অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুঢ়া-বুঢ়ী আৰু শিয়াল

বুঢ়া-বুঢ়ী আৰু শিয়াল

এহাল বুঢ়া-বুঢ়ী আছিল| এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কিছুমান শিয়াল আহি বুঢ়াক মাত লগালে,- “ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে,-“বোপাহত, মই কচু কেঁচাই ৰুইছোঁ| শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে,-“ককা, আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক| আৰু য’ত ৰুব, গাত একোটা দি ঢাকি থৈ যাওক, দেখিব, ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে|” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে,-“বাৰু মোৰ বোপাহত, তহঁতৰ কথামতেই মই কচু ৰুম|”

গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থলে| ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ’ল| পিচদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই| তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল|

ইয়াৰ কিছুদিনৰ মূৰত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে,-“বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ| গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই-বিনাই বুঢ়া মৰিল বুলি কান্দিবি| তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ শটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি| মোৰ ওচৰতে টাঙোন এডাল লুকাই থবি| সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিস্‌ কৰে উঠি টাঙোন ডাল লৈ সিহঁতক কোবাই মাৰিম|” বুঢ়াৰ কথা মতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে শিয়ালবোৰে বুঢ়ীক সুধিলেহি,-“আই কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে,-“বোপাহত, আজি আমাৰ বুঢ়াটো ঢুকাল সেইবাবে কান্দিছো| তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ|” বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে; মাত্ৰ সিহঁতৰ ভিতৰত চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল|

কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক’লে,-“মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই; জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ; মনটো বেয়া লাগি আছে|” বুঢ়াই ক’লে-“বুঢ়ী, তই গ’লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব|” বুঢ়ীয়ে ক’লে,-“নোৱাৰে খাব;যাম কোনো মতে|” এইবুলি জীয়েকৰ ঘৰলৈ গ’ল| বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেঢ়ি ধৰি ক’লে,-“বুঢ়ী, তোক আজি আমি নেৰো, খাম|” বুঢ়ীয়ে উত্তৰ দিলে,-“খাব খুজিছ খাবি, কিন্তু আজি ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো কেনেবা লাগি আছে; সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো| মই উভতি আহোঁতে তহঁতে মোক খাবি|” শিয়ালে ক’লে,-“যদি উভতি নাহ, তেন্তে?” বুঢ়ীয়ে উত্তৰ দিলে,-“বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত| মই সইত খাই কৈছোঁ, এই বাটেয়েদি মই সোনকালে উভতি আহিম| আৰু তহঁতে মোক যি কৰ কৰিবি|”বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ| জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লত জীয়েকে মাকক ক’লে,-“আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবগৈ; শিয়ালে তোমাক নেদেখে|” বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে,-“এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব লাগিছে| ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে|” এই বুলি সিহঁতে লথিয়াই লাওটো ভাঙি পেলালে| ভাঙিলত অৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল| সিহঁতে বুঢ়ীক দেখি আনন্দত “খেক্‌-খেক্‌ হোৱা-হোৱা” কৰিবলৈ ধৰি ক’লে,-“বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিল| এতিয়া কি হ’ব? আমি তোক এতিয়া খামহক|”বুঢ়ীয়ে উত্তৰ দিলে,-“কি কৰিম, খাব খুজিছ খাবি; কিন্তু মই নোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ; মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব; সেইদেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ তাৰ পিছত তহঁতে মোক খাবি|” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ’লত বুঢ়ীয়ে ক’লে,-“মই নাম লগাই দিওঁ, তহঁতে ‘হয় হয়’ কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব|” এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল| বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা, আনটোৰ নাম ক’লা| বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে-“ৰঙা ঔচ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে “হয় হয়|” এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ঔচ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে “হয় হয়|” এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ঔচ! ক’লা ঔচ!” বুলিলতে ৰঙা আৰু ক’লা কুকুৰ দুটা তাতে লৰি ওলালহি| কুকুৰ দুটা দেখিয়েই শিয়ালবোৰ পিয়া পি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল| আমাৰো কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate