অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্কুলৰ মানৱীয় সম্পদঃ

স্কুলৰ মানৱীয় সম্পদ বুলিলে আমি ছাত্ৰ শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত সংশ্লিষ্ট কৰ্মচাৰী সকলকেই বুজো।

স্কুলৰ মানৱীয় সম্পদ বুলিলে আমি ছাত্ৰ শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত সংশ্লিষ্ট কৰ্মচাৰী সকলকেই বুজো। এই মানৱীয় সম্পদেই হৈছে স্কুলখনৰ প্ৰাণকেন্দ্ৰ বা প্ৰাণ সঞ্চালনকাৰী শক্তি। স্কুলৰ সমগ্ৰ বৈষয়িক অৱস্থাটো ইয়াৰ বাবেই ৰচিত আৰু পৰিচালিত কৰা হয়। কেৱল বৈষয়িক অৱস্থাটো উন্নত হ’লেই শিক্ষা হৈ উঠিল বুলিব নোৱাৰি। ই শিক্ষাৰ এটা কাৰক বা আহিলা স্বৰূপহে মাথোন। ইয়াক ভালদৰে প্ৰয়োগ আৰু পৰিচালনা কৰি শিক্ষাৰ পূৰ্ণ উপযোগিতা লাভ কৰাটো নিৰ্ভৰ কৰে মানৱ সম্পদ স্বৰূপ ছাত্ৰ আৰু শিক্ষকসকলৰ ওপৰত। এওঁলোকৰ ক্ষমতা, যোগ্যতা, অৰ্হতা, আগ্ৰহ-অভিৰুচি আৰু ক্ৰিয়া প্ৰচেষ্টা আদি নাথাকিলে স্কুলখনৰ কেৱল বৈষয়িক অৱস্থাটোৰ পৰা শিক্ষা আশা কৰিব নোৱাৰি। স্কুলৰ সমগ্ৰ শিক্ষা যন্ত্ৰটো সুপৰিচালনাৰ গুৰিতেই হৈছে মানুহৰ মন আৰু কৰ্মপ্ৰেৰণা। শিক্ষাৰ এই মানৱীয় দিশটোৰ বিবেচনাই হৈছে আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। ইয়াৰ দুটা ঘাই খুটা হৈছে শিক্ষক আৰু ছাত্ৰ। এই সম্বন্ধে প্ৰয়োজনীয় আলোচনা তলত আগবঢ়োৱা হৈছে।

শিক্ষক আৰু তেওঁৰ যোগ্যতাঃ

পুৰণি কালৰ শিক্ষা আছিল শিক্ষক প্ৰধান। বৰ্তমান সি ছাত্ৰ প্ৰধান বা শিশু-প্ৰধান হৈ উঠিছে। সেই সময়ত শিক্ষকৰ ব্যক্তিগত যোগ্যতা আৰু ক্ষমতাই আছিল শিক্ষাৰ প্ৰধান সম্পদ। বৰ্তমান শিক্ষকৰ সেই ক্ষমতা আৰু একচত্ৰী প্ৰভাৱ নাইকিয়া হৈছে। তথাপিও শিক্ষাদান কাৰ্য্য সাৰ্থক কৰি তুলিবৰ বাবে শিক্ষকৰ ব্যক্তিত্বৰ আকৰ্ষণীয়তা আৰু শৈক্ষিক যোগ্যতাৰ কথা বৰ্তমান সময়তো আওকাণ কৰিব নোৱাৰি। ছাত্ৰৰ মনত স্থায়ী আৰু সুস্থ প্ৰভাৱ পেলাবৰ বাবে শিক্ষকৰ ব্যক্তিত্ব যে বিশেষ গুণসম্পন্ন হোৱা উচিত তাক দোহাৰিবৰ প্ৰয়োজন নাই। সৰ্বসাধাৰণ লোকৰ মাজৰে এজন হৈও কেতবোৰ অসাধাৰণ গুণ শিক্ষকৰ ব্যক্তিত্বত থকা উচিত। ইয়াৰ যোগেদিহে তেওঁ শ্ৰেণীৰ বাহিৰে ভিতৰে ছাত্ৰসকলক তেওঁৰ চিন্তা-ভাবনা, পৰামৰ্শ আৰু ক্ৰিয়া-নিৰ্দেশনা আদি দিবলৈ সমৰ্থ হয়। ছাত্ৰৰ বাবে তেওঁ এজন অনুকৰণীয় আৰু অভিভাৱনশীল ব্যক্তি। শিক্ষকৰ এই অভিভাৱন ক্ষমতা যিমানে অধিক হয় শিক্ষক হিচাপেও তেওঁ সিমানেই কৃতকাৰ্য হৈ উঠিব পাৰে। প্ৰকৃতপক্ষে প্ৰতিজন প্ৰভাৱশালী শিক্ষকেই হৈছে একো একোজন সন্মোহনী ব্যক্তি।

আদৰ্শ শিক্ষকৰ প্ৰত্যাশিত গুণসমূহ

এজন আদৰ্শ শিক্ষকৰ প্ৰত্যাশিত গুণসমূহ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) দৈহিক উপযুক্ততাঃ শিক্ষকৰ দৈহিক সুন্দৰতা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম আকৰ্ষণৰ বিষয়বস্তু। তেওঁৰ সাজ-পাৰ, দেহৰ অংগী-ভংগী আৰু কথন ভংগী আদিয়ে ছাত্ৰৰ মনত শক্তিশালীভাৱে দৈহিক প্ৰভাৱ পেলায়। সেয়েহে শিক্ষক দৈহিকভাৱে উপযুক্ত হৈ উঠিবৰ বাবে তেওঁৰ দেহ গঠন স্বাভাৱিক হোৱাৰ উপৰিও দৃষ্টি শক্তি, শ্ৰৱণ শক্তি, স্বৰ-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো আনন্দদায়ক আৰু প্ৰেৰণাদায়ক হৈ উঠিব লাগে।

(২) বৌদ্ধিক সক্ৰিয়তাঃ শিক্ষক সদায় নতুন জ্ঞানৰ সন্ধানী হোৱা উচিত আৰু তাৰ বাবে তেওঁ অধ্যয়নৰ প্ৰতি অনুৰাগী হোৱা উচিত। এনে কাৰ্যৰ যোগেদিহে তেওঁ নিজকে বৌদ্ধিকভাৱে আকৰ্ষণীয় ব্যক্তি কৰি তুলিব পাৰে। তেওঁৰ এক অধ্যয়ন পুষ্ট মন আৰু অনুসন্ধিত্সা ভাব নাথাকিলে সৰহ দিনলৈ ছাত্ৰৰ বাবে নিজৰ নতুনত্ব বজাই ৰাখিব নোৱাৰে। বৌদ্ধিক চিন্তা-চৰ্চাৰ অভাৱ হোৱা শিক্ষকে ছাত্ৰৰ জনপ্ৰিয়তা লাভ কৰিব নোৱাৰে। সেইবাবে শিক্ষক মাত্ৰেই বৌদ্ধিক সক্ৰিয়তাৰ প্ৰয়োজন।

(৩) মনোবৈজ্ঞানিক সচেতনতাঃ মনস্তত্বৰ উপযুক্ত জ্ঞান ধাৰণাইহে শিক্ষকক ব্যৱসায়িকভাৱে যোগ্য ব্যক্তি কৰি গঢ়ি তোলে। শিক্ষাৰ বিভিন্ন দিশৰ সমস্যাসমূহ তাৰ যোগেদি বিজ্ঞানসন্মতভাৱে অধ্যয়ন, বিশ্লেষণ আৰু সমাধানৰ পথ বিচাৰি পাব পাৰে। শিশু মনৰ প্ৰয়োজন, আগ্ৰহ, অভিৰুচি আদিৰ প্ৰতিও তেওঁ সচেতন হৈ উঠিব পাৰে। মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক শিক্ষাৰ সমগ্ৰ বিষয়ৰ এক অন্তৰ্দৃষ্টি দান কৰিব পাৰে।

(৪) আত্ম-নিয়ন্ত্ৰণ ক্ষমতাঃ ছাত্ৰক অনুশাসন আৰু নিয়ন্ত্ৰণ কৰিবলৈ হ’লে শিক্ষক প্ৰথমেই আত্ম-নিয়ন্ত্ৰিত হোৱা উচিত। তেওঁৰ নিজ আৱেগ-অনুভূতিৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে শিক্ষাৰ বিবিধ সমস্যা সুস্থিৰভাৱে সমাধান কৰিব নোৱাৰে। অত্যধিক ক্ৰোধ, আৱেগিক দুৰ্বলতা আদিয়ে তেনে সমস্যা জটিলতৰ কৰিহে তোলে। সেইবাবে বিভিন্ন বিষয়ত সুস্থিৰ মত আৰু ন্যায় বিচাৰ বিবেচনাৰ বাবে শিক্ষকৰ আত্মনিয়ন্ত্ৰণ ক্ষমতাৰ অতি প্ৰয়োজন।

(৫) একাগ্ৰতাঃ শিক্ষকে একাগ্ৰচিত্তে নিজৰ শিক্ষকতা কাৰ্য্যত ব্ৰতী হোৱা উচিত। দৃঢ় মনোবল, নিজৰ কামৰ প্ৰতি গভীৰ ভালপোৱা আৰু কৰ্তব্য পৰায়ণতাৰ মনোভাবেহে শিক্ষকৰ মনত এই একাগ্ৰতা ভাবৰ জন্ম দিব পাৰে। উচ্চাভিলাস অথবা আৰ্থিক উন্নতিৰ অস্থিৰ চিন্তা-ভাৱনাই শিক্ষকক অসুখী কৰি তোলে। ৰাজনৈতিক মনোভাব আৰু সক্ৰিয় ৰাজনীতিয়েও শিক্ষকতাত ব্যাঘাত জন্মায়। সেইবাবে শিক্ষকে নিজ কাৰ্য্য এক সাধনা, ত্যাগ আৰু সেৱাৰ মনোভাবেৰেহে গ্ৰহণ কৰিব পাৰিব লাগে।

(৬) বিনম্ৰতাঃ শিক্ষকৰ উচ্চ চিন্তা আৰু সৰল জীৱন-যাপনে তেওঁক নিৰহংকাৰী আৰু বিনয়ী কৰি তুলিব লাগে। বিনম্ৰতা আৰু মৰমিয়াল স্বভাৱৰ যোগেদি ছাত্ৰ আৰু সমাজৰ যেই কোনো লোকৰ মন তেওঁ সহজে জয় কৰিব পাৰে। এনে স্বভাৱ সুলভ বিনম্ৰতাইহে তেওঁক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উৰ্ধ্বত স্থাপন কৰে। ই ব্যক্তিত্বৰ এক অভাৱনীয় অথচ শিক্ষকৰ বাবে অতি প্ৰয়োজনীয় গুণ।

(৭) ৰসিকতাঃ শিক্ষকৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰি তুলিবৰ বাবে ৰসিকতা আৰু ধেমেলীয়া স্বভাৱৰ প্ৰয়োজন। জ্ঞান-অভিজ্ঞতা আৰু অনুশাসন ক্ষমতাৰে অভিমানী আৰু অসামাজিক স্বভাৱৰ শিক্ষকে ছাত্ৰৰ জনপ্ৰিয়তা লাভ কৰিব নোৱাৰে। ছাত্ৰক শিক্ষা নিৰ্দেশনা দিয়াৰ বেলিকা তেওঁ প্ৰয়োজনমতে কৌতুক আৰু হাঁহি ধেমালিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগে। ৰসিকতাৰ স্বাভাৱেহে ছাত্ৰৰ মন শিক্ষকৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে। এই ক্ষেত্ৰত ছাত্ৰৰ প্ৰতি কটুক্তি, বক্ৰোক্তি অথবা নিৰুত্সাহজনক মন্তব্য আৰু সমলোচনা তেওঁ এৰাই চলিব লাগে।

(৮) নিয়মানুবৰ্তিতাঃ শিক্ষকৰ নিজ প্ৰকৃতি আৰু আচৰণত নিয়মানুবৰ্তিতা আৰু নিয়ম শৃংখলা আদিৰ প্ৰতি আনুগত্যৰ ভাব প্ৰকাশ পাব লাগে। আইন অমান্যতা-অবাধ্যতা অথবা বিদ্ৰোহী মনৰ শিক্ষকে ছাত্ৰক নিয়মানুবৰ্তিতাৰ শিক্ষা দিব নোৱাৰে। তেওঁ স্কুলৰ প্ৰচলিত নীতি-নিয়মৰ প্ৰতি আস্থাৱান হোৱা উচিত আৰু নিজে তাক নিষ্ঠাৰে পালন কৰাৰ উদাহৰণো ছাত্ৰক দেখুওৱা উচিত।

(৯) নিৰপেক্ষতাঃ কোনো কথা, বিষয় অথবা সমস্যাকে গভীৰ বিবেচনা নকৰাকৈ তেওঁ সহজে পক্ষপাতিত্ব কৰা অনুচিত। তেওঁৰ বিচাৰ বিবেচনা আৰু চিন্তাধাৰা সদায় নিৰপেক্ষ আৰু ন্যায়সংগত হোৱা উচিত। বিশেষকৈ শিক্ষাৰ্থীৰ পৰীক্ষা বিষয়ত তেওঁৰ মতামত আৰু মূল্যায়ন এই নীতিৰ দ্বাৰা প্ৰভাম্বিত হ’ব লাগে। নিৰপেক্ষ নীতিৰ দ্বাৰাহে তেওঁ ছাত্ৰ-ছাত্ৰী আৰু সকলো শ্ৰেণীৰ লোকৰে আস্থাভাজন হ’ব পাৰে।

(১০) সহানুভূতিশীলতাঃ শিক্ষকৰ অন্তৰ ছাত্ৰৰ প্ৰতি সদায় কোমল আৰু সহানুভূতিশীল হোৱা উচিত। ছাত্ৰৰ বিভিন্ন দেহ-মানসিক সমস্যা ব্যক্তিগতভাৱে অনুভৱ কৰিব পৰা এখন অন্তৰ তেওঁৰ থাকিব লাগে। ছাত্ৰৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা সংবেদনশীলতা থাকিলেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে। অৱশ্যে শিক্ষা ক্ষেত্ৰত প্ৰয়োজন হ’লে তেওঁ কঠিনতাও অৱলম্বন কৰিব পাৰিব লাগে। সেইবুলি তেওঁ নিৰ্দয় মনৰ হোৱা অনুচিত।

ছাত্ৰ-ছাত্ৰীঃ

ছাত্ৰ-ছাত্ৰীয়েই হৈছে স্কুল বা শিক্ষানুষ্ঠানৰ কেন্দ্ৰস্থ বিষয়। শিক্ষাৰ সমগ্ৰ আঁচনি আৰু এই সম্বন্ধীয় কাৰ্য্য তত্পৰতা ছাত্ৰ-ছাত্ৰীয়েই হৈছে প্ৰধান বিবেচ্য বিষয়। তেওঁলোকৰ মানসিক অৱস্থা, আগ্ৰহ অভিৰুচি আৰু সেই অনুক্ৰমে শিক্ষাৰ ব্যৱস্থা গ্ৰহণ আদি কাৰ্য্য বিশেষ গুৰুত্বপূৰ্ণ। শিক্ষকে শিক্ষাৰ্থীক জনাৰ মনোবৈজ্ঞানিক প্ৰয়োজনীয়তাও এইখিনিতেই। সেইবাবে ইয়াৰ বিভিন্ন প্ৰসংগৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাটো আমাৰ প্ৰয়োজন।

ছাত্ৰৰ বিভিন্ন প্ৰকাৰঃ এটা শ্ৰেণীত বৌদ্ধিক ক্ষমতাৰ ফালৰ পৰা বিভিন্ন শ্ৰেণীৰ ছাত্ৰ থাকিব পাৰে। সকলো ছাত্ৰৰে বুদ্ধি-বৃত্তি, শিক্ষা আহৰণ ক্ষমতা আৰু সম্ভাৱনীয়তা একে হ’ব নোৱাৰে। এই ক্ষেত্ৰত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন আমাৰ প্ৰথমেই বিবেচনাযোগ্য। সাধাৰণভাৱে উচ্চ মানবিশিষ্ট স্বাভাৱিক আৰু নিম্ন মানবিশিষ্ট স্বৰূপে ছাত্ৰক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। অৱশ্যে বুদ্ধিৰ মান বা বুদ্ধ্যংকৰ (আই.কিউ.) পৰিমাণৰ ফালৰ পৰা বিশেষজ্ঞসকলে ছাত্ৰক বিভিন্ন শ্ৰেণীত বিভক্ত কৰিছে। আমেৰিকাৰ মন সমীক্ষণকাৰী বিশেষজ্ঞ টাৰমেনে বুদ্ধিৰ মান অনুসৰি কৰা এনে শ্ৰেণীকৰণ তলত উল্লেখ কৰা হৈছে।

 

বুদ্ধ্যংকৰ পৰিমাণ

শ্ৰেণীকৰণ

১৪০ ৰ ওপৰ

প্ৰতিভাশালী

১২০-১৪০

অতি শ্ৰেষ্ঠ বুদ্ধিৰ

১১০-১১৯

শ্ৰেষ্ঠ বুদ্ধিৰ

৯০-১০৯

স্বাভাৱিক বা গড় পৰিমাণৰ

৮০-৮৯

বুদ্ধিহীনতা

৭০-৭৯

বুদ্ধিহীনতাৰ ন্যূনতম সীমা

৫০-৭০

মুঢ়ধী

২৫-৫০

হীনধী

২৫ ৰ তলৰ

জড়ধী

 

এই তালিকাত অন্তৰ্ভুক্ত কৰা মুঢ়ধী, হীনধী আৰু জড়ধী এই তিনি শ্ৰেণীৰ লোকৰ বুদ্ধিৰ মান ইমান কম যে তেওঁলোকে স্কুলত শিক্ষা লাভ কৰাটো সম্ভৱ নহয়। এটা শ্ৰেণীত বুদ্ধিহীন ছাত্ৰ আৰু প্ৰতিভাশালী ছাত্ৰৰ সংখ্যাও অতি কম, প্ৰতি বিধৰে প্ৰায় দুই শতাংশহে মাথোন। অধিক সংখ্যক ছাত্ৰই স্বাভাৱিক বুদ্ধিৰ অথবা তাৰ কিছু কম-বেছি অৱস্থাত থাকে। বৌদ্ধিক যোগ্যতাৰ এই সীমাৰেখাৰ ওপৰৰ ছাত্ৰক সাধাৰণভাৱে প্ৰতিভাশালী আৰু তলৰ ছাত্ৰক মানসিকভাবে বাধাগ্ৰস্ত বা দুৰ্বল মনৰ বুলিব পাৰি। ইয়াৰ উপৰিও অনুশাসন ভংগকাৰী মন আৰু প্ৰবৃত্তিৰ এক শ্ৰেণী ছাত্ৰ পোৱা যায়। তেওঁলোকৰ বুদ্ধ্যংক উচ্চমান অথবা নিম্ন মানবিশিষ্ট দুয়োবিধতে হ’ব পাৰে। স্বাভাৱিক অৱস্থাৰ পৰা পৃথক হোৱা এই তিনিবিধ ছাত্ৰৰ বাবে শিক্ষাৰ পৃথক ব্যৱস্থা থকা উচিত।

প্ৰতিভাশীল ছাত্ৰ আৰু শিক্ষাঃ

এইবিধ ছাত্ৰৰ বৌদ্ধিক ক্ষমতা সকলোৰে চকুত পৰে। এওঁলোকৰ বুদ্ধ্যংক ১২০ আৰু ১৪০ ৰ ভিতৰত হয়। এই বৌদ্ধিক উচ্চমান বিশিষ্টতা তেওঁলোকৰ ক্ৰিয়া আচৰণত সহজে প্ৰতিফলিত হয়। বৌদ্ধিক ক্ৰিয়াৰ বেলিকা প্ৰতিভাশালী ছাত্ৰ শ্ৰেণীৰ বাহিৰে ভিতৰে সদায় সজাগ, সক্ৰিয় আৰু অনুসন্ধিত্সু। এওঁলোকৰ চিন্তা-যুক্তি, সমস্যা সমাধান ক্ষমতা, সৃজনাত্মক প্ৰতিভা, আবেগিক প্ৰকাশৰ পৰিপক্কতা আদি সহজে শিক্ষকৰ চকুত পৰে। কাৰণ এনে বিশিষ্ট প্ৰতিভাৰ অধিকাৰী ছাত্ৰ শতকৰা এজন বা দুজনহে মাথোন।

বুদ্ধি-বৃত্তি, আগ্ৰহ-অভিৰুচি আৰু যোগ্যতা আদি উচ্চমান বিশিষ্ট হোৱা বাবে প্ৰতিভাশালী ছাত্ৰও শিক্ষাৰ সমস্যা স্বৰূপ হৈ উঠিব পাৰে। সৰ্বসাধাৰণ ছাত্ৰৰ বাবে প্ৰস্তুত কৰা স্কুলৰ পাঠ্যসূচী আৰু কাৰ্যসূচীয়ে এওঁলোকৰ বৌদ্ধিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। শিক্ষকে দিয়া শ্ৰেণীৰ শিক্ষা এওঁলোকৰ বাবে হয় অতি সহজ আৰু বহু সময়ত ই আমনি লগা আৰু বিৰক্তিকৰো হৈ উঠে। এওঁলোকে শ্ৰেণীত সেইবাবে মানসিকভাবে প্ৰায় নিষ্ক্ৰিয় আৰু অমনোযোগী হৈ থাকিব লাগে। এনে কাৰণতে কোনো কোনো সময়ত শ্ৰেণীৰ শিক্ষা পৰিৱেশত নিজকে খাপ খুৱাব নোৱাৰাটো এওঁলোকৰ এটা প্ৰধান সমস্যা।

এইবিধ ছাত্ৰ সংখ্যা নিচেই কম হ’লেও এওঁলোকৰ প্ৰতি ল’ব লগা শিক্ষাৰ দায়িত্ব অৱহেলা কৰি চলিব নোৱাৰি। উল্লেখযোগ্য যে এওঁলোক দেশ আৰু সমাজৰ বাবে অতি মূল্যবান সম্পদ। এওঁলোকৰ অন্তৰ্নিহিত বিশিষ্ট প্ৰতিভা শিক্ষাৰ যোগেদি যথোচিতভাৱে বিকশাই তুলি দেশ আৰু সমাজে তাৰ পূৰ্ণ উপযোগ কৰিব লাগে। শিক্ষক আৰু শিক্ষা কৰ্তৃপক্ষৰ বাবে সেয়েহে এওঁলোক একো একোটা প্ৰত্যাহ্বান স্বৰূপ। সৰ্বসাধাৰণ ছাত্ৰক দিয়া শিক্ষাৰে এওঁলোকৰ প্ৰতিভাক সাধাৰণ পৰ্যায়লৈ অৱনমিত কৰাটো শিক্ষাৰ বাবে আৰু দেশৰ বাবে বিশেষ ক্ষতিকাৰক।

মন কৰিবলগীয়া যে প্ৰতিভাশালী ছাত্ৰৰ প্ৰতিজনৰে একো একোটি বিশেষ জন্মগত প্ৰতিভা থাকে, এওঁলোকৰ সকলোৰে প্ৰতিভা একে নহয়। কাৰণ স্বৰূপ ভালদৰে জানি উঠাটো আৰু সেই অনুক্ৰমে শৈক্ষিক আৰু বিত্তীয় নিৰ্দেশনাৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন। এই প্ৰসংগত ক’ব পাৰি যে এজন ছাত্ৰক স্কুলৰ সাধাৰণ শ্ৰেণী আৰু বিশেষ শ্ৰেণীৰ শিক্ষা পৰিৱেশ দুয়োটাই দিয়া উচিত। বিশেষ শ্ৰেণী ব্যৱস্থা কৰি এওঁলোকৰ বিশিষ্ট প্ৰতিভা বিকাশৰ আচুতীয়া ব্যৱস্থা কৰিব লাগে যদিও সাধাৰণ ছাত্ৰৰ শ্ৰেণীৰ সামাজিক পৰিৱেশৰ পৰা সম্পূৰ্ণ পৃথক কৰি ৰাখিব নালাগে।

প্ৰতিভাশালী ছাত্ৰৰ বাবে ল’ব লগা শিক্ষাৰ কেতবোৰ বিশেষ ব্যৱস্থা

এই প্ৰতিভাশালী ছাত্ৰৰ বাবে ল’ব লগা শিক্ষাৰ কেতবোৰ বিশেষ ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰা হ’ল।

(১) প্ৰতিভাৱান ছাত্ৰৰ বিশিষ্ট যোগ্যতা শিক্ষকে জানি উঠিবলৈ চেষ্টা কৰিব লাগে। ইয়াক জানি উঠাৰ পিছত তেওঁলোকৰ বিকাশৰ বাবে ব্যক্তিকেন্দ্ৰিক শিক্ষা ব্যৱস্থা কৰিব লাগে।

(২) এওঁলোকৰ পাঠ্যসূচী বহল পৰিসৰৰ হ’ব লাগে। সংগীত, কলা, বিজ্ঞান, কাৰিকৰী বিদ্যা, মানৱীয় বিষয় আদিৰ ব্যাপক অভিজ্ঞতা দিব লাগে।

(৩) বিশিষ্ট যোগ্যতা থকা ছাত্ৰক বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰয়োজন হ’লে বিশেষজ্ঞ ব্যক্তি স্কুললৈ মাজে সময়ে আমন্ত্ৰিত কৰিব লাগে।

(৪) এনে ছাত্ৰৰ বিশিষ্ট প্ৰতিভা বিকাশত উত্সাহিত কৰিব লাগে। অৰ্থ আৰু শিক্ষা সা-সুবিধাৰ অভাৱত যাতে প্ৰতিভাৰ অপমৃত্যু নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

(৫) প্ৰতিভাৱান ছাত্ৰৰ দ্ৰুত শিক্ষা অগ্ৰগতিলৈ লক্ষ্য ৰাখি ওপৰ শ্ৰেণীলৈ শীঘ্ৰে উত্তীৰ্ণ কৰাৰো ব্যৱস্থা কৰিব পাৰি। কিন্তু এইক্ষেত্ৰত যাতে ছাত্ৰই শ্ৰেণী পৰিৱেশত খাপ খুৱাই ল’ব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।

(৬) এনে ছাত্ৰৰ বাবে গ্ৰীষ্মকালীন শিবিৰ স্থাপনৰো ব্যৱস্থা কৰি পাৰস্পৰিক আদান-প্ৰদানৰ সুবিধা দিব লাগে।

(৭) প্ৰতিভাশালী ছাত্ৰৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে প্ৰতিভাশালী শিক্ষকৰো প্ৰয়োজন। তেওঁৰ বৌদ্ধিক চিন্তা-চৰ্চা আৰু উদ্ভাৱন ক্ষমতাৰে ছাত্ৰক আকৰ্ষণ কৰিব পাৰিব লাগে।

(৮) নিজৰ উত্কৃষ্ট বৌদ্ধিক যোগ্যতাৰ হেতুকে এনে ছাত্ৰ যাতে অহংকাৰী, আত্মকেন্দ্ৰিক আৰু অসামাজিক স্বভাৱৰ হৈ নুঠে তাৰ প্ৰতিও সতৰ্ক হ’ব লাগে। সাধাৰণ ছাত্ৰসকলৰ লগত যাতে এওঁলোকে সহযোগিতাৰে কাম কৰিব পাৰে তাৰ আৱশ্যকীয় পৰিৱেশ সৃষ্টি কৰিব লাগে।

মানসিক বাধাগ্ৰস্ত ছাত্ৰ আৰু শিক্ষাঃ

স্বাভাৱিক বা গড় পৰিমাণ বুদ্ধ্যংকৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীকে সাধাৰণভাৱে মানসিক বাধাগ্ৰস্ত বুলি ধৰিব পাৰি। এওঁলোকৰ বুদ্ধ্যংকৰ পৰিমাণ ৯০-ৰ তলত। অৱশ্যে বুদ্ধ্যংকৰ ভিন ভিন পৰিমাণ অনুযায়ী এই মানসিক বাধাগ্ৰস্ত বিলাকৰ কেইবাটাও উপৰিভাগ কৰিব পাৰি।

(১) জড়ধী, হীনধী আৰু মুঢ়ধীঃ মানসিক বাধাগ্ৰস্ততাৰ ভিতৰত জড়ধী, হীনধী, আৰু মুঢ়ধী বিলাকৰ অৱস্থা অতি শোচনীয়। এওঁলোকৰ বুদ্ধ্যংক ৭০-ৰ তলত। অতি হীন বুদ্ধিৰ হেতুকে এনেবিধ ল’ৰা-ছোৱালীয়ে স্বাভাৱিকসকলৰ দৰে স্কুলত লিখা-পঢ়া কৰাটো সম্ভৱ নহয়। জড়ধী বিলাকৰ অৱস্থা এই তিনিওবিধৰ ভিতৰত সকলোতকৈ অধিক দুৰ্ভাগ্যজনক। এওঁলোকৰ জ্ঞানেন্দ্ৰিয় আৰু স্নায়বিক ক্ৰিয়া অতি দুৰ্বল আৰু মন্থৰ হয়। খোৱা-পিন্ধা আৰু আত্মৰক্ষা কৰা আদি নিজৰ ন্যূনতম প্ৰয়োজন পূৰণৰ বাবেও আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। জড়ধী শিশুৰ মানসিক বয়স তিনি বছৰীয়া এটি শিশুৰ সমান আৰু জীৱনকালো অতি কম, প্ৰায় ৩০ বছৰ।

হীনধী বিলাকৰ মানসিক অৱস্থা জড়ধীতকৈ কিছু উন্নত। এওঁলোকৰ বুদ্ধ্যংক ৩০-৫০ ৰ ভিতৰত। দৈনন্দিন জীৱনৰ কাম-কাজ আৰু ক্ৰিয়া আচৰণ কিছু শিকাব পাৰি। সৰু সুৰা কামবোৰ শিকালে নিজে কৰিব পাৰে আৰু বিপদ আপদৰ পৰা নিজক ৰক্ষা কৰিব পাৰে। অৱশ্যে নিজৰ হীন বুদ্ধিতাৰ হেতুকে এওঁলোকে লিখা-পঢ়া শিকাটো সম্ভৱ নহয়।

মুঢ়ধীবিলাক হীনধীতকৈ কিছু উন্নত। এওঁলোকৰ বুদ্ধ্যংক ৫০-৭০ৰ ভিতৰত। নিজৰ প্ৰয়োজনীয় দৈনন্দিন জীৱনৰ কামবোৰ নিজে কৰি ল’ব পাৰে। শিক্ষা-অনুশীলন লাভ কৰিলে যান্ত্ৰিক বিধৰ ক্ৰিয়া-কলাপত সীমিত পটুতাও দেখুৱাব পাৰে। এওঁলোকক আখৰ আৰু সংখ্যা-জ্ঞান ব্যক্তিগতভাৱে যত্ন আৰু বিশেষ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰে দিব পাৰি। অৱশ্যে সাধাৰণ ছাত্ৰৰ স্কুলীয়া শিক্ষা এওঁলোকৰ বাবে অনুপযুক্ত।

উল্লেখযোগ্য যে জড়ধী, হীনধী আৰু মুঢ়ধী এই তিনিবিধ ল’ৰা-ছোৱালী সমাজৰ বাবে অপ্ৰত্যাশিত ব্যক্তি আৰু এওঁলোকক সহায় কৰিবৰ বাবে স্কুলৰ বাহিৰত বিশেষ কল্যাণমূলক অনুষ্ঠানৰ প্ৰয়োজন। গুৰুতৰবিধৰ ল’ৰা-ছোৱালীৰ বাবে মানসিক চিকিত্সালয়ৰো সহায় ল’ব লাগে।

(২) অনগ্ৰসৰ বা বুদ্ধিহীন ছাত্ৰঃ এনেবিধ ছাত্ৰৰ বুদ্ধ্যংক ৭০ আৰু ৯০ ৰ ভিতৰত, অৰ্থাত্ বুদ্ধিৰ স্বাভাৱিক মানদণ্ডতকৈ নিম্নমানৰ। দৈহিক অৱস্থা আৰু ক্ৰিয়া-আচৰণ স্বাভাৱিক হোৱা বাবে এওঁলোকে আন আন ছাত্ৰৰ লগত একেলগে শ্ৰেণীত লিখা-পঢ়া কৰে। এওঁলোকৰ সংখ্যাও নিচেই কম নহয়। অৱশ্যে বুদ্ধিহীনতাৰ বাবে সাধাৰণ ছাত্ৰৰ দৰে শিক্ষা-অগ্ৰগতি লাভ কৰিব নোৱাৰি পৰীক্ষাত অকৃতকাৰ্য হোৱাটো হৈছে এনেবিধ ছাত্ৰৰ প্ৰধান বৈশিষ্ট্য। এনে ছাত্ৰই স্কুলৰ পাঠ্যসূচী আৰু কাৰ্য্যসূচীত আন ছাত্ৰৰ দৰে সমানে অংশগ্ৰহণ কৰে যদিও পৰীক্ষাৰ ফলাফল হয় নিৰাশজনক। শৈক্ষিক প্ৰচেষ্টাৰ বিফলতাই এওঁলোকক জীৱনৰ অনিশ্চয়তালৈ ঠেলি দিয়ে। শ্ৰেণীৰ আন আন ছাত্ৰৰ ওচৰতো হীনাত্মিকাভাব অনুভৱ কৰে। শিক্ষকৰ পৰাও সময়ে সময়ে কটু কথা আৰু সমালোচনা সহ্য কৰিব লাগে। এনেবিধ ছাত্ৰৰ এটা প্ৰধান সমস্যা এয়ে যে শিক্ষক-অভিভাৱকসকলে এওঁলোকৰপৰা প্ৰয়োজনতকৈ অধিক আশা কৰে, যাক এওঁলোকে পূৰণ কৰিব নোৱাৰে। ফলত এওঁলোক অযোগ্য বুলি বিবেচিত হয়। এনে ছাত্ৰৰ প্ৰকৃত ক্ষমতা, শিক্ষা অগ্ৰগতিৰ সম্ভাৱনীয়তা আৰু তাৰ গতি পদ্ধতি আদি সম্বন্ধে বুজ ল’বলৈ চেষ্টা কৰা নহয়। স্বাভাৱিক আৰু উচ্চমান বিশিষ্ট ছাত্ৰৰ বৌদ্ধিক আৰু শৈক্ষিক মানদণ্ডেৰে বিচাৰ কৰি এওঁলোকৰ নিকৃষ্টতা পৰীক্ষাৰ যোগে মাথোন প্ৰমাণহে কৰা হয়। অৱশ্যে এনেবিধ ছাত্ৰই শ্ৰেণীৰ ভিতৰত কৰা বৌদ্ধিক ক্ৰিয়া-কলাপত নিজৰ ব্যৰ্থতা প্ৰদৰ্শন কৰিলেও খেলা-ধূলা আৰু বিভিন্ন সামাজিক ক্ৰিয়াৰ বেলিকা তেনে নহয়। বহিঃপাঠ্যক্ৰমৰ কাৰ্যসূচীত স্বাভাৱিক ছাত্ৰতকৈও অধিক যোগ্যতা প্ৰদৰ্শন কৰিব পৰা ক্ষমতা এওঁলোকৰ থাকে।

অনগ্ৰসৰ ছাত্ৰৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো শিক্ষা কৰ্তৃপক্ষৰ এক প্ৰধান কৰ্তব্য। স্বাভাৱিক আৰু অনগ্ৰসৰ ছাত্ৰৰ মাজত থকা শৈক্ষিক ব্যৱধান বৰ বেছি নহয়। তাক বুজিবলৈ চেষ্টা নকৰা বাবেহে এওঁলোকৰ অধিক ক্ষতি সাধন হয়। এনে ছাত্ৰৰ বাবে পৃথক স্কুল স্থাপন কৰি শিক্ষা দিয়াৰ কথা নাভাবি একেখন স্কুলতে শিক্ষাৰ পৃথক ব্যৱস্থা কৰা উচিত। এই প্ৰসংগত কেতবোৰ পৰামৰ্শ নিম্নলিখিতভাৱে আগবঢ়োৱা হৈছে।

  • অনগ্ৰসৰ ছাত্ৰৰ শিক্ষাৰ দুৰ্বলতাৰ প্ৰতি শিক্ষক সচেতন হ’ব লাগে। স্বাভাৱিক সকলৰ মাপ-কাঠিৰে এওঁলোকৰ ব্যৰ্থতা প্ৰমাণৰ মনোভাৱ পোষণ কৰিব নালাগে।
  • এনেবিধ ছাত্ৰৰ স্বাভাৱিক মন্থৰতা আৰু ব্যৰ্থতাত শিক্ষক অধৈৰ্য্য বা হতাশ হ’ব নালাগে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ছাত্ৰৰ মনত আত্ম-প্ৰত্যয়ৰ ভাবহে জগাই তুলিব লাগে।
  • এওঁলোকৰ অক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমৰ সকলো বিষয় বাধ্যতামূলক কৰিব নালাগে। চিন্তামূলক আৰু তত্ত্বপ্ৰধান বিষয়ৰ মাত্ৰা কমাই কাৰ্যকৰী বিষয়ৰ শিক্ষাত অধিক গুৰুত্ব দিব লাগে।
  • এনে ছাত্ৰৰ শিক্ষাৰ উদ্দেশ্য বিশেষীকৰণ কৰা হ’ব নালাগে, ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনভিত্তিক আৰু চৰিত্ৰ গঠনমূলকহে হ’ব লাগে।
  • এনেবিধ ছাত্ৰৰ বাবে শিক্ষণ পদ্ধতি আলোচনামূলক নকৰি ক্ৰিয়াভিত্তিক কৰি তুলিব লাগে। আধুনিক শিক্ষাদানৰ দৃশ্য-শ্ৰাব্য সজুলিবোৰৰ যথোচিত প্ৰয়োগ কৰিব লাগে।
  • নিজৰ হীনাত্মিকাভাৱ গুচাবলৈ যত্ন কৰিব লাগে। সমাজৰ সকলো লোকৰ মাজত সহযোগিতা আৰু সুস্থ সমাযোজন কৰিব পৰাকৈ খেলা-ধূলা আৰু সামাজিক ক্ৰিয়া আঁচনি গ্ৰহণ কৰিব লাগে।
  • এনে ছাত্ৰৰ প্ৰতি শিক্ষকে নিজ ক্ৰিয়া প্ৰচেষ্টাক পৰীক্ষামূলকভাৱে গ্ৰহণ লাগে আৰু সহায়ৰ মনোভাবেৰে ব্যক্তিগত যত্ন ল’ব লাগে। প্ৰয়োজন হ’লে মনোবৈজ্ঞানিক নিদান বিশেষজ্ঞৰো পৰামৰ্শ ল’ব লাগে।
  • অনগ্ৰসৰ ছাত্ৰৰ গৃহ পৰিৱেশৰ লগতো শিক্ষকে যোগাযোগ ৰাখিব লাগে। শিক্ষক-অভিভাৱক সংস্থাৰ সহযোগত এনে ছাত্ৰৰ প্ৰতি সহায়ক আঁচনি গ্ৰহণ কৰিব লাগে।

অপৰাধপ্ৰৱণ ছাত্ৰ আৰু শিক্ষাঃ

অভিজ্ঞ শিক্ষক শ্ৰেণীৰ অপৰাধপ্ৰৱণ ছাত্ৰৰ লগতো ভালদৰে পৰিচিত। যিবিলাক ছাত্ৰই স্কুল বা সমাজৰ প্ৰচলিত আৰু গ্ৰহণযোগ্য নীতি-নিয়ম অমান্য বা ভংগ কৰাৰ প্ৰৱণতা দেখুৱায় আৰু অপৰাধমূলক ক্ৰিয়াত লিপ্ত হয় তেনে ছাত্ৰক অপৰাধপ্ৰৱণ ছাত্ৰ বুলি জনা যায়। বুদ্ধ্যংকৰ মানদণ্ডেৰে এনেবিধ ছাত্ৰক নিশ্চিতভাৱে চিনাক্তকৰণ কৰিব নোৱাৰি। সাধাৰণভাৱে এওঁলোকৰ বুদ্ধ্যংক নিম্নমানৰ হয় যদিও উন্নত বুদ্ধিৰ ছাত্ৰও অপৰাধপ্ৰৱণ হ’ব পাৰে। এনে ছাত্ৰৰ মনত অহমকেন্দ্ৰিক জৈৱিক আৰু প্ৰবৃত্তিমূলক প্ৰয়োজনীয়তাৰ ভাব অতি প্ৰৱল। সেয়েহে তাক পূৰণৰ বাবে প্ৰচলিত নিয়ম, অনুশাসন আৰু সামাজিক আদৰ্শ ভংগ কৰে। ফলত সমাজৰ চকুত অপৰাধী স্বৰূপে গণ্য হয়। সাধাৰণতে গৃহ পৰিৱেশত নিজ প্ৰয়োজন পূৰণত ব্যৰ্থ আৰু বাধাপ্ৰাপ্ত হৈ পৰিলে এওঁলোকৰ মনত প্ৰতিহিংসাৰ মনোভাৱ প্ৰৱল হৈ উঠে। এওঁলোকৰ প্ৰধান বৈশিষ্ট্য হৈছে আৱেগিক অস্থিৰতা আৰু নিয়ন্ত্ৰণহীনতা। আৱেগ-অনুভূতি প্ৰৱল হোৱা বাবে সহজেই উত্তেজিত হয় আৰু পৰিস্থিতিৰ লগত খাপ খুৱাব নোৱাৰে। এওঁলোক স্বাভাৱিকতেই দায়িত্বহীন, সন্দেহপৰায়ণ, মৰ্ষকাম, আৱেগিক বাধাগ্ৰস্ত আৰু কল্পনাহীন বিধৰ হয়। এনে ছাত্ৰই ইচ্ছা কৰিলে স্কুলৰ শিক্ষা লাভ কৰাটো তেওঁলোকৰ বাবে কঠিন নহয়। কিন্তু শিক্ষাৰ নিয়মতান্ত্ৰিক আৰু অনুশাসনমূলক সমগ্ৰ ব্যৱস্থাটোকেই তেওঁলোকে মনে-প্ৰাণে ঘৃণা কৰে। ফলত পঢ়া-শুনাত তেওঁলোকৰ মন নবহে। অনগ্ৰসৰ ছাত্ৰৰ দৰে অৱশ্যে এওঁলোকক শিক্ষাৰ অকৃতকাৰ্য ব্যক্তি বুলিব নোৱাৰি। এনে ছাত্ৰই অৱসৰ সময়ত কৰা মনোৰঞ্জনৰ ক্ৰিয়া-কলাপ আদিও হয় অসুস্থ আৰু অপৰাধমূলক। আজৰি সময়ত ধূমপান কৰা, জুৱা খেলা, কথাছবি চোৱা, বস্তু চুৰি কৰা আৰু ধ্বংস কৰা আদি কাৰ্য্য এওঁলোকৰ প্ৰিয়। এনেবিধ ছাত্ৰ শিক্ষক আৰু শিক্ষানুষ্ঠানৰ বাবে এক সমস্যাস্বৰূপ।

অপৰাধপ্ৰৱণ ছাত্ৰৰ বাবে প্ৰয়োজনীয় চিকিত্সা আৰু শিক্ষাৰ ব্যৱস্থা কৰাটোও এক সমস্যাস্বৰূপ। কাৰণ এনে ছাত্ৰই নিজক অসুস্থ আৰু অস্বাভাৱিক বুলি নাভাবে। তেওঁলোকৰ দৃষ্টিত সমাজৰ অন্যান্য লোকহে অসুস্থ আৰু আপত্তিজনক। তেনেবোৰ লোকৰ প্ৰতি হিংসাত্মক আৰু প্ৰতিশোধমূলক আচৰণ গ্ৰহণ কৰাটো উচিত হোৱা বুলিহে বিবেচনা কৰে। সেইবাবে অপৰাধপ্ৰৱণ ছাত্ৰক স্বাভাৱিক আৰু সুস্থ কৰি তোলাটো বৰ কঠিন। শিক্ষাবিদসকলে সেয়েহে অসুস্থ গৃহ আৰু শিক্ষা পৰিৱেশৰ বাবে যাতে অপৰাধপ্ৰৱণতাৰ সৃষ্টি হ’ব নোৱাৰে তাৰ প্ৰতিবিধানমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰতিহে দৃষ্টি নিক্ষেপ কৰে। এই প্ৰসংগত শিক্ষক আৰু শিক্ষানুষ্ঠানে ল’ব লগা কেতবোৰ ব্যৱস্থা সংক্ষেপে উল্লেখ কৰা হৈছে।

  • অপৰাধপ্ৰৱণ ছাত্ৰৰ অন্যায় আৰু অসামাজিক ক্ৰিয়া-কলাপত শিক্ষক ধৈৰ্যচ্যুত হ’ব নালাগে। তেওঁলোকৰ প্ৰতি আপত্তিজনক ক্ৰিয়া-কলাপো সহজভাৱে গ্ৰহণ কৰিব পৰাকৈ সহনশীলতাৰ প্ৰয়োজন।
  • এনে ছাত্ৰ শিক্ষাৰ প্ৰতি আগ্ৰহহীন হোৱা বাবে শিক্ষকে শাস্তি প্ৰদান কৰিব অথবা পাঠদানৰ অধিক বোজা তেওঁলোকৰ ওপৰত জাপি দিব নালাগে। এনে ব্যৱস্থাই অধিক ক্ষতিসাধন কৰে।
  • স্কুলৰ প্ৰচলিত নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থা এওঁলোকৰ অপৰাধপ্ৰৱণ স্বাভাৱৰ প্ৰতি লক্ষ্য ৰাখি আন আন ছাত্ৰতকৈ কিছু শিথিল কৰি তুলিব লাগে।
  • শৰীৰ চৰ্চা, নৈতিক শিক্ষা আৰু যৌন শিক্ষা আদি বিষয় এওঁলোকৰ বাবে স্কুলৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে।
  • বৃত্তীয় শিক্ষা-উপদেষ্টা আৰু মনোৰোগ চিকিত্সক আদিৰ দ্বাৰা এনে ছাত্ৰক সহায় আৰু পৰামৰ্শ দানৰ ব্যৱস্থা কৰিব লাগে।
  • শিক্ষকৰ নিয়ন্ত্ৰণহীন আৰু আন আন ছাত্ৰৰ বাবেও এনে ছাত্ৰ অনিষ্টকাৰী যেন হৈ উঠিলে স্কুলৰ পৰা বহিষ্কাৰ কৰা উচিত।
  • অপৰাধপ্ৰৱণ ছাত্ৰৰ গৃহ পৰিৱেশ আৰু অভিভাৱকসকলৰ লগতো শিক্ষকে ঘনিষ্ঠ সম্বন্ধ স্থাপন কৰিব লাগে।

যতীন বৰুৱা

উত্সঃ প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top