অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এক হাতী আৰু ফেঁচাৰ কথা

এক হাতী আৰু ফেঁচাৰ কথা

এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাহ লৈ আছিল৷ সেই গছৰ তলেদি এক গজেন্দ্ৰ নামৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল৷ দৈবাৎ এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত হালি পৰিল৷ ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল’লে৷ সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰে মহা মিত্ৰ হ’ল৷ এদিন পাৰ্ব্বতীৰ বাঘে সপোনত দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে৷ স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক’লে, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা৷ যা খা গৈ৷” বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে৷ সিফালৰপৰা হাতী পানী খাবলৈ আহিলতে বাঘে হাতীক ক’লে, “ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলোঁ, পিছে ডিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে; এতেকে এতিয়া মই তোক খাওঁ৷ তই কি কৰ কৰি ল বেগতে৷” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ’ল; আৰু সি একো নামাতি ৰৈ থাকিল৷ ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক ক’লে, “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ৷ এতেকে বলা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ৷” বাঘ ফেঁচাৰ কথাত সন্মত হ’লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে৷ কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে৷ মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সোধাত ফেঁচাই চক্‌মকখাই সাৰ পোৱা যেন দেখুৱাই ক’লে, “প্ৰভু মই এতিয়াই স্বপ্নত পাৰ্ব্বতীক বিয়া কৰাইছিলোঁ; পাছে দিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক’লে, “স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাৱ৷” ফেঁচাই কলে, “কিয়, তেনেহলে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি ডিঠকত খাবলৈ পালে?” মহাদেৱে ক’লে “অ, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে৷” এনেতে হাতী আৰু বাঘ আহি ওলালহি৷ বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ’ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- ককাদেউতা আৰু নাতিল’ৰা

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate