অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেটুকোঁৱৰ

এজন ৰজা আছিল৷ তেওঁৰ সাতজনী কুঁৱৰী৷

এজন ৰজা আছিল৷ তেওঁৰ সাতজনী কুঁৱৰী৷ কাৰো ল’ৰা-ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ৷ ৰজাই অনেক পূজা-পাটল অনেক দান-দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল’ৰা-ছোৱালী একোকে নহ’ল৷

এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে কৈছে যে

“তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে সাতবাৰ তম: তম: বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি৷ সেই টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব৷ সেই জামুটো আনি তুমি তোমাৰ সাতোজনী তিৰুতাক খাবলৈ দিবাঁ; তেওঁলোকে খালেই তেওঁলোকৰ ল’ৰা হব৷”

ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই সেইদৰে নৈত গা ধুই সাতবাৰ তম: তম: কৰিলত ৰঙা টেমা এটা তেওঁৰ হাতত পৰিলহি৷ আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি সাতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে৷ কুঁৱৰীহতে জামুটো খাবলৈ গা ধুবলৈ গ’ল আৰু গা ধুই আহি ভগাই খালেহি; কিন্তু সৰুজনী অহাত পলম হোৱা বাবে তাইলৈ নথলে৷ সৰু কুঁৱৰীজনীক আন কেইজনী কুঁৱৰীয়ে আগৰেপৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই এলাগী আছিল; সেইদেখি আন কেইজনীয়ে তাই অহাত অলপ পলম হ’লতে তাৰে চেলু লৈ তাইলৈ জামুৰ ভাগ নথলে৷ সৰুজনীয়ে গা ধুই আহি আন কেইজনীক জামুৰ ভাগ খুজিলত, সিহতে তাইক জোকোৰা মাৰি ক’লে,

“তোলৈ আমি জামু লৈ বহি থাকিম নে কি? আগেয়ে নাহিলি কেলৈ?”

এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই, ওচৰতে পৰি থকা জামুৰ বেটুটোকে খালে৷

সময়ত এটাইকেউজনী কুঁৱৰীৰ একোটাকৈ ল’ৰা হ’ল৷ ল’ৰা কেইটা লাহে লাহে ডাঙৰ হৈ আহিল৷ এদিন এটা ফকিৰ কৰবাৰ পৰা আহি ৰজাক ক’লে, “স্বৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ৷ আপোনাৰ ঘৰত-

সোণৰ গছ, ৰূপৰ পাত৷

সাত টিলিকিত ম’ৰাৰ নাচ৷৷ ”

নাই৷ এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পূৰ্ণ হোৱা নাই৷” এই কথা শুনি ৰজাই তেতিয়াই কোঁৱৰহতক মাতি আনি তেনেকুৱা গছ এজোপা বিচাৰি আনিবলৈ পঠিয়াই দিলে৷ ৰজাৰ ল’ৰাহতে নাঁওদুনি লৈ খোৱা-লোৱাৰ সজুলি ভৰা দি যাবলৈ ওলাইছে, এনেতে এলাগী কুঁৱৰীৰ পুতেক বেটু-কোঁৱৰে আহি ককায়েকহঁতক ক’লে,

“ককাইহত, মোকো লগতে নে৷”

বেটু-কোঁৱৰে লগত যাবলৈ বৰকৈ কাকুতি-মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰঠতে পৰি থাকিবি বুলি তুলি লৈ গ’ল৷

নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আমগছ এজোপা পালেগৈ৷ গছজোপাত আমবোৰ সেন্দুৰীয়া হৈ পকি আছে৷ সেই আম গছৰ তলতে সিহঁতে নাঁও বান্ধি আম খাই ইফাল-সিফালকৈ থাকোঁতে, বেটুকোঁৱৰে আমগছৰ গুৰিত এটা ডাঙৰ গাঁত দেখিলে৷ সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক ক’লে,

“মই এই গাঁতটোত সোমাই নামি যাওঁ, ইয়াত কি আছে চাওঁগৈ৷ তহঁতে মই নাহোঁ মানে নাও নেমেলিবিহঁক দেই৷”

এই বুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গ’ল৷ গৈ গৈ অন্তত সি এখন বৰ নগৰ পালেগৈ৷ নগৰখনত সি মানুহ-দুনুহ নেদেখিলে; মাত্ৰ কিছুমান হাড়-মূৰ চাৰিওফালে পৰি থকা দেখিলে৷ সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ, আৰু ঘৰটোৰ ভিতৰত এখন ছালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে৷ ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোৱঁৰ আৰু মূৰশিতানৰ ফালে এটা ক’লা চোৱঁৰ আছিল৷ ক’লা চোৱঁৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক-কাণৰপৰা তেজ ওলাল৷ তাকে দেখি সি ভয় খাই ভৰিপিঠানৰ ফালৰ চোৱঁৰটোৰে বিচি দিলে৷ সেইটোৰে বিচিলত ছোৱালীজনীয়ে উস্ উস্‌কৈ পাটীৰ পৰা উঠি আহিল৷

কন্যাজনীয়ে বেটু-কোঁৱৰক দেখি আচৰিত হৈ সুধিলে,

“তুমি কোন?”

কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি ক’লত তাই ক’লে,

“তুমি এতিয়াই যোৱাঁ, নহ’লে তোমাক ৰাক্ষসে খাব৷ এইখন ৰাক্ষসৰ দেশ৷ আজি তিন দিন হৈছে, ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে৷ কেৱল মোক হে সিহঁতে নোখোৱাকৈ এৰিছে৷ সিহঁত এতিয়া চৰিবলৈ গৈছে৷ মোক সিহঁতে যাবৰ সময়ত এটা চোৱঁৰেৰে বিচি মাৰি থৈ যায়, আৰু উভতি আহি এটা চোৱঁৰেৰে বিচি জীয়ায়৷”

কোঁৱৰে ক’লে,

“এতিয়া, তেন্তে কি হব? সিহঁত আহি ওলায়হি যদি?”

কন্যাই ক’লে,

“হওঁতে সিহঁত আহিবৰ হৈছে; তুমি সেই সৰিয়হৰ ডুলিটোৰ ভিতৰতে সোমাই থাকা৷”

এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ ডুলিৰ ভিতৰত সোমাই থাকিল৷ যোৱাৰ আগেয়ে কোঁৱৰে ক’লা চোৱঁৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গ’ল৷ এনেতে ৰাক্ষসবোৰ ওলালহি৷ সিহঁতে ছোৱালীজনীক বগা চোৱঁৰেৰে বিচি জীয়াই লৈ সুধিলে,

“মানুহৰ গোন্ধ পাইছোঁ দেখোন একা?”

তাই ক’লে,

“ময়েই হে মানুহ ইয়াত আছোঁ, মোৰেই গোন্ধ পাইছহঁক৷ লাগে যদি মোকে মাৰি খা৷”

“তোক নামাৰি ৰাখিছোঁ, কিয় খাম?” বুলি ৰাক্ষসে ক’লে৷

কোঁৱৰে ৰাতিটো কষ্টেমষ্টে সৰিয়হৰ ডুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ’লত তাৰপৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ ক’লে,

“মই তোমাক ৰাক্ষসৰ হাতৰপৰা সৰুৱাই নিম বুলি ভাবিছোঁ৷ ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি কব পাৰা নে?”

কন্যাই “নোৱাৰোঁ” বুলি ক’লে৷

কোঁৱৰে ক’লে,

“আজিও মই সৰিয়হৰ ডুলিতে সোমাই থাকোঁ, সিহঁত আহিলে তুমি এটা বুধি উলিয়াই পাবা যদি সেইটো সুধি জানি লোৱাঁ৷”

কন্যা এই কথাত মান্তি হ’ল৷ সেইদিনা গধূলি ৰাক্ষসবোৰ আহি সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে৷

সিহঁতে “কিয় কান্দিছ?” বুলি সুধিলত তাই ক’লে,

“মোৰ বৰ মনত দুখ লাগিছে৷ মোৰ আই-বোপাই মিতিৰ-কুটুম কোনোৱেই নাই৷ এতিয়া তোমালোকেই মোৰ আপোন হৈছা৷ এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়, যদি তোমালোকক কোনোবাই কৰবাত মাৰে, তেন্তে মোৰ গতি কি হব?”

ৰাক্ষসহঁতে তাইক আশ্বাস দি ক’লে, “তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে৷ আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে৷ কোনোবাই যদি গৈ পুখুৰীতে নামি সাতবাৰ তম: তম: বুলি মাতে তেনেহ’লেহে সি টেমাটোৰ ভিতৰৰপৰা ওলাই আহিব৷ আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একেকোবেই কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে তেহে আমি মৰিমহঁক৷”

পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ’লত বেটু-কোঁৱৰ ডুলিৰপৰা ওলাই কন্যাজনীক জীয়ালত, ৰাক্ষসবোৰক কেনেকে মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক ক’লে৷ তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত নামিলগৈ, আৰু সাতবাৰ তম: তম: বুলি মাতিলত ভোমোৰাটো ওলাই আহিল৷ ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোবেই কাটি তাৰ তেজ চৰুত ধৰিলতে, ইপিনে গিৰিং গিৰিং শব্দ হ’বলৈ ধৰিলে৷ ৰাক্ষসবোৰ যেয়ে য’তে আছিল ত’তে পৰি পৰি মৰিল৷ কোঁৱৰে পুখুৰীৰপৰা উঠি কন্যাৰ ওচৰ পালেহি৷ কন্যাৰ মহা আনন্দ৷

ইয়াৰ পিছত কোঁৱৰে কন্যাক সোণৰ গছ, ৰূপৰ পাত, সাত টিলিকত ম’ৰাৰ নাচ’ এনেকুৱা গছ ক’ত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে; আৰু দুটা পুখুৰী দেখুৱাই দিলে, এটাৰ পানী কাৰবাক খুৱাই দিলে খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চটিৰ ওপৰত উঠি বহি থাকেগৈ, অইনটোৰ পানী খুৱালে আকৌ মানুহ হয়৷ এইবোৰ বস্তুৰে সৈতে কন্যাজনীক কোঁৱৰে পেৰা এটাৰ ভিতৰত সুমাই ললে৷ তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি৷ এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল৷ সেইদেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গ’ল৷ ইফালে ককায়েকহঁতে নাও মেলি দিলে৷

কোঁৱৰে পেৰাটো লৈ আহি দেখিলে যে নাও নাই৷ সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গ’ল৷ গৈ দেখে, এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে৷ কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডই কৈ খাটিলে যে পেৰাটোৰে সৈতে যেন গৰুণ্ডই তাক কান্ধত তুলি তাৰ বাপেকৰ ৰাজ্যত থৈ আহে৷

সি অনেক কাকুতি-মিনতি কৰাত গৰুণ্ডই মান্তি হৈ ক’লে,

“ৰ এথোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰি ৰাক্ষস খাই লওঁ৷”

একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটু-কোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গ’ল৷ ৰজাৰ নগৰত মহা হুলস্থুল৷ দা-ডাঙৰীয়া লা-লগুৱাকে আদি কৰি সকলো ৰজাৰ বৰচ’ৰাত চাপিলহি, ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ৷ বেটু-কোঁৱৰ পেৰাটোৰ সৈতে চ’ৰাৰ এচুকত বহি আছে৷ ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত, সিহঁতে একো দেখুৱাব নোৱাৰিলে৷ তাৰ পিছত ৰজাই বেটু-কোঁৱৰক সুধিলত বেটু-কোঁৱৰে পেৰা মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে৷ ৰজাই বৰ সন্তোষ পাই বেটু-কোঁৱৰক উঠি-ৰজা পাতি নিজে বহি-ৰজা হ’ল; আৰু ইকেইটা কোঁৱৰক খেদাই দিলে৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- ককাদেউতা আৰু নাতি ল’ৰা

3.07317073171
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top