ট’ নামৰ চিন্তাবিদ দুগৰাকীয়ে কৈছে, “Groups are aggregate or categories of people who have a consciousness of membership and of interaction.”

সেইদৰে ‘বেনেট’ আৰু ‘তামিন’ নামৰ চিন্তাবিদ দুগৰাকীৰ মতে, “A group is a number of people in definable and persisting interaction directed towards common goals and using agreed upon means.”

‘গ্ৰীণ’ আৰু ‘আৰ্নোল্ডৰ’ মতে, “A group is an aggregate of individuals which persists in time, which has one or more interest and activities in common and which is organised.”

আনহাতে ‘মাইকেল এচ্ ওমেচটেদে’ কৈছে, “A group may be defined as a plurality of individual, who are in contact with one another, who take one another into account and who are aware of some significant commonality.”

অন্য দুগৰাকী বিখ্যাত মনোবিজ্ঞানী ‘মেৰিল’ আৰু ‘এলড্ৰেজ’ৰ মন্তব্য মতে, “A social group may be defined as two or more persons who are in communication over an appreciable period of time and who act in accordance with a common function or purpose.”

সদৌশেষত আমি এইক্ষেত্ৰত টাৰনাৰ আৰু কিলানৰ অভিমত উল্লেখ কৰিব পাৰো। তেওঁলোকে কৈছে, “A group always consists of people who are in interaction and whose interaction affected by some sense that they constitute a unit.”

দলৰ বিশেষত্ব আৰু সম্বন্ধঃ

 

আমি ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহৰ পৰা সহজে বুজিব পাৰো যে সামাজিক দলসমূহৰ বিশেষত্ব নুই কৰিব নোৱাৰি। বিশেষত্বসমূহৰ ভিতৰত পাৰস্পৰিক সম্বন্ধটো অতি গুৰুত্বপূৰ্ণ। এটি মানুহৰ সংগঠন যদি তেওঁলোকৰ মাজত পৰস্পৰে সম্বন্ধিত হয়, তেতিয়াহ’লে তেওঁলোকক সামাজিক দল হিচাপে ধৰা হয়। পাৰস্পৰিক সম্বন্ধ শব্দ দুটাই দলসমূহৰ এটি আৱশ্যকীয় দিশৰ কথা সূচায়। দলসমূহৰ সদস্যসকলৰ মাজত ঐক্যবদ্ধতাৰ মনোভাৱ গঢ়ি উঠিব লাগিব। ঐক্যভাৱাপন্ন আৰু সহৃদয়তাৰ অনুভৱৰ মাধ্যমতহে গঢ়ি উঠিব সামাজিক ঐক্য। দলসমূহত ইজন সদস্যই সিজন সদস্যক সকলো ক্ষেত্ৰতে সহায় কৰে আৰু একতাৰ মাধ্যমেৰে তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে। লগতে অহংভাৱৰ পৰিৱৰ্তে সামূহিক স্বাৰ্থৰ ভাব সোমাই পৰে। দলসমূহৰ সদস্যসকলৰ ভাব আৰু আদৰ্শ এটা আৰু সেই একে ভাৱাপন্ন মনৰ মাধ্যমেৰে তেওঁলোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি যায় আৰু একেলগ হৈ দলৰ স্বাৰ্থ পূৰণত মনোনিৱেশ কৰে। এটা দলৰ সদস্যসকলে তেওঁলোকৰ আচৰণসমূহো একেধৰণে প্ৰকাশ কৰে আৰু প্ৰতিফলিত কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলতে তেওঁলোকে দলৰ স্বাৰ্থ পূৰণ কৰিব পাৰে। প্ৰত্যেকটো দলৰ নিজা নিজা নিয়ম-কানুন থাকে আৰু দলৰ সদস্যসমূহে সেই নিয়ম-কানুন পালন কৰিবলৈ ঐক্যবদ্ধ।

আমি ‘দল আৰু সমাজ’, ‘দল আৰু সংগঠন’ আৰু ‘দল আৰু সম্প্ৰদায়’ৰ মাজত থকা ব্যৱধানবোৰক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰো।

দল আৰু সমাজঃ

দল হ’ল কেইগৰাকীমান মানুহৰ সমষ্টি আৰু ই হঠাৎ সৃষ্টি কৰিব পৰা এটা বস্তু। ইয়াৰ সদস্যসকল স্বেচ্ছামূলক ব্যৱস্থাৰে নিযুক্ত হয়। দলবিলাক সদায় সংগঠিত। ইয়াৰ এটি বিশেষ লক্ষ্য থাকে। ই পৰস্পৰ সম্বন্ধিত আৰু লগতে অস্থায়ী ভাৱাপন্ন। আনহাতে সমাজ হ’ল সামাজিক সম্বন্ধৰে গঠিত প্ৰাকৃতিভাৱে সংগঠিত বা জন্মা। সদস্য ব্যৱস্থা বাধ্যতামূলক আৰু ই লোকসমাজৰ দ্বাৰাও গঠিত হ’ব পাৰে। ইয়াৰ লক্ষ্য সাধাৰণ। ইয়াৰ মাজত সমন্বয় ভাব আৰু বিবাদো থাকিব পাৰে। সমাজখনৰ স্থায়িত্ব আছে।

দল আৰু অনুষ্ঠানৰ মাজতো বিভিন্ন ধৰণৰ ব্যৱধান আছে। দলবিলাক মানুহৰ দ্বাৰাই গঠিত হয়। ইয়াৰ স্থায়িত্ব নাই। আনহাতে অনুষ্ঠানসমূহ লোক-পদ্ধতিৰ দ্বাৰা সংগঠিত। ইয়াৰ গঠন প্ৰক্ৰিয়া প্ৰাকৃতিক ধৰণৰ আৰু ই আধুনিক ভাৱাপন্ন।

দলবিলাকত স্বেচ্ছামূলকভাৱে সদস্যসকলে নামভৰ্তি কৰে আৰু ই অস্থায়ীভাৱে সংগঠিত। ইয়াৰ নিৰ্দিষ্ট লক্ষ্য থাকে আৰু দল হ’ল সমাজৰ অংশ। আনহাতে লোকসমাজ হ’ল প্ৰাকৃতিকভাৱে গঠিত আৰু ই সম্পূৰ্ণভাৱে সামাজিক জীৱনৰ চক্ৰ সৃষ্টি কৰে। ইয়াৰ সদস্যভুক্তি বাধ্যতামূলক আৰু ইয়াৰ অৱস্থাৰ স্থায়িত্ব আছে। লোকসমাজৰ সম্পূৰ্ণতা আছে।

দলবিলাকৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখিলে দেখিবলৈ পোৱা যায় যে দলবিলাক স্থিতিশীল নহয়, গতিশীল। ই সময়ে সময়ে ইয়াৰ মোট সলায়। কেতিয়াবা হঠাতে ইয়াৰ পৰিৱৰ্তন সাধন হয় আৰু কেতিয়াবা এই পৰিৱৰ্তন লাহে লাহে হোৱা দেখিবলৈ পোৱা যায়। দলবিলাকে এটা কামৰ পিছত আন এটা কাম সম্পাদন কৰি যায় আৰু বাৰ্ষিক সভা পতা সময়লৈকেহে ইয়াৰ গুৰুত্ব থাকে। দলবিলাক সংগঠিত হৈ থাকিলে বৰ্তি থকাৰ সম্ভাৱনা দেখা যায় আৰু অসংগঠিত হ’লে ইয়াৰ মৃত্যু হোৱাটো স্বাভাৱিক।

সামাজিক আৰু সম্ভাৱনাসূচক দলঃ

দলবিলাকৰ মাজত থকা ব্যৱধান এটি লক্ষ্য কৰিবলগীয়া বস্তু। জৈৱিকভাৱে মানুবোৰে কিছুমান অংগ লাভ কৰিছে আৰু সেই অংগ লাভ কৰাৰ পিছত একে অংগ থকা মানুহৰ মাজত ব্যৱধান থাকে। ব্যক্তিগত বৈষম্যই এই ব্যৱধানসমূহ পৰিলক্ষিত কৰোৱায়। মানুহৰ আচৰণৰ মাজতো বিভিন্নতা থকাৰ লগতে বৈশিষ্ট্য কেতবোৰ পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহে মানুহবিলাকৰ মাজত থকা পৰস্পৰ সম্বন্ধ নিৰ্ণয়ত সহায় কৰে। পিছৰ দলটোও মানুহৰ দ্বাৰাই গঠিত হয় যদিও ইয়াৰ উল্লেখযোগ্য গঠন প্ৰণালী নাই। সামাজিক দল হ’ল সংগঠিত দল। কিছুমান সদস্যই ইয়াৰ গুৰি ধৰে আৰু আনবোৰে তাক অনুসৰণ কৰে। সামাজিক দলসমূহৰ সদস্যবিলাকে দৈহিক আৰু সামাজিক স্পৰ্শৰ আৱশ্যক অনুভৱ নকৰে। কিন্তু প্ৰাথমিক দলৰ সদস্যৰ ক্ষেত্ৰত ই গভীৰভাৱে আৱশ্যকতাপূৰ্ণ। যদি দলটো সমাজত বৰ্তি থাকিব বিচাৰে তেতিয়াহ’লে প্ৰত্যেকজন সদস্যৰ ভূমিকা সমন্বয়পূৰ্ণ হ’ব লাগিব। এইক্ষেত্ৰত আমি ‘গিলিন’ এণ্ড ‘গিলিন’ নামৰ সমাজবিদ দুজনৰ মন্তব্যটো উল্লেখ কৰিব পাৰো- “A social group grows out of and requires a situation which permits meaningful inter-stimulation and meaning response between the individuals involved, common focussing of attention of common stimuli and, or interests and the development of certain common drives, motivations or emotions.”

এটা সম্ভাৱনাপূৰ্ণ দল বা কোজি দল সত্য দল হ’বও পাৰে যদি সেই দলটো সংগঠিত হয় আৰু সদস্যসকলৰ মাজত একতা গঢ়ি উঠে। ছাত্ৰসকলে সম্ভাৱনাপূৰ্ণ দল গঠন কৰে, যেতিয়ালৈকে তেওঁলোকৰ একতা গঠন নহয়। যেতিয়া তেওঁলোকৰ সংগঠনৰ ভাব উদয় হয় আৰু ঐক্যবদ্ধ হৈ পৰে তেতিয়াই তেওঁলোকৰ মাজত সৃষ্টি হয় সামাজিক দলৰ।

দলৰ শ্ৰেণীবিভাগঃ

সামাজিক চিন্তাবিদসকলে দলৰ শ্ৰেণীবিভাজন বিভিন্ন প্ৰকাৰে কৰিছে। তাৰ ভিতৰত আমি বিখ্যাত সমাজবিদ কুলেইৰ শ্ৰেণীবিভাজন উল্লেখ কৰিব পাৰো। তেওঁ দলক সাধাৰণতে প্ৰাথমিক দল আৰু মাধ্যমিক দল হিচাপে বিভাজন কৰিছে। তেওঁৰ প্ৰাথমিক দলৰ ধাৰণাটো সমাজবিদ চামনাৰৰ আভ্যন্তৰীণ দলৰ ধাৰণাটোৰ লগত একে।

প্ৰাথমিক দলঃ

সকলো সামাজিক সংগঠনৰ ভিতৰত প্ৰাথমিক দলটো এটা পাৰমাণৱিক দল। এইটো সৰু দল আৰু ইয়াৰ মাধ্যমত অলপ সংখ্যক সদস্যই তেওঁলোকৰ মনৰ ভাব আদান-প্ৰদান কৰে। তেওঁলোকে মুখামুখিকৈ সদায় লগে লগে ইজনে সিজনক সহায় কৰে, সাধাৰণ প্ৰশ্নসমূহ একগোট হৈ আলোচনা কৰে। ইজনে সিজনৰ চিন্তাত ভাৱাপন্ন হৈ বসবাস কৰে। প্ৰাথমিক দলৰ ধাৰণাটো চাৰ্লচ এইচ্ কুলেইয়ে প্ৰথমতে অৱতাৰণা কৰিছিল। তেওঁ মত প্ৰকাশ কৰিছে- “By primary group I mean those characterised by intimate face to face association and co-operation. They are primary in several senses, but chiefly in that they are fundamental in framing the social nature and ideal of the individual. The result of intimate association, psychologically is a certain fusion of individualities in a common whole, so that one’s very self, for many purposes, at least, is the common life and purposes of the group. Perhaps the simplest way of describing the wholeness is by saying that it is a “We, it involves sort of sympathy and mutual identification for which ‘We’ is the natural expression. One lives in the feeling of the whole and finds the chief aim of his will in that feeling.”

প্ৰকৃতপক্ষে এইটো ধৰি ল’ব নোৱাৰি যে প্ৰাথমিক একতা মাত্ৰ এটাই যিটো সমন্বয় আৰু ভালপোৱা ভাৱধাৰাৰ মাধ্যমত আহে। এই ধাৰণাটোৰ বিভিন্নতা আছে আৰু সাধাৰণতে ই প্ৰতিযোগিতামূলক একতাৰ দিশত উদ্ভৱ হয়। ইয়াৰ মাধ্যমত দৃঢ় সংকল্প হৈ নিজস্ব ধাৰণাক উপস্থাপন কৰাৰ প্ৰচেষ্টা কৰা হয় আৰু ভাৱাবেগৰ উপযোগীকৰণৰ প্ৰচেষ্টা থাকে। এই ভাৱাবেগবোৰ সামাজিকৰণ হয় সহানুভূতিৰ সহায়ত আৰু সমূহীয়া উদ্যম আহি পৰে এটা নিৰ্দিষ্ট বিষয় হিচাপে। ব্যক্তিসকল লক্ষ্যভূত হৈ পৰে যদিও লক্ষ্যসমূহৰ মূল উদ্দেশ্য সুন্দৰ খেল আৰু সমূহীয়া সেৱাৰ মানদণ্ডৰ লগত নিহিত হৈ থাকে। সেয়ে ল’ৰাবোৰে এটা স্থানত সহপাঠীৰ লগত কাজিয়া কৰে অথচ শ্ৰেণী আৰু বিদ্যালয়ত স্থাপন হয় সংঘবদ্ধতাৰ যশ।

প্ৰাথমিক দলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ভূমিকাৰ দ্বাৰা ইয়াৰ সদস্যসকলৰ মাজত নিবিড় অনুসংগতা স্থাপন হয় আৰু সমন্বয় গঢ়ি উঠে। এইক্ষেত্ৰত আমি শিশুসকলৰ খেলৰ দল আৰু পৰিয়ালৰ কথা উল্লেখ কৰিব পাৰো। সমাজবিদ ‘কুলেই’য়ে তেওঁৰ সংজ্ঞাত প্ৰাথমিক দলৰ বিষয়ে নিশ্চিতভাৱে মত পোষণ কৰিছে যে সামাজিক দল হ’ব লাগিব মুখামুখি অনুসংগ, সহানুভূতি আৰু পাৰস্পৰিক চিন্তাকৰণ আৰু আমি আনুভূতিক ভাৱাপন্নৰে প্ৰভাৱিত। তেখেতে ওপৰৰ ধাৰণা কেইটাৰ দ্বাৰা প্ৰাথমিক দল আৰু মাধ্যমিক দলৰ মাজত থকা ব্যৱধান নিৰ্ণয় কৰিছে। আমি ভাৱাপন্ন নহ’লে দল এটা বৰ্তি থাকিব নোৱাৰে। সেয়েহে অকল আমি ভাৱাপন্নৰ দ্বাৰা প্ৰাথমিক আৰু মাধ্যমিক দলৰ ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰো।

প্ৰাথমিক দলৰ বৈশিষ্ট্যসমূহঃ

প্ৰাথমিক দলৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। তাৰ ভিতৰত মূল বৈশিষ্ট্য দুটা হ’ল সহৃদপূৰ্ণ অনুভূতি আৰু নিবিড় চিনাক্তকৰণ। এই গুণ দুটা প্ৰায়ভাগ দলতে থাকে যদিও কিছুমান স্থায়ী দলত বেছিকৈ পৰিলক্ষিত হয়। আমি প্ৰাথমিক দলৰ মাধ্যমত আমাৰ সদস্যসকলৰ লগত চিধাচিধি সমন্বয় গঢ়ি তোলো আৰু তেওঁলোকৰ লগত আমাৰ বন্ধুত্ব নিশ্চিতভাৱে ব্যক্তিগত। বন্ধুত্বপূৰ্ণ সহৃদয়তা গঢ়ি উঠে তলত উল্লেখ কৰা দিশসমূহৰ মাধ্যমত।

v  এইক্ষেত্ৰত শাৰীৰিক সম্বন্ধৰ সান্নিধ্যৰ কথা উল্লেখ কৰিব পাৰো। ইয়াৰ পৰা বুজা যায় মানুহৰ মাজত থকা সম্বন্ধ নিবিড় হোৱা দৰকাৰ। কাৰণ নিবিড় সম্পৰ্কই সহৃদয়তাৰ ভাব সৃষ্টি কৰে। ইজনে সিজনক চিনি পোৱা আৰু কথোপকথন প্ৰণালী, মতামত আৰু আদৰ্শ ইয়াৰ দ্বাৰা আদান-প্ৰদান কৰাত সহজ হৈ পৰে। প্ৰাথমিক দলৰ বিকাশত যদিও ই কিছুমান সুবিধা প্ৰদান কৰে কিন্তু প্ৰাথমিক দলৰ ব্যৱস্থাপনাৰ ই প্ৰয়োজনীয় বিশিষ্ট অংশ নহয়।

v  আমি এইক্ষেত্ৰত সৰু আকাৰৰ কথা উল্লেখ কৰিব পাৰো। বন্ধুত্ব বেছি সহৃদয়পূৰ্ণ আৰু ব্যক্তিগত হৈ উঠে সৰু দলবোৰৰ মাজত। সৰু দলবোৰৰ সদস্যসকলে ইজনৰ লগত সিজনে মিলিব পাৰে, ইজনৰ মনৰ কথা সিজনক ক’ব পাৰে। দলটোত বেছি সংখ্যক ব্যক্তি থাকিলে এইটো সম্ভৱ হৈ নুঠে।

v  আমি প্ৰাথমিক দলৰ স্থিৰতাৰ কথাত গুৰুত্ব দিব পাৰো। বন্ধুত্বৰ সহৃদয়তা উন্নত কৰিবলৈ হ’লে প্ৰাথমিক দলৰ কিছুক্ষেত্ৰত স্থিৰতা থাকিব লাগিব।

v  আমি প্ৰাথমিক দলৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত পশ্চাদভূমিৰ সাদৃশ্যতাৰ কথা উল্লেখ কৰিব পাৰো। প্ৰাথমিক দলৰ সদস্যসকলৰ মাজত অকল সহৃদয়তাৰ ভাব গঢ়ি উঠিলেই নহ’ব বা বন্ধুত্বৰ নিবিড়তা আহিলেও নহ’ব। সদস্যসকল সম্ভাৱ্যভাৱে সমানে অভিজ্ঞতাসম্পন্ন আৰু বুদ্ধিসম্পন্ন হ’ব লাগিব। এইক্ষেত্ৰত সমাজবিদ ‘মেকাইভাৰে’ কৈছে- “A level on which every group must dwell, and the person who is too far above or below, it disturbs the process of group participation.” প্ৰত্যেকজন সদস্যৰে কিবা দিবলৈ বা ল’বলৈ থাকিব লাগিব। ইয়াৰ দ্বাৰা নিজৰ প্ৰভাৱ আনৰ ওপৰত আৰু আনৰ প্ৰভাৱ নিজৰ ওপৰত পেলোৱা সম্ভৱপৰ হ’ব।

v  এইক্ষেত্ৰত আত্মস্বাৰ্থৰ কথা উল্লেখ কৰিব পাৰো। যদিও দলৰ সদস্যসকলে প্ৰথমতে নিজৰ স্বাৰ্থপূৰণ কৰাৰ বাবেই সদস্যভুক্ত হয় কিন্তু শেষত নিজৰ স্বাৰ্থ পৰিহাৰ কৰি সামূহিক স্বাৰ্থৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়ে। সমন্বয়ৰ মাজেৰে কাম কৰি যাবলৈ তেওঁলোক দৃঢ় সংকল্প হয়। সামূহিক স্বাৰ্থই তেওঁলোকৰ মন দমাই ৰাখে। যদি ব্যক্তিসকলে তেওঁলোকৰ নিজস্ব স্বাৰ্থ পূৰণৰ বাবে মিলিত হয় তেতিয়াহ’লে ই প্ৰাথমিক দল হিচাপে পৰিগণিত নহব। তেওঁলোকে প্ৰাথমিক দলৰ স্বাৰ্থৰক্ষা কৰি ল’লে সামূহিক বিষয়ৰ ওপৰত গুৰুত্ব দি সামূহিক সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিব। স্বাৰ্থৰ সামূহিক দিশটোৱে তেওঁলোকৰ মনত মানসিক আনন্দৰ উপলব্ধি কৰাব।

v  সদৌশেষত আমি ক’ব পাৰো যে প্ৰাথমিক দলৰ বৈশিষ্ট্য পুনৰুদ্ৰেক হয় আংশিক স্বাৰ্থৰ তীব্ৰতাৰ ভিত্তি কৰি। প্ৰাথমিক দলত সামূহিক স্বাৰ্থক আংশিকভাৱে ভগাই লোৱা হয় আৰু তাৰ দ্বাৰা নতুন বিশেষত্ব, নতুন মূল্যবোধ আৰু নতুন গুৰুত্ব আহৰণ কৰা হয়। প্ৰত্যেকজন সদস্যই সামূহিক স্বাৰ্থ পূৰণ কৰাৰ বাবে ভাগ ভাগ কৰি স্বাৰ্থ ভগাই লয় আৰু সামূহিক মনোভাৱ গঢ়ি তোলে। এজন ব্যক্তিৰ এটা প্ৰাথমিক দলত থকা ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই ভূমিকা কোনো আইনসংগত, অৰ্থনৈতিক অথবা কোনো উদ্যোগিক চকাৰ দাঁতৰ দৰে নহয়। তেওঁ সকলোবোৰৰে অংশ, কিন্তু ঘূৰাই-পকাই চালে এটাহে। তেওঁ সম্পূৰ্ণভাৱে এজন ব্যক্তিহে। মুখামুখিভাৱে সমন্বয়ৰ মাধ্যমেৰে সদস্যসকলৰ কৰ্মপ্ৰেৰণাৰ বিকাশ হয় আৰু সামূহিক স্বাৰ্থ পূৰণ হোৱাত সহায়ক হয়। প্ৰাথমিক দলে অকল সামূহিক স্বাৰ্থই পূৰণ নকৰে, তাতকৈ অলপ বেছিহে কৰিবলৈ সক্ষম হয়।

ব্যক্তি আৰু সমাজৰ বাবে প্ৰাথমিক দলৰ গুৰুত্বঃ

সমাজতাত্বিক ‘কুলেই’ তেওঁৰ অমূল্য গ্ৰন্থ ‘Society Organisation’-ত প্ৰাথমিক দলৰ গুৰুত্বৰ বিষয়ে বহুলভাৱে কৈছে। তেখেতে প্ৰাথমিক দল সন্দৰ্ভত ১৯০৯ চনতে সকলো প্ৰকাৰে বিশ্লেষণ কৰি ফঁহিয়াই দেখুৱাইছে। আনহাতে মেকাইভাৰ নামৰ সমাজবিদজনে তেওঁৰ গ্ৰন্থ ‘Society’-তো ইয়াৰ বিশদ বৰ্ণনা দাঙি ধৰিছে। তেওঁলোকে কৈছে মানুহে প্ৰাথমিক দল কিয় সৃষ্টি কৰে ? তেওঁলোকে দল গঠন নকৰাকৈ কিয় জীয়াই থাকিব নোখোজে ? ইয়াৰ এটাই মাত্ৰ সমাধান পোৱা যায়, সেইটো হ’ল মানুহে সংস্কৃতি শিকিবলৈ বিচাৰে, সংস্কৃতি ব্যৱহাৰ কৰিব খোজে আৰু লগতে সংস্কৃতিৰ পৰিৱৰ্তনো সাধন কৰিব বিচাৰে দলৰ মাধ্যমেৰে। দল হ’ল ব্যক্তি আৰু সমাজৰ বিকাশ লাভ কৰাৰ এটা উল্লেখযোগ্য উপাদান। দলসমূহ গঠন হয় কিছুমান বাহ্যিক সুবিধা লাভৰ উদ্দেশ্যে, যেনে- উচ্চ পৰ্যায়ৰ মজুৰী লাভৰ বাবে, উৎপাদন ক্ষমতা বঢ়োৱাৰ বাবে আৰু নৈতিক সেৱা আগবঢ়োৱাৰ বাবে। ইয়াৰ উপৰিও আন দুটা সুবিধাৰ বাবে দল গঠন হয়। সেই দুটা হ’ল স্বতঃস্ফূৰ্তভাৱে জীয়াই থকাৰ বাবে উদ্ভৱ হোৱা মানৱ প্ৰয়োজনৰ উপলব্ধি আৰু স্বাৰ্থপূৰণৰ বাবে প্ৰত্যেকজন ব্যক্তিক উদ্দীপিত কৰা। এটা প্ৰাথমিক দলত সদস্য মুক্তভাৱে ভৰ্তি হ’ব পাৰে। যেনে- পৰিয়ালৰ সদস্য, খেলাদলৰ সদস্য, বন্ধুদলৰ সদস্য, অধ্যয়ন দলৰ সদস্য অথবা জনজাতীয় পৰিষদৰ সদস্যভুক্তিৰ ক্ষেত্ৰত। এই সদস্যসকল অইন ঠাইৰ পৰা অহা গোটৰ প্ৰতিনিধি নহয়। তেওঁলোক অনৌপচাৰিক দলৰ অন্তৰ্ভুক্ত যিটো স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হৈছে। এই দলসমূহ স্বতঃস্ফূৰ্ত কাৰণ তেওঁলোকৰ ভিতৰত কোনো নিশ্চিত লক্ষ্য নাথাকে। প্ৰাথমিক দলে অকল স্বতঃস্ফূৰ্তভাৱে জীয়াই থকাৰ প্ৰয়োজনসমূহেই পূৰণ নকৰে, ই প্ৰত্যেকজন সদস্যৰ মনত উদ্দীপনা সৃষ্টি কৰি সামূহিক স্বাৰ্থপূৰণৰ বাবে উদ্বুদ্ধ কৰি তোলে। তেওঁলোকে ঐক্যবদ্ধ প্ৰক্ৰিয়াৰ মাধ্যমত আগবাঢ়ি যায়। মেকাইভাৰে তেওঁৰ ‘Society’ নামৰ গ্ৰন্থখনত কৈছে- “Through participation the interest gains a new objectivity. We see it through the eyes of others and thus it in some measure freed from irrelevance personal implications.” এটা বন্ধুত্বসূচক দলত আগ্ৰহৰ আংশিক অংশসমূহে কৰ্ম সম্পাদন কৰাত সহায় কৰে। অনুসংগৰ মাধ্যমত মানুহে উৎসাহ পায়েই থাকে আৰু সহৃদয়সূচক দৃষ্টিভংগী দেখুৱায়। সেই দৃষ্টিভংগী অথবা অনুভূতিসমূহে তেওঁক উদ্দীপনা যোগায়। অনুসংগত প্ৰত্যেকজন সদস্যি তেওঁলোকৰ নিজস্ব দৃষ্টিভংগীৰে অৱদান আগবঢ়ায় আৰু সেই অৱদানসমূহে আগ্ৰহৰ প্ৰকৃত চৰিত্ৰক বৃদ্ধি আৰু শক্তিশালী কৰি তোলে। তেওঁলোকৰ মাজত সমন্বয় গঢ়ি এটা কাম একেলগে কৰাৰ প্ৰেৰণা দিয়ে। এইক্ষেত্ৰত আমি মেকাইভাৰৰ আন এফাঁকি কথা উল্লেখ কৰিব পাৰো। তেওঁৰ মতে- “Direct co-operation is a characteristic of face to face groups as specialization is of the large scale association” আকৌ তেওঁ কৈছে- “The members of a primary group participate in the same process. The group is essentially a mode of sharing a common experience.”

প্ৰাথমিক দল যেনেকৈ ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ, তেনেদৰে সমাজৰ বাবেও অতি গুৰুত্বপূৰ্ণ। প্ৰাথমিক দলবিলাক হ’ল মানৱ প্ৰকৃতিৰ জন্মস্থান। প্ৰাথমিক দলে ব্যক্তিক সামাজিকৰণ কৰাত সহায় কৰি তেওঁলোকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আনে। তেওঁলোকৰ নিয়মানুযায়ী সদস্যসকলক কৰ্মৰ অনুপ্ৰেৰণা দিয়ে। সামাজিক সংগঠনৰ তেওঁলোক হ’ল পাৰমাণৱিক কোষ। প্ৰাথমিক দলৰ পৰাই ব্যক্তিসকলে মানুহৰ প্ৰতি থাকিবলগীয়া মূল মনোভাৱ আহৰণ কৰে। ইয়াৰ মাজেৰে ব্যক্তিসকলে মৰম-চেনেহ, সহানুভূতি, সমন্বয়মূলক সহায়, সহ্যগুণ, আত্মত্যাগ আদিৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। এইবোৰে সদস্যসকলৰ মাজত সংহতি স্থাপন কৰে। সদস্যসকলৰ মাজত অনৈক্য গঢ়ি উঠিলে সেই অনৈক্যি সামাজিক সংহতি বিনষ্ট কৰিব পাৰে।

প্ৰাথমিক দলবিলাকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে সকলো সদস্য আগ্ৰহান্বিত হৈ পৰে আৰু উদাহৰণস্বৰূপে আমি পৰিয়ালসমূহৰ মুৰব্বীজনৰ কথা উল্লেখ কৰিব পাৰো। মুৰব্বীজনে নিজৰ বিচাৰ-বুদ্ধিৰে সমাধানসূচক অৱস্থা এটাৰ সৃষ্টি কৰে। সেইদৰে দলটোৰ সভাপতি অথবা নায়কজনৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। সদস্যসকলৰ মাজত উদ্ভৱ হ’ব পৰা সকলো অৱস্থাকেই আপোচ বা মিত-মাত পদ্ধতিৰ সহায়ত মীমাংসা কৰিব পৰা যায়। কোনো এখন বিবাদ বহুদিন ধৰি চলি থাকিলে দুয়োটা পক্ষৰ সদস্যসকল অতীষ্ঠ হৈ পৰে আৰু শেষত আপোচ পদ্ধতি অৱলম্বন কৰিবলগীয়া হয়। ছাত্ৰ সংগঠনৰ মাজত পৰীক্ষা সম্বন্ধে উদ্ভৱ হোৱা অশান্তি অধ্যক্ষৰ প্ৰচেষ্টাত মিতমাত কৰা হয়। সেইদৰেই বিধান পৰিষদ, সংযুক্ত জাতীয় সুৰক্ষা পৰিষদ আদিত আপোচ বিধেকৰ সহায়ত সিদ্ধান্তলৈ আহিবলৈ চেষ্টা কৰা দেখা যায়। মীমাংসা ভোটাধিকাৰ পদ্ধতিটো কৰিব পাৰি। সদস্যসকলে সাব্যস্ত কৰা ভোট গণনা কৰা হয় আৰু যিপিনে অধিক ভোট পোৱা হয় সেইপিনেই সিদ্ধান্ত দিয়া হয়। দলৰ মাজত সৃষ্টি হোৱা অনৈক্য বিধিগত ক্ষমতা, আপোচ আৰু গণনাৰ মাধ্যমেদি কৰিলেও সংহতিয়েহে প্ৰকৃত সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। সেয়েহে সংহতিকেই সিদ্ধান্তৰ এটা বিশেষ প্ৰকাৰ বুলি ধৰিব পাৰি।

মাধ্যমিক দলঃ

আধুনিক সমাজৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য কৰিলে দেখা পোৱা যায় যে মাধ্যমিক দলৰ এটা বিশেষত্ব আছে। মাধ্যমিক দল হ’ল এটা ডাঙৰ সংগঠন যিটোত নগৰ, জাতি, ৰাষ্ট্ৰ, ৰাজনৈতিক দল, পৰিষদ, নিগম, শ্ৰমিক সংগঠন, আন্তৰ্জাতিক চুক্তি আদিত জড়িত হৈ পৰে। এই দলত মানুহৰ ইজনৰ লগত সিজনৰ মুখামুখি বা দেখাদেখি নহ’বও পাৰে। মানুহৰ যোগাযোগ ইয়াৰ মাধ্যমত সম্পূৰ্ণভাৱে নিৰ্ণয় কৰিব নোৱাৰি। ইয়াৰ পৰিসৰ বহুত বহল হোৱা হেতুকে চিধাচিধিভাৱে সদস্যসকলে ইজনে সিজনৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰে। সদস্যসকলে ইজনে সিজনৰ লগত সমন্বয় স্থাপন কৰিবলগীয়া হয় লিখনিৰ সহায়ত। বিভিন্ন সমাজবিদে মাধ্যমিক দলৰ বিষয়ে বিভিন্ন ধৰণে মত পোষণ কৰা দেখা যায়। তাৰ ভিতৰত কেইগৰাকীমানৰ মতামত নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

‘উইলিয়াম এফ অগবাৰ্ণৰ’ মতে, “The group which provides experience lacking in intimacy are called secondary group.”

ডেভিচ নামৰ সমাজবিজ্ঞানীজনে কৈছে, “Secondary groups can be roughly defined as the opposite of everything already said about primary group.”

সেইদৰে ‘পি. এইচ. লেনদিচ’ নামৰ সমাজবিজ্ঞানীজনে কৈছে, “Secondary groups are those that are relatively casual and impersonal in their relationship. Relationship in them are usually competitive rather than mutually helpful.”

আনহাতে সমাজবিজ্ঞানী ‘এইচ. টি. মজুমদাৰে’ কৈছে, “When face to face contact are not present in the relations of the members we have secondary group.”

ওপৰত উল্লেখিত সূত্ৰবিলাকৰ পৰা বুজা গ’ল যে মাধ্যমিক দলত সহৃদয়তা নাথাকে, ই প্ৰাথমিক দলৰ সম্পূৰ্ণ বিপৰীত, সদস্যসকলৰ মাজত প্ৰত্যক্ষ সম্বন্ধ নাথাকে আৰু মুখামুখি বা চিধাচিধিভাৱে সদস্যসকলৰ মাজত যোগসূত্ৰ গঢ়ি নুঠে।

মাধ্যমিক দলৰ বৈশিষ্ট্যসমূহঃ

প্ৰাথমিক দলৰ নিচিনাকৈ মাধ্যমিক দলৰো কেইটিমান বিশেষ বৈশিষ্ট্য আছে। সেয়া হ’ল-

v  বৈশিষ্ট্য হিচাপে ঔপচাৰিক আৰু অব্যক্তিক সম্বন্ধৰ কথা উল্লেখ কৰিব পাৰো। মাধ্যমিক দলৰ মাজত থকা সম্বন্ধ হ’ল ঔপচাৰিক আৰু অব্যক্তিৰ ধৰণৰ। সদস্যসকলে মুখামুখিভাৱে যোগাযোগ হ’ব নালাগে। ই সদস্যসকলৰ ওপৰত প্ৰাথমিক প্ৰভাৱো নেপেলায়। সদস্যই নিজা কৰ্তব্য পালন কৰে, নিৰ্দেশসমূহ কাৰ্যত পৰিণত কৰে, দিবলগীয়া মাচুলখিনি নিয়মমতে দিয়ে, ইজনে সিজনৰ লগত দেখাদেখি নহয়। সদস্যসকলৰ সম্বন্ধ আকস্মিক আৰু স্পৰ্শ আৰু বিদায় ধৰণৰ। যেনে আমি বেংকলৈ যাওঁ, বেংকৰ কৰ্মচাৰীক লগ ধৰো আমাৰ কামখিনি সম্পূৰ্ণ কৰো আৰু লগে লগে ঘূৰি আহোঁ। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ লগত আমাৰ কোনো সম্বন্ধ নাই। আমি সকলোবৰ বহল অৰ্থত মাধ্যমিক দলৰ সদস্য।

v  মাধ্যমিক দলৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ বহল পৰিসৰ। এই দলটো সমগ্ৰ বিশ্বজুৰি থাকিব পাৰে। যেনেকৈ ৰেডক্ৰচ চছাইটী, স্কাউট আৰু গাইডৰ দৰে সংগঠনবোৰ গোটেই বিশ্বজোৰা সংগঠন। ইয়াৰ সদস্য অগণন। পৃথিৱীৰ সকলো পিনে ইয়াৰ সদস্য সিঁচৰিত হৈ আছে।

v  মাধ্যমিক দলৰ আন এটি বৈশিষ্ট্য হ’ল ইয়াত সদস্যসকল মনোনয়ন কৰিব পাৰি। বেছিভাগ মাধ্যমিক দলৰে সদস্যভুক্তি বাধ্যতামূলক নহয়। আন্তৰ্জাতিক ৰটাৰী সংঘ, ৰেডক্ৰচ চ’ছাইটী আৰু স্কাউট আৰু গাইডৰ সদস্য হোৱাটো বিশেষ প্ৰয়োজন নহয়। কাৰোবাৰ ইচ্ছা হ’লে ইয়াৰ সদস্য হ’ব পাৰে, নহ’লে নহ’বও পাৰে।

v  মাধ্যমিক দলত সাধাৰণতে দুবিধ সদস্য থাকে। এবিধ হ’ল সক্ৰিয় সদস্য আৰু আনবিধ হ’ল নিষ্ক্ৰিয় সদস্য। যিহেতু মাধ্যমিক দলৰ পৰিসৰ বহুত বহল, ইয়াৰ এজন সদস্যই আন এজন সদস্যক কেতিয়াও লগ নাপাব পাৰে। তাৰ ফলত কিছুমান সদস্য হৈ পৰে সক্ৰিয় আৰু কিছুমান সদস্য হৈ পৰে নিষ্ক্ৰিয়। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সদস্য বহুত বেছি, বেছিভাগ সদস্যই দলৰ হৈ একো কামেই নকৰে। তেওঁলোকে বছৰেকীয়া মাচুলখিনি নিয়ম অনুযায়ী দি থাকে।

v  মাধ্যমিক দলৰ সদস্যসকলৰ সম্বন্ধ পৰোক্ষ। কেতিয়াবাহে সদস্যসকলৰ দেখাদেখি হয়। তেওঁলোক ৰাষ্ট্ৰখনৰ য’তে-ত’তে সিঁচৰিত হৈ থাকে। দেশজোৰা, ৰাষ্ট্ৰজোৰা অথবা বিশ্বজোৰা সংগঠন হ’লে সংগঠনৰ দীঘ আৰু প্ৰস্থ অনুযায়ী সদস্যসকল সিঁচৰিত হয়। উদাহৰণস্বৰূপে সদৌ অসম ছাত্ৰ সন্থা, আই এন টি ইউ চি, আন্তৰ্জাতিক শ্ৰমিক সংগঠন, ৰেডক্ৰচ চ’ছাইটী, আন্তৰ্জাতিক ৰটাৰী সংঘ, বিশ্ব স্কাইটচ্ আৰু গাইডচ্ সংগঠন ইত্যাদি।

v  মাধ্যমিক দলৰ আন এটা আৱশ্যকীয় বৈশিষ্ট্য হিচাপে ৰীতিসিদ্ধ নিয়ম-কানুনক ধৰিব পাৰো। এটা মাধ্যমিক দল ৰীতিসিদ্ধ নিয়ম-কানুনৰ মাধ্যমেৰে চলি থাকে। বিধিসংগত ক্ষমতাশালী এটা প্ৰাধিকাৰ গঠন কৰি দিয়া হয়। সেই প্ৰাধিকাৰে শ্ৰম বিভাজন কৰি দিয়ে। মাধ্যমিক দলবিলাকৰ ক্ষমতাশালী প্ৰাধিকাৰটোৱে খুব যত্ন সহকাৰে কাম কৰিবলগীয়া হয়। মাধ্যমিক দলৰ স্থায়িত্ব নিৰ্ভৰ কৰে সংগঠন প্ৰক্ৰিয়া তথা সদস্যসকলৰ সহযোগিতাৰ ওপৰত।

v  মাধ্যমিক দলৰ সদস্যসকলৰ স্থান তথা অৰ্হতা নিৰ্ভৰ কৰে সদস্যগৰাকীৰ ব্যক্তিগত ভূমিকাৰ ওপৰত। এটা বৃহৎ সংগঠনৰ সভাপতি অথবা অধ্যক্ষজনৰ অস্তিত্ব নিৰ্ভৰ কৰিব তেওঁ সংগঠনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে তাৰ ওপৰত। এইক্ষেত্ৰত তেওঁৰ ব্যক্তিগত গুণসমূহৰ বিশেষ প্ৰয়োজন নহয়।

v  সদৌশেষত আমি উল্লেখ কৰিব পাৰো ইয়াৰ লক্ষ্যকেন্দ্ৰিক বৈশিষ্ট্যটো। মাধ্যমিক দলৰ মূল লক্ষ্য হ’ল ইয়াৰ আৱশ্যকীয় কাৰ্যসমূহ সম্পাদন হ’ব লাগিব। এটা শ্ৰমিক সংগঠন গঠন কৰা হয় শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে আৰু ভাল কামৰ বাবে। এখন বিদ্যালয় খোলা হয় শিক্ষাৰ্থীসকলক শিক্ষা দিয়াৰ বাবে। মাধ্যমিক দলৰ সফলতা নিৰ্ভৰ কৰিব দলটোৰ ভূমিকা আৰু কৰ্মৰাজিৰ ওপৰত।

মাধ্যমিক দলৰ গুৰুত্বঃ

এখন ক্ষুদ্ৰ সমাজত তথা স্থানত প্ৰাথমিক দলৰ গুৰুত্ব বৰ বেছি। সেইদৰে আধুনিক সমাজৰ ভাৱধাৰাই মাধ্যমিক দলৰ মাজলৈ মানুহক সদায় ধাৱিত কৰিবলৈ ধৰিছে। বৰ্তমানৰ সৰু সৰু সম্প্ৰদায়সমূহ বৃহৎ সমাজ আৰু সম্প্ৰদায়লৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে। সৰু সৰু ক্ষুদ্ৰ উদ্যোগৰ ঠাইত সৃষ্টি হৈছে বৃহৎ বৃহৎ উদ্যোগ আৰু নিগমসমূহ। দুই-চাৰিটা মানুহক মকৰল কৰাৰ পৰিৱৰ্তে মকৰল হৈছে হেজাৰ হেজাৰ শ্ৰমিক কৰ্মচাৰী। গ্ৰাম্য অঞ্চলৰ পৰা মানুহ ধাৱিত হৈছে চহৰ অঞ্চললৈ। আধুনিক সমাজৰ পৰিৱৰ্তনশীল ভাৱধাৰাই প্ৰাথমিক দলৰ ভাৱধাৰাক আঁতৰাই পেলাইছে। মানুহে তেওঁলোকৰ প্ৰয়োজনৰ বাবে প্ৰাথমিক দলতকৈ মাধ্যমিক দলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। প্ৰাথমিক দলৰ পৰা এটা কাম আন এটা কামৰ দ্বাৰা উঠাই অনা হৈছে। আগতে মানৱ শিশুৰ জন্ম হৈছিল কুহুমীয়া গৰম ঘৰুৱা পৰিৱেশৰ মাজত। আজি মানৱ শিশুৰ জন্ম হ’বলৈ ধৰিছে চিকিৎসালয়ৰ নিশ্চুপ পৰিৱেশৰ মাজত। মানুহৰ যিবিলাক প্ৰয়োজন আগতে গ্ৰাম্যাঞ্চলত পূৰ্ণ হৈছিল সেই প্ৰয়োজনসমূহ আজি চহৰ অঞ্চলতহে পৰিপূৰ্ণ হয়। উদ্যোগীকৰণে শ্ৰমিকসকলক গাঁৱৰ অনুসংগৰ মাজৰ পৰাই চহৰলৈ প্ৰত্যাগমন কৰাইছে। পৰিয়ালসমূহতো ইয়াৰ প্ৰভাৱ নপৰা বুলি ক’ব নোৱাৰি। মহিলাসকলৰ কাৰ্যালয় আৰু উদ্যোগসমূহত হোৱা নিয়োগৰ প্ৰতিফলন পৰিয়ালত পৰিব ধৰিছে।

মাধ্যমিক দলৰ বিকাশ আৰু গঠন প্ৰক্ৰিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বহুতো উপকাৰো সাধন হৈছে। তাৰে নিম্নোক্ত কথাখিনি বিশেষভাৱে উল্লেখযোগ্য।

v  এটা মাধ্যমিক দলে শ্ৰমিক সদস্যসকলৰ মাজত শ্ৰমৰ সুবিভাজন কৰিব পাৰে। এইবিলাক নিয়মীয়া কৰাৰ বাবে কিছুমান ধৰাবন্ধা নিয়ম থাকে। ইয়াৰ প্ৰশাসন তথা সংগঠনৰ বাবে এটা বিধিসংগত ক্ষমতাসম্পন্ন গোট স্থাপন কৰা হয়। সেই গোটটোৰ ওপৰত ব্যৱস্থাপনা, সাংগঠনিক আৰু দায়িত্বশীল দিশবোৰ অৰ্পন কৰা হয়। মাধ্যমিক দলৰ সাংগঠনিক দিশটো যত্ন সহকাৰে চকু দিবলগীয়া হয় আৰু সকলো দিশ কাৰ্যকৰণৰ ক্ষেত্ৰত মনোযোগ সহকাৰে যত্ন ল’বলগীয়া হয়। লক্ষ্যহীন মাধ্যমিক সংগঠনসমূহে নিশ্চিত উদ্দেশ্য সফল কৰাত সমৰ্থৱান হ’ব নোৱাৰে। ভাৱপ্ৰৱণতা কৃতিত্ব লাভৰ পিছৰ পৰ্যায়।

v  মাধ্যমিক দলৰ মাধ্যমত সুবিধাৰ লানি সৃষ্টি হয়। ব্যক্তিসকলৰ বুদ্ধিৰ প্ৰখৰতা বৃদ্ধি কৰাত মাধ্যমিক দলসমূহে যথেষ্ট সহায় কৰে। আগতে মানুহে সুবিধা লাভ কৰিছিল খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও সৰু সৰু বেপাৰ-বাণিজ্যৰ দ্বাৰা। কিন্তু আধুনিক সমাজত হাজাৰ হাজাৰ বৃত্তিৰ ব্যৱস্থা আছে। মানুহে নিজৰ সামৰ্থ অনুযায়ী যিকোনো এটা নিৰ্বাচন কৰিব পাৰে। প্ৰখৰ বুদ্ধিৰ ব্যক্তিসকলে নিজৰ স্বকীয় গুণৰ বাবে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাই ডাঙৰ ডাঙৰ ব্যৱসায়, উদ্যোগ, অসামৰিক চাকৰি আৰু কাৰিকৰী বৃত্তি আদি লাভ কৰিবলৈ সক্ষম হয়।

v  মাধ্যমিক দলৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল ইয়াৰ সদস্যসকলৰ দৃষ্টিভংগী বহল। প্ৰাথমিক দল হ’ল এটা সম্পূৰ্ণ স্বাৰ্থপূৰ্ণ সৰু দল। ইয়াৰ পৰিসৰ অতি সৰু। ইয়াৰ এজন সদস্যই আনজন সদস্যৰ স্বাৰ্থ ৰক্ষা কৰে। পৰিয়ালটোৱে নিজৰ স্বাৰ্থকহে চকু দিয়ে। সদস্যসকলৰ দৃষ্টিভংগী অতি ঠেক গণ্ডীৰ কাৰণে কম সদস্যৰহে কথা তেওঁলোকে চিন্তা কৰে। মাধ্যমিক দলৰ সীমাৰেখা বহু বহল। এটা মাধ্যমিক দলে সদস্যভুক্তি যিকোনো স্থানতে কৰিব পাৰে আৰু ইয়াৰ পৰিসৰো বৃদ্ধি কৰিব পাৰে। যিহেতু ইয়াৰ সদস্যভুক্তিৰ কোনো বাধা নাই, তাৰবাবে সদস্যৰ সংখ্যাও বহু বেছি।

প্ৰাথমিক আৰু মাধ্যমিক দলৰ মাজত ব্যৱধানঃ

আধুনিক সমাজে মাধ্যমিক দলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায় যদিও প্ৰাথমিক দলত থকা প্ৰয়োজনীয়তাখিনি মাধ্যমিক দলত নাই। মাধ্যমিক দলবিলাকে মানুহক সাধাৰণতে তুষ্ট কৰিব নোৱাৰে। কিন্তু প্ৰাথমিক দলৰ দ্বাৰা মানুহ অথবা ব্যক্তি তুষ্ট হয়। প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা দলৰ মাজত যথেষ্ট ব্যৱধান দেখা যায়। তলত দিয়া ব্যৱধানখিনি লক্ষণীয়।

v  ইয়াৰ আকাৰৰ ব্যৱধান দেখা যায়। প্ৰাথমিক দল আকাৰত অথবা ক্ষেত্ৰত বৰ সৰু। ইয়াৰ সদস্যৰ সংখ্যাও বৰ কম আৰু সদস্যভুক্তি সীমিত প্ৰকৃতিৰ। ই সমগ্ৰ পৃথিৱীব্যাপী নাথাকে। যেনে- পৰিয়াল, খেলা-ধূলাৰ দল, অধ্যয়নৰ দল ইত্যাদি। সদস্যসকল এটা নিৰ্দিষ্ট স্থানৰ হব লাগিব। আনহাতে মাধ্যমিক দলৰ সদস্য সংখ্যা যথেষ্ট বেছি আৰু ইয়াৰ ক্ষেত্ৰ বহুত বহল। ইয়াৰ সদস্যসকল য’তে-ত’তে সিঁচৰিত হৈ থাকে। উদাহৰণস্বৰূপে বিভিন্ন নিগমসমূহ, ৰেডক্ৰচ চ’ছাইটী ইত্যাদি।

v  সমন্বয়ৰ প্ৰকাৰত ব্যৱধান দেখা যায়। এটা মাধ্যমিক দলৰ সদস্যসকলৰ মাজত গঢ়ি উঠা সমন্বয় পৰোক্ষ ধৰণৰ। মাধ্যমিক দল গঠন হয় পৰোক্ষ সম্বন্ধৰ মাধ্যমেৰে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে। সদস্যসকল সমন্বিত হৈ পৰে দলটোৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে। সদস্যসকল পৰস্পৰ বান্ধোনত নাথাকে। মাত্ৰ নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ সময়লৈকে সাঙোৰ খাই থাকে বা একতা গঢ়ি তোলে। তেওঁলোকৰ ইজনৰ বাবে সিজনে কাম নকৰে, মাত্ৰ কাম কৰি যায় সামূহিক উদ্দেশ্যৰ বাবে। সকলো সদস্যই একেলগে কাম নকৰে বা কৰিবলগীয়া নহয়। সমগ্ৰ দলটোৰ কামৰ বাবে এখন কাৰ্যকৰী সভা থাকে আৰু সেই সভাই সকলো সদস্যৰ বাবে কাম কৰি যায়। কিন্তু প্ৰাথমিক দলৰ সমন্বয় ইয়াৰ বিপৰীত। প্ৰাথমিক দলৰ সদস্যসকল এটা সমন্বয়ত জড়িত হৈ থাকে আৰু এওঁলোকৰ সম্বন্ধ প্ৰত্যক্ষভাৱে গঢ়ি উঠে। সকলো সদস্যই এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে আগুৱাই যায়। তেওঁলোকে একেলগে উঠা-বহা কৰে, আলোচনা কৰে, খেল খেলে আৰু সিন্ধান্তলৈ আহে।

v  ইয়াৰ পিছতে আমি প্ৰাথমিক আৰু মাধ্যমিক দলৰ গাঠনিক প্ৰক্ৰিয়াৰ ধৰণত ব্যৱধান দেখিবলৈ পাওঁ। প্ৰত্যেক মাধ্যমিক দলৰ এখন নিয়ম-কানুনৰ তালিকা থাকে। সেই নিয়ম-কানুনসমূহৰ মাধ্যমেৰে সদস্যসকল চলি থাকিবলগীয়া হয়। প্ৰশাসনীয় দিশৰ বাবে এটা সৰু গোট তৈয়াৰ কৰি দিয়া হয়। সেই গোটটোৱে শ্ৰম বিভাজন ৰীতি-নীতিৰ প্ৰয়োগ  আদি কৰে গোটেই দলটোৰ কল্যাণৰ বাবে। এটা কথাত ক’বলৈ গ’লে মাধ্যমিক দলৰ সংগঠনত যত্ন সহকাৰে চকু দিবলগীয়া হয়। প্ৰাথমিক দলৰ গাঠনি অনৌপচাৰিক ধৰণৰ। আমি আগতে উল্লেখ কৰিছো যে ইয়াৰ সদস্যসকল এটা প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে। দলৰ কামসমূহ সমাধান কৰাৰ বাবে স্বতঃস্ফূৰ্তভাৱে সকলো জড়িত হৈ পৰে। গঠন প্ৰক্ৰিয়া অতি সৰল, কোনো ধৰণৰ ঔপচাৰিক বিধিবদ্ধতা নাই।

v  আকৌ আমি দুয়োটা দলৰ মাজত থকা সম্বন্ধৰ কথা উল্লেখ কৰিব পাৰো। প্ৰাথমিক দলৰ সদস্যসকলৰ ইটোৰ লগত সিটোৰ গাঢ় সম্বন্ধ আছে। এই সম্বন্ধ প্ৰত্যক্ষভাৱে গঢ়ি উঠে, ই সহৃদয়তাপূৰ্ণ আৰু ব্যক্তিগত। তেওঁলোক ইজনে সিজনৰ লগত মুখামুখিভাৱে লগ হয় আৰু প্ৰত্যক্ষভাৱে তেওঁলোকৰ সম্বন্ধ বিকাশ সাধন কৰে। প্ৰাথমিক দলৰ সদস্যসকলৰ মাজত থকা সম্বন্ধই ব্যক্তিজনৰ সম্পূৰ্ণ ব্যক্তিত্ব বিকাশত প্ৰভাৱ পেলায়। তেওঁলোকৰ সম্বন্ধ আভ্যন্তৰীণ। আনহাতে এটা মাধ্যমিক দলৰ সদস্যসকলৰ মাজত গঢ়ি উঠা সম্বন্ধ পৰোক্ষ আৰু ঔপচাৰিক। সদস্যসকলৰ ইজনে সিজনৰ লগত দেখাদেখি নোহোৱাকৈ সম্বন্ধ গঢ় তোলে। মাধ্যমিক দলৰ সদস্যসকলৰ মাজত সম্বন্ধ স্পৰ্শ কৰা আৰু পাহৰি যোৱা ধৰণৰ।

কিছুমান সামাজিক চিন্তাবিদে ক’ব খোজে যে দলৰ শ্ৰেণীবিভাগ অকল প্ৰাথমিক আৰু মাধ্যমিকতে সীমাবদ্ধ নহয়। তেওঁলোকৰ মতে কোনো দলেই প্ৰাথমিক আৰু কোনো দলেই সম্পূৰ্ণ মাধ্যমিক নহয়। কোনো নিৰ্দিষ্ট চিন্তাকৰণ অবিহনে কোনো দল তিষ্ঠি থাকিব নোৱাৰে। প্ৰাথমিক আৰু মাধ্যমিক দলৰ মাজত থকা ব্যৱধান অকল আকাৰ, সমন্বয়, গঠন-প্ৰণালীতে সীমাবদ্ধ নহয় আৰু ইয়াৰ লগত সম্বন্ধও জড়িত। এটা পৰিয়াল প্ৰাথমিক দল কাৰণে ইয়াৰ সদস্যসকল ইজনৰ লগত সিজন সম্পূৰ্ণভাৱে জড়িত। এখন মাধ্যমিক দল হিচাপে ধৰি দেখা যায় যে সদস্যসকলৰ মাজত গাঢ় সম্বন্ধ নাই, ব্যক্তিগতভাৱে লগ হোৱা আৰু সৌহাৰ্দতা নাই।

সামাজিক বিশৃংখলতাঃ

মানৱ জীৱনটো এটা দীঘলীয়া সমযোজন অথবা পুনৰ সমযোজন প্ৰক্ৰিয়া মাথোন। সাধাৰণতে সংগঠন হ’ল কেইবাটিও অংশক নিৰ্দিষ্ট উদ্দেশ্য আৰু কামৰ বাবে একত্ৰিত কৰা মানৱ জীৱনটো হ’ল এটা অতি সুসংগঠিত অৱস্থা। বহুতো অংগ-প্ৰত্যংগ লগ লাগি সৃষ্টি হৈছে মানৱ জীৱন। এই মানৱ জীৱনটোক সুচাৰুৰূপে চলাই নিয়াৰ বাবে আছে বিভিন্ন ইন্দ্ৰিয়সমূহ। স্নায়ুতন্ত্ৰৰ লগতে অন্যান্য সাধকসমূহে মানৱ জীৱনক চলায়। মানুহে সমাজ পাতি সংগঠিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰে। সময়ে সময়ে সমাজৰ ৰীতি-নীতি, পৰম্পৰা সলনি হৈ গৈ থাকে। মানুহৰ সুবিধাৰ বাবে প্ৰাকৃতিক অৱস্থা অনুসৰি সকলো বস্তুকে সংগঠিত কৰি লৈছে। সেই সংগঠিত অৱস্থাৰ মাজতে নানা ধৰণৰ বিসংগতি মাজে মাজে উদ্ভৱ হয় আৰু সেই বিষয়ে অধ্যয়ন কৰে সমাজবিজ্ঞানে। মানৱ জীৱনটো যেনেকৈ নানা অংগ-প্ৰত্যংগৰ সমযোজন, ঠিক তেনেদৰে সমাজখনো নানা সামাজিক অংশৰ সমযোজন। সেই সমযোজনত ব্যতিক্ৰম হ’লেই সৃষ্টি হয় সামাজিক বিশৃংখলা।

সামাজিক বিশৃংখলতা এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াই সদায় সামাজিক সংগঠনক বিৰোধিতা কৰে। যেতিয়া সামাজিক গঠন প্ৰণালীৰ অংশসমূহে সুদক্ষভাৱে নিজৰ কাম সম্পূৰ্ণ নকৰে তেতিয়াই সমাজৰ ভাৰসাম্য নোহোৱা হৈ পৰে। সেই সময়তে সামাজিক মস্তিষ্কৰ স্বৰূপটো বাধাপ্ৰাপ্ত হয় আৰু সমাজখন বিকল হৈ পৰে। এই দিশত বিখ্যাত সমাজবিদ ‘এমিল ডাৰ্কহেইমে’  কৈছে যে সামাজিক বিশৃংখলতা হ’ল “A state or disequilibrium and a lack of social solidarity or consensus among the members of a society.”

আকৌ ‘ডব্লিউ আই থমাচ’ আৰু ‘এফ. জানিচকি’ৰ ভাষাত সামাজিক বিশৃংখলতা হ’ল “A decrease of the influence of existing rules of behaviour upon individuals members of the groups.”

আন এগৰাকী সমাজবিদ ‘মোৱেভাৰে’ কৈছে সামাজিক বিশৃংখলতা হ’ল “The process by which the relationship between members of a group are shaken.”

সেইদৰে ‘অগবাৰ্ণ’ আৰু ‘নিমকফ’ নামৰ চিন্তাবিদ দুগৰাকীয়ে অমূল্য গ্ৰন্থ ‘A Handbook of a Sociology’-ত কৈছে যে যেতিয়া সংস্কৃতিৰ বিভিন্ন অংশৰ মাজত থকা সমন্বয় বাধাপ্ৰাপ্ত হৈ পৰে তেতিয়াই সামাজিক বিশৃংখলতা আহি পৰে।

‘আৰ ই এল ফেৰিচ’ নামৰ চিন্তাবিদজনৰ মতে “Social disorganisation is a disturbance in the patterns and mechanisims of human relations.”

সমাজবিজ্ঞানী ‘ইলিয়ট’ আৰু ‘মেৰিল’ৰ ভাষাত “Social disorganisation is the process by which the relationship between members of the group are broken or dissolved.”

‘ষ্টুৱাৰ্ট এ কুইন’, ‘ওৱালটাৰ বি-বোডেনহাফাৰ’ আৰু ‘আৰনেষ্টবি হাৰপাৰ’ নামৰ সমাজবিদকেইগৰাকীয়ে তেওঁলোকৰ গ্ৰন্থ ‘Social Organisation and Disorganisation’-ত কৈছে “Just as social organisation provides the means by which a society maintains its unity and cohesion through effective control over its members and hence function, smoothly, social disorganisation causes a weakening of group, solidarity, loss of control over its members, and therefore conflict and disintegration.”

সামাজিক বিশৃংখলতা প্ৰকৃততে সদস্যসকলৰ বা ব্যক্তিসকলৰ মাজত উদ্ভৱ হোৱা অলাগতিয়াল দিশবোৰৰ ফলস্বৰূপে সৃষ্টি হয়। সামাজিক বিশৃংখলতা হ’ল এটা গভীৰ সামাজিক অপসমযোজন। সামাজিক বিশৃংখলতাৰ ফলত সমাজৰ সদস্যসকলৰ প্ৰয়োজনসমূহ পূৰণ নহয় আৰু তেওঁলোকৰ বিকাশত বাধা আহি পৰে। এখন সুসংগঠিত সমাজত সামাজিক সম্বন্ধৰ কিছুমান ধাৰণাকৃত যন্ত্ৰ থাকে। যেতিয়াই সেই সামাজিক সম্বন্ধৰ নিৰ্দেশনাসমূহ অমান্য কৰা হয় তেতিয়া সমাজত বিশৃংখলতা আহি পৰে। এখন সুসংগঠিত সমাজৰ অনুষ্ঠানসমূহৰ মাজত সমন্বয়পূৰ্ণ সমাযোজন থাকে আৰু সামাজিক কাৰ্যসমূহৰ মাজত ভাৰসাম্যতা থাকে। সেই ভাৰসাম্যতা আহি পৰে সামাজিক গঠন প্ৰণালীৰ উপাদানসমূহৰ পৰা। যেতিয়াই সমাজৰ বিভিন্ন দিশত সমাযোজন নোহোৱা হৈ পৰে, ভাৰসাম্য নাথাকে, সামাজিক অনুষ্ঠানসমূহে ব্যক্তিসকলৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে কাম নকৰা হয় তেতিয়া সামাজিক বিশৃংখলতাৰ উদ্ভৱ হয়। সামাজিক বিশৃংখলতাই ব্যক্তিসকলৰ মাজতো বিশৃংখলতা আনি দিয়ে আৰু ইজনৰ লগত সিজনৰ সদ্ভাৱ নোহোৱা হৈ পৰে। ‘কুইন’ আৰু ‘হাৰপাৰ’ নামৰ চিন্তাবিদ দুগৰাকীয়ে বিভিন্ন স্থানৰ সামাজিক বিশৃংখলতাক তুলনা কৰি মন্তব্য দিছে। তেওঁলোকৰ মতে “If social organisation means the development of relationship which persons and groups find mutually satisfactory means their replacement by relationship which bring disappointment, the warren wishes, irritation and unhappiness.”

সমাজলৈ সামাজিক বিশৃংখলতা আহি পৰে নানা ধৰণৰ আলৈ-আহুকালৰ ফলস্বৰূপে। নানা ধৰণৰ যুদ্ধ-বিগ্ৰহ, বানপানী, বহিঃশক্তিৰ আগমন, অনুপ্ৰেশকাৰীৰ প্ৰব্ৰজন আদিয়ে এক সুস্থ-সৱল সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও চহৰ অঞ্চলত সাধাৰণতে শ্ৰমিকৰ ধৰ্মঘটৰ ফলত হোৱা কৃত্ৰিম নাটনি, যান-বাহনৰ সংখ্যা বঢ়াৰ ফলত সৃষ্টি হোৱা পথৰ বিশৃংখলতা আদিয়েও বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে। সামাজিক বিশৃংখলতাৰ কাৰণসমূহ আমি উদাহৰণৰ মাধ্যমেৰে তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰো।

সামাজিক বিশৃংখলতাৰ কাৰণঃ

সামাজিক সংগঠনসমূহৰ বিশৃংখলতা সৃষ্টি হয় সামাজিক সমস্যাৰ মাধ্যমত। সামাজিক সমস্যাসমূহে আধুনিক সমাজত নানা ধৰণৰ বিশৃংখলতা উদ্ভৱ কৰাৰ লগতে ব্যক্তিসকলৰ মাজতো পৰস্পৰ বিৰোধ ভাৱৰ সৃষ্টি কৰে। সাধাৰণতে তলত উল্লেখ কৰা সমস্যাবোৰেই সামাজিক বিশৃংখলতাৰ কাৰণ বুলি ক’ব পাৰি। সেইবোৰ হ’ল-

দাৰিদ্ৰতাঃ

দাৰিদ্ৰতা এটা উল্লেখযোগ্য সামাজিক ব্যাধি। দাৰিদ্ৰতাই মানুহক নিৰ্মমভাৱে কঠোৰ দিশলৈ আগবঢ়াই নিয়ে। মানুহৰ প্ৰয়োজন অলেখ। সেই প্ৰয়োজনৰ ভিতৰত ক্ষুধা এটা বিশেষ প্ৰয়োজন। ক্ষুধা পূৰণৰ বাবে আৱশ্যক হয় বিভিন্ন খাদ্যৰ। খাদ্য-সামগ্ৰী যোগাৰ কৰিবলৈ হ’লে লাগিব অৰ্থ। অৰ্থ অবিহনে কোনো বস্তু যোগান ধৰিব নোৱাৰি। তেতিয়াই আহি পৰে দাৰিদ্ৰতা। জনসংখ্যাৰ বিস্ফোৰণ হোৱাৰ ফলত সমাজত খাদ্যৰ নাটনি হৈ পৰিছে। বিভিন্ন অৰ্থনৈতিক সূত্ৰৰ লগত ৰিজাই দেখা গ’ল যে অৰ্থনৈতিক সংকটে দাৰিদ্ৰতাৰ প্ৰকোপ দিনক দিনে বৃদ্ধিহে কৰিছে। সমাজ সচেতনতাৰ অভাৱ হোৱা হেতুকে জন্মৰ হাৰ দিনক দিনে বৃদ্ধি হৈছে। অশিক্ষিত তথা পিছপৰা শ্ৰেণীৰ মাজত জন্ম নিৰোধৰ কোনো ব্যৱস্থা নাই। জন্মটো ভগৱান প্ৰদত্ত বুলি ধৰিলোৱা দেখা যায়। বস্তুৰ উৎপাদন কম হোৱা হেতুকে বজাৰত দাম দিনক দিনে বাঢ়ি গৈছে। শ্ৰমবিমুখতাই অৰ্থনৈতিক ভাৰসাম্য নোহোৱা কৰি পেলাইছে আৰু দাৰিদ্ৰতাক আহ্বান কৰি অনা দেখা গৈছে।

নিষ্কৰ্মা বা বেকাৰ অৱস্থা বা নিবনুৱাঃ

বৰ্তমান আধুনিক সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হ’ল নিয়োগ সমস্যা। ই সামাজিক বিশৃংখলতাৰ মূল সাক্ষী। নিষ্কৰ্মা হৈ থকা বা টকা-পইছা নোহোৱা হৈ থকাটো এটা বিয়োগান্ত অৱস্থা। উন্নতশীল দেশবোৰত বিভিন্ন ধৰণৰ বৃহৎ বৃহৎ উদ্যোগ স্থাপন হৈছে যদিও জনসংখ্যা অনুপাতে চাকৰিৰ সংখ্যা কম। তাৰোপৰি জনসংখ্যা আৰু উদ্যোগবোৰৰ মাজত সাংগঠনিক সমযোজন আজিকোপতি গঢ়ি উঠা নাই। তাৰ ফলত নিয়োজিত ব্যক্তিসকলৰ মাজতে এটা বিশৃংখল অৱস্থা সদায় সৃষ্টি হৈয়েই থাকে। বৰ্তমান সমাজৰ ব্যৱসায় পদ্ধতিয়েও সৰু সৰু ব্যৱসায়ীবোৰক নিষ্কৰ্মা অৱস্থালৈ আগুৱাই নিছে। মানুহৰ ক্ৰয়-বিক্ৰয় শক্তিতকৈ উৎপাদন শক্তি বৃদ্ধি হৈ আছে আৰু তাৰ ফলতে বজাৰসমূহত দুৰৱস্থাৰ সৃষ্টি হৈছে। নিয়োগ সমস্যাই সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ বিসংহতিঃ

অতীতৰ মানুহৰ মাজত থকা সংস্কৃতি আছিল স্থায়ী বা অলৰ-অচৰ। পৰিয়ালসমূহৰ মাজত কোনো সংহতি নাছিল। এজন এলেহুৱা স্বামীয়ে ঘৰৰ সকলো সদস্যৰ বাবে খাদ্য আৰু লজ্জা নিবাৰণৰ বাবে কাপোৰ-কানিৰ যোগান ধৰিবলৈ অসমৰ্থ হয়। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম, চেনেহ, ভালপোৱা কমি যায় আৰু পৰিয়ালটো দুৰ্বল হৈ পৰি ভাঙোনমুখী হয়। এই সমস্যাটোৱে বিশৃংখলতাৰ দিশলৈ পৰিয়ালটোক আগুৱাই নিয়ে। পৰিয়ালৰ সদস্যসকলৰ মাজত সৃষ্টি হোৱা ভাঙোনমুখী ভাৱধাৰাই এটা সময়ত বিশৃংখলতাৰ কাৰণ হৈ পৰে। যান্ত্ৰিক যুগৰ আগৰ কৃষিপ্ৰধান পৰিয়াল এটাই সদস্যসকলৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিবলগীয়া হয়। তাৰ ভিতৰত শিক্ষা, ৰক্ষণা-বেক্ষণ, অৱসৰ বিনোদন, ধৰ্মীয়, বিশেষকৈ অৰ্থনৈতিক দিশৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া হৈছিল। সদস্যসকল একগোট হৈ সাঙোৰ খাই পৰিছিল। সেই সময়ত ত্যাগ, বিবাহ-বিচ্ছেদ আদিও খুব কমেই হৈছিল। কিন্তু বৰ্তমান সমাজত অৰ্থনৈতিক দিশ স্বাৱলম্বন কৰিবলৈ যাওঁতে পৰিয়ালবোৰৰ সদস্যসকলৰ মাজত বান্ধোন দুৰ্বল হৈ পৰে, শিশুসকলৰ শিক্ষাত ব্যাঘাত জন্মে আৰু সকলো দিশ বিশৃংখল হৈ পৰে। নতুন অৰ্থনৈতিক অৱস্থাই পৰিয়ালসমূহক পৰিৱৰ্তন কৰি পেলাইছে। পৰিয়ালৰ নীতি-নিয়ম, শিক্ষা, সামাজিক স্থান নিম্নস্তৰলৈ গতি কৰিছে আৰু সামাজিক অপসমযোজন সৃষ্টি কৰিছে।

অপৰাধঃ

সামাজিক বিশৃংখলতাৰ অন্য এটা মূল কাৰণ হ’ল অপৰাধ। অপৰাধসমূহে সামাজিক প্ৰক্ৰিয়াক বাধাপ্ৰাপ্ত কৰে। অপৰাধী ব্যক্তিৰ সংমিশ্ৰণে পৰিয়ালটো ধ্বংস কৰাৰ লগতে পৰিয়ালটো যিখন সমাজৰ লগত জড়িত সেইখন সমাজো বিশৃংখল কৰি তোলে। বিবাদমান সমাজৰ জীৱনধাৰাৰ প্ৰণালী বিষাক্ত হৈ পৰে। অপৰাধ আচলতে কোনো ব্যক্তিয়ে ভাল নাপায় আৰু অপৰাধী ব্যক্তিক সকলোৱে ঘৃণাৰ চকুৰে চায়। অতীতৰ সমাজ ব্যৱস্থাত ব্যক্তিয়ে ব্যক্তিৰ বাবে অপৰাধ কৰিছিল। সেই অপৰাধ সম্পত্তিক লৈ কৰা নাছিল আৰু কৰিছিল যদিও তেনেই নগণ্য আছিল। সেই দিশটোৱে আনকি সাংস্কৃতিক জীৱনতো চাপ পেলাইছিল। প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সমাযোজন সৃষ্টি হৈ পৰিৱৰ্তনীয় অৱস্থাত পৰিণত হৈছিল। আধুনিক সমাজত গ্ৰামাঞ্চলতকৈ চহৰ অঞ্চলতহে অপৰাধ আৰু অপৰাধীৰ সংখ্যা বেছি। আধুনিক সমাজৰ বিভিন্ন আৱিষ্কাৰৰ ফলত অপৰাধৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে। এইক্ষেত্ৰত সামাজিক নিয়ন্ত্ৰণৰ ভাৰসাম্য বিলুপ্ত হৈ পৰিছে। বৰ্তমান সময়ত বেছিভাগ অপৰাধ সৃষ্টি হয় সম্পত্তিক লৈ। ই আধুনিক সভ্যতাৰে ফলশ্ৰুতি বুলি ক’ব পাৰি।

শ্ৰমিক সমস্যা আৰু উদ্যোগীকৰণঃ

আধুনিক সমাজৰ শ্ৰমিক সমস্যাটো এটা অতি ডাঙৰ সমস্যা। শিল্প বিপ্লৱৰ পিছত বিভিন্ন স্থানত বৃহৎ বৃহৎ উদ্যোগসমূহ গঢ়ি উঠিছে। শ্ৰমিকক মকৰল কৰা হৈছে। শ্ৰমিকসকলৰ মাজত সংগঠন গঢ়ি উঠিছে সুবিধা আদায়ৰ বাবে। ইয়াৰ মূল কাৰণ হ’ল পৰিৱৰ্তনৰ অসমতা। শ্ৰমিক সংগঠন আৰু মালিকানা ব্যৱস্থাকৰণৰ মাজত বিবাদৰ সূত্ৰপাত হয়। তাৰ ফলত গঢ়ি উঠে ধৰ্মঘট, ঘেৰাও, কৰ্মবিৰতি আদিৰ দৰে কিছুমান বিসংগতিপূৰ্ণ অৱস্থা। চাৰি দশকমান আগত শ্ৰমিক সংগঠন খুব শক্তিশালী হৈ উঠা নাছিল। তেতিয়া উদ্যোগবোৰ শৃংখলাবদ্ধভাৱে উৎপাদনমুখী হৈ পৰিছিল। অপসমযোজন সাধাৰণতে শ্ৰমিকসকলৰ মাজতে দেখা যায়। শ্ৰমিকৰ এই অপসমযোজনে সামাজিক বিশৃংখলতাত অৰিহনা যোগায়।

গোষ্ঠী বিবাদ আৰু সামাজিক নীতি-নিয়ম ভংগঃ

সামাজিক বিশৃংখলতাত গোষ্ঠী বিবাদেও উদ্গনি দিয়ে। প্ৰত্যেক সমাজতে শ্ৰেণীবিভাজন আছে। সেই শ্ৰেণীবিভাজনৰ লগে লগে জাতিগত পাৰ্থক্যও আছে। জাতিগত পাৰ্থক্যই ব্যক্তি আৰু সমাজৰ মাজত এটা বিসদৃশ অৱস্থাৰ সৃষ্টি কৰে আৰু সিয়েই সামাজিক বিশৃংখলতাৰ কাৰণ হৈ উঠে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে সামাজিক সংকীৰ্ণতা নোহোৱা কৰিছে যদিও সমাজত জাত-পাতৰ বিচাৰ কৰা দেখা যায়। আধুনিক সমাজ ব্যৱস্থাত শিক্ষা এবিধ অত্যন্ত লাগতিয়াল বস্তু হিচাপে পৰিগণিত হৈছে। চহৰ তথা উন্নত অঞ্চলত আধুনিক বিদ্যালয় স্থাপন হৈছে, সেই বিদ্যালয়সমূহতো শিশুসকলৰ মনত সংকীৰ্ণ ভাৱৰ বীজ অভিভাৱকসকলে সুমুৱাই দিয়ে। সেই শিশুসকল সমাজলৈ ওলাই অহাৰ পিছত তাৰ প্ৰতিফলন হয়। গোষ্ঠীবিবাদ আৰু শ্ৰেণীবিভাজনেও সামাজিক বিশৃংখলতাত অৰিহণা যোগায়। সামাজিক নীতি-নিয়মসমূহ ভংগ হ’লে ব্যক্তিসকলৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে। ডব্লিউ আই থমাচ নামৰ চিন্তাবিদজনে কৈছে যে প্ৰত্যেক সমাজতে আইন-কানুন মানি নচলা ব্যক্তি থাকে। তেওঁলোকে সামাজিক অনুষ্ঠানসমূহত বিশৃংখলতাৰ সৃষ্টি কৰে। যদি এইটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা নহয় তেতিয়াহ’লে সেই অনুষ্ঠানখন মৃত্যুমুখত পৰিব। ‘ইলিয়ট’ আৰু ‘মেৰিলে’ কৈছে, “Without social values neither social organisation nor social disorganisation would exist.”

অন্যান্য কাৰণসমূহঃ

সামাজিক বিশৃংখলতা সম্পৰ্কে ওপৰত উল্লেখ কৰা কাৰণসমূহৰ উপৰিও আন আন বিভিন্ন কাৰণো দেখা যায়। তাৰ ভিতৰত আমি বিশেষকৈ যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্ঘটনা, শ্ৰমৰ বিভক্তকৰণ, পৰম্পৰাগতভাৱে আহৰণ কৰা সংস্কৃতি ইত্যাদি ধৰিব পাৰো।

যুদ্ধ-বিগ্ৰহ আদিয়ে সামাজিক বিশৃংখলতা আনি দিয়ে। যুদ্ধৰ ফলস্বৰূপে এখন দেশৰ অৰ্থনীতি বাধাপ্ৰাপ্ত হয় আৰু সমাজৰ আইন-কানুন দুৰ্বল হৈ পৰে। যুদ্ধই সামাজিক জীৱনলৈ অভাৱ-অনাটন আনে। যুদ্ধৰ ফলত খাদ্য মজুতকৰণ, ক’লা বেপাৰী আৰু কৃত্ৰিম অনাটন বেছি হৈ পৰে। যুদ্ধই যুৱকৰ সংখ্যা কমাই আনে আৰু বৈধব্যতা মাতি আনি যৌন অপৰাধ বৃদ্ধি কৰি তোলে। যুদ্ধই সামাজিক মূল্যবোধ বিনষ্ট কৰে।

প্ৰাকৃতিক দুৰ্ঘটনাও সামাজিক বিশৃংখলতাৰ কাৰণ। সময়ে সময়ে হৈ থকা বানপানী, ভূমিকম্প, মহামাৰী, আগ্নেয়গিৰিৰ উদ্গীৰণ, ধুমুহা-বতাহ আদিয়ে মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰে। আধুনিক বিজ্ঞানে ইয়াৰ প্ৰতিৰোধৰ বাবে নানা ধৰণৰ চেষ্টা কৰা দেখা যায় যদিও দুই এটা কাৰণৰ প্ৰতিৰোধ আজি পৰ্যন্তও কৰিব পৰা হোৱা নাই। এখন ৰাষ্ট্ৰৰ নায়কৰ আকস্মিক মৃত্যুৱেও সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, প্ৰয়াত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী, ৰাজীৱ গান্ধীৰ আকস্মিক মৃত্যুত ভাৰতবৰ্ষৰ সকলো দিশত বিশৃংখলতাৰ সৃষ্টি হৈছিল। আনকি স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনৰ বিষাক্ত ৰস আজিও সমাজৰ পৰা আঁতৰি যোৱা নাই।

শ্ৰমৰ বিভক্তিকৰণেও সামাজিক বিশৃংখলতাৰ সূত্ৰপাত কৰে। সামাজিক পৰিৱেশত কৰ্ম সম্পাদন কৰা হেঁপাহ আধুনিক সমাজত দেখা নাযায়। ‘এমিল ডাৰ্কহেইম’ নামৰ সমাজবিদজনে কৈছে, “Extreme division of labour is the cause of social disorganisation.” খুব বেছি শ্ৰমৰ বিভাজনে সমাজলৈ অৰ্থনৈতিক সংকট আনে লগতে ব্যক্তিসকলক অনৈতিক মূল্যবোধৰ পিনে ধাৱিত কৰে আৰু পৰিয়ালসমূহো বিদ্ৰোহী হৈ উঠে। ‘কোইনিগ’ নামৰ চিন্তাবিদগৰাকীয়ে চমুকৈ কৈছে, “It products an abnormal anomolous situation in which the different parts do not integrate but are at cross purposes with each other and a state of normlessness.”

পৰম্পৰাগতভাৱে আহৰণ কৰা সংস্কৃতিয়েও কেতিয়াবা সামাজিক বিশৃংখলতাৰ কাৰণ হৈ পৰে। মানুহৰ প্ৰকৃতি পৰিশোধিত হয় লাহে লাহে। সংস্কৃতি অপ-উপযোগীকৰণে ব্যক্তিসকলৰ মাজত বিভেদ সৃষ্টি কৰে আৰু সামাজিক জীৱন-ধাৰণ দুৰূহ হৈ পৰে আৰু তেতিয়াই সৃষ্টি হয় সামাজিক বিশৃংখলতাৰ। মন্থৰ সাংস্কৃতিক গতিয়ে সমাজ পৰিৱৰ্তনত পেলোৱা চাপৰ দ্বাৰা বংশগতভাৱে আহৰণ কৰা অপ-উপযোগীকৰণক উদ্গনি দিয়া দেখা যায়। এইক্ষেত্ৰত আমি ‘অগবাৰ্ণ’ নামৰ সমাজবিজ্ঞানীজনৰ এষাৰ কথা উল্লেখ কৰিব পাৰো। তেওঁ কৈছে- “When 10,000 musicians are thrown out of job as a result of ‘canned’ music through the sound film introduced in cinemas, the result is the disorganisation of orchestras, an musicians who cannot find employment.”

সামাজিক বিশৃংখলতাৰ বৈশিষ্ট্যসমূহঃ

সামাজিক বিশৃংখলতাৰ বহুতো বৈশিষ্ট্য দেখা যায়। এই বৈশিষ্ট্যসমূহে সামাজিক বিশৃংখলতাক সহজে উপলব্ধি কৰাত সহায় কৰে। বৈশিষ্ট্যসমূহ হ’ল-

মোৰচ্ আৰু অনুষ্ঠানসমূহৰ মাজত বিবাদঃ

পৰম্পৰা আৰু অনুষ্ঠানসমূহে মানৱ জীৱনক সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে। সময়ৰ সুৰুঙাৰ সৈতে পৰম্পৰা আৰু অনুষ্ঠানসমূহ প্ৰচলিত হৈ পৰিছে। লগতে নতুন আদৰ্শ উদ্ভাৱন হৈছে আৰু নতুন অনুষ্ঠান স্থাপন হ’ব ধৰিছে। চলি থকা পৰম্পৰাসমূহৰ নতুন পৰম্পৰাৰ লগত বিবাদ আৰম্ভ হৈছে। কিছুমান মানুহে পুৰণা পৰম্পৰাসমূহক ৰাখিব বিচাৰিছে আৰু আন কিছুমান পুৰণিৰ ঠাইত নতুনক আদৰি ল’ব বিচাৰিছে। এইটোৱে মানৱ সমাজৰ ঐক্য বিনষ্ট কৰিছে। সামাজিক ঐক্যৰ ধ্বংসপ্ৰাপ্ত অৱস্থাই সামাজিক সংগঠন ভাঙি পেলায় আৰু সামাজিক বিশৃংখলতা মানি আনে। ভাৰতীয় সমাজত এই ধৰণৰ পৰম্পৰা আৰু অনুষ্ঠানৰ মাজত সাধাৰণতে বিবাদ হৈ থকা দেখা যায়। আধুনিক সমাজতো এহাতে জাত ব্যৱস্থাৰ সমালোচক দেখা যায় আনহাতে সেইদৰে পৃষ্ঠপোষকো দেখা যায়। ইয়াৰ উপৰিও পৰিয়াল পৰিকল্পনা, বিবাহ-বিচ্ছেদ, অস্পৃশ্যতা, প্ৰেমবিবাহ, যৌথ পৰিয়াল ব্যৱস্থা, স্ত্ৰী-শিক্ষা, বিধৱাৰ পুনৰ্বিবাহ আৰু শিক্ষা ব্যৱস্থা আদিৰ ক্ষেত্ৰতো মতামতৰ বিভিন্নতা দেখা যায়। জাত-পাতৰ বিচাৰ সমাজৰ পৰা আঁতৰ হৈছে বুলি কোৱা শুনা যায়, আনহাতে ৰাজনৈতিক কাৰ্যালয়ৰ কৰ্মী নিৰ্বাচন, লোকসেৱা আয়োগৰ নিয়োগ ব্যৱস্থা আনকি শিক্ষানুষ্ঠানত নামভৰ্তিকৰণৰ ক্ষেত্ৰতো জাত-পাতৰ বিচাৰ কৰা হয়। সামাজিক পৰম্পৰাৰ ওপৰত সন্দেহ ঘনীভূত হয় আৰু আমি সামাজিক বিশৃংখলতাৰ মাধ্যমেৰেই আগুৱাই গৈ আছো। সমাজবিজ্ঞানী ‘ইলিয়ট’ আৰু ‘মেৰিলে’ কৈছে- “Social Organisation fundamentally a promblem of consensus and when there is disagreement concerning mores and institutions, the seeds of social disorganisation have been sown.”

কাৰ্যৰ বিষয়ান্তকৰণঃ

সামাজিক বিশৃংখলতাৰ আন এবিধ মূল বৈশিষ্ট্য হ’ল এটা দলৰ পৰা আন এটা দললৈ কাৰ্যসমূহৰ বিষয়ান্তকৰণ ব্যৱস্থা। সুসংগঠিত সমাজৰ সকলো দলৰে নিৰ্দিষ্ট কৰ্ম থাকে আৰু সেই কৰ্মব্যৱস্থা আগতে স্থিৰ কৰি ৰখা হয়। কিন্তু যিহেতু সমাজ গতিশীল সেয়েহে এটা দলৰ পৰা আন এটা দললৈ কাৰ্যৰ বিষয়ান্তকৰণ হয়। আজিকালি বেছিভাগ পৰিয়ালৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য বিদ্যালয়, সংঘ আৰু আন অনুষ্ঠানলৈ বিষয়ান্তকৰণ কৰা দেখা যায়। এইটোৱে পৰিয়ালসমূহৰ বিশৃংখলতাৰ কাৰণ।

ব্যক্তিতন্ত্ৰবাদৰ ধাৰণাঃ

সামাজিক বিশৃংখলতাৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ব্যক্তিতন্ত্ৰবাদৰ ধাৰণা। আধুনিক সমাজৰ মানুহে প্ৰথমে নিজৰ কথাহে ভাবে। বিভিন্ন দলসমূহৰ কাৰ্য নিৰূপিত হয় ব্যক্তিতন্ত্ৰবাদৰ ধাৰণাৰ মাধ্যমত। ব্যক্তিতন্ত্ৰবাদৰ ধাৰণাৰ সকলো চিন্তা ব্যক্তিবাদৰ মনোভাৱৰ মাধ্যমেৰে উদয় হয়। আধুনিক সমাজত মানুহে বিবাহ, ব্যৱসায়, অৱসৰ বিনোদন, নৈতিকতা আৰু পূৰ্ব-সংস্কাৰ, আগ্ৰহ আৰু মনোভাৱ নিজ ইচ্ছা মতে প্ৰকাশ কৰে। তাৰ ফলতেই বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ হৈ বিশৃংখলতাৰ সৃষ্টি কৰে।

ব্যক্তিসকলৰ ভূমিকা আৰু সামাজিক মৰ্যাদাঃ

সামাজিক বিশৃংখলতাৰ আন এটা প্ৰধান বৈশিষ্ট্য হ’ল- ব্যক্তিসকলৰ নিজৰ ভূমিকা আৰু সামাজিক মৰ্যাদাৰ পৰিৱৰ্তন সাধন। এখন সুসংগঠিত সমাজত নাগৰিকসকলৰ ভূমিকা আৰু সামাজিক মৰ্যাদা নিশ্চিত হৈ থাকে। তেওঁলোকৰ কাৰ্যসমূহ সুন্দৰভাৱে নিৰূপণ কৰা থাকে আৰু তেওঁলোকে সম্পাদন কৰি যায়। তেওঁলোকে সমাজত নিজৰ ভূমিকা অনুযায়ী সামাজিক মৰ্যাদা উপভোগ কৰে। অতীতৰ সমাজ ব্যৱস্থাত বিশৃংখলতা কম আছিল কাৰণে মানুহে তেওঁলোকৰ নিজস্ব কৰ্ম যিকোনো প্ৰকাৰে সমাধান কৰিছিল। সময় যোৱাৰ লগে লগে সমাজলৈ নানা ধৰণৰ পৰিৱৰ্তন আহে আৰু আমাৰ ধাৰণাৰো পৰিৱৰ্তন হয়, কোনো নিশ্চিত কাৰ্যও নাথাকে। মহিলাসকলে ঘৰুৱা কাম-কাজ এৰি কাৰ্যালয়লৈ ঢাপলি মেলিছে। মহিলাসকলৰ এই কাৰ্যইও পৰিয়ালসমূহত বিশৃংখলতা আনে। চৰকাৰসমূহে এইক্ষেত্ৰত নিম্নস্তৰৰ মানুহবিলাকৰ সামাজিক মৰ্যাদা উন্নত কৰিবলৈ আগভাগ লৈছে। সমাজবিজ্ঞানী ফেৰিছে লিখিছে- “Social disorganisation of the disruption of the natural relation of persons to a degree that interferes with the performance of the accepted tastes of the group.”

সামাজিক বিশৃংখলতা দুৰাৰোগ্য ব্যাধিঃ

 

যেনেকৈ প্ৰত্যেক বেমাৰৰে কিছুমান লক্ষণ থাকে সেইদৰে সামাজিক বিশৃংখলতাৰো কিছুমান লক্ষণ আছে। সমাজবিজ্ঞানীসকলে এই বিষয়ে নানা ধৰণৰ মত পোষণ কৰিছে। তাৰ ভিতৰত এম. এ. ইলিয়ট আৰু এম. ই. মেৰিলে তিনিবিধ সামাজিক বিশৃংখলতাৰ কথা কৈছে। সেয়া হ’ল- (ক) ব্যক্তিসকলৰ মাজৰ বিশৃংখলতা, (খ) পৰিয়ালৰ মাজৰ বিশৃংখলতা, (গ) সম্প্ৰদায়ৰ বিশৃংখলতা। আনহাতে ‘চি এফ স্মিদ’ৰ মতে বিশৃংখলতা বহুত ধৰণৰ। সেইবোৰ হ’ল উচ্চ পৰ্যায়ৰ জনসংখ্যা বিস্ফোৰণ, উচ্চ পৰ্যায়ৰ বিবাহ-বিচ্ছেদ, পৰিত্যক্ত অৱস্থা, অবৈধতা, পৰনিৰ্ভৰশীলতা, অপৰাধপ্ৰৱণতা আৰু অপৰাধী জীৱন, পুৰুষৰ সংখ্যাৰ বৃদ্ধিৰ উচ্চতা, নিম্নস্থানক ঘৰুৱা মালিকত্ব, অতি বেছি আত্মহত্যা, ব্যৱসায়িক অধৰ্ম, মহামাৰীত মৃত্যু হোৱা আৰু মাদকদ্ৰব্যৰ প্ৰয়োগ। সেইদৰে ‘হাৰ্বাৰ্টে’ কৈছে যে বিশৃংখলতা সাধাৰণতে দুই ধৰণৰ, যেনে- (১) সমাজতাত্বিক আৰু (২) শিক্ষা-বিষয়ক আদৰ্শবাদ।

‘কুইন’, ‘বোডেন হাফাৰ’ আৰু ‘হাৰপাৰ’ৰ মতে বিশৃংখলতাৰ ভাগবোৰ হ’ল বেকাৰ অৱস্থা, বেমাৰ-আজাৰ, ঘৰবিহীনতা, বাতুলতা, উৰি-ফুৰা মন ইত্যাদি। আকৌ ফেৰিচ নামৰ চিন্তাবিদগৰাকীয়ে কৈছে, সামাজিক বিশৃংখলতাৰ ভাগবোৰ হ’ল- (ক) যথাৰীতিবাদ, (খ) গোপন উপাদানৰ পতন, (গ) আগ্ৰহ আৰু স্বাদৰ ব্যক্তিতান্ত্ৰিকতা, (ঘ) ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰৰ ওপৰত গুৰুত্ব, (ঙ) ভোগমুখবাদী আচৰণ, (চ) জনসংখ্যাৰ অসাদৃশ্যতা, (ছ) পাৰস্পৰিক অবিশ্বাস, (জ) অস্থিৰ দৃশ্যমান বিষয় ইত্যাদি।

(উৎসঃ শিক্ষা সমাজবিজ্ঞান, ড বীৰেন্দ্ৰ ডেকা)।

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top