অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথা

জানিবলগীয়া কথা লিখা হৈছে

বিভিন্ন ৱাটৰ বাল্বৰ উজ্জ্বলতা বিভিন্ন হোৱাৰ কাৰণ কি ?

 

বিভিন্ন ৱাটৰ বাল্বৰ ক্ষমতাৰ মান বিভিন্ন হয়। পাৱাৰ হ’ল বিভবভেদ আৰু বিদ্যুৎ প্ৰবাহৰ     পূৰণ ফল। বিভবভেদৰ মান একে থাকিলে ক্ষমতা বেলেগ বেলেগ হ’লে তাৰ মাজেৰে প্ৰৱাহিত বিদ্যুতৰ মান বেলেগ বেলেগ হয়। আমাৰ ঘৰুৱা বিজুলী সৰবৰাহ বিভৱভেদৰ মান একে। ফলত বাল্বৰ উজ্জ্বলতাও বেলেগ বেলেগ হব। কাৰণ উজ্জ্বলতাৰ লগত আকৌ প্ৰৱাহ আৰু ৰোধৰো সম্পৰ্ক আছে।

 

    মানুহ পাগল হয় কিয় ?

 

মানুহৰ মগজুৰ বিকৃতি ঘটাকে পাগল হোৱা বুলি কোৱা হয়। মগজুৰ বিকৃতি বাৰু কিয় হয়?

মানুহে তাৰ জীৱনকালত বহুতো কাম সম্পন্ন কৰিবলগা হয়। এই সকলো কাম মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই তাৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহক নিৰ্দেশ কৰি সম্পন্ন কৰে। কিবা কাৰণত শৰীৰে গুৰুতৰ আঘাত (মানসিক বা শাৰীৰিক) পালে শৰীৰ দুৰ্বল হৈ পৰে। এই বিজুতিৰ বাবে কেতিয়াবা দেহৰ স্নায়ুবোৰে স্বাভাৱিক কাৰ্য কৰিব নোৱাৰা হৈ পৰে। অৰ্থাৎ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। যিহেতু শৰীৰ এটাৰ কোনো এটা বিশেষ কাৰ্য শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ সমন্বয়ত সাধন হয়, এই অংগ-প্ৰত্যংগৰ কোনোবা এটাৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলেই গোটেই কাৰ্যটোত বিজুতি হয়। এনে ক্ষেত্ৰত মানুহজনৰ কাৰ্যত ব্যতিক্ৰম ঘটে। এনে মানুহকে বিকৃত বা পাগল বুলি কোৱা হয়।

 

ৰঙা গ্ৰহলৈ মানুহ প্ৰেৰণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভঃ

 

শেহতীয়াভাৱে মহাকাশ গৱেষণা সংস্থা (নাছা)-ই মানুহৰ মঙল অভিযানৰ প্ৰস্তুতিৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। অলপতে সংস্থাটোৰ এটা ৰকেট ইঞ্জিনৰ বিস্ফোৰণৰ ৩৬০ ডিগ্ৰীৰ ভিডিঅ’ ফুটেজ মুকলি কৰি দিছে। শিহৰণকাৰী এই ভিডিঅ’ ফুটেজ মুকলি কৰি দিয়া এই ৰকেট ইঞ্জিন পাঁচ লাখ পাউণ্ডৰ চাপ সৃষ্টি কৰিবলৈ সক্ষম। এই অৰিয়ন ৰকেটেৰেই এদিন মঙললৈ যাত্ৰা কৰিব মানুহে। উচ্চ শক্তিসম্পন্ন কেমেৰাৰে নাছাৰ এই শেহতীয়া পৰীক্ষাৰ আলোকচিত্ৰ গ্ৰহণ কৰা হৈছে। এই শিহৰণকাৰী পৰীক্ষাই বিজ্ঞানৰ জগতখনত নতুন দিগন্তৰ চৰ্চা আৰম্ভ কৰিছে। এই শেহতীয়া ৰকেট ইঞ্জিনৰ পৰীক্ষা মিচিচিপিৰ সমীপৰ ছেইণ্ট লুইছৰ স্পেনিছ মহাকাশ কেন্দ্ৰত চলোৱা হৈছে। উল্লেখযোগ্য যে এই অৰিয়ন ৰকেটেই এদিন মানুহক ৰঙা গ্ৰহ মঙললৈ লৈ যোৱা হ’ব বুলি সদৰী কৰিছে।

 

(উৎসঃ জিজ্ঞাস)।

2.89130434783
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top