মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / শিশুৰ চৰিত্ৰ গঠনত স্কাউটিঙৰ গুৰুত্ব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ চৰিত্ৰ গঠনত স্কাউটিঙৰ গুৰুত্ব

 

স্কাউটিং গাইডিং ল’ৰা-ছোৱালীয়ে নিজা নেতৃত্বত চলোৱা এক খেল।এই খেলৰ যোগেৰে পোৱা দু:সাহসিকতা,ৰঙিয়াল সংগী,ঘৰৰ বাহিৰৰ জগতখন,আশানুযায়ী ৰং ধেমালি আৰু বীৰোচিত কাৰ্য সাধনৰ অনুভুতি।শিশুকালৰ মুল বা বুনিয়াদ হিচাপে এইবোৰকেই ল’ৰাবোৰে বিচাৰি ফুৰে।সেয়েহে স্কাউটিং শিক্ষাৰ জৰিয়তে শিশুকালৰ পৰাই সম্পুৰ্ণ শিক্ষা অৰ্থাৎ তেওঁলোকৰ দৈহিক,মানসিক আৰু নৈতিক উন্নয়নৰ হকে নিজে লাগি-ভাগি নিজে কামটো শিকিবলৈ ব্যক্তিগত চৰিত্ৰ বিকাশাৰ্থে,গৃহ-শিল্প বা চখৰ শিল্পৰ,শাৰীৰিক স্বাস্থ্য উন্নতিৰ,ৰাষ্ট্ৰ আৰু সমাজ সেৱাৰ বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়।এইসমুহ বিষয়ৰ দক্ষতা নিৰ্ণয় কৰা হয় খেল-ধেমালি,প্ৰতিযোগিতা ব্যাজ পদ্ধতিৰ যোগে শিবিৰৰ শিক্ষা,বাটকুৰি বাই বা বৰিৰে দুৰলৈ ভ্ৰমণ কৰা,অৰণ্যকলা,প্ৰকৃতি পাথ,ক্যাম্প ফায়াৰৰ আনন্দ উৎসৱৰ যোগ।প্যাট্ৰোল পদ্ধতি আৰু প্যাট্ৰোল লিদাবৰ ওপৰত পৰিচালনাৰ দায়িত্ব দিয়াৰ যোগে আৰু দৈনন্দিন জীৱনৰ প্ৰতিদিনে কৰিবলগীয়া একোটা লোকহিতকৰ কাৰ্য কৰোৱাৰ “গুডটাণ”ৰ যোগে।সৰ্বোপৰি স্কাউটিঙৰ মুল ভেটি স্কাউট প্ৰতিভাৰ আৰু নীতিৰ জৰিয়তে।

ছয় বছৰ বয়সৰ পৰা উৰ্দ্ধতম পচিশ বছৰ বয়সলৈ তিনিটা ভাগত বিভক্ত ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলক ক্ৰমে কাব-বুল বুল,স্কাউট-গাইদ আৰু ৰ’ভাৰ ৰেঞ্জাৰ হিচাবে ভাগ কৰি স্তৰ অনুসৰি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

ডাঙৰৰ কথা মানি চলা,নিৰ্মল আৰু বিনয়ী,আইনৰ অধীনত ঈশ্বৰ আৰু দেশৰ প্ৰতি কৰ্তব্য কৰিবলৈ নিতৌ এটা পৰোপকাৰ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ যথাসাধ্য চেষ্টা কৰা মুল মন্ত্ৰৰে স্তৰ অনুক্ৰমে আগবাঢ়ি যোৱাই কাব-বুল বুলৰ উদ্দেশ্য।ছয় বছৰৰ পৰা দহ বছৰ বয়সৰ শিশুসকলৰ বাবে ভাগ কৰা কাব-বুল নামৰ এই কালছোৱাত শিশুসকলে সাধুকথা,প্ৰাৰ্থনা নিয়মানুৱৰ্তিতা আৰু ঘৰখনত দৈহিক এটা ভাল কৰিম কৰিবলৈ শিকে।এই ছোৱাতেই শিশুসকলে নিজৰ সাজ-পোছাক,জোতা- মোকা পৰিষ্কাৰ কৰি পৰিপাটিকৈ ৰখা,ছোলাত বুটাম লগাবলৈ শিক্ষাগ্ৰহণ কৰে।স্বাস্থ্য ৰক্ষাৰ বাবে ব্যায়াম,খেল-ধেমালি ,বাইচাইকেল,চলোৱা,প্ৰাথমিক প্ৰতিবিধানৰ সাধাৰণ নিয়ম আদি শিক্ষা গ্ৰহণ কৰে।মানসিক বিকাশৰ বাবে ঘড়ীৰ সময় কোৱা,গছৰ পাত-ফুল আদি সংগ্ৰহ কৰা,ডাক টিকেটৰ জ্ঞান,ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ জ্ঞান,অত্যাৱশ্যকীয় পাঠ আদি শিকা,ছবি আঁকি ৰং দিয়া,কম্পাছৰ শিক্ষা গ্ৰহণ কৰা আৰু ভাষা জ্ঞানকে ধৰি ভৌগালিক জ্ঞানৰ শিক্ষা লাভ কৰে।

দহ বছৰৰ পৰা ষোল্ল বছৰ বয়সৰ যুৱক-যুৱতী বা ছাত্ৰ-ছাত্ৰীসকলে বিশ্বাসযোগ্য,সকলোৰে বন্ধু আৰু সকলো স্কাউট গাইডৰ ভাইভনী,বিনয়ী,জীৱ-জন্তুৰ বন্ধু আৰু প্ৰকৃতি প্ৰিয়,নিয়মানুবৰ্তী আৰু ৰাজহুৱা সা-সম্পত্তিৰ তদাৰককাৰী আৰু কায়মনোবাক্যে পৱিত্ৰ এই নীতিৰ বশবৰ্তী হৈ স্কাউটিং বা গাইডিং শিক্ষা গ্ৰহণৰ বাবে আত্মমৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰ আৰু দেশৰ প্ৰতি কৰ্তব্য কৰা আনক সহায় কৰা আৰু স্কাউড,গাইডৰ বিধি বিধান মানি চলিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ সাজু বা প্ৰস্তুত মুল মন্ত্ৰ লৈ শিক্ষা গ্ৰহণ কৰা মুল উদ্দেশ্যে।এই কালছোৱাত ছাত্ৰ-ছাত্ৰীসকলে সংগঠনৰ বাবে আৱশ্যকীয় নীতি নিয়মসমুহ জনাৰ উপৰিও নিয়ম শৃংখলা ৰক্ষা,আচাৰ-ব্যৱহাৰ তথা চৰিত্ৰবান হ’বলৈ শিকা,স্বাস্থ্য ৰক্ষাৰ সাধাৰণ নিয়ম আৰু প্ৰাথমিক প্ৰতিবিধান শিক্ষা,অৰ্থনৈতিক শিক্ষা,বুৰঞ্জীজ্ঞান,হাতৰ কাম,পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লোৱা,সামাজিক উন্নয়ন,শিক্ষাগ্ৰহণ,বুদ্ধি বিকাশ আদিৰ শিক্ষা পোৱাৰ উপৰিও সমাজসেৱা,দুষিত পাৰিপাৰ্শ্বিকতা ,সমস্যা সমাধানৰ চেষ্টা কৰা,শিবিৰ অভিজ্ঞতা অৰ্জন,ৰন্ধাবঢ়া আদিৰ শিক্ষালাভ কৰাৰ সুবিধা অৰ্জন কৰে।

একেদৰেই ষোল্ল বছৰৰ পৰা পচিশ বছৰ বয়সৰ যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে “সেৱা”মুল মন্ত্ৰলৈ ৰ’ভাৰ বা ৰেঞ্জাৰ হিচাবে আত্মনিৰ্ভৰশীল শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে।ঘৰুৱা জীৱনক সুখী কৰাৰ বাবে পৰিয়াল এটাক কাম-কাজেৰে সহায় কৰা,প্ৰাপ্তবয়স্ক শিক্ষাত আগভাগ লোৱা নাগৰিকত্ব স্বত্ব আৰু কৰ্তব্য সম্বন্ধে গান অৰ্জন,হস্তশিল্পৰ ব্যৱসায় আৰু গুণৰ অধিকাৰী হৈ উন্নতি দেখুওৱা আদি এই কালছোৱাৰ কাম।ইয়াৰ উপৰিও ৰাজহুৱা সা-সম্পত্তিৰ দায়িত্ব সম্পৰ্কে ৰাইজক বুজোৱা,স্বাক্ষৰতা জ্ঞানদান,বিনামুলীয়া পাঠদান,জনসংখ্যা শিক্ষা অভিযান,ৰক্তদান অভিযান,যানবাহন নিয়ন্ত্ৰণ আদিৰ দৰে কামসমুহৰ সেৱা আগবঢ়োৱা প্ৰধান লক্ষ্য আৰু কাম।

ছাত্ৰ-ছাত্ৰী,শিশু তথা যুৱক-যুৱতীৰ ভৱিষ্যত জীৱন সোণালীময় কৰিব পৰা এনে এক পৃথিৱীৰ সৰ্ব বৃহৎ সংগঠন জন্ম হৈছিল ১৯০৭ চনত ইংলেণ্ডৰ ব্ৰাউন চী নামৰ দ্বীপ এটাত কেইজনমান ল’ৰাৰ শিবিৰ এটাৰ দ্বাৰা।মহান উদ্দেশ্য ধৰ্মী এই মহান অনুষ্ঠানটি যি গৰাকী ব্যক্তিয়ে উদ্ভাৱন কৰিছিল সেইগৰাকী ব্যক্তি “বেডেন পাৱেল”ৰ  নাম পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই জনাজাত।ল’ৰাকালৰ পৰাই অভিনয় বাদ্যযন্ত্ৰ আৰু ফুটবল খেলৰ প্ৰতি অতি আগ্ৰহী আৰু প্ৰকৃতি প্ৰেমী এইগৰাকী ব্যক্তি সামৰিক বিভাগৰ এজন কমিছনড বিষয়া হিচাপে জীৱনৰ পাতনি মেলি অশ্বাৰোহী সেনাবাহিনীৰ উচ্চ বিষয়া ইনচপেক্টৰ জেনেৰেল অব কেডেলৰি পদত অধিষ্ঠিত হোৱায়েই নহয় বৃটিছ সামৰিক বিভাগৰ সৰ্বোচ্চ বিষয়া ফিলড মাৰ্শ্বেল পদলৈকে নিৰ্বাচিত হৈছিল।সুনিপুণ আৰু অতি দক্ষতাপন্ন মহান যোদ্ধা বেডেন পাৱেলে”বয় স্কাউট”ৰ দৰে এটা অনুষ্ঠানৰ যোগে পৃথিৱীৰ দেশে দেশে যি জনকল্যাণ সাধিছে আন কোনে সৈনিকে তেনেবিধ কল্যাণ সধা কথা সপোনতো ভবা নাছিল।তেখেতে সামৰিক বাহিনীত থকা কালতেই “এইডচ-টু স্কাউট নামৰ কিতাপ লিখে।তেওঁ শাস্তি স্কাউটৰ কল্পনা কৰিছিল।সেই কিতাপত সন্নিবিষ্ট মুকলি ঠাই আৰু খেলৰ যোগে ট্ৰেইনিঙৰ ব্যৱস্থা দিয়া নিৰ্দেশাৱলী সমুহ পঢ়ি ইংলণ্ডৰ বহু শিক্ষানুষ্ঠান আৰু শিক্ষানুৰাগী ব্যক্তিৰ অনুৰোধ ক্ৰমে নিৰ্দেশসমুহ সম্পুৰ্ণৰুপে ল’ৰাৰ বাবে উপযোগীকৈ এখন আঁচনি কৰি দিবলৈ জনোৱা অনুৰোধ মৰ্মে ১৯০৭ চনত “স্কাউটিং ফৰ বইড”নাম পষেকীয়া এখন লিখি উলিয়ায়।পিছত  সেইখন কিতাপ হিচাবে প্ৰকাশ হয়।স্কাউটিং শিক্ষাৰ দ্বাৰা শিশু তথা ল’ৰা-ছোৱালী তজবজীয়া,পৰিষ্কাৰ পৰিচ্ছন্নতা ,তীক্ষ্ণ ,সতেজ চতুৰ,কাৰ্যদক্ষতা নিয়মানুবৰ্তী হৈ সৎ চৰিত্ৰবান হোৱাৱেই নহয় শৃংখলা পৰায়ণ আৰু আজ্ঞানুবৰ্তী হৈ জীৱন গঢ়াৰ সুবিধা লাভ কৰিব পাৰে।স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীৰ বাবে অতি আৱশ্যকীয় আৰু আকৰ্ষণীয় স্কাউট সংগঠনটোৰ সু-পৰিচালনাৰ বাবে সু-চিন্তাশীল স্কাউট ভাবাপন্ন কিছুমান লোকৰ বিশেষ প্ৰয়োজন।বিদ্যালয়সমুহৰ স্কাউট শিক্ষকৰ পৰা জিলা,ৰাজ্যিক ৰাষ্ট্ৰ আৰু বিশ্ব স্কাউট আৰু গাইড অনুষ্ঠানত অসংখ্য কৰ্মীয়ে ত্যাগৰ মনোভাবেৰে সেৱা আগবঢ়াই আহিছে।যি সমুহ ৰাজ্যত প্ৰশাসনিক দিশত কৰ্মী আৰু বিভাগীয় কৰ্মকৰ্তাৰ সহযোগিতা সম্পুৰ্ণৰুপে বিচৰা হৈছে সেই ৰাজ্যসমুহত স্কাউটিং শিক্ষাৰ প্ৰসাৰতা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে।অসমৰ ৰাজ্যিক সংগঠনটোৱে কঠোৰ প্ৰশাসনিক দৃষ্টিভংগী নলৈ কৰ্মকৰ্তাসকলে যদি সমদৃষ্টিৰ সহযোগিতা মনোভাবেৰে পৰিচালিত কৰে তেতিয়া অসমৰ স্কাউট আন্দোলন এক লেখত লবলগীয়া সংগঠন হিচাপে নিশ্চয় পৰিগণিত হ’ব।অসম চৰকাৰৰ শিক্ষাবিভাগৰ দ্বাৰা অনুমোদিত স্কাউটিং বিদ্যালয়ত শিক্ষাত সহযোগী পাঠ্যক্ৰম হিচাপে সন্নিবিষ্ট হোৱাটো অতি আনন্দৰ কথা  আৰু ই ছাত্ৰ-ছাত্ৰীসকলৰ তথা শিশু চৰিত্ৰ গঠনৰ লগতে স্বাস্থ্য ৰক্ষাৰ দিশতো সহায়ক হব বুলি আশা কৰিব পাৰি।

লেখক: জিতেন ভাগৱতী (দেওবৰীয়া সুকন্যা)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top