সন্তানৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা সবাতোকৈ গুৰুত্বপূৰ্ণ। বহুতেই কয় যে, পিতৃ-মাতৃ সদায় পিতৃ-মাতৃৰ দৰেই হ’ব লাগে।
কিন্তু ‘পিতৃ-মাতৃ’ৰ সংজ্ঞানো কি?
এই প্ৰশ্নৰ বিজ্ঞানসন্মত উত্তৰৰ সন্ধান কৰিলে তাৰ এক নেতিবাচক উত্তৰহে পোৱা যাব। সন্তানৰ প্ৰতি আচৰণ আৰু দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি পিতৃ-মাতৃক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি।
সকলো পিতৃ-মাতৃয়ে কামনা কৰে যে তেওঁলোকৰ সন্তানৰ মংগল হওক। কিন্তু তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ বাবে মাজে মাজে তেওঁলোক নিজেই বিপথে পৰিচালিত হয়।
নিজৰ অজানিতেই তেওঁলোক সন্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে।
তাৰ ফলত সন্তানৰ বিকাশৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ আচৰণেই প্ৰধান হেঙাৰস্বৰূপ হৈ পৰে। পিচে এনে পৰিস্থিতি সকলোৰে ক্ষেত্ৰত হয় বুলিলেও ভুল হ’ব।
সন্তান যেতিয়া সৰু হৈ থাকে, তেতিয়া সিহঁতৰ খোৱা-বোৱা, বেমাৰ-আজাৰ আদি বিষয়ক লৈয়ো পিতৃ-মাতৃসকল ব্যস্ত হৈ থাকে। সন্তানৰ বয়স বঢ়াৰ সমান্তৰালভাৱে পিতৃ-মাতৃৰ চিন্তা-চৰ্চাৰ পৰিসৰো বৃদ্ধি পায়।
বন্ধুবৰ্গ বা কোন হ’ব?
নিচা জাতীয় কোনো সামগ্ৰীৰ কবলত পৰিব নেকি?
তেওঁলোকৰ সন্তান?
বন্ধুবৰ্গৰ সৈতে নিশা ওলাই যাবলৈ দিয়াটো উচিত হ’বনে?
ইত্যাদি ইত্যাদি। সন্তানক অতি সতৰ্কভাৱে ডাঙৰ-দীঘল কৰাটো এতিয়া সবাতোকৈ প্ৰয়োজনীয় হৈ উঠিছে।
তাৰ বাবে পিতৃ-মাতৃসকলে সন্তান জন্ম হোৱাৰ পিচৰে পৰা নিজকে প্ৰস্তুত কৰি তুলিব লাগে।
এই বিষয়টিকে ‘গুড পেৰেন্টিং’ বা সন্তান লালন-পালনৰ আদৰ্শ কৌশল বুলি অভিহিত কৰা হয়। আদৰ্শ পিতৃ-মাতৃ হ’বলৈ কিছু বিষয় সতৰ্কভাবে মন কৰাটো অতিকৈ প্ৰয়োজনীয়। তেনে বিষয়সমূহৰ সবিশেষ এই লেখাত দাঙি ধৰা হ’ল।
সন্তানৰ কোনো ব্যৰ্থতা-বিফলতাক সমালোচনা কৰাটো অনুচিত। সন্তানৰ সৰু-সুৰা সাফল্যকো উদযাপন কৰি সিহঁতক উৎসাহিত কৰিব লাগে।
সন্তানৰ সমুখত কাহানিও কোনো অপৰাধমূলক কাৰ্যক উৎসাহ জনাব নালাগে। পিতৃ-মাতৃয়ে নিজকো তেনেধৰণৰ কাৰ্যৰ পৰা বিৰত ৰাখিব লাগে।
সন্তানক নৈতিক শিক্ষা প্ৰদান কৰিবৰ বাবে পিতৃ-মাতৃয়ে নিজেও কাহানিও আইন বা কোনো নিয়ম ভংগ কৰিব নালাগিব, মিছা কথা ক’ব নোৱাৰিব।
কথাতেই কয় নহয়- উপদেশতকৈ আৰ্হি ভাল।
সামাজিক অনুষ্ঠানসমূহলৈ সিহঁতক লৈ যোৱা উচিত।
তদুপৰি বিদ্যালয়ৰ বেগ, কিতাপ আদি নিজে সামৰাৰ অভ্যাস কৰিবলৈ সন্তানক শিকাব লাগে। পিতৃ-মাতৃসকল এই কামৰ পৰা বিৰত থাকি কেৱল নিলগত পৰা লক্ষ্য কৰা উচিত।
সন্তানৰ সন্মুখত পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্য বা সন্তানৰ শিক্ষকক সমালোচনা কৰাৰ পৰা বিৰত থকা উচিত।
পিতৃ-মাতৃসকলেও নিজৰ মাজত ইজনে সিজনক কাহানিও ব্যংগ বা বিদ্ৰূপ নকৰাটোৱে শ্ৰেয়।
বয়স অনুসৰি সন্তানৰ শাৰীৰিক তথা মানসিক পৰিৱৰ্তন আৰু নিৰাপত্তাৰ কথাটো সদায় মন কৰিব লাগে।
সন্তানে আচৰণত কোনো পৰিবৰ্তন বা অস্বাভাৱিকতা লক্ষ্য কৰিলে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত।
আমাৰ সমাজতে বহুতৰে মুখত নিজৰ বা অন্যৰে সন্তানৰ সমালোচনা শুনিবলৈ পোৱা যায়। কিন্তু পিতৃ-মাতৃৰ ৰূপে নিজেই কিমান উপযুক্ত বা সফল, সেই দিশৰ প্ৰতি মন দিয়াটোহে অধিক প্ৰয়োজনীয়।
এটি আদৰ্শৰ সন্তানৰ পিতৃ বা মাতৃ হোৱাতকৈ সন্তানৰ আদৰ্শৰ পিতৃ-মাতৃ হোৱাটোহে মুখ্য। সফলতা তথা সুখ-সমৃদ্ধিৰ মূলমন্ত্ৰ সদায় নিজৰ মাজতেই থাকে।
মাথোঁ তাক যুকিয়াই চোৱাটোহে প্ৰয়োজনীয়।
লেখিকা: নিষ্ঠা দাস(সাদিন)
শেহতীয়া উন্নীতকৰণ: : 3/17/2020