অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহাজাগতিক সময় আৰু এখন পঞ্জিকা

মহাজাগতিক সময় আৰু এখন পঞ্জিকা

মহাজাগতিক সময় আৰু এখন পঞ্জিকা

এটা এটাকৈ কেবাটাও বছৰ বাগৰি গ’ল । যেন এচলু পানী আঙুলিৰ ফাঁকেৰে নিমিষতে সৰকি নোহোৱা হ’ল । এই যে বছৰবোৰ যেন এটা পলকহে ! বছৰ, যুগ, শতিকা, সহস্ৰাব্দ আদি যেন সময়ৰ একো একোটা সৰু একক । তেন্তে সময়ৰ ডাঙৰ এককবোৰ একা ? হয়, নিশ্চয় আছে । কিন্তু আমাৰ আলোচ্য বিষয় একক নহয়, এখন পঞ্জিকাহে ! পৃথিৱীৰ জন্মৰপৰা আজিলৈকে যদি এটা বছৰ বুলি ধৰা হয়, তেন্তে সেই বৰ্ষ পঞ্জিকাখন কেনেধৰণৰ হ’ব ? ভাবিলেই আচৰিত লাগে নহয় নে ? আমি বসবাস কৰা পৃথিৱীখনৰ জন্ম হৈছিল আজিৰপৰা প্ৰায় পোন্ধৰ হাজাৰ নিযুত বছৰ পূৰ্বে । বিজ্ঞানীসকলে ঠাৱৰ কৰা মতে সেয়াও মাত্ৰ পলকতে, এটা প্ৰচণ্ড বিস্ফোৰণৰ জৰিয়তে । এই বিস্ফোৰণটোকে মহানাদ(Big Bang) বোলা হৈছে । এই মহানাদেই হৈছে আমাৰ বিশ্বৰ আৰম্ভণি । এই আৰম্ভণিৰ মুহূৰ্তটোক ১ জানুৱাৰি বুলি ধৰিলে আৰু আজিৰ এই মুহূৰ্তটোক ৩১ ডিচেম্বৰ বুলি ধৰিলে, মাজৰ ১৫,০০০ নিযুত বছৰক মাত্ৰ ৩৬৫টা দিনতে সামৰি সুমুৱাই থ’ব লাগিব । ১৫,০০০ নিযুত বছৰক এটা বছৰত সামৰি এই সু-দৈৰ্ঘ্য সময়চোৱাত সংঘটিত প্ৰধান ঘটনাৱালীক এটা বৰ্ষৰ দিন-পঞ্জিকাত স্থান দিয়া আমোদজনক কল্পনাপ্ৰসুত কাৰ্য্য পিছে আমাৰ নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী এডৱাৰ্ড কাৰ্ল চেগানৰহে ! তেখেতৰ “The Dragon of Eden: Speculation on the Evolution of Human intelligence” নামৰ গ্ৰন্থখনত এই বিষয়ে সৰস বৰ্ণনা আছে । আদিতে বিশ্বৰ আয়তন আছিল অতি ক্ষুদ্ৰ, আৰু তাপমাত্ৰা আছিল আজিতকৈ বহুগুণে বেছি । মহানাদৰ পিছৰ এক ছেকেণ্ডৰ ভিতৰত কেইবাটাও উল্লেখযোগ্য পৰিঘটনা সংঘটিত হৈছিল । বিজ্ঞানীসকলৰ মতে মহানাদৰ সময়ত স্থান আৰু সময় দুয়োটাই একেই বস্তু আছিল, আজিৰ দৰে পৃথক নাছিল । একেদৰে, প্ৰৱল, বিদ্যুত চুম্বকীয়, দুৰ্বল আৰু মহাকৰ্ষণ-এই চাৰিওবিধ বল একত্ৰিত হৈ আছিল । মহানাদ ঘটাৰ ১০-৪৩ ছেকেণ্ডৰ ভিতৰত সময় আৰু স্থান পৃথক হৈ পৰে, অৰ্থাd এটা আনটোৰ পৰা ওলাই আহে । একে সময়তে পৃথিৱীৰ উষ্ণতা ১০৩২ ডিগ্ৰীলৈ হ্ৰাস পায় । লগে লগে ইয়াৰ আয়তন ১০-৩২ ছেণ্টিমিটাৰ ব্যাসৰ এটা বললৈ বৃদ্ধি হয় আৰু আন বলসমুহৰপৰা মহাকৰ্ষণ বল পৃথক হৈ ওলাই আহে । মহানাদৰ ১০-৩৫ ছেকেণ্ডৰ ভিতৰত পৃথিৱী তীব্ৰ গতিৰে সম্প্ৰসাৰিত হৈ এটা সৰু বলৰ সমান হয় । ১০-৩২ ছেকেণ্ডৰ ভিতৰত কোৱাৰ্ক(quark) আৰু লেপটন(lepton) নামৰ দুবিধ মৌলিক কণাৰ আৱিৰ্ভাৱ হয় । ইয়াৰে কোৱাৰ্কবোৰে প্ৰৱল বা নিউক্লীয় বলৰ স্থিতি অনুভৱ কৰে আৰু লেপটনবোৰ একত্ৰিত বিদ্যুত-দুৰ্বল(electro-weak) বলৰ দ্বাৰা প্ৰভান্বিত হয় । ১০-১১ ছেকেণ্ডৰ ভিতৰত পৃথিৱীৰ উষ্ণতা ১০১৫ ডিগ্ৰীলৈ হ্ৰাস পায় । বিদ্যুd-চুম্বকীয় বল আৰু দুৰ্বল বল পৰস্পৰ পৃথক হৈ পৰে । ১০-৬ ছেকেণ্ডত উষ্ণতা ১০১৩ ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ লগে লগে কোৱাৰ্ক আৰু প্ৰতিকোৱাৰ্ক কণাবোৰৰ স্বতঃস্ফুৰ্ত সৃষ্টি শক্তি লীণ পায় যাৰ ফলত এটাই আনটোৰ বিনাশ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাত এই কণাসমূহ হ্ৰাস পাই আহে । ১০-৪ ছেকেণ্ডৰ ভিতৰত সম্প্ৰসাৰিত সৌৰজগতখন বৰ্তমানৰ আকাৰ পায়হি । উষ্ণতাও যথেষ্ট কমি আহে । কোৱাৰ্ক আৰু প্ৰতিকোৱাৰ্ক কণাবোৰৰ বিনাশ প্ৰক্ৰিয়া হ্ৰাস পোৱাৰ বিপৰীতে সিহঁত লগ লগাৰ ফলত প্ৰ’টন, নিউট্ৰ’ন মেছন আদি কণাবোৰৰ উdপত্তি হয় ।মহানাদৰ ১ ছেকেণ্ডৰ ভিতৰত নিউট্ৰিন’ কণাবোৰ ভৰশূণ্য হৈ পৰে আৰু ই কেৱল দুৰ্বল বলকহে চিনাক্ত কৰিবলৈ সক্ষম হয় । ফলত দুৰ্বল বলে নিউট্ৰিন’ কণাসমূহক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় । ১০০ ছেকেণ্ডৰ পাছত প্ৰট’ন আৰু নিউট্ৰ’ন কণাসমূহ লগলাগি হিলিয়াম নিউক্লিয়াছৰ সৃষ্টি কৰে । ইলেকট্ৰ’নবোৰ নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ ফলত পৰমাণুৰ গঠন আৰম্ভ হয় । তাৰকাপুঞ্জৰ গঠন হয় প্ৰায় ১০০০ নিযুত বছৰ পাছতহে । এই পঞ্জিকাখনৰমতে কেইটামান উল্লেখযোগ্য ঘটনা এনে ধৰণৰ- • মহানাদ আৰু বিশ্বব্ৰক্ষ্মাণ্ডৰ সৃষ্টি ১ জানুৱাৰি । • হাতীপতি তাৰকাপুঞ্জৰ উdপত্তি ১ জানুৱাৰি । • সৌৰজগতৰ উdপত্তি ৯ ছেপ্টেম্বৰ । • পৃথিৱীৰ জন্ম ১৪ ছেপ্টেম্বৰ । • পৃথিৱীত আদিম প্ৰাণৰ বিকাশ ২৫ ছেপ্টেম্বৰ । • পৃথিৱীত প্ৰাচীনতম শিলৰ জন্ম ২ অক্ট’বৰ । • বেক্টেৰীয়া আৰু নীল-সেউজ শেলুৱৈৰ জীৱাশ্ম ৯ অক্ট’বৰ । • জন্ম প্ৰক্ৰিয়াৰ বাবে ভিন্ন লিংগৰ উদ্ভৱ ১ নৱেম্বৰ । • সালোকস্ংশ্লেষণ কৰিবপৰা উদ্ভিদৰ জন্ম ১২ নৱেম্বৰ । • নিউক্লিয়াছযুক্ত কোষ(ইউকেৰিঅ’টচ্)ৰ আবিৰ্ভাৱ ১৫ নৱেম্বৰ । ইয়াৰপৰা স্পষ্ট হৈ পৰে যে বিশ্বব্ৰ্ক্ষ্মাণ্ডৰ জন্ম ১ জানুৱাৰিত বুলি ধৰিলে পৃথিৱীত উন্নতমানৰ জীৱৰ সৃষ্টি হৈছিল ১৫ নৱেম্বৰতহে ! অৰ্থাd বছৰটোৰ সৰহভাগ সময়ে উন্নত প্ৰাণী জন্মাৰ নিমিত্তে প্ৰয়োজন হোৱা উপয়ুক্ত কোষ প্ৰস্তুতিতে অতিবাহিত হৈছে । তুলনামুলকভাৱে ক’বলৈ গ’লে সৌৰজগতৰ ৪৭৫ দিন, মহাজাগতিক বৰ্ষৰ মাত্ৰ ১ ছেকেণ্ডৰ সমান । মহাজাগতিক বৰ্ষৰ ১ দিন হৈছে সৌৰবছৰৰ ৪ কোটি বছৰ ! মহাজাগতিক বৰ্ষৰ ডিচেম্বৰ মাহটোলৈ লক্ষ্য কৰিলে দেখা যায় যে এই মাহটোত কেবাটাও উল্লেখযোগ্য ঘটনা স্ংঘটিত হৈছে । যথা- ১ ডিচেম্বৰ পৃথিৱীত অক্সিজেন সমৃদ্ধ বায়ুমণ্ডলৰ উত্পত্তি । ৫ ডিচেম্বৰ মংগল গ্ৰহত আগ্নেয়গিৰিৰ মহাপ্ৰলয় । ১৬ ডিচেম্বৰ পৃথিৱীত কৃমিজাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ । ১৭ ডিচেম্বৰ প্ৰস্তৰযুগৰ আৰম্ভণি আৰু মেৰুদণ্ডহীন প্ৰাণীৰ বিকাশ । ১৮ ডিচেম্বৰ সামুদ্ৰিক প্লাংকটন, শামুকজাতীয় প্ৰাণী(ট্ৰাইল’বাইট)ৰ জন্ম । ১৯ ডিচেম্বৰ মেৰুদণ্ডী আৰু মdস্যপ্ৰজাতিৰ প্ৰাণীৰ আৱিৰ্ভাৱ । ২০ ডিচেম্বৰ পৃথিৱীৰ স্থলভাগ উদ্ভিদেৰে আৱৰিবলৈ আৰম্ভ । ২১ ডিচেম্বৰ কীট-পতংগৰ জন্ম ; স্থলভাগেৰে প্ৰাণীৰ বিচৰণ আৰম্ভ । ২২ ডিচেম্বৰ প্ৰথম উভচৰ প্ৰাণীৰ উদ্ভৱ । ২৩ ডিচেম্বৰ বৃক্ষ আৰু সৰীসৃপৰ জন্ম । ২৪ ডিচেম্বৰ ডাইন’চৰৰ আবিৰ্ভাৱ । ২৬ ডিচেম্বৰ স্তন্যপায়ী প্ৰাণীৰ জন্ম । ২৭ ডিচেম্বৰ চৰাই-চিৰিকতিৰ জন্ম । ২৮ ডিচেম্বৰ ডাইন’চৰৰ বিলুপ্তি । ২৯ ডিচেম্বৰ বান্দৰজাতীয় প্ৰাণীৰ আবিৰ্ভাৱ । ৩০ ডিচেম্বৰ বৃহত স্তন্যপায়ী বা আদি-মানৱ প্ৰজাতিৰ আবিৰ্ভাৱ । ৩১ ডিচেম্বৰ মানৱ প্ৰজাতিৰ জন্ম । মহাজাগতিক বৰ্ষৰ ডিচেম্বৰ মাহটো আছিল খুবেই ঘটনাবহুল । পৃথিৱীৰ উdপত্তিৰপৰা আজিলৈকে এই ১৫,০০০ নিযুত বছৰৰ বিশাল সময়চোৱাক মাত্ৰ এটা বছৰৰ ভিতৰত সজাই চালে দেখা যায়-ডিচেম্বৰ মাহৰ শেষৰ দুটা সপ্তাহ খুবেই ঘটনাবহুল । অতি গুৰুত্বপুৰ্ণ ঘটনাসমুহ এই সময়চোৱাতে ঘটি গৈছে । একেবাৰে শেষৰ দিনটোত জন্ম হৈছে মানুহৰ, সেয়াও নিশা ১০ বাজি ৩০ মিনিটত । মহাজাগতিক বৰ্ষত এই পৰ্য্যন্ত মানুহৰ কাৰ্য্য কলাপ মাত্ৰ ডেৰ ঘণ্টাৰ । অৱশ্যে এই এদিনৰ অৰ্থ হৈছে সৌৰ দিনৰ প্ৰায় চাৰি কোটি বছৰ । গতিকে এই শেষ দিনটোৰ ঘটনাৱলী যদি আমি চালি-জাৰি চাওঁ, তেন্তে বহুতো আমোদজনক কথা পাম । তাৰে কেইটামান ঘটনা মিনিট, ছেকেণ্ডপৰ্য্যন্তলৈ চালে এনেধৰণৰ হ’ব- ৩১ ডিচেম্বৰ, নিশা ১০:৩০ মানুহৰ জন্ম ৩১ ডিচেম্বৰ, নিশা ১১:০০ প্ৰস্থৰ যুগ আৰম্ভ ৩১ ডিচেম্বৰ, নিশা ১১:৪৬ জুইৰ আৱিষ্কাৰ ৩১ ডিচেম্বৰ, নিশা ১১:৫৬ তুষাৰ যুগ আৰম্ভ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯ ইউৰোপৰ গুহাত মানুহৰ চিত্ৰাংকণ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:২০ মানুহৰ কৃষি-কাৰ্য্যৰ আৰম্ভণি । ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৩৫ নৱপ্ৰস্থৰ যুগৰ আৰম্ভ, প্ৰথম নগৰৰ আৰম্ভণি ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫০ মানুহৰ জ্যোতিৰ্বিদ্যাৰ জ্ঞান আহৰণ, মিছৰৰ সভ্যতা ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫১ প্ৰথম বৰ্ণমালাৰ আৱিষ্কাৰ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫২ বেবিলনৰ সভ্যতা ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৩ কম্পাচৰ আৱিষ্কাৰ, ট্ৰজানৰ যুদ্ধ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৪ লোহৰ ব্যৱহাৰৰ আৰম্ভণি ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৫ গৌতম বুদ্ধৰ জন্ম ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৬ যিশুখ্ৰিষ্টৰ জন্ম, ইউক্লিডৰ জ্যামিতিৰ আৱিষ্কাৰ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৭ হজৰত মহম্মদৰ জন্ম, শূন্য আৰু দশমিক পদ্ধতিৰ আৱিষ্কাৰ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯::৫৮ মাহা সভ্যতা, ক্ৰুছেড যুদ্ধ ৩১ ডিচেম্বৰ, নিশা ১১:৫৯:৫৯ ইউৰোপত নৱজাগৰণ আৰম্ভ, নতুন বিজ্ঞানৰ জন্ম

লিখকঃ ডা০ ৰফিক আলী, ৯৮৬৪০ ৪২১৫১

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate