অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুই বুধিয়ক

দুই বুধিয়ক

এদিন এটা গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাটলৈ নি এদা বুলি বেচিবলৈ বুধি পাতিলে;  আৰু সেইদৰে সেই দিনাই আন এঠাইৰ আন এটা চেঙেলীয়া ডেকাইও এভাৰ ভোমলতিৰ গুটি পাৰি লৈ জালুক বুলি হাটত বেচিবলৈ কাৰবাৰ কৰি হাটৰুৱা হৈ যাবলৈ ধৰিলে৷ জালুকৰ বেপাৰী আৰু এদাৰ বেপাৰী দুয়োৰো বাটত ভেটাভেটি হল৷ কোনে কি বেচিবলৈ লৈ গৈছে বুলি দুয়ো সোধাসুধি কৰি জানিব পাৰি জালুকৰ বেপাৰীয়ে

এদাৰ বেপাৰীক কলে,

“এ ককাই, মোৰ বাৰীত এইবাৰ জালুকেই উপচি হল৷আজি এই ভাৰ লৈ আহিছোঁ, আধামূলীয়াকৈ পালে দি গুচি যাম; কোনেনো দুপৰলৈকে খাপ লৈ থাকিব দেওহে৷”

তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ভাবিলে-ইয়াক মোৰ কেতুৰি ভাৰ দি ইয়াৰ জালুক ভাৰ লৈ যাব পাৰিলে ভাল হয়৷

তাকে ভাবি সি মাত লগালে-

“এৰা ভাই, মোৰো সেয়ে কথা; মোৰ বাৰীতো এইবাৰ এদা উভৈনদীকৈ হৈছিল৷ ময়ো সেইদেখি এইভাৰ লৈ আহিছোঁ; লৰালৰিকৈ বেচি গুচি যাব পাৰিলে ৰক্ষা পাওঁ৷ বেলি দুপৰলৈকে বহি থকাতকৈ মইও পাৰিলে আধামূলীয়াকৈ এদা ভাৰ দি গুচি যাম বুলি ভাবিছোঁ৷”

তাৰ কথা শুনি জালুক বেপাৰীয়ে ভাবিলে, মোৰ ভোমলতিৰ গুটি ভাৰ ইয়াক দি ইয়াৰ পৰা এদা ভাৰ লৈ যাব পাৰিলেও বেয়া নহয়৷

ইয়াকে ভাবি সি মাত লগালে-

“মোৰ ঘৰতো এদা নাই, চপৰা-চেৰেক ময়ো নিব লাগিব হে৷”

তাৰ কথা শুনি এদাৰ বেপাৰীয়ে কলে-

“মোৰ ঘৰতো জালুক নাই, সেৰচেৰেক মইও নিম বুলি ভাবিছোঁ৷”

দুইও এইদৰে কথা হোৱাৰ পিচত জালুকৰ বেপাৰীয়ে কলে-

“ককাই, তুমি যদি এদাভাৰ আধামূলীয়াকৈ দিম বুলি ওলাইছা, মইও মোৰ জালুকভাৰ আধামূলীয়াকৈ দিম বুলি ভাবিছোঁ, তেন্তে আমিনো দুয়ো পোনেই সলাই নথওঁ কিয়?”

এদা বেপাৰীয়ে এই কথা শুনি বৰ ৰং পাই কলে-

“বেচ কথা আহাঁ, আমি তাকে কৰোঁ৷”

এই বুলি এদাৰ বেপাৰীয়ে জালুকভাৰ আৰু জালুকৰ বেপাৰীয়ে এদাভাৰ লৈ দুফালে গুচি গৈ, অলপ আঁতৰ হৈ দুয়ো দুয়োকো নেদেখা হলতে দুয়ো ফিৰিঙতি ভগাদি ভাগিল৷

দুয়ো দুইকো ঠগিলোঁ বুলি ভাবি মনে মনে ৰং পাই ঘৰ পাই দুয়ো নিজৰ নিজৰ ভাৰ মেলি চাই দেখিলে যে, দুয়ো সমান, কোনেও কাকো বলে নোৱাৰিলে৷ এই ঘটনাৰ ভালেমান দিনৰ পিচত এদিন দৈবাৎ আকৌ সেই হাটতে দুয়োৰো দেখা হলত জালুকভাৰৰ গৰাকীটোৱে কেতুৰিভাৰৰ গৰাকীটোক সুধিলে,

“হেৰা ককাই, সেই দিনা জালুকভাৰ কেনে পালা?”

কেতুৰিৰ গৰাকীয়ে কলে, “এদাভাৰ যেনে পালা তেনেকুৱাই৷”

এইদৰে কথা-বাৰ্তা পাতু দুয়ো দুইকো শলাগি কলে,

“আমি দুয়ো যোৰ হৈছোহঁক; আহাঁ আমি দুয়ো সখি বান্ধোহঁক৷”

এই বুলি দুয়ো সখি বন্ধাই লগ লাগি লোকক ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ’ল৷ দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ৷ সিহঁতে বামুণক

“আমি কাম-কাজ বিচাৰি ফুৰিছোঁ”

বুলি ক’লত, বামুণে সিহঁতক নিজৰ ঘৰতে বনুৱা কৰি ৰাখিলে৷ জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলী গাইজনী ৰাখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসীজোপাৰ গুৰিত পানী দিবলৈ লগালে৷ বামুণৰ কপিলী গাইজনী বৰ দুষ্ট আৰু চুৰুণী; তাইক জালুক বেপাৰীয়ে এখন্তেকো এৰি দিব নোৱাৰে৷ দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক-পাত, ধান-চাউল খাই আধ্যা কৰে৷ তুলসীজোপাও এনে আহুকলীয়া যে তাৰ গুৰিত যিমানেই পানী দিয়া যায় সেই পানী থিতাতে নাইকিয়া হয়৷ সিটোৱে গৰু ৰাখি ইটোৱে তুলসীজোপাত গুৰিত পানী দি হাইৰাণ; দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুৰ্ত্তিকে নোপোৱা হল৷ সেই দেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সালসলনি কৰি দুয়ো দুইকো ঠগিব৷

ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দিওঁতাক সুধিলে-

“সখি, তোমাৰ কামটো কেনে? মই হলে মোৰটো বৰ সুখৰ পাইছোঁ৷ গৰুজনী হাবিলৈ খেদি দিওঁ আৰু মই ফস্তি মাৰি ওৰে দিনটো গছৰ তলত শুই থাকোঁ৷ গধূলি হলেই গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ৷”

তাৰ কথা শুনি পানী দিওঁতাই কলে,

“মোৰটো কাম একোৱেই নহয় বুলিব লাগে; দিনটোৰ ভিতৰত এঘটি বা দুঘটি পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিচত দিনৰ দিনটো শোৱা বহা যেই কৰা সেই৷”

দুয়োৰো কথা দুয়ো শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো সালসলনি কৰি ললে৷

গধূলি দুয়োৰে দেখা হলত, গৰখীয়াই পানী দিওঁতাক সুধিলে-

“সখি কাম কেনে পালা?”

পানী দিওঁতাই উত্তৰ দিলে-

“তুমি যেনে পালা৷”

ইয়াৰ পিচত দুয়ো দুয়োকো শলাগি কলে, যে এই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায় সেই পানীবোৰ থিতাতে কলৈ শুহি যায় চাব লাগিল৷ ইয়াকে দুইকো পাঙি, ৰাতি বামুণ শুলত, কোৰ এখন আনি তুলসীজোপা খানি তুলি চাই দেখিলে যে তাৰ তলতে পাঁচহাতমান দ এটা ডাঙৰ গাঁত আছে৷

জালুক-বেপাৰীক এদা বেপাৰীয়ে কলে,

“সখি, তুমি নামি চোৱাগৈ গাঁতটোত কি আছে?”

জালুক-বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলিত কেবাকলহো ৰূপ আছে৷ সি লৰালৰিকৈ গাঁতৰপৰা উঠি আহি সেই কথা ইটোক ক’লত, দুয়ো তেতিয়াই সিহঁতৰ গাৰ বৰকাপোৰ দুখনৰ দুটা ডাঙৰ মোনা সিলে৷

এদাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক কলে,

“সখি, তুমি এটা মোনা লৈ গাঁতলৈ নামি যোৱা আৰু সেই মোনাত এমোনা ৰূপ ভৰাই গাঁতৰ ওপৰলৈ তুলি দিবা৷ তাৰ পিচত ইটো মোনাও মই পেলাই দিম, আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা৷”

এইদৰে আলচি জালুক-বেপাৰীয়ে এমোনা ৰূপ গাঁতৰ তলিৰ পৰা ওপৰলৈ দিলত, এদা বেপাৰীয়ে সেইটো তুলি লৈ সিটো মোনা গাঁতৰ ভিতৰত পেলাই দিলে৷ জালুক-বেপাৰীয়ে ভাবিলে যদি এই মোনাটোও সি তুলি অকলে ৰূপবোৰ লবৰ মনেৰে মই গাঁতৰপৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলাব, তেন্তে কথাৰ ওৰেই পৰিব৷ সেই দেখি জালুক বেপাৰীয়ে বুধি কৰি পিছৰ মোনাটোত অলপ ৰূপ ভৰাই তাতে নিজেই সোমাই,

সখিয়েকক মাত লগালে-

“সখি, এই মোনাটো তুমি টানি তোলা, বৰ গধূৰ হৈছে, মই অকলৈ নোৱাৰিম৷”

এই কথা শুনিয়েই এদাৰ-বেপাৰীয়ে সেই মোনাটোও টানি তুলিলে আৰু জালুক বেপাৰীয়ে ভবা কথাকে থিতাতে কৰিলে৷ গাঁততে জালুক বেপাৰীক পুতি থবৰ মনেৰে সি ধুমধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি, তাক গাঁতত পুতিলোঁ বুলি ভাবি ভাৰ কৰি মোনা দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গল৷ ভাৰখন বৰ গধূৰ৷ সেইদেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলতে ভাৰখন থৈ বহিল৷ বৰ দুখ কৰা বাবে তাৰ পিয়াহো লাগিল, সেইদেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাত পানী খাবলৈ নামিল৷ সি সেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰপৰা সখিয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউতকৰে পলাল৷ সি পানী খাই উভতি আহি দেখে যে ভাৰখন নাই৷ তেতিয়াহে সি বুজিলে যে তাৰ সখিয়েকে বুধিৰে ছলিলে৷

“মই বুজিবই নোৱাৰিলোঁ যে কটাৰ পো মোনাতে সোমাই মোৰ কান্ধত উঠি আহিছিল৷”

এই বুলি ইস্ ইস্ আস্ আস্ কৈ বেজাৰ কৰি সি নিজৰ ঘৰ পালেগৈ৷

বহুত দিনৰ মূৰত আকৌ এদিন দুই সখিয়েকৰ দেখাদেখি হলত জালুক বেপাৰীয়ে কলে,

“সখি, তুমি মোক ভাল গাঁততে পুতি থৈ আহিছিলা?”

ইটোৱে উত্তৰ দিলে,

“যোৱাহে, তুমি ৰূপগালো নিলা,মোৰ কান্ধতো উঠি আহিলা৷”

এইদৰে দুয়ো আলাপ কৰি আকৌ ক্ষন্তেকতে মহামিত্ৰ হৈ পৰিল৷ এদা বেপাৰীটোৰ কিন্তু মনৰপৰা বেজাৰ নগল যে জালুক-বেপাৰী তাৰ কান্ধত উঠিল৷ ইয়াৰ কিছুদিন পিচত এদা-বেপাৰীয়ে এদিন বুদ্ধি এটা সাজি

তাৰ ঘৈণীয়েকক কলে যে,

“মই শোৱাপাটীতে শুই থাকোঁ, তই মোৰ মূৰে-গায়ে কাপোৰ এখন দি মোক ঢাকি দি মই মৰিলোঁ বুলি বহি বহি কান্দ৷ আৰু এটা মানুহ লৰুৱাই সখিৰ ওচৰলৈ পঠিয়াই বাতৰি দে যে মই মৰিলোঁ৷ সি যেতিয়া আহি পাবহি তেতিয়া তাক কবি, মৰিবৰ সময়ত মই তোক বিশেষকৈ কৈ গৈছোঁ যে মোক যেন আনে নুছুই কেৱল মোৰ মৰমৰ সখিয়েহে ছোৱে আৰু সখিয়ে হে কান্ধত তুলি পুৰিবলৈ লৈ যায়৷”

তাৰ ঘৈণীয়েকে সেই দৰেই কৰিলত, জালুক বেপাৰী সখিয়েকে সকলো শুনি কথাটো ফাঁকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকুপানী উলিয়াই সখিয়েকৰ ঘৈণীয়েকক কলে,

“মোৰ সখিয়েই যেতিয়া গল, আমাৰ সকলো শূন্য হল৷ এই ঘৰ, এই বাৰী, এইবোৰ কোনে খাব,কেলৈ লাগিছে ? সেইবোৰ দেখিলে সখিলৈ মনত পৰি ধমধমকৰে আমাৰ বুকুত জুই হে জ্বলিব !”

এই বুলি সি মিছাকৈয়ে বুকুত ভুকুৱাই কান্দিকাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক,পাণ,টেঙা আদ লাগতিয়াল গছবোৰ ঘপ্ ঘপ্ কৰে কাটি খাস্তাং কৰিলে৷ তাৰ পিচত মৰা সখিয়েকৰ ওচৰলৈ আহি তাৰ

ঘৈণীয়েকক কলে,

“মই অকলৈ মোৰ সখিক বলে নোৱাৰিম; সেইদেখি দোছোৱাকৈ কাটি এছোৱা-এছোৱাকৈ দুবাৰে মৰিশালিলৈ লৈ যাওঁ৷”

এই বুলি সি মিছা-মিছিকৈ সি টোৱাই-ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই, ভয়ত এদাৰ-বেপাৰী একেচাবেই উঠি বহিল৷ তেতিয়া দুয়ো হাঁহিবলৈ ধৰিলে৷

এদাৰ-বেপাৰীয়ে কলে,

“সখি, হৈছে আৰু নালাগে৷ মই তোমাৰ কান্ধত উঠিব নোৱাৰিলোঁ৷ লাভৰ ভিতৰত মোৰ বাৰীৰ গছ-গছনিবোৰ গল; মোতকৈ তোমাৰ বুধি বেছি ৷ ”

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate