মূল পৃষ্ঠা / শিক্ষা / নীতি/আঁচনিসমূহ / মধ্যাহ্ন ভোজন আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধ্যাহ্ন ভোজন আঁচনি :

মধ্যাহ্ন ভোজন আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত মানৱ সম্পদৰ বিকাশৰ জৰিয়তে শিক্ষাই সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ লগতে শিশুসকলক উপযুক্ত পুষ্টি যোগান কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। পুষ্টি সহযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ যোৱাৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে কাৰ্যকৰী কৰা উক্ত আঁচনিখন হৈছে মধ্যাহ্ন ভোজন আঁচনি। শিশুসকলক বিদ্যালয়লৈ আকৰ্ষণ কৰাৰ উদ্দেশ্য আগত লৈ ভাৰত চৰকাৰে ১৯৯৫ চনৰ ১৫ আগষ্টত উক্ত আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই মধ্যাহ্ন ভোজন আঁচনিৰ সুবিধা সৰ্বশিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক আঁচনিৰ অধীনৰ যিকোনো চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৩ কেজি পুষ্টিকাৰক খাদ্যৰ যোগান ধৰা হয়। মধ্যাহ্ন ভোজন আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজিৰ আবন্টন দিয়ে। কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত উক্ত আঁচনিৰ বাবে ১০,০০০ কোটি টকা ধাৰ্য কৰিছিল। আমাৰ ৰাজ্যখনত এই আঁচনিয়ে সাঙুৰি লোৱা মুঠ বিদ্যালয় হৈছে-

নিম্ন প্ৰাথমিক বিদ্যালয়- ৪৩,৪৬৪ খন

উচ্চ প্ৰাথমিক বিদ্যালয়- ১৩,৭৭৬ খন(শেহতীয়া তথ্য অনুসৰি)

উক্ত মধ্যাহ্ন ভোজন আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ অসম সৰ্বশিক্ষা অভিযানৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top