অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটা শিঙৰা মাছৰ কথা

এটা শিঙৰা মাছৰ কথা

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে| শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোতে শিঙৰাই মাত লগালে,-“ককাই, মই শিঙৰাৰ ৰজা; তই মোক নেখাবি; মই তোৰ সদায় গৰুটো ৰখি দিম|” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই, পিচদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে| শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি-খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে| এইদৰে বহুদিন গ’ল| এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে| ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে,-“হেৰ ৰাক্ষস ৰ, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুবি নহ’লে তোৰ ফালে আজি আধ্যা|” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মট্‌মটনি দেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোতেই শিঙৰাই তাৰ হাতত বিহকাঁইটেৰে বিন্ধি দিলে| তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভক্‌ভকনি উঠিল| ৰাক্ষসে সহিব নোৱাৰি, “তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ঔ|” এইবুলি কোৱাত শিঙৰাই ক’লে,-“যদি তোক এৰি দিব লাগে তেনেহ’লে মোক কি দিবি আগেয়েই দে|” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি  উলিয়াই দি ক’লে,-“এই আঙঠিতো কলপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰুষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰুপেৰে ঠাহ খাব|” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি| ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙুঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত গিৰিহঁতে ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিতো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰবাৰী সকলোবোৰ সোণৰ হৈ পৰিল| আৰু সোণ-ৰুপেৰে ঘৰ উপচি পৰিল| গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে| এইদৰে বহুদিন হ’ল| এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ পুৰুষ হৈ পৰিল| তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে|

চালত পৰিল ফেঁচা|

মোৰ সাধুকথা মিছা|

তামোলে মেলিলে ডাবি|

কোন ক’লৈ যাবি|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate