অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাকাশত মানুহ:

মহাকাশত মানুহৰ বিচৰনৰ কথা লিখা হৈছে

আমি বাস কৰা পৃথিৱীখন আমাৰ বিশ্ব-ব্ৰহ্মাণ্ডখনৰ এটা ক্ষুদ্ৰ অংশ নহয় জানো? আমি থকা পৃথিৱীখন অথবা সৌৰজগতখন এৰি আমাৰ চাৰিওফালে জুৰি আছে। অসীম মহাকাশখন। এই মহাকাশখননো কিমান বিস্তৃত? আমাৰ চকুৰে অথবা দূৰবীণ যন্ত্ৰেৰে দেখা সামৰ্থ্যৰ বাহিৰতনো কি আছে? মহাকাশত আমি অকলশৰীয়া নেকি? দৃষ্টিসীমাৰ বাহিৰৰ মহাকাশখন অতীতৰেপৰা মানুহৰ যেনেকৈ কৌতূহলৰ উৎস, তেনেকৈ মানুহৰ নানা বাস্তৱ-অবাস্তৱ কল্পনাৰো উৎস এই মহাকাশ। মহাকাশৰ বিষয়ে জানিবলৈ, মহাকাশলৈ মানুহ পঠিয়াবলৈ চিন্তা-চৰ্চা আৰম্ভ হয় ইউৰোপৰ শিল্প-বিপ্লৱৰ পিছৰপৰা। আজিৰ দিনত মহাকাশ ভ্ৰমণ প্ৰায় গতানুগতিক কথা হ’লেও মহাকাশ ভ্ৰমণৰ ইতিহাস বৰ পূৰণি নহয়।

মহাকাশত প্ৰথম মানুহ:

 

বিংশ শতাব্দীৰ আৰম্ভণিৰপৰা মহাকাশ সম্পৰ্কে জানিবলৈ যথেষ্ট পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয় আৰু মহাকাশলৈ মানুহ পঠিওৱাৰ সম্ভাৱনা সম্পৰ্কে তেতিয়াৰ পৃথিৱীৰ দুই মূল শক্তি আমেৰিকা যুক্তৰাজ্য আৰু ছোভিয়েট ৰুছিয়াত বেলেগে বেলেগে চিন্তা-চৰ্চা আৰম্ভ হয়। দুই শক্তিৰ মাজত চলি থকা শীতল যুদ্ধৰ বাবে দুয়ো দেশৰ মাজত কোনে প্ৰথমে মহাকাশলৈ মানুহ পঠিয়াব পাৰে, সেই লৈ ভিতৰি ভিতৰি প্ৰতিযোগিতাও আৰম্ভ হয়। তাৰ মাজতে, ১৯৫৭ চনত ছোভিয়েট ৰুছিয়াই স্পুটনিক-১ নামৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰিবলৈ সক্ষম হয়। ফলত, আমেৰিকা যুক্তৰাজ্যৰ মহাকাশ বিজ্ঞানী মহলত ছোভিয়েট ৰুছিয়াতকৈ আগেয়ে মহাকাশলৈ মানুহ পঠিয়াবলৈ ল’ৰা-ঢপৰা লাগে আৰু তাৰ বাবে ১৯৬১ চনক শেষ সীমা হিচাপে ধাৰ্য কৰা হয়। ইতিমধ্যে, ছোভিয়েট ৰুছিয়াই এটা পুতুলা আৰু এটা জীয়া কুকুৰসহ এখন প্ৰাথমিক মহাকাশ-যান সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰাৰ পিছত ১৯৬১ চনৰ ১২ এপ্ৰিলত ‘ভষ্টক-১’ নামৰ মহাকাশ যানখনত প্ৰথমবাৰৰ বাবে মহাকাশলৈ এজন মহাকাশচাৰী প্ৰেৰণ কৰি ইতিহাস ৰচনা কৰে। ‘ভষ্টক-১’ত প্ৰথমবাৰৰ বাবে মহাকাশলৈ যোৱা এই মহাকাশচাৰীজনৰ নাম য়ুৰী আলেক্সে’ইভিছ গাগাৰিন। মহাকাশলৈ যোৱাৰ লগে লগে তেওঁ ‘ভষ্টক-১’ত উঠি পৃথিৱীৰ চাৰিওফালে পাক মাৰি ঘূৰা প্ৰথম মানুহ হিচাপেও পৰিগণিত হয়; পৃথিৱী-পৃষ্ঠৰ প্ৰায় ১৮৭ মাইল ওপৰেৰে গ্ৰহটোৰ চাৰিওফালে এইদৰে এপাক মাৰিবৰ বাবে তেওঁক সময় লাগিছিল প্ৰায় ৮৯ মিনিট। প্ৰায় ১ ঘন্টা ৪৮ মিনিট মুঠ সময় তেওঁ এইদৰে মহাকাশত কটাইছিল। ছোভিয়েট ৰুছিয়াৰ এই সফলতাৰ আঁৰৰ মানুহজন আছিল চেৰ্গেই পাভল’ভিছ ক’ৰ’লেভ নামৰ বিজ্ঞানীজন। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এইদৰে মহাকাশচাৰী হোৱাৰ গৌৰৱ লাভ কৰিবলৈ গাগাৰিনক কম সাহসৰ প্ৰয়োজন হোৱা নাছিল। সেইবাবে, তেওঁৰ সাহসৰ স্বীকৃতি জনাই তেওঁক ১৯৬১ চনত ছোভিয়েট ৰুছিয়াৰ সৰ্বোচ্ছ সন্মান ‘অৰ্ডাৰ অফ লেনিন’ আৰু ‘হিৰ’ অব দ্য ছোভিয়েট য়ুনিয়ন’ উপাধি প্ৰদান কৰা হয়। তদুপৰি ৰাজহুৱা স্থানত তেওঁৰ মূৰ্তি স্থাপন কৰা হয় আৰু তেওঁৰ নামেৰে পথৰো নামকৰণ কৰা হয়। ‘ভষ্টক-১’ৰ সফলতাৰ পিছত একে বছৰৰে মে’ মাহত আমেৰিকা যুক্তৰাজ্যৰ এনেল চেপাৰ্ড নামৰ মহাকাশচাৰীজনে ‘ফ্ৰেইণ্ডশ্বিপ-৭’ নামৰ মহাকাশ যানখনত উঠি প্ৰায় ১৫ মিনিট সময় মহাকাশ পৰিভ্ৰমণ কৰে। ইয়াৰ পিছত একে বছৰৰে আগষ্ট মাহত ছোভিয়েট ৰুছিয়াৰ আন এজন মহাকাশচাৰী ঘেৰমান টিট’ভে ‘ভষ্টক-২’ত উঠি প্ৰায় ২৫ ঘন্টা সময় মহাকাশত কটোৱাৰ লগতে পৃথিৱীৰ চাৰিওফালে ১৭ পাক মাৰে। পিছৰ বছৰ, অৰ্থাৎ ১৯৬২ চনত আমেৰিকা যুক্তৰাজ্যৰ মহাকাশচাৰী, জন গ্লেনে ‘ফ্ৰেইণ্ডশ্বিপ-৭’ নামৰ মহাকাশ যানখনতে পৃথিৱীৰ চাৰিওফালে তিনিপাক মাৰিবলৈ সক্ষম হয়। মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা আছিল ছোভিয়েট ৰুছিয়াৰে ভেলেন্টিনা টেৰেস্ক’ভা; তেওঁ ‘ভষ্টক-৬’ নামৰ মহাকাশ যানখনেৰে ১৯৬৩ চনৰ জুন মাহত মহাকাশ পৰিভ্ৰমণ কৰিছিল। আনহাতে, শ্বোলী ৰাইড নামৰ মহিলাগৰাকীয়ে ১৯৮৩ চনত প্ৰথম আমেৰিকান মহিলা মহাকাশচাৰীৰ সন্মান লাভ কৰে।

মহাকাশত মানুহৰ বসতি:

 

বিভিন্ন সময়ত বেলেগ বেলেগ মহাকাশ যানে বেলেগ বেলেগ দৈৰ্ঘ্যৰ সময় মহাকাশত কটাইছে। ইয়াৰ ভিতৰত, ছোভিয়েট ৰুছিয়াই পঠোৱা ‘মিৰ’ নামৰ মহাকাশ যানখন প্ৰায় ১৫ বছৰ ধৰি মহাকাশত থাকে; ‘মিৰ’ মহাকাশ যানখনে ১৯৮৬ চনৰপৰা ২০০১ চনলৈ পৃথিৱী পৃষ্ঠৰপৰা ২৯৬ৰ পৰা ৪২১ কিলোমিটাৰ দূৰত অৱস্থান কৰি পৃথিৱীক ঘন্টাত প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে প্ৰদক্ষিণ কৰি আছিল। প্ৰথমতে ইয়াত বেছিভাগ ৰুছিয়ান মহাকাশচাৰীয়েই আছিল যদিও পিছলৈ বিভিন্ন সময়ত ইয়ালৈ উত্তৰ আমেৰিকা, ইউৰোপ আৰু জাপানৰ কেইবাজনো মহাকাশচাৰী গৈছিল। মূলত: ছোভিয়েট ৰুছিয়াৰ বিখণ্ডনৰ বাবে সৃষ্টি হোৱা আৰ্থিক অনাটনৰ বাবে ২০০১ চনত ‘মিৰ’ মহাকাশ যানখন ধ্বংস কৰি পেলোৱা হয়। উল্লেখযোগ্য যে, ‘মিৰ’ মহাকাশ যানতে ১৪ মাহতকৈ অধিক সময় কটাই ভালেৰি প’লিয়াক’ভ নামৰ মহাকাশচাৰীজনে মহাকাশত আটাইতকৈ বেছিদিন থকা মহাকাশচাৰীৰ সন্মান অৰ্জন কৰে।

মিৰ মহাকাশ যানৰ দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ অভিলেখ পিছত ভংগ কৰে আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ(International Space Station)ই। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা-কেন্দ্ৰৰ প্ৰথম অংশটো মহাকাশলৈ উৎক্ষেপণ কৰা হয় ১৯৯৮ চনত(পিছলৈ তাত অন্য কেইবাটাও অংশ যোগ কৰা হৈছে); সেইফালৰপৰা এই কেন্দ্ৰই এতিয়ালৈকে প্ৰায় ১৬ বছৰ অতিক্ৰম কৰিলে। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰটো পাঁচটা মহাকাশ গৱেষণা-কেন্দ্ৰৰ সমন্বয়ত গঢ় লৈ উঠিছে, সেইকেইটা হ’ল- আমেৰিকা যুক্তৰাজ্যৰ নাছা(NASA, National Aeronautics and Space Administration), ৰুছিয়াৰ ৰ’ছকছমচ(Roscosmos), জাপানৰ জাক্সা(JAXA, Japan Aerospace Exploration Agency), ইউৰোপৰ ই এছ এ(ESA, European Space Agency) আৰু কানাডাৰ চি এছ এ’(CSA, Canadian Space Agency)। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰই পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ৪৩১ কিলোমিটাৰ ওপৰত থাকি ঘন্টাত প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে। ৰুছিয়া, আমেৰিকা যুক্তৰাজ্য, কানাডা, জাপান আৰু ইউৰোপৰ বিভিন্ন মহাকাশ গৱেষণা কেন্দ্ৰৰপৰা আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ লগত যোগাযোগ ৰখাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় কেন্দ্ৰটোৰ বিভিন্ন কাৰ্যাংশ নিয়ন্ত্ৰণ কৰা হয়। আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মূলত: দুটা খণ্ড আছে; এটা ৰুছিয়ান খণ্ড(ROS, Russian Orbital Segment) আৰু এটা আমেৰিকান খণ্ড(USOS, United State Orbital Segment)। আমেৰিকান খণ্ডটোৱেই সাধাৰণতে অন্যান্য দেশেও ব্যৱহাৰ কৰে। আমেৰিকান খণ্ডৰ বাবে অন্তত: ২০২০ চনলৈকে আৰ্থিক অভাৱ নহ’ব বুলি থিৰাং কৰা হৈছে।

মানুহৰ দ্বাৰা মহাকাশ বিজয়ৰ পিছত শেহতীয়াকৈ মহাকাশত মানুহৰ স্থায়ী বসতি স্থাপনৰ বিষয়েও ভবা-গুণা আৰম্ভ হৈছে। ২০০৬ চনৰ শেষত নাছাই ঘোষণা কৰিছে যে ২০২৪ চনৰ ভিতৰত তেওঁলোকে চন্দ্ৰত স্থায়ীকৈ মানুহৰ বসতি স্থাপন কৰিব।

মহাকাশ/বহিৰ্বিশ্ব চুক্তি:

 

মানুহে মহাকাশ জয় কৰাৰ পিছত পৃথিৱীৰ দৰে মহাকাশতো বিভিন্ন দেশৰ অধিকাৰ-অনধিকাৰ সম্পৰ্কে খূদুৱনিৰ সৃষ্টি হয়; মহাকাশক মানুহে নিজ নিজ অধিকাৰ সাব্যস্থ কৰাৰ আৰু মহাকাশকো নিজৰ প্ৰভাৱ বিস্তাৰৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ আশংকাই দেখা দিয়ে। ফলস্বৰূপে, এনে আশংকাই দেখা দিয়ে। ফলস্বৰূপে, এনে আশাংকা নস্যাৎ কৰিবলৈ আমেৰিকা যুক্তৰাজ্য, সংযুক্ত ৰাজ্য(UK, United Kingdom) আৰু তদানীন্তন ছোভিয়েট ৰুছিয়াৰ মাজত ১৯৬৭ চনৰ ২৭ জানুৱাৰীত এক চুক্তি স্বাক্ষৰিত হয়; এই চুক্তিখনক বহিৰ্বিশ্ব চুক্তি(Outer Space Treaty) বুলি জনা যায়। সেই বছৰৰে ১০ অক্টোবৰৰপৰা এই চুক্তি বলৱৎ হয়। বৰ্তমানলৈকে এশখনতকৈও অধিক দেশে এই চুক্তিত স্বাক্ষৰ কৰি চুক্তিৰ দফাসমূহ বলৱৎ কৰিছে আৰু আন ২৭ খন দেশে এই চুক্তিৰ দফাসমূহ বলৱৎ কৰিছে আৰু আন ২৭ খন দেশে এই চুক্তিত স্বাক্ষৰ কৰিছে(হ’লেও চুক্তিৰ দফাসমূহ সম্পূৰ্ণৰূপে বলৱৎ কৰা নাই)। উল্লেখযোগ্য যে চুক্তিত দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষও অন্যতম। এই চুক্তি অনুসৰি কোনো দেশেই পৃথিৱীৰ কক্ষপথ, চন্দ্ৰ বা আন জোতিষ্ক আৰু বহিৰ্বিশ্বৰ কোনো স্থানতেই গণ-বিধ্বংসী অস্ত্ৰ(Weapons of mass destruction) স্থাপন কৰিব নোৱাৰিব। তদুপৰি, এই চুক্তি বলৱৎ কৰা দেশসমূহে চন্দ্ৰ আৰু অন্যান্য জ্যোতিষ্কবিলাক কেৱল শান্তিপূৰ্ণ উদ্দেশ্যতহে ব্যৱহাৰ কৰিব পাৰি, সেইবোৰক অস্ত্ৰ-পৰীক্ষাৰ বাবে বা কোনো ধৰণৰ সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব। এই চুক্তিৰ আন এক দফা অনুসৰি বহিৰ্বিশ্বৰ ওপৰত অধ্যয়নৰপৰা সকলো দেশেই লাভান্বিত হ’ব পাৰিব, আৰু কোনো দেশেই চন্দ্ৰকে ধৰি কোনো জ্যোতিষ্কৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। অৱশ্যে, এটা কথা চুক্তিখনত স্পষ্ট কৰি দিয়া হৈছে যে পৃথিৱীৰপৰা মহাকাশলৈ পঠিওৱা যিকোনো বস্তুৰ ওপৰত অধিকাৰ আৰু নিয়ন্ত্ৰণ পঠিওৱা দেশখনৰে থাকিব, আৰু তাৰ পৰা হ’ব পৰা যিকোনো ক্ষতিৰ বাবে সেইখন দেশেই দায়ী হ’ব।

ভাৰতীয় মহাকাশ গৱেষণা:

 

ভাৰতত আধুনিক মহাকাশ গৱেষণা আৰম্ভ হয় ১৯৬২ চনত; প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেই বছৰতে গঠন কৰে মহাকাশ গৱেষণাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় সমিতি(Indian National Committee for Space Research, চমুকৈ INCOSPAR)। ১৯৬৯ চনত ভাৰতীয় মহাকাশ গৱেষণাক আগবঢ়াই নিবলৈ বেংগালুৰুত ভাৰতীয় মহাকাশ গৱেষণ্য সংস্থা(ইছৰ’, Indian Space Research Organization, ISRO) স্থাপন কৰা হয়, আৰু ইছৰ’ৰ প্ৰতিষ্ঠাপক মুৰব্বী ডা: বিক্ৰম ছাৰাভাই। ইছৰ’ৱে ১৯৭৫ চনত ছোভিয়েট ৰুছিয়াৰ সহযোগত ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ, ‘আৰ্যভট্ট’ক মহাকাশলৈ উৎক্ষেপণ কৰে। ইছৰ’ৱে উৎক্ষেপণ কৰা প্ৰথম ঘৰুৱাভাৱে নিৰ্মিত কৃত্ৰিম উপগ্ৰহ আছিল ৰোহিণী নামৰ উপগ্ৰহলানি। ‘চন্দ্ৰয়ান-১’কে ধৰি কেইবাটাও সফল মহাকাশ অভিযানৰ পিছত সম্প্ৰতি ইছৰ’য়ো মহাকাশলৈ নিজাববীয়াকৈ মানুহ পঠিওৱাৰ কথা ভাবিছে। ইতিমধ্যে, তাৰ বাবে প্ৰয়োজনীয় প্ৰায় ১২৪ বিলিয়ন টকাৰ বাজেটতো ভাৰতৰ মহাকাশ আয়োগে(Space Commission) অনুমোদন জনাইছে। ইছৰ’ৰ এই পৰিকল্পনা সফল হ’লে ছোভিয়েট ৰুছিয়া, আমেৰিকা যুক্তৰাজ্য আৰু চীনৰ পিছত নিজাকৈ মহাকাশলৈ মানুহ পঠিয়াব পৰা ভাৰতেই হ’বগৈ চতুৰ্থখন ৰাষ্ট্ৰ। ইছৰ’ৰ পৰিকল্পনা মতে ভাৰতীয় মহাকাশ যানখন তিনিজন মহাকাশচাৰীক সাতদিন পৰ্যন্ত কক্ষপথত ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হ’ব। যানখনৰ প্ৰাথমিক নক্সাটোৰ ২০১০ চনত প্ৰথমবাৰৰ বাবে কৰা পৰীক্ষাটো বিফল হ’লেও ২০১৪ চনৰ জানুৱাৰী মাহত কৰা দ্বিতীয়বাৰৰ পৰীক্ষামূলক উৎক্ষেপণ সফল হৈছে। বৰ্তমান, ২০২১ চনমানত ইছৰ’ৱে মহাকাশলৈ মানুহ পঠিওৱাৰ কথা বিবেচনা কৰি আছে।

মহাকাশত আকৌ মানুহ:

 

ছোভিয়েট ৰুছিয়া আৰু আমেৰিকা যুক্তৰাজ্যৰ আৰম্ভণিৰ সফলতাৰ পিছত আন আন দেশেও মহাকাশলৈ মানুহ পঠিওৱাৰ বাবে আঁচনি আৰম্ভ কৰে। জাপানে আশীৰ দশকত এই উদ্দেশ্যেৰে ‘হপ-এক্স’ নামৰ এটা প্ৰকল্প আৰম্ভ কৰে, কিন্তু ২০০৩ চনত এই প্ৰকল্পটো আৰু আগ নবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়। আনহাতে, ফ্ৰান্সে ১৯৭৫ চনত হাৰ্মিছ নামৰ এখন মহাকাশ যান বনোৱাৰ বাবে আঁচনি গ্ৰহণ কৰিছিল, এই প্ৰকল্পটোত পিছলৈ ইউৰোপিয়ান মহাকাশ সংস্থা(European Space Agency)ই হাত উজান দিয়ে। কেইবাবাৰো মূলত: আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত ১৯৯২ চনত এই প্ৰকল্পটোও আধৰুৱাকৈ ত্যাগ কৰা হয়। সি যি কি নহওক, এছিয়াৰ ভিতৰত চীনদেশে মহাকাশ যান সম্পৰ্কীয় কাৰ্য আগবঢ়াই নিয়ে আৰু ২০০৩ চনৰ অক্টোবৰ মাহত ‘শ্বেনয’উ-৫’ নামৰ মহাকাশযানখন মহাকাশলৈ প্ৰেৰণ কৰে। ‘শ্বেনয’উ-৫’ত উঠি মহাকাশলৈ যাত্ৰা কৰে চীনা মহাকাশচাৰী য়াং লিউয়ি। ২০১২ চনৰ জুন মাহত চীনা মহিলা লিউ য়াঙে ‘শ্বেনয’উ-৯’ত উঠি মহাকাশলৈ যায়। এইদৰে চীনদেশে মহাকাশলৈ মানুহ পঠিওৱা তৃতীয় দেশ হিচাপে স্বীকৃতি লাভ কৰে।

জোনবাইৰ দেশলৈ:

 

মহাকাশলৈ মানুহ সফলতাৰে পঠিয়াব পৰা হোৱাৰ লগে লগে আমাৰ আটাইতকৈ ওচৰত থকা জ্যোতিষ্ক, জোনবাইলৈ মানুহ পঠোৱাৰ বাবে গুণা-গঁথা আৰম্ভ হয়। ১৯৬৮ চনত এপ’ল’-৮ নামৰ মহাকাশ যানখনত উঠি তিনিজন আমেৰিকান মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে চন্দ্ৰক প্ৰদক্ষিণ কৰে। ১৯৬৯ চনৰ ২০ জুলাইত প্ৰথমবাৰৰ বাবে মানুহ জোনবাইত অৱতৰণ কৰে। (সম্প্ৰতি কিছু বিতৰ্কলৈ আহিলেও এই দাবী অসত্য বুলি সম্পূৰ্ণ নিৰ্ভৰযোগ্য প্ৰমাণ এতিয়াও পোৱা হোৱা নাই)। আমেৰিকাৰ নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু বাজ(এডুইন) এলড্ৰিন নামৰ তিনিজন মহাকাশচাৰীয়ে ‘এপ’ল’-১১’ নামৰ মহাকাশ যানখনত উঠি চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ লগে লগে মহাকাশ গৱেষণাত এক নতুন যুগৰ সূচনা হয়। এতিয়ালৈকে আটাইতকৈ শেহতীয়াকৈ চন্দ্ৰলৈ পঠোৱা মানৱযুক্ত মহাকাশ যান হৈছে ‘এপ’ল’-১৭’। ‘এপ’ল’-১৭’-এ ১৯৭২ চনত চন্দ্ৰত অৱতৰণ কৰিছিল। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা, নাছাই পুনৰ ২০১৯ চনত চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছে। সকলো ধৰি, এতিয়ালৈ চন্দ্ৰত বাৰজন মানুহে খোজ দিছেগৈ।

মহাকাশত ভাৰতীয়:

 

মহাকাশলৈ এতিয়ালৈকে আমাৰ দেশে নিজেই মানুহ পঠিয়াব পৰাকৈ দক্ষতা আয়ত্ত কৰিব পৰা নাই। হ’লেও, ৰাজেশ শৰ্মা নামৰ ভাৰতীয় বিমান বাহিনীৰ পাইলটজনে ১৯৮৪ চনইতে পোনপ্ৰথমবাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰে, ‘চয়ুজ-টি-১১’ নামৰ তদানীন্তন ছোভিয়েট ৰুছিয়াৰ মহাকাশ যানখনত উঠি তেওঁ আন দুজন ৰুছিয়ান মহাকাশচাৰীৰ লগত এসপ্তাহতকৈ অধিক সময় মহাকাশত কটায়। ৰাকেশ শৰ্মাৰ এই সফলতাত মানুহ পঠোৱা ১৪তম দেশ হিচাপে ভাৰতবৰ্ষ পৰিগণিত হয়। উল্লেখযোগ্য যে ৰাকেশ শৰ্মাৰ লগত একেলগে ভাৰতীয় বিমান বাহিনীৰ আৰু এজন বিষয়া, ৰৱিশ মালহোট্টায়ো মহাকাশ ভ্ৰমণৰ প্ৰশিক্ষণ লাভ কৰিছিল। কিবা কাৰণৰ ৰাকেশ শৰ্মা যাব নোৱাৰিলে ৰৱিশ মালহোট্টাই মহাকাশলৈ যোৱাৰ কথা আছিল যদিওপ তেওঁৰ কেতিয়াও মহাকাশলৈ যোৱা হৈ নুঠিলগৈ। ৰাকেশ শৰ্মাৰ পিছত দুগৰাকী ভাৰতীয় মূলৰ আমেৰিকা যুক্তৰাজ্যৰ নাগৰিকে মহাকাশ পৰিভ্ৰমণ কৰিছে। তেওঁলোক হ’ল ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে মহাকাশলৈ যোৱা কল্পনা চাওলা আৰু ২০০৬ চনত প্ৰথমে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ। দুৰ্ভাগ্যজনকভাৱে ২০০৩ চনত ‘কলম্বিয়া’ নামৰ মহাকাশ যানখনত উঠি পৃথিৱীলৈ ঘূৰি আহোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ ছজন মহাকাশচাৰীৰ সৈতে কল্পনা চাওলা মৃত্যুমুখত পৰে।

 

মহাকাশ পৰ্যটন:

 

মহাকাশলৈ কেৱল পৰীক্ষা-নিৰীক্ষাৰ বাবেহে মানুহ গৈ থাকিবনে? মানুহে দূৰ-দূৰণিলৈ ফুৰিবলৈ যোৱাৰ নিচিনাকৈ মহাকাশলৈ ফুৰিবলৈ যাব নোৱাৰেনে? প্ৰথম অৱস্থাত এইদৰে মহাকাশলৈ ফুৰিবলৈ যোৱা ধাৰণাটো আহিছিল বিবিধ কল্প-কাহিনীৰপৰা। যোৱা শতিকাৰ ৬০ৰ পৰা ৭০ৰ দশকৰ মাজৰ সময়খিনিত ২০০০ চনমানৰ ভিতৰত মহাকাশত ব্যৱসায়িকভাৱে হোটেলৰ আৰম্ভণি হ’ব বুলিলেই ভবা হৈছিল; বহুতে ২১ শতিকাৰ প্ৰথম ভাগতেই গড় আয়ৰ পৰিয়াল এটাই জোনবাইত দুদিনমান কটাই আহিব পৰাকৈ মহাকাশ বিজ্ঞানৰ বিকাশ হ’ব বুলিও ভৱিষ্যদ্বাণী কৰিছিল। পান আমেৰিকান নামৰ বিমান-পৰিবহন কোম্পানীটোৱে ৬০ৰ দশকত চন্দ্ৰলৈ যাব খোজা মানুহৰ এখন তালিকাও তৈয়াৰ কৰি পেলাইছিল। মহাকাশ পৰ্যটনৰ এই স্বপ্ন কিছু দেৰিকৈ হ’লেও দিঠকত পৰিণত হ’ল। মহাকাশলৈ যোৱা প্ৰথমজন পৰ্যটক আছিল আমেৰিকান ব্যৱসায়ী ডেনিছ টিট’। ২০০১ চনৰ ২৮ এপ্ৰিলত তেওঁ আন্ত:ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰলৈ প্ৰয়োজনীয় বয়-বস্তু যোগানৰ বাবে পঠোৱা ‘চয়ুজ-টি, এম-৩২’ নামৰ মহাকাশ যানখনত আৰু এজন ৰুছিয়ান মহাকাশচাৰীৰ লগত উঠি মহাকাশ ভ্ৰমণ কৰি প্ৰথমজন মহাকাশ পৰিব্ৰাজক হিচাপে পৰিগণিত হয়; এই যাত্ৰাৰ বাবে তেওঁ ভৰিবলগীয়া হয় প্ৰায় ২০ নিযুত আমেৰিকান ডলাৰ ধন। এই যাত্ৰাত তেওঁ প্ৰায় সাদিন মহাকাশত কটায়। এতিয়ালৈকে সাতজন লোকে এইদৰে মহাকাশ পৰ্যটন কৰিছে, আৰু তেওঁলোকৰ বেছিভাগেই আমেৰিকা যুক্তৰাজ্যৰ নাগৰিক। নিজৰ খৰচত মহাকাশ পৰিভ্ৰমণ কৰা পৰিব্ৰাজকসকলৰ ভিতৰত এতিয়ালৈকে আটাইতকৈ বেছি পইচা খৰচ কৰিছে গুই লালিবাৰ্টে নামৰ কানাডাৰ নাগৰিকজনে; ২০০৯ চনত এই শিল্পীজনে কৰা মহাকাশ পৰ্যটনৰ বাবে প্ৰায় ৪০ নিযুত আমেৰিকান ডলাৰ খৰচ কৰিবলগীয়া হয়।

মহাকাশ ভ্ৰমণৰ কেইটামান তথ্য:

 

  • ৰুছিয়াৰ চেৰ্গেই ক্ৰিকালিয়’ভে আটাইতকৈ বেছি সময় মহাকাশত কটাইছে; সৰ্বমুঠ ৮০৩ দিন, ৯ ঘন্টা আৰু ৩৯ মিনিট।
  • চন্দ্ৰত এতিয়ালৈকে ছখন এপ’ল’ মহাকাশ যানে অৱতৰণ কৰিছে; সেইকেইখন হ’ল- এপ’ল’ ১১, ১২, ১৩, ১৪, ১৫, ১৬, আৰু ১৭।
  • মহাকাশচাৰী হ’বৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ ন্যূনতম ১০০০ ঘন্টা বিমানচালনৰ অভিজ্ঞতা থাকিব লাগিব।
  • প্ৰতিজন মহাকাশচাৰীক দিনে প্ৰায় ১.৭২ কেজি পৰিমাণৰ খাদ্য খাবলৈ দিয়া হয়; বেছিভাগ খাদ্যই ইতিমধ্যে ৰন্ধা খাদ্য হয় অথবা পানী মিহলাই বা গৰম কৰি্যে খাব পৰা হয়।
  • মহাকাশত মাধ্যাকৰ্ষণ শক্তি নথকাৰ বাবে মাংসপেশীৰ প্ৰয়োজন নহয়, গতিকে মহাকাশচাৰীৰ পেশীবোৰ শুকাই যোৱাৰ আশংকা থাকে। তেনেহ’লে মহাকাশচাৰীজন পৃথিৱীলৈ ঘূৰি অহাৰ পিছত বহুতো অসুবিধাৰ সন্মুখীন হ’ব। গতিকে পেশীবোৰ ৰক্ষা কৰিবলৈ তেওঁলোকে দিনে দুঘন্টাকৈ কচৰৎ কৰিব লাগে।
  • মহাকাশচাৰীৰ ওপৰত মাধ্যাকৰ্ষণ আৰু বায়ুৰ চাপ নাথাকে বাবে শৰীৰ কোষবোৰ ডাঙৰ হৈ শৰীৰৰ আয়তন বাঢ়ি যায়।
  • মহাকাশ Spaceৰ সংজ্ঞা কি? সাগৰপৃষ্ঠৰপৰা ১০০ কিলোমিটাৰ ওপৰৰ অধিক হ’লেই সেই উচ্চতাক মহাকাশ বুলি বিবেচনা কৰা হয়।
  • ছোভিয়েট ৰুছিয়া আৰু আমেৰিকা যুক্তৰাজ্যৰ মাজত শীতল যুদ্ধৰ শত্ৰুতা মহাকাশ গৱেষণাৰ ক্ষেত্ৰতো দেখা যায়। আমেৰিকা যুক্তৰাজ্যত আৰু ইংৰাজী ভাষাত মহাকাশচাৰী বুজাবলৈ Astronaut শব্দটোৰ ব্যৱহাৰ হ’লেও ছোভিয়েট ৰুছিয়াই Cosmonaut শব্দটোহে ব্যৱহাৰ কৰিছিল।
  • পৃথিৱীপৃষ্ঠৰপৰা আটাইতকৈ দূৰলৈ যোৱা মহাকাশচাৰী কেইজন হ’ল জিম ল’ভেল, জেক চুইগাৰ্ট আৰু ফ্ৰেড হাইচে, তেওঁলোকে এপ’ল’ ১৩ উঠি পৃথিৱীৰ পৰা প্ৰায় ৪০১,০৫৬ কিলোমিটাৰলৈকে গৈছিল।
  • নাছাই এজন মহাকাশচাৰীক নিৰ্বাচন কৰাৰ পিছত প্ৰায় ২০ মাহৰ প্ৰশিক্ষণ দিয়াৰ পিছতহে তেওঁ মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈ উঠে।

লেখক: ড: বসন্ত কুমাৰ বৰা

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top