অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনন্দৰাম বৰুৱা বঁটা আঁচনি:

মানৱ সভ্যতাৰ বিকাশত উচিত তথা গুণগত শিক্ষাৰ ভূমিকা অতীব প্ৰয়োজন-

মানৱ জীৱনৰ এক অমূল্য সম্পদ শিক্ষা হৈছে গতিশীল প্ৰক্ৰিয়া। ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান উন্নীতকৰণৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ আঁচনি গ্ৰহণ  কৰিছে। তাৰি ভিতৰত এখন চলিত আঁচনি হৈছে আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি। উক্ত আঁচনিৰ অধীনত হাইস্কুল/হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা নগদ ধন অথবা লেপটপ পুৰস্কাৰ আঁচনিৰ অধীনত লেপটপ অথবা নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয়। মহান সংস্কৃতি পণ্ডিত, প্ৰথম অসমীয়া আৰু পঞ্চম ভাৰতীয় আই চি এছ আনন্দৰাম বৰুৱা সন্মানাৰ্থে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতাক সন্মান প্ৰদান কৰা আৰু ভৱিষ্যতৰ উচ্চতম কৃতিত্বৰ বাবে লক্ষ্যত উপনীত হ’বলৈ যুৱ চামক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্য হাতত লৈ এই আনন্দৰাম বৰুৱা বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক উদ্দীপনা আৰু তথ্য-প্ৰযুক্তি শিক্ষাৰ যোগেদি তেওঁলোকক সমৃদ্ধ কৰাটোৱেই এই আনন্দৰাম বৰুৱা বঁটা আঁচনিৰ অন্যতম উদ্দেশ্য। উক্ত বঁটা প্ৰদানৰ ফলত দিনক দিনে শিক্ষাৰ্থী সমাজৰ মাজত এক প্ৰতিযোগিতামূলক মনোভাৱৰ সৃষ্টি হৈছে। আনন্দৰাম বৰুৱা বঁটা প্ৰদানে শিক্ষাৰ্থী সমাজক উৎসাহিত কৰাৰ ফলত বছৰি বছৰি মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব বৃদ্ধি পাইছে। উল্লেখযোগ্য যে এই আনন্দৰাম বৰুৱা বঁটাৰ অধীনত শেহতীয়াকৈ লেপটপৰ লগত দুবছৰীয়া বিনামূলীয়া ইন্টাৰনেট সেৱা সংযোগ কৰাৰ উপৰি চিকিৎসা বিজ্ঞান অথবা অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ তেনে পাঠ্যক্ৰমৰ এটা ছফটৱেৰ লেপটপত অন্তৰ্ভুক্ত কৰা হৈছে।

এই আঁচনিৰ অধীনত প্ৰদান কৰা লেপটপৰ বৈশিষ্ট্যসমূহ হৈছে-

  • ইন্টেল পেন্টিয়াম ৪৪০৫ ইউ প্ৰচেচৰ।
  • ৫০০ জি বি, ৫৪০০ আৰ পি এম ডাটা এইচ ডি ডি।
  • ৪ জি বি ডিডিআৰ ৪ ২০৩৩ মেগাহাৰ্টজ ৰেম।
  • অ’ এছঃ লিনাক্স উবুন্টু ১৬.০৪ এলটিএছ(লিব্ৰা অফিচ ৫.২ৰ সৈতে)।
  • ১৪ ইঞ্চি ১৩৬৬*৭৬৮ পিক্সেল এইচ ডি এল ইডি বেকলিট। ইয়াৰ লগত সন্নিৱিষ্ট হ’ব।
    • দুই বছৰৰ ছাবছক্ৰিপচনৰ সৈতে ৱাই ফাই ডিভাইচ/ইউ এছ বি ডংগল ব্যৱহাৰ কৰা ৪ জি/৩ জি ডাটা কানেকটিভিটী।
    • একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে এন চি ই আৰ টি পাঠ্যক্ৰমৰ বিষয়ত আধাৰিত ডিজিটেল শিক্ষাৰ বিষয়সূচী।

উক্ত আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ অসম চৰকাৰৰ

মাধ্যমিক শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate