মূল পৃষ্ঠা / শিক্ষা / তথ্য প্ৰযুক্তি সাক্ষৰতা / বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ নৱ প্ৰয়াস-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ নৱ প্ৰয়াস-

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ নৱ প্ৰয়াসৰ বিষয়ে লিখা হৈছে

বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক উপলব্ধিসমূহক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়া আৰু প্ৰতিজন নাগৰিকৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰাটো যিকোনো এখন চৰকাৰৰ বাবেই এক গুৰুত্বপূৰ্ণ দায়িত্ব। ভাৰতবৰ্ষৰ ‘বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন নীতি’য়েও বিজ্ঞান গৱেষণা, উদ্ভাৱন, প্ৰযুক্তিৰ প্ৰয়োগ আৰু বিজ্ঞান সজাগতাৰ দিশত গুৰুত্ব পূৰণ কৰিছে।

শেহতীয়াকৈ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বিভাগে হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিশেষ প্ৰতিষ্ঠা হাতত লোৱা হৈছে। এই বিভাগটোৰ অধীনত এটা সঞ্চালকালয় থকাৰ লগতে আৰু কেইবাটাও বৈজ্ঞানিক প্ৰতিষ্ঠান আছে। এইকেইটা হৈছে, ‘অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ’(চমুকৈ এছটেক), ‘গুৱাহাটী তাৰকাগৃহ’, ‘অসম শক্তি উন্নয়ন অভিকৰণ’, ‘গুৱাহাটী বায়টেক পাৰ্ক’ আৰু শেহতীয়া সংযোজন ‘যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ’। ইয়াৰে গুৱাহাটী তাৰকাগৃহৰ বাহিৰে বাকীকেইটা বিভাগটোৰ অধীনত একোটাকৈ স্বায়ত্তশাসিত প্ৰতিষ্ঠান।

১৯৮৭ চনত প্ৰতিষ্ঠাৰে পৰা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে অসমত বিজ্ঞান চৰ্চাৰ এক সুস্থ পৰিৱেশ সৃষ্টি কৰাত বিশেষ অৰিহণা আগবঢ়াই আহিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বেছিভাগ কাৰ্যসূচীৰে ৰূপায়ণৰ প্ৰধান প্ৰতিষ্ঠান হৈছে এছটেক। এই পৰিষদৰ অধীনত তিনিটা শাখা আছে। সেইকেইটা হৈছে বিজ্ঞান-প্ৰযুক্তি, পৰিৱেশ আৰু ‘অসম দূৰ সংবেদী প্ৰয়োগ কেন্দ্ৰ’ বা চমুকৈ ‘আৰছাক’(ARSAC)। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত গুৱাহাটী তাৰকাগৃহ দেশৰ ভিতৰতে অত্যাধুনিক প্ৰদৰ্শন প্ৰযুক্তিতে সমৃদ্ধ আৰু অসমত জ্যোতিৰ্বিজ্ঞান জনপ্ৰিয় কৰাত ই এক বিশেষ ভূমিকা লৈ আহিছে। ‘অসম শক্তি উন্নয়ন অভিকৰণ’ৰ মূল কাম হৈছে অসমত সাতশতকৈও অধিক দূৰণিবতীয়া গাঁৱত ৪০(চল্লিছ)হাজাৰতকৈও অধিক পৰিয়াললৈ সৌৰ চাকি যোগান ধৰি বিশেষ কৃতিত্ব অৰ্জন কৰাৰ লগতে শেহতীয়াকৈ সৌৰ শক্তিৰ পৰা বিজুলী শক্তি আহৰণ আৰু প্ৰয়োগৰ বাবে এই অভিকৰণে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ চৌহদৰ ভিতৰত বৰ্তমান অস্থায়ী কাৰ্যালয়ত চলি থকা গুৱাহাটী বায়’টেক পাৰ্কে ইতিমধ্যে জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগৰ যোগেৰে উদ্যমিতা বৃদ্ধিৰ ক্ষেত্ৰত বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। বৰ্তমান আমিনগাঁৱত এই প্ৰতিষ্ঠানৰ নিজা চৌহদ নিৰ্মাণৰ প্ৰস্তুতিপৰ্ব ইতিমধ্যে নতুন চৰকাৰখনে সম্পন্ন কৰিছে। অতি কম সময়ৰ ভিতৰতেই যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহই উজনি অসমত বিজ্ঞান মানসিকতা সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে।

বৰ্তমানৰ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত বিজ্ঞান-প্ৰযুক্তি বিভাগটো অধিক গতিশীল, সক্ৰিয় আৰু জনসাধাৰণৰ অধিক ওচৰ চপাই নিবলৈ কেতবোৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চলিত প্ৰকল্পবোৰ তৎপৰতাৰে ৰূপায়ণ কৰিবলৈ বিশেষ উদ্যম লোৱাৰ লগতে কিছু নতুন প্ৰকল্পও হাতত লোৱা হৈছে। এই কাৰ্যসূচীবোৰৰ ভিতৰত আছে সোণাপুৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা ‘বিজ্ঞান মহানগৰী’ৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়া আৰু নলবাৰী, উত্তৰ-লখিমপুৰ আৰু কোকৰাঝাৰত নিৰ্মাণ কাৰ্য চলি থকা তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰৰ কাম অতি সোনকালে সম্পন্ন কৰা। চৰকাৰখনে দায়িত্ব লৈয়ে অসমত ৬(ছয়)টা নতুন বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণৰ কাম হাতত লৈছে আৰু শিলচৰ, ডিফু, বঙাইগাঁও, আমিনগাঁও, মাজুলী আৰু কলিয়াবৰত ইয়াৰ বাবে স্থান নিৰ্বাচন প্ৰক্ৰিয়াও ইতিমধ্যে সম্পন্ন হৈছে। অতি সোনকালে এইবোৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে ‘এছটেক’ক যাৱতীয় ব্যৱস্থা ল’বলৈ দায়িত্ব দিয়া হৈছে। প্ৰস্তাৱিত আৰু নিৰ্মাণ কাৰ্য চলি থকা আটাইকেইটা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ কাৰ্যক্ষম হৈ উঠিলে অসমৰ প্ৰায়বোৰ অঞ্চলকে সামৰি বিজ্ঞান চৰ্চাৰ বাবে এক নতুন মাত্ৰা সংযোজিত হ’ব বুলি আশা কৰা হৈছে।

অসমত বিজ্ঞান গৱেষণা আৰু চৰ্চাৰ সৈতে জড়িত ব্যক্তিসকলক উৎসাহিত কৰিবলৈ এই বছৰৰ পৰাই অসম চৰকাৰে বৈজ্ঞানিক উৎকৰ্ষ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে। উক্ত বঁটাসমূহ হৈছে, জীৱনজোৰা সফলতা বঁটা, যুৱ-বিজ্ঞানী বঁটা আৰু বিজ্ঞান গৱেষণা আৰু চৰ্চাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা অনুষ্ঠান-প্ৰতিষ্ঠানক আৰু বেচৰকাৰী অনুষ্ঠানলৈ বঁটা।

সেইদৰেয় মহাকাশ প্ৰযুক্তিৰ সঠিক সহায়েৰে চৰকাৰী বিভাগসমূহক নতুন গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটীত ২৪টা চৰকাৰী বিভাগৰ উপস্থিতিত ৰাজ্যিক ভিত্তিত এখন অভিৱৰ্তন যোৱা ৩ ডিচেম্বৰত অনুষ্ঠিত হয়। এছটেক, উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত উক্ত অভিৱৰ্তনত মুখ্যমন্ত্ৰী আৰু বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীৰ উপস্থিতিত বিভাগসমূহৰ কাম কাজত মহাকাশ প্ৰযুক্তি প্ৰয়োগৰ বাবে বিশেষ কৌশল প্ৰস্তুত কৰা হয়। ইয়াৰ জৰিয়তে বিভিন্ন বিভাগে এছটেক, উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় দূৰ সংবেদন কেন্দ্ৰৰ সহযোগত ৰূপায়ণ কৰিব পৰা ৫০টা প্ৰকল্প চিনাক্ত কৰা হয়।

নতুন চৰকাৰৰ এই নতুন প্ৰয়াসসমূহ সঠিকভাৱে ৰূপায়ণ হ’লে, বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগেৰে ৰাজ্যখনৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি।

 

উৎস-ৰাইজৰ বাতৰি

 

 

3.18518518519
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top