মূল পৃষ্ঠা / শিক্ষা / নীতি/আঁচনিসমূহ / পৰ্যটন খণ্ডৰ স্বদেশ দৰ্শন আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰ্যটন খণ্ডৰ স্বদেশ দৰ্শন আঁচনি :

পৰ্যটন খণ্ডৰ স্বদেশ দৰ্শন আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰখনক অধিক প্ৰসাৰিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। পৰ্যটন খণ্ডৰ বিকাশৰ বাবে নৰেন্দ্ৰ মোদীৰ বিশেষ তৎপৰতাত কেইবাখনো ধ্বজাবাহী আঁচনি ৰুপায়ণ কৰি থকা হৈছে। পৰ্যটন উদ্যোগৰ বিকাশে এখন ৰাজ্যৰ যুৱক- যুৱতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। নিয়োগ আৰু আত্মসংস্থাপনৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগসমুহে বিশেষ ভুমিকা পালন কৰে। পৰ্যটন খণ্ডই দেশৰ অৰ্থনীতি অতি কম দিনৰ ভিতৰতে সলনি কৰি দিব পাৰে। পৰ্যটন খণ্ডৰ এখন উল্লেখযোগ্য আঁচনি হ’ল স্বদেশ দৰ্শন আঁচনি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে উক্ত ‘স্বদেশ দৰ্শন’ আঁচনি ৰুপায়ণৰ বাবে ৰুপায়ণকাৰী প্ৰতিষ্ঠানক পুঁজিৰ আবণ্টন দিছে। দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘স্বদেশ দৰ্শন’ আঁচনিৰ অধীনত থিম ভিত্তিক পৰ্যটন চাৰ্কিট সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ অধীনত ১৩ টা থিমেটিক পৰ্যটন চাৰ্কিট উন্নয়নৰ বাবে ইতিমধ্যে চিনাক্ত কৰা হৈছে। উক্ত পৰ্যটন চাৰ্কিটসমুহ হ’ল- নৰ্থ ইষ্ট ইণ্ডিয়া চাৰ্কিট, বৌদ্ধিষ্ট চাৰ্কিট, হিমালয়ান চাৰ্কিট, কোষ্টেল চাৰ্কিট, কৃষ্ণা চাৰ্কিট, ডিজটি চাৰ্কিট, ট্ৰাইবেল চাৰ্কিট ,ইক’ চাৰ্কিট, ৱাইলড লাইফ চাৰ্কিট, ৰুৰেল চাৰ্কিট, স্পিৰিচ্যুয়েল চাৰ্কিট, ৰামায়ণ চাৰ্কিট আৰু হেৰিটেজ চাৰ্কিট। উক্ত চাৰ্কিটসমুহৰ অধীনস্থ পৰ্যটন স্থলীসমুহক আটকধুনীয়াকৈ , পৰ্যটকৰ সুবিধাৰ্থে ন ৰুপত সজাই- পৰাই তোলা হ’ব, যাতে বুজন সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন সম্ভৱ হয়। প্ৰধান মন্ত্ৰীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ তথা গুজৰাটৰ পৰা অৰুণাচলৈ সমগ্ৰ ভাৰতবৰ্ষৰে ঐতিহাসিক সমলসমুহৰ সংৰক্ষণ, সংবৰ্ধনৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখিয়েই এই ‘স্বদেশ দৰ্শন’ আঁচনিখন ৰুপায়ণ কৰিছে। ৰাজ্যখনত উক্ত ‘স্বদেশ দৰ্শন’ আঁচনিখন ইতিমধ্যে বলবৎ কৰি থকা হৈছে। ডিব্ৰু- চৈখোৱাত ১৯ কোটি, মাজুলীত ৬০ কোটি আৰু শিৱসাগৰ আৰু চৰাইদেউত ২৪ কোটি টকা ব্যয় সাপেক্ষে উক্ত আঁচনিৰ অধীনত ঐতিহ্যৰ স্থানসমুহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম আৰম্ভ কৰা হৈছে। উক্ত আঁচনিৰ অধীনত অসমৰ বুকুত থকা ঐতিহাসিক কীৰ্তিচিহ্ন তথা পৰ্যটনস্থলীসমুহ আকৰ্ষণীয় কৰি অসমক পৃথিৱীৰ ভিতৰত এক উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে।

উক্ত ‘স্বদেশ দৰ্শন’ আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ পৰ্যটন বিভাগৰ সৈতে যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা-অসম পৰ্যটন উন্নয়ন নিগম।

উৎস: ৰাইজৰ বাতৰি

2.86363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top