অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডাউক চৰাই

ডাউক চৰাই

কোৱাক—

কেৱাক—

কুৰুৱাক

কোৱাক—

এই ধৰণে বিয়লি, সন্ধিয়া বেলা ডাঠ জোপোহানিৰ মাজত চিঞৰা চৰাইটোৱেই হৈছে ডাউক চৰাই ৷ পূৰ্ণবয়স্ক ডাউক চৰাইটোৰ ৰং তলৰ অংশ ডাঠ ছাই বৰণৰ ৷ মুখৰ পৰা বুকু অংশলৈ বগা বৰণৰ হয় ৷ পেট আৰু নেজৰ তলৰ অংশ মটীয়া ৰঙৰ হোৱা দেখা যায় ৷ ডাউক চৰাইৰ ঠেঙৰ আঙুলি দীঘল, নেজ চুটি আৰু ঠোট তথা ঠেং হালধীয়া ৰঙৰ ৷ইয়াৰ দৈৰ্ঘ ৩২ ছেঃমিঃ মান। মতা-মাইকী উভয়ৰ আকৃতিগত বিশেষ পাৰ্থক্য নাই ৷ অপৈণত চৰাইৰ গাৰ ৰং পূৰ্ণবয়স্ক চৰাইতকৈ ধূসৰ হয়৷

ডাউকক ইংৰাজীত কোৱা হয়-- White Breasted Waterhen

ইয়াৰ বৈজ্ঞানিক নাম --Amaurornis phoenicurus phoenicurus আৰু

ইয়াৰ পৰিয়াল হৈছে --- Rallidae ।

ভাৰতবৰ্ষ, পাকিস্থান, শ্ৰীলংকাৰ পৰা চীন, ইণ্ডোনেছিয়া লৈকে সমগ্ৰ দক্ষিণ এছিয়া ডাউক চৰাইৰ আৱাসস্থলী৷ সাধাৰণতে সমতল ভূমিত পোৱা যায় যদিও ওখ পৰ্বতীয়া অঞ্চলটো ইয়াক দেখা যায়। এই চৰাইবিধে চমু দূৰত্বৰ ব্যৱধানত নতুন আৱাসস্থলী সলনি কৰি থাকে৷ সচৰাচৰ পানীৰ উৎসৰ আশে-পাশে ডাউক চৰাই বিচৰণ কৰা দেখা যায়৷

ডাউক চৰাইয়ে সাধাৰণতে অকলশৰে বাস কৰে৷ প্ৰজননৰ সময়তহে ই নাইবা যোৰ পাতে৷ জলাশয়ৰ পাৰৰ বোকা-পানীত সচৰাচৰ ই খাদ্যৰ সন্ধান কৰে৷ কেতিয়াবা কেতিয়াবা ই মানুহৰ ঘৰৰ চোতালো পায়হি খাদ্যৰ সন্ধানত৷ ইহঁত বৰ ভয়াতুৰ চৰাই৷ ভিন ভিন পোক পতংগ, সৰু মাছ, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী, উদ্ভিদৰ গুটি আদি ইহঁতৰ খাদ্য৷ খোজকঢ়াৰ সময়ত ইয়াৰ নেজডাল ওপৰলৈ-তললৈ কৰি নাছি থকা দেখিবলৈ পোৱা যায়৷

ডাউকে সাধাৰণতে জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত বাহ সাজি পোৱালি কণী পাৰে ৷ অৱশ্যে ঠাই বিশেষে বাহ সজাৰ আৰু পোৱালি জগোৱাৰ সময়ো ভিন্ন হয় ৷ এবাৰত তিনিটাৰ পৰা সাতটাকৈ কণী পৰাৰ তথ্য পোৱা যায় ৷ প্ৰায় কুৰি দিনৰ ভিতৰত কণীৰ পৰা পোৱালি জগে । চৰাইবিধে মতা-মাইকী উভয়ে ওমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়৷

লেখিকা: ৰেখা বৰা।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate