মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষা সমাজবিজ্ঞান, ড০ বীৰেন্দ্ৰ ডেকা / সমাজবিজ্ঞানৰ দৃষ্টিকোণেৰে শিক্ষাঃ(প্ৰথম অধ্যায়)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমাজবিজ্ঞানৰ দৃষ্টিকোণেৰে শিক্ষাঃ(প্ৰথম অধ্যায়)

শিক্ষা সমাজবিজ্ঞান কি ?

আধুনিক জগতত শিক্ষাৰ ক্ষেত্ৰত সমাজবিজ্ঞানৰ সফল প্ৰয়োগ হোৱা দেখা যায়। শিক্ষা সমাজবিজ্ঞান, সমাজবিজ্ঞান অধ্যয়নৰ এটি অংগ। এই ধাৰণাটো শিক্ষা সম্বন্ধীয় ৰীতি-নীতিৰ মাধ্যমেৰে সমাজবিজ্ঞানৰ প্ৰকৃত লক্ষ্যৰ লগত সন্নিৱিষ্ট হৈ থাকে। শিক্ষা সমাজবিজ্ঞানে বৰ্তমান সমাজত বিস্তৃতভাৱে বিকাশ লাভ কৰিবলৈ ধৰিছে। শিক্ষা সমাজবিজ্ঞানৰ মূল দিশ হ’ল শিক্ষানুষ্ঠাসমূহৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা আৰু ইয়াৰ প্ৰভাৱৰ ভিতৰত যিবিলাক পৰে সেইবোৰৰ সামাজিক ব্যক্তিত্ব নিৰ্ণয় কৰা। শিক্ষা সমাজবিজ্ঞান হ’ল সমাজবিজ্ঞানৰ শিক্ষা আৰু শৈক্ষিক ইন্দ্ৰিয়গ্ৰাহ্য বস্তুসমূহৰ সামাজিক দৃষ্টিকোণ। ইয়াক আধুনিক শিক্ষা জগতত এটি ঠাল হিচাপে পৰিগণিত কৰি আমেৰিকাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে বিশেষ অধ্যয়নৰ ব্যৱস্থা কৰিছে। সমাজবিদসকলে স্বীকাৰ কৰিছে যে শিক্ষাৰ দিশত ইয়াৰ অধ্যয়নৰ যথেষ্ট সম্ভাৱনা আছে। বেছিভাগ সমাজবিজ্ঞানীয়ে অনুভৱ কৰি মত প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে পৰীক্ষাগাৰৰ ভূমিকা গ্ৰহণ কৰি সমাজবিজ্ঞান অধ্যয়নত সহায় কৰিব পাৰিব। ‘মাৰটন্’ আৰু ‘হুগো’ নামৰ চিন্তাবিদ দুজনৰ মতে, আমি যদি ঔষধৰ সামাজিকৰণ প্ৰক্ৰিয়া বুজিব খোজো তেতিয়াহ’লে আমি চিকিৎসা মহাবিদ্যালয়সমূহৰ লগত সংস্কৃতিৰ সমাজবৈজ্ঞানিক বিশ্লেষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব লাগিব। সমাজবিজ্ঞানী পাৰচনচ, ষ্টোফাৰ আৰু ক্লুকহনে তেওঁলোকৰ সামাজিক গতিবিদ্যা আৰু লক্ষ্যৰ সমতা অধ্যয়নত বিদ্যালয়সমূহক পৰীক্ষাগাৰ হিচাপে পৰিগণিত কৰিছে। সমাজবিজ্ঞানৰ শৈক্ষিক দিশটোৰ বিষয়ে বিভিন্ন ধৰণৰ অধ্যয়ন আৰু বিশ্লেষণত জড়িত থকা সমাজবিজ্ঞানীসকল হ’ল জৰ্জ পেইনে, জন ডিউই, এল. এন. কুক, উইলাৰণ্ড ওৱেবাৰ, জৰ্জ কাউণ্ট, এলিচন ডেভিচ, হিলডা টাবা, ফ্ৰাঞ্চৰ ডাৰ্কহেইম, মেলেন টেনিউচ, অ এইচ ক্লাৰ্ক আৰু আমেৰিকাৰ ৰচ ফিনেই ইত্যাদি। সমাজবিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে জন ডিউই আৰু জৰ্জ পেইনে নামৰ চিন্তাবিদ দুগৰাকীয়ে।

আমি শিক্ষা সমাজবিজ্ঞান সম্বন্ধে অধ্যয়ন কৰিবলৈ যোৱাৰ প্ৰাক্-মুহূৰ্তত প্ৰকৃত সমাজবিজ্ঞান কি সেই বিষয়ে জনাটো আৱশ্যক হ’ব। সমাজবিজ্ঞান সম্বন্ধে জানিবলৈ যাওঁতে ‘আগষ্ট কমটে’ৰ নাম উল্লেখ কৰিব পাৰি, যি জনাৰ প্ৰচেষ্টাতে সমাজবিজ্ঞানৰ আৰম্ভণি হৈছিল ১৮৩৭ চনত। ১৮৩৭ চনত চিন্তাবিদ ‘কমটে’ তেওঁৰ এটা বক্তৃতাত সমাজবিজ্ঞান শব্দটো উচ্চাৰণ কৰিছিল। তেওঁৰ মতে সমাজবিজ্ঞান হ’ল “ব্যক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্কটো বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা”। সমাজবিজ্ঞানী কমটে এই বিষয়টোক প্ৰকৃত জ্ঞানৰ বিষয় বুলি উল্লেখ কৰিছিল। কমটেৰ পিছতে হাৰ্বাৰ্ট স্পেনচাৰ আৰু ফেডাৰিক লিপলেই এই বিষয়ে মতামত আগবঢ়াইছিল। স্পেনচাৰে লিখা ১৮৭৬ চনৰ ‘Principle of Sociology’ নামৰ গ্ৰন্থখনত এই বিষয়ে বিশদভাৱে বৰ্ণনা কৰা দেখা যায়। আনহাতে ফ্ৰেডৰিক লিপলেও বিজ্ঞানসন্মতভাৱে সমাজবিজ্ঞানৰ বিষয় আলোচনা কৰিছিল। এওঁলোকৰ বাহিৰেও ডানকেন, মেকাইভাৰ, বোগাৰদাস, মেৰিল এলড্ৰজ আদিয়েও সমাজবিজ্ঞানৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিছিল।

আমাৰ মনত এটা প্ৰশ্নৰ উদ্ভৱ হয়, প্ৰকৃত সমাজবিজ্ঞাননো কি ? ইয়াৰ উত্তৰত ক’ব পৰা যাব যে সমাজবিজ্ঞান হ’ল “সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ বাবে অধ্যয়ন কৰা, ই দল বা গোটসমূহৰ বিষয়েও অধ্যয়নত ৰত”! যি বস্তুৱে মানুহৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলায় সেই বস্তুৱেই সমাজবিজ্ঞানৰ অধ্যয়নত দিশ হিচাপে পৰিগণিত হৈছে। এই অধ্যয়নে সামাজিক দিশৰ ওপৰত বিশেষকৈ প্ৰভাৱ পেলায়। সমাজবিজ্ঞান সম্বন্ধে অধ্যয়ন কৰা মূল বিষয়বস্তুবোৰ হ’ল সামাজিক ৰীতি-নীতি, পৰম্পৰা, মুখৰোচক কাহিনী, আধ্যাত্মিকতাবাদ, ধৰ্ম, সামাজিক অনুষ্ঠানসমূহ, জাতৰ বিশ্লেষণ, ভৌগোলিক অৱস্থান, অপৰাধ আৰু মানৱ সমাজৰ উদ্ভাৱনাৰ ওপৰত অধ্যয়ন কৰা। আমি সম্পূৰ্ণভাৱে ক’ব পাৰো যে সমাজবিজ্ঞানে “সাংস্কৃতিক পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰে”। ইয়াৰ উপৰিও বিভিন্ন সমাজবিজ্ঞানীয়ে বিভিন্ন সময়ত তেওঁলোকৰ মতামতসমূহ দাঙি ধৰিছিল। এইক্ষেত্ৰত আমি তলত উল্লেখ কৰা সমাজবিদসকলৰ মতামত উল্লেখ কৰিব পাৰো। ৰনচেক নামৰ সমাজবিজ্ঞানীজনৰ মতে- “Sociology is one of the group of subjects classed as the sciences, all of which describe the objective study of social experience”। ‘মূৰে’ আৰু ‘কল’ নামৰ চিন্তাবিদ দুগৰাকীৰ মতে- “Sociology studies plural behaviours”। এল. টি হবহাউচৰ মতে- “The subject matter of sociology is the interaction of human minds”। এম গিনচবাৰ্গ নামৰ চিন্তাবিদজনে মন্তব্য কৰিছে যে-“Sociology is the study of human interaction and interrelations of their conditions and consequences”। সেইদৰেই ফেৰিচাইল্ডৰ মতে- “Sociology is the study of the relationships between man and his human environment”। আনহাতে আৰ. ই. পাৰ্ক আৰু এফ, ডব্লিউ. বাৰ্গেচৰ মতে- “Sociology is the science of collective behaviours”।

আমি ওপৰত উল্লেখ কৰা সমাজবিজ্ঞানীসকলৰ বিভিন্ন মতামত আৰু সমাজবিজ্ঞানৰ আৰম্ভণিৰ বিষয়ে অধ্যয়ন কৰি গম পালো যে সমাজবিজ্ঞানত মানুহ আৰু সমাজৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা হয়। শিক্ষা সমাজবিজ্ঞান হ’ল মানৱ আৰু সমাজৰ বিষয়ে একে ধৰণে অধ্যয়ন কৰা এটা দিশ। এই বিষয়ে জৰ্জ পেইনে ১৯২৮ চনত তেওঁৰ বিখ্যাত গ্ৰন্থ ‘The Principles of Educational Sociology’ লিখি উলিয়াইছিল। সেই কিতাপখনত তেওঁ সামাজিক জীৱন আৰু সমাজ জীৱনৰ শিক্ষাত বিশেষভাৱে পোহৰ চটিয়াইছিল। সামাজিক বিকাশৰ ক্ষেত্ৰত সামাজিক ক্ৰিয়াসমূহে বিশেষ ভূমিকা লয়। তেওঁৰ মতে ব্যক্তিৰ সৰ্বাংগীন বিকাশ হ’লেহে চৰিত্ৰৰ বিকাশ হ’ব।

অন্য এগৰাকী মহান সমাজবিজ্ঞানী হ’ল জন ডিউই। ডিউইয়ে তেওঁৰ গ্ৰন্থ ‘The School and Society’ আৰু ‘Democracy and Education’-ত সমাবিজ্ঞানৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰিছে। তেওঁৰ মতে ব্যক্তিৰ সমাজৰ লগত পতা নিবিড় সম্বন্ধৰ দ্বাৰা সমাজবিজ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। ইয়াৰ উপৰিও তেওঁ কৈছে যে শিক্ষাৰ ধাৰণাটো সামাজিক ধাৰণা আৰু এই ধাৰণাৰ দ্বাৰা ব্যক্তিসকলে নিজকে সমাজত বিকশিত কৰিবলৈ সক্ষম হয়। এইক্ষেত্ৰত আমি অন্য দুজন সমাজবিজ্ঞানী ‘ব্ৰুকভাৰ’ আৰু ‘গটলিভৰ’ নাম উল্লেখ কৰিব পাৰোঁ। তেওঁলোকৰ অমূল্য গ্ৰন্থ ‘A Sociology of Education’-ত শিক্ষা মনোবিজ্ঞানৰ বিতং বৰ্ণনা পোৱা যায়।

শিক্ষা সমাজবিজ্ঞানৰ সংজ্ঞাঃ

শিক্ষা সমাজবিজ্ঞান সম্বন্ধে সমাজ বিজ্ঞানীসকলে বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাসমূহে সমাজবিজ্ঞানৰ প্ৰকৃতি, পৰিসৰ আৰু বিষয়টোৰ গুৰুত্ব বুজাত সহজ কৰি তুলিছে। সংজ্ঞাসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।

শিক্ষা মনোবিজ্ঞানী হিচাপে ব্ৰাউনৰ স্থান গুৰুত্বপূৰ্ণ। তেওঁৰ মতে- “Educational sociology is the study of the interaction of the individual and his cultural environment” আৰু “All education proceed by the participation of the individual in the social concious of the race.” এইটো প্ৰমাণ পোৱা গ’ল যে ব্ৰাউনৰ সংজ্ঞাসমূহে ব্যক্তিৰ ওপৰত সাংস্কৃতিক পৰিৱেশৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে আৰু সাংস্কৃতিক পৰিৱেশ কি ধৰণে পৰিৱৰ্তন কৰিব পাৰি তাৰ পথৰ সন্ধান বিচাৰে। আনহাতে সকলো শিক্ষাই জাতিৰ সচেতনতাত ব্যক্তিক অংশগ্ৰহণ কৰোৱায়।

ব্ৰাউনৰ পিছত কাৰ্টাৰ নামৰ শিক্ষা মনোবিজ্ঞানীজনৰ মত বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ মতে- “Educational sociology is the study of those phase of sociology that are of significance for educative processes, especially the study of these that point to valuable programme of learning and control of learning process.” এই দিশত সৰলভাৱে ক’বলৈ গ’লে শিক্ষা সমাজবিজ্ঞানে শৈক্ষিক প্ৰক্ৰিয়াৰ বাবে বিশেষত্ব থকা সমাজবিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰে। সমাজবিজ্ঞানৰ তত্বসমূহ বেছি ফলপ্ৰসূ আৰু কৰ্মশীল কৰাৰ অৰ্থেই পৰীক্ষা-নিৰীক্ষাসমূহ কঢ়িয়াই নি প্ৰয়োগ কৰে। সেইদৰে আন এগৰাকী বিশিষ্ট শিক্ষা মনোবিজ্ঞানী ‘অটো’ৱে লিখিছে যে- “Educational sociology starts with the assumption that education is an activity which goes on the society and the society in its turn determines the nature of education.” আধুনিক জগতৰ শিক্ষাবিদসকলে সন্মতি প্ৰকাশ কৰিছে যে পৰিয়াল, বিদ্যালয়, লোকসমাজ আৰু সমাজৰ অন্যান্য অংশসমূহে শিক্ষা প্ৰক্ৰিয়াটো সম্ভৱ কৰি তুলিছে। এখন সমাজৰ শিক্ষা ব্যৱস্থাটো সেই সমাজৰ প্ৰাকৃতিক অনুৰূপতাৰ ওপৰত নিৰ্ভৰ কৰিব। যিয়েই নহওক ই ইয়াকে নুসূচায় যে শিক্ষাৰ দ্বাৰা সমাজ পৰিৱৰ্তন নহয়। ঘটনাক্ৰমে ক’বলৈ গ’লে সমাজ আৰু শিক্ষা ইটোৰ ওপৰত সিটোৱে প্ৰভাৱ পেলায় আৰু শিক্ষা সমাজবিজ্ঞানে সেই পাৰস্পৰিক ক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰে।

শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰ আৰু বিষয়বস্তুঃ

আমি ওপৰত উল্লেখ কৰা আলোচনাখিনিৰ পৰা বুজিবলৈ সক্ষম হ’লো যে সামাজিক পাৰস্পৰিক ক্ৰিয়াসমূহৰ কথা শিক্ষা সমাজবিজ্ঞানত অধ্যয়ন কৰা হয়। তাৰ পৰাই শিক্ষা মনোবিজ্ঞানৰ পৰিসৰো নিৰ্ণয় কৰা হয়। আমি তলত উল্লেখ কৰা দিশসমূহৰ পৰাও শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰ নিৰ্ণয় কৰিব পাৰোঁ। সেইবোৰ হ’ল সম্বন্ধ বা সম্পৰ্ক, সামাজিক স্তৰ বিন্যাসৰ প্ৰক্ৰিয়া, ৰাজনৈতিক সংগঠন, জ্ঞান আৰু জ্ঞানৰ মনোভাৱ আদি।

শিক্ষা আৰু সম্বন্ধঃ

শিক্ষা আৰু সম্বন্ধ দুয়োটা সামাজিকৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান। প্ৰত্যেকখন সমাজে যৌগিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে শিশুসকলক লাহে লাহে সামাজিকৰণ কৰাৰ প্ৰচেষ্টা কৰিছে। এই প্ৰক্ৰিয়াই শিশুসকলৰ নিজৰ চিনাকি দিয়াৰ লগতে সামাজিক পদমৰ্যাদা লাভৰ দক্ষতা আৰু ইচ্ছামূলক ভূমিকা পৰিপূৰ্ণ কৰাত সহায়ক হৈছে। সম্বন্ধ ব্যৱস্থাত সামাজিকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে পিতৃ-মাতৃ, সম্পৰ্কীয় পৰিয়ালে। বিদ্যালয়সমূহে এটা গোষ্ঠীৰ পৰা আন এটা গোষ্ঠীলৈ জ্ঞানৰ বিষয়ান্তকৰণ কৰে আৰু বৌদ্ধিক সামৰ্থ বিকাশ কৰে। সমাজত মূল্যবোধ ব্যৱস্থাৰ বিকাশ কৰে শিক্ষানুষ্ঠান আৰু সম্বন্ধ দুয়োটাই।

পৰিয়াল হ’ল পিতৃ-মাতৃ আৰু শিশুসকলৰ দ্বাৰা গঠিত এটা অনুসঙ্গ। ইয়াৰ প্ৰাথমিক কাম হ’ল শিশুসকলক সামাজিকৰণ কৰা আৰু প্ৰত্যেকজন সদস্যক সন্তুষ্ট কৰা। পৰিয়াল হ’ল সামাজিক মাধ্যম, ইয়াৰ সহায়ত ব্যক্তিয়ে বিকাশ লাভ কৰে। ই অনৌপচাৰিক শিক্ষাৰ এবিধ অনুষ্ঠান আৰু জাতিৰ ৰক্ষণত সহায় কৰে। শিশুসকলে দায়িত্বৰ সচেতনতা, আত্ম-আনুগত্য, সহানুভূতি আৰু আন্তৰিকতা আদি গুৰুত্বপূৰ্ণ গুণবোৰ আয়ত্ব কৰিবলৈ সক্ষম হয় পৰিয়ালৰ সহায়তহে। শিশুসকলৰ চৰিত্ৰ গঠন হয় পৰিয়ালত আৰু ইয়ে শিশুসকলক সহায় কৰে সমাজৰ একোজন দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ সদস্য হোৱাৰ ক্ষেত্ৰত। শিশুসকলে পৰিয়ালৰ মাধ্যমেৰে তেওঁলোকৰ চিন্তাধাৰা মুক্তভাৱে প্ৰকাশ কৰিব পাৰে আৰু পূৰ্ণ ব্যক্তিত্ব বিকাশ কৰিবলৈ সক্ষম হয়। মনোবিজ্ঞানীসকলে অপ্ৰতিদ্বন্দ্বিতভাৱে প্ৰমাণ কৰিছে যে পৰিয়ালৰ সুস্থ পৰিৱেশ অবিহনে শিশুৰ পূৰ্ণাংগ বিকাশ অসম্ভৱ। শিশুসকলে পৰিয়ালত যি প্ৰৱণতা আৰু অভ্যাস গঢ়ি তোলে তাক পিছত এৰিব নোৱাৰে। মনোবৈজ্ঞানিক ফ্ৰয়ডে কৈছে শিশুসকলে পৰিয়ালৰ জ্যেষ্ঠবোৰৰ আচৰণ আৰু মনোভাৱ আয়ত্ব কৰিবলৈ চেষ্টা কৰে। শিশুসকলৰ প্ৰথম শিক্ষাৰ অনুষ্ঠান হ’ল ‘ঘৰ’ আৰু ‘পৰিয়াল’। শিশুসকলৰ শিক্ষাৰ দায়িত্ব অভিভাৱকৰ হাতত থকা উচিত। শিশুসকলৰ সকলো ধৰণৰ কৰ্ম-পদ্ধতিতে অভিভাৱকে অংশগ্ৰহণ কৰিব লাগে। তেওঁলোকে জ্যেষ্ঠজনক অনুসৰণ কৰি যথেষ্ট শিকে। মহাত্মা গান্ধী আৰু তেনে ধৰণৰ চিন্তাবিদসকলে শিশুসকলৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে। পৰিয়ালৰ মাধ্যমতে শিশুৱে ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় চিন্তাবিদ এম. এচ. গোৰে আৰু আই. পি. দেশায়ে তলত দিয়া ধৰণে মন্তব্য কৰিছে। তেওঁলোকৰ মতে “The points of contact between the educational and the kinship systems are thus many and varied. The extent to which the two systems support each other and the extent to which they work at cross purposes in any given society is a point of examination and study for the sociologist of education. He is further interested in determining the conditions under which the two systems are likely to support or conflict with each other.”

সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয়ঃ

পৰিয়াল বা ঘৰৰ পিছতে শিশু পৰিস্ফূট হয় বিদ্যালয়ৰ মাধ্যমেৰে। মানুহে তেওঁলোকৰ জীৱনক উন্নততৰ আৰু জীৱন চলাই নিয়াৰ পদ্ধতি শাস্তিপূৰ্ণ আৰু সুখদায়ক কৰাৰ প্ৰচেষ্টাৰে সমাজত নতুন নতুন অৱদান দিবলৈ উদ্গনি পায়। এই অৱদানসমূহে সাহিত্য, বিজ্ঞান আৰু শিল্প আদি প্ৰত্যেক বিষয়ৰে উন্নতি সাধন কৰি সামাজিকৰণত সহায় কৰিছে আৰু লগতে সমাজকো উন্নত কৰিছে। বৰ্তমান সমাজখন জটিলতাৰ পৰা জটিলতালৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে আৰু মানুহৰ কৰ্মপদ্ধতিৰো সালসলনি হৈছে। অতীতত জীৱন ধাৰণ পদ্ধতি কঠিন থাকিলেও সৰলতাৰে সম্পন্ন হৈছিল। আধুনিক মানৱ সমাজবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বিকশিত হৈছে সঁচা কিন্তু জীৱনযাত্ৰা, জীৱিকা নিৰ্বাহৰ বৃত্তি আৰু সামাজিক জীৱনত নিজকে প্ৰস্তুত কৰাৰ পদ্ধতি অতি জটিল কৰি পেলাইছে। আমি সকলোৱে জানো যে সমাজখন সদায় পৰিৱৰ্তন হৈয়ে থাকে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰো পৰিৱৰ্তন সাধন হয় আৰু শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন ঘটে। সামাজিক পৰিৱৰ্তনৰ লগে লগে উঠি অহা শিশুসকলক সামাজিক পৰিৱেশত খাপ খুওৱাটো কঠিন হৈ পৰে। সেই খাপ খুওৱা প্ৰক্ৰিয়াত মাত্ৰ বিদ্যালয়সমূহেহে সহায় কৰিবলৈ সক্ষম হয়। বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন সংস্কৃতি আৰু শিল্পকলাৰ ক্ষেত্ৰ, বিভিন্ন চিন্তাধাৰাৰ বিভিন্ন ভাষা-ভাষীৰ মানুহ আৰু জীৱন ধাৰণৰ বা যান্ত্ৰিক দক্ষতাৰ আৱশ্যকে শিশুক বিশেষ ধৰণৰ অনুষ্ঠানত শিক্ষাদান কৰাটো প্ৰয়োজন হৈছে আৰু ইয়াত বিশেষ ধৰণৰ উপাদান আৰু অৱস্থাৰ সৃষ্টিও কৰিব লগা হৈছে। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে বৰ্তমানৰ শিশুক ভৱিষ্যতৰ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তোলা। এনে অনুষ্ঠানকে শিক্ষানুষ্ঠান বা বিদ্যালয় বুলি কোৱা হয়।

এই শিক্ষানুষ্ঠান বা বিদ্যালয়সমূহৰ মাধ্যমেৰে শিশুৱে যি শিকে নাইবা যি কাম কৰে তাক পিছৰ জীৱনত প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব লাগিব। তাৰ পৰিৱৰ্তে যদি সিহঁতক এনে কিছুমান কথা শিকোৱা হয়, যিবোৰৰ লগত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ কোনো মিল নাই, তেতিয়াহলে ছাত্ৰ-ছাত্ৰীবোৰ এই জ্ঞানৰ সহায়ত সমাজৰ লগত নিজকে খাপ খুৱাবলৈ অসমৰ্থ হৈ পৰাটো স্বাভাৱিক।

শিক্ষানুষ্ঠানত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষকৰ ব্যক্তিত্ব আৰু আদৰ্শক শিশুসকলে আহিলা হিচাপে অনুসৰণ কৰে। সকলো শিক্ষকৰ ব্যক্তিত্বৰ চাপ শিশুসকলৰ ওপৰত নপৰে, কাৰণ শিশুসকলৰ মন জয় কৰি সিহঁতৰ মনত ভালপোৱা, মৰম-প্ৰীতি আৰু সহৃদয়তাৰ মনোভাৱেৰে সোমাই পৰিব নোৱাৰিলে সিহঁতৰ ওপৰত প্ৰভাৱ পেলোৱাও কঠিন। বিদ্যালয়ত লাভ কৰা নতুন জ্ঞান, দক্ষতা, মনোভাৱ আৰু মূল্যবোধ ঘৰুৱা জীৱনত ব্যৱহাৰ কৰা হয়। ঘৰৰ সমস্যা সমাধান কৰিবলৈ, জীয়াই থকাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থীৰ এটা বুজন দল গঢ়ি তুলিবলৈ বাহিৰৰ জীৱন বিদ্যালয়ৰ ভিতৰলৈ আহিব আৰু দুয়োৰে মাজত থকা ব্যৱধান নোহোৱা হ’ব।

বিখ্যাত চিন্তাবিদ জন ডিউইয়ে কৈছিল যে বিদ্যালয়খন প্ৰথমতে এখন সামাজিক অনুষ্ঠান। শিক্ষা এটা সামাজিক প্ৰক্ৰিয়া হোৱাৰ বাবে বিদ্যালয়খন হৈছে এনে ধৰণৰ সামাজিক ব্যৱস্থা য’ত এনে ধৰণৰ ক্ষমতাসমূহ সন্নিবিষ্ট কৰা হৈছে, যাৰ দ্বাৰা এজন শিক্ষাৰ্থীক জাতিৰ বংশানুক্ৰমে অহা সমৃদ্ধ সমলসমূহ জনাৰ সুবিধা দিয়া হয় আৰু যাৰ শক্তি সামাজিক উদ্দেশ্য পূৰণত ব্যৱহাৰ কৰা হয়। এই বিদ্যালয়ৰ প্ৰক্ৰিয়াৰ মাজতে শিশু অনুশাসিত হয়। নিজৰ জীৱনক সামাজিক ব্যৱস্থাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ দিশত অনুশাসনে সহায় কৰে। অনুশাসনহীনতাই সমাজত ব্যাধিস্বৰূপ হৈ থিয় দিয়ে। এইবিলাক ক্ষেত্ৰতেই ক’ব পাৰি যে মানৱ ব্যক্তিত্ব পৰিয়াল আৰু বিদ্যালয়ৰ পৰা যথেষ্ট প্ৰভাৱিত হয়।

শিক্ষা আৰু সামাজিক স্তৰ বিন্যাসৰ প্ৰক্ৰিয়াঃ

সামাজিক স্তৰ বিন্যাসৰ প্ৰক্ৰিয়া, খোলাই হওক বা বন্ধই হওক, ই শিক্ষাৰ লগত বিশেষভাৱে জড়িত। সামাজিক গতিশীলতাক জাত, ধৰ্মীয় গোট আৰু শ্ৰেণীসমূহে বৰকৈ প্ৰভাৱান্বিত কৰে। এই গোটেইবিলাকৰ প্ৰভাৱে শিশুক শিক্ষাৰ মাধ্যমেৰে মানসিক বিকাশ কৰোৱায়। সামাজিক স্তৰ বিন্যাসৰ প্ৰক্ৰিয়াসমূহে শিক্ষাৰ ধৰণসমূহক পৰিচালিত কৰে আৰু ইয়াৰ দ্বাৰা নিৰ্দিষ্ট ব্যক্তি এজন নিৰাপদ হ’বলৈ সমৰ্থ হয়। এইটো নিশ্চিত যে ভাৰতীয় শিক্ষাৰ ওপৰত জাত, ধৰ্মীয় গোট আৰু শ্ৰেণী বিভাজনে প্ৰভাৱ পেলাইছে।

আমি জাতৰ প্ৰভাৱৰ বিষয়ে চাবলৈ যাওঁতে দেখিবলৈ পাওঁ যে হিন্দু সামাজিক সংগঠনসমূহত সামাজিক পদমৰ্যাদা আৰু স্থান লাভৰ ক্ষেত্ৰত জাত ব্যৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰে। আনকি মুছলমান সমাজতো ইয়াৰ প্ৰভাৱ নপৰা নহয়। প্ৰকৃততে জাত-পাতৰ বিচাৰেই শিক্ষা আৰু সামাজিক দিশৰ বিকাশত কোনো ধৰণে সহায় নকৰে। এই ধৰণৰ বিচাৰসমূহে জাতীয় একতাবোধৰ ক্ষেত্ৰতো বাধাস্বৰূপ হৈ পৰে। শিশুসকলৰ সামগ্ৰিক বিকাশত এই জাতৰ বিচাৰসমূহে ক্ষতিসাধন কৰি মানসিক বিকাশতো শিশুক বাধাগ্ৰস্ত কৰে।

ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াত বিভিন্ন ধৰ্মীয় গোট আছে, যেনে- হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মাৱলম্বী। এই ধৰ্মীয় গোটসমূহে নিজাববীয়াকৈ ধৰ্মীয় বিদ্যালয় স্থাপন কৰিছিল। ধৰ্মৰ লগত মানুহৰ জীৱন যাত্ৰাৰ নিবিড় সম্বন্ধ আছিল। ধৰ্মক বাদ দি জীৱন নিৰ্বাহ কৰাটো মানুহে কল্পনা কৰা নাছিল। মধ্যযুগত ধৰ্মানুষ্ঠানসমূহে ৰাষ্ট্ৰীয়, সামাজিক আৰু ব্যক্তিৰ জীৱনতো বিশেষ প্ৰভাৱ পেলাইছিল। পশ্চিমৰ দেশবোৰত খ্ৰীষ্টিয়ান ধৰ্মই শাসনত আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিছিল। এই ধৰ্মৰ নামতে সৃষ্টি হোৱা বিভিন্ন অনুষ্ঠানসমূহে প্ৰাথমিক স্তৰৰ পৰা উচ্চস্তৰলৈ বিদ্যালয় আৰু মহাবিদ্যালয় খুলিছিল। সেই সময়ৰ পাঠ্যক্ৰমত ধৰ্মশিক্ষাই এখন বিশিষ্ট আসন লাভ কৰিছিল। তাৰ ফলতেই শিক্ষাৰ্থীসকলে সামাজিক জীৱনতো ইয়াক প্ৰয়োগ কৰিবলগীয়া হৈছিল। ধৰ্মৰ লগতে শিক্ষাদানৰ ব্যৱস্থাও কৰা হয়, যাতে ধৰ্মৰ তাৎপৰ্য ভালদৰে বুজি মানুহে নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰে। বৰ্তমান সমাজত গণতন্ত্ৰৰ প্ৰচাৰ, শিল্প আৰু বিজ্ঞানৰ উন্নতি আৰু নতুন ধৰণৰ জীৱন যাত্ৰাই মানুহৰ জীৱনত ধৰ্মৰ প্ৰভাৱ বহুতো কমাই আনিছে। ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষ উদ্দেশ্যই ধৰ্মক ব্যক্তিগত বিশ্বাসত পৰিণত কৰাইছে। ৰাষ্ট্ৰ আৰু বেচৰকাৰী অনুষ্ঠানে হস্তক্ষেপ কৰি শিক্ষানুষ্ঠান সাজি শাসনৰ দায়িত্ব লোৱাৰ ফলত আগৰ ধৰ্মানুষ্ঠানৰ প্ৰাধান্য একেবাৰে নাইকিয়া হ’বলৈ ধৰিছে। সৃষ্টিকৰ্ত ভগৱানৰ প্ৰতি অটল বিশ্বাস জন্মোৱাৰ মাজেৰেই প্ৰত্যেক ধৰ্মই মানুহক কিছুমান সজ কাম কৰিবলৈ উদ্গনি দিয়ে। এইবোৰৰ সহায়ত ব্যক্তিয়ে সৰুৰেপৰাই ভাল-বেয়া, পাপ-পুণ্য, উচিত-অনুচিত আদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সুযোগ পায়। ইয়াৰ দ্বাৰাই সমাজৰ সকলোৱে নিয়ম-শৃংখলাৰ মাজেৰে বাস কৰিবলৈ শিকে। বিভিন্ন ধৰ্মই ঈশ্বৰক বিভিন্ন ৰূপত ভাবি বিভিন্ন পদ্ধতিৰে পূজা কৰিলেও প্ৰত্যেক ধৰ্মৰে মূল উদ্দেশ্য হৈছে পৰমপিতা পৰমেশ্বৰৰ অস্তিত্ব উপলব্ধি কৰা। বিদ্যালয়সমূহত ধৰ্মশিক্ষা দান কৰিব লাগে নৈতিক আচৰণ গঠন কৰাৰ বাবে। সকলো ধৰ্মৰ মূল উদ্দেশ্যসমূহ লৈ নৈতিক শিক্ষাদানৰ ওপৰত গুৰুত্ব দিব লাগে। ভাৰতৰ দৰে বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ দেশৰ বাবে সহনশীলতা, উদাৰ মনোভাৱ, অন্য ধৰ্মৰ প্ৰতি শ্ৰদ্ধা আদি ওপজাবলৈ মূলতত্ব আৰু ইয়াৰ লগত আন ধৰ্মৰ সম্বন্ধ দেখুওৱাৰ ওপৰত গুৰুত্ব দিব লাগে।

সমাজৰ শ্ৰেণী বিভাজনে শিশুৰ ওপৰত প্ৰভাৱশীল চাপ পেলায়। সমাজত আমি ধৰ্ম আৰু জাতৰ শক্তিশালী ফলন দেখিবলৈ পাওঁ আৰু আনহাতে শ্ৰেণীৰ সচেতনতা বৃদ্ধি হয় আৰু ব্যৱধানতাৰ অনুভূতিৰ প্ৰৱণতা বাঢ়ে। এই প্ৰৱণতাই কাৰোবাক নিম্নশ্ৰেণীৰ, কাৰোবাক মধ্যশ্ৰেণীৰ আৰু কাৰোবাক উচ্চশ্ৰেণীৰ বুলি চিনাক্ত কৰে। ইয়াৰ ফলস্বৰূপে নিম্নশ্ৰেণীৰ পৰা অহা শিশুসকলে পায় হীনতাৰ অনুভূতি অনুভূতি আৰু দুখীয়া হ’লে জীৱনৰ ভাল দিশৰ পৰা প্ৰবঞ্চিত হয়। হীনতাৰ প্ৰতিক্ৰিয়াই তেওঁলোকৰ বেছিভাগকে অপৰাধমূলক কামত প্ৰবৃত্ত কৰোৱায়। কাৰণ উচ্চশ্ৰেণীৰ শিশুসকলে আনন্দ উপভোগ কৰি তেওঁলোকৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ বিচাৰে, যিহেতু তেওঁলোক উচ্চশ্ৰেণীৰ মনোভাৱেৰে গৰ্বিত। তুলনামূলকভাৱে মধ্যবিত্ত বা মাজৰ শ্ৰেণীৰ শিশুসকলৰ দুয়োটা ক্ষেত্ৰতে উগ্ৰতা নাথাকে। তেওঁলোক শ্ৰেষ্ঠতাৰ আৱেগহীন চেতনাৰ দ্বাৰা বশীভূত হৈ পৰে। আমি সমাজত দেখিবলৈ পাওঁ মধ্যশ্ৰেণীৰ শিশুসকলে পঢ়াশুনা আৰু অন্যান্য কামত দুয়োটা শ্ৰেণীতকৈ বহু বেছি সুফল দেখুৱায়। ৰাজনৈতিক ভাৱধাৰাসমূহেও সমাজত শ্ৰেণীবিভাজনৰ গজালি মেলিবলৈ বীজ সিঁচে। এই ধাৰণাসমূহ শিশুসকলৰ সামগ্ৰিক বিকাশত বাধাস্বৰূপ হৈ পৰে।

শিক্ষা আৰু ৰাজনৈতিক ধাৰাঃ

আমি বৰ্তমান সমাজ ব্যৱস্থাত দেখিবলৈ পাইছো যে শিক্ষানুষ্ঠানসমূহ চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা প্ৰশাসিত আৰু সংগঠিত হয়। শিক্ষা সম্প্ৰসাৰণ চৰকাৰৰ কৰ্তব্য। ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰে উদ্গনি লাভ কৰে। আনহাতে সমাজত বহুতো শিক্ষানুষ্ঠান আছে যিবিলাক ধৰ্মীয় সংগঠনসমূহে পৰিচালিত কৰে। চৰকাৰ বা ৰাষ্ট্ৰসমূহে পৰিচালিত কৰা অনুষ্ঠানসমূহৰ কিছুমান কেন্দ্ৰীয় সংগঠনৰ প্ৰাধিকাৰত আৰু কিছুমান ৰাজ্য নাইবা স্থানীয় স্বায়ত্ব শাসনৰ দ্বাৰা পৰিচালিত হয়। ৰাজ্যসমূহৰ দ্বাৰা পৰিচালিত আৰু সংগঠিত অনুষ্ঠানসমূহৰ ক্ষেত্ৰ চৰকাৰৰ আয়ত্বলৈ আনোতেও কিছু দিশ ৰাইজৰ ওপৰত সন্নিৱিষ্ট হয়। বৰ্তমান যুগত চৰকাৰ যি ধৰণৰে নহওক কিয় সকলো চৰকাৰে শিক্ষাৰ দিশত গুৰুত্ব দিবই লাগিব। গণতান্ত্ৰিক চৰকাৰসমূহৰ এইক্ষেত্ৰত গধুৰ দায়িত্ব থাকে। গণতন্ত্ৰৰ সকলো দিশ বৰ্তি থাকে নাগৰিকসকলৰ দ্বাৰাহে। সেয়েহে উন্নত শিক্ষাৰ দ্বাৰা সুনাগৰিক গঢ়ি তোলা গণতান্ত্ৰিক দেশৰ মূল কৰ্তব্য।

এখন দেশৰ শিক্ষাৰ সম্প্ৰসাৰণ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে সেই দেশৰ জনসাধাৰণৰ ওপৰত। শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে ৰাষ্ট্ৰ, বেচৰকাৰী অনুষ্ঠান আৰু জনসাধাৰণৰ সহায়-সহযোগৰ প্ৰয়োজন। ৰাষ্ট্ৰসমূহৰ ওপৰত বৰ্তমান গধুৰ দায়িত্ব আহি পৰিছে। শিক্ষাৰ লক্ষ্য নিৰ্ণয় কৰোতে দেশৰ লক্ষ্য বা উদ্দেশ্য, সমাজৰ লক্ষ্য, গ্ৰহণযোগ্য শিক্ষানীতি আৰু শিক্ষাপ্ৰণালী, শিক্ষাৰ্থীসকলৰ অভাৱ-অভিযোগ আৰু মনোবৈজ্ঞানিক নীতিসমূহ বিবেচনা কৰিব লগাত পৰে। সকলোবোৰ অৱস্থাত ইটোৰ লগত সিটো জড়িত হৈ থকাত এটাক বাদ দি আনটোক প্ৰাধান্য দিলে জনসাধাৰণক সম্পূৰ্ণভাৱে শিক্ষা দিয়াত বাধাপ্ৰাপ্ত হ’ব। দেশৰ ৰাজনৈতিক উদ্দেশ্য সফলৰ বাবে সমাজতান্ত্ৰিক সমাজবাদ স্থাপন কৰাৰ ক্ষেত্ৰত শিক্ষিত নাগৰিকৰ প্ৰয়োজন। নাগৰিকৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দক্ষতা, অৰিহণা আৰু সহযোগে দেশৰ বা ৰাষ্ট্ৰৰ উন্নতি সাধন কৰিবলৈ সমৰ্থ হ’ব। দেশৰ উন্নতি নাগৰিকৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। দেশৰ উন্নতিৰ স্বাৰ্থতে জনসাধাৰণৰ শিক্ষাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব দেশৰ ওপৰত ন্যস্ত হৈছে। ইয়াৰ ফলতে শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ আৰু উন্নতি সাধনৰ বাবে ৰাষ্ট্ৰৰ দায়িত্ব আগতকৈ বহুত বাঢ়িছে।

শিক্ষা হ’ল ৰাষ্ট্ৰৰ দায়িত্বত থকা এটা দিশ। শিল্প আৰু বিজ্ঞানৰ উন্নতি, পশ্চিমীয়া দেশসমূহৰ অৰ্থনৈতিক উন্নতি আৰু গণতান্ত্ৰিক তত্ত্ব বিভিন্ন ৰাষ্ট্ৰই গ্ৰহণ কৰাৰ পিছত শিক্ষাত ৰাষ্ট্ৰৰ দায়িত্ব সম্বন্ধে বহুতো তৰ্ক-বিতৰ্ক সৃষ্টি হৈছিল। কল্যাণকামী ৰাষ্ট্ৰ এখনে যে নাগৰিকৰ শিক্ষাদান ব্যৱস্থাৰ দায়িত্ব ল’ব লাগিব সেই নীতি প্ৰায় প্ৰত্যেক গণতান্ত্ৰিক দেশে গ্ৰহণ কৰিছে। সাম্যবাদী দেশসমূহত জন্মৰ পৰা মৃত্যুলৈকে ব্যক্তিৰ শিক্ষাদান ব্যৱস্থা ৰাষ্ট্ৰই কৰিছে। বহুতো গণতান্ত্ৰিক দেশত শিক্ষাব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ এক নিৰ্ধাৰিত ৰাষ্ট্ৰীয় নীতিশিক্ষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে। সকলোকে সমান ধৰণৰ শিক্ষাদান কৰিবলৈ একে ধৰণৰ সা-সুবিধা আৰু মানদণ্ড বজায় ৰাখিবলৈ দেশত জাতীয় শিক্ষানীতিৰ প্ৰয়োজন অনুভৱ কৰিছে। প্ৰগতিশীল আৰু প্ৰগতিবাদী সকলো দেশেই আজি জনসাধাৰণক সাক্ষৰ কৰাৰ ওপৰত গুৰুত্ব দিছে। সৱল, সুস্থ আৰু সুদক্ষ নাগৰিকৰ অবিহনেও গণতন্ত্ৰৰ সাফল্য লাভ কৰা কঠিন কাৰণেই ৰাষ্ট্ৰই বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰাৰ দায়িত্ব হাতত ল’বলগীয়াত পৰিছে। বাধ্যতামূলক শিক্ষাৰ প্ৰাথমিক স্তৰত ৰাষ্ট্ৰই সকলো দায়িত্ব ল’ব লাগে। গোটেই ৰাষ্ট্ৰতে বিভিন্ন স্তৰত শিক্ষাৰ কাৰ্যাৱলী নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ সাধাৰণতে কেন্দ্ৰীয় মন্ত্ৰীসভা এখন থাকে।

চমুকৈ ক’বলৈ গ’লে শিক্ষাৰ দায়িত্ব ৰাষ্ট্ৰৰ দায়িত্ব। কাৰণ নাগৰিকসকলৰ সকলো ধৰণৰ স্বাধীনতা ৰাষ্ট্ৰৰ ওপৰত ন্যস্ত হৈ থাকে। ৰাষ্ট্ৰই নাগৰিকসকলৰ ওপৰত বিভিন্ন ধৰণৰ কৰ-কাটল লগাই অৰ্থ সঞ্চয় কৰি শিক্ষাৰ দিশত খৰচ কৰে। অলদাস হাক্সলে নামৰ চিন্তাবিদ গৰাকীয়ে এইক্ষেত্ৰত এনেদৰে উল্লেখ কৰিছে- “If your aim is liberty and democracy, then you much teach people the arts of being free and of governing themselves.” গণতন্ত্ৰ এখন শিক্ষা নোহোৱাকৈ বৰ্তি থাকিব নোৱাৰে। যেতিয়াই দেখা যাব যে এখন দেশৰ গণতন্ত্ৰ ধ্বংসমুখী তেতিয়াই বুজা যাব সেইখন দেশৰ শিক্ষাব্যৱস্থা দুৰ্বল। গণতন্ত্ৰত নায়ক বা প্ৰতিনিধসকলক নিৰ্বাচন কৰি পঠোৱা হয়। যদি সেই দেশৰ নাগৰিকসকল অশিক্ষিত হয় তেতিয়াহ’লে নাগৰিকসকলে নভবা-নিচিন্তাকৈ তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰি পঠাব কিন্তু তাৰ দ্বাৰা প্ৰকৃত গণতন্ত্ৰ সৃষ্টি নহ’ব। এনেকুৱা গণতন্ত্ৰ অসম্ভৱ শিক্ষা অবিহনে গণতন্ত্ৰৰ সপোন দেখাটোৱে অবাস্তৱ। মনীষী বাৰ্টাণ্ড ৰাচেলে কৈছে- “Democracy in its modern form would be impossible in an nation where many men cannot read.” গণতন্ত্ৰ এখন স্থাপন কৰিবলৈ হ’লে শিক্ষা প্ৰাক্-প্ৰয়োজনীয়। জাৰ্মান দাৰ্শনিক ফিটছে কৈছে- “Only the nation which has first solve in actual practice the problem of educating perfect men will then solve the problem of the perfect state.” ফিটছে বৰ্ণনা কৰিছিল যে প্ৰকৃতাৰ্থত গণতন্ত্ৰ এখন স্থাপন কৰিবলৈ শিক্ষাৰ দ্বাৰা প্ৰকৃত মানুহ সৃষ্টি কৰিব লাগিব, তেতিয়াহে প্ৰকৃত ৰাষ্ট্ৰৰ সমস্যা সমাধান হ’ব। চিন্তাবিদ হিঠাৰিউটনে কৈছে- “Democratic government at least demands an educated people.” এখন গণতান্ত্ৰিক চৰকাৰে শিক্ষিত নাগৰিক দাবী কৰিব লাগিব।

অতীতৰ গ্ৰীক নগৰীয়া ৰাষ্ট্ৰবোৰেও নাগৰিকৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত প্লেটো আৰু এৰিষ্ট’টলেও শিক্ষাৰ পোষকতা কৰি গণতন্ত্ৰ বৰ্তি থকাৰ কথা উল্লেখ কৰিছিল। সেইক্ষেত্ৰত আৰ্নেষ্ট বাৰকাৰৰ এষাৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ কৈছে- “To Plato education was the most important function of the state and the department of education was the most important state department which was perticularly advocated for producing the philosopher king, to improve the men’s mind or becoming virtuous beings.” দাৰ্শনিক প্লেটোৱে ‘গণতন্ত্ৰ’ নামৰ গ্ৰন্থখনত অকল গণতন্ত্ৰৰ বাবেই শিক্ষাৰ ওপৰত গুৰুত্ব নিদি পুৰুষ আৰু মহিলাৰ শাৰীৰিক, মানসিক, নৈতিক আৰু সৌন্দৰ্যবোধৰ শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে। নাগৰিকসকলক একমাত্ৰ সুশিক্ষাৰ মাধ্যমেৰেহে গণতন্ত্ৰৰ চিন্তা কৰাত উদ্বুদ্ধ কৰিব পৰা যাব। এৰিষ্টোটলেও দোহাৰিছে শিক্ষাৰ লক্ষ্য হ’ব লাগিব সুনাগৰিক সৃষ্টি কৰি উলিওৱা। আধুনিক প্ৰয়োগবাদী দাৰ্শনিক জন ডিউইয়ে কৈছে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ মাজেৰে সুনাগৰিক গঢ়ি তুলিব লাগিব। তেতিয়াহে গণতন্ত্ৰ সফল হ’ব। স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগৰ সভাপতি ড সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰিছিল- গণতান্ত্ৰিক দেশ এখনে তাৰ নাগৰিকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু সেইটোৱেই হ’ল বিকাশৰ প্ৰক্ৰিয়া যাক কোৱা হয় ব্যক্তিৰ শিক্ষা ব্যৱস্থা। আধুনিক যুগৰ আহ্বান হ’ল গণতান্ত্ৰিক শিক্ষা সম্প্ৰসাৰণ কৰা, যাৰ দ্বাৰা নাগৰিকৰ উপকাৰ হোৱাৰ লগতে ৰাষ্ট্ৰৰ ৰাজনৈতিক ভাৱধাৰা শক্তিশালী হৈ কল্যাণমুখী ৰাষ্ট্ৰ গঠনত সহায়ক হ’ব।

শিক্ষা আৰু জ্ঞানৰ প্ৰতি মনোভাৱঃ

সমাজবিজ্ঞানীসকল সদায় জ্ঞানৰ সীমা আৰু জ্ঞানৰ বৈধতাৰ সমলসমূহৰ প্ৰতি আগ্ৰহী। জ্ঞানৰ প্ৰতি আগ্ৰহী মনোভাৱে শিক্ষক আৰু শিক্ষাৰ্থীৰ মনৰ পাৰস্পৰিক ক্ৰিয়া বুজাত সহায় কৰে। অতীত কালত জ্ঞান সীমিত আছিল আৰু কেইটিমান সীমিত পদ্ধতিৰেহে জ্ঞান লাভ কৰিব পৰা গৈছিল। গুৰু আৰু শিষ্যৰ পৰস্পৰ সম্বন্ধৰ মাজেৰেহে জ্ঞান লাভ সহজ হৈ পৰিছিল। সেয়ে সেই সময়ত শিক্ষাৰ প্ৰতি থকা মনোভাৱ ভক্তি, প্ৰযুক্তি ভয় আৰু সন্মানসূচক আছিল। শিক্ষকক ভয় কৰিছিল আৰু সন্মান কৰিছিল। তেওঁৰ বাক্যই আছিল আইন। ব্যক্তিগত কাৰণতো ছাত্ৰসকলক নামভৰ্ত্তি কৰাৰ পৰা বিৰত ৰখা হৈছিল। জ্ঞানমূলক উন্নয়নৰ আদৰ্শই শিক্ষাজগতত সদায় সমাদৰ পাই আহিছে। জ্ঞানৰ পোহৰেহে মানুহৰ মনৰ অজ্ঞান অন্ধকাৰ দূৰ কৰে আৰু মনৰ বিকাশ সাধন কৰে। জ্ঞানৰ প্ৰতি থকা মনোভাৱে শক্তি-সামৰ্থ কঢ়িয়াই আনে। বুদ্ধি আৰু চিন্তাশক্তিৰ উৎকৰ্ষতাৰ কাৰণে জ্ঞানৰ প্ৰয়োজন হয়। জ্ঞানৰ প্ৰতি থকা মনোভাৱে আমাক নজনা কথা জানিবলৈ আৰু নানা বিষয়ত দক্ষতা লাভ কৰিবলৈ সক্ষম কৰে। কিন্তু জ্ঞানৰ প্ৰতি থকা মনোভাৱ আৰু জ্ঞান আহৰণৰ উদ্দেশ্যই মানৱ জীৱনৰ শিক্ষাৰ একমাত্ৰ লক্ষ্য বুলি ধৰি ল’ব নোৱাৰি। মানৱ জীৱনত জ্ঞানৰ যেনে প্ৰয়োজন তেনেদৰে অন্যান্য দিশৰ বিকাশো প্ৰয়োজন। এই গোটেইখুনি ব্যৱস্থা অতীতৰ গুৰুকুল ব্যৱস্থাত আছিল। অতীতত ভাৰতবৰ্ষ আৰু গ্ৰীচত শিক্ষক আৰু ছাত্ৰ বা গুৰু আৰু শিষ্যৰ মাজত গঢ়ি উঠা পৰস্পৰ সম্বন্ধ জ্ঞানৰ প্ৰতি থকা মনোভাৱৰ দ্বাৰা প্ৰশাসিত হৈছিল।

আধুনিক সমাজত বিভিন্ন দিশৰ পৰা দেখা গ’ল যে জ্ঞানৰ প্ৰতি থকা মানুহৰ মনোভাৱ সলনি হৈছে। সকলো দিশৰে তত্ত্বই স্থিতি লাভ কৰিছে। সেই তত্ত্বসমূহে উপলব্ধি জন্মাইছে যে কোনো জ্ঞানেই চূড়ান্ত নহয়। জ্ঞান অপৰিসীম, ইয়াক বিভিন্ন প্ৰকাৰে আহৰণ কৰিব পাৰি। জ্ঞান সম্বন্ধে বিভিন্ন প্ৰকাৰৰ ধাৰণাৰ সৃষ্টি হ’ল, কিন্তু মাত্ৰ এটা উপাদানহে আমাৰ নিজৰ ক্ষেত্ৰত প্ৰয়োগ হ’ল। সেইটো হ’ল জ্ঞানৰ শক্তি। আজিকালি জ্ঞানৰ প্ৰত্যেক ক্ষেত্ৰত বহু আদ্ৰিত, পৱিত্ৰব্যঞ্জক, অখণ্ড আৰু পূৰ্ণ-দৃষ্টিকোণক সুবিবেচিত কৰা হয়। সকলোবোৰ উক্তিকে পৰীক্ষামূলকভাৱে লোৱা হয়। সকলোবোৰ তত্ত্বই সম্যকভাৱে সম্ভাৱ্য। আকৌ বিস্তৃত জ্ঞানৰ গঠনে পুৰণা মনোভাৱসমূহক অপ্ৰাসংগিক কৰি তুলিছে। উদাহৰণস্বৰূপে একেবাৰে আৰম্ভণিতে বিজ্ঞানৰ জ্ঞানক নিশ্চিত বুলি ধৰা হৈছিল আৰু বিজ্ঞানসন্মত মনোভাৱ ব্যৱহাৰ কৰা হৈছিল ধৰ্মীয় আৰু আধ্যাত্মিক অভিজ্ঞতাৰ প্ৰত্যাহ্বান স্বৰূপে। এইদৰে জ্ঞানৰ বিভিন্ন খণ্ডত সৃষ্টি হোৱা বহুতো তত্ত্বক পণ্ডিতসকলে ব্যৱহাৰ কৰিবলৈ দৃঢ় সংকল্প হৈ পৰে। আজিৰ পণ্ডিতসকলে কোনো ধৰণৰ ভাৱক প্ৰতীক হিচাপে নলৈ যিকোনো ক্ষেত্ৰতে অধ্যয়নৰত হৈ পৰে। বৰ্তমান সময়ৰ বেছিভাগ পণ্ডিতে উপলব্ধি কৰি স্থিৰ সিদ্ধান্তলৈ আহিছে যে অবৈজ্ঞানিক, স্বতঃস্ফূৰ্ত জ্ঞান, মনস্তাত্বিক বা আধ্যাত্মিক পদ্ধতিসমূহক বিজ্ঞানৰ জ্ঞানতকৈ কম বা বেছি যুক্তিসিদ্ধ বুলি ক’ব নোৱাৰি। পণ্ডিতসকলৰ ধাৰণাৰো সলনি হ’বলৈ ধৰিছে। সেইদৰেই ছাত্ৰসকলৰ জ্ঞানৰ প্ৰতি থকা দৃষ্টিভংগী বদলি হ’ব ধৰিছে। সমাজবিদসকলে এইক্ষেত্ৰত আগ্ৰহী আৰু তেওঁলোকে জানিবলৈ বিচাৰে যে কেনেকৈ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত থকা জ্ঞানৰ মনোভাৱ সলনি হ’ল। লগতে সমাজত শিক্ষকৰ ভূমিকা, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্বন্ধ, শিক্ষা আৰু শিক্ষকৰ ভূমিকা আৰু সম্বন্ধ আদিৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিল।

শিক্ষা পদ্ধতিৰ ভিতৰত পাৰস্পৰিক ক্ৰিয়াঃ

সমাজবিজ্ঞান অধ্যয়নৰ আটাইতকৈ উল্লেখযোগ্য পৰিসৰ হ’ল শিক্ষা পদ্ধতিৰ ভিতৰত থকা পাৰস্পৰিক ক্ৰিয়া। সমগ্ৰ শিক্ষা পদ্ধতিটো জড়িত হৈ পৰে তিনিবিধ প্ৰয়োজনীয় উপাদানৰ লগত। সেইকেইবিধ হ’ল- শিক্ষক, শিক্ষাৰ্থী আৰু প্ৰশাসক। তদুপৰি ক্ষুদ্ৰভাৱে ‘সমাজ’ আৰু বহলভাৱে ‘সম্প্ৰদায়’। এই সকলোবোৰ উপাদানৰ পৰিৱৰ্তন হয় তেওঁলোকৰ ভিতৰতেই পাৰস্পৰিক ক্ৰিয়াৰ মাধ্যমত। সমাজবিজ্ঞানীসকলে এই পৰিৱৰ্তনৰ উৎপাদকসমূহক বিশ্লেষণ কৰে আৰু পৰিৱৰ্তনৰ দিশসমূহ পৰ্যবেক্ষণ কৰি ইয়াৰ কাৰণ আৰু ফলাফলৰ সম্বন্ধ নিৰ্ণয় কৰে। প্ৰশাসন পদ্ধতিৰ ধাৰা অনুযায়ী প্ৰশাসকৰ প্ৰকৃতিৰ পৰিৱৰ্তন হয়। চৰকাৰী অনুষ্ঠানসমূহত চৰকাৰী বিষয়াই প্ৰশাসক। চৰকাৰী সাহায্যপ্ৰাপ্ত অনুষ্ঠানসমূহৰ প্ৰশাসনীয় গোট গঠন হয়। সভাপতি, এগৰাকী সম্পাদক, চৰকাৰী প্ৰতিনিধি দুগৰাকী, দানীসকলৰ ভিতৰত প্ৰভাৱশালী সদস্য আদিৰে সাধাৰণ পৰিচালনা সমিতি গঠিত হয়। কাৰ্যকৰী সমিতিৰ কাৰ্যকাল এটা নিৰ্দিষ্ট সময়ৰ বাবে আৰু তেওঁলোকক নিৰ্বাচন কৰে সাধাৰণ সমিতিয়ে। তেওঁলোক সাধাৰণ সমিতি আৰু ৰাইজৰ ওচৰত জবাবদিহি হৈ থাকে। সম্পাদকগৰাকী সকলো ধৰণৰ ক্ষমতাৰ অধিকাৰী হয়। তেওঁৰ আচৰণ যদি একনায়কত্ববাদী হয় তেন্তে শিক্ষকৰ নৈতিকতাত ইয়াৰ প্ৰভাৱ পৰে। যদি তেওঁৰ ভাৱধাৰা গণতান্ত্ৰিক হয় তেতিয়াহ’লে শিক্ষকৰ ওপৰত তেওঁৰ প্ৰভাৱো স্বাস্থ্যকৰ হ’ব।

বৰ্তমান শিক্ষা ব্যৱস্থাত এজনীয়া শিক্ষকৰ স্কুল নাই বুলিয়েই ক’ব পাৰি। সকলোবোৰ বিদ্যালয়তে এজনতকৈ অধিক শিক্ষক থকা দেখা যায়। সেয়েহে শিক্ষা সমাজবিদসকলে ইজন শিক্ষকৰ লগত সিজন শিক্ষকৰ সম্বন্ধ জানিবলৈ আগ্ৰহী। এই সম্বন্ধৰ স্বৰূপ ভ্ৰাতৃত্ব বা শত্ৰুসম্পন্নও হ’ব পাৰে। ভ্ৰাতৃত্ব সম্বন্ধৰ ফলস্বৰূপে তেওঁলোকৰ মাজত সমন্বয়, সদিচ্ছা আৰু দলীয় উৎসাহৰ ভাব জাগ্ৰত হয়। আনহাতে শত্ৰুভাৱাপন্নতাই লেতেৰা পৰিৱেশ, প্ৰিয়তোষণ আৰু দলাদলিৰ ভাব গঢ়ি তোলে। সৰু সৰু শিক্ষানুষ্ঠান, কলেজ বা বিশ্ববিদ্যালয়ৰ বিভাগবোৰৰ শিক্ষকসকলৰ মাজত কেইবাটাও দল সৃষ্টি হোৱা দেখা যায় আৰু ঈৰ্ষান্বিতভাৱে শত্ৰুতা কৰি থকা পৰিলক্ষিত হয়। সাধাৰণতে এই দলসমূহ গোষ্ঠীগত, ধৰ্মীয়, আঞ্চলিক, ভাষিক, জাতিয়তাবাদী, অভিজ্ঞ, যোগ্যতা আৰু জ্যেষ্ঠতাভিত্তিক হোৱা দেখা যায়। এই দলসমূহ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত থাকে আৰু শিক্ষাৰ্থীসকলৰ লগত কোনোবাটো দল সময়সাপেক্ষে জড়িত হৈ পৰে।

সমাজ বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰত শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা পাৰস্পৰিক ক্ৰিয়াইও বিশেষ ভূমিকা গ্ৰহণ কৰে। এই পাৰস্পৰিক ক্ৰিয়াসমূহ সৃষ্টি হয় বয়স, শ্ৰেণী, লিংগ, অধ্যয়নৰ অভ্যাস, সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীত যোগদান কৰা শিক্ষাৰ্থী ভেদে। আটাইতকৈ অন্তৰঙ্গ পাৰস্পৰিক ক্ৰিয়া সৃষ্টি হয় শ্ৰেণীৰ ভিতৰত। পাৰস্পৰিক ক্ৰিয়া সংযোগশীল অথবা কেতিয়াবা বিভক্তকৃতও হ’ব পাৰে। ই সমন্বয়ৰ ভাব আৰু বিবাদৰ ভাব বৃদ্ধি কৰিবও পাৰে। শিক্ষাৰ্থীসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰি, সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী, তৰ্কসমাজ, নাট্যসংঘ, সাহিত্য অনুষংগ, খেল-ধেমালীৰ দল আৰু শিক্ষামূলক ভ্ৰমণৰ দল আদিৰ মাধ্যমেৰে। এইবোৰে শিক্ষাৰ্থীসকলৰ মনত গভীৰভাৱে বন্ধুত্বৰ সমন্বয় সৃষ্টি কৰাৰ লগতে গভীৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল দেখুৱায়। কোনো কোনো শিক্ষকে এই অৱস্থানসমূহৰ মাধ্যমেৰে দল সৃষ্টি কৰি ঈৰ্ষান্বিত আৰু শত্ৰুভাৱাপন্ন কৰি তোলে। শিক্ষা সমাজবিজ্ঞানীসকলে শিক্ষাৰ্থীসকলৰ মাজৰ পাৰস্পৰিক ক্ৰিয়া সংযোগশীল আৰু বিভক্তকৃত সমলসমূহ, ফলাফল, সামাজিক পৰিৱৰ্তন আৰু সামাজিক নিয়ন্ত্ৰণ আদিৰ অৱস্থা বিশ্লেষণ কৰে।

শিক্ষা ব্যৱস্থাত পাৰস্পৰিক ক্ৰিয়াৰ সৃষ্টি হোৱা উল্লেখযোগ্য ক্ষেত্ৰ হ’ল শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত গঢ়ি উঠা সম্বন্ধ। অতীতৰ শিক্ষা ব্যৱস্থাত এই সম্বন্ধ আছিল পৰিয়ালৰ দৰে। কিন্তু বৰ্তমান সম্বন্ধ হ’ল চুক্তি সম্বন্ধ সংকুচিত। বৈদিক যুগত গুৰুকুল প্ৰথাৰ মাধ্যমত গুৰুৱে নিজে ভৰ্ত্তিকৰণৰ নিয়মাৱলী, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, শিক্ষাৰ সময় লগতে শিক্ষা ব্যৱস্থাৰ সকলোখিনি কাম ব্যৱহাৰিকভাৱে নিজেই কৰিছিল। কিন্তু আজিকালি নিয়ম-কানুন আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰে চৰকাৰৰ দ্বাৰা নিয়োগ কৰা বিশেষজ্ঞসকলে আৰু সময়ৰ তালিকা প্ৰস্তুত কৰে অধ্যক্ষ বা দায়িত্বত থকা শিক্ষকে। সময়ৰ তালিকা অনুযায়ী শিক্ষকে তেওঁৰ বিষয়সমূহ শ্ৰেণীত শিকায়। শিক্ষকক চাকৰিত মকৰল কৰোৱা হয় নিৰ্দিষ্ট দৰমহাৰ মাধ্যমত আৰু তেওঁক কিছুমান চৰ্ত দিয়া হয়। আজিকালি শিক্ষকতা কৰাটো এটা বৃত্তি। ইয়াৰ লগত আৰোপিত হয় কিছুমান সুবিধা আৰু সীমাবদ্ধতা। আমি শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত থকা পৰস্পৰ সম্বন্ধক পৰিচালিত কৰা উপাদানৰ বিষয়ে আলোচনা দাঙি ধৰিলো।

প্ৰথমতে আমি বয়সৰ ব্যৱধানৰ কথা উল্লেখ কৰিব পাৰো। শিক্ষাৰ্থীসকলৰ বয়স কম, শিক্ষকৰ বয়স শিক্ষাৰ্থীতকৈ বেছি। এই ব্যৱধানতাই সৰুৰ দ্বাৰা ডাঙৰক সন্মানসূচক সম্বন্ধ পোৱাত সহায় কৰে। প্ৰাথমিক স্তৰত বয়সৰ ব্যৱধান বহুত বেছি। সেই অনুপাতে বিশ্ববিদ্যালয় স্তৰত কম দেখা যায়। বয়সৰ বেছি ব্যৱধান থাকিলে শিক্ষকক শিক্ষাৰ্থীয়ে ভয়, সন্মান আৰু শ্ৰদ্ধা বেছিকৈ কৰা দেখা যায়। বয়সৰ কম ব্যৱধানে ঘনিষ্ঠতা, ভালপোৱা, অনুৰাগ আৰু শিক্ষক-শিক্ষাৰ্থীৰ মাজত বেছি পাৰস্পৰিক ক্ৰিয়াৰ সৃষ্টি কৰে।

কিছুমান সমাজত বংশানুক্ৰমে শিক্ষকৰ স্থান আৰু মৰ্যাদা উচ্চ পৰ্যায়ৰ। তেওঁ হ’ল এজন অভ্ৰান্ত আৰু বিজ্ঞ ব্যক্তি। তেওঁৰ নিজৰ বিচাৰ-বুদ্ধি অনুযায়ী শিক্ষাৰ্থীক শাস্তি বা পুৰষ্কাৰ দিব পাৰে। যিয়ে নহওক, আধুনিক গণতান্ত্ৰিক সমাজত শিক্ষকৰ বিধিসঙ্গত ক্ষমতা ধীৰে ধীৰে ক্ষয় হ’বলৈ ধৰিছে প্ৰশাসকসকলৰ প্ৰাধিকাৰৰ বাবে। তুলনামূলকভাৱে আজিকালিৰ শিক্ষানুষ্ঠানসমূহত অতীতৰ শিক্ষানুষ্ঠানসমূহতকৈ বেছি পাৰস্পৰিক ক্ৰিয়াৰ সৃষ্টি হোৱা বুলি ক’ব পাৰি।

এইক্ষেত্ৰত আমি জ্ঞানৰ মনোভাৱ আৰু মৰ্যাদাৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ কিছুমান নিশ্চিত চূড়ান্ততা থাকিলেহে শিক্ষকে ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। যদি এইবোৰ সম্ভাৱ্য আৰু পৰীক্ষামূলক হয় তেতিয়াহ’লে শিক্ষকৰ বিধিসন্মত ক্ষমতা দিনক দিনে আংশিকভাৱে ক্ষয় হৈ পৰে।

অতীতত শিক্ষকৰ বক্তব্যসমূহ অব্যৰ্থ আছিল আৰু কোনোৱে প্ৰশ্নৰ অৱতাৰণা নকৰিছিল। তেওঁৰ বাগ্মীতাৰ প্ৰতি শ্ৰদ্ধা আৰু আধিপত্যতাৰ প্ৰতি সকলো আনুগত্য আছিল। বৰ্তমান সময়ত জ্ঞান আহৰণৰ পদ্ধতিৰ সলনি হৈছে আৰু বহুকল্পিত, পৰীক্ষামূলক আৰু সৃষ্টিধৰ্মীতাত পৰিণত হৈছে। সেয়েহে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ পৰস্পৰ সম্বন্ধ অনানুষ্ঠানিক, আস্থাহীন, কম ঘনিষ্ঠ আৰু কম ভয়ৰ ভাবৰ মাধ্যমেৰে আগুৱাই যাবলৈ ধৰিছে।

আগতে সমাজত শিক্ষকৰ প্ৰতিৰূপ উচ্চস্তৰৰ আছিল। আনকি ৰাজকুমাৰসকলেও গুৰুৰ ওচৰত নত হৈ পৰিছিল। এজন পণ্ডিত যেতিয়া ৰাজ আদালতলৈ আহিছিল তেতিয়া আনকি ৰজাই নিজৰ আসন ত্যাগ কৰি উঠি আহিছিল। আজিৰ সংকুচিত শিক্ষা ব্যৱস্থাই শিক্ষকক এজন সমাজৰ নিঃকিন বৃত্তিধাৰী ব্যক্তি হিচাপে পৰিগণিত কৰিছে। সমাজৰ ক্ষয়সাধন, শিক্ষকৰ প্ৰতিৰূপে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ স্বৰূপ সলনি কৰি পেলাইছে।

বৰ্তমান সময়ৰ শিক্ষকসকলৰ আত্ম প্ৰতিৰূপে সমাজত বিশেষ ক্ৰিয়াৰ সৃষ্টি কৰা দেখা নাযায়। তেখেতসকলক বৃত্তিধাৰী ব্যক্তি হিচাপে সমাজত সমান মৰ্যাদা দিয়া হয় যদিও তেওঁলোকে জ্ঞান আহৰণৰ মনোভাৱৰ মাধ্যমেৰে বৰ্তি থাকে। তেওঁ হ’ল সমাজৰ সদস্যসকলৰ এজন। তেওঁ শ্ৰেষ্ঠও নহয় আৰু হীন ব্যক্তিও নহয়। ছাত্ৰসকলৰ আত্ম প্ৰতিৰূপ শক্তিশালী কৰি তুলিবলৈ হ’লে শিষ্যই মানিবলগীয়া সকলো নিয়ম-কানুনৰ অন্তৰ্ভুক্তি হৈ শিক্ষকক মানিব লাগিব তেতিয়াহে জীৱনৰ লক্ষ্য পৰিপূৰ্ণ হ’ব।

শিক্ষক আৰু শিক্ষাৰ্থীৰ পৰস্পৰ সম্বন্ধৰ সলনি হৈছে শিক্ষকৰ শিক্ষাৰ দিশত ভূমিকা বদলি হোৱাৰ বাবে। আগতে শিক্ষক স্বাধীনচিতীয়া আৰু সাৰ্বভৌম আছিল। কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থা প্ৰশাসন, চৰকাৰ, বহল সমাজ আৰু আনকি কিছুক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ওপৰতো নিৰ্ভৰশীল। এই ভূমিকাটোৰো সলনি প্ৰাথমিক, মাধ্যমিক, বিশ্ববিদ্যালয় অনযায়ী হৈ থাকে। শিক্ষানুষ্ঠানসমূহৰ ধৰণ অনুযায়ী প্ৰশাসন আৰু সংগঠন বেলেগ। সেই প্ৰশাসন আৰু সংগঠন ভেদে যেনেকৈ ব্যক্তিগত, ৰাজহুৱা, ধৰ্মীয় আৰু চৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে, সেইদৰে শিক্ষকৰ ভূমিকাৰো বিভিন্নতা পৰিলক্ষিত হয়। শিক্ষকসকলৰ ব্যক্তিত্বৰ সংলক্ষণ, জ্যেষ্ঠতা, শিক্ষাৰ অৰ্হতা, মৰ্যাদা, আৰ্থিক অৱস্থা আৰু অন্যান্য উপাদানসমূহেও ভিন্নভাৱে প্ৰশাসিত কৰে। শিক্ষা সমাজবিদসকলে এই ভূমিকাৰ পৰিৱৰ্তনসমূহ ফঁহিয়াই বিশ্লেষণ কৰি ফলশ্ৰুতি নিৰ্ণয় কৰিবলৈ বিচাৰে।

আধুনিক জগতৰ শিক্ষা ব্যৱস্থাত সকলো শিক্ষানুষ্ঠানে যিহেতু চৰকাৰৰ তৰফৰ পৰা সাহাৰ্য লাভ কৰিবলৈ সক্ষম হৈছে, সেয়েহে শিক্ষাৰ প্ৰকাৰ আৰু ধাৰণাসমূহ এক কৰি পাঠ্যক্ৰমসমূহৰ মানদণ্ড, শিক্ষা পদ্ধতি, শিক্ষাদানৰ নীতিসমূহৰ মূল্যায়ন আদি নিৰ্ধাৰণ কৰিছে। সকলোবোৰ শিক্ষা পৰিষদে যেনে মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, বিশ্ববিদ্যালয় আদিৰ পৰীক্ষা তথা মূল্যায়নৰ ব্যৱস্থা একেধৰণে সংগঠিত কৰে সকলোবোৰ অনুষ্ঠানৰ বাবে। মানদণ্ড নিৰ্ধাৰণৰ এই প্ৰকাৰসমূহে শিক্ষকসকলৰ ব্যক্তিগত গুণসমূহ আৰু পাণ্ডিত্যৰ মূল্য বৰ্জন কৰায়। শিক্ষক আৰু শিক্ষাৰ্থীসকলে পাঠ্যপুথিৰ ওপৰতো অধিক গুৰুত্ব দিয়ে আৰু সহায়ক কিতাপসমূহৰ মাধ্যমেৰে পৰীক্ষামুখী লক্ষ্যত অৱতীৰ্ণ হৈ পৰে।

আমি ওপৰত শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰসমূহ বহুলভাৱে আলোচনা কৰি সিদ্ধান্তলৈ আহিব পাৰো যে বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত গঢ়ি উঠা পাৰস্পৰিক ক্ৰিয়া দিনকদিনে জটিল হৈ পৰিছে আৰু পূৰ্ণগতিত পৰিৱৰ্তন হ’ব ধৰিছে। শিক্ষা সমাজবিজ্ঞানৰ দ্বাৰা ইয়াৰ পুনৰ্বিন্যাস কৰাৰ প্ৰয়োজন হ’ব।

শিক্ষা সমাজবিজ্ঞানৰ আন আন বিষয়সমূহৰ লগত সম্বন্ধঃ

প্ৰকৃত সমাজবিজ্ঞানৰ এটি অংশ হিচাপে শিক্ষা সমাজবিজ্ঞানৰ ক্ষেত্ৰ বিস্তৃত হৈ পৰিছে। শিক্ষা সমাজবিজ্ঞান আৰু অন্যান্য বিষয়সমূহৰ লগতো পৰস্পৰ সম্বন্ধ পৰিলক্ষিত হৈ পৰিছে। আমি তলত দিয়া ধৰণে শিক্ষা সমাজবিজ্ঞানৰ অন্যান্য বিষয়সমূহৰ লগত গঢ়ি উঠা সম্বন্ধ উল্লেখ কৰিব পাৰো।

ইতিহাসৰ সৈতে সম্বন্ধঃ

শিক্ষা সমাজবিজ্ঞান ইতিহাস অথবা বুৰঞ্জীৰ লগত বিশেষভাৱে জড়িত হৈ আছে। ইতিহাসে অতীতৰ ঘটনাৰাজিৰ লগত সামাজিক গোটসমূহক আধুনিক সময়লৈ সাৱলীল গতিৰে কঢ়িয়াই আনি সমাজ পৰিৱৰ্তনত সহায় কৰে। ইতিহাসৰ জ্ঞানে সমাজবিজ্ঞানত সামাজিক শক্তি, তাৰ প্ৰকৃতি, ধাৰণা আৰু কৰ্মপন্থাৰ অন্তৰ্নিহিত জ্ঞান দিয়ে। বৰ্তমান সমাজত সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত শৈক্ষিক সমস্যাসমূহ দূৰ কৰাৰ বাবে অতীতৰ শিক্ষাৰ ধাৰণাই যথেষ্ট সহায় কৰিবলৈ সক্ষম হয়।

বিজ্ঞানৰ লগত সম্বন্ধঃ

শিক্ষা সমাজবিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জাগতিক বিজ্ঞানৰ লগত জ্ঞান বিস্তাৰৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত। জীৱবিদ্যা অধ্যয়নৰ দ্বাৰা ব্যক্তিত্ব আৰু ব্যক্তিৰ বিষয়ে বিস্তৃত জ্ঞান আহৰণ কৰিব পাৰি। এই জ্ঞানসমূহ শিক্ষা সমাজবিজ্ঞানত বিশেষভাৱে সহায়ক। এইটো নিঃসন্দেহে ক’ব পাৰি যে শিক্ষণ প্ৰক্ৰিয়া সমাজবিজ্ঞান আৰু জীৱবিজ্ঞানৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। কিন্তু কিছুসংখ্যক ধাৰণাই সমাজবিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত অন্য এটা ৰূপ দেখুওৱা দেখা যায়। উদাহৰণস্বৰূপে ব্যক্তিৰ আচৰণৰ ক্ষেত্ৰত জীৱবিদ্যাই গুৰুত্ব দিয়ে বংশগতিৰ ওপৰত। কিন্তু আনহাতে সমাজবিজ্ঞানে গুৰুত্ব দিয়ে সামাজিক ধাৰণাৰ ওপৰতহে।

বংশগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ব্যক্তিৰ বিশেষ বিকাশ হয় ভাল সামাজিক পৰিৱেশৰ মাজতহে। সেয়েহে সমাজবিজ্ঞানীসকলৰ মতে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বংশগতি আৰু ভাল সামাজিক পৰিৱেশৰ আৱশ্যকতা আছে। যদিও মানুহে জন্মতে বহুতো গুণ লৈ আহে তথাপি সমন্বয় বিকাশৰ ক্ষেত্ৰত পৰিৱেশহে বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমান সমাজৰ বিভিন্ন বৈজ্ঞানিক অৱদানসমূহ জাতিসমূহৰ পৰাই নিৰ্গত হোৱা ভাব মাথোন। তেওঁলোকে মানৱ জীৱনক প্ৰকাশিত কৰাৰ লগতে স্থিতিৰ ক্ষেত্ৰতো এটা নতুন ধাৰণা উদ্ভৱ কৰে। প্ৰযুক্তিবিদ্যা, চিকিৎসাবিদ্যা আৰু কাৰিকৰী শিক্ষাৰ বিকাশেই সামাজিক জীৱনৰ ক্ষেত্ৰত এটা নতুন দিশৰ সূচনা কৰে আৰু এইবোৰেই পৰম্পৰাগত সমাজক আধুনিক সমাজলৈ ৰূপান্তৰিত হোৱাত সহায় কৰিছে।

মনোবিজ্ঞানৰ লগত সম্বন্ধঃ

মনোবিজ্ঞানৰ লগত সমাজবিজ্ঞানৰ নিবিড় সম্পৰ্ক আছে। মনোবিজ্ঞানে অধ্যয়ন কৰে মানুহৰ জীৱন-ধাৰণ আৰু আচৰণৰ ওপৰত। বংশগতি আৰু পৰিৱেশৰ ক্ষেত্ৰত ব্যক্তিয়ে যিখিনি লাভ কৰে, সেই গোটেইখিনিৰ প্ৰভাৱৰ বিষয় মনোবিজ্ঞানত বিশ্লেষিত আৰু আলোচিত হয়। মনোবিজ্ঞানে বংশগতিৰ নিয়ম-কানুন, আৱেগ, অনুভূতি, অভিপ্ৰায়, সহজাত প্ৰবৃত্তি আদিয়ৰ বিষয়ে অধ্যয়ন কৰে। ইয়াৰ উপৰিও ব্যক্তিৰ অৱচেতন মনৰ ওপৰতো ইয়াৰ প্ৰভাৱ বিস্তৃত। এই গোটেইবিলাক ধ্যান-ধাৰণাৰ মাধ্যমেৰে গোটেই শিক্ষা প্ৰকল্পটোকে সহজ আৰু স্বাস্থ্যকৰ কৰি তোলাত মনোবিজ্ঞানে সহায় কৰে। শিক্ষা মনোবিজ্ঞানে শিক্ষা আৰু প্ৰশিক্ষণ কি অৱস্থাত বৰ্ণিত হ’ব সেই বিষয়ে আধুনিক ধাৰণা দিয়ে।

সামাজিক নীতিসমূহক শিক্ষণ প্ৰক্ৰিয়াত মনোবিজ্ঞানে সমন্বিত কৰায়। সেয়েহে আমি ক’ব পাৰো যে দুয়োটা বিষয় শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। দুয়োটা বিষয়ে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত পোহৰ সঞ্চাৰিত কৰে। মনোবিজ্ঞানে চেতন আৰু অৱচেতন মনৰ ক্ষেত্ৰত অধ্যয়ন কৰাৰ লগতে মানৱ ব্যক্তিত্বৰ বিষয়েও বুজ লয়। আনহাতে শিক্ষা সমাজবিজ্ঞানে সামাজিক দৃষ্টিকোণৰ মাধ্যমেৰে মানৱ ব্যক্তিত্বৰ বিষয়ে বুজ লয়। বহল দৃষ্টিভংগীৰ পৰা দেখিবলৈ পোৱা যায় যে সমাজবিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত বিশেষ অমিল একো নাই আৰু দুয়োটা বিষয়তে জীৱনসমূহ নিজে জড়িত।

আধুনিক শিক্ষা মনোবিজ্ঞানে পৰিয়াল, স্কুল আৰু সমাজৰ য’ত সামাজিক পৰিৱেশ নাই তাৰ বিষয়েহে অধ্যয়ন কৰে। ওপৰত উল্লেখ কৰিছো যে মানুহৰ অন্তৰ্নিহিত শক্তিসমূহৰ বিভিন্নতাৰ বিষয়ে মনোবিজ্ঞানে শিক্ষাত প্ৰভাৱ পেলায়। ই মানৱ জীৱনৰ আৱশ্যকতা, অনুভূতি, আৱেগ আদিৰ বিষয়ে অধ্যয়ন কৰাৰ উপৰিও অভ্যাস, শিক্ষণ, চৰিত্ৰ, অভিৰোচন আদিৰ ক্ষেত্ৰতো ইয়াৰ অধ্যয়ন সন্নিৱিষ্ট। শিক্ষা সমাজবিজ্ঞানো সেই দিশৰ পৰাই বিশেষ লাভাৱান্বিত হয়। মনোবিশ্লেষকসকলে অৱচেতন মনৰ অধিকাৰী ব্যক্তিসকলক ব্যক্তি বৈষম্যই প্ৰভাৱান্বিত কৰাৰ লগতে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত সহায়ক হৈ পৰে বুলি কৈছে।

শিক্ষা মনোবিজ্ঞানে মনোবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰকৃতি আৰু ইয়াৰ বিচলনসমূহক ব্যক্তি আৰু সমাজৰ লগত জড়িত কৰে। মনোবিজ্ঞান শিক্ষা সমাজবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আহিলা।

সাংস্কৃতিক নৃতত্ব বিজ্ঞানৰ লগত সম্বন্ধঃ

বৰ্তমান সমাজত সাংস্কৃতিক নৃতত্ব বিজ্ঞানৰ লগত শিক্ষাৰ এটা ওতঃপ্ৰোত সম্বন্ধ গঢ়ি উঠিছে। এই সম্বন্ধটো শিক্ষা সমাজবিজ্ঞানৰ লগতো নিৱদ্ধ হৈছে। শিক্ষাৰ মাধ্যমেৰে বিভিন্ন ঠাইৰ সাংস্কৃতিক পৰম্পৰাৰ বিনিময় হৈছে। পশ্চিমীয়া দেশবোৰতো পশ্চিমৰ আৰু ভাৰতৰ সংস্কৃতি বিয়পি পৰিছে। একেবাৰে ভিতৰৰ প্ৰজাতিবোৰেও তেওঁলোকৰ নিজা পৰম্পৰা, ৰীতি-নীতিৰ লগত আনৰ সংস্কৃতি ধাৰ কৰি এটি নতুন সংস্কৃতি সৃষ্টি কৰিছে। এইক্ষেত্ৰত আমি মধ্যপ্ৰদেশ আৰু উৰিষ্যাৰ উপজাতি, পূৰ্বাঞ্চলৰ নগাবিলাক আৰু তিব্বতৰ খাম্পাচবিলাকৰ কথা উল্লেখ কৰিব পাৰো। আধুনিক জীৱনৰ ধাৰণা তেওঁলোকে আকোঁৱালি লৈছে। এই গোটেই দিশত শিক্ষাই বিভিন্ন ধৰণে সহায় কৰাৰ বিনিময়ত সাংস্কৃতিক নৃতত্বৰ বিকাশ সম্ভৱপৰ হৈ পৰিছে।

নৃতত্ববিদসকল মানুহৰ আচৰণৰ লগত বিশেষভাৱে জড়িত। তেওঁলোকে মানুহৰ জীৱনৰ ধাৰণাৰ প্ৰতি আগ্ৰহ আৰু আচৰণৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰি সাংস্কৃতিক পৰম্পৰাৰ বিষয়ে অধ্যয়নৰত হৈ পৰিছিল। আমি সাংস্কৃতিক নৃতত্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন সমাজবিদৰ উক্তি উল্লেখ কৰিব পাৰো। তাৰোপৰি নৃতত্ববিদসকলে এইক্ষেত্ৰত লোৱা ভূমিকাও অতি গুৰুত্বপূৰ্ণ। ‘স্পিন্দলাৰ’ নামৰ মনিষী এগৰাকীয়ে উল্লেখ কৰিছে- “Anthropology as the study of a man and his works with its traditional interest in cultural process and in language, race and human evolution, is a potential contributor of a good general education at all levels of educational experience.”

শিক্ষা সমাজবিজ্ঞানে শিক্ষাৰ প্ৰক্ৰিয়াসমূহৰ মাধ্যমেৰে শিশুসকলক সামাজিকৰণ কৰাত সহায় কৰে। এই সামাজিকৰণ ব্যৱস্থা সাংস্কৃতিক প্ৰক্ৰিয়াসমূহৰ ওপৰত নিৰ্ভৰশীল। শিশুসকল যি সমাজত বাস কৰে তাৰ সাংস্কৃতিক দিশটো সেই সমাজৰ পৰাই তেওঁলোকে আহৰণ কৰে। জ্ঞান আৰু প্ৰক্ৰিয়াসমূহ সাংস্কৃতিক নৃতত্ববিজ্ঞানৰেই অৱদান বুলি ক’ব পাৰি।

শিক্ষা আৰু সমাজবিজ্ঞানৰ সম্পৰ্কঃ

সামাজিক দৃষ্টিকোণৰ পৰা শিক্ষাৰ আৱশ্যকতা প্ৰথমে নিৰ্ণয় কৰিছিল ‘এমিল ডাৰ্কহেইম’ নামৰ মনিষীজনে তেখেতে কৈছিল যে,- “To be something essentially social in character in its origin and its functions, and that as a result the theory of education relates more clearly to sociology than to any other science.” তেওঁ কৈছিল যে শিক্ষা এটা একে ঠাইতে ৰৈ থকা বস্তু নহয়। ই পৰিৱৰ্তনৰ লগে লগে বিভিন্ন দিশ সন্নিৱিষ্ট কৰে। সেয়েহে শিক্ষাৰ সামাজিক দৃষ্টিকোণৰ পৰা অধ্যয়নৰ আৱশ্যক। প্ৰত্যেকখন সমাজে তেওঁলোকৰ সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাসমূহ শিক্ষাৰ আহিলা হিচাপে লৈ বিকাশ লাভ কৰাৰ চেষ্টা কৰিছে। প্ৰয়োজনীয়তাৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰো পৰিৱৰ্তন সম্ভৱপৰ হৈ পৰিছে। প্ৰত্যেখন সমাজৰ প্ৰয়োজনসমূহ বেলেগ বেলেগ। সেইবাবেই বিভিন্ন সমাজৰ শিক্ষাৰ আৱশ্যকতাও বেলেগ বেলেগ। সাংস্কৃতিক প্ৰয়োজনীয়তাসমূহৰ বাবেই শিক্ষাৰ ধাৰণা সমাজখনৰ এটা মুখ্য আহিলাত পৰিগণিত হয় আৰু সমাজৰ বিকাশত ভেটি স্বৰূপে ই গঢ় লয়।

শিক্ষা সমাজবিজ্ঞান প্ৰকৃত সমাজবিজ্ঞানৰ যিহেতু এটা অংগ, ই সমাজ আৰু শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে নিৰ্দিষ্ট ধাৰণাত প্ৰসূত হৈ পৰে। শিক্ষা সমাজবিজ্ঞান, সমাজবিজ্ঞান অধ্যয়নসমূহৰ উল্লেখযোগ্য অংগস্বৰূপে বিভিন্ন শিক্ষা প্ৰক্ৰিয়াসমূহৰ মাজেৰে এটা সুনিশ্চিত অৱস্থাত উপনীত হোৱা দেখা যায়। এই বিষয়টো বৰ্তমান সমাজত অতি বহুলভাৱে সম্প্ৰসাৰিত হৈ পৰিছে। শিক্ষা মনোবিজ্ঞান মানৱ ব্যক্তিত্বৰ লগত বিশেষভাৱে জড়িত। মনোবৈজ্ঞানিক ‘স্কিনাৰে’ কৈছিল- “Educational Psychology utilizes those flndings that deal specifically with the experiences and behaviour of human beings to educational situations.”

শিক্ষা হ’ল এটা মানসিক বিকাশৰ প্ৰক্ৰিয়া। শিক্ষা মনোবিজ্ঞান মানসিক বিকাশৰ প্ৰক্ৰিয়াৰ লগতে বিভিন্ন সামাজিক প্ৰক্ৰিয়াৰ লগতো জড়িত। ‘জুদ’ নামৰ বিখ্যাত মনোবৈজ্ঞানিকজনে লিখিছে- “Education Psychology may be defined as the science which describes and explains the change that take place in individuals as they pass through various stages of development from birth to maturity.”

শিক্ষা সমাজবিজ্ঞানৰ মূল্য তথা উপকাৰিতাঃ

শিক্ষা সমাজবিজ্ঞানৰ মূল্য অপৰিসীম। শিক্ষা সমাজবিজ্ঞানৰ প্ৰৱণতাই বৃত্তিধাৰী শিক্ষাৰ মাধ্যমেৰে যাতে শিশুৱে নিজৰ জীৱন ধাৰণৰ পথ বাছি ল’বলৈ সমৰ্থৱান হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজবিজ্ঞানৰ প্ৰৱণতাই ব্যক্তিবাদক বিৰোধিতা কৰে আৰু ইয়াৰ সৃষ্টি হৈছে ব্যক্তিবাদৰ বিৰুদ্ধেহে। ই গুৰুত্ব দিয়ে সমাজৰ ওপৰতহে, ব্যক্তিৰ ওপৰত নহয়। শিক্ষাৰ সহায়ত সমাজকল্যাণৰ লক্ষ্যই হ’ল সমাজবিজ্ঞানৰ প্ৰৱণতা। শিশুসকলক মুক্ত আৰু বাধ্যতামূলক শিক্ষাৰ মাধ্যমেৰে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব। তেতিয়াহে তেওঁলোকে সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে পৰিগণিত হ’ব। সমাজবিজ্ঞানৰ প্ৰৱণতাই গণতন্ত্ৰক বিশ্বাস কৰে। এখন গণতান্ত্ৰিক দেশত শিক্ষা সম্প্ৰসাৰিত হয় ৰাষ্ট্ৰ আৰু সমাজৰ পৰস্পৰ সমন্বয়ৰ মাধ্যমেৰে। ইয়াৰ উপৰিও এখন গণতন্ত্ৰ নিৰ্ভৰ কৰে সেই ৰাষ্ট্ৰখনৰ নাগৰিকসকলৰ শিক্ষাৰ ওপৰত। সমাজবিজ্ঞানৰ প্ৰৱণতাই সামাজিক সমস্যাসমূহৰ ব্যাখ্যা কৰে আৰু সেই সমস্যাসমূহ শিক্ষাৰ মাধ্যমত সমাধান কৰা পথৰ নিৰ্দেশনা দিয়ে। শিক্ষাৰ মাধ্যমত সমাজসমূহৰ সংস্কাৰ সাধন সম্ভৱপৰ হয়। এটা নতুন গোষ্ঠী সৃষ্টি কৰে আৰু সেই গোষ্ঠীটোৱে পূৰ্বপুৰুষসকলৰ সকলো দোষ-ত্ৰুটি পৰিহাৰ কৰি লয়। সমাজতান্ত্ৰিক শিক্ষাৰ লক্ষ্যই সামাজিক জীৱনৰ মানদণ্ড উন্নত কৰে আৰু শিশুসকলৰ সামগ্ৰিক বিকাশত অধিক সহায় কৰে। শিক্ষাই শিশুসকলক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব যাতে সেই শিশুসকলৰ দ্বাৰা সমাজৰ দায়িত্ববোধৰ পৰিপূৰ্ণতা আহে। যদি এইটো কৰিবলৈ শিকা অপাৰগ বা অসমৰ্থ হয় তেতিয়া আমি শিক্ষাৰ মূল্য আৰু উপকাৰিতা আছে বুলি ক’ব নোৱাৰিম। শিক্ষাত সমাজবিজ্ঞানৰ প্ৰৱণতাই আন আন সমাজবিজ্ঞানৰ বিষয়সমূহৰ সৈতে সংযোগ স্থাপন কৰে। তাৰ ফলস্বৰূপে শিশুৱে সমাজৰ সমস্যাসমূহ আৰু সামাজিক দৃশ্যমানবিশিষ্ট বস্তুসমূহ বুজিবলৈ সক্ষম হয়। এই বোধগম্যতাই সমাজকল্যাণৰ দিশত আৱশ্যকীয় স্পষ্ট অৱদান আগবঢ়োৱাৰ উদ্গনি দিয়ে। স্কুলৰ চাৰিসীমাৰ ভিতৰতে সামাজিক জীৱনৰ মূল্যবোধৰ ধাৰণা শিশুৰ মনত গঢ়ি উঠা দৰকাৰ আৰু ই সম্ভৱ হৈ পৰিব সমাজবিজ্ঞানৰ প্ৰৱণতাৰ ফলস্বৰূপেহে। সেয়ে স্কুলৰ সংগঠক আৰু প্ৰশাসকসকলে ছাত্ৰসকলৰ মাজত ছাত্ৰ সকলৰ নিজা চৰকাৰ আৰু সমিতি আদি গঠন কৰাৰ উদ্গনি দিব লাগিব। তেতিয়াহে তেওঁলোকে পিছৰ জীৱনৰ সামাজিক দিশৰ বাবে প্ৰস্তুত হ’ব পাৰিব। সমাজৰ বিকাশ তথা প্ৰগতিৰ মূল আহিলা হ’ল শিক্ষা। সমাজবিজ্ঞানীসকলৰ মতে শিক্ষাই হ’ল আটাইতকৈ উত্তম উপায় যিটোৰ দ্বাৰা আত্মশাসন, সামাজিক পৰিৱৰ্তন আৰু চূড়ান্তভাৱে সামাজিক বিকাশ সম্ভৱপৰ হয়। সমাজৰ বিকাশৰ বাবে যি সামাজিক পৰিৱৰ্তন আৱশ্যক হয় সেই পৰিৱৰ্তন শিক্ষাৰ মাধ্যমেৰেহে আনিব পাৰি। শিক্ষাৰ দ্বাৰাই আত্মনিয়ন্ত্ৰণ হয় আৰু সেই আত্মনিয়ন্ত্ৰণে পৰিপূৰ্ণতা আনে। সামাজিক নিয়ন্ত্ৰণৰ কাৰক হ’ল শিক্ষা, ই ব্যক্তিসকলক সামাজিকৰণ কৰাত সহায় কৰে।

শিক্ষাৰ ওপৰত সমাজবিজ্ঞানৰ প্ৰভাৱঃ

আমি ওপৰত আলোচনা কৰা সকলো দিশৰ পৰা বুজিবলৈ সক্ষম হ’লো যে সমাজবিজ্ঞানৰ প্ৰৱণতাইহে শিক্ষাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। সেই বিস্তৃত প্ৰভাৱ শিক্ষাৰ অৰ্থ, শিক্ষাৰ লক্ষ্য, শিক্ষাৰ কাম, পাঠ্য, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি আৰু বিদ্যালয় সংগঠনত প্ৰতিফলিত হৈছে।

v  প্ৰথমতে, আমি দেখিবলৈ পাইছো যে সমাজবিজ্ঞানৰ প্ৰভাৱ শিক্ষাৰ অৰ্থৰ ওপৰত পৰিছে। শিক্ষা সমাজবিজ্ঞানীসকলৰ মতে শিক্ষা হ’ল এটা সামাজিক প্ৰক্ৰিয়া। ই শিশুসকলক সামাজিকৰণ কৰাত সহায় কৰাৰ লগতে শিশুসকলৰ আচৰণ পৰিৱৰ্তনৰ কাৰণ হিচাপেও পৰিগণিত হয়। শিক্ষাৰ সংজ্ঞা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সমাজবিজ্ঞানৰ প্ৰভাৱ যথেষ্ট আৰু সমাজবিজ্ঞানীসকলে অৰ্থ নিৰ্ণয়ৰ বাবে বিভিন্ন সামাজিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

v  দ্বিতীয়তে, শিক্ষাৰ উদ্দেশ্যৰ ওপৰত সমাজবিজ্ঞানৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। চিন্তাবিদসকলে কৈছে যে, শিশুৱে সামাজিক দিশত যিবিলাক গুণ আহৰণ কৰে সেই গুণসমূহে শিক্ষাৰ লক্ষ্যত প্ৰভাৱ পেলায়। সামাজিক অনুভূতিসমূহ উপলব্ধি কৰাৰ লগে লগে তেওঁলোকে সমাজৰ প্ৰতি থকা দায়িত্বৰ বুজ পায় আৰু একোখন ৰাষ্ট্ৰৰ আদৰ্শ নাগৰিক হিচাপে পৰিগণিত হৈ পৰে। তেওঁলোকে কৰ্তব্যসমূহ পৰিপূৰ্ণ কৰাৰ প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হয়।

v  তৃতীয়তে, আমি দেখিবলৈ পাওঁ যে শিক্ষাৰ কামসমূহ সম্পাদন কৰোঁতেও সমাজবিজ্ঞানৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। শিক্ষাৰ কামসমূহ ফঁহিয়াই চাওঁতে শিক্ষা সমাজবিজ্ঞানীসকলে শিক্ষাৰ সামাজিক কামসমূহৰ ওপৰতেই অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়, শিক্ষা সমাজবিজ্ঞানী ‘মনৰোৱে’ তেওঁৰ অমূল্য গ্ৰন্থ ‘Brief course in the History of Education’-ত তলত দিয়া চাৰিবিধ শিক্ষাৰ কামৰ কথা বৰ্ণনা কৰিছে।

(ক) শিক্ষাৰ প্ৰধান কাম হ’ল জ্ঞানৰ প্ৰসাৰ কৰা। এই জ্ঞানৰ প্ৰসাৰৰ মাধ্যমেৰে সকলো ধৰণৰ জ্ঞান শিশুৰ মনত প্ৰতিফলিত কৰা হয়। জ্ঞানৰ প্ৰসাৰতাই শিশুৰ মনৰ বিকাশ সাধন কৰে আৰু ইয়াৰ বাহিৰে আনৰ দ্বাৰা সম্ভৱপৰ নহয়।

(খ) শিক্ষাৰ অন্য এটা কাম হ’ল সামাজিক নিয়ন্ত্ৰণ। শিশুৱে অনুষ্ঠানৰ মাধ্যমেৰে সামাজিকৰণ প্ৰক্ৰিয়াত সোমাই পৰে আৰু সামাজিক নিয়ন্ত্ৰণৰ শিক্ষালাভ কৰিবলৈ সক্ষম হয়। শিক্ষাৰ মাজেৰে আহৰণ কৰা সামাজিক নিয়ন্ত্ৰণৰ পৰা আত্মনিয়ন্ত্ৰণৰ উপলব্ধি হয় আৰু তাক গ্ৰহণ কৰাত শিশুৱে কোনো ধৰণৰ বাধা নাপায়। সেয়েহে আমি ক’ব পাৰো যে প্ৰত্যেকখন সমাজত বিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই বিদ্যালয়সমূহৰ শিক্ষা প্ৰক্ৰিয়াৰ মাধ্যমত নবীন যুৱকসকলে সামাজিক নিয়ন্ত্ৰণৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।

(গ) শিক্ষাই সামাজিক উত্তৰাধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে। শিক্ষা প্ৰক্ৰিয়াৰ মাধ্যমত এটা বংশৰ পৰা আন এটা বংশলৈ উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্তি সামাজিক দিশসমূহক বিষয়ান্তকৰণ কৰা হয়। নতুন বংশধৰসকলে শিক্ষাৰ মাধ্যমেৰে সমাজৰ সংস্কৃতি আৰু সভ্যতাৰ লগত সম্বন্ধ স্থাপন কৰে। এওঁলোকে সংস্কৃতিৰ জ্ঞান লাভ কৰি ভৱিষ্যতলৈ আঁকোৱালি লয়। সেই বংশধৰসকলেই সামাজিক উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্তি দিশসমূহৰ ওপৰত নিজস্ব অৱদান আনে আৰু ভৱিষ্যৎ বংশধৰসকলৰ বাবে সংৰক্ষণ কৰে।

(ঘ) সামাজিক বিকাশ সাধন কৰা শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য। সামাজিক বিকাশ অবিহনে ব্যক্তিৰ বিকাশ সম্ভৱ হ’ব নোৱাৰে। বিদ্যালয়খন হ’ল এখন ক্ষুদ্ৰ সমাজ। এই সমাজৰ মাধ্যমেৰে শিক্ষকে শিক্ষাৰ্থীৰ ওপৰত এটা সুস্থ সামাজিক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু শিশুৰ মনৰ ওপৰত এখন সুন্দৰ ছবি দাঙি ধৰে। বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰলৈ যোৱাৰ পিছতো শিক্ষাৰ্থীসকলে সেই সুন্দৰ ছবি আৰু সুন্দৰ পৰিৱেশৰ প্ৰতিৰূপমালাক আগত ৰাখি সমাজত প্ৰকৃততে প্ৰতিফলন কৰিবলৈ চেষ্টা কৰে। শিক্ষাৰ মাধ্যমত ব্যক্তিসকল বিকশিত হয় আৰু সুনাগৰিকৰ সকলো গুণ আহৰণ কৰে। যেতিয়া সমাজৰ সকলো নাগৰিকে এই গুণবোৰ আহৰণ কৰিব তেতিয়া স্বাভাৱিকতে সমাজখনৰ সৰ্বাঙ্গীন বিকাশ সাধন হ’ব।

v  চতুৰ্থতে, শিক্ষা সমাজবিজ্ঞানীসকলে পাঠ্যক্ৰম পুনৰ্গঠনৰ ক্ষেত্ৰত বহুসংখ্যক মূল্যৱান উপদেশ আগবঢ়াইছে। তেওঁলোকে ঈঙ্গিত দিছে যে পাঠ্যক্ৰম সামাজিক আদৰ্শ আৰু মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত। পাঠ্যক্ৰমত সামাজিক বিষয়সমূহৰ প্ৰৱেশ কৰাব লাগিব। লগতে সমষ্টিগত কৰ্মৰ ওপৰতো গুৰুত্ব দিব লাগিব। সমাজৰ প্ৰয়োজন অনুযায়ী সময়ে সময়ে পাঠ্যক্ৰমৰ সংশোধন কৰা দৰকাৰ। পাঠ্যক্ৰমে ব্যক্তিসকলক সমাজৰ সেৱক হিচাপে শিক্ষিত কৰি তুলি পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰাতো সহায় কৰে। সেয়েহে পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে বৃত্তিমূলক আৰু বিজ্ঞানসন্মত বিষয়বোৰ নিৰ্বাচন কৰিব লাগিব। এই বিষয়সমূহৰ মাধ্যমেৰে সমাজৰ পৰিৱৰ্তন অনাৰ লগতে সামাজিক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰতো সহায়ক হ’ব।

-  পঞ্চমতে, সামাজিক প্ৰৱণতাসমূহে শিক্ষণ পদ্ধতিত সামাজিক উপাদানসমূহৰ অন্তৰ্ভুক্তিৰ কথাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অন্তৰ্ভুক্তিৰে শিক্ষাৰ দ্বাৰা শিশুসকলৰ মনত সামাজিক গুণাৱলী আৰু চেতনাবোধৰ জ্ঞান দিব পাৰি। উদাহৰণস্বৰূপে এইক্ষেত্ৰত ‘ডল্টন পদ্ধতি’ আৰু ‘পৰিকল্পনা পদ্ধতি’ৰ উল্লেখ কৰিব পাৰো। শিক্ষা মনোবিজ্ঞানে শিক্ষণ প্ৰণালী অথবা পদ্ধতি পৰিৱৰ্তনৰ ক্ষেত্ৰত সামাজিক গতিবিদ্যাৰ দিশত কিছুমান উপদেশ আগবঢ়াইছে।

-  ষষ্ঠতে, প্ৰশাসনীয় কলা-কৌশলৰ দিশত সমাজবিজ্ঞানৰ প্ৰৱণতাই প্ৰভাৱান্বিত কৰা দেখিবলৈ পাওঁ। সামাজিক প্ৰৱণতাৰ প্ৰতিফলন পৰাৰ আগতে প্ৰশাসনীয় দিশটো আছিল ব্যক্তিতান্ত্ৰিক। সমাজবিজ্ঞানৰ প্ৰভাৱ পৰাহে শিক্ষণ পদ্ধতিটো সমষ্টিগত আৰু সামাজিক হৈ পৰে। সমষ্টিগত পদ্ধতিৰ দ্বাৰা বুজা গ’ল যে প্ৰশাসন আৰু অনুশাসন ব্যৱস্থা ব্যক্তিগতৰ সলনি সমষ্টিগতহে হোৱা দেখা যায়। বিদ্যালয়, মহাবিদ্যালয়সমূহত এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি ল’ব লাগিব যিটোৰ দ্বাৰা সামাজিক অনুশাসনে শিক্ষাৰ্থীৰ মনত ব্যক্তি তথা সমাজৰ অন্যায় নোহোৱাৰ কথা প্ৰতিফলিত কৰিবলৈ সক্ষম হয়। সেইদৰে অনুশাসনৰ মাধ্যমেৰে সম্প্ৰদায়ৰ অনুভূতি জগাই তুলিব লাগিব। বহুক্ষেত্ৰত দেখিবলৈ পাইছো যে সামাজিক নিয়ন্ত্ৰণ আৰু ৰাজহুৱা মতামতৰ প্ৰভাৱেৰে অতি সুন্দৰ অনুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰি।

-  সপ্তমতে, সামাজিক প্ৰৱণতাৰ ফলস্বৰূপেই শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এটা বিপ্লৱ আৰম্ভ হৈছিল। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত বহুতো শিশু-উপযোগী স্কুল স্থাপন হৈছিল। তাৰ বেছিভাগ স্কুল আছিল শ্ৰমিকসকলৰ শিশুক শিক্ষা দিয়াৰ বাবে। ইংলেণ্ডত এইক্ষেত্ৰত ‘ৰবাৰ্ট ওৱেন’ নামৰ বিশিষ্ট ব্যক্তি এজনে গুৰুত্ব আৰোপ কৰি শ্ৰমিকসকলৰ মাজৰ শিক্ষা নোপোৱাকৈ ৰৈ থকা শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।

-  অষ্টমতে, সামাজিক প্ৰৱণতাৰ প্ৰভাৱতেই ড০ এনড্ৰুবেলে শিক্ষাত মনিটৰিয়েল ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। শ্ৰেণীৰ ওজা ছাত্ৰই তলৰ নিম্নবৰ্গৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল। তেতিয়া বেছিভাগ স্কুলত এজনীয়া শিক্ষক আছিল। এজনীয়া শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰথা প্ৰচলিত হৈছিল। ফলত বিভিন্ন দেশত মনিটৰিয়েল স্কুল স্থাপন হৈছিল।

-  নৱমতে, সমাজবিজ্ঞানৰ প্ৰভাৱত আন এটা দিশ পৰিলক্ষিত হৈছিল, সেইটো হ’ল সমাজত যাতে নিৰক্ষৰ হৈ কোনো ব্যক্তিয়েই নাথাকে। নিৰক্ষৰতা সমাজৰ পৰা দূৰ কৰাৰ অৰ্থে বয়স্ক আন্দোলনৰ সূত্ৰপাত হৈছে। সকলোপিনে সাক্ষৰতা অভিযান চলিছে আৰু তেওঁলোকৰ বাবে গধূলিৰ স্কুল-কলেজ স্থাপন হৈছে। ভাৰতবৰ্ষতো যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে।

-  দশমতে, সমাজবিজ্ঞানৰ প্ৰভাৱতেই সামাজিক শিক্ষাৰ প্ৰৱণতা সৃষ্টি হৈছে। এই সামাজিক শিক্ষাৰ দ্বাৰা ব্যক্তিসকলক পূৰ্ণতাৰ শিক্ষা দিয়াৰ উপৰিও এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিজকে সৃষ্টি কৰি নাগৰিকত্বৰ দায়িত্ব পালন কৰাত সহায় কৰে। এই শিক্ষাৰ দ্বাৰা কেৱল ব্যক্তিজনৰ বিকাশ লাভেই নহয়, তেওঁ সামাজিক একতা আৰু আদৰ্শৰ দ্বাৰাও উদ্বুদ্ধ হয়। বক্তৃতা, প্ৰদৰ্শনী, সভা-সমিতি, সামাজিক ভ্ৰমণ, সাহিত্য আদিৰ মাধ্যমত সামাজিক শিক্ষা সম্প্ৰসাৰণ কৰা হয়। এইক্ষেত্ৰত ভাৰতবৰ্ষৰ মান উল্লেখযোগ্য।

সদৌশেষত আমি নক’লে নহ’ব যে শিক্ষাৰ সকলো দায়িত্ব হৈছে ৰাষ্ট্ৰৰ। সামাজিক প্ৰৱণতাইও ইয়াকে সমাজত প্ৰতিফলিত কৰিছে। সেয়েহে দেশখনৰ নাগৰিকসকলক শিক্ষাৰ মাধ্যমেৰে জীৱন নিৰ্বাহৰ পথৰ সন্ধান দিয়াৰ লগতে সামাজিক দায়বদ্ধতা আৰু ব্যক্তিৰ বিকাশৰ পথ সুগম কৰিব লাগিব। ৰাষ্ট্ৰৰ সকলো নাগৰিকে শিক্ষা নাপালে গণতন্ত্ৰ বৰ্তি নাথাকিব। সেয়েহে ৰাষ্ট্ৰই প্ৰাথমিক, মাধ্যমিক, কাৰিকৰী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।

সমাজবিজ্ঞানৰ দৃষ্টিকোণেৰে শিক্ষাঃ

-  চতুৰ্থতে, শিক্ষা সমাজবিজ্ঞানীসকলে পাঠ্যক্ৰম পুনৰ্গঠনৰ ক্ষেত্ৰত বহুসংখ্যক মূল্যৱান উপদেশ আগবঢ়াইছে। তেওঁলোকে ঈঙ্গিত দিছে যে পাঠ্যক্ৰম সামাজিক আদৰ্শ আৰু মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত। পাঠ্যক্ৰমত সামাজিক বিষয়সমূহৰ প্ৰৱেশ কৰাব লাগিব। লগতে সমষ্টিগত কৰ্মৰ ওপৰতো গুৰুত্ব দিব লাগিব। সমাজৰ প্ৰয়োজন অনুযায়ী সময়ে সময়ে পাঠ্যক্ৰমৰ সংশোধন কৰা দৰকাৰ। পাঠ্যক্ৰমে ব্যক্তিসকলক সমাজৰ সেৱক হিচাপে শিক্ষিত কৰি তুলি পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰাতো সহায় কৰে। সেয়েহে পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে বৃত্তিমূলক আৰু বিজ্ঞানসন্মত বিষয়বোৰ নিৰ্বাচন কৰিব লাগিব। এই বিষয়সমূহৰ মাধ্যমেৰে সমাজৰ পৰিৱৰ্তন অনাৰ লগতে সামাজিক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰতো সহায়ক হ’ব।

-  পঞ্চমতে, সামাজিক প্ৰৱণতাসমূহে শিক্ষণ পদ্ধতিত সামাজিক উপাদানসমূহৰ অন্তৰ্ভুক্তিৰ কথাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অন্তৰ্ভুক্তিৰে শিক্ষাৰ দ্বাৰা শিশুসকলৰ মনত সামাজিক গুণাৱলী আৰু চেতনাবোধৰ জ্ঞান দিব পাৰি। উদাহৰণস্বৰূপে এইক্ষেত্ৰত ‘ডল্টন পদ্ধতি’ আৰু ‘পৰিকল্পনা পদ্ধতি’ৰ উল্লেখ কৰিব পাৰো। শিক্ষা মনোবিজ্ঞানে শিক্ষণ প্ৰণালী অথবা পদ্ধতি পৰিৱৰ্তনৰ ক্ষেত্ৰত সামাজিক গতিবিদ্যাৰ দিশত কিছুমান উপদেশ আগবঢ়াইছে।

-  ষষ্ঠতে, প্ৰশাসনীয় কলা-কৌশলৰ দিশত সমাজবিজ্ঞানৰ প্ৰৱণতাই প্ৰভাৱান্বিত কৰা দেখিবলৈ পাওঁ। সামাজিক প্ৰৱণতাৰ প্ৰতিফলন পৰাৰ আগতে প্ৰশাসনীয় দিশটো আছিল ব্যক্তিতান্ত্ৰিক। সমাজবিজ্ঞানৰ প্ৰভাৱ পৰাহে শিক্ষণ পদ্ধতিটো সমষ্টিগত আৰু সামাজিক হৈ পৰে। সমষ্টিগত পদ্ধতিৰ দ্বাৰা বুজা গ’ল যে প্ৰশাসন আৰু অনুশাসন ব্যৱস্থা ব্যক্তিগতৰ সলনি সমষ্টিগতহে হোৱা দেখা যায়। বিদ্যালয়, মহাবিদ্যালয়সমূহত এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি ল’ব লাগিব যিটোৰ দ্বাৰা সামাজিক অনুশাসনে শিক্ষাৰ্থীৰ মনত ব্যক্তি তথা সমাজৰ অন্যায় নোহোৱাৰ কথা প্ৰতিফলিত কৰিবলৈ সক্ষম হয়। সেইদৰে অনুশাসনৰ মাধ্যমেৰে সম্প্ৰদায়ৰ অনুভূতি জগাই তুলিব লাগিব। বহুক্ষেত্ৰত দেখিবলৈ পাইছো যে সামাজিক নিয়ন্ত্ৰণ আৰু ৰাজহুৱা মতামতৰ প্ৰভাৱেৰে অতি সুন্দৰ অনুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰি।

-  সপ্তমতে, সামাজিক প্ৰৱণতাৰ ফলস্বৰূপেই শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এটা বিপ্লৱ আৰম্ভ হৈছিল। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত বহুতো শিশু-উপযোগী স্কুল স্থাপন হৈছিল। তাৰ বেছিভাগ স্কুল আছিল শ্ৰমিকসকলৰ শিশুক শিক্ষা দিয়াৰ বাবে। ইংলেণ্ডত এইক্ষেত্ৰত ‘ৰবাৰ্ট ওৱেন’ নামৰ বিশিষ্ট ব্যক্তি এজনে গুৰুত্ব আৰোপ কৰি শ্ৰমিকসকলৰ মাজৰ শিক্ষা নোপোৱাকৈ ৰৈ থকা শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।

- অষ্টমতে, সামাজিক প্ৰৱণতাৰ প্ৰভাৱতেই ড০ এনড্ৰুবেলে শিক্ষাত মনিটৰিয়েল ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। শ্ৰেণীৰ ওজা ছাত্ৰই তলৰ নিম্নবৰ্গৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল। তেতিয়া বেছিভাগ স্কুলত এজনীয়া শিক্ষক আছিল। এজনীয়া শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰথা প্ৰচলিত হৈছিল। ফলত বিভিন্ন দেশত মনিটৰিয়েল স্কুল স্থাপন হৈছিল।

- নৱমতে, সমাজবিজ্ঞানৰ প্ৰভাৱত আন এটা দিশ পৰিলক্ষিত হৈছিল, সেইটো হ’ল সমাজত যাতে নিৰক্ষৰ হৈ কোনো ব্যক্তিয়েই নাথাকে। নিৰক্ষৰতা সমাজৰ পৰা দূৰ কৰাৰ অৰ্থে বয়স্ক আন্দোলনৰ সূত্ৰপাত হৈছে। সকলোপিনে সাক্ষৰতা অভিযান চলিছে আৰু তেওঁলোকৰ বাবে গধূলিৰ স্কুল-কলেজ স্থাপন হৈছে। ভাৰতবৰ্ষতো যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে।

-  দশমতে, সমাজবিজ্ঞানৰ প্ৰভাৱতেই সামাজিক শিক্ষাৰ প্ৰৱণতা সৃষ্টি হৈছে। এই সামাজিক শিক্ষাৰ দ্বাৰা ব্যক্তিসকলক পূৰ্ণতাৰ শিক্ষা দিয়াৰ উপৰিও এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিজকে সৃষ্টি কৰি নাগৰিকত্বৰ দায়িত্ব পালন কৰাত সহায় কৰে। এই শিক্ষাৰ দ্বাৰা কেৱল ব্যক্তিজনৰ বিকাশ লাভেই নহয়, তেওঁ সামাজিক একতা আৰু আদৰ্শৰ দ্বাৰাও উদ্বুদ্ধ হয়। বক্তৃতা, প্ৰদৰ্শনী, সভা-সমিতি, সামাজিক ভ্ৰমণ, সাহিত্য আদিৰ মাধ্যমত সামাজিক শিক্ষা সম্প্ৰসাৰণ কৰা হয়। এইক্ষেত্ৰত ভাৰতবৰ্ষৰ মান উল্লেখযোগ্য।

সদৌশেষত আমি নক’লে নহ’ব যে শিক্ষাৰ সকলো দায়িত্ব হৈছে ৰাষ্ট্ৰৰ। সামাজিক প্ৰৱণতাইও ইয়াকে সমাজত প্ৰতিফলিত কৰিছে। সেয়েহে দেশখনৰ নাগৰিকসকলক শিক্ষাৰ মাধ্যমেৰে জীৱন নিৰ্বাহৰ পথৰ সন্ধান দিয়াৰ লগতে সামাজিক দায়বদ্ধতা আৰু ব্যক্তিৰ বিকাশৰ পথ সুগম কৰিব লাগিব। ৰাষ্ট্ৰৰ সকলো নাগৰিকে শিক্ষা নাপালে গণতন্ত্ৰ বৰ্তি নাথাকিব। সেয়েহে ৰাষ্ট্ৰই প্ৰাথমিক, মাধ্যমিক, কাৰিকৰী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।

(উৎসঃ শিক্ষা সমাজবিজ্ঞান, ড বীৰেন্দ্ৰ ডেকা)।

3.02857142857
Mostufa Ahmed Dec 09, 2018 02:02 PM

So, nice.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top