মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / শিশুৰ মানসিক বিকাশ আৰু ধৰ্মৰ প্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মানসিক বিকাশ আৰু ধৰ্মৰ প্ৰভাৱ

ধৰ্মীয় শিক্ষা বা ধাৰ্মিক আচৰণে শিশু এটিক কেনেকৈ প্ৰভাৱিত কৰে? আমাৰ ভাৰতীয় সমাজব্যৱস্থাৰ মাজত অৱস্থান লৈ এই প্ৰশ্নটোৰ উত্তৰ একে আষাৰতে দিবলৈ ভীষণ অসুবিধা।

ধৰ্মীয় শিক্ষা বা ধাৰ্মিক আচৰণে শিশু এটিক কেনেকৈ প্ৰভাৱিত কৰে? আমাৰ ভাৰতীয় সমাজব্যৱস্থাৰ মাজত অৱস্থান লৈ এই প্ৰশ্নটোৰ উত্তৰ একে আষাৰতে দিবলৈ ভীষণ অসুবিধা। সেয়ে সেইটো শেষলৈ থৈ আমি শিশুৰ বিকাশ আৰু মানসিকতাৰ বিষয়ে কিছু কথা জানি-বুজি ল’বলৈ যত্ন কৰোঁ। প্ৰথমতে চাই লওঁ

স্বাভাৱিক শিশুৰ বিকাশৰ কেইটামান মাইলৰ খুঁটি:-

২ মাহ: মানুহলৈ চাই হাঁহিব পৰা হয়; উবুৰি কৰি দিলে হাতত ভেঁজা দি মূৰ থিয় কৰি ৰাখিব পাৰে; শব্দৰ ফালে মূৰ ঘূৰাই চাব পাৰে৷

৪ মাহ: কলকলাবলৈ আৰম্ভ কৰে; পুতলালৈ হাত মেলিব পৰা হয়; সদায় দেখি থকা মানুহ চিনিব পৰা হয়; নিজে নিজে উবুৰি হব পৰা হয়৷

৬ মাহ:  চিনাকি-অচিনাকি মানুহৰ পাৰ্থক্য বুজিব পৰা হয়; আ-ই-এ আদি উচ্চাৰণ কৰিব পৰা লগতে ম, ব আদিও উচ্চাৰণ কৰিব পাৰে; নিজৰ নাম বুজি পোৱা হয়; অইন বস্তুলৈ হাত মেলে, লিৰিকি-বিদাৰি চায়; সহায় নোহোৱাকৈ বহিব পাৰে।

৯ মাহ: মা-মা, বা-বা আদি ক'ব পৰা হয়; না-ৰ অৰ্থ বুজি পায়; কুক-ভা খেলিব পৰা হয়; আঁঠু কাঢ়ি ফুৰিব পৰা হয়; ধৰি ধৰি থিয় হ’ব পাৰে।

১২ মাহ: সহজ অনুৰোধ বা আদেশ বুজিব পাৰে; কাপ আদি হাতেৰে ধৰিব পাৰে; নিজে নিজে থিয় দিব পৰা হয়; ধৰি ধৰি খোজ কাঢ়িব পাৰে।

১৮ মাহ: নিজে নিজে খোজ দিব পৰা হয়, আকৰ্ষিত বস্তুলৈ বা প্ৰিয়জনৰ কাষলৈ ঢাপলি মেলিবলৈ চেষ্টা কৰিব ধৰে, কথা ক’বলৈ লয়, কিবা ক’লে তাক মানিবলৈ লয়।

২৪ মাহ: কথা স্পষ্টকৈ ক’ব পৰা হয়। কিবা ক’লে বুজে, নিকট আত্মীয় মানুহক ভালকৈ চিনি পায়, ভাল-বেয়া বুজাই ক’লে বুজি পায়।

বিভিন্ন সমলসমূহ

শিশুৱে কেঁচুৱা কালৰপৰাই চাৰিওফালৰ জগতখনৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ থাকে। খুব সহজ পৰ্যবেক্ষণৰপৰাই এই কথাটো বুজিব পাৰি। কেঁচুৱা এটাৰ কাষত শব্দ কৰিলে শব্দৰ উৎস বিচাৰে, উজ্জ্বল কিবা বস্তুৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিলে বস্তুটোলৈ ভালকৈ চায়। উৎসুক মনটোৰে নতুনকৈ দেখা প্ৰতিটো বস্তু বা কথা জানিবলৈ আগ্ৰহী হৈ থাকে। সদায় দেখি থকা মানুহবোৰক চিনিব পৰা হয়। মানুহবোৰে কেঁচুৱাটোৰ প্ৰতি কৰা ব্যৱহাৰৰপৰা মানুহজনৰ প্ৰতি একধৰণৰ ধাৰণা মনত (মগজুত) জমা হয়। ভাল লগা মানুহ দেখিলে কেতিয়াবা সেইজনৰ কোলাত আহিবলৈ হাত আগবঢ়ায়ো দিয়ে। তেওঁ নিজে কোন আৰু কেনেকৈ এই জগতত মিলিব পাৰে সেয়া শিকিব ধৰে। লাহে লাহে মানুহৰ কথা-আচৰণ বুজিবলৈ সক্ষম হ’ব ধৰে। শিশুটোৱে কি কৰিলে মাক-দেউতাকে ভাল পায় আৰু কি কৰিলে বেয়া পায় সেই বিষয়েও ধাৰণা এটা শিশুটোৰ মনত গাঢ় হ’বলৈ লয়। এইখিনি সময় শিশু এটাৰ ভৱিষ্যৎ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। মা-দেউতা বা ঘৰৰ অন্য মানুহৰ মাত-কথা শুনি শুনি কথা ক’বলৈ শিকিবলৈ ধৰে এটা-দুটা ভঙা অস্পষ্ট শব্দ কৰি। এই সময়খিনিৰপৰা শিশুটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিকাশ হ’ব ধৰে, কাৰণ এইছোৱা সময়তে শিশুটোৰ চৰিত্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। শিশুটোৱে তাৰ মাক-দেউতাক আৰু ঘৰৰ মানুহে কৰা আচৰণবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি সেইবোৰ শিকিবলৈ ধৰে, কিছুমান বুজি আৰু কিছুমান নুবুজাকৈয়ে। এই সময়ত শিশুৰ মগজু এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুতকৈ সম্পূৰ্ণ বেলেগ। চৰিত্ৰ গঠনৰ এই গুৰুত্বপূৰ্ণ সময়ত শিশুটোৰ সন্মুখত কৰা আচৰণ দেখিয়ে সি গোটেই জীৱন কেনেকৈ আচৰণ কৰিব সেয়া শিকে। কাৰণ আমি যিদৰে ব্যৱহাৰ বা আচৰণ কৰোঁ সেয়া আমি তেনেকৈ কৰিবলৈ শিকিছো, কিছুমান জানি-বুজি, কিছুমান নজনা-নুবুজাকৈ। পিতৃ-মাতৃয়ে বিভিন্ন অৱস্থাত-পৰিস্থিতিত যেনেকৈ ব্যৱহাৰ কৰে, শিশুটোৱেও তেনে পৰিস্থিতিত তেনেকৈ ব্যৱহাৰ কৰিব লাগে বুলিয়ে বুজি লয় আৰু সেয়া হৈ পৰে অভিজ্ঞতা, মগজুত সেয়া জমা হৈ যায়, নজনাকৈয়ে। পিছত কেতিয়াবা একে পৰিস্থিতিত পৰিলে সেইধৰণেই ব্যৱহাৰ-আচৰণ কৰে কাৰণে মানুহে কয়, বাপেকৰ দৰে পুতেক বা মাকৰ দৰে জীয়েক বুলি। ক্ৰমান্বয়ে শিশু এটিয়ে কিবা ভুল কৰিলে বা পিতৃ-মাতৃৰ কথা নুশুনিলে দিয়া ডাবি-ধমকি বুজি পোৱা হয় আৰু সচৰাচৰ তেনে নকৰিবলৈ যত্ন কৰিবলৈ লয়। এই অৱস্থাত কোনো পিতৃ-মাতৃয়ে শিশুটিক কোনটো ৰাজনৈতিক দলভুক্ত হ’ব সেয়া শিকাবলৈ সাহস নকৰিব বা নকৰে। কিন্তু খুব সহজে শিশুটিয়ে কি ধৰ্ম মানিব সেয়া ঠিক কৰে আৰু তাৰ শিক্ষা দিয়া আৰম্ভ কৰিবলৈ বিন্দুমাত্ৰ ইতস্ততঃ নকৰে। শিশুৱে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ শিকোৱা ধৰণেই শিকে, ঈশ্বৰক প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ কৰুণা প্ৰাপ্ত হয় বুলি শিকোৱা ধৰণেই বিশ্বাস কৰিবলৈ ধৰে। কাৰণ শিশুটোৱে ঈশ্বৰ, ধৰ্ম, স্বৰ্গ-নৰক, দানৱ ইত্যাদি একো বুজিব নোৱাৰে, কিন্তু পিতৃ-মাতৃয়ে শিকোৱা ধৰণে শিকিবলৈ লয় বাধ্য ছাত্ৰৰ দৰে। কাৰণ শিশুটোৱে ইতিমধ্যে বুজি উঠিছে যে পিতৃ-মাতৃৰ কথা নুশুনিলে সি ডাবি-ধমকিহে পাব, যিটো কোনো শিশুৱেই কোনোপধ্যেই নিবিচাৰে। অনবৰত পিতৃ-মাতৃৰ মৰম তথা অৱলম্বন বিচৰা শিশুটোৱে বুজি নোপোৱা কথা কিছুমানৰ কাৰণে অবাধ্য হৈ তেওঁলোকৰ মৰম-সহায়ৰ পৰা বঞ্চিত হ’ব পৰাৰ শংকাত পৰিব নিবিচাৰে। শিশুসকল জ্যেষ্ঠসকলৰ কথাৰ প্ৰতি খুবেই সংবেদনশীল হৈ থাকে। বিকশিত অৱস্থাত শিশুৰ মনস্তাত্ত্বিক অৱস্থাটো “ডাঙৰে যি কয় প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰি যোৱা”হৈ থাকে, কাৰণ সদায় লগ পোৱা জ্যেষ্ঠসকল হ’ল তেওঁলোকৰ কাৰণে তথ্য আৰু নিজৰ বিষয়ে জনাৰ প্ৰথম জ্ঞানভাণ্ডাৰ।

শিশুৰ মানসিক অৱস্থা আৰু অন্যান্য

যেতিয়া শিশু এটাক “ভালদৰে থাকিবা, নহ’লে ঈশ্বৰে তোমাক বেয়া পাব আৰু নৰকলৈ পঠাব বা অমুকটো শাস্তি দিব”, “ভাত খোৱা, নহ’লে তোমাক ঈশ্বৰে বেয়া পাব বা ভূত আহিব”, “শোৱা,নহ’লে ভূত আহিব”ইত্যাদিবোৰ যেতিয়া কোৱা হয় তেতিয়া শিশুটোৰ প্ৰকৃত নিজস্ব প্ৰাকৃতিক নৈতিকতা/মানসিকতাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়। ভয় তথা অপৰাধবোধত জ্যেষ্ঠজনে যি কয় তাকে মানিবলৈ লয়, চিন্তা কৰাৰ মানসিকতা এটা গঢ় লোৱাৰ পথ বাধাপ্ৰাপ্ত হয়। শিশুটোৱে যি কৰে সেয়া শুদ্ধ কাৰণে নকৰে, বৰং সেয়া জ্যেষ্ঠজনৰপৰা শাস্তি পোৱাৰ ভয়ত কৰিবলৈ ধৰে। এই ভয়টো মনত সোমাই যোৱাৰ ফলশ্ৰুতিত লাহে লাহে মনত মুক্ত চিন্তা কৰাৰ মানসিকতা হেৰুৱাই যাব ধৰে। সম্পূৰ্ণ ধৰ্মীয় পৰিবেশত ডাঙৰ হোৱা শিশুৱে নিজে বহু কথাতে জ্ঞানৱন্ত (সাৰস্বত) সিদ্ধান্ত ল’বলৈ অপাৰগ হয়। কাৰণ শিশুটোক ধৰ্ম সম্বন্ধে প্ৰশ্ন নকৰিবলৈ শিকোৱা হয়, প্ৰমাণহীন বিশ্বাসক বিশ্বাস কৰিবলৈ শিকোৱা হয়। সাৰস্বত (জ্ঞানৱন্ত -cognitive) সিদ্ধান্ত ল’বলৈ তেনে শিশুৰ মগজুৱে প্ৰশিক্ষণ নাপায় আৰু তেনে প্ৰশিক্ষণৰপৰা বঞ্চিত হৈ থাকে। প্ৰশ্ন নকৰাকৈ শিকাধৰণে শিশুটিয়ে কৰা ধৰ্ম আচৰণৰ কথা আনৰ আগত প্ৰকাশ কৰি পিতৃ-মাতৃয়ে গৌৰৱবোধ কৰে, পুৰস্কাৰৰ ৰূপত শিশুটোৱে সকলোৰেপৰা অধিক মৰম তথা প্ৰশ্ৰয় পায় যিটো শিশুৰ মনে অনবৰত বিচাৰে। কিন্তু ইয়াৰপৰাই শিশুটোৱে কোনো চিন্তা নকৰাকৈ বা নুবুজাকৈ কিবা কিবি কৰাৰ অভ্যাস গঢ় লয়, কিছুমান কথা নুবুজাকৈয়ে জ্ঞান বুলি মগজুত সঞ্চিত কৰিব শিকে। সেয়ে শৈশৱতে ধৰ্মৰ লগত পৰিচয় হ’লে শিশুৰ জ্ঞানৱন্ত (সাৰস্বত - epistemic)বিকাশ এইদৰেই বাধাপ্ৰাপ্ত হয়। সৰুতে শিকোৱা কথাবোৰেই শিলৰ ৰেখা বুলি মনত নজনাকৈয়ে ধাৰণা এটা দৃঢ় হৈ পৰে আৰু পিছৰ জীৱনত তেনেধৰণৰ কথাহে পঢ়ি-জানি উৎসাহ পাব ধৰে, তেনেধৰণৰ আচৰণ কৰি ভাল পাবলৈ ধৰে।

শিশু এটিক কেনেধৰণে লালন-পালন কৰিব?

যুক্তিবাদী মনৰ এজনে নিশ্চয় এই ক্ষেত্ৰত জানিব খুজিব,  শিশু এটিক কেনেধৰণে বা কেনে পৰিবেশত লালন-পালন কৰিব? এইবাৰ উত্তৰটো খুবেই সহজ। শিশু এটিক যেনেকৈ কোনটো ৰাজনৈতিক দল বাছি ল’ব কোৱা নহয়, তেনেকৈ শিশুটিক ধৰ্ম-সম্বন্ধীয় কোনো কথাই কোৱাৰ প্ৰয়োজন নাই। যিকোনো কথাৰ উত্তৰ যুক্তিপূৰ্ণভাৱে দিয়াৰ চেষ্টা কৰিব লাগে। শিশুটোৱে বুজিব নোৱাৰিব বুলি ভাবিব নালাগে, যিমান পাৰি সহজকৈ কথাবোৰ বুজাব লাগে। প্ৰকৃতপক্ষেই টান কিবা থাকিলে সেয়া শিশুটোৱে ডাঙৰ হ’লে জানিব পাৰিব বুলি বুজাই দিব লাগিব। কোনো কথা জানিবলৈ প্ৰশ্ন কৰিলে বা কিবা কৰিবলৈ শিশু এটি অবাধ্য হ’লে বুজাই কোৱা উচিত, তাৰ সলনি গালি-গালাজ বা ডাবি-ধমকি কেতিয়াও দিব নালাগে। তেনে গালি-গালাজ বা ডাবি-ধমকিয়ে শিশুৰ মনত সদায় বিৰূপ প্ৰভাৱ পেলায়, প্ৰশ্ন কৰিবলৈ এৰি দিয়ে বা মনৰ ইচ্ছাৰ বিৰুদ্ধে আৰু নুবুজাকৈয়ে সেইটো কৰিবলৈ লয় আৰু তাৰপৰাই সুস্থ মানসিকতাৰ শ্ৰীবৃদ্ধি বাধাপ্ৰাপ্ত হয়। শিশুক কোনো কথাতে চিধা না বা নহ’ব-ধৰণৰ উত্তৰ দিব নালাগে, তাৰ পৰিবৰ্তে কথাটো কি, ভাল-বেয়া ইত্যাদিবোৰ যুক্তিপূৰ্ণভাৱে বুজাই দিব লাগে। যুক্তিপূৰ্ণভাৱে বুজালে প্ৰতিজন শিশুৱেই বেছিভাগ কথাই মানি লয়। শিশুৱে কিবা কৰিব খুজিলে, ক’ৰবাত খেলিব খুজিলে চিধা না বুলি কোৱাতকৈ শিশুটোৰ লগত ডাঙৰ এজন থাকি সেইটো কৰিবলৈ দিলে বা লগত খেলিলে শিশু এটা অধিক আনন্দিত হয়। এটা সহজ উদাহৰণ ইয়াত উল্লেখ কৰিব পাৰি। ধৰক, এটি শিশুৱে চকলেট খাব খুজিছে, তাক চিধা নহ’ব বুলি কোৱাতকৈ চকলেট এটা দি অলপ খোৱাৰ পিছত বাকীখিনি পিছত খাব পাৰিব বুলি তাক বুজাব পাৰি। তেনেকৈ বুজাই অলপ ৰাখি থোৱাব পাৰিলে শিশুটোক ভৱিষ্যতলৈ জমা ৰাখি থোৱাৰ অভ্যাস কৰাব পাৰি। পিছত খাবলৈ বুজাবলৈ তেনে বস্তু অধিক খালে দাঁত বেয়া হোৱা, পেট বেয়া হোৱাৰ বা বিষোৱাৰ সম্ভাৱনা থকাৰ কথা কৈ বুজাব পাৰি। তেনেদৰে আইচক্ৰিম ইত্যাদিও খোৱা নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু তাকে নকৰি চিধা না বুলি ক’লে শিশুটোৱে সেইবোৰ কাম লুকাই-চুৰকৈ কৰিব পাৰে বা বহু ক্ষেত্ৰত অবাধ্যও হ’ব পাৰে। শিশুৰ কোমল মনত আঘাত পাব পৰা কোনো কথা বা কাম কৰা মুঠেও উচিত নহয়। শিশুৰ মনটো বুজা আৰু শিশুটোক যুক্তিৰে সব কথা বুজাই দিয়াটো খুবেই জৰুৰী। কাৰণ যুক্তিৰে বিশ্লেষণ কৰি বুজাই দিয়া প্ৰতিটো কথাই শিশুৱে বুজে আৰু এই বুজাই দিয়াৰ ধৰণটোৰপৰাই শিশু এটিৰ যুক্তিবাদী মানসিকতা গঢ় লৈ উঠাৰ আদিপাঠ গ্ৰহণ কৰিব পাৰে। এইখিনি নকৰি, কোনো কাৰণ নুবুজোৱাকৈ এইটো এনেকৈ কৰিব লাগে, সেইটো তেনেকৈ কৰা-ধৰণৰ কথা-বাৰ্তাই শিশু এটিক চিন্তা নকৰাকৈ বিশ্লেষণ কৰিব নোৱৰা কিছুমান কথা অন্ধভাৱে বিশ্বাস কৰাৰ মানসিকতা গঢ় দিয়ে।

ধৰ্মৰ কথা বা ঈশ্বৰৰ কথা যিহেতু যুক্তিৰে প্ৰতিপন্ন কৰিব নোৱাৰি, গতিকে শৈশৱত কোনো কাৰণতে তেনে কথাৰ লগত শিশুক পৰিচয় কৰাব নালাগে| কাৰণ ঈশ্বৰৰ বা ধৰ্মৰ কথাত যদি শিশুৱে কিবা প্ৰশ্ন কৰে সেই ক্ষেত্ৰত শিশুটোক অভিভাৱকে কোনো যুক্তিপূৰ্ণ উত্তৰ দিবলৈ অপাৰগ হৈ হয় ক’ব, এই কথাবোৰ এনেকৈয়ে মানিব লাগে অথবা এইবোৰ কথাত প্ৰশ্ন কৰিব নাপায় বুলি। দুয়োটা কথাই বেয়া, কাৰণ দুয়োটা কথাৰপৰাই শিশুটোৰ জিজ্ঞাসু মগজুৱে একো নুবুজাকৈ মানিবলৈ বাধ্য হয়তো হ’ব, কিন্তু ইয়াৰপৰাই বাধাপ্ৰাপ্ত হ’ব শিশুটোৰ সাৰস্বত-জ্ঞানৱন্ত বিকাশ।

লেখক:-আবু এম. পি. হোছেইন

উৎস:- মুক্তচিন্তা (ই-আলোচনী)

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top