অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঘ আৰু কেঁকোৰা

বাঘ আৰু কেঁকোৰা

 

অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল| সি চোং সলাই আন এখন চোংলৈ যাওঁতেই বাটতে এটা কেঁকোৰাৰ সৈতে তাৰ দেখা-শুনা হ’ল| কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়া হাঁহি মাৰি মাত লগালে-“ককাই ক’লৈ যোৱা?” বাঘে কেঁকোৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে,-“মই চোং সলাই আন এখন হাবিলৈ যাওঁ| তুমিনো কলৈ যোৱা?” কেঁকোৰাই ক’লে-“মই কলৈকো নাযাওঁ, মোৰ ওচৰতে ঘৰ| মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিচলৈকো চাবলৈ নাই|” বাঘেও ক’লে-“মোৰো সেয়ে কথা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী; মোৰো কেও কিছু নাই|” এইদৰে দুয়ো আলাপ কৰি দুয়ো দুয়োৰে ওচৰত ইমান সন্তুষ্ট হ’ল যে শেষত দুয়ো সখি পতাই সেই হাবিতে ওচৰা উচৰি কৰি থাকিল|

এইদৰে কিছুদিন দুয়ো মিলাপ্ৰিতীৰে আছিল| বাঘে পহু মাৰি আনে, দুয়ো ভগাই মহাসুখেৰে খাইমেলি থাকে| কেঁকোৰা বাঘৰ সখিয়েক দেখি আন হিংসুক জন্তুৱেও কেঁকোৰাৰ কোনো অপকাৰ কৰিবলৈ সাহ নকৰে| এদিন কেঁকোৰাই বাঘক ক’লে “সখি মঙহ খাই আৰু আমুৱালে; তোমাৰ আগত সঁচা কথা ক’বলৈ কি, মঙহ খাই মই লাহে লাহে পেটৰুগীয়া হৈছোঁগৈ| এতেকে আমি মাজে মাজে নিৰামহীয়া খাবৰো দিহা কৰিলে কেনে হয়? আমি খেতি কৰোঁ আহাঁ|” বাঘে উত্তৰ দিলে,-“খেতি কৰাটোনো কি টান কথা| তুমি ভাল দেখা যদি কৰোঁহক আহাঁ” এই বুলি বাঘে কেঁকোৰাৰ কথাত হয় দিলত কেঁকোৰাই ক’লে,-“তেন্তে সখি তুমি গাঁৱলৈ গৈ ধানৰ পথাৰৰ পৰা কিছুমান কঠিয়া তুলি লৈ আহাঁ| মই হাবিৰ মাজৰ এই মাটি ডোখৰকে চহাওঁ|” এই বুলি দুয়ো আলচ কৰি, কেঁকোৰাই মাটি খানিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মাণিকী মধুৰী ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে|

কিছুদিনৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে| ধান দেখি সন্তোষ পাই কেঁকোৰাই বাঘক মাত লগালে,-“ধান জানিবা আৰ্জিলো, কিন্তু তাৰ সাৰথি পাচলি নহ’লে কি হ’ব? শুদা ভাত খামহক কেনেকৈ? এতেকে আমি শাক-পাচলিও আৰ্জিব ল’গা হ’ল| তুমি গাঁৱৰ পৰা লাই, লফা, চুকা, পালেং, মেমেধু, বাবৰিৰ পুলি কিছুমান লৈ আহাঁগৈ| বেঙেনাৰ পুলি গোটাচেৰেকো আনিবলৈ নাপাহৰিবা| মইঅ শাকনিবাৰীৰ মাটি চহাওঁ|” এই বুলি বাঘক শাক-পুলি আনিবলৈ পাচি দি কেঁকোৰাই মাটি খান্দিবলৈ লাগিল| বাঘ দোখোজমান যোৱাৰ পাছতে কেঁকোৰাই আকৌ ৰিঙিয়াই মাত লগালে,-“সখি মই কবলৈ পাহৰিছিলো, জলকীয়াৰ পুলি গোটাচেৰেকো আনিবা; টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহলে জুতি নালাগিব|” বাঘে “হু” বুলি আনিবলৈ গাত লৈ দীঘল দীঘলকৈ জাপ মাৰি গাঁৱৰফালে যাবলৈ ধৰিলে|

এইদৰে খেতি বাতি কৰি দুয়ো বহি আছে| লাহে লাহে আঘোণ মাহ পালেহি| ধান পকিবলৈ আৰম্ভ হৈছে’ দাবৰ আয়োজন কৰি কেঁকোৰাই বাঘক সুধিলে,-“সখি মই আগ নিম|” এই বুলি কেঁকোৰাই ধানৰ আগ অৰ্থাৎ গুটি নিলে আৰু বাঘে গুৰি অৰ্থাৎ নৰা নিলে| তাৰ পাছত বেঙেনা ছিঙিবৰ হ’ল|  বাঘে কেঁকোৰাক সুধিলে,-“সখি তুমি গুটি নিবা নে গছ নিবা?” কেঁকোৰাই গুতি নিম বুলি বেঙেনাৰ গুটি নিলে, বাঘে গছ নিলে| এইদৰে খেতি সামৰি অঁতাই এদিন বাঘে নখোৱা পাতি কেঁকোৰাক  নিমন্ত্ৰণ কৰিলে| ইপিনে বাঘে ধানৰ গুৰি ৰান্ধিছে, বেঙেনা গছৰ শাক ৰান্ধিছে, ৰান্ধি কেঁকোৰাক খাবলৈ দিলে| কেঁকোৰাই সেইবোৰ কি খাব, অলপ ছুই গুচি আহিল| সি যি হওক, ইয়াৰ পাছতো কেঁকোৰাই সদায়  তিনি তেলানি মাৰি বাঘৰ ঘৰত মঙহৰ আঞ্জাৰে ভাত খায়, কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে| বাঘে এই কথা টং কৰি এদিন কেঁকোৰাক ক’লে-“সখি, তুমি এদিনো মোক তোমাৰ ঘৰত খাবলৈ মতা নাই| এদিন ন-খোৱা পাতি মোক মাতা, তোমাৰ ঘৰতনো কেনে ৰন্ধা-বঢ়া হয়, মোৰ খাই চাবৰ মন গৈছে|” কেঁকোৰাই উত্তৰ দিলে-“সখি তোমাক মোৰ ঘৰত খাবলৈ কিয় নামাতিম? মই নখোৱা পাতি তোমাক মাতিম মাতিম বুলি সদায় পাঙিয়েই আছোঁ, কিন্তু মোৰ ঘৰত ঠাই সংকীৰ্ণ, তোমাক ক’ত বহুৱাম, ক’ত খুৱাম বুলিহে থেৰৰোগেৰোকৈ আছো, সেইদেখি সেই কাম হৈ উঠা নাই| যি হওক, তুমি আহুকাল নাপালে কাইলৈ ৰাতিপুৱাৰ সাজ ভাতকে মোৰ ঘৰত খাবাগৈ| কি বোলা সখি? ন-খোৱা নামতহে| দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধুলি পেলাই শাকে-খাৰে এগাল খাই আহিবাগৈ মাথোন|” বাঘে উত্তৰ দিলে,-“নিশ্চয়, কাইলৈ তোমাৰ ঘৰত ন-খাবলৈ যাম|”

পিচদিনা পুৱা কেঁকোৰাই ন-খোৱা পাতি, মাণিকীমধুৰী জহা চাউলৰ ভাত ৰান্ধিলে, বেঙেনাৰ খাৰ ৰান্ধিলে| বাঘে কেঁকোৰাৰ ঘৰত ন-খাবলৈ আহিল| কেঁকোৰাই বাঘক ক’লে-“সখি, তুমি মোৰ গাতৰ ওচৰতে বহা, মই ভাত-আঞ্জা উলিয়াই দি থাকো, তুমি খাই থাকা; তুমিতো আৰু মোৰ গাতৰ ভিতৰলৈ সোমাব নোৱাৰা| এই বুলি কেঁকোৰাই ভাত-আঞ্জা গাতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে, আৰু বাঘে সলৌপ-সলৌপ কৰে খাবলৈ ধৰিলে| কেঁকোৰাৰ ভাতৰ চৰু সৰু, ভাত যি ৰন্ধা হৈছিল তাক দুমোকোৰাতে বাঘে ওৰ পেলালে; গতিকে কেঁকোৰাৰ ভয় হ’ল সি ভাবিলে, বাঘৰ আশয় পাবলৈ নাই| খাবলৈ বহি তাৰ পেট নভৰিলে, মোৰ প্ৰৰি তাৰ বন্ধুতা-কন্ধুতা সোপাই কৰবালৈ যাব আৰু তাৰ খং উঠি সি মোক খাই পেলাব| এতেকে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিব| ইয়াকে মনত পাঙি সি বাঘক ক’লে,-“সখি বাৰে বাৰে মই তোমালৈ ভাত কঢ়িয়াই মোৰ ককালৰ বিষে ধৰিছে, আৰু উঠিবই নোৱাৰোঁ| তুমি তোমাৰ নেজডাল মোৰ গাতৰ ভিতৰলৈ সুমাই দিয়া, তাতে মই ভাত আঞ্জা বাটিয়ে বাটিয়ে বান্ধি দিও, তুমি নি নি খাই থাকা|” কেঁকোৰাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমাই দিলতে, কেঁকোৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে| বাঘে দুখ পাই টানেহে টানে, নেজডাল নোলায়, আৰু কেঁকোৰাৰ চেপা টানহে হয়| বাঘে যন্ত্ৰনাত তৎমৎ এৰি চিঞৰত গগন ফালিবলৈ ধৰিলে, তথাপি কেঁকোৰাই এৰি নিদিয়ে| দৈবযোগত তেতিয়া ওচৰতে বাঁৰী-কোঁৱৰ এটাই পথাৰত মাটি কুৰি আছিল| সি বাঘৰ চিঞৰ শুনি মাটি কুৰিবলৈ এৰি কোৰ লৈ পলাবলৈ ধৰোতে বাঘে দুৰৰ পৰা তাক দেখি চিঞৰি কান্দি কাটি কাকুতি কৰি ক’লে-“হে ককাই, এইপিনে আহাঁ, মই মৰিলো, কেঁকোৰাৰ চেপাৰ তাপত মোৰ প্ৰাণ যায়| মোৰ নেজডাল এৰাই দিয়াহি ঐ” বাঁৰী-কোঁৱৰে উত্তৰ দিলে,-“মই নোৱাৰোঁ বুজিছ নে? তই বাঘ, তোৰ বিশ্বাস নাই, এৰুৱাই দিলেই তই মোক খাই পেলাবি|” বাঘে ক’লে,-“হে দেউতা আহাঁ ঐ! মই সত্য সত্য তিনি সইত খাই কৈছোঁ, তোমাক নেখাওঁ| মোক এৰুৱাই দিয়া মোৰ দেউতা, তুমি যদি মোক বিপদৰ পৰা উদ্ধাৰ কৰা তেনেহ’লে মই শপত খাই কৈছো দিনৌ তোমাক একোটাকৈ পহু মাৰি আনি দিম|”এই কথা শুনি বাঁৰী-কোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাব মাৰি দি বাঘৰ নেজডাল কাটি দিলত বাঘ ৰক্ষা পৰিল| বাঘে সেইখিনিৰ পৰা গুচি যাবৰ সময়ত বাঁৰী-কোঁৱৰক কাণে-কাণে কৈ গ’ল-“তোমাক মই মোৰ কথামতে দিনৌ পহু একোটা দিম হয়, তুমি কিন্তু সেই কথা কাৰো আগত ক’ব নোৱাৰা; ক’লেই তুমি য’তে থাকা, তাৰেপৰাই মই ততালিকে তোমাক লৈ গুচি যামহি|”

বাঘৰ উপকাৰ কৰা বাবে ইয়াৰ পাছৰ পৰা বাঁৰী-কোঁৱৰে বাঘৰ পৰা দিনৌ একোটাকৈ পহু পাবলৈ ধৰিলে| এইদৰে ভালেমান দিন গ’ল| এদিন বাঁৰী-কোঁৱৰৰ অলপ গা হোৱা বাবে মাকে মংগলতী বুঢ়ী এজনী মাতি আনিমংগল চোৱালে| বুঢ়ীয়ে মংগল চাই ক’লে যে কিছুমান জ্ঞাতি ভকতক পহুৰে ভোজ এটা খুৱালে বাঁৰী-কোঁৱৰৰ গা ভাল হ’ব| এই কথা শুনি বাঁৰীয়ে পুতেকক ক’লত পুতেকে বাঘক ভোজলৈ দুটা পহু আনি দিবলৈ ক’লে| বাঘে ভোজৰ দিনা দুটা পহু মাৰি আনি বাঁৰী-কোঁৱৰক দি গ’ল|

ভোজৰ দিনা সকলো জ্ঞাতি-কুটুমে বাঁৰী কোঁৱৰৰ ঘৰত খাবলৈ বহিছে, এনেতে এখন পাত কম কৰাত এজনে কলপাত এখন কাটি আনিবৰ মনেৰে বাৰীৰ পিছফাললৈ গৈ দেখিলে কিবাৰ হাড়ে তাত পৰ্বতাকাৰ হৈ আছে| মানুহটোৱে হাড়বোৰ দেখি বিচূৰ্তি হৈ পাত নাকাটি উভতি গুচি আহি সকলোকে ক’লে-“ৰাইজসকল, আমি ইয়াৰ ঘৰত ভোজ খাব নোৱাৰোঁ, ই কিবা খায়| আপোনাসকলে আহি চাওকচোন| ই ইমানবোৰ হাড় দ’মাই থবলৈ ক’ত পালে?” এই বুলি ক’লত, সকলো ভোজৰ ভাতৰপৰা হাত দাঙি উঠি আহি দেখিলে কথা সঁচা| তেতিয়া সকলোৱে বাঁৰী-কোঁৱৰক সুধিলে,-“ এইবোৰ কিহৰ হাড় মুৰ ক? নহ’লে আমি তোৰ ঘৰত ভোজ খাব নোৱাৰোঁ|” বাঁৰী-কোঁৱৰে ক’লে,-খাব পোৱা জন্তুৰ বাহিৰে আন একোৰে হাড় মুৰ নহয়| আপোনাসকলে বেয়া নাভাবি ভোজ-ভাত খাওক| মই কিন্তু কথাটোৰ আঁতিগুৰি আপোনাসকলৰ আগত ক’ব নোৱাৰোঁ; কাৰণ ক’লেই বাঘে মোক লৈ গুচি যাবহি| সেইবাবে আপোনাসকলে খুকুৰি নাৰাখি মোক ক্ষমা কৰি ভোজ-ভাত খাওক|” ৰাইজে তাৰ কথা শুনি নপতিয়াই তাক ক’লে-“আমি সকলোৱে ষাঠি-জোং লৈ, তাক বেঢ়ি ৰ’ল| যেই কথাটো শেষ হ’ল বিম্বাশৱদে কৰবাৰপৰা বাঘতো আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি ধৰি লৈ গুচি গ’ল| ভোজ খাবলৈ অহা ৰাইজসকলে অলপমান বেলি ভেবা লাগি তাৰ পাছত ইফালে সিফালে তাক নাপাই ঘৰাঘৰি গুচি গ’ল|

ইপিনে বাঘে বাঁৰী-কোঁৱৰক নি এখন গেজেপনি হাবিত সুমালেগৈ| কোঁৱৰৰ কিবা ভাগ্য ভাল আছিল, এনে সময়তে ভোকত তাৰ পেট কোৰ-কোৰাবলৈ ধৰিলে| বাঘে কোৰ্‌ কোৰণি শুনি কোঁৱৰক সুধিলে-“তোৰ পেটত কিহে কোৰ্‌ কোৰাইছে অ’?” কথাষাৰ শুনি বাঁৰী কোঁৱৰৰ খপ্‌কৰে বুধি ওলাল, সি উত্তৰ দিলে,-“আয়ে সৰুতে মোক ছকুৰি কেঁকোৰা খুৱাইছিল, তাৰে তিনিকুৰি আগেয়ে ওলাল, তিনিকুৰি বাকী আছিল, এতিয়া সেই তিনিকুৰিয়েই ওলাব খুজিছে|” বাঘে কেঁকোৰাৰ নাম শুনিয়েই ভাবিলে,-“সৰ্বনাশ| এটা কেঁকোৰাই মোক চৈধ্য ভুৱন দেখুৱাই থৈছে, এতিয়া যদি তিনি কুৰি কেঁকোৰা ওলাব লাগিল, তেনেহ’লে আমাৰ ফালে হৈছে আৰু|” বাঘে ইয়াকে ভাবি বাঁৰী-কোঁৱৰক তাতে এৰি থৈ লৰি পলাই গুচি গ’ল|

বাঁৰী-কোঁৱৰ বাঘৰ হাতৰ পৰা এৰাই লাহে লাহে গৈ এখন নৈৰ পাৰত এজোপা গছৰ তল পালেগৈ| সি দেখিলে, গছজোপাৰ তলতে বনৰীয়া ম’হৰ খুটি| ম’হবোৰ তেতিয়া তাত নাছিল দেখি কোঁৱৰে লৰালৰিকৈ তাত পৰি থকা গাখীৰৰ ফেনবোৰ খাই খুটিখন ভালকৈ সাৰি মচি চাফ-চিকণ কৰি থৈ ওচৰৰ গছজোপাত উঠি থাকিল|

এটাইবোৰ ম’হ চৰি গধুলি উভতি আহি, সিহঁতৰ খুটি সেইদিনা অঁতাই-পিতাই থোৱা দেখি আঁচৰিত হ’ল| সিহঁতে চাৰিওফালে চাই একো নেদেখি নিজৰ ভিতৰতেই কথা কোৱা-মেলা কৰি শুই থাকিল| পিচদিনা ৰাতিপুৱা আকৌ যেতিয়া ম’হবোৰ চৰিবলৈ গ’ল, বাঁৰী-কোঁৱৰ গছৰ পৰা নামি আহিল| ম’হ পোৱালিয়ে পিওঁতে সিহঁতৰ মুখৰ পৰা গাখীৰৰ যিবোৰ ফেন মাটিত পৰি আছিল সেইবোৰ সি খাই, আগৰ দিনাৰ দৰে খুটিখন ভালকৈ সাৰি গোবৰ বোৰ পেলাই চাফ-চিকুণ কৰি গছৰ ওপৰত উঠি থাকিল| সেইদিনাও গধুলি ম’হবোৰ উভতি আহি খুটিখন চাফ-চিকুণ দেখি আচৰিত হ’ল আৰু কোনে এই কাম কৰে, তাক ধৰিবৰ মনেৰে আলচ কৰি পিচদিনা বুঢ়া ম’হ এটাক ৰখীয়া পাতি থৈ চৰিবলৈ গ’ল| যাবৰ সময়ত সিহঁতে বুঢ়া ম’হক কৈ গ’ল যে-“তই ভালকৈ চাই থাকিবি, কোনে আহি আমাৰ খুটিখন অঁতাই যায়হি, আমি তোলৈ ঘাঁহ পানী লৈ আহিম|” কিন্তু দুপৰীয়া ৰ’দত বুঢ়া ম’হটোৰ টোপনি আহিলত, ম’হটোৰ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে সূতকৰে গছৰ ডালৰ পৰা নামি আহি আগৰ দৰে ফেনবোৰ খাই খুটিখন অঁতাই গছৰ ওপৰত উঠি থাকিল, বুঢ়া ম’হে গমকে নাপালে|

গধুলি ম’হবোৰ আহি বুঢ়াক কি দেখিলে বুলি সুধিলত বুঢ়াই ক’লে,-“মই একো নেদেখিলো|” সিহঁতে বুঢ়াৰ পৰা একো কাম নহয় জানি পিছদিনা কাণী ম’হ এজনীক ৰখীয়া পাতি থৈ গ’ল| কাণীয়ে ভাল চকুটো তলফালে আৰু কণা চকুটো ওপৰফালে কৰি শুই থাকোতেই সেইদিনাও বাঁৰী-কোঁৱৰে আগৰ দৰে সকলো কাম কৰি গছত উঠি ৰ’ল, কাণীয়ে একো নেদেখিলে| গধুলি ম’হজাকে আহি কাণীক বতৰা সোধাত কাণীয়ে “একো নেদেখিলো” বুলি ক’লত সিহঁতে বুজিব পাৰিলে যে কাণীয়ে কণা চকুটো ওপৰফালে দি শুই থকা বাবেহে একো নেদেখিলে| এইবাৰ সিহঁতে ঘাই ম’হজনীকে ৰখীয়া পাতি থৈ যাবলৈ ঠিক কৰি পিছদিনা তাকে কৰিলে| কিন্তু সেইদিনাও ঘাই ম’হজনীৰ চিলমিলকৈ অলপ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে টোপনি অহা দেখি নামি আহি ফেন খাই খুটি অঁতাই লৰালৰিকৈ গছত উঠোতেই ম’হজনীৰ টোপনি ভাগিলত, তাই তাক দেখি লৰ মাৰি আহি সুধিলে,-“তই দেৱতা নে মানুহ কোন ক? আৰু দেৱতাই হ বা মানুহেই হ নামি আহ|” বাঁৰী-কোঁৱৰে ক’লে,-“মই দেৱতা নহওঁ, মানুহ হে; মই নামি যাব নোৱাৰোঁ, গ’লেই তই মোক খুচি মাৰিবি” বুলি ক’লে| ম’হজনীয়ে ক’লে,-“নোখোচো নামি আহ|” কোঁৱৰে ক’লে,-“নহয় তই খুচিবি|” ইয়াৰ পিছত ম’হজনীয়ে তিনি সইত খাই নোখোচো বুলি ক’লত বাঁৰী-কোঁৱৰে গছৰ পৰা নামি আহি, আগৰ পৰা গুৰিলৈকে তাৰ সকলো কথা ম’হজনীক ক’লে| তাৰ কথা শুনি ম’হজনীৰ তালৈ মৰম লাগিল| তাই তাক ক’লে যে,-“তুমি আজিৰ পৰা ইয়াত নিৰ্ভয়ে থাকা, তোমাক আমি, আমাৰ গৰাকী পাতিলো আৰু তুমি গাখীৰ খাবলৈ সুকীয়াকৈ আমি তোমাক এজনী ম’হ দিম|” গধুলি আন বিলাক ম’হ আহিলত ঘাই ম’হজনীয়ে সকলোবিলাক কথা সিহঁতক ক’লত সিহঁতে ৰং পালে আৰু বাঁৰী-কোঁৱৰক নিজৰ গৰাকী বুলি মানি ল’লে| ইয়াৰ পিছত সিহঁতে কাণী ম’হজনী মাৰি তাইৰ শিং দুটা বাঁৰী-কোঁৱৰক দি ক’লে,-“এই শিং দুটাৰ এটা খংশিঙা, এটা ৰংশিঙা| আমি  চৰিবলৈ গ’লে তুমি যদি ৰংশিঙাটো বজোৱা শুনো তেন্তে তুমি ভালে আছা বুলি জানি আমিও ৰঙেৰে চৰি ঘাঁহ খাই ফুৰিম| আৰু যদি তোমাৰ কোনো বিপদ ঘটে তেন্তে তুমি যদি ৰংশিঙাটো বজোৱা, তেতিয়া আমি তোমাক ৰখিবলৈ লৰি তোমাৰ ওচৰ ওলামহি| তুমি আমাৰ খুটি খন যেনেকৈ অঁতাইছিলা সেইদৰে সদায় অঁতাই থাকিবা|”

এইদৰে ভালেমান দিন গ’ল| এদিন বাঁৰী-কোঁৱৰে ডালত বহি মুৰ আঁচোৰতে দৈবাৎ তেওঁৰ মুৰৰ দীঘল চুলি এডাল ছিগি নৈত পৰিল| সেই চুলিডাল এটা ৰাঘ বৰালীয়ে খালে| এদিন এটা ডোমে জাল বাওঁতে সেই ৰাঘবৰালিটো তাৰ জালত পৰিলত মাছটো ডাঙৰ আৰু তেলাল দেখি ডোমে তাক লৈ গৈ ৰজাক ভেটিলে|

ৰজাৰ এজনী দীপ-লিপ কন্যা আছিল| লিগিৰীহঁতে মাছটো বাছোঁতে কন্যাজনী আগতে থিয় দি আছিল| বৰালিৰ পেটৰ পৰা ইমান দীঘল চুলি এডাল ওলোৱা দেখি কন্যাজনীয়ে সেই চুলিডাল যাৰ মুৰৰ তেওঁক মনে মনে স্বামী কৰি, সেইডাল লৈ এটা টেমাৰ ভিতৰত সুমাই থৈ, ৰোষঘৰত সোমাল| কিয় জীয়েক ৰোষঘৰত সোমাল এই কথা ৰজাই সোধাত জীয়েকে ক’লে যে যদি এই চুলি ডালৰ গিৰিহঁতক আনি তেওঁৰ সৈতে বিয়া দিয়ে তেহে তেওঁ ৰোষঘৰৰ পৰা ওলাব নতুবা তেওঁ তেওঁ ভাত-পানী নাখাই মৰি যাব| ৰজাই এই কথা শুনি বিচূৰ্তি হ’ল-ক’ৰ মানুহে মূৰ আঁচুৰি নৈত চুলি পেলালে, ক’ৰ মাছৰ পেটত সেই চুলি ওলাল, এতিয়া তেওঁ তাক ক’ত বিচাৰি পায়? নহ’লেও সিফালে ৰাজকন্যা মৰে| ৰজা বিমোৰত পৰি মূৰ ঘমাই বহি আছে|

ৰাজকন্যাই এটা ঢোঁৰাকাউৰী পুহিছিল| সি ৰজাৰ দুখ দেখি ওচৰ চাপি আহি ক’লে,-“স্বৰ্গদেউ, আপুনি একো চিন্তা নকৰিব, মই সেই চুলিৰ গৰাকীক উলিয়াই দিম, আপুনি মোক মাথোন এটা পকা আম দিয়ক|” ৰজাই ঢোঁৰাকাউৰীৰ কথা শুনি অলপ উশাহ পাই লৰালৰিকৈ এটা পকা আম বিচৰাই অনাই ঢোঁৰাকাউৰীক দিলে| কাউৰীয়ে সেই পকা আমটো লৈ বাঁৰী-কোঁৱৰ থকা হাবিলৈ উৰি গৈ কোঁৱৰৰ ওচৰ পাই মাত লগালে,--]

“ৰংশিঙা খংশিঙা কোনে বায়?

পকা আমটি কোনে খায়?”

পকা আমৰ নাম শুনিয়েই বাঁৰী-কোঁৱৰৰ লোভ লাগিল| তেওঁ উত্তৰ দিলে,--

“ৰংশিঙা খংশিঙা ময়ে বাওঁ|

পকা আমটি পালে ময়ে খাওঁ|”

এই বুলি কোঁৱৰে ক’লত কাউৰীটোৱে বাঁৰি-কোঁৱৰক পকা আমটি দিলে আৰু কোঁৱৰে আমটো লবলৈ হাত মেলোতেই সি টপকৰে খংশিঙাটো লৈ গুচি গ’ল| মানুহে কথাতে কয় বোলে “কাউৰী টেঙৰ আৰু মাউৰী টেঙৰ|” সি কোঁৱৰক কেনেকৈ ঠগিলে দেখিলা? কোঁৱৰৰ হাতৰ পৰা খংশিঙাটি গুছি গ’লত, “বাপুৰ চিলিন ছিগিল|” ইয়াৰ পিছত বাঁৰী-কোঁৱৰে ৰংশিঙাটো বজায় হে বজায়, ম’হবোৰ ৰংশিঙাৰ মাত শুনি ৰং পাই ঘুৰি ঘুৰি চৰি ফুৰিবলৈহে লাগিল|

ইপিনে ঢোঁৰাকাউৰীয়ে ৰজাক খংশিঙাটো দি ক’লে বোলে “এই শিঙাৰ গিৰিহঁতেই চুলিৰ গৰাকী| আপুনি মোৰ লগত টেকেলা-বেঙেনা গোটাচেৰেক দিয়ক, মই তাক দেখুৱাই দিওঁগৈ|” কাউৰীৰ কথা শুনি ৰজাই গোটাচেৰেক টেকেলা তাৰ লগত দি তাক পঠাই দিলে| বাঁৰী-কোঁৱৰক এতিয়া সহজে ধৰি আনিব পৰা হ’ল; কাৰণ খংশিঙাটো লৈ তাৰ বল গ’ল|

বাঁৰী-কোঁৱৰক ৰজাৰ টেকেলাই ধৰি আনি ৰজাৰ আগত দিলেহি| কোঁৱৰক টেকেলাই ধৰি লৈ যাওঁতে সি বাটে বাটে নিজৰ গাৰ কাপোৰ খনৰ এডোখৰ এডোখৰকৈ ফালি পেলাই গৈছিল| ম’হবোৰে গধুলি খুটিলৈ উভতি আহি বাঁৰী-কোঁৱৰক নেদেখি কোঁৱৰৰ কিবা বিপদ ঘটিল ভাবি কোঁৱৰে ফালি পেলাই যোৱা সেই কানি-কাপোৰবোৰৰ চিন ধৰি ধৰি বিচাৰি গৈ ৰজাৰ ঘৰ ওলালগৈ| ৰজাই ম’হজাক অহা দেখি ভয় খোৱাত বাঁৰী-কোঁৱৰে সেইজাক তাৰ ম’হ বুলি ক’লে| ম’হজাকেও কোঁৱৰক দেখি আনন্দত নাচিবলৈ ধৰিলে| ৰজাই কোঁৱৰক ক’লে,-“যদি তোমাৰহী ম’হ তেন্তে তুমি সিহঁতৰ কাণে কাণে বগাই ফুৰিব পাৰিবানে?” কোঁৱৰে পাৰিম বুলি কৈ ম’হবোৰৰ কাণে কাণে বগাই ফুৰি দেখুৱালত ৰজাই কথাটোৰ প্ৰমাণ পাই সন্তোষিত হৈ বাঁৰী-কোঁৱৰৰে সৈতে নিজৰ জীয়েকক বিয়া দি জোঁৱায়েকক উঠি ৰজা পাতি নিজে বহি ৰজা হৈ ৰ’ল| আমাৰ কাপোৰ-কানি ক’লা হ’ল, গুচি আহিলো|

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস: বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate