অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ৰিকেটৰ কিছু আজৱ খৱৰ

(১) এটা বলত সৰ্বাধিক ৰাণ

এটা বলত সৰ্বাধিক কিমান ৰাণ হ’ব পাৰে বাৰু ? ৰ’ব কৈছোঁ৷ অষ্ট্ৰেলিয়াৰ গেৰী চাপমানে এটা বলত ১৭ ৰাণ কৰিছিল৷ কেনেকৈ জানেনে ? ১৯৯০ চনৰ ১৩ অক্টোবৰত হোৱা স্থানীয় এখন চৰকাৰী লীগ খেলত তেখেতে প্ৰতিপক্ষৰ এটা বল মিড ফিল্ডলৈ মাৰি পঠিয়ালে আৰু ৰাণ লবলৈ আৰম্ভ কৰিলে৷ কিন্তু বলটো গৈ ডাঠ ঘাঁহনিৰ মাজত হেৰাই থাকিল৷ বলটো বিচাৰি পোৱালৈ চাপমানে ১৭ ৰাণ সংগ্ৰহ কৰিলে৷ এটা বলত, কেৱল দৌৰিয়েই সংগ্ৰহ কৰা ৰাণৰ ক্ষেত্ৰত ই বিশ্বৰেকৰ্ড৷

(২) লাহে লাহে খেলিবা দেই

১৯৭৭-৭৮ চন ৷ সেইবেলি লাহোৰত আলহি দল ইংলেণ্ড আৰু পাকিস্তানৰ এখন টেষ্ট খেলৰ কথা ৷ পাকিস্তানৰ মুডাছাৰ নাজাৰে ৫৫৭ মিনিট ক্ৰিজত থাকি, ৪২০ টা বল খেলি চেঞ্চুৰী সম্পূৰ্ণ কৰিলে ৷ মন্থৰ গতিৰে কৰা শতৰাণৰ ক্ষেত্ৰত ই বিশ্বৰেকৰ্ড৷

(৩) ৩৩ জন কট আউট

১৯৯১-৯২ বৰ্ষত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত পাৰ্থত অনুষ্টিত হৈছিল এখন টেষ্ট মেছ৷ সেইখন খেলত সৰ্বমুঠ ৩৩ জন কট আউট হৈছিল৷ এখন মেছত সৰ্বাধিক কট আউট হোৱা ই এক বিশ্বৰেকৰ্ড৷

(৪) এখন মেছত ১,৯৮১ ৰাণ

১৯৩৯ চনৰ ৩-১৪ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত ইংলেণ্ড আৰু দঃ আফ্ৰিকাৰ এখন টেষ্ট মেছ হৈছিল ৷ এই খেলখনত কোনো এটা দলেই জয়ী হ’ব নোৱাৰিলে ৷ ইতিমধ্যে ইংলেণ্ড দলটো ঘূৰি যোৱাৰ বাবে ঠিক কৰি থোৱা জাহাজখনে বন্দৰ এৰাৰ সমায় হোৱাত খেলখন পৰিত্যক্ত বুলি ঘোষণা কৰা হয় ৷ দহ দিন (অষ্টম দিনা বৰষুণৰ বাবে খেল হোৱা নাছিল) সৰ্বমুঠ ৪৩ ঘণ্টা ১৬ মিনিট খেলি এই টেষ্ট মেছত ৰাণ সংগ্ৰহ হৈছিল ১,৯৮১ ৰাণ ৷ এইখন খেলেই হৈছে বিশ্ব ইতিহাসৰ সৰ্বাধিক সময়ৰ টেষ্ট মেছ৷

(৫) ৯ ৰাণৰ বাবে ১৩২ মিনিট

১৯৯৩-৯৪ বৰ্ষত ভাৰতৰ ৰাজেশ চৌহানে আহমেদাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে ৯ ৰাণ সংগ্ৰহ কৰিবলৈ সময় লৈছিল ১৩২ মিনিট ৷ ই এক বিশ্বৰেকৰ্ড ৷ তেওঁ এনেদৰেই নিউজিলেণ্ডৰ টি. ডব্লিউ. জাৰছিভৰ নামত থকা ১২৫ মিনিটত ৯ ৰাণৰ অভিলেখ ভংগ কৰিছিল৷

লিখক: কিৰণ খনিকৰ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate