একালত বিক্ৰমাদিত্য নামে এজন ৰজা আছিল৷ তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল৷ বিক্ৰমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল৷ সেইদেখি বিক্ৰমাদিত্যৰ মৰণৰ সময় হ’লত তেওঁক গঙ্গাতীৰলৈ অনা হ’ল৷ কিন্তু গঙ্গাযাত্ৰা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়৷ লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল৷ তিনি দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক’লে,
“বোপাই, মোৰ সোণৰ ধোঁৱা খোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন৷”
তালৈ ধোঁৱা খোৱাটো লৈ যোৱা হোৱা নাছিল; সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱা খোৱাটো আনিবলৈ গ’ল৷ এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ’ল৷ ৰজাই তেওঁৰ মৰণ মূৰশিতানত জানি পুতেকক মাত লগালে-
“বোপাই অ’৷ ওচৰ চাপি আহ, শুন৷”
বোৱাৰীয়েকেই
“কি কৈছে, কওক”
বুলি ক’লত ৰজাই পুতেকে উত্তৰ দিছে বুলি ভাবি ক’লে,
“মোৰ এতিয়া প্ৰাণ যাব৷ এতেকে তোক কথা এটা কওঁ শুন,-মোৰ শোৱা পালেঙৰ তলত এক লাখ ৰূপ পোতা আছে; তুলসীৰ তলত এক লাখ, আৰু গা-ধোৱা শিলছটাৰ তলত এক লাখ, মুঠতে এই তিনি লাখ টকা আছে৷ তই গা-পা ধুই মোৰ তুলসীৰ মালাধাৰ হাতত লৈ ‘মোৰ পিতৃৰ ৰূপবান ক’ত কি আছ ওলাই পৰ’ বুলিলেই এটাইবোৰ ওলাই পৰিব৷ সেই ৰূপ-বানেৰেই তই সুখেৰে ৰাজ্য পালন কৰি খাই-বৈ থাকিব পাৰিবি৷”
বোৱাৰীয়েকে
“ভাল দেউতা”
বুলি শলাগিলত বিক্ৰমাদিত্যৰ ভেলটোৰ পৰা জীৱটো ওলাই গ’ল; পুতেকে ধোঁৱা খোৱাটো লৈ বেগা বেগিকৈ আহিও বাপেকক নেপালেহি৷ বাপেকৰ মৰা-শটোৰ ওচৰত ঘৈণীয়েকক দেখি তেওঁ সুধিলে-
“দেউতাই মৰিবৰ সময়ত কিবা কৈছিল নে?”
ঘৈণীয়েকে
“একো কোৱা নাই”
বুলি গিৰিয়েকক ফাঁকি দিলে৷
ইয়াৰ পিছত পিতাকৰ কাঠসংস্কাৰ কৰি ৰজাৰ পুতেক, ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ’ল৷ ঘৰত কিছুদিন থকাৰ পিছত তেওঁলোকৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ বৰ দুৰৱস্থা হ’ল৷ মাকে দিনটো মাগি খুজি কোনোমতে দুকঠিমান চাউল গোটাই আনে; তাৰ একঠি মাক পুতেক দুয়ো খায়, আৰু একঠি অকলৈ বোৱাৰীয়েকক দিয়ে; কাৰণ লোকৰ জীয়ৰী, তাই খোৱাত দুখ পালে আজি ধৰিয়েই যদি গুচি যায়, তেন্তে কোনে নো তাইক কি কৰে?
এইদৰে তেওঁলোকে দুখে-কষ্টে কিছুদিন চলিছে, এনেতে একদিনা-প্ৰতি ভোজ ৰজাই তেওঁৰ ঘৰত ভোজ পাতিজ্ঞাতি-কুটুম, অঙহি-বঙহি সকলোকে ভোজ খাবলৈ নিমন্ত্ৰণ কৰিলে৷ জীয়েকক ৰজাই ভোজ-ৰান্ধনী পাতি মতাই পঠিয়ালে৷ যি দিনা বাপেকৰ ঘৰৰপৰা জীয়েকক লৈ যাবলৈ মানুহ আহিছিল, সেই দিনা বিক্ৰমাদিত্য ৰজাৰ পুতেক কৰবালৈ ওলাই গৈছিল, ঘৰত নাছিল;
সেইদেখি ঘৈণীয়েকে গিৰিয়েকক লগ নাপাই শাহুৱেকৰ আগতে কৈ গ’ল-
“আই, দহোকৰি, বব লাগে, মোৰে শপত আপোনাৰ পুতেকক মোৰ বোপাইৰ ঘৰলৈ পঠিয়াই দিব; আৰু ভোজৰ ৰভাৰ মাজত খুটাটোতে বহিবলৈ ক’ব৷”
শাহুৱেকে
“বাৰু ক’ম”
বুলি শলাগি থাকিল৷
পুতেক আহিলত মাকে ক’লে,
“বোপাই, শহুৰেকৰ ঘৰত আজি বৰ ভোজ পাতিছে৷ ঘৈণীয়েৰক ৰান্ধনী পাতি মাতি নিছে; আৰু তোক নিমন্ত্ৰণ কৰি গৈছে৷ আৰু ঘৈণীয়েৰে বৰ-শপত দি গৈছে, যা বোপাই, গৈ আহ, নহ’লে শহুৰেৰে বেয়া পাব৷ ঘৈণীয়েৰে তোক ৰভাৰ মাজৰ খুটাটোৰ ওচৰতে বহিবলৈ কৈ গৈছে; নহ’লে বহুত মানুহৰ মাজত তাই তোক চিনি নেপাব পাৰে৷”
পুতেকে ক’লে,
“আই, এতিয়া গধূলি হ’লহি, কি নো যাম, নেযাওঁৱেই দে৷ তাতে আকৌ আমি হৈছোঁ দুখীয়া মানুহ, কোনে নো আমাক সুধিব পুছিব?নেযাওঁৱেই দে৷”
মাকে ক’লে
“নহয় বোপাই শহুৰেৰে মাতিছে যেতিয়া যাবই লাগিব, নগ’লে তেওঁ বৰ বেজাৰ পাব৷ যা মোৰ বোপাই যা৷”
মাকে এইদৰে ক’লত বিক্ৰমাদিত্যৰ পুতেক ভোজলৈ গ’ল৷
এন্ধাৰ ৰাতি খপিয়াই-জপিয়াই কোনোমতে গৈ বিক্ৰমাদিত্যৰ পুতেক শহুৰেকৰ ঘৰ পালেগৈ৷ ভোজৰ ৰভাৰ কেউফালে প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল৷ বাহিৰৰ বেৰ এৰিও ৰভাৰ ভিতৰত আৰু এখন বেৰ আৰু দুৱাৰ আছিল, তাতো প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল৷
তেওঁ গৈয়েই প্ৰথমটো দুৱৰীক ক’লে,
“দুৱৰী, দুৱাৰ এৰি দে৷”
দুৱৰীয়ে উত্তৰ দিলে,
“ৰজাৰ হুকুম নহ’লে দুৱাৰ এৰি দিব নোৱাৰোঁ৷”
বিক্ৰমাদিত্যৰ পুতেকে ক’লে,
“দে বোপাই দে দুৱাৰ এৰি, সাত-সজীয়া লঘোণত মোৰ প্ৰাণ যায়৷”
এই বুলি ভালেখিনি খট্ বান্ধ কৰাৰ পিছতহে দুৱৰীয়ে তেওঁক দুৱাৰ এৰি দিলে৷ তাৰ পিছত তেওঁ গৈ দ্বিতীয় দুৱৰীক পাই ক’লে,
“দুৱৰী, দুৱাৰ এৰি দে৷”
সিও আগৰটোৰ দৰে অনেক খট্বান্ধ কৰি পিছত দুৱাৰ এৰি দিলত, তেওঁ ৰভাৰ ভিতৰ সোমায়েই ৰভাৰ মাজৰ খুটাটোৰ ওচৰতে বহিল, আৰু সকলো ৰাইজে পাত পাৰি লোৱা দেখি তেৱোঁ এখন পাত পাৰি ল’লে৷
ঘৈণীয়েকে চাউল-সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে, আৰ সকলোকে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে৷
তাই সকলোকে সুধিলে-
“আপোনাসকলে ভাত আঞ্জা পালেনে?”
সকলোৱে
“পালোঁ”
বুলি মুখত গৰাহ ল’লে৷
এনেতে বিক্ৰমাদিত্যৰ পুতেকে মাত লগালে-
“কি নো অগিয়ানী ৰজাৰ জীয়েক অ’!সকলোকে চাউল-সিজোৱা দিলে, মোক দেখোন নিদিলে!”
এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক তাৰপৰা গৈ ৰোহঘৰত সোমালগৈ৷ সকলো ৰাইজৰ পাতৰ ভাত-আঞ্জা শেষহ’লত আকৌ দিবলগীয়া হ’লত ৰান্ধনীৰ বিচাৰ লাগিল৷ ৰান্ধনীক কতো বিচাৰি নাপাই, শেহত ৰোহ-ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল৷
বাপেকে ক’লে,
“আই, তোৰ নো কি হ’ল? কিয় ৰোহ পাতি শুই আছহি? ইমানখন ৰাইজ ভাতৰ পাতত বহি আছে, তই ভাত নিদি শুই আছহি, ৰাইজে মোক শাও দিব এতিয়া৷ তই উঠি আহ, ৰাইজক ভাত দেহি, তোক যি লাগে মই তাকে দিম৷”
জীয়েকে উত্তৰ দিলে,
“সেই ৰভাৰ মাজৰ খুটাটোৰ ওচৰত বহি থকা মানুহটো কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম; সি মোক আজি বৰকৈ অপমান কৰিলে৷”
জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা-কটা চাওদাঙক মতাই আনি সেই মানুহজনক কাটিবলৈ হুকুম দিলে৷
এই কথা দেখি পাত্ৰ-মন্ত্ৰী সকলোৱে ভাবিলে-
“এস্!কি অন্যায় কথাটো হ’ল৷ এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি?”
এইবুলি তেওঁলোকে মনেমনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ-টাটীৰ মাজত সুমাই থৈ, চাওদাঙৰ হতুৱাই কুকুৰ এটা কটাই তাৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে৷ তেজ চাই হে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি৷ ৰাইজে খাই-বৈ উঠি গ’লত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি৷ ভাত অনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি ক’লে,
“কটা কুকুৰৰ জীয়েক!ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হয়?”
ৰজাৰ জীয়েকে উত্তৰ দিলে-
“কিনো খংখন খাইছে এ আই! তাক মাক্টীয়েকে কটালোঁ নহয়; সেই হে ইমান বেলি হ’ল৷ এতিয়া আৰু কি ভয় আছে? আমি দুয়ো সুখেৰে খাই-বৈ থাকিব পাৰিম৷ সেই যে তাৰ বাপেকৰ মলাধাৰ আছে, মই গা ধুই উঠি সেইবাৰ হাতত লৈ, ‘মোৰ পিতৃৰ টকা ক’ত কিমান আছ ওলাই পৰ’ বুলিলেই, তাৰ পালেঙৰ তলৰপৰা এক লাখ, তুলসীৰ তলৰপৰা এক লাখ, আৰু গা ধোৱা শিলৰ তলৰপৰা এক লাখ ওলাব; তাৰেই আমি দুয়ো সুখেৰে খাই-বৈ থাকিম, আমাৰ আৰু কিহৰ চিন্তা?”
বিক্ৰমাদিত্যৰ পুতেকে জাপ-টাটীৰ মাজৰপৰা এইবোৰ কথা শুনি আছিল৷ তেতিয়াই তেওঁ তাৰ ভিতৰৰপৰা ওলাই ঘৰলৈ গৈ পদূলিৰ মুখতে থকা, পুখুৰীটোত গা ধুই, মালাধাৰ হাতত লৈ
“মোৰ পিতৃৰ ধন য’ত যি আছ, ওলাই পৰ”
বুলিলতে সকলোখিনি ওলাই পৰিল৷ তেওঁ তেতিয়াই সেই ধনৰে কিছুমান মাকক দি ক’লে,
“আই, কাইলৈ যদি কোনোবা আহি তোক খচকি ও নিয়ে তথাপি তই এই টকাৰ সৈ নলবি৷”
এই বুলি মাকক কৈ তেওঁ বাকী টকাবোৰ লৈ বাটত থকা জৰীগছ এজোপাৰ আগত উঠি থাকিল৷ পিছদিনা ভোজ ৰজাৰ জীয়েকে হাৰীটোৰে সৈতে আহি ৰূপ-বান একো নেপাই বুঢ়ীক সুধিও একো উৱাদিহ উলিয়াব নোৱাৰি নিৰাশ হৈ গুচি গ’ল৷ ইয়াৰ পিছত বিক্ৰমাদিত্যৰ পুতেকে গছৰপৰা নামি আহি কিছুমান ৰূপ লগত লৈ বাকীখিনি পুখুৰীটোতে ভালকৈ বুৰাই পুতি থলে৷ আগৰদৰে দেখাশুনাকৈ থাকিলে আপদৰ ভয় দেখি তেওঁ মৰা শিয়ালৰ মোট এটা পিন্ধি পগলাৰ ভাও জুৰি ঘৰ এৰি গাঁৱে গাঁৱে ফুৰিবলৈ ধৰিলে৷ তেতিয়াৰেপৰা তেওঁৰ নাম
“শিয়াল পগলা”
হ’ল৷
শিয়াল-পগলাই এইদৰে ফুৰি ফুৰি এখন বেলেগ ৰজাৰ নগৰত ওলালগৈ৷ সেই ৰজাৰ নগৰতে সোণাৰি এটাই কিছুমান ৰজা-ঘৰীয়া অলঙ্কাৰ কৰি থকা দেখি তেওঁ সোণাৰিটোক ক’লে,
“হেৰো সোণাৰি, তোক ধন দিওঁ, তোৰ অলঙ্কাৰবোৰ মোক দিবি নে?”
সোণাৰিয়ে ক’লে,
“ৰজাৰ অলঙ্কাৰ মই তোক কেনেকৈ দিম বোপাই?”
শিয়াল-পগলাই ক’লে,
“যিমান বেচ তাতকৈ সৰহকৈ টকা দিওঁ দে৷”
সোণাৰিয়ে অলঙ্কাৰৰ বেচতকৈ বেছি টকা পাই অলঙ্কাৰবোৰ শিয়াল-পগলাক দিলে৷ শিয়াল-পগলাই অলঙ্কাৰবোৰ জোকাৰি-পোকাৰি নাচি ফুৰিবলৈ ধৰিলে৷ শিয়াল-পগলাই শিয়ালৰ ছালৰ মোটটোৰ ওপৰত লালী গুড় সানি লৈছিল, সেইদেখি তাত ভেনামাখিয়ে ভেন্-ভেনাই থাকে৷
এইদৰে গৈ গৈ শিয়াল-পগলাই ৰজাৰ ঘৰৰ ওচৰ পালেগৈ৷ সিনো কৰে কি,-যেতিয়া ৰজাৰ জীয়েকে আৰু পাতৰৰ জীয়েক পঢ়াশালিলৈ যায়, তেতিয়া সি বাটতে পথালি দি পৰি থাকে৷
পাতৰৰ জীয়েকে কয়,-
“এই পোক-লগা শগুণে খোৱাটোকনো বাটত পৰি থাকিবলৈ কিহে পাইছে অ’?”
তেতিয়া শিয়াল-পগলাই কেঁকাই কেঁকাই কয়,
“কত মানুহ মোৰ ওপৰেদিয়েই ডেই যাব লাগিছে, তোমালোক গ’লে নো কি হানি আছে৷ যোৱাঁ আইহত, মোক ডেইয়েই যোৱাঁ৷”
কিন্তু তেওঁলোক সেইদৰে যাবলৈ অসন্মত হ’লে সি অলপ কাতি হৈ বাট এৰি দিয়ে, আৰু সেই পিনেই দুয়ো গুচি যায়৷ এইদৰে বহুত দিন যোৱাত এদিন শিয়াল-পগলাই ভাবিলে,
“আজি বাট এৰি নিদিওঁ৷”
ইয়াকে ঠিক কৰি সি সেইদিনাও আগৰদৰে বাটত পথালি দি পৰি থাকিল৷ ৰজাৰ জীয়েক আৰু পাতৰৰ জীয়েকে পঢ়াশালিৰ পৰা উভতি আহি সেইখিনি পাই থমকি ৰ’ল৷ ৰজাৰ জীয়েকে তো নামাতেই; পাতৰৰ জীয়েকে মাত লগালে,
“হেৰ পোক-লগা৷ বাট এৰি দে৷ নিতৌ তই কি এইদৰে মাজ বাটত পথালি দি পৰি বাট ভেটি থাক? বাট এৰি দে; নহ’লে ঠিক কৈছোঁ, আজি বুঢ়ীমাৰে তোক ডেই গুচি যাম৷”
এই কথা শুনি শিয়াল-পগলাই ক’লে,
“যোৱাঁ আইটি যোৱাঁ, ক’ত মানুহ ডেই যাব লাগিছে, তুমি গ’লে নো কি হ’ল? মই উঠিব নোৱাৰো, তুমি ডেই যোৱাঁ৷”
এই কথা শুনি পাতৰৰ জীয়েকৰ খং উঠি তাৰ বুকুতে তাই ভৰি দি গুচি গ’ল৷ কিন্তু ৰজাৰ জীয়েকে নগৈ তাতে থিয় হৈ থাকিল৷ আজি ৰজাৰ জীয়েকে নামাতিলে নচলাত পৰিল দেখি লাহেকৈ মাত লগালে,
“শিয়াল-পগলা, মোক অলপ বাট এৰি দিয়াঁ দেও হে৷ বেলি হ’ল, ঘৰত খং কৰিব৷”
সি উত্তৰ দিলে-
“যোৱা আইটি মোক ডেইয়েই যোৱাঁ, তোমাৰ লগৰীয়া সখীয়েৰাই তো বুকুত ভৰি দিয়েই গ’ল, তুমিও যোৱাঁ, একো হানি নাই৷”
ৰজাৰ জীয়েকে মিহিকৈ উত্তৰ দিলে,
“মই সেইদৰে নেযাওঁ দেও হে; তেওঁ গ’ল, যাওক; মইতো আৰু মোৰ সখী নহওঁ৷ মোক কৃপা কৰি অলপ কাতি হৈ বাট এৰি দিয়াঁ দেও হে৷”
ৰজাৰ জীয়েকৰ কথা শুনি শিয়াল-পগলাই ক’লে,
“তুমি যদি মোলৈ আহিম বুলি সইত খোৱাঁ তেহে মই বাট এৰি দিম, নহ’লে নিদিওঁ৷ তোমাৰ মন যায় যদি ডেইয়েই যোৱাঁ৷”
শিয়াল-পগলাৰ কথা শুনি ৰজাৰ জীয়েকে মহা মস্কিলত পৰি ভালেখিনি বেলি ভাবি থাকি নিৰুপায় হৈ শেহত ক’লে,
“বাৰু সইত সইত তিনি সইত খাই কৈছোঁ তোমালৈ আহিম৷ এতিয়া তুমি মোক বাট এৰি দিয়াঁ”
ৰজাৰ জীয়েকে তালৈ আহিম বুলি সইত খালত শিয়াল-পগলাই বাট এৰি দিলে৷
ৰজাৰ জীয়েক ঘৰ পায়েই পোনেই ৰোহ-ঘৰত সোমালগৈ৷ ৰজাৰ জীয়েকক বিচাৰি নাপাই জীয়েকৰ সখীয়েকক সোধাত সখীয়েকে ক’লে,
“শিয়াল-পগলা বুলি পোক-লগা মানুহ এটা বাটত পৰি বাট ভেটি আছিল৷ মই তাৰ বুকুতে ভৰি দি ডেই গুচি আহিলোঁ,কিন্তু সখী নাহি তাতে তাৰে সৈতে খট্বান্ধ কৰি আছিল৷ এতিয়াও তাতে থাকিব পায়৷”
এই কথা শুনি ৰজা তালৈ গৈ তাতো জীয়েকক নাপাই, ৰোহ-ঘৰত চাই তাতে পালে৷
“তোৰ কি হ’ল? কিয় ৰোহ-ঘৰত পৰি আছ?”
বুলি ৰজাই জীয়েকক সুধিলত জীয়েকে ক’লে,
“দেউতা, আপুনি মোক যদি শিয়াল-পগলালৈ বিয়া দিয়ে, তেহে মই ভাত খাম, নহ’লে নাখাওঁ; নাখাই মৰি যাম৷”
ৰজাই অনেক ৰজাই-বৰাইও জীয়েকৰ মনৰপৰা সেই সঙ্কল্প এৰুৱাব নোৱাৰি শেহত নিৰুপায় হৈ
“বাৰু শিয়াল-পগলালৈকে তোক বিয়া দিম, এতিয়া আহ, ভাত খাহি৷”
বুলি কৈ জীয়েকক মাতি আনি ভাত খুৱালেহি৷ পিছে ৰজাই এই কথা পাত্ৰ-মন্ত্ৰী সভাসদ সকলক মাতি আনি ক’লত তেওঁলোকে ক’লে
“মহাৰাজে যেতিয়া দিম বুলি সৈ কাঢ়িছে, আইদেওক শিয়াল-পগলালৈকে দিবই লাগিব৷ কিন্তু মহাৰাজে এটা কাম কৰক,-চাৰিওফালৰপৰা ৰজাৰ কোঁৱৰসকলক নিমন্ত্ৰণ কৰি আনি স্বয়ম্বৰ পাতি আইদেওক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি তেওঁৰ হাতত মালা দি স্বয়ম্বৰ-সভালৈ পঠিয়াই দিয়ক৷ তেওঁ যাকে মন যায় তাৰে ডিঙিত মালা দি বৰক, সেয়ে মহাৰাজৰ জীয়েকক পাব৷ তেওঁ যদি শিয়াল-পগলাৰ ডিঙিতে মালা দিয়ে সিয়েই তেওঁক পাওক, তেতিয়া আৰু স্বৰ্গদেৱৰ গাত প্ৰত্যবায় নাথাকে৷”
পাত্ৰ-মন্ত্ৰী সভাসদ সকলৰ মন্ত্ৰণা শুনি ৰজাই জীয়েকক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি দি সভালৈ পঠিয়াই দিলে৷ জীয়েকে সভালৈ আহি কাৰো ডিঙিত মালা নিদি, সভাৰ আগচোতালত পৰি থকা শিয়াল-পগলাৰ ডিঙিত মালা দিলে৷ এই কথা দেখি সকলোবোৰ ৰজাই
ছি:৷ ছি:৷
কৰি কন্যাৰ বাপেক ৰজাক গৰিহণা দি সভাৰপৰা উঠি গুচি গ’ল৷
ইয়াৰ পিছত ৰজাই দূৰত এটা ঘৰ সজাই বন্দী-বেটী লগত দি জীয়েক-জোঁৱায়েকক তাতে থৈ দিলে৷ পাতৰৰ জীয়েকে মাজে মাজে সখীয়েকক চাবলৈ আহি, বাহিৰৰপৰা মাতে-
“সখী, তোমাৰ সেই পোক-লগাটো ঘৰৰ ভিতৰত আছে নে? আছে যদি মই ঘৰৰ ভিতৰলৈ আৰু নাযাওঁ; তুমিয়েই এখন্তক ওলাই আহাঁ, তোমাক চাই গুচি যাওঁ৷”
এইদৰে কিছুদিন থকাৰ পিছত এদিন শিয়াল-পগলাই গা ধুবলৈ তপত পানী বিচাৰি লিগিৰীজনীক পানী তপতাই আনি দিবলৈ ক’লে৷ লিগিৰীয়ে পানী আনিলত, শিয়াল-পগলাই তাইক পানী থৈ যাবলে ক’লত, লিগিৰীজনীয়ে তাৰপৰা গৈ আঁতৰৰপৰা লুকাই থাকি, সি গা ধোৱা চাই আছিল৷ এনেতে শিয়াল-পগলাই তাৰ মোটটোৰ মুখৰডোখৰ গুচাওঁতেই মুখখন ডিঙিলৈকে ওলাই জোনটো জিলিকাদি জিলিকিবলৈ ধৰিলত, তাই দেখি লৰি গৈ ৰজাৰ জীয়েকৰ আগত ক’লেগৈ-
“আইচু, লৰি আহক, চাওকহিচোন!আপোনাৰ গিৰিয়েকৰ জেউতিটো!তেওঁ কিবা মোট পিন্ধিহে ভেশচন কৰি আছিল৷”
এই কথা শুনি ৰজাৰ জীয়েকে লৰি আহি দেখিলে যে লিগিৰীৰ কথা সঁচা৷ ঠানুৱা গিৰিয়েকৰ ৰূপ চাৰিওফালে চিটিকি পৰিছে৷ তেওঁ লৰালৰিকৈ আহি গিৰিয়েকৰ মোটটো ফালি পেলাই দি হুৰ্ হুৰ্ কৰে গাত পানী ঢালি ঘঁহি-পিহি দিলে; আৰু তেতিয়াই তেল-টেঙা অনাই ঘঁহি চাফ-চিকুণ কৰি কাপোৰ কানি পিন্ধাই দিলত গিৰিয়েক দিপ্লিপ পুৰুষজন হ’ল৷
ইয়াৰ পিছত গিৰিয়েকে ঘৈণীয়েকৰ আগত আগৰপৰা গুৰিলৈকে তেওঁৰ সকলো কথা ক’লে৷ লিগিৰীয়ে লৰি গৈ ৰজাৰ মাদৈক ক’লে-
“মাদৈ, আহক চাওকহিচোন আপোনাৰ জোঁৱায়েকক৷ তেওঁ কিবা ভেশচন কৰি হে আজি অতদিন আছিল৷ আজি আইচুৱে তেওঁক গা ধুৱাই দিছে, যেনেকৈ হে তেওঁ জিলিকিছে, বেলিটোলৈকে চাব পাৰি তেওঁ আপোনাৰ জোঁৱায়েকৰ ফালে চাব নোৱাৰি৷”
এই কথা শুনি, লিগিৰীজনীয়ে তেওঁক ঠাট্টা কৰিছে বুলি মাদৈয়ে হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে৷ ৰজাই মাদৈৰ কান্দোন শুনি লৰি আহি কি হৈছে বুলি সুধি সেই কথা শুনি একেলৰেই জীয়েক-জোঁৱায়েকৰ ঘৰ ওলালগৈ৷ তেওঁ গৈ দেখে যে কথা সঁচা৷ তেতিয়া মাদৈও আহি তাতে ওলাই আনন্দত জীয়েক-জোঁৱায়েকৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে৷ ৰজাই জোঁৱায়েকৰ মুখৰপৰা তেওঁ এজন ৰজাৰ কোঁৱৰ বুলি জানি বৰ ৰং পালে৷
নগৰত এই কথা বিয়পি পৰিলত ৰজাৰ জোঁৱায়েকক চাবলৈ মানুহ ভাগি পৰিলহি৷ মানুহৰ হেঁচা কমিলত গধূলি পৰত পাতৰৰ জীয়েক ওলালহি৷ পাতৰৰ জীয়েকে এই কথা কোনোমতে পতিওৱা নাছিল৷ তাই ভাবিছিল এইটো কিবা মিছাকৈয়ে এটা ঢৌ তুলি দিছে৷ তাকে ভাবি তাই আহি সখীয়েকক মাতি সুধিলে,
“হয় নে দেও হে! তোমাৰ পোক-লগাটো হেনেও বৰ ধুনীয়া হৈ পৰিছে?”
“কিয়নো ঠাট্টা কৰা দেও হে?”
বুলি ৰজাৰ জীয়েকে সখীয়েকক কৈ মনে মনে থাকিল৷ পিছে ৰজাৰ জীয়েকৰ গিৰিয়েকে পাতৰৰ জীয়েকক ভিতৰলৈ মাতি নিবলৈ ঘৈণীয়েকক ক’লত, পাতৰ জীয়েকে সখীয়েকক সুধিলে,-
“সখী, তোমাৰ পোক-লগা শগুণে খোৱা ধুনীয়াটো ভিতৰতে আছে নে কি?”
ৰজাৰ জীয়েকে লাহেকৈ
“নাই”
বুলি ক’লত পাতৰৰ জীয়েক ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ পাতৰৰ জীয়েকক ঘৰৰ ভিতৰত পাই ৰজাৰ জোঁৱায়েকে ধৰি তাইক নাক-কাণ কাটি খেদি পঠিয়াই দিলে৷ পাতৰৰ জীয়েকে কান্দি কাটি তাইৰ ঘৰলৈ গৈ, কটা নাক-কাণ বাপেকক দেখুৱাই সেই কথা ক’লত পাতৰে ৰজাৰ আগত গোচৰ দিলেহি৷ পাতৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল৷ ৰজাই তেতিয়াই জীয়েকৰ ঘৰলৈ গৈ জীয়েকক সুধিলে,
“জোঁৱাইয়ে পাতৰৰ জীয়েকৰ নাক-কাণ কাটিবৰ কোন?”
জীয়েকে উত্তৰ দিলে,
“আপুনি নো এই কথা সুধিবৰ কোন?”
ৰজাই এনে উত্তৰ শুনি তধা লাগি ক’লে-
“মই কোন তই নাজান? মই ৰজা৷”
জীয়েকে উত্তৰ দিলে-
“মোৰ গিৰিহঁতও মহাৰাজা বিক্ৰমাদিত্যৰ পুতেক মহাৰাজা৷”
বিক্ৰমাদিত্যৰ নাম শুনিয়েই ৰজা জঁয় পৰি গ’ল৷ তেওঁ তেতিয়া জোঁৱায়েকৰ আঁতিগুৰি বুজি লৈ ক’লে,
“তেওঁ দেখোন পাত্ৰৰ জীয়েকৰ হে নালাগে আমাৰও নাক-কাণৰ গৰাকী৷ তেওঁৰ আগত আমি নো কি এখুদমান ৰজা৷”
এই বুলি ৰজাই জোঁৱায়েকক বৰ মান সৎকাৰ কৰিলত, জোঁৱায়েকে তেতিয়া নিজৰ আঁতিগুৰি, আৰু কিয় তেওঁৰ ৰাজ্য এৰি তেওঁ এইদৰে বলিয়া হৈ ঘূৰি ফুৰিছিল, ইত্যাদি সকলো কথা শহুৰেকৰ আগত ভাঙি-পাতি ক’লে; আৰু পাত্ৰৰ জীয়েকে তেওঁক কেনেকৈ সদায় অপমান কৰি আছিল, আৰু সেইবাবে হে যে তেওঁ তাইৰ নাক-কাণ কাটিলে এই কথাও ক’লে৷ এইবোৰ কথা শুনি শহুৰেক ৰজাই জোঁৱায়েকক আনি নিজৰ সিংহাসনত বহুৱাই নিজে নামনিৰ খাটোলাত বহিল৷
ইয়াৰ পিছত ৰজাই কন্যাদানৰ ভোজ দিবলৈ ন-কুৰি হজুৱাক ন-কুৰি পহু মাৰি আনিবলৈ হাবিলৈ পঠিয়ালে৷ হজুৱাবোৰে পহু নাপাই, গধূলি উভতি আহি ৰজাৰ জোঁৱায়েকৰ আগত দীঘল দি পৰি ক’লে,
“আমাৰ ৰাখক৷ আমি পহু নাপালোঁ বুলি ক’লে ৰজাই আমাক কাটিব৷”
জোঁৱায়েকে হজুৱাহঁতক অভয় দিলত সিহঁত ৰাতি তাতে থাকিল৷ বিক্ৰমাদিত্য ৰজাৰ পুতেকে সেই ন-কুৰি হজুৱাৰ টিকাত চাব দি সিহঁতক নিজৰ কৰি ললে, আৰু পিছদিনা নিজে হাবিলৈ গৈ ন-কুৰি পহু মাৰি আনি শহুৰেকক দি বৰ ভোজ পতাই সকলোকে খুৱালে৷
বিক্ৰমাদিত্য ৰজাৰ পুতেক কিছুমান দিন তাতে থাকি, তাৰ পিছত নিজৰ ঘৰলৈ যাবলৈ ওলাল৷ শহুৰ-শাহুৱেকক বিদায় লৈ তেওঁ যৌতুক পোৱা বেটী-বন্দী লা-লগুৱা, দোলা-ঘোৰাৰে সৈতে সেই ন-কুৰি হজুৱা লগত লৈ ঢোলে-খোলে গায়নে-বায়নে তলৰ মাটি ওপৰকৈ যাবলৈ ধৰিলে৷ বিক্ৰমাদিত্যৰ পুতেক এইদৰে গৈ নিজৰ ঘৰৰ ওচৰ পালত অলৰ-অচৰ বুঢ়ী-মাকে ভয় খাই চুচৰি-বাগৰি কোনোমতে গৈ বাৰী-চুকৰ হাবিত সোমালগৈ৷ পুতেকে ঘৰ পাই মাকক নেদেখি বিচাৰি বাৰী-চুকৰ হাবিত পাই, নিজৰ চিনাকি দি আৰু নিৰ্ভৰ দি উলিয়াই আনিলে৷ ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্যখন ভালকৈ পাতি লৈ মহাপয়োভৰেৰে ৰাজত্ব কৰিবলৈ ধৰিলে; আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা সেই ভোজ ৰজাৰ মন্ত্ৰী কেইজনক মতাই অনাই নিজৰ মন্ত্ৰী পাতি বিষয়-বাসনা দি ৰাখিলে৷ ভোজ ৰজাৰ জীয়েকক হাৰীটোৰে সৈতে ধৰাই আনি একেটা গাঁততে পুতি মাৰিলে; আৰু আগেয়ে পুখুৰীত থৈ যোৱা ৰূপবোৰ উলিয়াই আনি অকণ্টকা ৰাজ্য ভোগ কৰিবলৈ ধৰিলে৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- ককাদেউতা আৰু নাতিল’ৰা
শেহতীয়া উন্নীতকৰণ: : 2/8/2023