অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তীখৰ আৰু চুটিবাই

তীখৰ আৰু চুটিবাই

এক গাঁৱত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল| ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালী জনীৰ নাম চুটিবাই| ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালী জনী চুটি-চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল| সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি-জাগৰি ঠোঙোনা-মোঙোনা খাই বৰ দুখত উঠিছিল|

সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ’ল| নি বায়েকক ক’লে-

“চুটি-মুটি বাই|

পিঠা খাবৰ মন যায়|”

বায়েকে উত্তৰ দিলে,-

“এ বোপাই, মন গ’লেই জানিবা, খাবি ক’ৰ পৰা? ইশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে; নহ’লে নো আই-বোপায়ে আমাক টিলৌটিপৌত এৰি মৰি যায় নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে| কোনোমতে খুজি মাগি শাকে-পাতে ভাত এগাল খাওঁ; পিঠা খাবলৈ বৰা ধান পাম ক’ত? তেল পাম ক’ত? গুড় পাম ক’ত?

বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক’লে,-

“চুটিবাই, তই মোক জোথা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ|”

এইবুলি তীখৰে এৰীয়া কাপোৰ খন গাত লৈ ওলাই গ’ল|

এঘৰ মানুহৰ ঘৰত বৰাধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল| গিৰিহঁতে ধানখেৰ জোকাৰি আঁতৰাইছে,তীখৰে তাক বাৰেভচহু ফুচুৰি কথা কৈ হঁহুৱাব লাগিছে| এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে| মানুহটোৱে পানী লৈ আহি দেখে যে ল’ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে| সি তাক সুধিলে,-

“হেৰ তীখৰ, তোৰ কি হ’ল অ’?”

তীখৰে কেকাই কেকাই উত্তৰ দিলে-

“উস্‌ মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই| কি কৰোঁ, ক’লৈ যাওঁ|”

মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’লতে তীখৰে

“উস মই ঘৰলৈকে যাওঁ; ইয়াত থাকিলে মৰিম”

বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে|

ঘৰলৈ আহি তীখৰে বায়েকক-

“এইয়া ধান নে” বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে| বায়েকৰ মহা ৰং|

তাই ক’লে,-

“ধান জানিবা পালো, কিন্তু তেল এটোপা পাওঁ কত?”

তীখৰ

“বাৰু মোক টেকেলি এটা দে”

বুলি কৈ, বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল| গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক’লে,-

“ককাই, ময়ো বেতেৰিটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হ’লে বেগাই তেল ওলাব|”

শালৰ গৰাকীয়ে ক’লে,-

“উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি?”

বেতেৰিৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে,--

“এ সীতা শান্তি এ, তোক মই নোবোলো ভাল|

সুবৰ্ণৰ দলিচাই গা জুৰ নহ’লে,

তোক লাগে মিৰিগৰ ছাল|”

তীখৰৰ মাতটো বৰ সুৰীয়া;

সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে| গীত গোৱা হ’লত তীখৰে ক’লে,-

“ককাই মোৰ ডিঙিটো চৰ্চৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল|”

সি এই বুলি ক’লত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ’লতে, তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিল তেল ভৰাই লৈ গুচি গ’ল| উভতি আহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক’লে-বাৰু তেল হ’ল, কিন্তু গুড় ন’হলে পিঠা খাবি কিহেৰে?” তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে|

তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখে এটা বুধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ| সেই বতাৰ পাতত জুই লাগি জ্বলি উঠিল তীখৰে লৰি আহি ফোঁপাই-জোপাই কুঁহিয়াৰ পেৰি থকা মানুহ কেইটাক ক’লে,-

“ককাই সৰ্বনাশ| সৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধম্‌ ধম্‌ কৰে জুই লাগিছে| এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভষ্ম হ’ব|”

মানুহকেইটাই সেই ফালে চাই জুই লগা দেখি, কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালীতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে| তীখৰে সুৰঙা পাই তাৰেপৰা গুড় একলহ লৈ পলাযুৰ্দ্ধৎ কৰিলে|

গুড় পাই চুটিবাইৰ বৰ আনন্দ হ’ল| তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল খৰি নাই| তেতিয়া তীখৰৰ বায়েকে ক’লে-

“তীখৰ, ভাল কথাটো হ’ল, খৰিলৈ পাহৰিলোৱেই| খৰি এডালো নাই| বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে| এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ্‌-ঘপ্‌ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে-

“তই কোন অ’? দেখোন ঘপ্‌ ঘপ্‌ কৰে গছৰ ডাল কাটিব লাগিছে? এইখন মোৰ বাৰী বুলি তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ অ’?”

তীখৰে বাঘক দেখি ভয় পাইও ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে,-

“অ’ এইটি আমাৰ বাঘ ককাই নে? এৰা ককাই! মই এইখন তোমাৰ বাৰী বুলি জানো| মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিব নে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো| ভাবিলো তালৈ গৈ বাঘ ককাইকো মাটি যাওঁ আৰু খৰি ডালচেৰেকো লৈ যাওঁ|”

তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক’লে,-

“নিয়া, নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া| মই যামটো পিঠা খাবলৈ| তোমাৰ ঘৰত নেখাম আৰু নো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব?”

তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে-

“সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা, সেইদিনাই|”

ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ|

ইয়াৰ পিচত বায়েকে পিঠা ভাজি দিলে; তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভুকে নেপালে| পিছদিনা সিহঁতৰ আগচোতালত তিতা ধানখেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দি, বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে| এখন পিঠা পদুলিমুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল| পদুলিমুখত থোৱা খন বৰাচাউলৰ, দুৱাৰ মুখত থকা খন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল| বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদুলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খন খাই জুতি পাই দুৱাৰ মুখৰ খন খালেহি| সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে| ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু



শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate