মূল পৃষ্ঠা / শিক্ষা / নীতি/আঁচনিসমূহ / নেচনেল মীনচ্‌-কাম্‌—মেৰিট্‌ স্ক’লাৰচিপ আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেচনেল মীনচ্‌-কাম্‌—মেৰিট্‌ স্ক’লাৰচিপ আঁচনি

নেচনেল মীনচ্‌-কাম্‌—মেৰিট্‌ স্ক’লাৰচিপ আঁচনি চমুকৈ ‘NMMSS’ কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনি| এই আঁচনিখন ২০০৮ চনৰ মে মাহত

নেচনেল মীনচ্‌-কাম্‌—মেৰিট্‌ স্ক’লাৰচিপ আঁচনি চমুকৈ ‘NMMSS’ কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনি| এই আঁচনিখন ২০০৮ চনৰ মে মাহত শুভাৰম্ভ কৰা হৈছিল| এন এম এম এছ এছ ৰ মুখ্য উদ্দেশ্য হ’ল আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক অষ্টম মান শ্ৰেণীতে “স্কুল ড্ৰপ্‌আউট” বা স্কুলীয়া শিক্ষা আধাতে সামৰা কাৰ্য্য ৰোধ কৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণত উদ্‌গণি যোগোৱা|

ছাত্ৰবৃত্তিৰ ধন:

নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিবছৰে ৬০০০ টকাকৈ (৫০০ টকা প্ৰতিমাহ হিচাপত) ‘স্ক’লাৰচিপ’ বা বৃত্তি প্ৰদান কৰা হয়| নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিকোনো চৰকাৰী, চৰকাৰী অনুদানপ্ৰাপ্ত অথবা স্থানীয় বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক এই সুবিধা প্ৰদান কৰা হয়|

এই বৃত্তিৰ বাবে থাকিবলগীয়া যোগ্যতা:

# যিসকল ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক আয় ১৫০,০০০/- টকাতকৈ বেছি নহয় তেওঁলোক প্ৰত্যেকেই এই বৃত্তি পাবৰ বাবে যোগ্য| ইয়াত ৰাজ্য চৰকাৰৰ নিয়মানুসৰিত সংৰক্ষণৰ ব্যৱস্থা আছে|

# ছাত্ৰবৃত্তিৰ বাবে “নিৰ্বাচন পৰীক্ষা” ত অৱতীৰ্ণ হ’বলৈ সপ্তম শ্ৰেণীৰ পৰীক্ষাত নূন্যতম ৫৫% নম্বৰ অথবা তাৰ সমপৰ্য্যায়ৰ গ্ৰেড পাব লাগিব (এছ চি/ এছ টি ৰ বাবে ৫% ৰেহাই দিয়া হৈছে)|

# ছাত্ৰ-ছাত্ৰী সকলে কোনো চৰকাৰী, স্থানীয় অথবা চৰকাৰী অনুদান প্ৰাপ্ত বিদ্যালয়ত নিয়মীয়া ছাত্ৰৰ ৰুপত শিক্ষা গ্ৰহণ কৰা হ’ব লব লাগিব| এই আঁচনিৰ অধীনত “কেন্দ্ৰীয় বিদ্যালয়” আৰু জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক কোনো সুবিধা প্ৰদান কৰা নহয়| একেদৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত আবাসিক স্কুলত পঢ়ি আছে য’ত তেওঁলোকে থকা-খোৱা আৰু শিক্ষাৰ সুবিধা লাভ কৰিছে আৰু যিসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা লাভ কৰিছে তেওঁলোকক এই স্ক’লাৰচিপ প্ৰদান কৰা নহয়|

# বৃত্তি নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী গৰাকীয়ে অষ্টম শ্ৰেণীৰ পৰীক্ষাত নূন্যতম ৫৫% নম্বৰ অথবা সমপৰ্য্যায়ৰ গ্ৰেড পাব লাগিব| এছ চি/ এছ টি ৰ বাবে ৫% নম্বৰ ৰেহাই দিয়া হৈছে|

# উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক অথবা সম পৰ্য্যায়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়িবলৈ ভাৰতৰ ভিতৰত সৰ্বাধিক চাৰি বছৰৰ বাবে এই সুবিধা প্ৰদান কৰা হয়|

বাচনি প্ৰক্ৰিয়া:

এই বৃত্তি প্ৰদানৰ বাবে ছাত্ৰ-ছাত্ৰী বাচনি কৰিবলৈ ৰাজ্য চৰকাৰৰ দ্বাৰা এক বাঁচনি পৰীক্ষা অনুষ্ঠিত কৰা হয়| ৰাষ্ট্ৰীয় স্তৰত (২য় পৰ্য্যায়) ছাত্ৰ-ছাত্ৰী সকলক মনোনীত কৰিবলৈ ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশ সমূহত NCERT ৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰা হৈ আহিছে| এই পৰীক্ষাৰ জৰিয়তেই ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ছাত্ৰ-ছাত্ৰী সকলক “মীনচ্‌-কাম্‌—মেৰিট্‌ স্ক’লাৰচিপ”ৰ বাবে নিৰ্বাচিত কৰা হ’ব|

এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ ক্লিক কৰক

2.8064516129
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top