মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / মহাকৰ্ষণিক ঢৌৰ সন্ধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাকৰ্ষণিক ঢৌৰ সন্ধান

মহাকৰ্ষণিক ঢৌৰ সন্ধান

‘ফিজিকেল ৰিভিউ লেটাৰ্ছ’ নামৰ পদাৰ্থবিজ্ঞানৰ আগশাৰীৰ জাৰ্ণেলখনৰ ১২ ফেব্ৰুৱাৰীৰ সংখ্যাত প্ৰকাশ পোৱা এখ্ন গৱেষণা-পত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৩৩ টা গৱেষণাগাৰৰ ১০১১ গৰাকী বিজ্ঞানীয়ে দাবীকৰিছে যে তেওঁলোকে মহাকৰ্ষণীয় ধৌৰ অস্তিত্ব পোনপটীয়াকৈ ধৰা পেলাব পাৰিছে। এই বাতৰিয়ে বিজ্ঞান জগতত আলোড়নৰ সৃষ্টি কৰিছে। এই বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে তেওঁলোকে আজিৰ পৰা ১৩০ কোটি বছৰৰ পৰা আগেয়ে ঘটা দুটা কৃষ্ণ গহ্বৰৰ সন্মিলনৰ ফলস্বৰুপে উতপত্তি হোৱা মহকৰ্ষণিক ধৌ গৱেষণাগাৰত ধৰা পেলাব পাৰিছে। এই গৱেষণাৰ ফলাফল্ক আকৌ এবাৰ নতুনকৈ প্ৰমাণ কৰিলে যে আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ব শুদ্ধ আৰু সত্য। এই ফলাফলে আইনষ্টাইনৰ তত্বৰ আধাৰত প্ৰতিষ্ঠিত অন্তত: তিনিটা ভৱিষ্যদ্ববাণীৰ সত্যতা একে সময়তে প্ৰমাণ কৰিলে-

(১) মহাকৰ্ষণিক ধৌৰ অস্তিত্ব,

(২) কৃষ্ণ গহ্বৰৰ অস্তিত্ব, আৰু

(৩) এযোৰ কৃষ্ণ গহ্বৰৰ গতিপথ আৰু সন্মিলন।

সাধাৰণ আপেক্ষিকতাৰ আৱিস্কাৰৰ শতবৰ্ষৰ সময়তে হোৱা এই আৱিস্কাৰ নি:সন্দেহে এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি হিচাপে বিবেচিত হ’বৰ যোগ্য।

স্থানৰ যেনেদৰে প্ৰসাৰণ নাইবা স্ংকোচন ঘটিব পাৰে-যদিহে ইয়াক কোনো গতিশীল বস্তুৰ মহাকৰ্ষণে আমনি কৰে। দলিয়াই দিয়া শিলগুটি এটাই পুখুৰীৰ পানীৰ পৃষ্ঠখনত তোলা লহৰৰ সৈতে ইয়াক তুলনা কৰিব পাৰি। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতআৰ তত্বৰ এইটো এনে এটা দিশ যিটোৰ বিষয়ে যোৱা কেইটামান দশকৰ পৰাহে বিজ্ঞানীসকলে অনুসন্ধান আৰম্ভ কৰিছে।

১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে আপেক্ষিকতাৰ সাধাৰণ তত্ব উপস্থাপন কৰিছিল, আৰু ঠিক পিছৰ বছৰতে (১৯১৬ চনত) সেই তত্বৰ আধাৰত মহাকৰ্ষণিক লহৰ বা ঢৌৰ ভৱিষ্যদ্বাণী কৰিছিল। এই ধৌবোৰে পোহৰৰ বেগেৰে গতি কৰে। যি কোনো গ্ৰহ তৰাৰ কাষেৰে এই ঢৌ পাৰ হৈ যাওতে বাটত পোৱা সকলো বস্তুকে অতি মৃদুভাৱে হ’লেও টানি-আঁজুৰি থৈ যায়। এই টনা-আঁযোৰা অতি সুক্ষ্ম পৰ্যায়ৰ। ১৯৬০-ৰ দশকলৈ বহুতো বিজ্ঞানীয়ে আইনষ্টাইনৰ এই ভৱিষ্যদ্বাণীৰ ভৌতিক বাস্তৱতাক অতি সন্দেহৰ চকুৰে চাইছিল। কিন্তু ১৯৭৪ চনত এক মহাগাজতিক পৰিঘটনাৰ পৰ্যবেক্ষণৰ আলমত আপেক্ষিকতাৰ এই সিদ্ধান্তৰ আওপকীয়া প্ৰমাণ পোৱা গৈছিল। সেই বছৰ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰাছেল এলেন হাল্‌ছ আৰু যোছেফ হুটন টেইলৰে এযোৰ দ্বৈত পালছাৰ তৰা আৱিস্কাৰ কৰিছিল, যি দুটা তৰাৰ কক্ষপথৰ অৱক্ষয় গণনা কৰি তেওঁলিকে তাৰে সৈতে মহাকৰ্ষণিক ধৌৰ বাবে হোৱা শক্তিৰ হ্ৰাসৰ বিষয়ে আইনষ্টাইনৰ তত্বই কৰা ভৱিষ্যদ্বাণীৰ হুবহু মিল পাইছিল। (এই গৱেষণাৰ বাবে হাল্‌ছ আৰু টেইলৰে ১৯৯৩ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।) ইয়াৰ পিছতে বিজ্ঞানীসকলে পতিয়ন গৈছিল যে মহাকৰ্ষণিক ধৌৰ পোনপটীয়া পৰ্যবেক্ষণ কৰিব পৰা গ’লে সাধাৰণ আপেক্ষিকতাৰ তত্বৰ নতুন প্ৰমাণ পোৱাৰ লগতে মহাবিশ্বৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে নতুন গৱেষণাৰ দুৱাৰ মুকলি হ’ব।

আনহাতে, আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাৰ সমীকৰণবোৰৰ পৰা আৱিৰ্ভাৱ ঘটা সবাতকৈ আশ্চৰ্যকৰ, সবাতকৈ বিতৰ্কিত আৰু সবাতকৈ আচহুৱা সিদ্ধান্তবোৰৰ এটা হ’ল কৃষ্ণ গহ্বৰৰ অস্তিত্ব। কৃষ্ণ গহ্বৰ একে এক পৰিঘটনা য’ত স্থানে নিজকে বক্ৰ কৰে বা আন কথাৰে ক’বলৈ গ’লে স্থান নিজতে  বক্ৰ হয়। আপেক্ষিকতাৰ জ্যামিতিত এনে অদ্ভুত স্ংৰচনা আৰু দ্বিতীয় এটা নাই। সাধাৰণ আপেক্ষিকতাৰ তত্ব অনুসৰি অতি বেছি ভৰে স্থানকালক বিকৃত কৰি এনে এটা অৱস্থাৰ সৃটি কৰিব পাৰে। ইয়াত মহাকৰ্ষণৰ প্ৰাৱল্য ইমানেই বেছি হয় যে ইয়াৰ ভিতৰৰ পৰা কোনো পদাৰ্থ আৰু বিকিৰণ (পোহৰকে ধৰি) ওলাই আহিব নোৱাৰে। ১৯৬১ চনতে আপেক্ষিকতাৰ সমীকৰণবোৰৰ ভিত্তিত ছোৱাৰ্জচাইলডে আগবঢ়োৱা সমাধানৰ পৰা কৃষ্ণ গহ্বৰৰ ধাৰণাৰ সূত্ৰ পাত ঘটে আৰু ১৯৭০ ৰ পৰা ১৯৯০ ৰ দশকত হোৱা তাত্বিক গৱেষণা আৰু সাংখ্যিক গণনাই ইয়াৰ ধাৰণা সুপ্ৰতিষ্ঠিত কৰে। এই গৱেষণাবোৰৰ পৰা দুটা কৃষ্ণ গহ্বৰৰ সন্মিলনৰ ফলস্বৰুপে হ’ব পৰা পৰিঘটনাৰ বিষয়েও বিওবজ্ঞানীসকলে জ্ঞান আহৰণ কৰে। বিভিন্ন মহাজাগতিক পৰ্যবেক্ষণৰ পৰা কৃষ্ণ গহ্বৰৰ অস্তিত্বৰ ইংগিত পোৱা গ’লেও কৃষ্ণ গহ্বৰৰ সন্মিলনৰ কোনো পোনপটীয়া প্ৰমাণ পোৱা হোৱা নাছিল।

১৯৬০-ৰ দশকৰ পৰা বিজ্ঞানীসকলে মহাকৰ্ষণিক ধৌ ধৰা পেলাবলৈ নানান পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে। উপযুক্ত প্ৰযুক্তিৰ অভাৱত পৃথিৱী-পৃষ্ঠৰ পৰা মহাকৰ্ষণিক ধৌৰ বিষয়ে গৱেষণা কৰাটো সম্ভৱ হোৱা নাছিল। কিন্তু যোৱা কেইটামান দশকত হোৱা প্ৰযুক্তি-কৌশলৰ দ্ৰুত বিকাশে এইটো সম্ভৱপৰ কৰি তুলিলে। অতিকৈ স্ংবেদী স্ংসূচকেৰে আমেৰিকা যুক্তৰাজ্যৰ ৱাশ্বিংটন প্ৰদেশৰ হানফ’ৰ্ড আৰু লুইজিয়ানা প্ৰদেশৰ লিভিংষ্ট’নত দুটা লেজাৰ ইণ্টাৰফেৰোমিটাৰ স্থাপন কৰা হয় আৰু আন্ত:ৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত গৱেষণাৰ কাম আৰম্ভ হয়। লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেচনেল –ৱেভ অব্‌জাৰভেটৰী নমেৰে পৰিচিত এই গৱেষণা প্ৰকল্পতে ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰত বিজ্ঞানীসকলে মহাকৰ্ষণিক ধৌৰ স্ংকেত চিনাক্ত কৰিবলৈ সক্ষম হয়। সেই স্ংকেতৰ বিশ্লেষ্ণ আগবঢ়াই ওপৰত উল্লেখ কৰা গৱেষণা-পত্ৰখনত বিজ্ঞানীসকলে দেখুৱাইছে যে এই মহাকৰ্ষণিক ধৌৰ উতস হ’ল আজিৰ পৰা ১৩০ কোটি বছৰ আগেয়ে ক্ৰমে ৩৬ আৰু ২৯ টা বেলিৰ সমান ভৰযুক্ত দুটা কৃষ্ণ গহ্বৰৰ সন্মিলনৰ ফলস্বৰুপে উতপন্ন হোৱা মহাকৰ্ষণিক ধৌৰ অৱশেষ ‘অমিয়া জোকাৰ’। সেই সন্মিলনৰ অন্তত ৬২ টা বেলিৰ সমান ভৰৰ এটা নতুন কৃষ্ণ গহ্বৰৰ সৃষ্টি হৈছিল। আৰু বাকী তিনিটা বেলিৰ ভৰ শক্তিৰ ৰুপেৰে বিকিৰিত হৈছিল (এই ভৰ শক্তিলৈ ৰুপান্তৰিত হোৱাৰ পৰিঘটনাটোৰ আঁৰতো আছে আইনষ্টাইনৰেই শক্তিশালী মহকৰ্ষণিক ধৌৰ  ৰুপেৰে বিকিৰিত হৈছিল আৰু এই পৰীক্ষাত সেই ধৌবোৰেই ধৰা পৰিছে।

উল্লেখ কৰিব পাৰি যে এই পৰীক্ষাৰ সৈতে জড়িত হৈ থকা গৱেষণাগাৰ বোৰৰ ভিতৰত আমাৰ দেশৰ আঠটা গৱেষণাগাৰ আছে আৰু কেইবাগৰকীও ভাৰতীয় বিজ্ঞানী এই গুৰুত্বপূৰ্ণ আৱিস্কাৰৰ গৌৰৱৰ অংশীদাৰ হৈছে। ভাৰতীয় গৱেষণাগাৰকেইটা হ’ল গান্ধীনগৰৰ ইনষ্টিটিউট অব্‌ ফাণ্ডামেন্টেল এইছাৰ্চ, বাংগালুৰুৰ ইণ্টাৰনেচেনল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ছায়েন্সছ, ইণ্ডোৰৰ ৰাজা ৰামান্না চেণ্টাৰ ফৰ এডভান্সড টেক্‌ন’ল’জ, গান্ধীনগৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, কলকাতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ ছায়েন্স এডুকেচন এণ্ড ৰিছাৰ্চ, পুণেৰ ইণ্টাৰ ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স আৰু তিৰুৱন্তপুৰমৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ ছায়েন্স এডুকেচন এণ্ড ৰিছাৰ্চ।

২০১২ চনত হিগ্‌ছ্‌ ব’ছনৰ আৱিস্কাৰৰ পিছত মহকৰ্ষণিক ধৌৰ সন্ধান সাম্প্ৰতিককালৰ পদাৰ্থবিজ্ঞানৰ গৱেষণাৰ গুৰুত্বপূৰ্ণ ঘটনা হিচাপে চিহ্নিত হৈছে। এই গৱেষণাই নোবেল বঁটা জয় কৰাৰো প্ৰচুৰ সম্ভাৱণা আছে। এই আৱিস্কাৰৰ বিষয়ে মন্তব্য দি কৃষ্ণ গহ্বৰৰ বিষয়ে বিশেষজ্ঞ, প্ৰখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙে এইদৰে কৈছে, “মহাকৰ্ষণিক ধৌৱে ব্ৰহ্মাণ্ডখন নিৰীক্ষণ কৰিবলৈ একেবাৰে নতুন বাট এটাৰ সন্ধান দিয়ে। সেই ধৌবোৰক চিনাক্ত কৰিব পৰাৰ সামৰ্থ্যি জ্যোতিৰ্বিজ্ঞানলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব।”

বিপুলজ্যোতি শইকীয়া, দৈনিক অসম

2.80952380952
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top