মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / বুলেট ট্ৰেইনৰ ইটো-সিটো
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বুলেট ট্ৰেইনৰ ইটো-সিটো

বুলেট ট্ৰেইনৰ ইটো-সিটো

গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ দূৰত্ব প্ৰায় ৬০০ কিঃমিঃ৷ যদি ২ ঘণ্টাত গুৱাহাটীৰ পৰা তিনিচুকীয়া পায়গৈ আপুনি! ভাবিলেই ভাল লাগি যায়চোন৷ কোনো কল্পকাহিনীৰ দৰে লাগিলেও জাপানত কিন্তু এইয়াই বাস্তৱ৷

জাপান

প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত এক আশ্বৰ্যৰ দেশ ৷ জাপানত ঘণ্টাত ৩০০ কিঃমিঃ বেগত চলা বুলেট ট্ৰেইন বিশ্ববিখ্যাত ৷ সম্প্ৰতি জাপানৰ বিজ্ঞানী সকলে এই ট্ৰেইনৰ বেগ বঢ়াই ৫৮১ কিঃমিঃ পৰ্যন্ত বঢ়াবলৈ সক্ষম হৈছে ৷ জাপানত বুলেট ট্ৰেইনক কোৱা হয় ছিনকানছেন৷ যাৰ অৰ্থ তীব্ৰ বেগী বা বিদ্যুৎ গতি ৷ বুলেট ট্ৰেইন জাপানৰ গৌৰৱ ৷ সম্প্ৰতি যি পদ্ধতিৰে ইয়াৰ গতিবেগ আৰু বৃদ্ধি কৰা হৈছে সেই পদ্ধতিৰ নাম মেগলেভ পদ্ধতি ৷ জাপানত বুলেট ট্ৰেইনৰ সূচনা হয় ১৯৬৪ চনত ৷ সেই বছৰৰে টকিঅ’ত হোৱা অলিম্পিকক অধিক আকৰ্ষণীয়, সময় ৰাহি কৰাৰ স্বাৰ্থতেই পৃথিৱীৰ এই দ্ৰুততম ৰেলসেৱাৰ প্ৰৱৰ্তন কৰা হৈছিল ৷ জাপানৰ অনতিদূৰৰ শিল্পনগৰী ওছাকাৰ অলিম্পিকৰ দৰ্শকৰ সুবিধাৰ্থে টকিঅ’ৰ পৰা ওছাকালৈ বুলেট ট্ৰেইনে প্ৰথমটো যাত্ৰা আৰম্ভ কৰিলে ১৯৬৪ বৰ্ষৰ ১ অক্টোবৰ তাৰিখে৷ বুলেট ট্ৰেইন আৱিষ্কাৰে জাপানে বিশ্বৰ চকু থৰ লগাই দিলে৷

কেনেকৈ চলে বুলেট ট্ৰেইন ? মেগলেভ পদ্ধতি কি ?

বিদ্যুৎ প্ৰৱাহ আৰু চৌম্বক ক্ষেত্ৰ ইটো সিটোৰ পৰিপূৰক ৷ মেগলেভ পদ্ধতিৰে চালিত বুলেট ট্ৰেইনবোৰৰ তলত কিছুমান চুম্বকৰ ব’ৰ্ড লগোৱা হয় ৷ এই চুম্বকবোৰ বিদ্যুৎ পৰিবাহী এক বিশেষ ধাতুৰে প্ৰস্তুত কৰা হয় ৷ আনহাতে, ৰে’ল লাইনৰ তলৰফালে কুণ্ডলীকৃত বিদ্যুৎ পৰিবাহী বিশেষভাৱে সংযোজন কৰা হয়৷ প্ৰথমাৱস্থাত, বুলেট ট্ৰেইনে ক্ৰমশঃ ঘণ্টাত ১০০ কিঃমিঃ বেগত ৰেল পথত গতি কৰিবলৈ লয়৷ ৰেল আলিত ট্ৰেইনখনে কৰা তীব্ৰ গতিৰ ফলত উৎপন্ন হোৱা বিদ্যুতে কুণ্ডলীকৃত পৰিবাহীত অতি শক্তিশালী চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে ৷ এনেদৰে চৌম্বকীয় আকৰ্ষণ-বিকৰ্ষণ প্ৰভাৱত ট্ৰেইনখন নিৰ্দিষ্ট পথৰ পৰা কিছু ওপৰলৈ উঠি ওপঙি যোৱাৰ দৰে হয় ৷ এই ঘটনাৰ ফলত ঘৰ্ষণমুক্ত হোৱাৰ বাবে ট্ৰেইনৰ গতি বৃদ্ধি পায়৷ ১০০ কিঃমিঃ বেগত চলিবলৈ লোৱাৰ লগে লগে ট্ৰেইনখনৰ চকাবোৰ উৰাজাহাজৰ চকাৰ দৰে ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যায় ৷ ঠিক একেদৰে, নিৰ্দিষ্ট ষ্টেশ্যন পোৱাৰ আগে আগে (ট্ৰেইনৰ গতি ১০০ কিঃমিঃতকৈ কমি গ’লে) পুনৰ চকাবোৰ বাহিৰলৈ ওলাই যায় ৷ এই পদ্ধতিৰ নামেই হৈছে মেগলেভ পদ্ধতি ৷ বুলেট ট্ৰেইনৰ তীব্ৰ গতিৰ ৰহস্য লুকাই আছে তাৰ ৰে’ল পথত ৷ তাব্ৰবেগী বুলেট ট্ৰেইনবোৰ নিয়ন্ত্ৰণ কৰা হয় মাথোন এটা নিয়ন্ত্ৰণ কক্ষৰ পৰা৷ টকিঅ’ত থকা এই কেন্দ্ৰটোক Centralized Traffic Control System (চমুকৈ-CTC) বোলে ৷

আমাৰ অসমতো তেনে এক পৰিকল্পনা কৰি চাওকচোন৷ কেনেবাকৈ যদি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে এখনো চলে, লগে লগে দল-সংগঠনবোৰে সাৰ পাই উঠিব ; অমুক ষ্টেশ্যনত তমুক বুলেট ট্ৰেইন আধা ঘণ্টা ৰখোৱাৰ দাবীত ৰে’লপথ অৱৰোধ......৷ তাৰ পিছৰবোৰ নিজে কল্পনা কৰি চাওক—৷

লিখক: কিৰণ খনিকৰ।

3.18518518519
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top