মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / শিশুৰ প্ৰতি আচৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ প্ৰতি আচৰণ

শিশুৰ প্ৰতি আচৰণৰ বিষয়ে লিখা হৈছে

 

এটি শিশুৱে জন্মৰ পিছৰে পৰা পিতৃ-মাতৃৰ অপত্য মৰম-স্নেহৰ মাজত ডাঙৰ-দীঘল হয়।পিতৃ-মাতৃয়ে নিজৰ জীৱন উছৰ্গা কৰি হ’লেও শিশুটিৰ মংগল কামনা কৰে,আশা কৰে এখন সুখৰ সংসাৰৰ।কিন্তু তাৰ মাজতো ব্যতিক্ৰম নোহোৱা নহয়।কেতিয়াবা কোনোবাই জ্ঞাতে বা অজ্ঞাতে শিশুটিক মৰমৰ পৰা বঞ্চিত কৰে।সি হৈ পৰে তেওঁলোকৰ অৱহেলা আৰু অত্যাচাৰৰ বলি।আনকি কেতিয়াবা শিশুটিয়ে মাতৃগৰ্ভত স্থান লোৱাৰ পৰাই সন্মুখীন হয় পিতৃ-মাতৃৰ অবাঞ্জনীয় আচৰণৰ।এনেধৰণৰ মানসিক নিৰ্যাতনৰ বলি হোৱা শিশু যিকোনো বয়সৰ বা লিংগ,যিকোনো জাতিৰ বা যিকোনো আৰ্থ-সামাজিক ভেটিৰ হ’ব পাৰে।

এনে অবাঞ্জিত আচৰণৰ মুল কাৰণসমুহ হ’ল-

 

*পাৰিবাৰিক অশান্তি

*আৰ্থিক অনাটন

*অবাঞ্জিত গৰ্ভধাৰণ

*পিতৃ-মাতৃ যদি মানসিক ৰোগী হয়

*পিতৃৰ কোনো কৰ্মসংস্থান নাথাকিলে বা সুৰামত্ত হ’লে।

এনেকুৱা অৱস্থাস মুহত পিতৃ-মাতৃয়ে মানসিক ভাৰসাম্য হেৰুৱাই সন্তানৰ ওপৰত বিভিন্ন ধৰণৰ অবাঞ্জনীয় আচৰণ আৰম্ভ কৰি দিয়ে।এনে আচৰণৰ আৰু কিছুমান কাৰণ আছে,যেনে-শিশুটিয়ে বাৰে বাৰে প্ৰস্ৰাৱ-পায়খানা কৰি থকা ,বেছিকৈ অভ্যাসগতভাৱে কান্দি থকা,বস্তুৰ অপচয় কৰা,মানসিকভাৱে দুৰ্বল বা শাৰীৰিকভাৱে অক্ষম হোৱা ইত্যাদি।বহু ক্ষেত্ৰত শিশু শ্ৰমিক্সকলৰ প্ৰতিও এনে অবাঞ্জনীয় আচৰণ কৰা দেখা যায়।সমীক্ষা মতে ৭.৫ শতাংশ ভাৰতীয় শিশুক পৰিয়ালৰ উপাৰ্জনৰ কাৰণে বিভিন্ন কামত নিয়োগ কৰা হয়।

এইখিনিতে চোৱা যাওক শিশুটি কি কি প্ৰকাৰে অবাঞ্জনীয় আচৰণৰ বলি হ’ব পাৰে।

শিশুটিক শাৰীৰিকভাৱে অবাঞ্জনীয় আচৰণ কৰা লোকজন পিতৃ-মাতৃ বা শিশুটিক চোৱা-চিতা কৰা ব্যক্তিও হ’ব পাৰে।

সাধাৰণতে শিশুক কৰা শাৰীৰিক অত্যাচাৰৰ ফলত শিশুটিয়ে মানসিক অন্তৰ্দ্বন্দ্বত ভোগে।শিশুক কৰা এনে আঘাতৰ বাবে বহু শিশুৱে মৃত্যু পৰ্যন্ত সাবটি লৈছে।আজিৰ দিনত সংহত আঁচনিৰ জৰিয়তে ৮০ ৰ পৰা ৯০ শতাংশক পুনৰ সংস্থাপন কৰিব পৰা গৈছে।১০ ৰ পৰা ১৫ শতাংশ পৰিয়ালৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী চিকিৎসাৰ প্ৰয়োজন হয়।দুই শতাংশ শিশুৰ ক্ষেত্ৰত আইনগতভাৱে পিতৃ-মাতৃৰ অধিকাৰ নাইকিয়া কৰা হয় আৰু পালক পিতৃ-মাতৃৰ দ্বাৰা পোহপাল দিয়া হয়।কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই দিয়া এটা তথ্য মতে এনেদৰে শাৰীৰিক অত্যাচাৰৰ বলি হোৱা শিশু পিছৰ জীৱনত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

মুৰত আঘাত পোৱা শিশু কেতিয়াবা স্নায়ৱিক বা মানসিক বিকাৰগ্ৰস্ত হয়,ফলত তেনে শিশুৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা আহি পৰে।চকুৰে নেদেখা বা কাণেৰে নুশুনা হ’ব পাৰে।এনে ক্ষেত্ৰত কেতিয়াবা কোনো চিকিৎসাই কামত নাহে।তেনে শিশু পৰৱৰ্তী কালত অপৰাধপ্ৰৱণতাৰ চিকাৰ হোৱাৰ সম্ভাৱনা থাকে।কেতিয়াবা তেনে শিশু ডাঙৰ হৈ পিছৰ প্ৰজন্মৰ কাৰণে শিশু নিৰ্যাতনকাৰী হ’ব পাৰে।

আনহাতে আইনগতভাৱে অনুমতি দিব পৰা বয়সৰ আগতেই যদি কোনো শিশুক যৌন সম্পৰ্কীয় কামত ব্যৱহাৰ কৰে,তাকে শিশুৰ যৌন অবিচাৰ বা যৌন অত্যাচাৰ বোলা হয়।১০ বছৰৰ বা তলৰ শিশুক যদি যৌন নিৰ্যাতন কৰে তাক পেড’ফিলিয়া বুলি কোৱা হয়।সাধাৰণতে ৬ বছৰৰ তলৰ শিশুৱেই এনে যৌন নিৰ্যাতনৰ বলি হয়।

ছোৱালী শিশুৰ ক্ষেত্ৰত কেতিয়াবা দেখা যায় অত্যাচাৰ কৰা লোকজন পিতৃ বা পোহপাল দিয়া পিতৃ হ’ব পাৰে।কেতিয়াবা ভাই-ভনীৰ মাজতো এনে অনাচাৰ হ’ব পাৰে।এনে ক্ষেত্ৰত শাৰীৰিক আঘাত অৱশ্যে খুব কম হোৱা দেখা যায়।

যৌন নিৰ্যাতন এক সামাজিক অপৰাধ আৰু সেয়ে আইনগতভাৱে ইয়াৰ বিচাৰ হোৱা উচিত-

 

কেতিয়াবা দেখা যায় যে বাপেক –মাক বা পৰিয়ালৰ লোকে আইনৰ হাত সাৰিবৰ বাবে কথাটো লুকুৱাব বিচাৰে আৰু শিশুটিক পুন: পুন: বেয়া ব্যৱহাৰ কৰে।তেতিয়া শিশুটি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰে।পিতৃ-মাতৃয়ে শিশুটিক যদি সুৰক্ষা দিয়াত ব্যৰ্থ হয় বা দিব নিবিচাৰে,তেতিয়া তেনে শিশুক সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগিব।

শিশুৰ যৌন নিৰ্যাতনৰ পৰীক্ষা যথেষ্ট সাৱধানে কৰিব লগা হয়।শাৰীৰিক পৰীক্ষা আৰু লেবৰেটৰী ৰিপ’ৰ্টৰ যোগেদি পাঁচ শতাংশতকৈও কম যৌন নিৰ্যাতন ধৰা পেলাব পাৰি।কিন্তু অনুসন্ধান চলাওঁতে সাৱধান হ’ব লাগে যাতে শিশুটিয়ে মনত কষ্ট নাপায়।সম্প্ৰতি এনে শিশুৰ চিকিৎসা উপলব্ধ হৈছে।যৌন নিৰ্যাতনৰ ধৰণ,বয়স আৰু অন্যান্য শাৰীৰিক,মানসিক অৱস্থা বুজি ইয়াৰ চিকিৎসা বেলেগ বেলেগ হয়।যৌন নিৰ্যাতনৰ বলি হোৱা সকলো শিশুৰ মানসিক অৱস্থা উন্নত কৰিব লাগিব।কেতিয়াবা অভিভাৱকৰ পৰা চিকিৎসাৰ ক্ষেত্ৰত আৱশ্যকীয় সঁহাৰি নাপালে শিশুটিক অন্য স্থানত ৰাখিব লগা হয়।এনে কৰোঁতে শিশুটিক বাৰে বাৰে আশ্বাস দিয়া হয় আৰু মন মুক্ত কৰিবলৈ সুযোগ দিয়া হয়।সুখৰ কথা যে উপযুক্ত আৰু তৎকালীক চিকিৎসা ব্যৱস্থাই এনে শিশুক স্বাভাৱিক জীৱন প্ৰদান কৰে।অন্যথা কিছুমান কিশোৰী অৱস্থাতেই ঘৰ এৰি গুচি যায় আৰু বিভিন্ন অসামাজিক কামত লিপ্ত হয়।অৱশ্যে এনে অবাঞ্জিত পৰিৱেশ ৰোধ কৰিবৰ বাবে শিশুক যৌন শিক্ষা দিয়াৰ প্ৰয়োজন।আমাৰ দেশত এতিয়াও যৌন শিক্ষাৰ প্ৰচলন হোৱা নাই।সেয়ে অভিভাৱকসকলে ঘৰতেই শিশুক সিহঁতৰ শৰীৰৰ বিভিন্ন অংগৰ বিষয়ে শিক্ষা প্ৰদান কৰিব লাগে।

লেখিকা:গীতিমালিকা নেওগ (জিন এনআৰচি স্বাস্থ্য)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top