মূল পৃষ্ঠা / শিক্ষা / নীতি/আঁচনিসমূহ / অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে “প্ৰি-মেট্ৰিক্‌ স্ক'লাৰচিপ্”
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে “প্ৰি-মেট্ৰিক্‌ স্ক'লাৰচিপ্”

অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্কুল ড্ৰপ আউট ৰ ঘটনা হ্ৰাস কৰা বিশেষকৈ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্য্যায়লৈ যাওঁতে স্কুল এৰা ছাত্ৰ-ছাত্ৰী সকলক নৱম আৰু দশম শ্ৰেণীৰ পৰা আৰু আগলৈ পঢ়িবলৈ সহায়তা কৰা|

উদ্দেশ্যঃ

আঁচনিখনৰ উদ্দেশ্য সমূহ হ’লঃ

১) অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্কুল ড্ৰপ আউট ৰ ঘটনা হ্ৰাস কৰা বিশেষকৈ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্য্যায়লৈ যাওঁতে স্কুল এৰা ছাত্ৰ-ছাত্ৰী সকলক নৱম আৰু দশম শ্ৰেণীৰ পৰা আৰু আগলৈ পঢ়িবলৈ সহায়তা কৰা|

২) পূৰ্ব মেট্ৰিক পৰ্য্যায় অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীত অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ উন্নত কৰা|

৩) অক্ষমতাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰি নিজকে জীৱিকা লাভৰ বাবে প্ৰস্তুত কৰিব পাৰে আৰু সমাজত তেওঁলোকে সম্মুখীন হোৱা সকলো বাধা আঁতৰাই মৰ্য্যাদা সহকাৰে জীৱন-যাপন কৰিব পাৰে তাৰ বাবে সহায়তা কৰা| কিয়নো তেওঁলোকে শাৰীৰিক, মানসিক, আৰ্থিক আদি বিভিন্ন বাধাৰ বাবে নিজৰ দক্ষতা বিকাশৰ পৰা বঞ্চিত হয় আৰু জীৱনত প্ৰতিষ্ঠা লাভৰ সুযোগ হেৰুৱায়|

৪) UGC ৰ দ্বাৰা অনুমোদিত সকলো স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম পোষ্ট-মেট্ৰিক স্ক’লাৰচিপ্‌ৰ জৰিয়তে সাঙুৰি লোৱা হৈছে|

সুযোগঃ

অক্ষমতাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক এই বৃত্তি প্ৰদান কৰা হয় নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী, পোষ্ট মেট্ৰিকুলেশ্যন ডিপ্লমা/ চাৰ্টিফিকেট আৰু ভাৰতৰ ভিতৰত স্নাতক ডিগ্ৰী অথবা ডিপ্লমা আৰু UGC ৰ দ্বাৰা অনুমোদিত যিকোনো বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ দিয়া| এই অক্ষমতাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলে আঁচনিখনৰ সুবিধা পাবলৈ হ’লে তেওঁলোক-

Persons with Disabilities (Equal Opportunity, Protection of Rights and Full Participation) Act, 1995 আৰু National Trust for Welfare of Persons with Autism, Cerebral Palsy, Mental Retardation and Multiple Disabilities Act, 1999 আৰু/অথবা বলবৎ হৈ থকা যিকোনো আইনী ব্যৱস্থাৰ দ্বাৰা চিনাক্ত হ’ব লাগিব|

এই বৃত্তি কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে| ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰনালয় আৰু Empowerment of Persons with Disability বিভাগৰ দ্বাৰা এই বৃত্তি প্ৰদান কৰা হয়|

যোগ্যতাৰ চৰ্তাৱলীঃ

সাধাৰণ চৰ্তসমূহঃ

. এই বৃত্তি কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে|

. ৪০% তকৈ অক্ষমতা সম্পন্ন ছাত্ৰ-ছাত্ৰী (ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নিৰ্বাচিত স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত) সকলে এই আঁচনিৰ সুবিধা লাভ নকৰে|

. একে পিতৃ মাতৃৰ দুটাতকৈ অধিক অক্ষমতা সম্পন্ন সন্তানে এই আঁচনিৰ সুবিধা লাভ নকৰে| অৱশ্যে যদিহে দ্বিতীয়, সন্তানটি জমজ হয় তেন্তে উভয় সন্তানেই এই সুবিধা লাভ কৰিব|

. যিকোনো শ্ৰেণীত পঢ়িবলৈ এবছৰৰ বাবেহে বৃত্তি দিয়া হয়| যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে একেটা শ্ৰেণীতে দুবাৰ পঢ়িবলগীয়া হয় তেন্তে দ্বিতীয়বাৰ তেওঁ সেই বৃত্তি লাভ নকৰে|

. এই আঁচনিৰ অধীনত বৃত্তি লাভ কৰা কোনো ছাত্ৰ-ছাত্ৰীয়ে আন আঁচনিৰ বৃত্তি বা জলপানি লাভ নকৰিব| যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে একেলগে দুটা বৃত্তি লাভ কৰে তেন্তে তেওঁ অধিক সুবিধাযুক্ত আঁচনিটোৰ বৃত্তি/জলপানি গ্ৰহণ কৰিব পাৰে| এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে বৃত্তি প্ৰদানকাৰী সংস্থাক ছাত্ৰ-ছাত্ৰী গৰাকীয়ে জনোৱা উচিত| ছাত্ৰ/ছাত্ৰী গৰাকীয়ে যদিহে আন কোনো বৃত্তি/ জলপানি গ্ৰহণ কৰে সেই দিনাৰ পৰাই এই আঁচনিৰ বৃত্তি বন্ধ কৰি দিয়া হ’ব| অৱশ্যে এগৰাকী ছাত্ৰই-ছাত্ৰীয়ে ৰাজ্য চৰকাৰে বা আন কোনো সংস্থাই প্ৰদান কৰা বিনামূলীয়া থকাৰ সুবিধা, আৰ্থিক অনুদান, কিতাপ বা সা-সঁজুলি কিনিবলৈ আৰ্থিক সহায় আদি গ্ৰহণ কৰিও এই আঁচনিৰ সুবিধা পাব পাৰে| লগতে Boarding আৰু Lodgingৰ বিনামূলীয়া সুবিধা লোৱাতো ইয়াত কোনো বাধা নাই|

. কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যত চলা কোনো Pre-Examination Training Center ত কোচিং লৈ থকা কোনো বৃত্তিপ্ৰাপ্ত ছাত্ৰই/ছাত্ৰীয়ে কোচিং আঁচনিৰ অধীনত কোনো জলপানি কোচিং কাৰ্য্যসূচী চলি থকা সময় চোৱাত লাভ নকৰিব|

প্ৰি-মেট্ৰিক স্ক’লাৰচিপৰ বাবেঃ

. ছাত্ৰী/ছাত্ৰ গৰাকীয়ে এই বৃত্তি পাবৰ বাবে কোনো চৰকাৰী স্কুল অথবা চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় অথবা চিবিএছচি/চেবাৰ অধীনত কোনো বিদ্যালয়ৰ নৱম অথবা দশম শ্ৰেণীৰ নিয়মীয়া ছাত্ৰ/ছাত্ৰী হ’ব লাগিব|

স্ক’লাৰচিপৰ মূল্যঃ

প্ৰি-মেট্ৰিক স্ক’লাৰচিপৰ মূল্য সম্পূৰ্ণ পাঠ্যক্ৰমৰ সময়ৰ বাবে তলত দিয়া ধৰণে নিৰ্ণয় কৰা হৈছে|

স্ক’লাৰচিপৰ হাৰ আৰু অনুদানঃ

বিষয়

দিনৰ ভাগৰ শিক্ষাৰ্থী

হোষ্টেলত থকা শিক্ষাৰ্থী

এটা শিক্ষাবৰ্ষত ১০ মাহৰ বাবে প্ৰদান কৰিবলগীয়া বৃত্তিৰ হাৰ প্ৰতিমাহে টকাৰ হিচাবত

৩৫০ টকা

৬০০ টকা

কিতাপ-পত্ৰ আৰু আৰ্থিক অনুদান প্ৰতি বছৰে টকাৰ হিচাবত

৭৫০ টকা

১০০০ টকা

 

ভাট্টাঃ

ভাট্টা

মুঠ ধন

ক) অন্ধ ছাত্ৰ/ছাত্ৰীৰ বাবে মাহিলী পঢ়ুৱৈ ভাট্টা

১৬০ টকা

খ) মাহিলি পৰিবহণ ভাট্টা, যদি শিক্ষাৰ্থী গৰাকী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাংগনত থকা হোষ্টেলত নাথাকে|

১৬০ টকা

গ) মাহিলী ৰখীয়া ভাট্টা, ৮০% বা ততোধিক অক্ষমতা সম্পন্ন শিক্ষাৰ্থী (দিনৰ ভাগত)ৰ বাবে বা হাত-ভৰিৰ অক্ষমতা সম্পন্ন শিক্ষাৰ্থীৰ বাবে|

১৬০ টকা

ঘ) মাহিলী সহায়ক ভাট্টা, হোষ্টেলত থকা ভীষণভাৱে হাড়ৰ বিকলাংগতা সম্পন্ন শিক্ষাৰ্থীক সহায়ৰ বাবে হোষ্টেলৰ কোনো কৰ্মচাৰীক সহায়ক হিচাপে ৰাখিবলৈ অনুমতি দিয়া হয়|

১৬০ টকা

ঙ) মাহিলী ‘কোচিং’ ভাট্টা- মানসিক বাধাগ্ৰস্থ আৰু মানসিক অসুস্থতা সম্পন্ন শিক্ষাৰ্থীৰ বাবে|

২৪০ টকা

এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ ক্লিক কৰক

উৎস:- নেচনেল স্ক’লাৰচিপ্‌ প’ৰ্টেল (Natioanal Scholarship Portal).

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top