অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধাৰণ নিৰ্বাচন ২০১৪ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰতি নিৰ্দেশনা

সাধাৰণ নিৰ্বাচন ২০১৪ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰতি নিৰ্দেশনা

বিঃদ্ৰঃ এই নিৰ্দ্দেশনা বাখ্যাত্মক; স্বয়ং সম্পূৰ্ণ নহয়। প্ৰয়োজন অনুযায়ী “প্ৰিজাইডিং বিষয়াৰ হাতপুথি”ৰ সহায় ল’ব।

ভোট গ্ৰহণ দলত থাকিব

  • প্ৰিজাইডিং বিষয়া : ১জন
  • পুলিং বিষয়া : ৩ জন আৰু
  • সুৰক্ষা কৰ্মী প্ৰয়োজন অনুসৰি

ভোটগ্ৰহণ সামগ্ৰী সংগ্ৰহ

  • প্ৰিজাইডিং বিষয়াই পুলিং বিষয়া সকলৰ লগত এক গোট হৈ নিৰ্ধাৰণ কৰি দিয়া তাৰিখত পৰিশিষ্ট মতে ভোট গ্ৰহণ সামগ্ৰী সংগ্ৰহ কৰিব।
  • প্ৰিজাইডিং বিষয়াই তলৰ সামগ্ৰী সম্পৰ্কে বিশেষ নজৰ দিব:

ক] ভোট গ্ৰহণ অঞ্চল অথবা অঞ্চল সমূহৰ ভোটাৰসমূহৰ ভোটাৰ তালিকাৰ প্ৰতিলিপি।

খ] উপযুক্ত সংখ্যাৰ বেলট পেপাৰ।[টেণ্ডাৰ ভোটৰ বাবে]

গ] প্ৰয়োজনীয় পৰিমানৰ লেখন সামগ্ৰী

ঘ] সম্পূৰ্ণ ই.ভি.এম চেট

  • ইয়াৰে “কন্ট্ৰল ইউনিট”ৰ “কেণ্ডিডেট চেকচন” ছীল আছেনে, এড্ৰেছ টেগ ঠিক মতে বন্ধা আছেনে আৰু বেটাৰী ঠিক আছেনে ?
  • “বেলট ইউনিট” সঠিকভাৱে ছিল আছেনে? ইয়াৰ দুটা অংশত ছিল কৰা থাকিব।
  • সোঁ হাতেওপৰত আৰু তলত।
  • এই ছিল ৰিটাৰ্নীং বিষয়াৰ দ্বাৰা থাকিব।

ঙ] ভোটাৰ তালিকাৰ চৰকাৰী চিহ্নিত প্ৰতিলিপিটো।

  • আপোনাৰ বাবে নিৰ্দিষ্ট কেন্দ্ৰৰ ৩ কপি ভোটাৰ তালিকা দিয়া হব। তিনিওখন সম্পূৰ্ণ আৰু একে।
  • নিদিৰ্ষ্ট ভোটকেন্দ্ৰৰ বাবে হয়নে আৰু প্ৰত্যায়িত কৰা আছেনে?
  • প্ৰতিখন তালিকাতে কৰ্তন আৰু শুদ্ধ কৰা তালিকা সংলগ্ন থাকিবা।[যদি প্ৰয়োজন হয়]
  • ক্ৰমিক নং ১ৰ পৰা আৰম্ভ হৈছেনে ?
  • ছপাকৰা ক্ৰমিক নং চিয়াঁহীৰে শুদ্ধ কৰা নহয়।
  • কোনো নতুন নম্বৰ সুমুৱাব নোৱাৰিব।
  • ‘PB’ ‘EDC’ আৰু ‘CSV’ৰ বাহিৰে আন কোনো ধৰণৰ লেখা নাথাকে।
  • কৰ্তন হোৱা নাম সমুহত স্পষ্ট ভাবে “DELETED” বুলি ছাপ মৰা থাকিব।
  • তলত অতি কমেও এজন AERO আৰু এজন অন্য বিষয়াৰ চহী থাকিব
  • “এড্ৰেচ টেগ” সমুহ সঠিককৈ বন্ধা আছেনে নাই চাই লব। লগতে চাই লব যাতে “বেলট ইউনিট”ত বেলত পেপাৰ আৰু শ্লাইড চুইচ সঠিক ঠাইত ঠিকমতে আছেনে নাই। ভোটিং সামগ্ৰীৰ তালিকা অৰ্থাৎAnnexure VIII of RO Hand Book ত থকা ধৰনে সকলো পৰিনিয়ত [statutory] আৰু অপৰিনিয়ত [non-statutory] খাম সমুহ। অন্যান্য সামগ্ৰী যেনে:- ধাতৱ মোহৰ,ভোটিংকোঠা বনোৱা ডাঠ কাগজ,পেপাৰ চিল, স্পেচিয়েল টেগ,এড্ৰেচ টেগ, গ্ৰীন পেপাৰ চিল আদি। আপোনাৰ বাবে নিৰ্দিষ্ট ভোটকেন্দ্ৰৰ ভোটাৰ তালিকা।
  • ভোটকেন্দ্ৰ গঠন
  • প্ৰিজাইডিং বিষয়াই ভোট কেন্দ্ৰটো এদিন আগতে চাই চৌহদটো বুজি ল’ব।
  • ভোটকেন্দ্ৰৰ বাহিৰত পৃথককৈ পুৰুষ আৰু মহিলা ভোটাৰ গোট খোৱাৰ বাবে সম্ভবানুসাৰে উপযুক্ত স্থান সম্পৰ্কত তেওঁ সুনিশ্চিত হ’ব।
  • ভোটাৰ ওলোৱা সোমোৱাৰ বাবে পৃথক বাটৰ ব্যৱস্থা কৰিব।
  • পুলিং এজেণ্ট সকলক ভোটাৰক দেখা পোৱাৰ সুবিধাত বহিবলৈ দিব।কিন্তু ভোটাৰে ই.ভি.এমত টিপা মাৰি ভোট দিয়া তেওঁলোকে দেখিব নালাগিব। • ভোটকেন্দ্ৰত কোনো ৰাজনৈতিক দলৰ নেতাৰ ছবি নাইবা নিৰ্বাচন সমন্ধীয় ধ্বনি মৰা থাকিব নালাগিব।
ভোটকেন্দ্ৰৰ বাহিৰত চকুত পৰাকৈ মৰা থাকিব:

ক] ভোটকেন্দ্ৰত অন্তৰ্ভুক্ত অঞ্চলৰ ভোটাধিকাৰ থকা ভোটাৰসকলক সামৰা অঞ্চলটোৰ জাননী; একাধিক ভোটকেন্দ্ৰ থাকিলে প্ৰতিটো কেন্দ্ৰৰ অন্তৰ্ভুক্ত ভোটাৰৰ বিবৰণ।

খ] নিৰ্দিষ্ট প্ৰ-পত্ৰত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ তালিকা।

গ] ভোটকেন্দ্ৰত ভোটাৰ সকলে ই.ভি.এমত বুটাম টিপি ভোট দিবৰ বাবে এটা কোঠা সজাব লাগিব।

  • প্ৰিজাইডিং বিষয়াৰ কাম

ক] ভোটকেন্দ্ৰৰ শৃঙ্খলা ৰক্ষাৰ ব্যৱস্থা কৰিব;

খ] সংশ্লিষ্ট আইন আৰু বিধি অনুসৰি নিকা আৰু মুক্ত ভোটদান সুনিশ্চিত কৰিব।

গ] ভোটকেন্দ্ৰত এবাৰত সোমাব পৰা ভোটাৰৰ সংখ্যা নিৰ্দ্ধাৰণ কৰি দিব।

  • ভোটাৰ আৰু নিম্নোক্ত ব্যক্তিৰ বাহিৰে আন মানুহ ভোটকেন্দ্ৰত সোমাব নোৱাৰিব।
  • পুলিং বিষয়া আৰু ভোটগ্ৰহণত নিয়োজিত আন কৰ্মচাৰীসকল।
  • প্ৰাৰ্থী বা তেওঁলোকৰ নিৰ্বাচনী এজেন্ট নাইবা ভোটগ্ৰহণ এজেন্ট;
  • দণ্ডাধীশে কৰ্তৃত্ব দিয়া চৰকাৰী কৰ্মচাৰী;
  • ভোটাৰৰ কোলাত যোৱা শিশু;
  • আনৰ সহায় নোহোৱাকৈ লৰচৰ কৰিব নোৱাৰা অন্ধ অথবা দুৰ্বল লোকৰ সঙ্গী;
  • দণ্ডাধীশে সোমাবলৈ দিয়া ব্যক্তি।

১ম পুলিং বিষয়াৰ কাম

  • ১ম পুলিং বিষয়া, ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি আৰু ভোটাৰৰ পৰিচয় নিৰ্ণয় কৰাৰ দায়িত্বত থাকিব।
  • তেওঁ ভোটাৰ তালিকাত ভোটাৰৰ নাম বিচাৰি উলিয়াই সংশ্লিষ্ট কলমত তেওঁৰ বিবৰণ চাই পুলিং এজেন্ট আৰু ২য় পুলিং বিষয়াই শুণাকৈ ভোটাৰৰ নাম আৰু পৃষ্ঠা নম্বৰ আৰু ক্ৰমিক নম্বৰ ডাঙৰকৈ কৈ দিব।
  • ১ম পুলিং বিষয়াই লগতে ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি (Marked copy of E.R)ত নামটোৰ তলত আঁক মাৰিব।
  • ভোটাৰ মহিলা হ’লে, সেই মহিলা ভোটাৰৰ নামৰ বাঁওফালে এটা টিক মাৰ্ক দিব।
  • প্ৰিজাইডিং বিষয়াৰ অনুপস্থিতিত প্ৰথম পুলিং বিষয়াই প্ৰিজাইডিং বিষয়া হিচাপে কাম কৰিব।
২য় পুলিং বিষয়াৰ কাম
  • তেওঁৰ দায়িত্বত নিৰ্মোচ মহী আৰু ভোটাৰ ৰেজিষ্টাৰ থাকিব।
  • প্ৰথম পুলিং বিষয়াই ভোটাৰৰ ক্ৰমিক নং ঘোষণা কৰাৰ লগে লগে ২য় পুলিং বিষয়াই ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলি পৰীক্ষা কৰি নখমূলত নিৰ্মোচ মহীৰে দাগ দিব।
  • ২য় পুলিং বিষয়াজন “ভোটাৰ ৰেজিষ্টাৰ [Form 17A]”ৰ দায়িত্বত থাকিব।তেওঁ ভোটাৰৰ স্বাক্ষৰ বা বাওঁ হাতৰ বুঢ়া আঙুলীৰ টিপচহী উক্ত ৰেজিষ্টাৰত লব।
  • তাৰ পিছত তেওঁ ভোটাৰজনক এখন “ভোটাৰ শ্লীপ” প্ৰদান কৰিব।
তৃতীয় পুলিং বিষয়াৰ দায়িত্ব
  • তৃতীয় পুলিং বিষয়াজন “কন্ট্ৰল ইউনিট”ৰ দায়িত্বত থাকিব।।
  • তৃতীয় পুলিং বিষয়াই ভোটাৰৰ হাতৰ পৰা ভোটাৰ শ্লীপখন সংগ্ৰহ কৰি ভোট দানৰ বাবে ভোটিং কম্পাৰ্টমেণ্টলৈ যাবলৈ দিব আৰু ‘কণ্ট্ৰল ইউনিট’ৰ “Ballot” বুটাম টিপি বেলট প্ৰদান কৰিব।
  • সংগ্ৰহিত ‘ভোটাৰ শ্লীপ’ সমুহ তেওঁ সযত্নে ৰাখিব।
ভোটগ্ৰহণৰ প্ৰস্তুতি
  • ই.ভি.এমৰ প্ৰস্তুতি।

১] কোনো কাৰনতে ‘কণ্ট্ৰল-ইউনিট’ অথবা ‘বেলট-ইউনিট’ মাটিত নথব।সদায় টেবুলৰ ওপৰত থব।

২] ‘বেলট-ইউনিট’ আৰু ‘কণ্ট্ৰল’ ইউনিটৰ সংযোগ কৰক।

৩] ‘পাৱাৰ চুইচ’ অন কৰক।

৪] প্ৰকৃত ভোট গ্ৰহণৰ এঘন্টা আগতে উপস্থিত প্ৰাৰ্থী/প্ৰাৰ্থীৰ এজেণ্টক বেলট-ইউনিটৰ Clear বুটাম টিপি দেখুৱাওক যে ভোটিং মেচিন খালি, তাত আগতে কোনো ভোট সোমাই থকা নাই।

৫] ইয়াৰ পাছত আপুনি “মক-প’ল”[mock poll] কৰক আৰু ‘ম’ক-প’ল’ চাৰ্টিফিকেট প্ৰস্তুত কৰক।

  • মক-প’ল সম্পন্ন হোৱাৰ পাছত আপুনি ভোট গ্ৰহণৰ বাবে ই.ভ.এম সাজু কৰক।
  • গ্ৰীণ পেপাৰ চিল লগোৱাঃ • গ্ৰীণ পেপাৰ ছীল ৰ ভিতৰফালে[ক্ৰমিক নংৰ ওলোটাপিঠিত] প্ৰিজাইডিং বিষয়াই চহী কৰিব। উপস্থিত পুলিং এজেন্ট সকলেও স্বাক্ষৰ কৰিব পাৰে।
  • সাৱধানে গ্ৰীণ পেপাৰ ছীল নিৰ্দিষ্ট ঠাইত লগাব।
  • পেপাৰ ছীলৰ ক্ৰমিক নম্বৰ সঠিককৈ টুকি ৰাখিব।
  • পুলিং এজেণ্ট সকলে বিছাৰিলে তেওঁলোককো টুকি ৰাখিবলৈ দিব। • পেপাৰ ছীল লগোৱাৰ সময়ত ‘কণ্ট্ৰল-ইউনিট’ত আৰু এটা স্ট্ৰীপ ছীল লগোৱা হয়।সেইটো খুব সাৱধানে লগাব।
  • কোনো কাৰনত ফটা/চিগা ছীল নলগাব। প্ৰয়োজন হ’লে নতুন এটা ছীল লগাব আৰু নষ্ট হোৱা ছীলৰ হিচাপ নিৰ্দিষ্ট প্ৰ-পত্ৰত উল্লেখ কৰিব।
  • ভোটকেন্দ্ৰত ব্যৱহাৰ কৰা ‘কণ্ট্ৰল ইউনিট’ আৰু ‘বেলট-ইউনিট’ত প্ৰত্যেকটোতে তলৰ কথাকেইটাৰে “ঠিকনা লেবেল” [Address tag] লগাব ।

ক] Election to the…………from……….constituency Control Unit No…………………Current ID No…… Sl. and Name of Polling Station…………………………. Date of Poll…………………….

খ] Election to the…………from……….constituency Ballot Unit No………………Current ID No….…… Sl. and Name of Polling Station…………………………. Date of Poll…………………….

এড্ৰেচটেগৰ উপৰি কন্ট্ৰল-ইউনিটত লগাব লগীয়া স্পেচিয়েল টেগৰ নমুনা: ভোট গ্ৰহণৰ সময়ঃ আৰম্ভ সমাপ্ত পুৱা ৭ বজা[ভাৰতীয় মান সময়] বিয়লি ৫ বজা [ভাৰতীয় মান সময়]

বি: দ্ৰ: প্ৰিজাইডিং বিষয়াই উপৰোক্ত সময় অনুযায়ী ভোট গ্ৰহণ কেন্দ্ৰ খুলিব আৰু বন্ধ কৰিব। কোনোলোক সেই সময়তকৈ আগতে নাইবা পিছত ভোট কেন্দ্ৰত সোমাব নোৱাৰিব। অৱশ্যে ভোট কেন্দ্ৰ বন্ধ কৰাৰ আগৰে পৰা ভোট দিবলৈ ৰৈ থকা ভোটাৰসকলৰ ভোট দিয়াৰ যোগ্যতা থাকিব। সেই সময়ত ৰৈ থকা লোকসকলক প্ৰিজাইডিং বিষয়াই এটুকুৰাকৈ কাগজ দিব। ভোটকেন্দ্ৰ বন্ধ কৰাৰ আগৰে পৰা ভোট কেন্দ্ৰত উপস্থিত থকা ভোটাৰ সম্পৰ্কে কোনো প্ৰশ্নৰ উদ্ভব হ’লে সেই বিষয়ত প্ৰিজাইডিং বিষয়াৰ সিদ্ধান্তই চুড়ান্ত হ’ব। যদি কোনো এৰাব নোৱাৰা কাৰণত নিৰ্বাচনী আয়োগে নিৰ্দ্ধাৰণ কৰা সময়তকৈ পাছত ভোটকেন্দ্ৰ খোলা হয়, তেন্তে প্ৰিজাইডিং বিষয়াই ভোটগ্ৰহণ সমাপ্তিৰ সময় এনেভাৱে বঢ়াই দিব যাতে ভোটগ্ৰহণৰ মুঠ সময় -------- ঘন্টাৰ কম নহয়।

ভোটকেন্দ্ৰত প্ৰৱেশঃ ভোটকেন্দ্ৰত একে সময়তে কিমান মানুহ সোমাব পাৰিব সেইটো প্ৰিজাইডিং বিষয়াই নিৰ্দ্ধাৰণ কৰি দিব আৰু তলত উল্লেখ কৰা লোক সকলৰ বাহিৰে আন লোকসকলক ওলাই আহিবলৈ দিব:

ক] পুলিং বিষয়া।

খ] প্ৰাৰ্থী সকল আৰু একোজনকৈ প্ৰত্যেক প্ৰাৰ্থীৰ পুলিং এজেন্ট।

গ] দণ্ডাধীশে কৰ্তৃত্ব দিয়া লোক।

ঘ] নিৰ্বাচনৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰী, ব্যক্তি।

ঙ] ভোটাৰৰ কোলাত থকা শিশু।

চ] আনৰ সহায় নোলোৱাকৈ চলিব নোৱৰা অন্ধ বা দূৰ্বল ভোটাৰক লৈ যোৱা লোক।

ছ] মহিলা ভোটাৰক সহায় কৰা নাইবা ভোটাৰৰ পৰিচয় দিয়াৰ বাবে দণ্ডাধীশে নিয়োগ কৰা লোক।

মহিলা ভোটাৰৰ বাবে সুবিধাঃ পুৰুষ আৰু মহিলা ভোটাৰে একেঠাইতে ভোট দিয়া কেন্দ্ৰত প্ৰিজাইডিং বিষয়াই পুৰুষ আৰু মহিলাক এজন এৰি এজনকৈ পৃথক পৃথক দল সোমোৱাৰ ব্যৱস্থা কৰি দিব। প্ৰিজাইডিং বিষয়াক মহিলা ভোটাৰৰ ভোট লোৱাত সহায় কৰাৰ বাবে তেওঁ এগৰাকী মহিলা নিয়োগ কৰি ল’ব পাৰিব। ভোটাৰৰ পৰিচয় প্ৰিজাইডিং বিষয়াই ভোটকেন্দ্ৰত ভোটাৰসকলৰ পৰিচয় দিয়াৰ বাবে প্ৰয়োজন দেখিলে কোনো লোকক নিযুক্তি দিব পাৰিব। ভোটাৰৰ পৰিচয় সম্পৰ্কত প্ৰিজাইডিং বা পুলিং বিষয়া পতিয়ন গ’লে ভোটাৰ তালিকাত থকা বানান বা ছপাৰ ভুলৰ ওপৰত গুৰুত্ব দিব নালাগে।

ভোটাৰৰ পৰিচয় সম্পৰ্কত প্ৰত্যাহ্বান

১] ভোটাৰ বুলি দাবী কৰা কোনো লোকৰ পৰিচয় সম্পৰ্কত যিকোনো প্ৰাৰ্থী বা পুলিং এজেন্টে প্ৰত্যাহ্বান জনাব পাৰে। ইয়াৰ বাবে তেওঁ প্ৰত্যেক ক্ষেত্ৰত প্ৰিজাইডিং বিষয়াৰ সমীপত নগদ ২.০০(দুটকা) জমা দিব লাগিব।

২] এই টকা জমা দিয়াৰ পাছত প্ৰিজাইডিং বিষয়াই:-

ক] প্ৰত্যাহ্বানকৃত ব্যক্তি জনক আনৰ হৈ অহাৰ পৰিণতি সম্পৰ্কে সকীয়নি দিব।

খ] ভোটাৰ তালিকাৰ সংশ্লিষ্ট বিৱৰণীটো সম্পূৰ্ণৰূপে পঢ়ি শুনাব আৰু মানুহজন তেৱেই হয়নে নহয় সুধিব।

গ] নিৰ্দিষ্ট পত্ৰত প্ৰত্যাহ্বানকৃত ভোটাৰ তালিকা তেওঁৰ নাম আৰু ঠিকনা লিখিব আৰু উক্ত তালিকাত তেওঁৰ স্বাক্ষৰ ল’ব।

প্ৰিজাইডিং বিষয়াৰ তদন্তঃ প্ৰিজাইডিং বিষয়াই সেই প্ৰত্যাহ্বান সম্পৰ্কত এক সংক্ষেপ তদন্ত কৰিব আৰু এই সম্পৰ্কত সাক্ষী দিব খোজা লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। এই তদন্তৰ অন্তত প্ৰিজাইডিং বিষয়াই প্ৰত্যাহ্বান প্ৰমাণ নোহোৱা বুলি পতিয়ন গ’লে ভোটাৰজনক ভোট দিবলৈ অনুমতি দিব। আৰু জমাধন বাজেয়াপ্ত কৰি এখন ৰচিদ দিব। আনহাতে যদি তেওঁ প্ৰত্যাহ্বান প্ৰমাণ হোৱা বুলি পতিয়ন যায় তেন্তে তেওঁ ব্যক্তিজনক ভোট দিবলৈ বাৰণ কৰিব আৰু প্ৰত্যাহ্বানকাৰীক টকা দুটা ঘুৰাই দিব। ভোট দিবলৈ দিয়া বা নিদিয়া প্ৰত্যেক প্ৰত্যাহ্বানৰ ক্ষেত্ৰত প্ৰিজাইডিং বিষয়াই প্ৰত্যাহ্বানকৃত ভোটাৰ তালিকাত এটা মন্তব্য দিব।

ভুৱা পৰিচয়ৰ বিৰুদ্ধে সতৰ্কতাঃ পৰিচয় সাব্যস্ত হোৱা প্ৰত্যেক ভোটাৰে প্ৰিজাইডিং বা পুলিং বিষয়াক তেওঁৰ বাওঁ তৰ্জনী আঙুলি চাবলৈ দিব আৰু নখমূলত নিৰ্মোচ মহীৰে দাগ দিব। যদি কোনো ভোটাৰে তেওঁৰ বাওঁ তৰ্জনী আঙুলি চাবলৈ নিদিয়ে নাইবা তাত তেনে দাগ থকা দেখা যায়, তেওঁক ভোট দিবলৈ দিব নালাগে।

ভোটদানৰ প্ৰক্ৰিয়া

ক] বেলট ইউনিটৰ পৰা বেলট ইছু কৰাৰ পাছত ভোটদাতা জন ভোটদান কক্ষলৈ যাব।

খ] তাত তেঁও ভোট দিব খোজা প্ৰাৰ্থীৰ প্ৰতীকৰ কাষত থকা নিলা বুটামত টিপা মাৰিব।

গ] তাৰ পিছত নীৰৱে ওলাই যাব। এজন ভোটাৰ ভোটদান কক্ষত থকা অৱস্থাত আন এজনক সোমাবলৈ দিব নালাগে।

নিৰক্ষৰ আৰু দুৰ্বল ভোটাৰৰ ভোটদানঃ নিৰক্ষৰ, অন্ধ অৱস্থা নাইবা আন কোনো শাৰীৰিক অক্ষমতাবশতঃ কোনো ভোটাৰে ভোট দিব নোৱাৰিলে সেই ভোটাৰৰ লগত এজন সহায়কাৰী যাব পাৰিব। সেই সহায়কাৰীৰ সহায়ত তেওঁ ভোট দিব। প্ৰিজাইডিং বিষয়াই এই বিষয়ত এনে প্ৰত্যেক ভোটদানৰ হিচাপ ৰাখিব।

টেণ্ডাৰ্ড ভোট

১] যদি কোনোবা এজন লোকে ভোট দি যোৱাৰ পিছত আন এজন লোকে সেই ভোটাৰ বুলি ভোট দিবলৈ বিচাৰি আহে, তেন্তে প্ৰিজাইডিং বিষয়াই তেওঁক যথাযথ প্ৰশ্ন সুধি সন্তুষ্ট হ’লে তেওঁৰ আঙুলিত নিৰ্মোহ মহীৰে দাগ দিব, বেলট পেপাৰ দিব আৰু বেলট পেপাৰৰ কাউন্টাৰ ফলিঅ’ত চহী/টিপচহী ল’ব।

২] এনে প্ৰত্যেক ব্যক্তিয়ে বেলট পেপাৰ গ্ৰহণ কৰাৰ পূৰ্বে ফৰ্ম নং-17Bৰ সংশ্লিষ্ট কলমত স্বাক্ষৰ কৰিব।

৩] এইক্ষেত্ৰত আপোনাক লগত ২০খন বেলট পেপাৰ যোগান ধৰা হব।

৪] ভোট দিয়াৰ পাছত এই বেলট সমুহ নিৰ্দিষ্ট খামত ভৰাই ছীল কৰিব লাগিব।

ভোটগ্ৰহণ সমাপ্তি আৰু কাৰ্য্য-ব্যৱস্থা

১.ই .ভি.এম ছীল কৰিব। 17C Form: 17c ফৰ্মত সকলো ভোটৰ হিচাপ লিখি নিৰ্দিষ্ট নাম লিখা খামত ভৰাব । প্ৰিজাইডিং বিষয়াৰ দিনলিপি পুৰণ কৰিব।

খাম সমুহঃ নিৰ্দিষ্ট খাম সমুহ ছীল কৰা।

১] EVM বন্ধ কৰা ব্যৱস্থা: ভোটগ্ৰহণ সমাপ্তিৰ পিছত প্ৰিজাইডিং বিষয়াই ই.ভি.এমৰ close বুটাম টিপি ভোট গ্ৰহণ ব্যৱস্থাৰ সামৰণি মাৰিব।

২] কন্ট্ৰল-ইউনিটৰ পাৱাৰ চুইচ অফ কৰিব।

৩]সংযোগি কেৱল খুলি দুয়োটা বেলেগ বেলেগ বাকচত ভৰাই লাৰ মোহৰ লগাব।

৪] দুয়োটা বাকচৰ বাহিৰত লেবেল আৰু এড্ৰেচটেগ লগাব আৰু লাৰে ছীল কৰিব।

৫] প্ৰত্যেক ক্ষেত্ৰতে, যদি উপস্থিত থকা পুলিং এজেন্টসকলে ইচ্ছা কৰে, তেওঁলোকক নিজৰ মোহৰ মাৰিবলৈ দিব।

মনত ৰাখিবঃ সকলো প্ৰ-পত্ৰতে ৰাশি সমুহ (Digit) লিখোতে ইংৰাজী ৰাশি ব্যৱহাৰ কৰিব। কাগজৰ ছীল-মোহৰৰ হিচাপ (Paper seal Account) ই.ভি.এম প্ৰস্তুতিৰ সময়তে ব্যৱহাৰ কৰা গ্ৰীন পেপাৰ ছীলৰ ক্ৰমিক নম্বৰ সমুহ নিজে টুকি ৰাখিব আৰু পুলিং এজেন্ট সকলকো টুকি ৰাখিবলৈ দিব। ভোট শেষ হোৱাৰ পিছত 17C নং প্ৰ-পত্ৰত পেপাৰ ছীলৰ হিচাপ লিখিব আৰু খামত ভৰাই লা মাৰি ছীল কৰিব।

প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী প্ৰস্তুতকৰণঃ খুব সাৱধানে আৰু শুদ্ধকৈ “প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী”খন পূৰণ কৰক। সঠিকভাৱে পূৰণ কৰা দিনপঞ্জীখন সংশ্লিষ্ট খামত ভৰাই ছীল কৰক। এই “দিন –পঞ্জীৰ” দুটা প্ৰতিলিপি প্ৰস্তুত কৰি দুটা বেলেগ বেলেগ খামত ভৰাই ছিল কৰিব।

নিৰ্বাচনৰ কাগজ-পত্ৰত ছীল-মোহৰ মৰাঃ ভোটগ্ৰহণৰ শেহত বিভিন্ন প্ৰ-পত্ৰ আদি সঠিকভাৱে পূৰণ কৰি সকলো কাগজ, পৃথক পৃথককৈ সংশ্লিষ্ট খামত ভৰাই ছিল-মোহৰ মাৰক। বেলট পেপাৰৰ হিচাপ, পেপাৰ ছীলৰ হিচাপ আদি[Form 17C], প্ৰিজাইডিং বিষয়াৰ দ্বাৰা কৰা ঘোষণা-পত্ৰ আৰু প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী ভৰোৱা খাম কেইটাৰ বাহিৰে বাকী সকলো সামগ্ৰী নিৰ্দেশ দিয়া ধৰণে টোপোলা কৰি বান্ধি জমা দিবলৈ যাব।

এতিয়া সামগ্ৰীসমুহ জমা দিব লাগিবঃ সমুহ সামগ্ৰী যথা স্থানত জমাদিয়াৰ পিছত আপোনাক দণ্ডাধীশে নিৰ্বাচন দায়িত্বৰ পৰা অব্যাহতি দিব। আপুনি হাঁহিমুখে ঘৰলৈ যাওক। আপোনাৰ সফলতা কামনা কৰিলোঁ।

ভোটাধিকাৰ সাব্যস্ত কৰক

লিখকৰ নাম: দ্বিজেন মহন্ত

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate