অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিটাৰ পল ৰুবেনছ

পিটাৰ পল ৰুবেনছ

পিটাৰ পল ৰুবেনছ (২৮ জুন ১৫৭৭-৩০ মে’ ১৬৪০) সোতৰ শতিকাৰ নেদাৰলেণ্ডৰ এজন শ্ৰেষ্ঠতম চিত্ৰশিল্পী। অতি সুষমামণ্ডিত অজস্ৰ শিল্পকাৰ্যৰ সৃষ্টি কৰি তেওং অসাধাৰণ শিল্পী হিচাপে পৰিগণিত হৈছিল। তেওঁৰ চিত্ৰকলাত গতিময়তা, ৰঙৰ ব্যৱহাৰ আৰু ইন্দ্ৰিয় পৰবশতাঃ চমকপ্ৰদভাৱে প্ৰস্ফুটিত হৈছে। তেওঁৰ শিল্পকৰ্মৰ ভিতৰত উল্লেখযোগ্য হৈছে গিৰ্জাৰ বেদীৰ, চিত্ৰাংকন, পোৰ্টেইট, লেণ্ডস্কেপ, ঐতিহাসিক আৰু পুৰাণ-কথামূলক, ৰূপকাত্মক চিত্ৰ আদি। চিত্ৰশিল্পীৰ উপৰি ৰাজনীতিৰ ক্ষেত্ৰত ডিপ্লোমেটিক ভূমিকা তেওঁৰ আন এক লেখতল’বলগীয়া পৰিচয়, সোতৰ শতিকাৰ ইউৰোপীয়ান ৰাজনীতিত তেওঁৰ ভূমিকা আছিল তাত্পৰ্যপূৰ্ণ।

পিটাৰ পল ৰুবেনছৰ জন্ম হয় জাৰ্মানৰ চিজেন চহৰত ১৫৭৭ চনৰ ২৮ জুনত। পিতৃৰ নাম জন ৰুবেনছ আৰু মাতৃ হ’ল মেৰিয়া পাইপেলিংকছ। জন ৰুবেনছ প্ৰথম উইলিয়ামৰ পত্নী আন্না চেস্কনিৰ লিগেল এডভাইজৰ আছিল, তেওঁ চিজেনৰ কোৰ্টত প্ৰতিষ্ঠিত হৈছিল। পিতৃৰ মৃত্যুৰ দুবছৰ পিছত পিটাৰ পলে মাকৰ লগত এন্টেৰেপলৈ যায়। কেথলিক ধৰ্মৰ প্ৰভাৱত তেওঁৰ ল’ৰাৰি কালছোৱা গঢ়ি উঠে। এইবাবেই হয়তো তেওঁৰ চিত্ৰকলাত ধৰ্মৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা যায়। পিছলৈ কেথেলিক ধৰ্মীয় সংস্কাৰমূলক চিত্ৰ শৈলীৰ তেওঁ মুখ্য প্ৰবক্তা হৈ পৰিছিল। তেওঁ এই কথা স্বীকাৰ কৰি কৈছিল ‘মোৰ অনুৰাগ সৰগৰ পৰা লাভ কৰিছো, পাৰ্থিৱ চিন্তাৰ পৰা নহয়।‘ এন্টেৰেপত তেওঁ মানৱতাবাদী শিক্ষা-তত্ব, লেটিন আৰু ক্লাছিকেল সাহিত্যৰ শিক্ষা লাভ কৰিছিল। তেৰ বছৰ বয়সত ৰুবেনছে কোৰ্টৰ পে’জ হিচাপে নিয়োজিত হয়। যুৱক হিচাপে সন্মানজনক পদবী পালেও তেওঁ সন্তুষ্ট হ’ব পৰা নাছিল, সেয়েহে এই পদ এৰি তেওঁ শিল্পকলাৰ অধ্যয়ন আৰু শিক্ষা আহৰণত মনোযোগ দিয়ে।

চৈধ্য বছৰ বয়সৰ ৰুবেনছে টবিয়াছ ভেৰহঘট নামৰ শিল্পী এজনৰ ওচৰত শিক্ষা-নবিচী আৰম্ভ কৰে। পিছত মেন্নাৰিষ্ট চিত্ৰকৰ আদম ভান নৰ্ট আৰু অট্ট’ভান ভেনৰ তলত চিত্ৰকলাৰ অধ্যয়ন কৰে। আৰম্ভণি সময়ছোৱাত ৰুবেনছে পূৰ্বৰ শিল্পীসকলৰ চিত্ৰকৰ্মবোৰ কপি কৰা কামত নিয়োজিত হৈছিল। ১৫৯৮ চনত আৰ্টৰ শিক্ষা সমাপ্ত কৰি তেওঁ চেইন্ট লুকৰ গিল্ডত শিল্পী হিচাপে ভৰ্তি হয়। ইয়াৰ পিছতে তেওঁ ৰেণেছাঁ বা পুনৰ জাগৰণ আৰু ক্লাচিকেল শিল্পকলাৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে আঠ বছৰ কাল ইউৰোপৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ফুৰে। ১৬০০ চনত ৰুবেনছে ইটালীলৈ আহি ভেনিচত পদাৰ্পণ কৰে। তাত টিটিয়ান ভেৰোনিজ আৰু টিণ্টোৰেট্টোৰ চিত্ৰ প্ৰত্যক্ষ কৰি তেওঁলোকৰ ৰঙৰ ব্যৱহাৰ আৰু কম্পোজিছনৰ সূক্ষ্মতাত মুগ্ধ হয়। এই শিল্পী দুজনৰ ছবিয়ে ৰুবেনছক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তেওঁ ডিউক প্ৰথম ভিনচেঞ্জো গোঞ্জাগাৰ কোৰ্টত থিতাপি লয়। ১৬০১ চনত ডিউকৰ অৰ্থ সাহাৰ্যৰে ফ্লোৰেঞ্চ হৈ ৰোমত প্ৰৱেশ কৰে। ৰোমত তেওঁ গ্ৰীক আৰু ৰোমান আৰ্ট অধ্যয়নৰ সুযোগ পায়, ইটালীয়ান শ্ৰেষ্ঠ শিল্পীসকলৰ চিত্ৰ কপি কৰা কামত হাত দিয়ে। মাইকেলেঞ্জেলো, ৰাফেল, লিওনাৰ্ডো দ্য ভিঞ্চি, কৰভাজ্জিয়োৰ চিত্ৰকলাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয়। তেওঁ কৰভাজ্জিয়োৰ এনটুমমেণ্ট অব্ ক্ৰাইষ্ট নামৰ চিত্ৰখন কপি কৰে। ৰোমত থকা সময়তে ৰুবেনছে চেইণ্ট হেলেনা উইথ দি ট্ৰু ক্ৰছ বেদীৰ চিত্ৰাংকন কৰে। ১৬০৩ চনত ৰুবেনছে ডিপ্ল’মেটিক মিছনৰ কামত স্পেইন ভ্ৰমণ কৰে। ইয়াত তেওঁ দ্বিতীয় ফিলিপে সংগ্ৰহ কৰা ৰাফেল আৰু টিটিয়ানৰ চিত্ৰসমূহ অধ্যয়ন কৰাৰ সুবিধা পায়। লাৰ্মাৰ ডিউকৰ অশ্বাৰোহী ৰূপত এখন ছবি মাদ্ৰিদত থাকোঁতে তেওঁ অংকন কৰে। ১৬০৪ চনত ৰুবেনছে ইটালীলৈ প্ৰত্যাৱৰ্তন কৰি চাৰি বছৰ কাল কটায়। ইয়াত তেওঁ বহুত চিত্ৰ অংকন কৰে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল, ‘মাৰ্চেচা ব্ৰিগিডা স্পিনোলা ডোৰিয়া’ আৰু মাৰিয়া দি এণ্টোনিওৰ পোট্ৰেইট। ইটালীৰ অট্টালিকাবোৰৰ চিত্ৰ অংকন কৰি ৰুবেনছে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। তেওঁ ৰোমত দুবছৰ থকা সময়ত কাৰ্ডিনেল জচোপোৰ সাহায্যত চাণ্টা মেৰিয়া গিৰ্জাৰ সুউচ্চ বেদী চিত্ৰাংকণ কৰাৰ কমিছন লাভ কৰে। ৰুবেনৰ শিল্পকৰ্মই ইটালীৰ শিল্পানুৰাগীসকলক প্ৰভাৱিত কৰে।

মাকৰ অসুখৰ খবৰ শুনি ৰুবেনছে ইটালীৰ পৰা এণ্টেৰেপলৈ আহে, কিন্তু তেওঁ আহি পোৱাৰ পূৰ্বে মাকৰ মৃত্যু হয়। তেওঁ এণ্টেৰেপত থাকিবলৈ স্থিৰ কৰে। ১৬০৯ চনত ৩৩ বছৰ বয়সত শিল্পীজনে নেদাৰলেণ্ডৰ শাসনকৰ্তা আৰ্চ ডিউক এলবাৰ্ট আৰু তেওঁৰ পত্নী ইছাবেলাৰ কোৰ্টপেইণ্টাৰ হিচাপে কৰ্মৰত হয়। এই বছৰতে তেওঁ এণ্টেৰেপৰ নেতৃস্থানীয় মানৱতাবাদী জন ব্ৰাণ্টৰ কন্যা ইছাবেলা ব্ৰাণ্টৰ লগত বিবাহ সূত্ৰত আৱদ্ধ হয়। এণ্টেৰেপত এটা বৃহত্ ঘৰ ক্ৰয় কৰি তেওঁ ইটালীয়ান শৈলীত এটা ডাঙৰ ষ্টুডিঅ’ নিৰ্মাণ কৰে। এই ষ্টুডিঅ’ত ৰুবেনছৰ বহু শিষ্য, শিক্ষা-নবিচ, শিল্পানুৰাগী ব্যক্তি আৰু অন্যান্য শিল্পী সমৱেত হৈ অনেক চিত্ৰ অংকন কৰিছিল। ৰুবেনছে নিজে অঁকা চিত্ৰ, আংশিকভাৱে অঁকা(প্ৰধানকৈ হাত আৰু মুখমণ্ডল), অন্য শিল্পীয়ে অংকন কৰা আৰু আৰ্ট সংগ্ৰহকাৰীসকলে সংগ্ৰহ কৰা উচ্চ স্তৰৰ চিত্ৰ ষ্টুডিঅ’ বা চিত্ৰশালাত ৰখা হৈছিল। ৰুবেনছৰ চিত্ৰ সংগ্ৰহালয় আৰু লাইব্ৰেৰী সেই সময়ত অতি বিখ্যাত আছিল। তেওঁৰ প্ৰধান শিষ্য আছিল এন্থনী ভান, পৰৱৰ্তী কালত তেওঁৰ এই শিষ্যজন প্ৰখ্যাত ফ্লেমিষ্ট চিত্ৰকৰ হিচাপে পৰিচিত হৈছিল।
গিৰ্জাৰ বেদীত অঁকা চিত্ৰ, ‘দি ৰাইজিং অৱ দি ক্ৰছ’(১৬১০)দি ডিচেণ্ট ফ্ৰম দি ক্ৰছ(১৬১১-১৪) ৰুবেনছৰ দুখৰ অতি বিখ্যাত চিত্ৰ। ‘দি ৰাইজিং অৱ দি ক্ৰছ’(১৬১০) চিত্ৰত টিণ্টোৰেট্টিৰ ‘ক্ৰুচিফিক্সন’ৰ, মাইকেলেঞ্জোৰ গতিশীল ফিগাৰ আৰু ৰুবেনছৰ নিজস্ব শৈলীৰ সুন্দৰ সমন্বয় ঘটিছে। এই চিত্ৰখন ফ্লেমিষ্ট ধৰ্মীয় চিত্ৰৰ শ্ৰেষ্ঠ উদাহৰণ। আনখন চিত্ৰ ‘দি ডিচে’ণ্ট ফ্ৰম দি ক্ৰছ’ত চিত্ৰশিল্পীজনৰ অনন্য শৈলী সুন্দৰভাৱে সুন্দৰভাৱে প্ৰকট হৈ উঠিছে। আৱেগিক ধুমুহাই সৃষ্টি কৰা নাটকীয় উপস্থাপন চিত্ৰখনত মূৰ্ত হৈছে। মূল কাহিনীৰ উত্তেজনাপূৰ্ণ অনুভূতি প্ৰকাশ কৰিবলৈ ফিগাৰবোৰত ভয়াবহ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু আৱেগিক আধিক্য দেখুওৱা হৈছে। এই চিত্ৰখন ৰুবেনছৰ সুষমভাৱে জোখ-মাপ কৰি উলিওৱা পৰিকল্পনামূলক কৰ্মৰ নিদৰ্শন। ছবিখন অঁকাৰ লগতে শিল্পীয়ে মূল থীমৰ প্ৰস্তুতিমূলক স্কেচ্চ আঁকিছিল বুলি জনা যায়। ১৬২১ চনত পল পিটাৰ ৰুবেনছে পেৰিছত এটা সুবৃহত্ প্ৰজেক্টৰ কমিছন লাভ কৰে। এইটো হৈছে ফ্ৰাণ্সৰ ৰজা হেনৰীৰ(চতুৰ্থ) ৰাণীৰ ‘মেৰিয়া দ্য মেডিচি’। ৰজা আৰু ৰাণীৰ জীৱন কালৰ বিভিন্ন ঘটনাৰ দৃশ্যাৱলীৰে দুটা বৃহত্ গেলেৰী চিত্ৰৰে অলংকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। এই কমিছনটো কাৰ্যকৰী কৰা যথাৰ্থতে কঠিন আছিল। ৰাণী মেৰিয়াক তেওঁৰ পুত্ৰ ত্ৰয়োদশ লুইচে ফ্ৰাণ্সৰপৰা অপসাৰিত কৰাত প্ৰজেক্টৰ আধা কামহে ৰুবেনছে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। ১৫২৫ চনত এণ্টেৰেপত প্লেগৰ প্ৰাদুৰ্ভাৱ ঘটাত ৰুবেনছে পৰিয়াল লৈ ব্ৰুচেলছলৈ পলাই যায়। ৰোগৰ প্ৰাবল্য শাম কটাত তেওঁ এণ্টেৰেপলৈ পুনৰ আহে, কিন্তু ৰুবেনছৰ পত্নী ৰোগত আক্ৰান্ত হৈ(সম্ভৱতঃ প্লেগত) মৃত্যুমুখত পৰে। প্ৰিয়তমা পত্নীৰ মৃত্যুত মৰ্মাহত হোৱা শিল্পীজনে মনৰ শোক পাতলাবলৈ ডিপ্ল’মেটিক কৰ্মত নিজকে ব্যস্ত ৰাখে। তেওঁ কেইবামাহো ইংলেণ্ডত অতিবাহিত কৰে। ইয়াতে তেওঁ আৰ্ট সংগ্ৰহকাৰী প্ৰথম চাৰ্লচৰপৰা চিত্ৰকলাৰ কেইবাটাও কমিছন লাভ কৰে। তেওঁৰপৰা লাভ কৰা এটা উল্লেখযোগ্য কমিছন হৈছে হোৱাইট হলৰ ইণ্ডিগো জনৰ অট্টালিকাৰ চিলিঙৰ অলংকৰণ।

বাৰবছৰীয়া সন্ধিৰ অন্তত ১৬২১ চনত স্পেইনৰ শাসন কৰ্তাই ৰুবেনছৰ কেইবাটাও ডিপ্ল’মেটিক মিছনৰ কাম অৰ্পণ কৰে। ১৬২২ চনত পেৰিচত ‘মেৰিয়া দ্য মেডিচি’ বিষয়ে আলোচনা কৰাৰ অৰ্থে তেওঁক গুপ্ত খবৰ সংগ্ৰহ কৰা কামত নিয়োজিত কৰা হৈছিল। সেই সময়ত এই কাম বৰ গুৰুত্বপূৰ্ণ আছিল। তেওঁ ফ্ৰাণ্সৰ ৰাজনৈতিক উন্নয়নৰ বতৰা ল’বলৈ নিকোলাচ ক্লাউড ফব্ৰিৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। ১৬২৭ আৰু ১৬৩০ চনৰ ভিতৰত তেওঁ ডিপ্লোমেটিক কেৰিয়াৰত সক্ৰিয় ভূমিকা পালন কৰে। ৰুবেনছে স্পেনিছ নেডাৰলেণ্ডছ আৰু ইউনাইটেড প্ৰভিনছৰ মাজত শান্তি স্থাপনৰ উদ্দেশ্যে স্পেইনৰ কোৰ্ট আৰু ইংলেণ্ডলৈ যাবলগীয়া হৈছিল। এজন শিল্পী আৰু ডিপ্ল’মেট হিচাপেও তেওঁ দক্ষিণ নেডাৰলেণ্ড ভ্ৰমণ কৰিছিল। তেওঁক স্পেইনৰ ৰজা চতুৰ্থ ফিলিপ আৰু ইংলেণ্ডৰ ৰজা প্ৰথম চাৰ্লচে নাইটৰ সন্মান দিছিল। ১৬২৩ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ে তেওঁক ‘মাষ্টাৰ অৱ আৰ্টছ’ ডিগ্ৰী প্ৰদান কৰিছিল। ৰুবেনছে মাদ্ৰিদত ছমাহ কটাইছিল। এই সময়ত ডিপ্ল’মেটিক কামৰ উপৰি চতুৰ্থ ফিলিপৰ হকে গুৰুত্বপূৰ্ণ কাম কৰিছিল।

মাদ্ৰিদত থকা সময়ত টিটিয়ানৰ চিত্ৰ পুনৰ অধ্যয়ন কৰি কেইবাখনো চিত্ৰ কপি কৰিছিল। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘ফল অব্ মেন’(১৬২৮-২৯)। ৰুবেনছে ১৬৩০ চনলৈ লণ্ডনত আছিল। এই সময়ত তেওঁ ‘এলেগৰি অব্ পীচ এণ্ড ওৱৰ’ (১৬২৯)আঁকিছিল। ছবিখনত শান্তিৰ বাৰ্তা প্ৰকাশিত হৈছে। এইখন ৰুবেনছে প্ৰথম চাৰ্লচক উপহাৰ হিচাপে আগবঢ়াইছিল। এই দশকতে তেওঁ শিল্পী হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু সন্মান লাভ কৰিছিল। তেওঁ আৰু তেওঁৰ চিত্ৰশালাৰ শিল্পীসকলে স্থানীয় পেট্ৰনসকলৰ বাবে চিত্ৰাংকন কৰিছিল। এণ্টেৰেপৰ কেথেড্ৰেলৰ বাবে অঁকা দি এচামচন অব্ ভাৰ্জিন মেৰী(১৬২৫-২৬) এখন উল্লেখযোগ্য ছবি। শিল্পী ৰুবেনছে জীৱনৰ শেষ দশকটো(১৬৩০-৪০)এণ্টেৰেপ আৰু ইয়াৰ আশে-পাশে কটাইছিল। তেওঁ পত্নীৰ মৃত্যুৰ চাৰি বছৰ পিছত ৫৩ বছৰ বয়সত এজন ব্যৱসায়ীৰ ষোল বছৰীয়া কন্যা হেলেন ফৰমেণ্টক বিয়া কৰায়। হেলেন ফৰমেণ্টে ৰুবেনছৰ কেইখনমান চিত্ৰত মডেল হিচাপে অৱতীৰ্ণ হৈছে। স্পেইনৰ কোৰ্টৰ বাবে অঁকা দি ‘জাজমেণ্ট অব্ পেৰিচ’ ছবিখনত হেলেনক ভেনাচৰ ৰূপত অঙ্কন কৰা হৈছিল। হেলেনৰ ইন্দ্ৰিয়াসক্ত আকৰ্ষণীয় চেহেৰাই ৰুবেনছক দি ফিষ্ট অব্ ভেনাচ, দি থ্ৰ গ্ৰেচেছ আদি ছবি অঁকাত অনুপ্ৰাণিত কৰিছিল। ১৬৩৫ চনত শিল্পীজনে এখন ইষ্টেট কিনি জীৱনৰ অধিক সময় কটায়। তেওঁ লেণ্ডস্কেপ অঁকাত মন দিয়ে। ‘ফাৰ্মাছ ৰিটাৰ্ণিং ফ্ৰম দি ফিল্ড’ আদি লেণ্ডস্কেপত প্ৰকৃতি জীৱন্ত হৈ উঠিছে। ৰুবেনছে কেইবছৰো ধৰি গাঁঠি-বাত ৰোগত ভুগি আছিল। ১৬৩৯ চনত এই ৰোগে তেওঁক কাবু কৰি তোলে, ইয়াৰ কেইমাহমান পিছতে ১৬৪০ চনত তেওঁ মৃত্যুমুখত পৰে। জগত বিখ্যাত শিল্পী পিটাৰ পল ৰুবেনছে উল্লিখিত বিষয়বোৰৰ উপৰি চিকাৰৰ দৃশ্য থকা আৰু ন্যুড চিত্ৰ, ড্ৰয়িং, প্ৰতিকৃতি আৰু আত্ম প্ৰতিকৃতি অংকন কৰিছিল। ‘চাইগাৰ হাণ্ট’, ‘ক্ৰক’ডাইল এণ্ড হিপপটেমাছ হাণ্ট’ আদি চিকাৰৰ দৃশ্য থকা বিখ্যাত চিত্ৰ। তেওঁ আত্মপ্ৰতিকৃতি আৰু বন্ধুবৰ্গৰ প্ৰতিকৃতিও আঁকিছিল। জীৱনৰ শেষছোৱাত লেণ্ডস্কেপ আঁকিছিল। তেওঁ প্ৰিণ্টৰ ডিজাইনো কৰিছিল। তেওঁ অঁকা ড্ৰয়িংবোৰ শক্তিশালী কিন্তু ডিটেইল নহয়। অইল স্কেচ্চৰ ব্যৱহাৰ বহুলভাৱে কৰা দেখা যায়। তেওঁ অঁকা ন্যুড ছবিবোৰত মানৱ শৰীৰৰ অপৰূপ সৌন্দৰ্য্য পৰিস্ফুট হৈছে, এইবোৰৰ ইন্দ্ৰিয় পৰবশতা থাকিলেও শিল্পীৰ হাতৰ পৰশত সুষমাময় হৈ উঠিছে। ধৰ্মীয় চিত্ৰবোৰত ধৰ্মৰ প্ৰগাঢ়তা, দৃষ্টিৰ সূক্ষ্মতা প্ৰকট হৈ উঠিছে। ৰুবেনছে লিওনাৰ্ডো দ্য ভিঞ্চিৰ শিল্পকৰ্মৰ উচ্চ প্ৰশংসা কৰিছিল। লিওনাৰ্ডোৰ বেটল অব্ আংগিয়াৰিৰ ড্ৰয়িং আঁকি উলিয়াইছিল। শিল্পীজনৰ আন বিখ্যাত শিল্পকৰ্ম হৈছে- ‘ফল অব্ ডেমছ’, ‘ৰেপ অব্ দি ড’টাৰছ অব্ লেউচিপাছ’, ‘দি হলি ফেমিলি’, ‘মৰ্ণিং ক্ৰাইষ্ট’, ‘ভেনাচ এট দি মিৰৰ’, ‘ভেনাচ এণ্ড এড’নিচ’ আদি।

উৎস: দৈনিক অসম।

3.01612903226
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top