অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুধিয়ক শিয়াল

বুধিয়ক শিয়াল

এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল| এনেতে সি এঘৰত ভঁৰালৰ চাঙত তলি-ফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ|সি টেমাক-টেমাকৈ অকতিয়াই-পকতিয়াই পিঠাবোৰ খাই শেষ কৰি ভগা দোণটোৰ ফুত তলিখন ঢালি দিয়া কলপাতখন মুৰ জোকাৰি চেলেকিবলৈ ধৰিলে| সি মুৰপুতি চেলেকোতে চেলেকোতে কলপাতখন ফাটি ভগা দোণটো তাৰ মুৰেদি ডিঙিত গল মণি হৈ পৰিল| কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে| শেষত এনে হ’ল, যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ’ল; কাৰণ ভগা দোণটোৰ লাংপটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে “ধৰ গলমণিকাক” বুলি শিশুপাল খেদা দিয়ে|

এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই বনাই ফুৰোঁতে এঠাইত এহাল বাঘ-পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে| ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি মাত লগালে,-“হেৰ তহতৰ মাৰ-বাপেৰ কলৈ গ’ল অ’? মই অহা গম পায়েই পলাইছে হবলা? সিহঁত ক’ত আছে ক?” শিয়ালটোৰ গেৰেহাগেৰেহ কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কোঁচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে-“আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে|” শিয়ালে ক’লে-“বাৰু গৈছে গৈছে, আহি পালেই মই আহিছিলো বুলি কবিহক| চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দ্ৰোণেৰে মোৰ এদোণ ধন মাৰে আনিলে, আজিলৈকে সি মোক সেই ধন ওভোতাই দিয়া নাই| মই আজি সৰহপৰ ৰব নোৱাৰোঁ, সি আহিলেই তহঁতে তাক এই কথা কবি| মোৰ ভোক লাগিছে, হেৰ কিবা আছে যদি চাচোন মই খাওঁ|” শিয়ালে এই বুলি পোৱালিলৈ মাক-বাপেকে থৈ যোৱা মঙহ খিনি খাই নিজৰ পেট পুৰাই গুচি গ’ল|

নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গলেই শিয়ালে আহি পোৱালিকেইটাক ভাবুকি দি টিপতে সিহঁতৰ  ভাগৰ মঙহ খিনি খাই গুচি যায়| এইদৰে ভালেমান দিন যোৱাৰ পাছত  পোৱালিকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে-“ইহঁত কিয় এনেকুৱা হৈছে? আমীহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ’লে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি?” বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক ক’লে,-“শুনিছানেবোলো আজি তুমি পহু মাৰিবলৈ যাব নেলাগে, ময়ে অকলে যাওঁ| আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে| আজি তুমি লুকাই চাই থাকা|” সেইবুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ’ল|

আন দিনাৰ দৰে সেইদিনাও বাঘ-পোৱালিৰ আগত ভগা দোন জোকাৰি ফাং-ফাং-ফোং কৈ মঙহ খাবলৈ কাৰবাৰ কৰোঁতেই, নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে| টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুধি আগৰে পৰা আলচি থিক কৰি থৈছিল| সেইদেখি সি আগে আগে লৰি গৈ দুফেৰেঙনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে| বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই থাকিল| বাঘজে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ চাটিফুটি ধৰ-ফৰ কৰিবলৈ ধৰিলে, সিমান টানকৈ তাত সি খাজ খাই চেপা খালে| বাঘৰ চিঞৰত হাবি তল-ওপৰ লাগি পৰিল| ম’হ, গৰু, পহু আদি জন্তু বোৰ চাৰিওফালে ফিৰিঙতি ভগাদি ভাগিল| বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি| শিয়াল অলপ দুৰতে থিয় হৈ আছিল| সি বাঘিনীক দেখি কবলৈ ধৰিলে-“চাচোন তোৰ গিৰিয়েৰক কেনে শালত দিলো| লোকৰ ধন ধাৰলৈ আনি শুজিবৰ মন নগৈছিল; এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে| তই ভালে ভালে দিয় যদি মোৰ ধন দে| ধন নাই যদি মোৰ তলতীয়া হৈ থাক, হাক-বচন মানি ফুৰ| নহ’লে তোৰ ৰক্ষা নাই, নিশ্চয় জানিবি| তোৰ পোৱালি কেইটাকো আজৰি কৰিহে এৰিম|”

এনেতে বাঘতো ধৰফৰাই মৰিলেই| বাঘিনীয়ে একো উপাই নেপাই শিয়ালৰ অধীন হ’ল| সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে| সি বাঘিনীক চিকাৰলৈ পঠিয়ায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি দকচি খায়|

ইয়াৰ কিছুদিনৰ পাছত বাঘিনীয়ে চোং সলাবৰ হ’ল| বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে; শিয়ালো ওলাল| বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে, শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো-জীওঁ-সোঁ-আধিকৈ পানীত পৰিল| নৈৰ সোঁতত পৰি শিয়ালে থৰযুগতি এৰি টলংভটং কৰি কক্‌বকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপমাৰি ধৰি লৈ গ’ল| শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি ক’লে,- “তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুধি আছে| বোলো মোক জলকোঁৱৰে ইয়াৰ চাইদোণ ধন দিব লাগে; সি মোক দেখিলে সদায় পলায়| আজি সি বুঢ়াৰ হাতত চেঙেলী পৰিছিল, তাক দেখা পায়েই ভালকৈ ধৰিছিলো, বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰোঁ| সেইদেখি তাৰে সৈতে মোৰ জোঁটাপুতি লাগিছিল| তই সকলোবোৰ ভ্ৰষ্ট কৰিলি| ও হয়; তইনো কিয় আগভেটা দি ধৰিছিলি কচোন?”

এইদৰে ছল ভেটি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল’লে| বাঘ-পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল| চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল বাঁটি ললে| শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা ছলাহী কথা কৈ গা সাৰে| এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল| শিয়ালে বাঘিনীক ক’লে-“মই পহুৰ পটিৰ মুখত থাকো; তই সেইফালে গৈ পহু খেদি দেগৈ; পহু মোৰ ওচৰেৰে আহিলেই আৰু ক’ত সাৰিব?” শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়ালে পটিৰ মুখত ধোবাং জুৰি পৰি থাকোতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে| গচকত শিয়ালৰ পেটৰ ছাল ছিগি গ’ল|ল্পহু পলোৱাৰ পাছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত, শিয়ালে তাইক গেথাই গেথাই ক’লে-“শুনিছ নে হয়, শুনিছ? পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দুৰত থাওক, মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলো| ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিতে মোৰ পেট ফুটি পেটু-নাড়ী ছিগি ওলাই যাবলগীয়া হৈছিল|”

এইবাৰো শিয়ালে বুধিৰে জিকি আকৌ কিছুদিন বাঘিনীৰ লগতে বহি খাবলৈ পালে| এইদৰে কিছু দিন থাকোতে বাঘ্ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে| এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটোয়ো তাৰ আঁতিগুৰি লবলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈছিল আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে, সিহঁতে তাক ধুৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি থেকেচি মাৰি পেলালে|

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস:-বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate