অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেকুৰীৰ জীয়েকৰ সাধু

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল| তাই গাভিনী হৈছিল| ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল| মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে| গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহলেনো মই কৰ পৰা দিম?” ইয়াকে শুনি মেকুৰীজনিয়ে সেইদিনা খনৰ পৰা অইনৰ ঘৰৰ পৰা চুৰতাৰি কৰি বা ডকাহকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে| ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি বাঢ়ি খাই মেকুৰীজনিক খালি কাঁইটবোৰ খাবলৈ দিলে| সেইদৰী মেকুৰীজনিয়ে দিনৌ মাছ আনি খাবলৈ নেপায়| ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক|” ইয়াৰ কিছুদিনৰ পিছতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি পালে আৰু মেকুৰীয়ে ছোৱালী দুজনী পালে| আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে| ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ, গাখীৰ ইত্যাদি বিচাৰি যায়| ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে-“আই, তুমি যদি গাঁওতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে, “যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জয় পৰিব আৰু গাখীৰ মলা ক’লা হব| তেতিয়া তহতে মোক বিচাৰি যায়|” ইয়াৰ দিন দিয়েকৰ পাচত তুলসী জোপা জয় পৰিল আৰু গাখীৰ মলা কেহেৰাজ বৰণীয়া হল| তেতিয়া মাকৰ কি হব বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গল| সিহঁতে ভালেমান দুৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ| নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল| তাই আঁজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “ যদি তোমাৰ হাতৰ আঙঠিতো মোক দিব পৰা তেন্তে তুমি পানী নিব পাৰা|” ভনীয়েকতকৈ আঙঠিটোনো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে| ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিতো আনিবলৈ পঠিয়াই দিলে| এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে| বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে| ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰুপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাওত ভৰাই লৈ গুচি গ’ল| ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰুঘৈণী পাতি ললে| কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিব ধৰিলে| খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ চিন্তিবলৈ ধৰে| তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি, তাই এটা ঢেকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহতে নৈত উটাই দিলে| পাচৰ বাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আঁচল মতা ল’ৰাটো নৈত উটাই দিলে| ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে| মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সচা বুলি ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে| তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে| এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰাখিলে| মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰো বুলি বিচুৰ্তি হৈ থাকোতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে- “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ তোমাৰ তামোলৰ হাচতিখন আৰু লাখুতিডাল পেলাই থৈ যোৱা, তেনে তোমাৰ নাও মুকলি হব|” মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাচটিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট্‌কৰে এৰাই গ’ল| ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো খিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক কবলৈ ক’লে| সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাচতিখন লৈ মুদৈৰ, ঘৰৰ ফালে যাবলৈ ধৰিলে| পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে,-“মোক কিয় ভেঙুচালি কৰিছহক, সৌৱা সবাহলৈ মানুহ আহিছে তালৈ যা আৰু তাতে যি পা খাগৈ|”  তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই শঁতাই সবাহলৈ গল| সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে যুৱাপাতনিত থকা মানুহজনীৰ তাত খাই বই দুজন মানুহ এই সবাহত বহিছিল| যেতিয়া এই কথা তাত জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে| কথাষাৰ শুনা মাত্ৰকতে দুই ককাই ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি যত সোমাইছিলো তেওঁ আমাৰ আই|” তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে কব নোৱাৰিলে| তেতিয়া ৰাইজে সিহঁতক সেই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনি| এই বুলি সকলো কথা ভাঙি পাতি সি কবলৈ ধৰিলে আৰু মুদৈৰ হাচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে|  মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হল আৰু লাখুটিডাল, হাচটিখন নিজৰ বুলি সৈ কাঢ়িলে| তেতিয়া সকলোৱে সতিনীৰ কু-মন্ত্ৰণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে, ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গল| সবাহৰ পাছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰা দুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সোমালেহি| ল’ৰা দুটিও বাপেক মাকৰ বুকু জুৰাই লগতে থাকিল|

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate