মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / চহা-মইনাহঁতৰ আঁৰে আঁৰে ১
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চহা-মইনাহঁতৰ আঁৰে আঁৰে ১

চহা-মইনাহঁতৰ আঁৰে আঁৰে ১

এক

“ইমান ডাঙৰ সমাজ। বহু দূৰলৈকে মানুহ। মাইকী মানুহবোৰ বহিছে। মতা মানুহবোৰ চাৰিওফালে থিয় হৈছে। বহুতে আকৌ বেঞ্চ, মূঢ়া, চকী আনিও বহিছে। প্ৰথমে অকনমান ভয় নলগা নহয়। কিন্তু যেতিয়া খোলত চাপৰ পৰিল, তালৰ ছেৱে ছেৱে মুদ্ৰাবোৰ দি যাওতে ভয় আঁতৰি গ’ল। নাচি ভালো লাগিছিল। আঁৰ কাপোৰখন উঠাই দিয়া আগলৈকে কোলাহল শুনিছিলো। আঁৰ কাপোৰ উঠাৰ লগে লগে মানুহৰ কথা বন্ধ হ’ল। খুড়াই খোলত “তাক্‌ খিত্‌তাওঁ খিতা, তাক্‌ খিত্‌তাওঁ খিতা কৰি পাঁচবাৰ মাৰি হা-তাক্‌ খিতা খিতা খিত্‌, তাক্‌ খিতা খিতা খিত্‌, তাক্‌ ঘিন্‌ ঘিন্‌ তাঘিন ঘিন, আদি কৰি বিভিন্ন কৃষ্ণৰ ছেওঁ খোলত বজাবলৈ ধৰিলে। মইও লাজ নোহোৱাকৈ হাঁহি হাঁহি গোটেই ষ্টেজত ঘূৰি ঘূৰি বিভিন্ন ভংগীত নাচিবলৈ ধৰিলো। মানুহবোৰ ইমান মনে মনে আছে যে কাৰো এটা কথাও শুনা নাই। চিঞৰাও নাই। মানুহবোৰে বাৰু ভাল পালেনে নাই? বেয়া পালে নেকি? ষ্টেজৰ পৰা নামি অহাৰ আহাৰ পাছতো মানুহবোৰ মনে মনে আছে। অলপ সময়ৰ পাছতহে বু বু বা বা কৈ কথা আৰম্ভ হৈছে। সেই বুঢ়াটো, মৌজাদাৰ বোলে। ভূৱন মৌজাদাৰ। মোৰ মূৰত হাত বুলাই ককাইদেউক কলেহি-দেখিছ নগেন-কি সুন্দৰ নাছিছে। এই নাছ চাবলৈকে মই আহিছো। এইক তই নানা হলে গালি খালি হয়। আকৌ আহিবা দেই মাজনী। মই খবৰ দিম নহয়। তাইক কিবা এটা খোৱাই নিবি। ল, এইটো ল, আকৌ এশ টকাতো।

এৰা-মই বাঘজাপত যোৱা বছৰো নাছিছিলো। ককাইদেউ আৰু ৰবীন খুড়াই দেৰি নকৰিলে। ককাইদেউৰ চাইকেলত উঠি ঘৰ পাঁওতে এক মান বাজিছে। বাটতে ককাইদেৱে মোক ঘৰত হাত ভৰি ধুই মনে মনে শুই থাকিবলৈ শিকাই দিছিল। কিন্তু ঘৰত দেখো মায়ে শুৱা নাই। চাইকেলৰ শব্দ পাই দুৱাৰ খুলি দিছিল। হাত ভৰি ধোৱাৰ পাছত কেইটামান ভাত খাবলৈ দিছিল। ভাত খাই মই ৰৈ থাকা নাই। বিচনাত উঠিলো। মায়ে কোৱা শুনিলো-‘ছোৱালীজনীক এনেদৰে লৈ যোৱা মই ভাল পোৱা নাই। সৰু ছোৱালী। তাতে পৰহি জাগীৰোডৰ পৰা নছোৱাই আনিছহে। “মৌজাদাৰ দেউতাই নেৰা নেপেৰা কৰা বাবেহে নিব লগা হ’ল।” ককাইদেৱে লাহেকৈ কোৱা শুনিলো। মই বাৰু ভালকৈ নাছিব পাৰিলো নে নাই?”

ঐ বিনী তোক ঘৰতহে বিচাৰি গৈছিলো। তই পুখুৰী পাৰত অকলে বহি কি কৰিছ?” মাকনৰ মাতত তাই চক্‌ খাই উঠিল।

“তই আজি স্কুললৈও নগলি। গা বেয়া নেকি?” সৰু মায়ে সুধিলে।

“ঠিক বেয়া নহয়। টোপনি ক্ষতি হ’ল। কালি কৃষ্ণ নাচি ঘূৰি আহোতে একমান বাজিল। ৰাতিপুৱা সাৰেই নাপালো। মায়েও জগায় নিদিলে। এঘাৰমান বজাতহে উঠিলো।” বিনীয়ে ক’লে।

“হঠাৎ নাচিবলৈ গলি যে? কালিতো তই একো কোৱা নাছিলি?”

“নহয় অ’....... ময়ে গম নাপাও। ককাইদেৱে জানো ক’ৰ পৰা আহি গধূলি পৰত মোক ওলাবলৈ ক’লে। আনকি মাইকো কোৱা নাই যেন পাইছো। যাবৰ সময়ত মাত্ৰ কোৱা শুনিছো। বিনীক ভূৱন মৌজাদাৰে নিব দিছে। আজি তাত ফাংচন আছে”।

‘কি জান মাকন-বহুত মানুহ। এবাৰ জুমি চায় ভয় ভয় লাগিছিল। আমাৰ ৰাসৰ দৰে হৈছে মানুহ। মঞ্চত উঠাৰ পাছত ভয়তো কমিল। নাচি থাকোতে কিন্তু মানুহবোৰে কথা পাতা নাই জান। বৰ ভাল মানুহবোৰ। মঞ্চৰ পৰা নামি আহোতে দুজন মানে মৰম কৰিছিল। এজনে কোছত লৈ কৈছিল বৰ ভাল নাচিছো বুলি। সঁচায় বাৰু ভাল হ’ল নে নাচতো?

“কিয় নহব? তোৰ নাচ সকলোৱে ভাল পায় জান। সচাঁয় তই বৰ ভালকৈ নাচ অ’ বিনী। কিবা এটা লয়লাস আছে।”

“মীনাহতঁৰ ঘৰৰ পিনে যাওঁ ব’ল।” সৰুমায়ে ক’লে। “তাইও আজি স্কুললৈ নগ’ল। ঘৰত বহুত কাম। ভাইটিটো ৰাখিব লাগে বাবে মাকে যাব নিদিলে। ব’ল। অকনমান ফুৰি আহিলে তোৰো মনটো ভাল লাগিব।”

“হয় নে কি? অৰুণ গৈছিলনে? ফুল আৰু মায়াৰাণী আহিছিল নে নাই। চাৰে মোৰ কথা সুধিছিলনে? আজি বাৰু কি কি পঢ়ালে?” একে উশাহতে গোটেইবোৰ প্ৰশ্ন বিনীয়ে সুধি পেলালে।

“সকলো আহিছে। নতুন অংকৰ পাঠ এটা বুজাবলৈ আৰম্ভ কৰিছে। কবিতা ‘জনমভূমি’ মুখস্থ ধৰিলে। ঘৰত কৰা কাম অৱশ্যে নিদিলে।” মাকনে উত্তৰটো দিলে। এনেদৰে কথা পাতি পাতি মীনাহঁতৰ ঘৰ পালেগৈ। মীনাই ভাইটিটোৰ লগত খেলি আছিল।

 

দুই

বিনী তোলৈ এইকেইটা পকা বগৰী আনিছো। হুঁ ল। ফ্ৰ্কটো ডাঙি পেন্টৰ খুছনিৰ পৰা বগৰীকেইটা উলিয়াই মীনাই বিনীক দিলে। বগৰী কেইটা হাতত লৈ এটা মুখত ভৰালেই।

“ইমান ধুনীয়া বালিয়া বালিয়া লাগিছে পায়”। বিনীয়ে খাই খাই মাত দিলে।

“ঐ সৰুমাই মাকনে ইমানপৰে আহা নাই কিয়? ৰৈ ৰৈ আমনি লাগিছে।”

জানো কি বা কৰিছে। ময়ো সিহঁতক চাই চাই আহি আছো। ব’ল দুয়োজনী লাহে লাহে গৈ থাকো। মীনাৰ কথা মতে দুয়ো খোজ ল’লে।

মীনা, বিনা, সৰুমাই আৰু মাকন। চাৰিওজনী লগ এৰা এৰি নহয়। ৰাতিপুৱাহে পলম। অলপ গৈ পিছফিৰি চাই দেখিলে দুয়োজনী দৌৰি দৌৰি আহি আছে।

“ঐ নকবি ভাই-আধা শুকান চোলাটোক পিন্ধি দৌৰিছো।” ফেঁপাই ফেঁপাই সৰুমায়ে ক’লে মই আকৌ তোৰলৈকে ৰৈ আছিলোঁ। এইবাৰ মাকনে মাত দিলে। দুয়োজনীৰ ওচৰাওচৰি ঘৰ। গাঁৱৰ ঠিক মাজতে। বেচেৰীহঁতৰ একেটাই চোলা। সাৰণ ফ্ৰকটোৰ বাহিৰে স্কুল আহিবলৈ এটা ফ্ৰককে ব্যৱহাৰ কৰে। লেতেৰা হ’লে ৰাতিপুৱাই ধুই বাটৰ জেওৰাত ৰ’দ লগাই মেলি দিলে স্কুল আহা সময়লৈ পিন্ধিব পৰা হয়। সামৰণটো আকৌ ফুৰিবলৈ গ’লেহে ওলিয়াই দিয়ে।

“সিহঁত মখাই চাগে মধুৰিআমৰ গছবোৰত উঠি ভাল ভাল মধুৰিআম শেষেই কৰিলে।” বিনীয়ে মাত দিলে। “এৰা” মীনাই হয় ভৰ দিলে। কথাখিনি কোৱাৰ লগে লগে ৰব নোৱাৰিলে। চাৰিওজনীয়ে দৌৰি স্কুলত কিতাপ ফলি থৈ স্কুলৰ পিছফালে দৌৰিলে। ভবামতেই কাম। গোটেই মধুৰিআমৰ গছত ডালে ডালে ল’ৰা-ছোৱালী বগাই ফুৰিছে। গছৰ তলত থিয় হ’ল। তেনেতে দুটামানে ইতিকিংৰ সুৰত মাত দিলেই নহয়- “তহঁতে আজি নাপালি, আমি পকা পকা মধুৰিয়াম খা-লো খা- লো”। “নাম, নাম, আমি উঠা গছডালৰ পৰা নাম।” এই বুলি দুটামানক নমাই সিহঁতে উঠি ললে। খাবলৈ নাপাওক, গছত উঠাই চখ্‌। অন্তত: মাষ্টৰ নাহালৈকে ডালে ডালে বগাবই। কেচাঁই কুমলিয়াই এটা মুখত ভৰালেহে যেন দিনটো ভালেৰে যায়। প্ৰায়খিনিয়ে মধুৰিয়ামৰ গছত বগাই, জপিয়াই, হাঁহি ধেমালি কৰি থকাৰ মাজতে মাষ্টৰ আহিছেনে নাই চাই থাকে। অকল মধুৰিয়ামেই নে? পিছপিনে বা আগৰ পিনে থাকা আম, অমৰা, পণিয়ল, শিলিখা, তিফিলা একোৱেই সাৰি নাযায়। গছৰ তলে তলে পিটপিটাই ল’ৰা ছোৱালীবোৰ ঘূৰি ফুৰে। ডাঙৰ পথাৰখনৰ কাষেৰে বান্ধা মথাউৰিত যদিহে চাইকেলত মাষ্টৰ আহা দেখিলে- কোনোৱাজনে চিঞৰিবই নহয়। “চাৰ আহিছে, চাৰ আহিছে” বুলি। চাৰে মথাউৰিৰে গাঁৱৰ ৰাস্তাইদি আহি গাঁৱৰ মূৰত থকা স্কুল পায়হি মানে দহ/পোন্ধৰ মিনিট। গতিকে আটাইয়ে ধপ্‌ ধাপ্‌কৈ জপিয়াই বা গছৰ পৰা নামি প্ৰত্যেক নিজৰ কিতাপৰ ওচৰত ঢাৰি ঢকোৱা পাৰি পৰিপাটিকৈ ভাগে ভাগে বহিবহি। দেখিলে এনে লাগে যেন অলপ আগতে গছত বগাই হাই উৰুমি, চিঞৰ-বাখৰ কৰা এই ল’ৰা ছোৱালীহঁত নহয়। ইমান শান্ত, শিষ্ট। ইমান ভাল।

স্কুলৰ মাষ্টৰ প্ৰৱেশ কৰাৰ লগে লগে আটাইয়ে নিজ নিজ আসনত থিয় হৈ সোঁহাতখন কপাললৈকে নি জয় বুলি সম্ভাষন জনোৱাটো নিয়ম। তাৰ পিছত আৰম্ভ হয় পাঠ্যক্ৰম। বিনী কিন্তু পঢ়াত ভাল। চাৰৰ চিকনি কোৱ খাই নাপায়। মুখস্থ বোৰ ঠিকেই দিব পাৰে। বুদ্ধিয়কো তাই। এবাৰ ছমহীয়া পৰীক্ষাৰ কথা। গৰু বিষয় ৰচনা এখন লিখিব লাগে। দহ লাইন। কোনেও লিখিব নোৱাৰে কাৰণ পঢ়া নাই। মুখস্থও কৰা নাই। ছাৰে ক’লে-তহঁতৰ ঘৰত গৰু নাই জানো? গাখীৰো খাঁৱ, হালো বাইচোন দেউতাৰাহঁতে”। সাধাৰণ এটা ইংগিত। প্ৰায়বোৰে, আমাৰ গৰু আছে। হাল বায়। গৰুৰ গাখীৰ আমি খাঁও। ইহঁতে পথাৰত চৰে”। এই দুআষাৰৰ বাহিৰে আৰু বৰ্ণাব নোৱাৰিলে। কিন্তু বিনীয়ে-গাইগৰু বান্ধা, আনটো হালোৱা গৰু বান্ধা গোহালী দুটালৈ মনত পৰিল। গাইগৰুৰ ওচৰতে এটা গড়ালত গৰু পোৱালী কেইটা ভৰাই থয়। মাকে গাখীৰ খীৰোৱা, মৰণা মাৰা, হাল বোৱা, গৰখীয়া হঁতে গৰু চৰাবলৈ যোৱা, কাম কৰা মনু দাদাকে দানাপানী সিজায় দিয়া ইত্যাদি তাই দেখিছে। তাতোতকৈ ডাঙৰ কথা তাই বহি থকাৰ পৰা দেখা পালে স্কুলৰ ফিলডত এটা গৰুৱে ঘাঁহ খাই থাকা। গতিকে তাকে চাই চাই সুন্দৰ এখন ৰচনা লিখি পেলালে। ৰং বৰণৰ পৰা আদি কৰি সকলোবোৰ তাইৰ ভাৱনাত আহিল। ঘৰত কোৱা মতে ৰাঙী গাই, কলী গাই, বগী গাই বা দমৰা-চেউৰী, হালবোৱা কেইটাক যে বলধ বুলি কোৱা, দীঘল নেজডালৰ মূৰত থাকা চুলি কোছাই মাখি খেদা, নোমবোৰ চুটি চুটি ইত্যাদি কথা বিলাক সজাই পৰাই লিখিলে। মনত পৰিল পিতাকে আৰু ককাইজনে গোৱৰবোৰ ভাৰ কৰি বাৰীত দিয়া, শাক পাচলিত দিয়া। গোৱৰ হেনো উত্তম সাৰ। ককাইজনে কৈছিল। আৰু কৈছিল গৰু ছাল আৰু হাড়ৰ পৰা বিভিন্ন কামৰ উপযোগী কেনেকৈ কৰিব পাৰি। ঢোল বনোৱা, গুদাম বনোৱা, সাৰ বনোৱা ইত্যাদি ইত্যাদি। লগৰ কেইজনীকো ফুচফুচাই ক’লে- “ঐ লিখ- সেইটো গৰু। চাই চাই বৰ্ণনা কৰ। পাৰিবি দে।”

সৰু মাই, মাকন, মীনা আৰু বিনী- ইহঁত কেইজনীয়ে কেতিয়াও কাজিয়া নকৰে। বৰ মিল। অ’ ইহঁতৰ লগত অৰুণো থাকে। বৰ ঠাণ্ডা আৰু নিৰ্জু ল’ৰা। সি ল’ৰা কেইটাতকৈ ইহঁতকেইজনীৰ লগত বেছি মিলে। নহ’লে অকলে অকলে থাকে। পিতাকৰ এখন দোকান আছে। সৰু দোকান। যেনে তেনে পৰিয়ালটো পোহপাল যায়। এবাৰ কিন্তু বহাৰ ঠাইৰ লগত বাসন্তী, সাৱিত্ৰী, মায়াৰাণীৰ লগত কাজিয়া হ’ল। মীনা অলপ অঁকৰা। তাইতো মায়াৰাণীক মাৰিলেগৈয়ে। মায়াৰাণীও শুদাই এৰা ভকত নহয়। তাইও ওভতি ধৰিছে। তাকে দেখি বাসন্তি, সাৱিত্ৰীয়েও মাৰামাৰি লাগিছে। মীনাক আগুৰি ধৰা দেখি সৰুমাই, মাকনেও ৰৈ নাথাকিল। চাওঁতে চাওঁতে কাজিয়াখন ডাঙৰেই হ’ল। হতাহতিৰ পৰা চুলিয়াচুলিত পৰিল। ফুলে চিঞৰিছে বিনী কি হ’ব এতিয়া। চাৰে আহি মাৰিব সৱকে। কাজিয়াৰ কোৱত কাৰোবাৰ কানফুল খুলি পৰিল, মূৰৰ ফিটা সৰিল, ডিঙিৰ মনি চিঙিল। আনকি মায়াৰাণীৰ গাঠিমাৰি পিন্ধি আহা পেন্টটো খুলি পৰিল। পাছত যেনিবা বাকীবোৰো টনা টনি, ধৰা ধৰি কাজিয়াখন সাম কটালে। বিনীয়ে কিন্তু মীনাক খং কৰি ক’লে-“তইনো বাৰু মাৰিব লাগে কিয়? সেইহে কাজিয়াখন ডাঙৰ হ’ল।” ছাৰে মাৰিব বুলি আটাইয়ে ভয় খাই আছিল। যেনিবা কোনেও গোচৰটো ছাৰক নিদিলে। অকল কাজিয়াই নহয়। নাচ-গানো কৰে সিহঁতে। কাজিয়া কৰিলে অলপ সময় বা এদিন নামাতা-নামাতি। কোনোৱা জনীয়ে অলপ চালেই বা হাঁহিলেই সকলো ঠেহ শেষ। পাহৰি গ’ল সকলো। আকৌ হাঁহি খিকিন্দালি। মৰম চেনেহ। গৰমৰ বন্ধ দিনা গোটেই স্কুলটো মচিব। তাৰ পাছত নাছ-গান কৰি প্ৰত্যেকে প্ৰত্যেকৰ পৰা এমাহৰ বাবে বিদায় লয়। দুই তিনিবাৰ মান স্কুলঘৰটো সেৱা কৰিব। কোৱা শুনিছে ‘এইটো বিদ্যাৰ মন্দিৰ’। তাৰ পাছত সাৱটা-সাৱটি। এনেহে হয় যেন লগা লগি নহবই। আটাইতকৈ ডাঙৰ কথা শনিবাৰটো বৰ আপোন। প্ৰতি শনিবাৰে স্কুলঘৰ মচাতো সিহঁতৰ যেন এটা দায়িত্ব। ছাৰে নেলাগে বুলিলেও নেমানে। কিতাপ-ফলি গছৰ তলত থৈ পানী আনাই পানী আনিব, মচাই মচিব। জুৰুলি জুপুৰি হৈ কি যে আনন্দ। এক অনাবিল আনন্দই বিৰাজ কৰে।

 

তিনি

এদিনৰ কথা। পৰিৱৰ্তন। পৰিৱৰ্তন সকলোকে লাগে। “সদায়নো কিমান কোৰোকা, ঘিলা খেলিম অ’। বেলেগ কিবা এটা খেলো দে”। মাকনে ক’লে।

“দৰা কইনানো কেনেকৈ- খেলিম। কাপোৰ আনা নাই।”

মীনাই মাত দিলে।

“সদায় আমি ধূলিৰে ভাত আঞ্জা কৰি খাওঁ। আজি সঁচাকৈ ভাতকে বনাও দে।” বিনীয়ে ক’লে। কথামতে কাম। তাতে আজি দেওবাৰ। দেৰিকৈ খেলিলেও ঘৰত খং নকৰিব।

“এটা কাম কৰো-এযোৰ এযোৰ কাপোৰ আনো এজনীয়ে মাক হম, এজনীয়ে বৰমা হম, এজনীয়ে খুৰী হম, এজনীয়ে পেহী হম। সাৱিত্ৰী, বাসন্তী আহিলে এজনীয়ে বাইদেউ আৰু এজনীয়ে আইতা হ’ব।অৰুণটো অহা হ’লে তাক ককাদেউতা হব দিলো হয়”। বিনীৰ কথাত গোটেই কেইজনীয়ে হয় ভৰ দিলে। ঘৰৰ পৰা মনে মনে গোটেই কেইজনীয়ে মেখেলা চাদৰ, এমুঠিমানকৈ চাউল আৰু বিনীয়ে এটা সৰু চচ্‌পেন আনিলে। মাকহঁতে গম নোপোৱাকৈ মনে মনে, সন্তৰ্পনে বস্তুকেইপদ গোটালে। বিনীহঁতৰ আমজোপাৰ তলতে ৰান্ধাৰ ব্যৱস্থা কৰিলে। বস্তা আনি অকনমান আঁৰ কৰি ললে। মাক মাকনে মেখেলা চাঁদৰ পিন্ধি ভাত ৰান্ধিবলৈ বহিল। সৰু মায়ে বৰমাক হৈ খৰি খেৰ জোগাৰ কৰি দিলে। মীনাই খুড়ীয়েকজনী হৈ শাক পাত চিঙি আনিলে। বিনীয়ে বাইদেউজনী হৈ মাজে মাজে মাকক আমনি কৰে। “মাই ভোক লাগিছে, কিবা এটা খাবলৈ দে”। মায়ে ভেকাহি মাৰি কয়-“পেটত ৰাক্ষস সোমাইছে নেকি? খাওঁ খাওঁ কৰি থাক যে? অকনমান আগতে চাহ খালিয়েইচোন। নিজকে কোৱাদি কয়-” এই যে বাপেকতো, কলৈবা গ’ল। খৰি খেৰ এডাল বিচাৰি দিবৰ মনত নপৰে”।

বাসন্তীয়ে আকৌ আইতা হৈ কোৰোকা এটাকে খুন্দনা কৰি তামোল খুন্দিব ধৰে। মাজে মাজে সৰু মইনা দুটাক কয়- “নাকান্দিবি দেই। মায়ে ভাত বনাইছে নহয় তহতলৈ। আমি আটাই মখাই খাম। এতিয়া মই সাধু কম দেই।”

সাৱিত্ৰীয়েও পেহীজনী হৈ ঘৰ-চোতাল সাৰিব ধৰিলে। এনেদৰে মেখেলা চাদৰ পিন্ধি জুতুলী পুতুলী হৈ কামত লাগি গ’ল। এনেদৰে ভাত বনাই হ’ল। আঞ্জাৰ নামত মিছা-মিছিকৈ বন পাত আনি বনালে। ভাত কেইটা নিমখেৰে কলপাততে খাবলৈ থিৰ কৰিলে। এনেতে আহিল মইনা, ভাইটি, অকনমান আৰু বাবু। সিহঁতকো ভাত লাগে।

“গধুলিৰ অতিথি বোলে সাক্ষাৎ দামোদৰ। দে, সিহঁতকো দে।” বিনীয়ে ক’লে। গতিকে এচামুচকৈ সৰু সৰু কাটা কলপাতত ভগাই দিলে। দিওতে কোৱা হ’ল “তহঁতে আৰু নুখুজিবি দেই আমি ধেমালিহে খেলিছো।” গোটেই কেইটাই সেমেনা সেমেনি কৰিলে। মানে ভাত কেইটা একোৱে নহল সিহঁতৰ। বাবু, মইনাইতো কান্দিয়েই দিলে। তথাপি মাকনে খঙে ৰাগে আৰু এচামুচ কৈ দি ক’লে- “চাচোন চা ভাতেই নাই। আমি

“কি খাম? ক’ৰ পৰা যে ওলালহি এইকেইটা।” টানি আজুৰি মইনাহঁতক উঠাই পঠালে। এইবাৰ সিহঁতে মাক, বৰমাক, খুড়ীয়েক, আইতাক, পেহীয়েক বাইদেৱেক হৈ খাব। অকনমান অকনমান সোৱাদ ল’ব।

“ঐ তহঁতে কি কৰিছ অ’ আমতলত। খেলিছ হবলা।” ককাইদেৱে বাৰাণ্ডাৰ পৰা মাত দিলে। লাহে লাহে আমতলৰ ফালে আহিল।

“তহঁত হবলা মেখেলা চাদৰ পিন্ধি গাভৰু হৈছ।“আৰে কি এইয়া-পেলা, পেলা বুলিছো নহয় পেলা।” খঙেৰে কৈ উঠিল। খেলিবলৈ আৰু একো পোৱা নাই। লেতেৰা ঠাই। জুই ছাই জ্বলাইছ। সাংঘাতিক কাম কৰিছ তহঁতে। তহঁতৰ বেমাৰ হ’বলৈ কিমান পৰ? চাফা কৰ ঠাই। ঘৰত তহঁতক ভাত দিয়া নাই খাবলৈ”।

গোটেই কেইজনীয়ে ৰঙা চকু দেখি ভয় খালে। সকলোবোৰ দলিয়াই পেলালে। সেমেনা সেমেনিকৈ আতঁৰি আহিল। মেখেলা চাদৰ খুলি হাতত টোপোলা কৰি ল’লে। বেচেৰী হতঁৰ আশাত চেচাপানী পৰিল। অলপ দূৰত অকমান কেইটাই সিহঁতলৈ চাই ৰ’ল। তাকে দেখি বিনীহতঁৰ সিহঁতৰ ওপৰতে খং উঠিল।

চাৰি

আজি গৰমৰ বন্ধ দিব। ৰাতিপুৱাই স্কুল। ছয়মাহিলি পৰীক্ষা, পাঠগোটৰ পৰীক্ষা সকলো হ’ল ভালেই হ’ল বন্ধত ফুৰিবলৈ যাব পাৰিব। আজি অৱশ্যে হাত কাম দিব লাগিব। মানে ছোৱালীবোৰে এখন ডাঙৰ ৰুমাল। ৰাতিপুৱাৰ পৰাই সিহঁতকেইজনীৰ তৎ নাই। ৰুমাল জাপিছে জোকাৰিছে, আকৌ জাপিছে। কি কি চিলাই কোনে কৰি দিছে। মনি চিলাই, ভৰ্ত্তি চিলাই, কম্বল চিলাই, চেইন চিলাই আদি নামবোৰ আওঁৰাই আওঁৰাই চাৰিওজনী স্কুল পালেগৈ। স্কুলত দেখিলে অৰুণ আহিলেই।

বিনীয়ে চিঞৰিলে-“ঐ তই আহিলি? চাও তই কি আনিছ?” চাৰিওজনীয়ে তাৰ বিছনীখন চালে। বাঁহৰ সৰু বিচনীখন সঁচায় ভাল লাগিছে। লিৰিকি বিদাৰি চাই মিনাই ক’লে-“পিতাৰাই বনাই দিছে ন?” অৰুণে ‘ওঁ’ বুলি শলাগিলে। “এইখন বিচনী কিন্তু চাৰেই ভালে পাব। গৰমৰ দিন নহয়, ঘৰলৈ লৈ যাব।” এই বুলি মীনাই নিজেও বা ল’লে আৰু সিহঁতকো বিচি দিলে। গোটেই কেইজনীয়ে গিৰজনী পাৰি হাঁহিলে। ফুল, বাসন্তী, মায়াৰাণী, প্ৰদীপ ৰামু, দিলীপ আদি গোটেইবোৰেও আহি সিহঁতৰ লগ হ’ল। বন্ধত কোনে ক’ত যাব,মামাহঁতৰ ঘৰত কোনে কেতিয়া যাব, সাধু কিতাপ কোনখন কিনিব ইত্যাদি ইত্যাদি আলোচনাও হ’ল। অৰুণৰ বিচনীখন দেখি মায়াৰাণী ক’লে-“অৰুণ চাৰে আজি তোক বেছি নম্বৰ দিব দেই।” “এই বিচনীখনত নম্বৰ নিদিলে আমাৰ খনত শূণ্য উঠিব।” ৰামুৱে কৈ উঠিল। মাকনে বিনীলৈ চাই ক’লে-“এইবাৰ কিন্তু তই ঘৰত কন্দা কটা নকৰিবি।”

বিনীয়ে মাথো হাঁহিলে। যোৱা বছৰৰ গৰমৰ বন্ধৰ কথা। তাই কমখন নকৰিলেনে?-

সেইবোৰো গৰমৰ বন্ধ। শুই উঠাৰ পৰা কেইবাৰ যে মাকন, মীনা, সৰুমাই ঘৰৰ পৰা আহা যোৱা। খবৰ লোৱা। চাহ-জলপানো বিচৰা নাই। এবাৰ খুড়াকে মাত লগালে-“কি অ’ আইমনি ইমান লৰা ধপৰা কিহৰ, বাপু খুড়া আজি গৰমৰ বন্ধ দিব নহয়?” তই কিন্তু মোক টাউনলৈ নিব লাগিব দেই। তেতিয়াহে তোৰ কোছত উঠিম”। ৰুমালখন ভাজ দি দি ক’লে বিনীয়ে। বাপু খুড়াই তাইক আইমনি বুলিয়েই মাতে। “হব, হব, তই চিন্তাই নকৰিবি। ৰঙা, বগা, সেউজীয়া ফিটা আনি দিম নহয়।” মাকে কিবা এটা খাবলৈ পাকঘৰলৈ মাতিলে। এনেতে লগৰবোৰে মাত শুনি দৌৰি যাওঁতে “পিছত আহি খাম” বুলি চিঞৰিলে। লৰা-ছোৱালীবোৰে গোটেই বাট উখল মাখল লগাই গৈছে। এৰা আজিৰ পৰা এমাহ অলপ হ’লেও পঢ়া-শুনাৰ পৰা আতঁৰি থাকিব।

“গলি শেনটো হৈ আহিলি ফেচাঁটো হৈ।” এখোজ দুখোজ কৈ আহি থাকা বিনীক আইতাকে মাত লগালে। তাই একো নামাতিলে। মৰমেৰে হাত বুলাই আইতাকে ক’লে-“কি হ’ল আই”। মাকে লৰালৰিকৈ আহিল বাৰাণ্ডাতে বহি পৰা বিনীক ক’লে-“ভোক লাগিছে? সেইবাবে মই কিবা এটা খাই যাব কৈছিলো নহয় আহ্‌। ভাত বাঢ়িয়েই থৈছো।” নাই, মনটো একেবাৰে সেমেকি আছে। হাতত ধৰি মাকে উঠাব খোজোতে তাই ফেকুৰি উঠিল। মৰম কৰি কেইবাবাৰু সোধাৰ পাছত তাই কবলৈ ধৰিলে।

“কি জান মা, মাকন মীনা হতক ১৮/১৯ নম্বৰ দিছে। মোৰ ৰুমালখন সিহঁততকৈ ডাঙৰ-তথাপি মোক ২০ নম্বৰহে দিছে”।

“অ’ তোক সকলোতকৈ বেছি নম্বৰ দিছে।” মাকে ক’লে।

“কেনেকৈ হ’ব? সিহতঁৰ দুটা সংখ্যা যোগ হব। মোৰ এটাহে হব।” মাকে বিনীৰ কথা বুজি নাপালে আকৌ বিনীয়ে ক’লে-“চাচোন মা- সিহতঁৰ একটো যোগ হব আঠটোও যোগ হব। বা একটোও যোগ হব ন’টোও যোগ হব। মোৰচোন শূণ্যটো একো নাই। মাত্ৰ দুইটোহে যোগ হব। ছাৰে অংক শিকাওতে কৈছে নহয়-শূণ্যৰ একো মূল্য নাই।”

মাকে “সেইটোহে কথা” বুলি বৰকৈ হাঁহিলে তাকে দেখি তাই খঙত, দুখত বেছিকৈ কান্দিবলৈ ধৰিলে। মাকে বুজাবলৈ যত্ন কৰিলে কিন্তু তাই এটাই কথা মাত্ৰ তাইৰ দুইটোহে যোগ হ’ব। মাত্ৰ এটা সংখ্যা। গতিকে হেডছাৰ আহিলে মাকে যাতে চাহ জলপান নিদিয়ে তাৰ বাবে মাকক সাৱধান কৰি দিলে। বেচেৰীয়ে ফেকুৰি ফেকুৰি মাকৰ ওচৰতে থাকিল। মাকে খোৱাবলৈ ইমান যত্ন কৰিছে, তাই নাখায়। বেছিকৈ ক’লে বেছিকৈ কান্দিহে উঠে।

‘কি হ’ল নো বৌ”। বাপুখুড়াই মাত দিলে। মাকে নকবা আৰু” বুলি কথাটো বৰ্ণালে। বাপু খুড়াই হাঁহি মাৰি অ’ এইটোহে কথা বুলি তাইক দাঙি বাহিৰলৈ লৈ গ’ল। “মোৰ আইমনিজনীক ইমান দুখ দিব লাগেনে?” বুলি কবলৈ ধৰিলে-“মাতিলেও যায়, পাছিলে খায়,”

এই হেন ছোৱালীজনীক কোনে জগৰ লগায়”। বাপুখুড়াই এসোপামান খোলকটি আনিলে। ওঁঠৰ, উনৈশ, বিশ টাকৈ ভাগ ভাগ কৰি তাইক বুজাবলৈ ধৰিলে। বুজাত ঠিকেই বুজিলে। কিন্তু তাইৰ ক্ষেত্ৰত শূণ্য মানে একো নাই। ছাৰে কোৱা ভালদৰে মনত আছে। মাত্ৰ দুইহে যোগ হব। তাই নাছোৰ বান্দা। গতিকে তাই নম্বৰ কম পাইছে।

পিতাকে আতঁৰৰ পৰা কথাটো টং কৰি আছিল। লাহেকৈ মাত লগালে-“এইবাৰ মাষ্টৰ আহক বাপ্পেকে আমাৰ ঘৰলৈ। ছোৱালীজনীক এনে কৰিব লাগেনে? হেৰৌ শুনিছনে-আজিৰ পৰা চাহ-জলপান বন্ধ। কোনো পধ্যেই নিদিবা।” আই অ’ আহ কিবা এটা খাই লহি। মাষ্টৰক বাৰু মই বুজাই কম। খালেহে গা-মন ভাল লাগিব।

বাপেকৰ কথাত যেন তাই অলপ স্বস্তি পালে অন্তত: বাপেকে তাইৰ দুখকন বুজি পাইছে। এনেতে বাপুখুড়াই পিঠিত উঠাই চোতালতে ঘূৰি ঘূৰি গাবলৈ ধৰিলে-

“ইৰিকটি মিৰিকটি বাঁহৰ শলা

মোমাইদেউৰ পদুলিত বান্ধিলো ঘোঁৰা

ঘোঁৰা গ’ল উত্তৰে শ’লমাছে গুজৰে।”

আইমনি মানে বিনীয়েও বোকোছাত মিচিক মিচিক কৈ হাঁহিব ধৰিলে।

“বিনী, অকলে অকলে হাঁহিছ যে-পুৰণি কথা মনত পৰিছে নহয়।” সৰুমায়ে বিনীৰ গাটো জোকাৰি দিলে। তাই লাজতে মুখ খন ঢাকি ধৰিলে।

“ছাৰে ইমান দেৰি কৰিছে। নতুন বাইদেউজনী আহা হ’লেও। ৰুমালবোৰ জমা দিব পাৰিলে ঘৰটো মচিবই পাৰিলো হয়”। বিনীয়ে ক’লে।

অৰুণে ক’লে-এটা কাম কৰো। হেড ছাৰৰ টেবুলত হাতৰ কামবোৰ থৈ আমি ঘৰ মচা কামটোকে কৰোঁ। সকলোৱে ছাৰৰ টেবুলত হাতৰ কাম থৈ কামত লাগিল। কোনোৱে পানী আনিলে, কোনোৱে বাঢ়নীৰে পানী ঢালি দিলে, কেইজনীমানে কাপোৰেৰে মজিয়াখন মচি দিলে, কোনোৱে চৌহদটো ঝাৰু মাৰিলে। কাম কৰাৰ স্ফুৰ্ত্তিতে সিহতে গমেই নাপালে সিহঁতৰ কাপোৰ কানি যে তিতি গৈছে, লেতেৰা হৈছে। এটা হুলস্থুলীয়া পৰিৱেশ। কাম কৰাৰ আনন্দ। লগে লগে কৰাৰ স্ফুৰ্ত্তি। আপোন মনে, কোনো হকা-বাধা নোপোৱাকৈ কৰা কামৰ কি যে আমেজ। নতুনকৈ বনোৱা ঘৰটোৰ পকা মজিয়া পলকতে চাফা হৈ পৰিল। শুকাবলৈ আৰম্ভ কৰিছে। হ’লটোত কাকো সোমাব দিয়া নহ’ল। ৰামুৱে চিঞৰি চিঞৰি ক’লে ছাৰো আহিছে আৰু নতুন বাইদেউজনীও আহিছে। সকলোৱে এইবাৰ শান্ত শিষ্ট হৈ বস্তুবোৰ পৰিপাটি কৰি হাতৰ কামবোৰ হাতে হাতে লৈ ছাৰ, বাইদেউ আহালৈ অপেক্ষা কৰিলে।

স্কুল প্ৰৱেশ কৰি ছাৰ, বাইদেউ অবাক। ইমান সুন্দৰকৈ ৰাখিছে পৰিৱেশটো। সকলোকে ধন্যবাদ জনাই নিজৰ নিজৰ ঠাইত বহিবলৈ ক’লে আৰু হাতৰ কামবোৰ জমা ল’লে। গৰমৰ বন্ধত কৰিবলৈ দুই এটা কাম দিলে। ইয়াৰ পিছত ল’ৰা-ছোৱালীবোৰে হেঁপাহ কৰি থাকা পৰিৱেশটো আহিল। ছাৰে কোনে কোনে কি কি কৰিবা আহা বুলি কোৱাৰ লগে লগে গুণগুণনি আৰম্ভ হ’ল। প্ৰথমে ছাৰে ৰামুক দেখুৱাবলৈ ক’লে। ৰামুৱেও হাতৰ গামোচাখন চুৰিয়াৰ দৰে পিন্ধি ল’লে। ওপৰৰ চাৰ্টটো খুলি পিছৰ পিনে এডাল নেজৰ বণাই ল’লে। ল’ৰা-ছোৱালী সন্মুখলৈ গ’ল। সি মুখেৰে খেক্‌ খেক্‌ শব্দ কৰি বান্দৰৰ দৰে জপিয়াই দুপাক মান ঘূৰিলে। ফল-পকা, খোৱাৰ চেও ধৰিলে। ওকণি চাই খোৱাৰ ভাও দিলে। সকলোৱে আনন্দ পালে, হাঁহিলে। মায়াৰাণীয়ে বুঢ়ী এজনী হৈ লাখুটিত ভৰ দি কপি কপি ক’লে-“মাগ’ আমি যায়তে পাৰিনা। আমাকে অল্প হাতে ধৰিয়া নেন্‌ তো।” কোনোৱে গান গালে, কবিতা আবৃতি কৰিলে। এনেদৰে প্ৰায়খিনিয়ে সৰু-সুৰা কিবা এটা কৰি ভাল পালে। বিনীহঁতে কি কৰিব ভাবিলে। একেলগে গোটেই কেইজনীয়ে কৰিব। অৰুণে অৱশ্যে গান গাব জানে। গতিকে ঠিক হ’ল অৰুণে গীত গাব বিহু গীত। সিহঁতকেইজনীয়ে নাচিব। বাকীবোৰে হাত চাপৰি বজালে। ছাৰ, বাইদেউৱেও সহযোগ কৰিলে। এইবাৰ নতুন বাইদেউক সিহঁতে নেৰিলে। গোটেইবোৰে অনুৰোধ কৰিলে। নতুন বাইদেউৱে সুন্দৰকৈ এটা বৰগীত গাই শুনালে। এনেদৰে নানা ধৰণৰ গীত মাতেৰে বেলাটো পাৰ হ’ল। ছাৰে বুট অলপ তিয়াই থৈছিল। ৰামুহঁতে ভগাই দিলে। ছাৰে বন্ধ ঘোষণা কৰি ভালদৰে থাকা-মেলা, ফুৰা-চকা কৰিবলৈ ক’লে। কাৰণ গৰমত বেমাৰ আজাৰ বেছিকৈ হয়। সকলোৱে ঘৰা ঘৰি গ’ল।

এমাহ অন্তত: মুকলি মনেৰে থাকিব পাৰিব। বাটত আহোতে বিনীহঁতে নতুন বাইদেউজনীৰে কথা পাতিলে। বৰ ভাল লাগে হেনো। কি কাপোৰ পিন্ধে কি ৰঙে শুৱাইছে, কি কাণফুল, নেইল পলিচ, লিপিষ্টিক, খাৰু কিয় পিন্ধা নাই, আঙুঠিটো কিহৰ আদি কৰি কিমান যে কথা। “বাইদেউ আপোনাক আমাৰ লগৰ যেন লাগে।” এজনীয়েতো কৈয়েই দিলে। নতুন বাইদেউৱে হাঁহি হাঁহি তাইৰ মূৰত হাত বুলাই ক’লে-“অ’ মইতো তোমালোকৰ লগৰে। তোমালোকৰ লগত খেলি, পঢ়ি, মোৰো ভাল লাগে।” বা: লৰা-ছোৱালীবোৰ জপিয়াই উঠিল খুউব ভাল বাইদেউজনী। পিছে ছাৰকহে ভয় লাগে। এবাৰ চকু পোন্দোৰাই চালেই হ’ল। মুখেৰে একো ক’ব নালাগে।

বিনীয়ে মাত লগালে-“”দুই এদিনতে কইনা দৰা খেলো দে। ন’হলেচোন ফুৰিবলৈ গ’লে খেলাই নহব। কোনে বা কেতিয়াকৈ আহোঁ”। বাকীবোৰেও কথাটো টং কৰিলে। সকলোকে মাতি বিনীয়ে ক’লে- “কালিলৈকে খেলো দে। প্ৰত্যেকে কাপোৰ কাণি পিন্ধিবলৈ আনিবি। দৰা-কইনা মই আনিম। পূজাত কিনা দুটা ডাঙৰ পুতলা আছে।” অৰুণ আৰু ৰাজুৱে বিয়াৰ কাম চম্ভালিবিদেই।

 

পাঁচ

আগবেলা ওলাব নোৱাৰে। কাৰণ সকলোৰে ঘৰত বাধা। ৰাতিপুৱা অন্তত: দুঘন্টা কিতাপৰ ওচৰত বহিব লাগিব। গা-পা ধোৱা ভাত পানী খোৱা, সৰু-সুৰা দুই এখন কাম, লাচনি-পাচনি আদি বহুত দায়িত্ব। তাৰোপৰি স্কুলৰ পৰা দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখি শেষ কৰিব লাগিব। ঘূৰি আহি আৰু লিখিবৰ মন নাযায়। ঘৰতো একেটাই কথা স্কুলৰ কামবোৰ শেষ কৰিলেহে ফুৰা-চকা কৰিবলৈ দিব। গতিকে আবেলিয়ে ভাল হব।

আনদিনতকৈ অলপ সোনকালে আটাইবোৰ ওলাল। মেখেলা চাঁদৰ পিন্ধি কোনোজনীয়ে কইনাৰ মাক, কোনোজনীয়ে দৰাৰ মাক, কোনোৱে ভায়েক, ভনীয়েক, বৰমাক, খুড়ীমাক যাৰ যি হ’বৰ মন সেই মতে কাণি কাপোৰ পিন্ধি বিভিন্ন ভাও দি যাব ধৰিলে। সিহঁতে সৰুমাইহঁতৰ গোহালিটোকে ঠিক কৰিলে যদিও গোৱৰৰ গোন্ধই অলপ অশান্তি দিলে। গতিকে মীনাহতঁৰ পদূলি মুখত থকা বকুল জোপাৰ তলতে ঠিক কৰিলে। বকুলডাল বৰ বেছি ডাঙৰ নহয় যদিও সকলোৱে ছাঁত বহিব পাৰিব। বিনী, সৰুমাই, বাসন্তীকে আদি কৰি হ’ল কইনা ঘৰিয়া আৰু মীনা, মাকন, বুল, দাদু আদি কৰি হ’ল দৰা ঘৰিয়া। দুখন ঘৰ উদুলি মুদুলি। আলহী আহিছে। বহিবলৈ দিছে। কি খাব কি নাখাব, আদৰ-সাদৰ কৰিছে। সিহঁতৰ ব্যস্ততাবোৰ দেখি ভাল লাগিল।

“অ’ আপুনি আহিছে? কইনাৰ মাকে মাত লগালে।”

“অকলে আহিলে যে? বাইদেউ, ল’ৰা-ছোৱালী দুটা নাহিল দেখোন? ভালনে ঘৰত আটাইৰে?

“মাকৰ আহিবৰ ইচ্ছা আছিল। পিছে ইহঁত দুটাৰ পৰীক্ষা, সেয়ে আহিব নোৱাৰিলে।” আকৌ কোনোজনীয়ে আহি ওৰণি লৈ কবহি বহকচোন। ইমান দেৰি কৰিলে। নহা হ’লে বেয়া পালো হয়”।

“আহক ভিতৰলৈ। কেইটামান জলপান খাই লওক।” “পিছতো খাম দিয়ক।” নহয় নহয় এতিয়াই খাওক। দৰা লগত কিন্তু যাব লাগিবদেই”।

“ৰাতিপুৱাই মোৰ ডিউতি আছে থাকিব নোৱাৰিম বেয়া নাপাব।”

নিজৰবোৰে এনে কৰিলে কেনেকৈ হ’ব কওকচোন”। ইত্যাদি ইত্যাদি কথা বতৰা। কেইটামান সৰু সৰু লৰাই আধা দুখৰীয়া হিন্দীগীত, বিহুগীত গাই নাচিব লাগিছে। গীতৰ সুৰত, ভাঙা টিংত কোব দিওতে টিং দুফাল হৈছে। কোনোজনে গছৰ পাতত জলপান, গাখীৰ, গুড় মিঠাই আদি মিছাকৈ ধূলি-বালিৰে আলহী সোধ-পোছ কৰিছে। সিহতঁৰ অকৃত্ৰিম ব্যস্ততা, জীৱনৰ আখৰাবোৰ দেখি ভাবিব লগা হয়-এইয়াইতো জীৱণ। মেখেলা চাদৰ পিন্ধি, মুৰত ওৰণি লৈ উজুতিয়াই, মহতিয়াই কোনোবাজনীয়ে আকৌ পৰিয়েই যায়। কিমান চাবা। মুক্তমনে, স্বত:ফুত ভাৱে ডাঙৰৰ দৰে কৰিব বিচাৰে, কব বিচাৰে। অনুকৰণেই সিহঁতৰ বয়স।

এইবাৰ সিহতঁৰ পাল পৰিল পানী তোলা। কোৰোকাকে কলহ কৰি দৰাঘৰীয়া, কইনাঘৰীয়া ওলাল পানী তুলিবলৈ। বিয়া নামৰ টুকুৰা-টুকুৰী ফাঁকি গাবলৈ আৰম্ভ কৰিলে-

কাষে ঘন্টা লোৱা ৰাধা

মাথাই লোৱা মালা হৰি ৰাম ৰাম

যমুনালৈ যাব লাগে, নকৰিবা হেলা হৰি ৰাম ৰাম

ফুল চন্দন তুলসী, ভৰিল কি নভৰিল

ৰাধা তোমাৰ কলচী।

গা-ধোৱা কামটো একেলগে কৰিলে। মাহ-হালধি আদিৰে দৰা-কইনাক গা-ধোৱাই দাঙি আনিলে ৰভাৰ তললৈ। ইতিপূৰ্বে অৰুণে ৰামুৱে বস্তা দুটামান আনি বকুলৰ তলত পাৰি, থৈছেহি। পুতলা দৰা কইনা মাজত বহুৱাই দুফালে দৰাঘৰীয়া কইনাঘৰীয়া বহিল। জাউৰিয়ে জাউৰিয়ে বিয়া গাব ধৰিলে।

“কলপাতৰ ৰভা নহয় টিং পাতৰ ৰভা

আমাৰ দৰা নাহিল মানে নোশুৱালে সভা।

“দেউতাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম মাৰাৰ অলংকাৰ থোৱা হে

ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম

হাতে যোৰা কৰি লোৱা হে”।

আকৌ এজনীয়ে লগালে-

“টেবুলৰ ফুলদানি হাততে লোৱা

মৰমৰ মাজনীক কি লাগে কোৱা

একো মোক নালাগে সকলো আছে

সৰুকালৰ জীৱন দুনাই মোক লাগে”

বিনীয়ে এইবাৰ ক’লে- এইবাৰ জোৰা নাম গাঁও দে।

দৰাঘৰীয়া আৰু কইনা ঘৰীয়া দুভাগহৈ গাবলৈ আৰম্ভ কৰিলে-

দৰাঘৰীয়া-অ’ পকা কমলা অ’ পকা কমলা

কইনাজনীতকৈ আমাৰ দ’ৰা ধুনীয়া।

কইনাঘৰীয়া-হওঁক বাৰু ধুনীয়া, আমাৰ কইনা প্ৰফেছাৰ

দৰা বেলমাৰা চকীদাৰ।

দৰাঘৰীয়া-কলগছৰ এছোৱা, কলগছৰ এছোৱা

কইনাঘৰীয়া মানুহৰ এশ এটা কেচুঁৱা

আমি খোৱা পাতবোৰ তোমালোক চেলেকা।

মাজে মাজে কইনাৰ হৈ কোনোবা এজনীয়ে কান্দি উঠে। কোনোবা এজনীয়ে কৈ উঠে নাকান্দিবা মাজনী। নাকান্দিবা, ছোৱালী জনম লৈছা যেতিয়া পৰৰ ঘৰলৈ যাবলৈ লাগিব। সেইখন হে নিজৰ ঘৰ। এনেদৰে জোৰা নাম গাই থাকোতে সৰু ময়ে মেখেলা চাঁদৰেৰে জটা-পতাকে আহি “মোকো বহিব দে” বুলি কইনাৰ কাষত বহিব বিচাৰিল। বেচেৰীয়ে আহোতে মীনাৰ ভৰিত গছকি আহিল গমেই নাপালে। মীনাই চিঞৰি ক’লে-তইনো কিয় আগলৈ আহিব লাগে। সেইবাবেহে গছকি পালি”।

সৰু মায়ে লাহেকৈ ক’লে-“মই দেখাই নাপালো। হব দে”।

বেয়া নাপাবি। ইমান দুখ পোৱা নাইদে”।

মীনাই উচাৎ মাৰি থিয়হৈ খঙেৰে কলে- “নাই নাই, মই দুখ পোৱা নাই? চা ভৰিখন বিষায় আছে।” এইবুলি ভৰিখন আগুৱাই দিলে।

“যা মই নেখেলো।” মীনাই এইবাৰ চাঁদৰখন খুলি হাতত লবলৈ যত্ন কৰিলে। পিছত মেখেলা দাঙি যাবলৈ বিচাৰিলে।

মায়াৰাণীয়ে কলে- ‘ৰ চোন ৰ, ইমান খং কৰিছ কিয়? তাই বাৰু নেদেখি গছকিলে তাতে নেখেলা হলিনে?’ “কিয় নাযাব, কি নাযাব। তাই কিবা দুখ পোৱা নাই নেকি?” এইবাৰ মাকনে চিঞৰিলে।

“তহঁতে যদি কাজিয়া কৰ, কৰি থাক। মই পুতলা দুটা লৈ যাও।”

এইবাৰ বিনীয়ে মাত লগালে। “যা যা, লৈ যা, নেখেলা।” মাকনে ক’লে। গোটেইবোৰ থিয় হৈ ইটোৱে একাষাৰ, সিটোৱে একাষাৰ কওঁতে কওঁতে হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হ’ল। ওৰণি বাৰণি পেলাই বেচেৰীহঁতে মেখেলা দাঙি ধৰিলে।

অৰুণে এইবাৰ মাত দিলে-“সৰু কথাটোকে ইমান ডাঙৰ কৰিলিনে? অলপ মনে মনে থাকচোন। বৰমাহঁত আহিছে। খেলিবতো নাপাবিয়ে বৰঞ্চ পিটনহে খাবি।”

এৰা কথাতো নোহোৱা নহয়। গোটেইবোৰ ঠাণ্ডা হ’ল। ঘৰৰ পৰা ওলাই আহাও বহুত সময় হ’ল। গধূলী হবৰো বেছিপৰ নাই। ৰাস্তাত বিনীৰ মাক আৰু ফুলৰ মাকক কথা পাতা দেখা পালে। ৰাজুৱে কলে-সোনকালে বিয়াখন ভাং। পথাৰৰ পৰা গৰু আনিব লাগে। নহ’লে পিতায়ে বকিব।

গোটেই কেইজনীয়ে কাপোৰ ঠিক কৰি ললে।

বিনীয়ে কলে- ‘বল দৰা-কইনাক বাট ফুৰাই আনো তাৰ পাছত ঘৰলৈ যাম।’ দুজনীয়ে দৰা-কইনাক মূৰত তুলি ধৰিলে। আৰু লাহে লাহে আগুৱাই গ’ল। মায়াৰাণীয়ে বিয়া নাম গালে-“হাতত পান বটালৈ মাৰাক কোৱা গৈ। মৰমৰ মা দেউ অ’ যাবলৈ ওলালো সেৱাহে জনালো।” এনেদৰে দেউতাকক, ককায়েকক নাম ধৰি গাবলৈ ধৰিলে। সৰুমায়ে গালে-

বিনীয়েও গালে-

বনে বনে ফুৰিলো, বনৰ মালা গাঠিলো’

বেয়া নাপাবা দেই, ধেমালিহে কৰিলো।

ছয়

আজি আৰু খেলিবৰ মন নাই। ঘৰত কৰা কামবোৰ শেষ কৰি ফুৰিবলৈ যাব লাগিব। সেয়ে বিনীয়ে লিখা মেলা কৰি কিতাপ পত্ৰ সামৰি অলপ পুখুৰী পাৰতে বহিল। তেতিয়া বেলি হাহিছে। বতাহ জাক ভাল লাগিছে। ৰাস্তাৰ লগতে থকা গাওঁবুঢ়া ককাইৰ পুখুৰীটোত হাঁহবোৰে সুন্দৰকৈ খেলি থকা দেখিলে। কেইটামান হাঁহে ডুব মাৰি কোনোবা ঠাইত ওলায় আৰু কেইটামানে ঠোটটো তললৈ দি ওপৰলৈ ঠেং কৰি কিবা বিচাৰি আছে। হাঁহবোৰেও ধেমালি কৰিব জানে। ইয়াকে চাই চাই তাই আপোন পাহৰা হ’ল।

এৰা এবাৰ সিহঁতেও এই পুখুৰীটোত সাতুৰি নাদুৰি কব নোৱাৰা হৈ আছিল। তেতিয়া ভৰ দুপৰীয়া। ৰ’দটো আছিল চোকা। গা ধুইছিল, সাতুৰিছিল, পুখুৰীটো ইপাৰ সিপাৰ হৈছিল। কব পৰা নাছিল কিমান সময় এনেদৰে পাৰ হৈছিল। প্ৰায় আঠজনমান হ’ব। চকুবোৰ ৰঙা পৰি গৈছিল। বগা গেনজি, চেমিজবোৰ মলিয়ন হৈছিল। নোমবোৰত মলিবোৰ লাগি দীঘল দীঘল হৈ বৈ আহিছিল। পানী ঘোলা হৈছে। হাঁহি খিকিণ্ডালিত কোন আহিছে কোন গৈছে ৰাস্তাৰে গমেই পোৱা নাছিল। বিনীৰ পিতাকে ৰাস্তাৰে চাইকেল মাৰি যাওতে সিহঁতক ঘৰলৈ আহিবলৈ কোৱা শুনাই নাপালে। পিতাকে ঘৰত চাইকেল থৈ চিকনি লৈ খেদি গ’ল। হঠাৎ সৰু মাইৰ চকুত পৰিল। তাই ফুচফুচাই আটাইকে কলে- বৰ পিতাই আহিছে। চা-বিনীৰ পিতাক। আটাইবোৰে পাৰত উঠিল। কি কৰিব এতিয়া। দৌৰিব নে ৰৈ থাকিব। কোনফালে যাব। কাৰণ আহাৰ গতিটো দেখি সিহঁতৰ বৰ ভয় লাগিল। চাই থাকোতে ওচৰ পালেহিয়েই। যেয়ে যিফালে পাৰিলে দৌৰিব ধৰিলে। বিনীৰ পিতাকেও কোৱা কোৱিকৈ আহি যাকে যেনেকৈ পালে কোৱাই গ’ল। “এই দুপৰীয়া, তাতে পকা ৰ’দ, গৰমত তহঁতৰ বেমাৰ নহয় কাৰ হ’ব। উঠ শেতা পৰি গৈছে। মই ওলাই যাওতেই তহঁতক ৰাস্তাত দেখি গৈছো।” এই বুলি গালি পাৰিলে। বেছেৰা হতৰ তিতা পিঠিত, কাৰোবাৰ ভৰিত কাৰোবাৰ তপিনাত সেৰা বান্ধি উঠিল। বিনীও বাদ নপৰিল। দুচাত পিঠিত পৰি উখহি আহিল। দৌৰি আহি ঘৰ পালেহি। মাকে ৰৈয়ে আছিল। থাপ মাৰি ধৰি কলৰ পাৰলৈ লৈ গ’ল। শুকাই যোৱা হাত ভৰিবোৰ বগা হৈ পৰিছে। মাকে চাবোন দি ভালকৈ গা মূৰ ধোৱাই দিলে। পিঠিখন চেকচেকাই আছেই, তাতে আকৌ চাবোন। ইমান ধৰিছে তাই এতিয়া কান্দিবও পৰা নাই। জানোচা মাকেও আকৌ মাৰে! ঘহি দিওতে এবাৰ তাই চিঞৰি উঠিল। “কেনে লাগিছে এতিয়া? দুই বাজিল। বাৰী ঘৰৰ লেতেৰা বোৰ বৰষুণৰ পানীত উটি গৈ পুখুৰীত, খালবোৰত জমা হয়। সেইবাবে গা পানীত ধুইছ। বেমাৰ যে নহ’ব কি মানে আছে। ঘৰত তই সাধু কিতাপ পঢ়ি থকা বুলিহে ভাবিছিলো।” কৈ কৈ গা-মূৰ মচি দিলে। কাপোৰ পিন্ধাই শুবলৈ দিলে। মাকৰ অৱশ্যে বেয়াও লাগিল। চাট কেইটা জোৰকৈয়ে পৰিছে। ৰঙা পৰি উখহি আছে। কোনেও তাইক আজিলৈকে এচাত মাৰি পোৱা নাই। সকলোৰে তাই আলাসৰ লাড়ু।

বিনীয়ে শুই শুই ভাবিলে- ‘বেয়া কাম কৰিছে সিহঁতে। বৰষুণৰ পানীৰ সৈতে বাৰীত পৰা পচা গেলাবোৰ উটি আহে, গোৱৰ জাৱৰ, ৰাস্তাৰ বোকাবোৰ বৈ পুখুৰীতে পৰে। গুৱে মুতে-ছি: বৰ ঘিন লাগিছে। স্কুলতে ছাৰে কৈছিল নহয়-এনেকুৱা পানীত বহুত বেমাৰৰ বীজানু থাকে আজিৰ পৰা আৰু এনে কাম নকৰে। মাকন, মীনাহঁতকো ক’ব লাগিব।’ সিদিনৰ পৰা আৰু আজিলৈকে পুখুৰীৰ পানীত নমা নাই। কেতিয়াও এনে ভুল নকৰে।

“তই ইয়াতে বহি আছ? আমি তোক ঘৰতহে বিচাৰি গৈছো।” মীণাৰ মাতত তাই উচাপ খাই উঠিল। “আজি খেলিবলৈ মন নগ’ল। ইয়াত বহিয়েই ভাল লাগিছে। বহ তহতেওঁ।” সৰু মাই, মাকন, মীণা তিনিওজনীয়ে বহি কথা পাতিবলৈ ধৰিলে। কোনে কেতিয়া, ক’লৈ যাব, কেতিয়া ঘূৰিব ইত্যাদি ইত্যাদি।

সৰু মায়ে ক’লে-“মোৰ হে কতো যোৱা নহ’ব। মাইৰ গাটো ভাল নহয়। ভাইটিক ৰাখিব লাগিব, দুই এখন কাম কৰিও সহায় কৰিব লাগিব।” বিনীয়ে ক’লে-“আমি কিজানি পৰহিলৈ যাম। মাইও যাব। মামাহঁতৰ ঘৰত দুদিন, বাইদেউৰ ঘৰত দুদিন থাকিব হেনো। সময় হ’লে পেহীৰ ঘৰতো যাম বুলি কৈছে। মোক থৈ নাহে। এইবাৰ বৃত্তি দিব লাগিব নহয়। তহঁতেও বেছি দিন নাথাকিবি দেই। পঢ়িব লাগিব নহয়।

“কালি ডাঙৰ ককাইদেউৱে বৰশীত শ’ল এটা পালে জান। ডাঙৰ শ’ল।” মীনাই হাঁহি হাঁহি কলে।

“ক’ত পালে অ’

জুপুতী খালত”

মাকনে এইবাৰ পুৰণা কথা মনত পেলালে-‘বিনী মনত আছেনে বাৰিষা, বানপানী আহিলে বৰশী বোৱাৰ কথা। পিছ পিনৰ বানপানীত কুহিমাছ যে বৰশীত ধৰিছিলো। আধা খালৈ হৈছিল নহয়নে?’

মন গ’লেই হ’ল। ক’ত যে নাযায় সিহঁতে। ডাঙৰৰ দৰে কৰিবৰ মন যায়। কেতিয়াবা দেখিবা বৰশী হাতত লৈ লৰা-বুঢ়াৰ মাজত, ৰাস্তাৰ কাষত সমানে সমানে বৰশী বাই আছে। কেতিয়াবা উঠিব পাৰা গছত উঠি আম কঠাল বিচাৰি ফুৰিব। কেতিয়াবা আকৌ কাৰোবাৰ গোহালী ঘৰত গীত, পদ, নাছৰ আখৰা। কেতিয়াবা গাৱৰ বোৱাৰী বোৰৰ লগত জাকৈ লৈ মাছ মাৰিব যাব। কোনেও সিহঁতক বেয়া নাপায়। সকলোৱে সিহঁতক তদাৰক কৰে। এবাৰ আকৌ কি হ’ল। বিনীক সাধাৰণতে মাছ মাৰিবলৈ বা শেলেকু তুলিবলৈ যাব নিদিয়ে। আৰু তাই অভ্যস্তও নহয়। তথাপি তাই মন যায়। ভাল পায়। কেতিয়াবা মনে মনে মাকক কুটুৰী কুটুৰী অনুমতি পায়। শেষত মাকে কয়-“যা বাৰু ককায়েৰহঁত নাহাৰ ” আগতে ঘৰ চাপিবিহি”। আৰু কোনে পায়। লগৰ কেইজনীয়ে তাইৰ বাবে জাকৈ খালৈ সাজু কৰিয়েই ৰাখে।

এবাৰ বহু দূৰত থাকা জামুকনী বিললৈ গ’ল। তাইৰ যাবৰ মন নাছিল যদিও লগৰ কেইজনীয়ে নেৰিলে। গাৱৰ খুৰীহঁতো তালৈ যাব যেতিয়া গোটেই কেইজনীয়ে যাবলৈ ওলালে। খোজকাঢ়ি ভাগৰো লাগিছিল। সকলোৱে মাছ মাৰিছিল। দ’লৈ গৈ গৈ জাকৈ মাৰিছিল। তাই কিন্তু যাব পৰা নাই। ভয় লাগে। কাষে কাষে জাকৈ এৰি সিহঁতে শেলেকু তুলিছে। তাইৰো মন গ’ল। ভাত শেলেকু, কাঠ শেলেকু সকলোৱে তুলিছে। মীনা, মাকন, সৰু মাইহঁতৰ লগত একাঠু দ’লৈ নামিল। তাইক শিকাই দিলে। কেনেকৈ শেলেকুৰ পাতটো ঠাৰিৰে আনখন হাতেৰে পানীৰ তললৈ নি মাটিৰ তলত থাকা আলুটো বা শেলেকুটো আনিব পাৰি। প্ৰথমবাৰ পাৰা নাছিল। ঠাৰিডাল চিঙি গৈছিল পিছত যেনিবা তাইও কেইটামান শেলেকু তুলিবলৈ সক্ষম হ’ল। স্ফূৰ্ত্তিতে তাই শেলেকুৱেই তুলিব ধৰিলে। হঠাৎ তাই পানীৰ তলৰ পৰা ওপৰলৈ হাতখন উলিয়াই আনোতে দেখা পালে হাতত কিবা এটা দীঘলকৈ লাগি ধৰিছে। ভালকৈ চাই দেখিলে মস্ত এটা জোক। এবেগেত মান হব। তাই চিঞৰত গগন ফটাই দিলে। পানী দুফাল কৰি পাৰত উঠিলহি। জাকৈ তাতে এৰিলে। পাৰতো ঢপলিয়াই আছে। ভৰিত, হাতত আৰু আছে নেকি। পৰুৱা এটা উঠিলেও চক খায়। জোকেও তিনি ভুৱন দেখিলে। জোক কেনি সৰি পৰিল গমেই নাপালে। মাকনহঁতেও ভয় খালে। সচাঁয় ডাঙৰ জোক। ম’হৰ জোক হেনো। মটীয়া বৰণৰ বৰ দীঘল। আগতে তেনে জোখ দেখা নাই। পিছত আৰু পানীত নামাৰ সাহস নহ’ল। গছ এজোপাৰ তলত থিয়হৈ থাকিল। অলপ থাকি খুৰীয়েকহঁতক চিঞৰিব ধৰিলে। খুৰীয়েকহঁতেও সিহঁতৰ আতুৰতা বুজিব পাৰি পানীৰ পৰা উঠি ঘৰলৈ যাবলৈ সাজু হ’ল। বেলি অৱশ্যে আছিল। কিন্তু উপায় নাই। খালৈবোৰ চালে। পিছে বিনীৰ খালৈৰ অৱস্থা কাহিল “আৰু মাছ মাৰিব আহিবি?” খুৰী এজনীয়ে ক’লে। বিনীয়ে নাহো বুলি মূৰ জোকাৰিলে সকলোৱে এটা দুটাকৈ মাছ আৰু শেলেকু বিনীৰ খালৈত ভৰালে। তুলনীয়া মঙহ সৰহ হোৱাৰ দৰে বিনীৰো হ’ল। তেতিয়াৰ পৰা আৰু সিহঁতকেইজনীৰ মাছ মৰা হাবিয়াস কমি গ’ল। মাজে মাজে বিল, ডোঙা মাৰিলে পিতাকহতঁৰ লগত চাবলৈ যায়।

আজি আটাই কেইজনীয়ে পুখুৰী পাৰত বহি মনৰ কথা পাতিছে। লগত অৰুণ আৰু ৰাজুও আহি লগ্গ হ’ল। অৱশ্যে ৰাজু অলপ গোৱাৰ। মন গ’লেহে কিবা এটা কৰি দিয়ে। অৰুণে কিন্তু সদায় সিহঁতক লগ দিছিল। বৰ শান্ত, শিষ্ট ল’ৰা। খানা খাবৰ মন গ’লে বজাৰ কৰাত অৰুণ, পূজাত, ৰাসত দোকানে দোকানে ঘূৰি ঘূৰি খাৰু, মনি, ফিটা, কিলিপ আদি কিনিব লগা হ’লে লগত অৰুণ, আম, জাম, মধুৰিয়াম খাবলৈ মন গ’লে অৰুণ, স্কুলৰ বাগিছা বনাব লগা হ’লে অৰুণ। মুঠতে অৰুণ আৰু সিহঁতৰ মাজত এৰাব নোৱাৰা সম্বন্ধ।

ৰাস বোলোতে মনত পৰিছে। বাঁহৰ খোলোং নহ’লে নাৰিকল তেলৰ টেমাত ফুটা কৰি পইচা জমাই ৰাসলৈ। কাৰণ ৰাস সিহঁতৰ গাঁৱৰ এটা ডাঙৰ উৎসৱ। বিভিন্ন দোকান, বজাৰ, ৰাসতহে দেখা পায়। ক’ৰ ক’ৰ পৰা জানো ইমান দোকান আহে ভাবিবই নোৱাৰে। দোকানে দোকানে চিচাৰ খাৰু, ফিটা, কিলিপ মনি কিনাটোৱেই চখ। ৰঙা, সেউজীয়া, নীলা, হালধীয়া চিচাৰ খাৰু,ফিটা নিকিনিলে যেন মনলৈ শান্তি নাহে। দোকানীবোৰেও সিহঁতক চিনি পোৱা হ’ল। সিহঁতৰ দুষ্টামিবোৰ ভাল লগা হ’ল। মৰম কৰে। দুই এজোৰ খাৰু, মনি এনেই দিয়ে। আটাইকেইজনীয়ে বৰ স্ফূৰ্ত্তি পায়। সিহঁতৰ আনন্দ দেখি দোকানীবোৰেও আনন্দ পায়। এক নিৰ্মল আনন্দ। আজিকালি মাকবোৰে অকলে অকলে দোকানে দোকানে ঘূৰিব নিদিয়ে। ৰাসলৈকো অকলে আহিব নিদিয়ে। এৰা-সিহঁত হেনো ডাঙৰ হৈছে।

“তহঁতে পুখুৰী পাৰতে থাকিবিনে, নে ঘৰলৈ আহিবি? গধূলি হবৰ হ’ল।” বিনীৰ মাকে মাত দিলে।

“আহ ঘৰলৈ। মই পকৰি বনাইছো, খা-হি। অলপ অলপ গাখীৰ দিছো আহ।” পকৰি কথা শুনি সিহঁতৰ বৰ ভাল লাগিল। বিনীয়ে অৰুণ ৰাজুকো মাতি আনিলে।

সাত

চাওতে চাওতে গৰমৰ বন্ধৰ পোন্ধৰদিন পাৰ হ’লেই। গতিকে বিনীৰ মাকে আৰু বিনীয়ে এসপ্তাহৰ বাবে তাইক ফুৰাবলৈ লৈ গ’ল। এইবাৰ মাকে তাইক থৈ নাহে। কাৰণ এল.পি. ৰ শেষ পৰীক্ষা। বৃত্তিও দিব। গতিকে দুই-এদিনকৈ থাকি ঘৰমুৱা হ’ল। বিনী আৰু মাকে গাড়ীৰ পৰা নামি নদীখন পাৰ হৈ ঘৰলৈ বুলি খোজ ললে।

“মা গাওঁখন ইমান উৰুঙা উৰুঙা লাগিছে।” বিনীয়ে কলে। মাকৰো মনটো ভাল ভাল লগা নাই। নিমাও মাও হৈ আছে। আহি আহি গাৱৰ মাজ পালে। হঠাৎ অৰুণহতঁৰ ঘৰৰ পৰা অৰুণৰ মাকে দৌৰি আহি কলেহি-“বিনী, অৰুণক দেখিছনে? ৰাতিপুৱাই ওলাই গৈছে। এতিয়াও ঘৰলৈ অহা নাই”। এতিয়াও ঘৰলৈ অহা নাই। অৰুণৰ পিতাকে ধম্‌কি দি মাকক লৈ গ’ল। বিনী আৰু মাকে তধা লাগি চাই ৰ’ল। কিবা এটা আশংকাত মাকৰ বুকুখন কপি উঠিল। নেদেখাজনক সকলো ঠিকে থাকে থাকিবলৈ মনে মনে প্ৰাৰ্থনা জনালে। “বিনী তহঁতে আহিলি?” উধাতু খাই মাকন, মীণা আৰু সৰু মাই দৌৰি আহিল। “কি জান বিনী- আমি......আমি তোলৈ সদায় বাট চাই আছো। ডাঙৰ কথা জান। ডাঙৰ কথা।” ফুপাই জোপাই কথাবোৰ কবলৈ চেষ্টা কৰিছে।

“কিনো হ’ল তহঁতৰ?” বিনীয়ে ক’লে। মাকে সিহঁতৰ মূৰত হাত বুলাই ক’লে-“লাহে ধীৰে কচোন। ইমান উধাতু কিয় খাইছ।” সিহঁতৰ চকুবোৰ চলচলীয়া হ’ল। কথাবোৰ কবলৈ যেন ভাষা নাই। শোকে খুন্দা মাৰি ধৰিছে। মাকে আকৌ কলে- “ব’ল, আমাৰ ঘৰলৈ ব’ল। তাতে কথা পাতিম। তহঁতৰ বাবে কিবা কিবি আনিছো”। কথাখিনি কৈছে যদিও বিপদৰ গোন্ধ পাইছে।

“তহঁতে যে কান্দিছ কাৰোবাৰ কিবা হ’ল নেকি?” বিনীয়ে এইবাৰ চিঞৰি উঠিল।

“অঁ বিনী- অৰুণ-অৰুণ গ’ল।” এইবাৰ গোটেই কেইজনীয়ে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে।

“মানে অৰুণৰ কিবা হ’ল? কেতিয়া?” মাকে কৈ উঠিল। কান্দি কান্দি সৰুমায়ে কলে-“আপোনালোক যোৱাৰ পিছদিনা। অৰুণে দুপৰীয়া জুপুতীখালৰ ডাঙৰ বেল জোপাত উঠিছিল। কেনেকৈ জানো পৰিল।” মীণাই ক’লে- “তাৰ মাত কোনেও নাপালে। মাত্ৰ তেজ। তেজবোৰ নাকে মুখে ওলাই আহিছিল।” মাকে চিঞৰি চিঞৰি কান্দিছিল। গাঁৱৰ সকলোৱে দৌৰি আহি ডাঙি আনি ৰাস্তাতে শুৱাই দিলে। হস্পিতালত থকা ডাক্তৰজনো আহিল। তেজবোৰ মচি দি পৰীক্ষা কৰিলে। কোনোৱে বন দৰবো আনি মূখ মেলি খোৱালে। শুঙাই দিলে। নাই একো কামত নাহিল। কোনোৱে আকৌ জাগীৰোডলৈ, গুৱাহাটীলৈ নিয়াৰ কথা ক’লে। ডাক্তৰে মাথো নি একো লাভা নাই বুলি ক’লে। ফুল কুমলীয়া ল’ৰাটো এনেদৰে হেৰাই গ’ল।

বিনীৰ মাকে গোটেইজনীকে ঘৰলৈ আনি হাত মুখ ধুবলৈ দিলে। লৈ অনা মিঠাই, চানা সিহঁতৰ আগত দিলে। কলে-“সকলো ভগৱানৰ ইচ্ছা। আমি কি কৰিব পাৰো। কান্দিবহে জানো। কান্দি দিলে মনটো পাতল হ’ব। এতিয়া অলপ অলপ খাচোন”। এই বুলি আটাইকেইজনীকে মৰম কৰিলে।

সিহঁতৰ কিন্তু উচুপনি বন্ধ হোৱা নাই। কাৰো মুখলৈ কোনেও চাব পৰা নাই। দুহাতেৰে চকুৰ পানী মচি শেষ কৰিব পৰা নাই। নিষ্পাপ এই শিশু কেইটাক বাৰু ইমান দুখ দিব লাগেনে? দুখ বেদনা কি বস্তু বুজি নাপায়, দুখ ভাগৰ নাজানে, মৃত্যু কি ভাবিবই নোৱাৰে। কেৱল ৰঙীল পখীলাৰ দৰে সিহঁতৰ জীৱন। পবিত্ৰ অন্তৰ। নাই কোনো কূটিলতা।

গৰমৰ বন্ধ শেষ হ’ল। আজি স্কুললৈ ওলাই আটাইকেইজনীয়ে অৰুণৰ অভাৱ অনুভৱ কৰিলে। ভাৱ হয়-সি যেন দৌৰি আহি পিছপিনৰ পৰা মাত দিব। স্কুলৰ সকলো ল’ৰা-ছোৱালীয়ে বেজেৰুৱা। মনবোৰ সেমেকা। বহু ভাবৰ খেলিমেলিয়ে খোজবোৰ গধূৰ কৰিছে। ছাৰ, নতুন বাইদেউ আৰু গাঁৱৰ দুই এজনো আহিছে। বেলটো বজাব দিয়া নাই। ছাৰে সকলোকে স্কুল ঘৰৰ ভিতৰত বহিব দিছে। সকলো মৌন। কথা-বতৰা পাতিবলৈ মন যোৱা নাই।

ছাৰে শোক সভাখনৰ আঁত ধৰিলে। গাঁৱৰ মানুহেও দুআষাৰ অৰুণৰ বিষয়ে কলে। ছাৰেও শেষত কবলৈ আৰম্ভ কৰিলে। এজন শান্ত, শিষ্ট চোকা বুদ্ধি ল’ৰা, অমায়িক, বহুত আশা কৰা হৈছিল বুলি অৰুণৰ বিষয়ে কৈ যাওতে ছাৰে কান্দি পেলালে। নতুন বাইদেউৱেও কান্দিলে। লগে লগে ল’ৰা-ছোৱালীবোৰে হুকহুকাই কান্দিলে। অৰুণৰ মাকে স্কুললৈ আহিছে। আহিয়েই ছাৰক সুধিলে “অৰুণ আহিছেনে? সি ৰাতিপুৱা ভাতেই খোৱা নাই নহয়” পিছে পিছে অৰুণৰ পিতা আৰু গাঁৱৰ খুড়া এজনে মাকক লৈ গ’লহি। বেচেৰীয়ে পুত্ৰ শোকত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। যাকে লগ পায় তাকে অৰুণৰ কথা সোধে। বিনীহঁতক দেখিলেই হ’ল দৌৰি আহে। বিভিন্ন প্ৰশ্ন, বিভিন্ন কথা। ঘৰলৈ সোনকালে যোৱাৰ কথা কয়। বেচেৰীহতঁৰ অকলে যাবলৈ ভয় লাগে। ডাক্তৰ, কবিৰাজ, বেজ-জ্ঞানী সকলো কৰিছে। দুদিনমান ভাল হোৱা যেন হয়। পিছে আকৌ অৰুণক বিচাৰি ঘৰৰ পৰা ওলাই আহে। পুত্ৰক হেৰুৱা যন্ত্ৰনা কিমন মৰ্মান্তিক, কিমান বেদনাদায়ক।

লেখিকা: বীণা বৰা।

3.02127659574
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top