অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঢ়া-শুনাৰ অসুবিধাবোৰ :

পঢ়া-শুনাৰ অসুবিধাবোৰ :

 

‘ডাক্তৰ হৰ্ন্সবি,
মই গভীৰ হতাশাৰ মাজত এই চিঠিখন লিখিছো। মোৰ একমাত্ৰ সন্তান আঠ বছৰীয়া, তাক লৈ অত্যন্ত চিন্তিত। যোৱা সপ্তাহত তাৰ স্কুলৰ শিক্ষকে মোক ক’লে যে সি লিখাত আৰু বানানত সমানেই বেয়া। তাৰ বুদ্ধি পৰীক্ষা কৰি স্বাভাৱিকেই(৯০-১২০) পোৱা গৈছে।
আমি জানো সি বুৰ্বক নহয়, সি এটা বুধিয়ক ল’ৰা। কিন্তু সি পঢ়াত একেবাৰে বেয়া আৰু দিনক দিনে সি অধিক বেয়া হৈ গৈ আছে। মই বহু আশা কৰি আপোনালৈ লিখিছো। আশা কৰো, জনক চাই আপুনি পৰামৰ্শ এটা দিব’।
এইখন আছিল লাৰ্ণিং ডিজেবল(Learning Disable) ল’ৰা জনৰ মাকৰ ডাঃ হৰ্ন্সবিলৈ লিখা চিঠি। ডাঃ হৰ্ন্সবি আছিল এজন মানসিক ৰোগৰ চিকিৎসক। যিয়ে এই বিষয়ত ১৯৬০ চনৰপৰাই কাম কৰি আছে।
এনে চিঠি দৈনিক তেওঁলৈ শতাধিক আহে। অভিভাৱকসকলে এনে সমস্যাৰ বৰ্ণনা কৰি আৰু সু-পৰামৰ্শ বিচাৰি তেওঁলৈ চিঠি লিখে। শিক্ষাই জীৱনৰ সফলতাৰ চাবি-কাঠী। গতিকে এনে ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ মনৰ চিন্তা আৰু হতাশা অতি সহজেই অনুমেয়।
লাৰ্ণিং ডিজেবিলিটী বুলি ক’লে সাধাৰণতে আমি পঢ়া-শুনাৰ অসুবিধাবোৰকে বুজো। ইয়াৰ এটা সৰ্বজন গৃহীত সংজ্ঞা আছে, যিটো ১৯৮৮ চনত National Committee for Learning disability–এ দিছিল।
‘Learing disabilities is a generic term that refers to a hetrogenous group of disorders Menifested by significant difficulties in the acquisition and the use of listening, speaking, reading, writing, reasoning and mathematical abilities or of social skills. These disoeders are intrinsic of the individual and presumed to be due to central nervous system dysfunction’.
সাধাৰণতে পঢ়া-শুনাৰ এই সমস্যাবোৰ বুজাবলৈ বহুকেইটা শব্দ ব্যৱহাৰ কৰা হয় Dyslexia, specific learning disability, learning disabilities ইত্যাদি। লাৰ্ণিং ডিজেবিলিটী হ’ল এক প্ৰকাৰৰ developmental disorder।
সাধাৰণতে মানুহৰ মাজত এটা ধাৰণা আছে এনেবোৰ অসুবিধা আছে মানে ল’ৰা বা ছোৱালীজনী পঢ়াত পাছ পৰি আছে আৰু লাহে লাহে বয়সত সিহঁত ঠিক হৈ যাব। কিন্তু কথাটো তেনেকুৱা নহয়। এই সমস্যাবোৰ যিমানেই আওকাণ কৰা হয় সিমানেই পিছলৈ অসুবিধা হয়।
এনেকুৱা অসুবিধাবোৰ কিয় হয় তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। কোৱা হয়- জন্মৰ আগতে শিশুটিয়ে মগজুত যদি কিবা আঘাত পায়, তেতিয়াহ’লে পিছলৈ এনেবোৰ সমস্যাই দেখা দিয়ে। চেন্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত হোৱা বিসংগতি বা বৈষম্যৰ বাবে ‘লাৰ্ণিং ডিজেবিলিটী’ হোৱা বুলি ঠাৱৰ কৰিছে। পঢ়া আৰু বানানৰ ভুল আদি বংশগত বুলি গৱেষণাই কয়।
‘লাৰ্ণিং ডিজেবিলিটী’ৰ সমস্যাটো মাজত কিমান আছে সঠিকভাৱে কোৱা টান। কাৰণ মাক-দেউতাক বা শিক্ষকসকলে ল’ৰা-ছোৱালীয়ে এনে সমস্যাত যে ভুগি আছে সেইটো বুজি নাপায়। সেইবাবে এইবোৰ চিনাক্ত কৰাটো তেওঁলোকৰ বাবে এটা কঠিন কাম। ভাৰতত ১৫ শতাংশ ল’ৰা-ছোৱালীৰ এই সমস্যাটো আছে। আনহাতে, আমেৰিকাত এই সমস্যা ৮ শতাংশ দেখা যায়।
বহু মানুহে ভাবে যে লাৰ্ণিং ডিজেবিলিটী অকল ইংৰাজী কোৱা ল’ৰা-ছোৱালীৰ মাজত হয়, কিন্তু আচলতে সেইটো নহয়। যিকোনো মাধ্যমত পঢ়া ল’ৰা-ছোৱালীৰ এই অসুবিধাটো হয়। ল’ৰা-ছোৱালী সমানেই এই সমস্যাটোত ভোগে।
বহু ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ টান পায় বা কোনোবা বিশেষ বিষয় এটা টান পায়। কিন্তু সেইটো লাৰ্ণিং ডিজেবিলিটীৰ নহয়। কিন্তু এই সমস্যাটোত ভোগা ল’ৰা-ছোৱালীবোৰে কিছুমান বিশেষ ধৰণৰ আচৰণ দেখুৱায় আৰু সেইবোৰ বেচ কিছুদিন ধৰি চলিয়েই থাকে।
*তেওঁলোকৰ লিখিব আৰু পঢ়িবলৈ অসুবিধা হয়।
*অংক তেওঁলোকে বহু টান পায়।
*পঢ়া কথাবোৰ সোনকালে পাহৰি যায়।
*মনোযোগ বহু কম।
*সময়ৰ ধাৰণাটো একেবাৰে কম।
*কোনোবাই কিবা নিৰ্দেশ দিলে সেই কামটো বুজি উঠি কৰাত তেওঁলোকে অসুবিধা পায় বা বহি বেছি সময় লাগে।
*তেওঁলোক কাম-কাজত, পঢ়া-শুনাত পৰিপাটী নহয়।
*সোঁফাল-বাঁওফালৰ ধাৰণাটোত সদায়েই খেলিমেলি কৰে।
*নতুন সমস্যাবোৰ সমাধান কৰোতে তেওঁলোকে অসুবিধা পায়।
*তেওঁলোকৰ কল্পনা শক্তি তীব্ৰ হয়।
ল’ৰা-ছোৱালীবোৰৰ মাজত এইবোৰ অসুবিধা দেখিলেই আমি কোনোবা ল’ৰা-ছোৱালীৰ লাৰ্ণিং ডিজেবিলিটী আছে বুলি ক’ব নোৱাৰে। সাধাৰণতে পঢ়া-শুনাৰ লগত জড়িত আৰু কিছুমান অসুবিধাক দেখা যায়।
সাধাৰণতে সেইবোৰ অসুবিধাক চাৰিটা ভাগত ভগাব পাৰি-
*ডিছলেক্সিয়া(Dyslexia),
*ডিছগ্ৰাফিয়া(Dysgraphia),
*ডিছকেল্কুলিয়া(Dyscalculia),
*ডিছপ্ৰক্সিয়া(Dyspraxia)।
ডিছলেক্সিয়া:
ইয়াৰ অৰ্থ হ’ল ভাষা বা শব্দৰ কঠিনতা। এই অসুবিধাটো হ’ল ল’ৰা-ছোৱালীবোৰে শব্দ, বানান আদিত অসুবিধা পায়। শব্দবোৰ শুনিলে বুজি নাপায় বা পঢ়িলে ধৰিব নোৱাৰে। সিহঁতে ডাঙৰকৈ মাতি পঢ়িবলৈ ভয় কৰে, মাতি গ’লে যিবোৰ শব্দ চিনি নাপায় সেইবোৰ এৰি থৈ যায়।
বানান বহু ভুল হয়, প্ৰায়েই সিহঁতে ‘মিৰৰ শব্দ’ ব্যৱহাৰ কৰে। কিছুমান শব্দত সিহঁতে সঘনাই ভুল কৰে। সেইবোৰ হ’ল- বি-ডি, পি-কিউ, এম-ডব্লিউ আদি।
ডিছগ্ৰাফিয়া:
এইটো হ’ল লিখাৰ অসুবিধা। সিহঁতে কলম বা পেন্সিল এডাল ধৰোতে নাৰ্ভাছ অনুভৱ কৰে। সেইবাবে সিহঁতে লিখিবলৈ বৰ বেয়া পায় বা ভবা কথাবোৰ সজাই-পৰাই লিখিব নোৱাৰে। ব্যাকৰণত সদায়েই দুৰ্বল হয়। লিখোতে কিছুমান শব্দ লিখিবলৈ পাহৰি যায় বা অলাগতিয়াল শব্দ ভৰাই দিয়ে। সিহঁতৰ হাতৰ আখৰ খুব বেয়া হয়। আনকি সিহঁতে চাই চাই লিখোতেও বহু ভুল কৰে আৰু লিখি থাকোঁতে মুখেৰে শব্দ কৰি মাতি থাকে।
ডিছকেক্লুলিয়া:
এনে ল’ৰা-ছোৱালীৰ অংকৰ একেবাৰে সাধাৰণ জ্ঞানখিনিও নাথাকে। যোগ-বিয়োগ আদিকে আৰম্ভ কৰি সম্যক ধাৰণাকণো বুজি নাপায়। সেইবাবে সিহঁতে যিকোনো সৰু-সুৰা হিচাপ কৰিব, পইচা-পাতিৰ হিচাপ কৰিবলৈ টান পায়।
অংক এটা কৰোঁতে যিবোৰ স্তৰ থাকে, সেইবোৰ আৰু নিয়মবোৰ বুজি নাপায়। মৌখিক অংকবোৰ কৰিব নোৱাৰে আনকি কি কৰিব লাগে সেইটোও বুজি নাপায়।
ডিছপ্ৰক্সিয়া:
চকু আৰু হাতৰ সংহত কামবোৰ কৰিবলৈ এনে ল’ৰা-ছোৱালীবোৰে অসুবিধা পায়। আৰু সেইটোৱে সিহঁতৰ পঢ়া-শুনাত বেয়াকৈ প্ৰভাৱ পেলায়। অকল সেয়াই নহয়, এই অসুবিধাটোৱে অইন কাম-কাজবোৰতো বাধা দিয়ে। সেইবাবে সিহঁতৰ কাম-কাজবোৰ বিশৃংখল হয়।
সিহঁতৰ হাতৰপৰা বস্তু খুব পৰে বা ভাঙে। ছবি অঁকা, ৰং কৰা, পাজ’ল প্ৰস্তুত কৰা আদি সূক্ষ্ম কামবোৰ সিহঁতৰ কৰিবলৈ অসুবিধা হয়। সমতা ৰাখি কাম কৰিবলৈ লাৰ্ণিং ডিজেবিলিটী থকা ল’ৰা-ছোৱালীয়ে অসুবিধা পায়।
কথা হ’ল উপৰিউক্ত সমস্যাবোৰ থাকিলেই যে আমি কোনোবা ল’ৰা-ছোৱালীক সেই অসুবিধা আছে বুলি ক’ব নোৱাৰে। লাৰ্ণিং ডিজেবল বুলি ক’বলৈ হ’লে প্ৰথম কথাটোৱেই হ’ল সিহঁতৰ বুদ্ধি স্বাভাৱিক হ’ব লাগিব। তদুপৰি সিহঁতৰ দেখা বা শুনাত কোনো অসুবিধা থাকিব নালাগিব।
তাৰ পিছতহে বাকী পৰীক্ষাবোৰৰ কথা আহিব। ২০০৩ত সৰ্বশিক্ষা মিছনে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে এবিধ টেষ্ট যুগুত কৰিছিল। যিখন তেওঁলোকে স্কুলতে ল’ৰা বা ছোৱালীবোৰৰ ক্ষেত্ৰত ব্যৱহাৰ পাৰে। সেইখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে লাৰ্ণিং ডিজেবিলিটী থাকিব পাৰে বুলি ল’ৰা-ছোৱালীখিনি চিনাক্ত কৰি লয়।
তাৰ পিছত সিহঁতক পৰৱৰ্তী পৰীক্ষাবোৰ কৰোৱাৰ বাবে চাইক’লজিষ্টে সঠিক আৰু প্ৰয়োজনীয় পৰীক্ষাৰ সহায়েৰে  লাৰ্ণিং ডিজেবিলিটী আছে নে নাই ক’ব পাৰিব। ল’ৰা-ছোৱালী পৰিদৰ্শিতা যদি সিহঁতে পঢ়ি থকা শ্ৰেণীতকৈ দুটা শ্ৰেণীৰ তলত হয়, তেনেহ’লে সিহঁতৰ লাৰ্ণিং ডিজেবিলিটী থকা বুলি ধৰা হয়।
লাৰ্ণিং ডিজেবিলিটীৰ লগত প্ৰায়ে ADHD-ৰ সমস্যাটো দেখা যায়। তদুপৰি সিহঁতৰ সামাজিক আৰু আৱেগিক সমস্যাও বহু পৰিমাণে থাকে বাবে সিহঁতৰ ক্ৰমে বন্ধু-বান্ধৱৰ সংখ্যা কম হয়। স্কুলত শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰূপ মন্তব্য আৰু ঘৰত অভিভাৱকৰ ঋণাত্মক দৃষ্টিভংগীয়ে এনে ল’ৰা-ছোৱালীৰ মনোবল ভাঙি পেলায়। লাহে লাহে সিহঁতৰ আত্মবিশ্বাস কমি আহে আৰু পিছলৈ ডাঙৰ হ’লে বিষাদগ্ৰস্ততাতো ভোগা দেখা যায়।
যিমান সোনকালে পাৰি এই সমস্যাটো চিনাক্ত কৰি উলিয়াব লাগে। সিহঁতৰ সমস্যাবোৰৰ ভিন্নতা আৰু প্ৰকাৰ অনুসৰি সিহঁতৰ বাবে উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে।
ইয়াৰ লগতে সিহঁতৰ বাবে প্ৰয়োজন হয় কাউন্সেলিঙৰো। কাৰণ এনেকুৱা ল’ৰা-ছোৱালীবোৰৰ অইন কিছুমান দিশত পাৰদৰ্শিতা থাকে। গতিকে সেই প্ৰতিভাবোৰ বিকাশ কৰি সিহঁতক উৎসাহিত কৰিব লাগে। তেতিয়াহে তেওঁলোকে সমস্যা থকা সত্ত্বেও জীৱনত সফল হ’ব পাৰিব।
লেখক: ড° মৈয়েত্ৰী দত্ত(দৈনিক অসম)

পঢ়া-শুনাৰ অসুবিধাবোৰ:‘ডাক্তৰ হৰ্ন্সবি,মই গভীৰ হতাশাৰ মাজত এই চিঠিখন লিখিছো। মোৰ একমাত্ৰ সন্তান আঠ বছৰীয়া, তাক লৈ অত্যন্ত চিন্তিত। যোৱা সপ্তাহত তাৰ স্কুলৰ শিক্ষকে মোক ক’লে যে সি লিখাত আৰু বানানত সমানেই বেয়া। তাৰ বুদ্ধি পৰীক্ষা কৰি স্বাভাৱিকেই(৯০-১২০) পোৱা গৈছে। আমি জানো সি বুৰ্বক নহয়, সি এটা বুধিয়ক ল’ৰা। কিন্তু সি পঢ়াত একেবাৰে বেয়া আৰু দিনক দিনে সি অধিক বেয়া হৈ গৈ আছে। মই বহু আশা কৰি আপোনালৈ লিখিছো। আশা কৰো, জনক চাই আপুনি পৰামৰ্শ এটা দিব’।এইখন আছিল লাৰ্ণিং ডিজেবল(Learning Disable) ল’ৰা জনৰ মাকৰ ডাঃ হৰ্ন্সবিলৈ লিখা চিঠি। ডাঃ হৰ্ন্সবি আছিল এজন মানসিক ৰোগৰ চিকিৎসক। যিয়ে এই বিষয়ত ১৯৬০ চনৰপৰাই কাম কৰি আছে। এনে চিঠি দৈনিক তেওঁলৈ শতাধিক আহে। অভিভাৱকসকলে এনে সমস্যাৰ বৰ্ণনা কৰি আৰু সু-পৰামৰ্শ বিচাৰি তেওঁলৈ চিঠি লিখে। শিক্ষাই জীৱনৰ সফলতাৰ চাবি-কাঠী। গতিকে এনে ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ মনৰ চিন্তা আৰু হতাশা অতি সহজেই অনুমেয়। লাৰ্ণিং ডিজেবিলিটী বুলি ক’লে সাধাৰণতে আমি পঢ়া-শুনাৰ অসুবিধাবোৰকে বুজো। ইয়াৰ এটা সৰ্বজন গৃহীত সংজ্ঞা আছে, যিটো ১৯৮৮ চনত National Committee for Learning disability–এ দিছিল।‘Learing disabilities is a generic term that refers to a hetrogenous group of disorders Menifested by significant difficulties in the acquisition and the use of listening, speaking, reading, writing, reasoning and mathematical abilities or of social skills. These disoeders are intrinsic of the individual and presumed to be due to central nervous system dysfunction’.সাধাৰণতে পঢ়া-শুনাৰ এই সমস্যাবোৰ বুজাবলৈ বহুকেইটা শব্দ ব্যৱহাৰ কৰা হয় Dyslexia, specific learning disability, learning disabilities ইত্যাদি। লাৰ্ণিং ডিজেবিলিটী হ’ল এক প্ৰকাৰৰ developmental disorder। সাধাৰণতে মানুহৰ মাজত এটা ধাৰণা আছে এনেবোৰ অসুবিধা আছে মানে ল’ৰা বা ছোৱালীজনী পঢ়াত পাছ পৰি আছে আৰু লাহে লাহে বয়সত সিহঁত ঠিক হৈ যাব। কিন্তু কথাটো তেনেকুৱা নহয়। এই সমস্যাবোৰ যিমানেই আওকাণ কৰা হয় সিমানেই পিছলৈ অসুবিধা হয়। এনেকুৱা অসুবিধাবোৰ কিয় হয় তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। কোৱা হয়- জন্মৰ আগতে শিশুটিয়ে মগজুত যদি কিবা আঘাত পায়, তেতিয়াহ’লে পিছলৈ এনেবোৰ সমস্যাই দেখা দিয়ে। চেন্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত হোৱা বিসংগতি বা বৈষম্যৰ বাবে ‘লাৰ্ণিং ডিজেবিলিটী’ হোৱা বুলি ঠাৱৰ কৰিছে। পঢ়া আৰু বানানৰ ভুল আদি বংশগত বুলি গৱেষণাই কয়। ‘লাৰ্ণিং ডিজেবিলিটী’ৰ সমস্যাটো মাজত কিমান আছে সঠিকভাৱে কোৱা টান। কাৰণ মাক-দেউতাক বা শিক্ষকসকলে ল’ৰা-ছোৱালীয়ে এনে সমস্যাত যে ভুগি আছে সেইটো বুজি নাপায়। সেইবাবে এইবোৰ চিনাক্ত কৰাটো তেওঁলোকৰ বাবে এটা কঠিন কাম। ভাৰতত ১৫ শতাংশ ল’ৰা-ছোৱালীৰ এই সমস্যাটো আছে। আনহাতে, আমেৰিকাত এই সমস্যা ৮ শতাংশ দেখা যায়।বহু মানুহে ভাবে যে লাৰ্ণিং ডিজেবিলিটী অকল ইংৰাজী কোৱা ল’ৰা-ছোৱালীৰ মাজত হয়, কিন্তু আচলতে সেইটো নহয়। যিকোনো মাধ্যমত পঢ়া ল’ৰা-ছোৱালীৰ এই অসুবিধাটো হয়। ল’ৰা-ছোৱালী সমানেই এই সমস্যাটোত ভোগে। বহু ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ টান পায় বা কোনোবা বিশেষ বিষয় এটা টান পায়। কিন্তু সেইটো লাৰ্ণিং ডিজেবিলিটীৰ নহয়। কিন্তু এই সমস্যাটোত ভোগা ল’ৰা-ছোৱালীবোৰে কিছুমান বিশেষ ধৰণৰ আচৰণ দেখুৱায় আৰু সেইবোৰ বেচ কিছুদিন ধৰি চলিয়েই থাকে।*তেওঁলোকৰ লিখিব আৰু পঢ়িবলৈ অসুবিধা হয়।*অংক তেওঁলোকে বহু টান পায়।*পঢ়া কথাবোৰ সোনকালে পাহৰি যায়।*মনোযোগ বহু কম।*সময়ৰ ধাৰণাটো একেবাৰে কম।*কোনোবাই কিবা নিৰ্দেশ দিলে সেই কামটো বুজি উঠি কৰাত তেওঁলোকে অসুবিধা পায় বা বহি বেছি সময় লাগে।*তেওঁলোক কাম-কাজত, পঢ়া-শুনাত পৰিপাটী নহয়।*সোঁফাল-বাঁওফালৰ ধাৰণাটোত সদায়েই খেলিমেলি কৰে।*নতুন সমস্যাবোৰ সমাধান কৰোতে তেওঁলোকে অসুবিধা পায়।*তেওঁলোকৰ কল্পনা শক্তি তীব্ৰ হয়।ল’ৰা-ছোৱালীবোৰৰ মাজত এইবোৰ অসুবিধা দেখিলেই আমি কোনোবা ল’ৰা-ছোৱালীৰ লাৰ্ণিং ডিজেবিলিটী আছে বুলি ক’ব নোৱাৰে। সাধাৰণতে পঢ়া-শুনাৰ লগত জড়িত আৰু কিছুমান অসুবিধাক দেখা যায়।সাধাৰণতে সেইবোৰ অসুবিধাক চাৰিটা ভাগত ভগাব পাৰি-*ডিছলেক্সিয়া(Dyslexia),*ডিছগ্ৰাফিয়া(Dysgraphia),*ডিছকেল্কুলিয়া(Dyscalculia),*ডিছপ্ৰক্সিয়া(Dyspraxia)।ডিছলেক্সিয়া:ইয়াৰ অৰ্থ হ’ল ভাষা বা শব্দৰ কঠিনতা। এই অসুবিধাটো হ’ল ল’ৰা-ছোৱালীবোৰে শব্দ, বানান আদিত অসুবিধা পায়। শব্দবোৰ শুনিলে বুজি নাপায় বা পঢ়িলে ধৰিব নোৱাৰে। সিহঁতে ডাঙৰকৈ মাতি পঢ়িবলৈ ভয় কৰে, মাতি গ’লে যিবোৰ শব্দ চিনি নাপায় সেইবোৰ এৰি থৈ যায়। বানান বহু ভুল হয়, প্ৰায়েই সিহঁতে ‘মিৰৰ শব্দ’ ব্যৱহাৰ কৰে। কিছুমান শব্দত সিহঁতে সঘনাই ভুল কৰে। সেইবোৰ হ’ল- বি-ডি, পি-কিউ, এম-ডব্লিউ আদি।ডিছগ্ৰাফিয়া:এইটো হ’ল লিখাৰ অসুবিধা। সিহঁতে কলম বা পেন্সিল এডাল ধৰোতে নাৰ্ভাছ অনুভৱ কৰে। সেইবাবে সিহঁতে লিখিবলৈ বৰ বেয়া পায় বা ভবা কথাবোৰ সজাই-পৰাই লিখিব নোৱাৰে। ব্যাকৰণত সদায়েই দুৰ্বল হয়। লিখোতে কিছুমান শব্দ লিখিবলৈ পাহৰি যায় বা অলাগতিয়াল শব্দ ভৰাই দিয়ে। সিহঁতৰ হাতৰ আখৰ খুব বেয়া হয়। আনকি সিহঁতে চাই চাই লিখোতেও বহু ভুল কৰে আৰু লিখি থাকোঁতে মুখেৰে শব্দ কৰি মাতি থাকে।ডিছকেক্লুলিয়া:এনে ল’ৰা-ছোৱালীৰ অংকৰ একেবাৰে সাধাৰণ জ্ঞানখিনিও নাথাকে। যোগ-বিয়োগ আদিকে আৰম্ভ কৰি সম্যক ধাৰণাকণো বুজি নাপায়। সেইবাবে সিহঁতে যিকোনো সৰু-সুৰা হিচাপ কৰিব, পইচা-পাতিৰ হিচাপ কৰিবলৈ টান পায়। অংক এটা কৰোঁতে যিবোৰ স্তৰ থাকে, সেইবোৰ আৰু নিয়মবোৰ বুজি নাপায়। মৌখিক অংকবোৰ কৰিব নোৱাৰে আনকি কি কৰিব লাগে সেইটোও বুজি নাপায়। ডিছপ্ৰক্সিয়া:চকু আৰু হাতৰ সংহত কামবোৰ কৰিবলৈ এনে ল’ৰা-ছোৱালীবোৰে অসুবিধা পায়। আৰু সেইটোৱে সিহঁতৰ পঢ়া-শুনাত বেয়াকৈ প্ৰভাৱ পেলায়। অকল সেয়াই নহয়, এই অসুবিধাটোৱে অইন কাম-কাজবোৰতো বাধা দিয়ে। সেইবাবে সিহঁতৰ কাম-কাজবোৰ বিশৃংখল হয়।সিহঁতৰ হাতৰপৰা বস্তু খুব পৰে বা ভাঙে। ছবি অঁকা, ৰং কৰা, পাজ’ল প্ৰস্তুত কৰা আদি সূক্ষ্ম কামবোৰ সিহঁতৰ কৰিবলৈ অসুবিধা হয়। সমতা ৰাখি কাম কৰিবলৈ লাৰ্ণিং ডিজেবিলিটী থকা ল’ৰা-ছোৱালীয়ে অসুবিধা পায়।কথা হ’ল উপৰিউক্ত সমস্যাবোৰ থাকিলেই যে আমি কোনোবা ল’ৰা-ছোৱালীক সেই অসুবিধা আছে বুলি ক’ব নোৱাৰে। লাৰ্ণিং ডিজেবল বুলি ক’বলৈ হ’লে প্ৰথম কথাটোৱেই হ’ল সিহঁতৰ বুদ্ধি স্বাভাৱিক হ’ব লাগিব। তদুপৰি সিহঁতৰ দেখা বা শুনাত কোনো অসুবিধা থাকিব নালাগিব। তাৰ পিছতহে বাকী পৰীক্ষাবোৰৰ কথা আহিব। ২০০৩ত সৰ্বশিক্ষা মিছনে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে এবিধ টেষ্ট যুগুত কৰিছিল। যিখন তেওঁলোকে স্কুলতে ল’ৰা বা ছোৱালীবোৰৰ ক্ষেত্ৰত ব্যৱহাৰ পাৰে। সেইখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে লাৰ্ণিং ডিজেবিলিটী থাকিব পাৰে বুলি ল’ৰা-ছোৱালীখিনি চিনাক্ত কৰি লয়। তাৰ পিছত সিহঁতক পৰৱৰ্তী পৰীক্ষাবোৰ কৰোৱাৰ বাবে চাইক’লজিষ্টে সঠিক আৰু প্ৰয়োজনীয় পৰীক্ষাৰ সহায়েৰে  লাৰ্ণিং ডিজেবিলিটী আছে নে নাই ক’ব পাৰিব। ল’ৰা-ছোৱালী পৰিদৰ্শিতা যদি সিহঁতে পঢ়ি থকা শ্ৰেণীতকৈ দুটা শ্ৰেণীৰ তলত হয়, তেনেহ’লে সিহঁতৰ লাৰ্ণিং ডিজেবিলিটী থকা বুলি ধৰা হয়।লাৰ্ণিং ডিজেবিলিটীৰ লগত প্ৰায়ে ADHD-ৰ সমস্যাটো দেখা যায়। তদুপৰি সিহঁতৰ সামাজিক আৰু আৱেগিক সমস্যাও বহু পৰিমাণে থাকে বাবে সিহঁতৰ ক্ৰমে বন্ধু-বান্ধৱৰ সংখ্যা কম হয়। স্কুলত শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰূপ মন্তব্য আৰু ঘৰত অভিভাৱকৰ ঋণাত্মক দৃষ্টিভংগীয়ে এনে ল’ৰা-ছোৱালীৰ মনোবল ভাঙি পেলায়। লাহে লাহে সিহঁতৰ আত্মবিশ্বাস কমি আহে আৰু পিছলৈ ডাঙৰ হ’লে বিষাদগ্ৰস্ততাতো ভোগা দেখা যায়।যিমান সোনকালে পাৰি এই সমস্যাটো চিনাক্ত কৰি উলিয়াব লাগে। সিহঁতৰ সমস্যাবোৰৰ ভিন্নতা আৰু প্ৰকাৰ অনুসৰি সিহঁতৰ বাবে উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। ইয়াৰ লগতে সিহঁতৰ বাবে প্ৰয়োজন হয় কাউন্সেলিঙৰো। কাৰণ এনেকুৱা ল’ৰা-ছোৱালীবোৰৰ অইন কিছুমান দিশত পাৰদৰ্শিতা থাকে। গতিকে সেই প্ৰতিভাবোৰ বিকাশ কৰি সিহঁতক উৎসাহিত কৰিব লাগে। তেতিয়াহে তেওঁলোকে সমস্যা থকা সত্ত্বেও জীৱনত সফল হ’ব পাৰিব।

লেখক: ড° মৈয়েত্ৰী দত্ত(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate