মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / বিজ্ঞানৰ আদিপাঠ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানৰ আদিপাঠ

বিজ্ঞান বা Science শব্দ টো শুনিলেই আমি কি ধাৰণা কৰো? মেধাবী ছাত্ৰ সকলে ডাক্তৰ,

বিজ্ঞান  শব্দ টো শুনিলেই আমি কি ধাৰণা কৰো? মেধাবী ছাত্ৰ সকলে ডাক্তৰ, ইঞ্জীনিয়াৰ, বিজ্ঞানী হ'বলৈ পঢ়া এটা কঠিন বিষয়। আৰু কলা বা বাণিজ্য মানেই কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলে পঢ়া কিছুমান বিষয়। আচলতে ই এক মাৰাত্মক ভুল ধাৰণা।

দুটা মুল কথা

কোনো এটা বিষয় কঠিন বা সহজ দুটা মুল কথাৰ ওপৰত মুলতঃ নিৰ্ভৰ কৰে।

1. ছাত্ৰ জনৰ মানসিকতা।

2. স্কুলত পঢ়োৱা বিষয়, শিক্ষক সকলৰ শিক্ষা দিবপৰা গুণ তথা বিষয়ৰ ওপৰত পাৰদৰ্শীতা।

এজন প্ৰকৃত পথ পদৰ্শক শিক্ষাগুৰুৰ প্ৰভাৱত এজন ছাত্ৰ প্ৰফেচনেল ভাষাবিদ বা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। ইয়াৰ বহু উদাহৰণ আছে। একেজন ছাত্ৰই এদিন ইংৰাজী বিষয়টোত সদায়ে ফেইল কৰাৰ পিচত বিষয় শিক্ষক জন বদলি হোৱাৰ পিচতে আন জন বিষয় শিক্ষকৰ গুণত সেই ইংৰাজী বিষয়ত এদিন গৈ নিজেও ইংৰাজী বিষয়ত পাৰদৰ্শী হোৱাৰ উদাহৰণ মোৰ জীৱনতেই দেখিলো।

বিজ্ঞান বিষয়টো

এতিয়া আহো মুল কথালৈ। বিজ্ঞান বিষয়টো আচলতে সাহিত্য, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ দৰেই এটা সাধাৰণ বিষয়। নিজৰ চাৰিওফালৰ পৰিবেশেই আচলতে একো একোটা বিজ্ঞানাগাৰ। এইকথাষাৰ বুজিব পৰা জনেই বৈজ্ঞানিক। সকলোৱে গছৰ পৰা আপেলটো মাটিত পৰা দেখিছিল, কিন্তু আইজাক নিউটনে নিজকে সুধিছিল 'আপেলটো তললৈ নপৰি ওপৰলৈ কিয় ন'গল'। সেই প্ৰশ্নটোৰ ফলতেই উদ্ভাৱন হ'ল মধ্যাকৰ্ষণ, মহাকৰ্ষণ সুত্ৰ সমুহ আৰু সেই বাবেই নিউটন এজন বিজ্ঞানী।

ছাত্ৰ ছাত্ৰী সকলে নিজৰ চাৰিওফালৰ পৰিবেষৰ সংঘটিত কাম বোৰক চলিত বা প্ৰচলিত বুলি মানি নলৈ যদি প্ৰতিটো কথাকে কিয়? বা কেনেকৈ? বুলি নিজৰ ভিতৰতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে তেতিয়াই এক বৈজ্ঞানীক সত্তাৰ জন্ম হ'ব। আৰু এবাৰ যদি নিজৰ ভিতৰতে এই কিয় বা কেনেকৈ ইয়াৰ উত্তৰ উলিয়াব পাৰে তেতিয়াই আচলতে সেইজন ছাত্ৰ বা ছাত্ৰীৰ ভিতৰত এজন বিজ্ঞানীৰ জন্ম ল'ব। বিজ্ঞান শব্দ টোৰ এয়াই আচল অভিধানিক অৰ্থ।

এজন ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানৰ শিক্ষক এজন বিজ্ঞানী হ'ব নোৱাৰে যদিহে এওঁলোকে নিজকে প্ৰশ্ন কৰিব নাজানে। এওঁলোক একোজন বিভিন্ন বিষয়ৰ প্ৰফেচনেল। বিজ্ঞানী নহয়।

বিজ্ঞান বিষয়টো আচলতে নিজকে নিজে প্ৰশ্ন কৰিব পৰা সকলৰ বাবে হে। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি ইয়াক সহজে চাকৰি পোৱা, বেচি ধন উপাৰ্জন কৰিব পৰা আৰু অতি মেধা সম্পন্ন সকলৰ বিষয় বুলি গন্য কৰি আমাৰ সমাজ খনৰ এক অপূৰণীয় ক্ষতি কৰিছো।
বৈজ্ঞানিক চিন্তা ধাৰাই অকল নিজৰ বাবে নহয় সমাজৰ বাবে ও সফলতা আনে। ইউৰোপৰ নৱজাগৰণ ইয়াৰ এক উদাহৰণ।

আমাৰ চিবিএছচি(CBSC),এইচএছইচি(HSEC), আদিৰ দৰেই International baccalaureate (IB) এক শিক্ষা সংসদ। ইয়াৰ মুখ্য কাৰ্য্যলয় চুইজাৰলেণ্ডৰ। এটা কথা জানি আচৰিত হ'ব যে এই শিক্ষা সংসদৰ অধিনত 11, 12 শ্ৰেনীত কলা, বিজ্ঞান, বানিজ্য, সংগীত, ৰ্আট, আদি যি বিষয়েই নপঢ়ক, Mathematics ল’ব য়ে লাগিব (compulsory subject)। এওঁলোকৰ মতে গণিত শিক্ষাই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰে । মানুহক ধনাত্মক চিন্তা কৰিবলৈ প্ৰেৰণা দিয়ে।

এই ক্ষেত্ৰত আমাৰ বিদ্যালয় সমুহৰ বিজ্ঞান তথা গণিত বিষয় শিক্ষক সকলৰ এক গধুৰ দায়িত্ব আছে। কিন্তু অপ্ৰিয় সত্য যে 80/90% বিজ্ঞান শিক্ষকৰ নিজৰেই বৈজ্ঞানিক চিন্তা ধাৰণাৰ অভাব। এই সকলৰ ভুলৰ বাবেই এই অতি সহজ বিজ্ঞান বিষয়টো ছাত্ৰ ছাত্ৰী সকলৰ বাবে হৈ পৰি এক ভালুকৰ সাঙী।

শেষত এটাই কথা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ক'ব বিচাৰোঁ '' বিজ্ঞানী মানেই মেধা নহয়, এটা কবিতা লিখিবলৈ যিমান কঠিন তাতকৈ বহু গুণে সহজ এটা বৈজ্ঞানীক বিশ্লেষণ'। আহক আমাৰ বৈজ্ঞানিক চিন্তাধাৰাৰ উন্নিত কৰণেৰে আই অসম তথা মানবতাৰ উন্নিত কৰণত সহায়ৰ হাত আগবঢ়াও আৰু লগতে নিজৰ জীবন বাট মসৃণ কৰোঁ।

লিখক: শ্ৰী প্ৰদীপ কুমাৰ শইকীয়া

উৎস:- জালপুঞ্জী আলোচনী খনৰ পৰা সংগৃহীত

2.97368421053
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top