অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাধুকথা

সোণটি আৰু ভূতঃ

 

সোণটি আৰু ভূতঃ

"কোৱানা আইতা৷"

সোণটি ইতিমধ্যে অধৈৰ্য হৈ উঠিছিল৷ অথচ সিয়ো জানে এই খুন্দি থকা তামোলখন মুখত ভৰাই এটা পাগ তুলি লোৱাৰ পিছতহে যে আইতাকে ক’বলৈ আৰম্ভ কৰিব৷

“ আজি তোক সাধু মানে এটা সঁচা কথা কম দেই৷ তোৰ ককাৰ ডেকা কালৰ কথা৷ তই শুনি চাগে ভাল পাবি৷ ককাৰে সিদিনা জোঁৰলৈ মাছ কাটিব গৈছিল৷ তেতিয়াৰ দিনত কেইডালমান খৰিৰ আটি বান্ধি জুই জ্বলাই তাৰে পোহৰৰ সহায়ত জলাহ বা পিটনিৰ দৰে ঠাইত মাছ মাৰিছিল, তাকেই জোঁৰকটা বুলি কৈছিল৷ অৱশ্যে আজিকালি আগৰ দৰে পোহৰৰ বাবে তেনেদৰে খৰিৰ ব্যৱহাৰ নকৰে দেচোন; বিজ্ঞানৰ ন-ন আবিষ্কাৰে তেনে কামৰ বাবে সুবিধাজনক পোহৰৰ আন উৎস উদ্ভাৱন কৰিছে নহয়, গতিকে তেনে সুবিধাজনক কিবা এটা লৈয়েই যায়৷ তোৰ ককাৰে কিন্তু তাহানিৰ সময়ত তেনেদৰে জোঁৰ লৈয়েই গৈছিল৷ সচৰাচৰ জোনাকতকৈ আন্ধাৰ ৰাতি এনেদৰে মাছ মাৰিবলৈ সুবিধা হয়৷ কিয় জাননে? কিয়নো আন্ধাৰত পোহৰ আহি আচম্বিতে চকুত পৰিলে আমাৰ যিদৰে জলক-তবক লাগে মাছৰো তেনেকুৱা হয়৷ পানীত ঢৌ আৰু শব্দ যিমান পাৰি কমাই আগবাঢ়িলে পোহৰ দেখি তভক খাই ৰৈ থকা মাছবোৰক সহজতে কাটিব বা শেলেৰে শালি ধৰিবলৈ পাৰি৷“

“অৱশ্যে ৰাতি তেনেদৰে গ’লে সাবধানে যাব লাগে৷ কাৰণ পানীত মাছৰ লগতে বিষাক্ত সাপো থাকে নহয়, অসাবধান হৈ যদি তেনে সাপক বিৰক্ত কৰা হয় মানুহক খুঁটিবও পাৰে৷ ককাৰে বোলে মাছ মাৰিবলৈ যাওঁতে বহুদিন তেনেদৰে পানীৰ মাজত থকা সাপ দেখিছিল৷ “

“তোৰ ককায়ে মোক কোৱামতে, সিদিনাবোলে মাছেই মাছ, যি ফালে চকুদিয়ে সেইফালেই মাছ৷ লগত নিয়া কাঁচিখনেৰে বহুত মাছ কাটিলে৷  কম সময়তে খালৈটো ভৰিল৷ “

“এনেতে পাচফালে পানীত জপং জপংকৈ হোৱা কিবা শব্দ শুনি ঘূৰি চাই যি দেখিলে নহয়, তেখেতৰ বোলে কাপোৰে-কানিয়ে সৰুপানী বাহিৰ হোৱাৰেই উপক্ৰম হ’ল৷“

“আইতা কি দেখিলেনো? “

“ কিনো হ’ব আৰু, লেঙ লেঙকৈ ওখ সেই কিবাটো দেখি ককায়ে থিকেই ধৰিলে যে সি বাঁকেই হ’ব৷“

“এই বাঁক বা ঘোৰাপাক হ’ল এবিধ মাছ খোৱা ভূত৷ সিহঁতে নিজে কষ্ট কৰি মাছ খোৱাতকৈ বেলেগে এনেদৰে ধৰা মাছ চুৰি কৰি আৰামতে খাবলৈ বিচাৰে৷  তেনেদৰে চুৰি কৰি মাছ খাই বাঁক ধৰাপৰিলে, ধৰা পেলোৱা মানুহজন যদি দুৰ্বল আৰু ভয়াতুৰ হয় তেনেহ’লে বাঁকে বোলে সেই মানুহজনক মাৰি বোকাত ওলোটাকৈ পুতি থয় আৰু মাছবোৰ খায়৷ আৰু সাহিয়াল খামিডাঠ মানুহ হ’লে এঘড়ী যুঁজ দিব ভাবি ভয়ত বাঁক পলায়৷। বাঁক কিন্তু ভয়াতুৰ দেই৷ আৰু ইমান ভয়াতুৰ কিয় জাননে নাই? বাঁকৰ কঁকালৰ খোঁচনিত এখন বোলে মোনা থাকে, সেইখন কিবাকৈ আনিব পাৰিলে আনোতাজনৰ কপাল ফুলিল৷ মোনাখন ঘূৰাই নিব নোৱাৰালৈকে বাঁক সেইজনৰ বহতীয়া হৈয়েই থাকিব লাগে৷ যিহেতু বাঁকৰো কিছু মায়াবী শক্তি থাকে, সেয়েহে এনেদৰে বহতীয়া কৰি ল’ব পাৰিলে মানুহে কৰিব নোৱাৰা বহুত অসম্ভৱ কামো বাঁকে সহজতে কৰি দিবলৈ বাধ্য হৈপৰে৷“

ভূতৰ কথা শুনি সোণটিৰ গাটো জিকাৰ খাই উঠিল৷ ভয়তে সি চকুদুটা মুদি দিলে আৰু তেতিয়াই লেঙ লেঙকৈ ওখ কিবা এটা তাৰ ফালেও আগবাঢ়ি অহা যেন পালে৷  একেজাপে সি আইতাকৰ কোঁচত উঠিল৷ ভয় লাগিলেও সোণটি কথাৰ বাকীছোৱা শুনিবলৈ অধৈৰ্য হৈ পৰিল৷ আইতাকেও কোৱাৰ মাজতে অলপ জিৰণি লৈছিল৷ গতিকে সি “আইতা তাৰ পিছত কি হ’ল কোৱানা, কোৱানা“ বুলি কুতুৰিব ধৰিলে৷

আইতাকেও এই সুযোগটো ল’ব খুজিলে৷ “ক’ব লাগে যদি মোক এটা চুমা দে, নহ’লে আৰু আজি মোৰো ক’বলৈ মন নাই দেই৷ “- বুলি কোৱাত সোণটিয়েও কাহিনী শুনাৰ লোভত টপৰ-টপৰকৈ আইতাকৰ গালত দুটামান ভালকৈয়ে দিলে৷

আইতাকে আকৌ ক‘বলৈ ধৰিলে, “ শুনতেনে হ’লে ককাৰে নো কি কৰিলে! “

সোণটিঃ “ কি কৰিলে ককাই? “

“তেনেদৰে সেই কিবা টো দেখি ঘৰলৈ উভতিব খুজিলে৷ কিন্তু সিদিনা তোৰ ককাৰ দিন বেয়া আছিল হ’বলা৷  উভতিব খুজিও ঘৰলৈ অহা বাট বিচাৰি নোপোৱা হ’ল, আচলতে পৰুৱাই পালে৷ এই পৰুৱাই পোৱাও এবিধ ভূতেই বুলিব পাৰি৷  যাক লম্ভে তাৰেই বাটৰ উৱাদিহ হেৰায়৷ একে ঠাইতে ঘূৰিয়েই থাকে, ঘূৰিয়েই থাকে, সঠিক পথটোহে বিচাৰি নাপায়৷”

“তেনে পৰিস্থিতিত পৰি তেখেত বিতত হৈ পৰিল৷  তেনেতে অলপ দূৰৈত এটা পোহৰ দেখিলে৷ তেখেতৰ দৰে জোঁৰলৈ মাছ কাটিব যোৱা অইন কাৰোবাৰ পোহৰ বুলি তেখেত নিশ্চিত হ’ল, আৰু সেইয়া  দেখিহে তেখেতৰ জীউটো ঘূৰি অহা যেন পালে৷”

“ককাৰে সেই মানুহজনক চিঞৰি চিঞৰি মাতিলে৷  মাত শুনি সেই মানুহজনো ওচৰ চাপি আহিল, এখেতো আগবাঢ়ি গ’ল৷ কাষপাই দেখিলে ওচৰৰ চুবুৰীৰে চিনাকি মানুহ এজন৷  মানুহজন খুব ভাল আছিল৷ এখেতৰ বিপত্তিৰ কথা শুনি মানুহজনে একেবাৰে ঘৰলৈ আগবঢ়াই থৈহে নিজৰ ঘৰলৈ গ’লগৈ৷ তেনেদৰেহে তোৰ ককাই সেই বিপদৰ পৰা সিদিনা উদ্ধাৰ পালে৷ ”

সোণটিৰ ভয় লাগিলেও ভূতৰ কথাৰ তেনেদৰে ইতি পৰাত সিমান কিন্তু ভাল নাপালে৷ সি মনেমনে ভাবি আছিল যে ককাকে ভূতৰ লগত ভালকৈয়ে এঘড়ী লাগিব লাগিছিল আৰু তেনেদৰে লাগিলেহে ভূতে নেজ পেলাই দৌৰিলেহেঁতেন৷  আৰু কিবাকৈ যদি বাঁকৰ খোঁচনিৰ সেই মোনাখন ককাকে আনিব পাৰিলেহেঁতেন!!

বিৰক্তিৰভাৱেৰে সি সুধিলে, “এহ্ আইতা, শেষেই কৰিলা নেকি? ভূতটোৰ নো কি হ’ল?” আইতাকে বোলে, “ভূতৰ আকৌ কি হ’ব, সিহঁত হ’ল মায়াবী জীৱ, ঠাইতে ওলায় আৰু ঠাইতেই নাইকিয়াও হ’ব পাৰে; ককায়ে সেই মানুহজন লগ পোৱাত চাগে তাৰ পৰা গুচি গ’ল, নহ’লে কি হ’লহেঁতেন কোৱা টান৷”

এই বোৰকথাই সোণটিক শিহৰিত কৰাৰ লগতে ভয়ত বিতত কৰিও তুলিছিল৷ চকুদুটা মেলিলেই লেঙলেঙকৈ ওখ কিবা এটা তাৰ ফালে আগবাঢ়ি অহাযেন লগা হ’ল;  সি আইতাকৰ কোঁচৰ পৰা ননমা হ’ল৷

ইতিমধ্যে তাৰ মনত এনে ভাব সোমাল যে আইতাকে তাক কোৱা সকলোবোৰ কথা ভূতেও শুনিলে আৰু এতিয়া সিহঁতৰ ঘৰলৈও ভূত আহিবই৷ আইতাকে আগতে কোৱাৰ দৰে ভূতৰ বাবে সুচল পৰিবেশ এটাওতো ক্ৰমশঃ গঢ়লৈ উঠিব ধৰিছিল৷ এইফালে এন্ধাৰো নামিছিল! ভূতে বোলে ধুমুহা, বৰষুণৰ লগতে বিজুলি, ঢেৰেকণিও ভাল পায়, আৰু ইচ্ছা কৰিলে সেইবোৰ লগতলৈও আহিব পাৰে৷ এতিয়া এই সকলোবোৰ আহিবও ধৰিছে!

তেনেতে সিহঁতৰ ঘৰৰ টিনৰ ছালত জৰপ্-জৰপকৈ কিবা শব্দ হ’ল, যেন ছালত উঠি কোনোবাই খোজ কাঢ়িছে৷ সোণটি উচপ খাই উঠিল৷ তাৰ এনে লাগিল যেন এইয়া নিশ্চয় বাঁকৰে কাম হ’ব৷ লেঙলেঙীয়া ভৰি দুখনেৰে একেজাপে টিঙৰ চালত জপিয়াই পৰিবাঁক নিশ্চয়তাৰ ফালেই আগবাঢ়ি আহি আছে৷ বাঁকে পানী ভালপায় বাবেহে এনেদৰে বৰষুণো লগতলৈ আহিছে৷ সি ভয়তে চকুদুটা মুদি দিলে আৰু কুৰুকি কুৰুকি আইতাকৰ বুকুৰ মাজত সোমাব খুজিলে৷

ভয় লাগিলেও ভূত দেখাৰ লোভতেই হওক বা এনেয়ে হওক, পাৰেখিনি সচেতনতাৰে চকুদুটা মেলি সি লাহে লাহে মূৰটো ইফালে-সিফালে ঘূৰালে৷

আৰু তেতিয়াই সি কানিমুনি পোহৰত দেখিলে, ভালকৈয়ে দেখিলে যে সিহঁতৰ ঘৰৰ বেৰ আৰু ছালৰ মাজৰ ফুটাৰে লেঙলেঙকৈ দীঘল কিবা এখন সোমাই আহিছে- সেইয়া কি? নিশ্চয় ভূতৰে হাত হ’ব– সি ভয়তে থৰ-থৰকৈ কঁপিব ধৰিলে আৰু শেষত চিঞৰি উঠিল৷

পাকঘৰৰ পৰা মাকো দৌৰি আহিল; সোণটিক বুকুৰ মাজত সোমাই ল’লে- কিন্তু নাই, তাৰ কঁপনি বন্ধ নহয় হে নহয়৷ মাকে ভূত-প্ৰেত একো নাই, সেইবোৰ মানুহক ভয় খুৱাবলৈ এনেয়ে কোৱা কথাহে বুলি কিমান যে বুজালে! নাই, সি কেৱল কঁপিয়েই থাকিল৷ কঁপনিত মুখেৰে তাৰ মাতেই নোলোৱা হ’ল৷ তাৰ এনে অৱস্থা দেখি মাক আৰু আইতাক অসহায়হৈ পৰিল৷  তাতেই সোণটিৰ দেউতাকো ঘৰত নাই; দুদিনমানৰ বাবে খেতি চাবলৈ পামলৈ গৈছিল৷

লাহে লাহে সোণটিৰ জ্বৰ উঠিল আৰু ৰাতিলৈ জ্বৰ বাঢ়িল৷  মাজে মাজে কেৱল সি অস্পষ্ট ভাৱে ভূত-ভূত বুলি চিঞৰ মাৰে আৰু হাত খনেৰে বেৰ আৰু চালৰ মাজৰ ফুটাটোৰ ফালে ইংগিত কৰে৷ কপালত জল পটি দি দি কোনোমতে মাকে ৰাতিটো পাৰ কৰিলে আৰু পূৱে ধলফাট দিয়াৰ লগেলগে ওচৰৰ ল’ৰা এজনক সোণটিৰ দেউতাকক খবৰ দিবলৈ পামলৈ বুলি পঠালে৷

খবৰ পাই দেউতাক উধাতু খাই আহিল৷ দেউতাকক দেখি সোণটিৰো মনলৈ সাহস আহিল৷ দেউতাকৰ বুকুৰ মাজত নিৰ্ভয়তাৰে সোমাই সোণটিৰ এনে ভাব হ’ল যে দেউতাকৰ ওচৰত অইন একোৱেই পাত্তা নাপায়,  ভূতেনো কিদৰে পাব; দেউতাকক দেখিলে ভূত নিশ্চয় পলাই পতং দিব৷ সোণটিয়ে ৰাতিৰ গোটেই কথাবোৰ দেউতাকক সবিস্তাৰে ক’লে৷

শুনি দেউতাকৰ হাঁহি উঠিল৷ “ আহা তোমাক ৰাতিৰ ভূত মই এতিয়াই দেখুৱাম৷“

ভূত দেখাম বুলি কোৱা কথাই সোণটিৰ ভয় অলপ বঢ়ালেওঁ দেউতাকৰ সাহত সিও আগবাঢ়িল৷ দেউতাকে ঘৰৰ কাষতে থকা নাৰিকলৰ গছডালৰ ওচৰলৈ তাক লৈ গ’ল আৰু ক’লে, “দেখিছানে, এয়াই ভূত৷“

সোণটি বুজা-নুবুজাৰ দোমোজাত দেউতাকলৈ চাই কেৱল হা কৈ মুখ মেলি থাকিল৷

দেউতাকে তাক দেখুৱালে ঘৰৰ ছালৰ ওপৰলৈ হাউলি পৰা নাৰিকলৰ পাতকেইটা৷

“চোৱা, তোমাৰ ভূত অহাৰ সময়ত বতাহ বলিছিল, আৰু বতাহৰ কোবত এই পাত কেইটাই টিনৰ ছালত কৰা শব্দকে ভয়তে তুমি ভূতৰ খোজৰ শব্দ বুলি ভাবিছিলা৷ “

“এইয়া চোৱাচোন“- এই বুলি কৈ দেউতাকে যেতিয়া এডাল বাঁহৰ চিৰিৰে নাৰিকলৰ পাতকেইটা জোকাৰি দিলে সোণটিয়ে সঁচাকৈ ৰাতি শুনাৰ দৰে টিনৰ ছালত জৰপ্-জৰপকৈ হোৱা শব্দটো শুনা পালে৷ তাৰ ভয়টো আঁতৰি মুখলৈ হাঁহি আহিল৷

“ কিন্তু দেউতা, ৰাতি ভিতৰলৈ হাতৰ দৰে কিবা এখন সোমাই যোৱাও যে দেখিলোঁ? “

“ সেইয়াও বতাহত ঘৰৰ ভিতৰলৈ সোমাই যোৱা এই নাৰিকল গছৰ পাতেই আছিল৷ বতাহৰ কিবা পাকত এই ছালৰ কাষত ওলমি থকা পাতেই ভিতৰলৈ সোমাল৷ সোণটিৰ তেতিয়া ভালদৰে ভাবি চাই মনত পৰিল যে হয়, ৰাতি সি তেনেকুৱা পাতৰ দৰে কিবায়েই দেখিছিল, মাথোঁ ভূতৰ কথা মনলৈ আহি থকা বাবেহে ভাবি চোৱা নহ’ল৷

“দেউতা তুমি নো কেনেদৰে লগেলগে কথাবোৰ গম পালা? “

“ মই পামলৈ যোৱাৰ আগতে অহা ধুমুহাজাকত এই পাতকেইটা তেনেদৰে হাউলি পৰিছিল৷ মই তালৈ যোৱাৰ আগতে পাতকেইটা কাটিম বুলি ভাবিছিলোঁ যদিও সময়ত পাহৰিলোঁ৷ “

সোণটিৰ মনলৈ আগৰ সাহস ঘূৰি আহিল৷ তথাপিও মনৰ খু-দুৱনি মাৰিবলৈ সুধিলে, “ কিন্তু দেউতা আইতাই যে ক’লে, ককাই জোঁৰলৈ মাছ কাটিব যাওঁতে বাঁকক দেখাৰ কথা? “

“তুমি ভাবাচোন তেনেদৰে যদি সঁচাই মায়াবী শক্তিৰ অধিকাৰি কিবা এটা থাকিলহেঁতেন তোমাৰ ককাই তেনেকৈ মাছলৈ ঘৰলৈ উভতিব পাৰিলহেঁতেন? সঁচাকৈ মাছৰ লোভতেই তেনেদৰে অহাহেঁতেন যেনেকৈয়ে নহওক মাছ কেইটা নোখোৱাকৈ গ’লহেঁতেন জানো? নিশ্চয় নাযায়৷“

“আচলতে সকলোবোৰ হ’ল মনৰ ভ্ৰম, যিদৰে তুমি কালি ভয় খালা, নাৰিকল গছৰ পাতকে ভূতৰ হাত বুলি৷  তোমাৰ ককাইও তোমাৰ দৰে মনত ভয়ভাব লৈ সেই নিজান পথাৰত ৰাতি জোঁৰকাটি আছিল৷ তুমি কৈছা যে ওচৰতে মাছকাটি থকা সেই মানুহজনে শেষত ঘৰলৈকে তোমাৰ ককাক আগবঢ়াই থৈ গ’ল৷ সেই মানুহজনৰ লগতো জোঁৰকাটা সময়ত এটা পোহৰ আছিল৷ নিশ্চয় এটা পাকত সেই পোহৰে সৃষ্টি কৰা ছা টোকে বা সেই মানুহজনকে ককায়েৰাই ভূত বুলি ভাবিছিল৷ আৰু চাবাচোন আমাৰ নিজৰ ছা বোৰেই কেতিয়াবা লেঙলেঙকৈ কিমান দীঘলহৈ পৰে৷ “

তেতিয়াই মানুহে ভয়তে বিতত হৈ উৱাদিহ হেৰায়, যিটো কালি তোমাৰ হৈছিল৷ তেনেদৰে উৱাদিহ হেৰুৱালে তোমাৰ ভ্ৰম হ’বই৷  সমুখত থকা বস্তুটোও দেখা নাপাবা, সমুখতে থকা পথটোও বিচাৰি নাপাবা৷  তেনে অৱস্থাকেই পৰুৱাই পোৱা বুলি মানুহে আগতে ভাবিছিল৷ মুঠতে মনত ৰাখিবা ভয়াতুৰ মানুহৰ ভয়তে অস্থিৰ হৈ পৰা অৱস্থাতহে ভূতে দেখা দিয়ে বা পৰুৱাই পায়৷“

দেউতাকৰ কথাত সোণটিৰো মনৰ ভ্ৰম আঁতৰিল৷ কিন্তু মনটো একেবাৰে ফৰকাল কৰাৰ বাবে সুধিলে, “দেউতা, এইযে ভূতে মানুহো মাৰি থৈছিল বুলি কয়, কথাটোনো কি? “

“ চোৱা, তেনেদৰে মাছ মাৰিব যোৱা কাৰোবাক অসাবধানতাবশতঃ কেতিয়াবা বিষাক্ত সাপে খুঁতিও মাৰিব পাৰে; বিষৰ পৰিমাণ বেছি হ’লে মানুহ মৰোঁতে বেছি সময় নালাগে নহয়, তেনেদৰে পথাৰতে মৰি পৰি থাকিবও পাৰে৷ আৰু সমাজত কিছুমান দুষ্ট, দগাবাজ মানুহ আগৰ পৰাই আছে, তেনে কিছুমানেই কেতিয়াবা আলাসতে মাছ খাবলৈ বিচাৰি এনেদৰে কষ্ট কৰি মাছ মাৰি থকা দুৰ্বলমনৰ মানুহক কিবাকৈ ভূতৰ ভয় দেখুৱাই হয়তো মাছবোৰ চুৰ কৰিলৈ আহিছিল৷ কেতিয়াবা তেনেদৰে অকলশৰীয়া মুহূৰ্তত পাই কিছুমান বৰ্বৰ প্ৰকৃতিৰ মানুহে পুৰণি শত্ৰুতাও শালিবৰ সুযোগ ল’বও পাৰে৷ “

সোণটিৰ আইতাকেও কথাবোৰ শুনি আছিল৷ এইবাৰ দেউতাকে সোণটিৰ আইতাকৰ ফালে চাই ক’লে, “চোৱা চোন মা, তোমাৰ এই কথাবোৰে তাৰ অন্তৰত কেনে মাৰাত্মক প্ৰভাৱ পেলাইছিল? “

আইতাকে এটা হুমুনিয়াহ কাঢ়িলে আৰু ক’লে, “ ময়োতাকেই ভাবি আছিলোঁ৷ ভুল মোৰেই৷ আচলতে এনে ভয় লগা কথা সৰুৰ আগত কেতিয়াও ক’ব নালাগে৷ মই হ’লে আৰু কেতিয়াও নকওঁ৷ “

কৃতজ্ঞতা স্বীকাৰঃ ঘনশ্যাম ডেকা, আইজল৷

(উৎসঃ ইণ্টাৰনেট, সাহিত্য ডট অৰ্গ, মানৱেন্দ্ৰকুমাৰ শৰ্মা)।

3.09375
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top