অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতত অনলাইন শিক্ষাৰ সম্ভাৱনা :

ভাৰতত অনলাইন শিক্ষাৰ সম্ভাৱনা :

 

কে পি এম জি নামৰ প্ৰতিষ্ঠানটোৰ এক প্ৰতিবেদন মতে অহা ২০২১ চনৰ ভিতৰত ভাৰতৰ অনলাইন শিক্ষাৰ ক্ষেত্ৰখন ১.৯৬ বিলিয়ন ডলাৰৰ এক উদ্যোগলৈ ৰুপান্তৰিত হ’ব।ভাৰতত ইণ্টাৰ্নেটৰ বহুল প্ৰসাৰৰ ফলত অনলাইন শিক্ষাৰ দিশত অভুতপুৰ্ব পৰিৱৰ্তন লক্ষ্য কৰা গৈছে।দেশৰ বৃহৎসখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভৰ উদ্দেশ্যে ইণ্টাৰনেটৰ আশ্ৰয় লৈ আহিছে।সুখৰ কথা এয়ে যে ইণ্টাৰ্নেটত শিক্ষা সম্পৰ্কীয় তথ্য বিচাৰি অধিক ছাৰ্চ কৰা চহৰসমুহৰ ভিতৰত অসমৰ গুৱাহাটী মহানগৰীও অন্যতম হিচাপে বিবেচিত হৈছে।

ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানে অনলাইন শিক্ষা প্ৰদন কৰি আহিছে।অনলাইনযোগে লাভ কৰিব পৰা পাঠ্যক্ৰমসমুহৰ ভিতৰত এম বি এ,বিগ ডাটা এণ্ড বিজনেছ এনালিটিক্স,কম্পিউটাৰ শিক্ষা আদি অধিক জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে।কিন্তু শেহতীয়াকৈ অনলাইনযোগে কেতবোৰ ব্যতিক্ৰমী পাঠ্যক্ৰমৰ শিক্ষালাভৰো সুবিধা উপলব্ধ হৈছে।ৰন্ধন বিদ্যা তথা কুলিনাৰী মেনেজমেণ্ট এণ্ড অপাৰেচনৰ শিক্ষাও বৰ্তমান ইণতাৰনেটত গ্ৰহণ কৰিব পাৰি।আনহাতে ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান শিক্ষা বিভাগে চাইবাৰ ফৰেনছিক,চাইবাৰ আইন আদি বিষয়ৰ হ্ৰস্বম্যাদী অনলাইন শিক্ষা প্ৰদান কৰি আহিছে।ডাৱছন একাডেমী অৱ ইণ্ডিয়াই দন্ত্য চিকিৎসাৰ অনলাইন শিক্ষা আগবঢ়াই আহিছে।

দেশৰ অনলাইন শিক্ষাৰ দিশত পথ প্ৰদৰ্শকৰ ভুমিকা গ্ৰহণ কৰিছে National Programme on Technology Enhanced Learning তথা চমুকৈ NPTEL এ ।কেইবাখনো আই আই টি আৰু আই টি আৰু আই আই চিৰ সহযোগত আৰম্ভ কৰা এন পি টি ই এলে ১৫৯ টা বিভিন্ন অনলাইন পাঠ্যক্ৰম প্ৰদান কৰে।এই পাঠ্যক্ৰমসমুহত অনলাইনযোগে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।

বিভিন্ন মুক্ত বিশ্ববিদ্যালয়,নেচনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিঙকে ধৰি নানা শিক্ষানুষ্ঠানে অনলাইনযোগে ছাত্ৰ-ছাত্ৰীক পঠন সামগ্ৰী যোগান ধৰাত গুৰুত্ব দি আহিছে।

ইণ্টাৰনেটৰ প্ৰসাৰ তথা অনলাইন শিক্ষাৰ নতুন নতুন ব্যৱস্থাৰ আৰম্ভণিৰে পৰা ভাৰতৰ শৈক্ষিক ক্ষেত্ৰখনে অনাগত দিনত আমুল পৰিৱৰ্তনৰ সাক্ষী হ’ব বুলি নিশ্চয় আশা কৰিব পাৰি।ছাত্ৰ-ছাত্ৰীসকলেও অনলাইন শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ সুবিধাসমুহ পাৰ্যমানে গ্ৰহণ কৰাৰ চেষ্টা কৰা উচিত।

উৎস: শিক্ষা বাৰ্তা, ৰিংকুমণি পাঠক

শেহতীয়া উন্নীতকৰণ: : 3/11/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate