মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / অণুজীৱ বিজ্ঞানৰ চমু ইতিহাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অণুজীৱ বিজ্ঞানৰ চমু ইতিহাস

প্ৰাচীন কালত মানুহে ৰোগৰ সৈতে জড়িত বিভিন্ন কাৰকবোৰ চিনাক্ত কৰিবলৈ অহৰহ প্ৰয়াস

বিৱৰণি

প্ৰাচীন কালত মানুহে ৰোগৰ সৈতে জড়িত বিভিন্ন কাৰকবোৰ চিনাক্ত কৰিবলৈ অহৰহ প্ৰয়াস কৰিছিল। ভাৰত, পাকিস্তান আৰু স্কটলেণ্ড আদি দেশত খৃষ্টপূৰ্ব ২৮০০ মানতে গঢ়ি উঠা মানৱ সভ্যতাত শৌচাগাৰ আৰু অনাময় ব্যৱস্থাৰ প্ৰচলন থকাৰ বিষয়ে প্ৰামাণিক তথ্য পোৱা গৈছে। ঠিক সেইদৰে, ৫৮৯ খৃষ্টাব্দ মানতে চীনদেশত ‘টয়লেট’কাগজ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

খৃষ্টপূৰ্ব ২৭০০ মানতে পোন প্ৰথমে ভাৰত আৰু পাকিস্তানৰ সিন্ধু উপত্যকাত মাটিৰে তৈয়াৰী জল পৰিবাহী নলী (পাইপ) ব্যৱহাৰ কৰিছিল। খৃষ্টপূৰ্ব ২৪৫০ মানত ইজিপ্তত পোনতে ধাতুৰে নিৰ্মিত পানীৰ নল প্ৰয়োগ কৰা হৈছিল। ৰোমান সাম্ৰাজ্যত জনসাধাৰণক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে জল পৰিবাহী নলী বহুলভাৱে ব্যৱহৃত হৈছিল আৰু ৰাজহুৱা স্থানত পানীৰ ফোঁৱৰা প্ৰতিষ্ঠা কৰা হৈছিল। বিশুদ্ধ পানী যোগান ব্যৱস্থাৰ চোৱা-চিতা কৰাৰ বাবে ৰোমানসকলে “জল আয়ুক্ত” নিযুক্ত কৰিছিল।

প্ৰাচীন কালতো বহুলোকে কেতবোৰ ৰোগ সংক্ৰামক ৰূপত দেখা দিয়া কথাটো কৌতুহলেৰে লক্ষ্য কৰিছিল আৰু সেইবাবে আক্ৰান্ত ৰোগীক নিলগাই ৰখাৰ ব্যৱস্থা কৰিছিল। ইয়াৰে এটা উদাহৰণ হ’ল – কুষ্ঠৰোগীসকলক সততে সৰ্বসাধাৰণৰ পৰা আঁতৰাই ৰখাটো, যিটো প্ৰথা আজিৰ সমাজতো প্ৰচলিত হৈ আছে। একোটা ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে পৰৱৰ্ত্তী কালত সেই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা লাভ কৰা বিষয়টো বোধকৰো ইতিহাসৰ ভিন ভিন সময়ত বিভিন্ন স্থানত মানুহে প্ৰত্যক্ষ কৰিছিল আৰু সেয়ে এনেবোৰ লোকক পৰৱৰ্ত্তী সময়ত আন ৰোগীৰ শুশ্ৰূষা কৰিবলৈ নিয়োগ কৰা হৈছিল। গ্ৰীক আৰু ৰোমান চিকিৎসকসকলে নিয়মিতভাৱে পথ্য আৰু শাৰীৰিক ব্যায়ামক ৰোগ নিৰাময়ৰ পদ্ধতিৰূপে প্ৰয়োগ কৰিছিল। অণুবীক্ষণ যন্ত্ৰৰ তলত পোনপ্ৰথমবাৰৰ বাবে জীৱকোষ প্ৰত্যক্ষ কৰা প্ৰথমজন ব্যক্তি আছিল ইংৰাজ বিজ্ঞানী ৰবাৰ্ট হুক। এটা অতি প্ৰাথমিক পৰ্য্যায়ৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ১৬৬৫ চনত পোনপ্ৰথমে তেওঁ কুহিলাজাতীয় উদ্ভিদৰ কোষৰ গঠন প্ৰত্যক্ষ কৰিছিল। তেওঁ অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা ভেঁকুৰৰ চিত্ৰও অংকন কৰিছিল। অৱশ্যে যিহেতু তেওঁ ব্যৱহাৰ কৰা অণুবীক্ষণ যন্ত্ৰৰ ক্ষমতা সীমিত আছিল, সেয়ে তেওঁ অণুজীৱ দেখা পোৱা নাছিল।

প্ৰথম অনুজীৱবিজ্ঞানী এণ্টনী ভান লিউৱেনহক

এণ্টনী ভান লিউৱেনহক (১৬৩২-১৭২৩)ক সময়তকৈ আগত চলা এজন ব্যক্তি হিচাপে অভিহিত কৰা হয়। যদিও তেওঁ অণুবীক্ষণ যন্ত্ৰ অথবা লেন্সৰ আৱিষ্কাৰক নাছিল, পোনপ্ৰথমবাৰৰ বাবে অণুবীক্ষণ যন্ত্ৰৰ তলত বেক্টেৰিয়া প্ৰত্যক্ষ কৰি তেওঁ তাৰ বৰ্ণনা ডাঙি ধৰিছিল। প্ৰকৃততে তেওঁ হলেণ্ডৰ এজন কাপোৰৰ ব্যৱসায়ী আছিল আৰু তেওঁ ক্ৰয় কৰিবলৈ লোৱা কাপোৰৰ বয়ন সম্পৰ্কীয় গুণাগুণ নিৰ্ণয় কৰিবলৈ পৰিৱৰ্দ্ধনকাৰী আইনা (magnifying lens) ব্যৱহাৰ কৰিছিল। ১৬৬৮ চনত তেওঁ ইংলেণ্ডলৈ গৈ তাত উপলভ্য কাপোৰ চাবলৈ গৈছিল আৰু তাত তেওঁ দেখা পাইছিল যে ইংৰাজসকলে সেইসময়ত হলেণ্ডত উপলব্ধ সবাতোকৈ শ্ৰেষ্ঠ পৰিৱৰ্দ্ধনকাৰী আইনাবোৰতকৈও অধিক শক্তিশালী আইনা প্ৰয়োগ কৰিছিল।

পৰৱৰ্ত্তী সময়ত হলেণ্ডলৈ ঘূৰি আহি তেওঁ লেন্স প্ৰস্তুত কৰাৰ কামত মনোনিৱেশ কৰিলে আৰু ইয়াক এক কলাৰূপে গ্ৰহণ কৰি অধিক ক্ষমতাসম্পন্ন লেন্স তৈয়াৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিলে। তেওঁ নিজে প্ৰস্তুত কৰা লেন্সৰ তলত অপৰিস্কাৰ পানীৰ এক নমুনা পৰীক্ষা কৰি বিচিত্ৰ আকাৰৰ বৈশিষ্ট্যপূৰ্ণ জীৱ দেখা পাই অতিশয় আচৰিত হ’ল। জীৱনকালত লিউৱেনহকে ৰূপ আৰু সোণ প্ৰয়োগ কৰি অসংখ্য অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায় আৰু তাৰ সহায়ত যিমান পাৰে ভিন ভিন বস্তু পৰীক্ষা কৰিবলৈ ধৰে। তেওঁ তৈয়াৰ কৰা সৰ্বশ্ৰেষ্ঠ অণুবীক্ষণ যন্ত্ৰটোৱে ৩০০ৰ পৰা ৫০০ গুণ পৰ্য্যন্ত পৰিৱৰ্দ্ধন কৰিব পাৰিছিল আৰু তাৰ সহায়ত তেওঁ শেলাই, এককোষী প্ৰট’জ’ৱা আৰু ডাঠৰ আকাৰৰ বেক্টেৰিয়াসমূহ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিল। তেওঁ দেখা এনে অণুজীৱবোৰৰ চিত্ৰও তেওঁ শুদ্ধৰূপত অংকন কৰি উলিয়াইছিল। ১৬৭৬ চনত তেওঁ লণ্ডনৰ ৰয়েল চচাইটিলৈ নিজৰ উদ্ভাৱনাসমূহৰ বিষয়ে লিখি পঠায় আৰু তেওঁ অঁকা চিত্ৰসমূহো পঠাই দিয়ে। যিহেতু তেওঁ দেখা প্ৰায়বিলাক ক্ষুদ্ৰাকাৰ বস্তুৱেই সাঁতুৰি থকা প্ৰত্যক্ষ কৰিছিল, সেয়ে তেওঁ সিহঁতক জীৱিত বুলি উল্লেখ কৰিছিল আৰু সকলোকে আচৰিত কৰি তুলিছিল।

ৰবাৰ্ট হুকি

জীৱৰ কোষীয় গঠন সম্পৰ্কে ধাৰণা আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল ৰবাৰ্ট হুক। অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা পোৱা ‘ক্ষুদ্ৰকায় প্ৰাণী’বোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰবাৰ্ট হুকৰ ওচৰলৈ সেই সময়ত সমাজৰ উচ্চ-স্তৰৰ বহু ব্যক্তি, আনকি ৰুছদেশৰ জাৰ আৰু ইউৰোপৰ অন্যান্য ৰাজবংশীয় লোকো আগ্ৰহেৰে গৈছিল। তেওঁ সকলোকে সমান ব্যৱহাৰ কৰিছিল আৰু কাকো তেওঁৰ অণুবীক্ষণ যন্ত্ৰটো চুবলৈ দিয়া নাছিল; মাত্ৰ তেওঁ প্ৰস্তুত কৰা নমুনা অতি কম সময়ৰ বাবে লেন্সৰ মাজেৰে চাবলৈ প্ৰত্যেককে অনুমতি দিছিল। তেওঁ প্ৰকৃততে এগৰাকী অতি সূক্ষ্ম নিৰীক্ষণকাৰী আৰু মেধাসম্পন্ন বিজ্ঞানী আছিল। মাথোঁ তেওঁৰ এটাই দোষ আছিল যে তেওঁৰ কাৰিকৰী কৌশল কাকো অনুসৰণ বা নকল কৰিবলৈ অনুমতি দিয়া নাছিল অথবা তেওঁৰ দ্বাৰা আৱিষ্কৃত তথ্যসমূহ আনক পুনৰীক্ষণ কৰিবলৈ নিদিছিল। মূলতঃ এইটো কাৰণতে আৰু এই ক্ষুদ্ৰ অনুজীৱবোৰৰ সৈতে থাকিব পৰা মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ সম্পৰ্কৰ বিষয়ে সেই সময়ত কোনেও ধাৰণা কৰিব নোৱৰাৰ বাবেই অণুজীৱবিজ্ঞানৰ বিকাশ তেতিয়াৰ পৰা প্ৰায় ২০০ বছৰৰ পাছতহে সম্ভৱ হৈ উঠিছিল।

স্বতঃস্ফূৰ্ত্ত স্ৰজন মতবাদ (Spontaneous Generation Theory)

নিৰ্জীৱ পদাৰ্থৰ পৰাই স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি হয় – এনে এটা ধাৰণা মানুহৰ মাজত চিৰাচৰিতভাৱে প্ৰচলিত আছিল। বৈজ্ঞানিক বিকাশৰ ফলত মানুহৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে অনুসন্ধিৎসু ব্যক্তিসকলে জীৱৰ উৎপত্তি সম্পৰ্কে গভীৰভাৱে চিন্তা আৰু অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সাধাৰণ নিৰীক্ষণৰ জৰিয়তেই এইটো বহুলোকৰ বোধগম্য হৈছিল যে উচ্চ-স্তৰৰ জন্তু আৰু উদ্ভিদৰ জন্ম কেৱল সমজাতীয় পূৰ্বজৰ পৰাহে সম্ভৱ। তৎস্বত্তেও প্ৰথমাৱস্থাত সৰহ সংখ্যকেইস্বতঃস্ফূৰ্ত্ত স্ৰজনৰ সহজ ধাৰণাটোকে মানি লৈছিল। জে, বি, ভান হেলমেণ্টৰ দৰে কিছু ব্যক্তিয়ে আনকি এনে ব্যাখ্যাও ডাঙি ধৰিছিল যে কিছু শস্য, এটা পাত্ৰ আৰু কিছু লেতেৰা পেলনীয়া বস্তু কোনো আন্ধাৰ ঠাইত একেলগে ৰাখি থ’লে তাৰ পৰা আপোনা-আপুনি নিগনিৰ জন্ম হয়। অন্যহাতে ফ্ৰেন্সিস্ক’ ৰেডিৰ দৰে বিজ্ঞানীসকলে এই ধাৰণাটো মানি ল’বলৈ টান পাইছিল আৰু তেওঁ এটা পৰীক্ষাৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিলে যে পঁচিবলৈ ধৰা মাংসত নিজে-নিজে মাখিৰ পলুৰ জন্ম হ’ব নোৱাৰে। তেওঁ তিনিটা বেলেগ বেলেগ পাত্ৰত তিনি টুকুৰা মাংস ৰাখি এটা পাত্ৰ খোলাকৈ ৰাখিলে, আন এটা কুহিলাৰ ঠিলাৰে টানকৈ বন্ধ কৰিলে আৰু তৃতীয়টো পাত্ৰ এখন মিহি কাপোৰেৰে ঢাকি ৰাখিলে। তেওঁ দেখিলে যে কেইদিনমানৰ পাছত কেৱল খোলা পাত্ৰটোতহে মাখিৰ পলু জন্ম হৈছে।
অতি সৰলভাৱে অথচ সবল যুক্তিৰে প্ৰতিষ্ঠা কৰা ৰেডিৰ এই পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ আছিল। আন যিকোনোৱে এই পৰীক্ষাটো সহজেই পুনৰাবৃত্তি কৰি একেই ফল পাবলৈ সক্ষম হৈছিল। তথাপিও কেতবোৰ ব্যক্তিয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোতে লাগি আছিল আৰু আন কিছু ব্যক্তিয়ে এই ধাৰণাটোৰ সত্যতা সম্পৰ্কে সন্দিহান হৈ তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছিল। এনে সৰহভাগ পৰীক্ষা-নিৰীক্ষাৰ ফলাফলেই স্বতঃস্ফূৰ্ত স্ৰজন মতবাদৰ অন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰিছিল।

উনবিংশ শতিকাত অণুবীক্ষণ যন্ত্ৰৰ অধিক বিকাশৰ ফলশ্ৰুতিত মানুহে যেতিয়া অতি সৰল শাৰীৰিক গঠনযুক্ত অণুজীৱবোৰ সহজে চাব পৰা হ’ল, তেতিয়া স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটোৱে পুনৰ এবাৰ প্ৰাণ পাই উঠিল। বহুতেই ধাৰণা কৰিলে যে অন্ততঃ উচ্চস্তৰৰ জীৱ-জন্তুতকৈ তুলনামূলকভাৱে সৰল আৰু অতি ক্ষুদ্ৰ অণুজীৱবোৰৰ সৃষ্টি নিৰ্জীৱ পদাৰ্থৰ পৰা আপোনা-আপুনি হ’ব পাৰে।

কিন্তু একে সময়তে আব্বে লেজাৰ’ স্পালানজানিৰ দৰে কিছু সংখ্যক বিজ্ঞানীয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদক সমৰ্থন জনোৱাৰ পৰিৱৰ্ত্তে ইয়াৰ সত্যাসত্য নিৰূপণ কৰাৰ উদ্দেশ্যে নানান পৰীক্ষা অব্যাহত ৰাখিলে। তেওঁ আইনাৰ পাত্ৰত মাংসৰ তপত চুৰুহা ৰাখি পাত্ৰটোৰ মুখখন তাপ দি গলাই বন্ধ কৰি দিলে। এনে কৰাৰ পাছত কেইবাদিনলৈ চুৰুহাখিনিত কোনো অণুজীৱৰ সৃষ্টি নোহোৱাত তেওঁ বিশ্বাস কৰিলে যে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদ শুদ্ধ নহয়। কিন্তু তেওঁৰ বিৰুদ্ধাচৰণ কৰাসকলে সমালোচনা আগবঢ়ালে যে যিহেতু জীৱৰ সৃষ্টিৰ বাবে বায়ুৰ প্ৰয়োজন আৰু আইনাৰ পাত্ৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দি তেওঁ বায়ু সোমাব নোৱৰা কৰি দিছিল, সেয়েহে চুৰুহাখিনিত অণুজীৱৰ সৃষ্টি সম্ভৱ হৈ উঠা নাছিল।

১৮৫৯ চনত আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃপুৰুষ লুই পাষ্টুৰে (১৮২২-১৮৯৫) স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোৰ সত্যাসত্য সম্পৰ্কীয় প্ৰশ্নটোৰ চিৰকালৰ বাবে গ্ৰহণযোগ্য এক মীমাংসা কৰাৰ সিদ্ধান্ত ল’লে। এই উদ্দেশ্যে প্ৰথমে তেওঁ দীঘল, বেঁকা ডিঙিৰ এক ধৰণৰ আইনাৰ পাত্ৰ সাজি উলিয়ালে, যাতে তেনে আকাৰযুক্ত পাত্ৰবোৰৰ মুখখন খুলি ৰাখিলেও তাত বায়ু পোনপটীয়াকৈ সোমাব নোৱাৰে; বৰঞ্চ এক দীঘল, বেঁকা পথেৰেহে সোমাব পাৰিব। তাৰ পাছত তেওঁ তেনে পাত্ৰত অণুজীৱৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় খাদ্যৰস ৰাখি তাক গৰম কৰি উতলাই ল’লে যাতে তাত থাকিব পৰা অণুজীৱবোৰ ধ্বংস হয়। পৰৱৰ্ত্তী সময়ত উপযুক্ত উষ্ণতাত পাত্ৰবোৰ ৰাখি কেইবামাহলৈকে তেওঁ নিৰীক্ষণ কৰিলে। তেওঁ যুক্তি দৰ্শালে যে বায়ুৰ সৈতে বাহিৰৰ পৰা সোমাব পৰা অণুজীৱবোৰ পাত্ৰৰ ভিতৰত ৰখা খাদ্যৰস গৈ পোৱাৰ আগেয়ে আইনাৰ পাত্ৰৰ ঠেক ডিঙিটোৰ বেৰত লাগি ধৰিব। গতিকে, যদিহে স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটো শুদ্ধ নহয়, তেন্তে খাদ্যৰসখিনিত কোনো অণুজীৱৰ সৃষ্টি নহ’ব। প্ৰকৃততে সেইটোৱেই হ’ল আৰু পাত্ৰৰ ভিতৰত ৰখা ৰসখিনি অনিৰ্দ্দিষ্ট কাললৈ জীৱাণুমুক্ত হৈ থাকিল। পৰৱৰ্ত্তী সময়ত পাষ্টুৰে পাত্ৰটো বেঁকা কৰি খাদ্যৰসখিনি তেওঁ ধাৰণা কৰা অনুসৰি বাহিৰৰ পৰা সোমোৱা অনুজীৱবোৰ গোট খাই থকা পাত্ৰৰ ঠেক ডিঙিটোলৈকে নিগৰাই দিলে। তেনে কৰাৰ পাছত দেখা গ’ল– ৰসখিনিত এইবাৰ অণুজীৱৰ অৱস্থিতি ধৰা পৰিছে। পাষ্টুৰে অতি পাৰদৰ্শিতাৰে অথচ সৰলভাৱে কৰা এই পৰীক্ষাৰ পাছত স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোযে শুদ্ধ নহয় সেই বিষয়ে কাৰো মনত সন্দেহৰ অৱকাশ নাথাকিল আৰু ইয়াক লৈ চলি অহা বিতৰ্কৰো চিৰদিনৰ বাবে অন্ত পৰিল।

লুই পাষ্টুৰ (১৮২২-১৮৯৫) ৰ অন্যান্য অৱদান

পাষ্টুৰে তেওঁৰ জীৱন কালত অণুজীৱ বিজ্ঞানৰ বহুতো মূল্যবান তত্ত্ব আৱিষ্কাৰ কৰি থৈ গৈছে আৰু তেওঁৰ সমসাময়িক আন এজন বিজ্ঞানী ৰবাৰ্ট ককৰ সৈতে অণুজীৱ বিজ্ঞানৰ মূল ভেঁটি প্ৰতিষ্ঠা কৰি থৈ গৈছে।

১৮৫৭ চনত তৃতীয় নেপোলিয়নৰ সৈন্যবাহিনীৰ নাবিকসকলৰ মাজত এক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল, কাৰণ তেওঁলোকে সাগৰত নাও মেলাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ বাবে মজুত কৰি ৰখা সুৰাবোৰ নষ্ট হৈ গৈছিল আৰু দীঘলীয়া নৌ-যাত্ৰাত সুৰাৰ অভাৱত তেওঁলোক অস্থিৰ হৈ পৰিছিল। কেৱল নষ্ট হৈ যোৱা কিছু সুৰাৰ বাবেই তেওঁৰ বিশ্ব জয়ৰ সপোন চূৰমাৰ হৈ যোৱাৰ উপক্ৰম হোৱাত নেপোলিয়ন স্বাভাৱিকতে বৰ চিন্তিত হৈছিল আৰু তেওঁ এই সমস্যাৰ সমাধান বিছাৰি পাষ্টুৰৰ ওচৰ চাপিছিল। এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পাষ্টুৰে শীঘ্ৰেই আৱিষ্কাৰ কৰিলে যে নষ্ট হোৱা সুৰাৰ নমুনাত এক বিশেষ ধৰণৰ অণুজীৱ মাত্ৰাধিকভাৱে থাকে আৰু সুৰাৰ নমুনা অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি গুণাগুণ নিৰ্ণয় কৰিব পৰা যায়; আনকি সোৱাদ কেনে হ’ব তাৰো পূৰ্বানুমান কৰিব পৰা যায়। তেওঁ যুক্তি দৰ্শালে যে সুৰাৰ গোন্ধ আৰু সোৱাদ সলনি নোহোৱাকৈ উচ্চ উষ্ণতালৈ তপতাই সুৰাত থকা অণুজীৱবোৰ ধ্বংস কৰিব পৰা যাব আৰু তেনে কৰিলে সুৰাৰ গুণাগুণ ভৱিষ্যতে নষ্ট হোৱাৰ সম্ভাৱনা নাথাকিব। এই প্ৰক্ৰিয়াটোৱে, যাক বৰ্ত্তমান পাষ্টুৰীকৰণ (pasteurization) বোলা হয়, ঠিক পাষ্টুৰে অনুমান কৰাৰ দৰেই কাম কৰিলে। সাম্প্ৰতিক কালত বটলত ভৰোৱা যিকোনো জুলীয়া দ্ৰব্য জীৱাণুমুক্ত কৰি গুণাগুণ অটুট ৰখাৰ বাবে এই পদ্ধতি প্ৰয়োগ কৰা হয়। এনে দ্ৰব্যৰ ভিতৰত গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীসমূহো পৰে।

পাষ্টুৰে এই কথা উপলব্ধি কৰিছিল যে সুৰাত থকা কেতবোৰ এককোষী ভেঁকুৰেই (yeast) প্ৰকৃততে ফলৰ ৰসক এলকহললৈ ৰূপান্তৰিত কৰিছিল। পাষ্টুৰৰ এই তত্ত্বই সেই সময়ৰ আন বহুতো বিজ্ঞানীক অসন্তুষ্ট কৰি তুলিছিল, কিয়নো তেওঁলোকৰ ধাৰণা আছিল যে আঙুৰৰ ৰসত আপোনা-আপুনি হোৱা কিছু ৰাসায়নিক পৰিৱৰ্ত্তনৰ বাবেহে এলকহলৰ সৃষ্টি হয়। বিজ্ঞান সম্পৰ্কীয় বহুতো সভা-সমিতিত পাষ্টুৰক এনে লোকসকলে আক্ৰমণ কৰিবলৈ লৈছিল; আনকি কোনো কোনো লোকে পাষ্টুৰ আৰু তেওঁৰ দ্বাৰা উল্লেখিতভেঁকুৰৰ কথা লৈ খুঁহুতীয়া নাটিকাও পৰিৱেশন কৰিছিল আৰু তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিবলৈ চেষ্টা কৰিছিল। অৱশ্যে পাষ্টুৰে সমগ্ৰ বিশ্বক তেওঁৰ দ্বাৰা আৱিষ্কৃত তথ্যৰ সত্যতা সম্পৰ্কে অচিৰেই পতিয়ন নিয়াবলৈ সক্ষম হ’ল আৰু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সুৰাত থকা ভেঁকুৰ নিয়ন্ত্ৰণ কৰি সুৰাৰ গুণাগুণ অক্ষুণ্ণ ৰাখিব পৰা যায়। অতি কম দিনৰ ভিতৰতে আন বহুতো বিজ্ঞানীয়ে পৰীক্ষা কৰি একেই ফলাফল লাভ কৰাত অৱশেষত পাষ্টুৰৰ আৱিষ্কাৰৰ বিৰোধিতা কৰাসকল স্বাভাৱিকতে মৌন হৈ পৰিল।

পৰৱৰ্ত্তী কালত পাষ্টুৰে আধুনিক ৰোগ প্ৰতিৰোধ বিদ্যা (Immunology) ৰো ভেঁটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে পৰীক্ষাগাৰত ‘দুৰ্ব্বলীকৃত’(weakened/attenuated) ৰোগৰ বীজাণুৰ বেজী দি কুকুৰা চৰাইক বেক্টেৰিয়াজনিত ৰোগৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পৰা যায়। কুকুৰাৰ কলেৰা ৰোগৰ বিষয়ে গৱেষণা কৰি থাকোঁতে তেওঁ কিছুমান কুকুৰাক বেজী দি সিহঁতৰ শৰীৰত পৰীক্ষাগাৰত সংৰক্ষিত কেতবোৰ পুৰণি বীজাণু ভৰাই দিছিল। এনে কৰাৰ পাছতো যেতিয়া কুকুৰাবোৰ নমৰিল, তেতিয়া তেওঁ ধাৰণা কৰিলে যে বহুদিন পৰীক্ষাগাৰত সংৰক্ষিত কৰি থোৱাৰ বাবে বীজাণুবোৰে নিশ্চয় ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে। গতিকে তেওঁ একেজাতীয় নতুন বেক্টেৰিয়া ব্যৱহাৰ কৰি তেওঁৰ পৰীক্ষাটোৰ পুনৰাবৃত্তি কৰিলে। এইবাৰ তেওঁ দেখিলে যে বেজী দিয়া কুকুৰাবোৰৰ ভিতৰত কিছু সংখ্যকৰহে মৃত্যু হৈছে। এই ফলাফলৰ কাৰণ জানিবলৈ তেওঁ নিজৰ সহযোগীসকলক সোধা-পোছা কৰাত জানিব পাৰিলে যে যিবিলাক কুকুৰা দ্বিতীয় পৰীক্ষাটোৰ পাছত বাচি থাকিল সেইবিলাক কুকুৰাক আগেয়ে প্ৰথম পৰীক্ষাৰ সময়ত পুৰণি বীজাণুযুক্ত বেজী দিয়া হৈছিল। পাষ্টুৰে এই সিদ্ধান্তত উপনীত হ’ল যে পুৰণি বীজাণুবোৰে কুকুৰাৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে দ্বিতীয়বাৰ তেনে কুকুৰাক নতুন, ৰোগ সৃষ্টি কৰাৰ ক্ষমতা থকা বীজাণুৰ বেজী দিয়া স্বত্তেও সিহঁত মৃত্যুমুখত পৰা নাই। তেওঁ যুক্তি দৰ্শালে যে প্ৰতিকূল পৰিস্থিতিত ৰোগ সৃষ্টিকাৰী বীজাণুৱে সিহঁতৰ ৰোগ সৃষ্টি কৰিব পৰা সামৰ্থ্য হেৰুৱাই পেলাব পাৰে, অথচ তেনে বীজাণু মানুহ বা জীৱ-জন্তুৰ দেহত সুমুৱাই দিলে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়া প্ৰয়োগ কৰি তেওঁ পৰৱৰ্ত্তী সময়ত আন বহুতো ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। তাৰ ভিতৰত টেঁটুৱা (Anthrax) আৰু জলাতঙ্ক ৰোগ(Rabies) অন্যতম। সাম্প্ৰতিক কালতো এই মূল কৌশলটোৰে কিছু সালসলনি কৰি বিভিন্ন ৰোগৰ প্ৰতিষেধক চিটা উৎপাদনৰ পদ্ধতি অব্যাহত আছে।

ৰবাৰ্ট কক্ (১৮৪৩-১৯১০)

১৮৭০ খৃষ্টাব্দৰ শেষৰফালে জাৰ্মানীৰ ৰবাৰ্ট কক্ নামৰ এজন গ্ৰাম্য চিকিৎসকে টেঁটুৱা (Anthrax) ৰোগ সম্পৰ্কে গৱেষণাৰ কামত হাত দিয়ে। এই ৰোগে গ্ৰামাঞ্চলৰ কৃষক আৰু তেওঁলোকৰ পোহনীয়া পশুধন উভয়কে আক্ৰমণ কৰিছিল। তেওঁৰ সীমিত উপাৰ্জনেৰে কোনোমতে ক্ৰয় কৰা এটা অণুবীক্ষণ যন্ত্ৰৰ তলত টেঁটুৱা ৰোগাক্ৰান্ত ব্যক্তি এজনৰ তেজ পৰীক্ষা কৰি তেওঁ ডাঙৰ আকাৰৰ এবিধ বেক্টেৰিয়া প্ৰত্যক্ষ কৰে। তেওঁ ঠাৱৰ কৰিলে যে এই বেক্টেৰিয়াই বোধহয় টেঁটুৱা ৰোগৰ কাৰক।

তেঁওৰ নিজা ঘৰৰে এটা সৰু কোঠালী পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰি তেওঁ এই সম্পৰ্কে গৱেষণা আৰম্ভ কৰিলে আৰু বহু কষ্ট কৰি বেক্টেৰিয়াবিধ বিশুদ্ধ ৰূপত পৰীক্ষাগাৰত পৰিৱৰ্দ্ধন কৰিবলৈ সক্ষম হয়। এই প্ৰচেষ্টা সফল কৰিবলৈ তেওঁ হাতত লোৱা প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ অণুজীৱ বিজ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰযোজ্য বিভিন্ন পদ্ধতিও আৱিষ্কাৰ কৰে। তাৰ পাছত তেওঁ সেই বিশুদ্ধ বেক্টেৰিয়া স্বাস্থ্যবান পশুৰ দেহত বেজী দি সুমুৱাই দি সিহঁতৰ শৰীৰত টেঁটুৱা ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। ৰোগাক্ৰান্ত জন্তুবোৰৰ তেজ পৰীক্ষা কৰি তেওঁ তাৰ পৰা পুনৰ একেবিধ বেক্টেৰিয়া বিশুদ্ধ ৰূপত উদ্ধাৰ কৰিবলৈ সমৰ্থ হ’ল। এইদৰে তেওঁ বাৰে-বাৰে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি প্ৰতিবাৰতে একেই ফলাফল লাভ কৰিলে আৰু শেষত তেওঁ আৱিষ্কাৰ কৰা বেক্টেৰিয়াবিধযে টেঁটুৱা ৰোগৰ কাৰক সেই সম্পৰ্কে নিশ্চিত হ’ল।

টেঁটুৱা ৰোগৰ দৰে এক অতি গুৰুত্বপূৰ্ণ বেমাৰ সম্পৰ্কে কৰা তেওঁৰ গৱেষণাত্মক কৰ্মৰাজিৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে ৰবাৰ্ট কক্ সমগ্ৰ বিশ্বত প্ৰখ্যাত হৈ পৰিল। শীঘ্ৰেই তেওঁ নিজাববীয়াকৈ এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হ’ল আৰু আন আন গৱেষণা কৰ্মত আত্মনিয়োগ কৰি নতুন নতুন আৱিষ্কাৰৰ ধাৰা অব্যাহত ৰাখিলে।

সেই সময়ৰ অন্য প্ৰখ্যাত গৱেষকসকল, বিশেষকৈ লুই পাষ্টুৰৰ নেতৃত্বাধীন গৱেষক দলৰ সৈতে লগ লাগি তেওঁ সাম্প্ৰতিক কালত অণুজীৱ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত সঘনাই প্ৰয়োগ কৰা নানান গৱেষণা কৌশল উদ্ভাৱন কৰিলে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য কিছু কৌশল হ’ল – বেক্টেৰিয়াৰ বিশুদ্ধকৰণ পদ্ধতি, কাঁচৰ পিৰীচ (প্লেট্), গোটা মাধ্যম, আগৰ আৰু জিলেটিন আদিৰ ব্যৱহাৰ, বেক্টেৰিয়াবোৰক ৰং কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত সহজে নিৰীক্ষণ কৰিব পৰা প্ৰক্ৰিয়া, ইত্যাদি। তদুপৰি, ককে হাইজা (কলেৰা) আৰু যক্ষ্মা (টিউবাৰকুল’চিচ্) ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া কেইবিধো আৱিষ্কাৰ কৰে।

পাষ্টুৰ আৰু তেওঁ কৰা গৱেষণাৰ ফলশ্ৰুতিতে অণুজীৱৰ দ্বাৰা ৰোগ সৃষ্টি হ’ব পৰা তত্ত্বটো চিৰকালৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ প্ৰতিষ্ঠিত হয়। ৰোগৰ কাৰক নিৰ্ণয় কৰিবলৈ তেওঁ উদ্ভাৱন কৰা প্ৰক্ৰিয়াটোত মূলতঃ নিম্নোক্ত চাৰিটা পৰ্য্যায় সন্নিৱিষ্ট হয়, যাক সম্প্ৰতি ককৰ সূত্ৰ হিচাপে জনা যায়-

·  প্ৰথম, ৰোগাক্ৰান্ত জীৱৰ পৰা কাৰকবিধ আহৰণ কৰি পৃথক কৰা
·  দ্বিতীয়, কাৰকবিধক পৰীক্ষাগাৰত বিশুদ্ধ ৰূপত পৰিৱৰ্দ্ধন কৰা
·  তৃতীয়, পৰীক্ষাগাৰত পৰিৱৰ্দ্ধিত কাৰকবিধ স্বাস্থ্যবান পোষক (জীৱ-জন্তু)ৰ শৰীৰত সুমুৱাই দি সাইলাখ একে ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা

·  চতুৰ্থ, নতুনকৈ আক্ৰান্ত পোষকৰ পৰা একেবিধ কাৰক পুনৰুদ্ধাৰ কৰা

এডৱাৰ্দ জেনাৰ (১৭৪৯ – ১৮২৩) আৰু টীকাকৰণ পদ্ধতিৰ আৱিষ্কাৰ

বসন্ত বা বৰ আই মানৱ ইতিহাসৰ আটাইতকৈ ভয়াবহ সংক্ৰামক ৰোগবিলাকৰ ভিতৰত অন্যতম। ৰোগাক্ৰান্ত ব্যক্তিৰ ভিতৰত প্ৰায় ৪০ শতাংশৰ মৃত্যু ঘটোৱা আৰু বাকীসকলৰ ভিতৰত অধিক সংখ্যককে এক ভয়াবহ ভৱিষ্যতৰ গৰাহলৈ ঠেলি দিয়া এই ৰোগে হাজাৰ-হাজাৰ বছৰ ধৰি মানুহক জ্বলা-কলা খুৱাইছিল।

প্ৰাচীন কালতে চীনাসকলে লক্ষ্য কৰিছিল যে এবাৰ “আই সদৃশ” বেমাৰত ভোগাসকলে পৰৱৰ্ত্তী জীৱন কালত বৰ আইৰ আক্ৰমণৰ পৰা ৰেহাই পাইছিল অৰ্থাৎ তেনে লোকে এক ধৰণৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰিছিল। খৃষ্টপূৰ্ব ৪৩০ মানতে চীনদেশত তেনে লোকক বৰ আই ৰোগাক্ৰান্ত ব্যক্তিক শুশ্ৰূষা কৰাৰ কামত নিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে। চীনদেশৰ কোনো অজ্ঞাত ব্যক্তিয়ে বোধহয় এই কথা লক্ষ্য কৰিছিল যে আই সদৃশ ৰোগত কম-বেছি পৰিমাণে যি ধৰণেই নোভোগক, আনকি সাধাৰণভাৱে শৰীৰৰ কোনো অংশত কেইটামান মাত্ৰ জোলা ফুটা ব্যক্তি এজনেও পৰৱৰ্ত্তী সময়ত বৰ আইৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। সেয়ে বোধহয় তেওঁ তেনে কোনো ৰোগীৰ গাৰ শুকাই যোৱা ঘাৰ পৰা চোকোৰাটো সংগ্ৰহ কৰি আন এজনৰ শৰীৰত ঘঁহি দি তেওঁক বৰ আই ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া এই পদ্ধতিটোৱে কাম কৰিলে, আন আন ব্যক্তিৰ ক্ষেত্ৰটো মানুহে এই পদ্ধতি প্ৰয়োগ কৰিবলৈ ধৰিলে আৰু ক্ৰমশঃ এই পদ্ধতি খৃষ্টপূৰ্ব ২০০ মানতে ভাৰতবৰ্ষ আৰু তাৰ পাছত অষ্টদশ শতিকাত ইউৰোপ মহাদেশলৈও প্ৰসাৰিত হ’ল। সেই সময়ত এই পদ্ধতিটোক ‘ইন’কুলেচন’ বা ‘ভেৰিয়’লেচন’ বোলা হৈছিল। এই পদ্ধতিৰ একমাত্ৰ সমস্যাটো আছিল এই যে যিহেতু ঘাৰ চোকোৰাটোত থকা ৰোগ সৃষ্টিকাৰী বীজাণু (ভাইৰাচ) অপৰিৱৰ্ত্তিত অৱস্থাত আছিল, গতিকে এই পদ্ধতি প্ৰয়োগ কৰিলে ব্যক্তি এজনে কম-বেছি পৰিমাণে বেমাৰত আক্ৰান্ত হৈছিল আৰু পৰৱৰ্ত্তী সময়ত তেওঁৰ পৰা আনৰ গালৈও ৰোগ বিয়পিছিল।

১৬৭০ খৃষ্টাব্দ মানত তাৰ্কিৰ ‘অ’টমান’ সাম্ৰাজ্যলৈ এই পদ্ধতি সদাগৰসকলে বিদেশৰ পৰা আমদানি কৰিলে। ১৭১৪ চনত ইমানুৱেল টিম’নিয়ে লণ্ডনৰ ৰাজন্য সমাজ (ৰয়েল চচাইটি)লৈ এখন চিঠি লিখি তাৰ্কিৰ ইষ্টানবুলত এই সম্পৰ্কে হোৱা তেওঁৰ অভিজ্ঞতাৰ কথা বিস্তৃতভাৱে জনালে। ১৭১৬ চনত জিয়াক’ম’ পিলাৰিন’ নামৰ ব্যক্তি এগৰাকীয়েও একে অভিজ্ঞতা সম্পৰ্কে আন এখন চিঠি লিখিলে। 

১৭১৭ খৃষ্টাব্দত এডৱাৰ্দ ৱৰ্টলি মণ্টাগক তাৰ্কিৰ চাবলাইম প’ৰ্টত ইংলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ পত্নী মেৰীয়ে ১৭১৫ চনত বৰ আই ৰোগত আক্ৰান্ত হৈছিল আৰু ফলস্বৰূপে তেওঁৰ সমগ্ৰ মুখমণ্ডল বেয়াকৈ বিকৃত হৈ বিভৎস ৰূপ লৈছিল। তদুপৰি প্ৰায় ১৮ মাহৰ পাছত মেৰীৰ ২০-বছৰীয়া ভায়েকো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। ১৭১৭ চনত তাৰ্কিত উপস্থিত হোৱাৰ কেইসপ্তাহমানৰ পাছতে মেৰীয়ে তেওঁৰ বন্ধুসকললৈ ‘অট’মান’ সাম্ৰাজ্যত প্ৰচলিত ‘ভেৰিয়’লেচন’ প্ৰক্ৰিয়া সম্পৰ্কে চিঠি লিখি জনাইছিল। বৰ আইৰ পৰা তেওঁৰ পৰিয়ালটোক ৰক্ষা কৰাৰ বাবে লেডী মেৰী ইমানেই আগ্ৰহী আছিল যে তেওঁ ৰাষ্ট্ৰদূত কাৰ্য্যালয়ৰ চিকিৎসক চাৰ্লচ মেইটলেণ্ডক তেওঁৰ ৫-বছৰীয়া পুত্ৰক ‘ভেৰিয়’লেচন’ কৰিবলৈ আদেশ দিলে আৰু ১৭১৮ চনৰ মাৰ্চ মাহত এই কাম সম্পন্ন কৰা হ’ল।

পাছত ১৭২১ চনৰ এপ্ৰিল মাহত লণ্ডনলৈ ঘূৰি অহাৰ পাছত লেডী মেৰী মণ্টাগে ৰাজ পৰিয়ালৰ চিকিৎসকসকলৰ উপস্থিতিত চাৰ্লচ মেইটলেণ্ডৰ হতুৱাই তেওঁৰ ৪-বছৰীয়া জীয়াৰীক ‘ভেৰিয়’লেচন’ কৰোৱালে। পৰৱৰ্ত্তী সময়ত ১৭২১ চনৰ ৯ আগষ্টত ৰজাৰ সন্মতি সাপেক্ষে নিউগেট নামৰ ঠাইত ছজন কাৰাবন্দীৰ শৰীৰত পৰীক্ষামূলকভাৱে ‘ভেৰিয়’লেচন’ কৰিবলৈ চাৰ্লচ মেইটলেণ্ডক অনুমতি দিয়া হ’ল। এই প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে বন্দীকেইজনে ৰজাৰ বিশেষ কৃপাও লাভ কৰিবলৈ সক্ষম হ’ল। ৰাজ দৰবাৰৰ বহুতো চিকিৎসক আৰু ৰাজসভাৰ সদস্যসকলো এই পৰীক্ষাৰ সাক্ষী হৈ ৰ’ল। ‘ভেৰিয়’লেচন’ কৰাৰ পাছত সকলো বন্দীয়েই নিৰোগী হৈ থাকিল আৰু পৰৱৰ্ত্তী কালত বৰ আইৰ কবলৰ পৰা তেওঁলোক ৰক্ষা পৰা দেখা গ’ল।

১৭২২ চনৰ ১৭ এপ্ৰিলত মেইটলেণ্ডে ৱেলচৰ ৰাজকুমাৰীৰ দুই কন্যাক ‘ভেৰিয়’লেচন’ কৰিলে। সেইখিনি সময়তে এই পদ্ধতি নতুন বিশ্ব অৰ্থাৎ আমেৰিকালৈও প্ৰসাৰিত হ’ল। ১৭৬৬ চনত আমেৰিকান সেনাই জৰ্জ ৱাছিংটনৰ নেতৃত্বত যুদ্ধ কৰিও বৃটিছ সৈন্যবাহিনীৰ কবলৰ পৰা কুইবেকক মুক্ত কৰিবলৈ অপাৰগ হয়, কাৰণ সেই সময়ত দেখা দিয়া বসন্ত মহামাৰীয়ে তেওঁলোকৰ বহুতো সেনাৰ মৃত্যু ঘটায়। অন্যহাতে বৃটিছ সেনাসকলক ইতিমধ্যে যিহেতু ‘ভেৰিয়’লেচন’ কৰা হৈছিল, গতিকে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হৈছিল। জৰ্জ ৱাছিংটনে তেওঁৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি এই শিক্ষা গ্ৰহণ কৰিলে আৰু ১৭৭৭ চন পৰ্য্যন্ত আমেৰিকান সেনাৰ যিকোনো নতুন যুদ্ধ অভিযানৰ আগেয়ে ‘ভেৰিয়’লেচন’ কৰাটো নিশ্চিত কৰিলে।
এনে এক পটভূমিতে ১৭৪৯ চনৰ ১৭ মে’ত গ্ল’চেষ্টাৰচায়াৰৰ বাৰ্কলে’ নামৰ ঠাইত এডৱাৰ্দ জেনাৰৰ জন্ম হয়। ১৭৫৭ চনত ৮-বছৰ বয়সতে জেনাৰক ইংলেণ্ডৰ আন হাজাৰজন শিশুৰ দৰেই ‘ভেৰিয়’লেচন’ কৰা হ’ল।

১৩ বছৰ বয়সত তেওঁ ব্ৰিষ্টল চহৰৰ ওচৰৰ চ’ডবাৰী নামৰ এখন ঠাইত এজন গ্ৰাম্য চিকিৎসকৰ সহকাৰীৰূপে নিযুক্ত হয়। এইখিনি সময়তে তাত লগ পোৱা এগৰাকী গোপালিকাই কোৱা শুনিলে, “মই কেতিয়াও বৰ আইৰ দ্বাৰা আক্ৰান্ত নহওঁ, কাৰণ মই ইতিমধ্যে ‘গৰুৰ বসন্ত’ৰ দ্বাৰা আক্ৰান্ত হৈছোঁ। মুখমণ্ডলত ঘা হৈ কুশ্ৰী ৰূপ হোৱাৰ ভয় মোৰ নাই।”

১৭৯৬ চনৰ মে’ মাহত জেনাৰে চাৰা নেল্মচ নামৰ এগৰাকী গোপালিকাক লগ পালে যাৰ হাত আৰু বাহুত অলপতে তেওঁৰ শৰীৰত হৈ যোৱা গৰুৰ বসন্ত ৰোগৰ দাগ স্পষ্ট হৈ আছিল। বহুবছৰৰ আগতেই শুনা আন এগৰাকী তেনে গোপালিকাৰ কাহিনীটো জেনাৰৰ মনত আছিল। ১৭৯৬ চনৰ ১৪ মে’ তাৰিখে জেনাৰে চাৰাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা ঘাৰ চোকোৰাৰ নমুনা জেমচ্ ফিফ্ নামৰ এজন ৮-বছৰীয়া ল’ৰাৰ গাত সুমাই দিলে। কেইদিনমানৰ ভিতৰতে ল’ৰাজনে সামান্য জ্বৰত আক্ৰান্ত হ’ল আৰু কাষলতিৰ তলত অলপ বিষ অনুভৱ কৰিলে। ৯ দিনৰ পাছত তেওঁ ঠাণ্ডা অনুভৱ কৰিলে আৰু তেওঁৰ ভোক প্ৰায় নোহোৱা হ’ল; কিন্তু পিছদিনাই তেওঁ নিজকে বহুত সুস্থ অনুভৱ কৰিলে।

একে বছৰৰে জুলাই মাহত জেনাৰে ল’ৰাটোৰ গাত বৰ আই আক্ৰান্ত ৰোগীৰ গাৰ পৰা সংগ্ৰহ কৰা একে ধৰণৰ নমুনা সুমুৱাই দিলে; কিন্তু দেখা গ’ল তৎস্বত্তেও ল’ৰাজন সুস্থ হৈয়ে থাকিল। সেয়েহে জেনাৰে সিদ্ধান্ত কৰিলে যে ল’ৰাজনে বসন্ত ৰোগৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিছে।

১৭৯৭ চনত জেনাৰে লণ্ডনৰ ৰাজন্য সমাজলৈ তেওঁৰ সমগ্ৰ পৰীক্ষা-নিৰীক্ষা সম্পৰ্কে বিশদ বিৱৰণ দি এক টোকা প্ৰেৰণ কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ এই টোকা গৃহীত নহ’ল। অৱশেষত ১৭৯৮ চনত অন্যান্য গৱেষণালব্ধ অভিজ্ঞতা সংযোগ কৰি তেওঁ নিজে এখন পুস্তিকা প্ৰকাশ কৰিলে। লেটিন ভাষাত গাইগৰুক ‘ভেক্কা’ বোলা হয় আৰু সেয়ে জেনাৰে তেওঁ আৱিষ্কাৰ কৰা পদ্ধতিটোক ‘ভেক্সিনেচন’ বুলি নামকৰণ কৰিলে, যাক অসমীয়া ভাষাত আমি ‘টীকাকৰণ’ বোলোহঁক।

পৰৱৰ্ত্তী সময়ত ‘ভেক্সিনেচন’ পদ্ধতিয়ে সকলোৰে স্বীকৃতি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল। ১৮০২ চনত বৃটিছ সংসদে এডৱাৰ্দ জেনাৰক এই অৱদানৰ স্বীকৃতি স্বৰূপে ১০,০০ পাউণ্ড পুৰস্কাৰ প্ৰদান কৰিলে। পাঁচ বছৰৰ পাছত তেওঁক পুনৰ সংসদে ২০,০০০ পাউণ্ডৰ পুৰস্কাৰ প্ৰদান কৰিলে। তেতিয়াৰ পৰা লাহে-লাহে এই পদ্ধতি সমগ্ৰ বিশ্বতে এক প্ৰতিষ্ঠিত পদ্ধতিৰূপে পৰিগণিত হ’ল।

পল আৰ্লিচ (১৮৫৪ - ১৯১৫)

পল আৰ্লিচে ৰবাৰ্ট ককৰ গৱেষণাগাৰত কাম কৰিছিল আৰু তাতেই তেওঁ বেক্টেৰিয়া সম্পৰ্কীয় গৱেষণাৰ মৌলিক শিক্ষা লাভ কৰিছিল। তেওঁ পোনপ্ৰথমে অণুবীক্ষণ যন্ত্ৰৰ তলত বিভিন্ন বেক্টেৰিয়াৰ অধ্যয়ন আৰু সিহঁতক চিনাক্ত কৰাৰ বাবে ৰং কৰাৰ পদ্ধতি উদ্ভাৱন কৰে। লগতে তেওঁ জীৱকোষৰ ভিন-ভিন অংশ আচুতীয়াকৈ ৰং কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত অধ্যয়ন কৰাৰো পদ্ধতি উদ্ভাৱন কৰে। তেওঁ ধাৰণা কৰিছিল যে ৰং কৰিবলৈ ব্যৱহাৰ কৰা একোটা ৰাসায়নিক দ্ৰব্যই যেনেকৈ একোবিধ নিৰ্দ্দিষ্ট বেক্টেৰিয়া অথবা কোষৰ একোটা নিৰ্দ্দিষ্ট অংশৰ সৈতে এক বিশেষ ধৰণে বিক্ৰিয়া কৰে, ঠিক তেনেকৈ বোধহয় এনে কোনো ৰাসায়নিক দ্ৰব্য পোৱা যাব, যি মানুহ বা জীৱ-জন্তুৰ শৰীৰত ৰোগ সৃষ্টিকাৰী বীজাণুবোৰ মাৰি পেলাব পাৰে কিন্তু চৌ-পাশৰ জীৱকোষবোৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ চিফিলিচ নামৰ এবিধ ৰোগৰ এক যাদুকৰী ঔষধ আৱিষ্কাৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল’লে। সেই সময়ত অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষৰফালে এই ৰোগে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল। এই ৰোগ যৌন আচৰণৰ জৰিয়তে বিয়পে। শেষৰফালে আক্ৰান্ত ৰোগীৰ মস্তিষ্কলৈও ৰোগৰ বীজাণু সংক্ৰমিত হয় আৰু তেওঁৰ মগজুৰ বিকৃতি ঘটে, আৰু অৱশেষত মৃত্যুমুখত পৰে।

আৰ্লিচে বহুবছৰ ধৰি কেইবাশও ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰি শেষত ১৯১০ চনত চিফিলিচ ৰোগৰ বীজাণু ধ্বংস কৰিব পৰা এবিধ ৰাসায়নিক দ্ৰব্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁ ইয়াৰ নাম থ’লে চেল্ভাৰ্চান (Salvarsan) বা যৌগ ৬০৬ (Compound 606)। এই আৱিষ্কাৰে ভৱিষ্যতে আন আন অনুজীৱনাশক দ্ৰব্য আৰু প্ৰতিজৈৱিক পদাৰ্থ আৱিষ্কাৰৰ বাট উন্মোচন কৰে বুলিব পাৰি।

পৰৱৰ্ত্তী কালত ১৯২৮ চনত আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিয়াম ন’টেটাম নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন নামৰ প্ৰতিজৈৱিক (Antibiotic) আৱিষ্কাৰ কৰাৰ কথা সকলোৰে জ্ঞাত। ঠিক তেনেকৈ ১৯৪০ চনত যক্ষ্মা ৰোগৰ বীজাণু বিনাশ কৰিব পৰা ষ্ট্ৰেপ্ত’মাইচিন নামৰ প্ৰতিজৈৱিকৰ আৱিষ্কাৰৰ কাহিনীও অণুজীৱবিজ্ঞানৰ ইতিহাসৰ আন এক গৌৰৱোজ্জ্বল অধ্যায়।

লেখকঃ- ড° প্ৰবোধ বৰা

উৎস:- জালপুঞ্জী আলোচনী খনৰ পৰা সংগৃহীত

3.15384615385
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top