অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখ্যমন্ত্ৰী বিশেষ জলপানি আঁচনি :

অসম চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বিশেষ আঁচনি ৰূপায়ণ কৰিছে। ‘মুখ্যমন্ত্ৰী বিশেষ জলপানি আঁচনি’ শীৰ্ষক আঁচনিখন ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ ৰূপায়ণ কৰা হৈছে।

উক্ত আঁচনিখনৰ অধীনত ৰাজ্যৰ শিক্ষানুষ্ঠানত পঢ়া পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ৫০০০ টকাৰ জলপানি প্ৰদান কৰা হয়। এই জলপানি(৫ বছৰৰ ফিক্সড ডিপ’জিটৰ প্ৰমাণপত্ৰ) পাবলৈ হ’লে ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ পৰিয়াল ৰাজ্যৰ বাসিন্দা হ’ব লাগিব। ৫ম আৰু ৮ম মানৰ ছাত্ৰ-ছাত্ৰীয়েহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।

মুখ্যমন্ত্ৰী বিশেষ জলপানি আঁচনিৰ সুবিধা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় নথি-পত্ৰসমূহ হৈছে -

  • আধাৰ কাৰ্ড
  • ছাত্ৰ-ছাত্ৰীৰ পঞ্চম আৰু অষ্টমমানৰ পৰীক্ষাৰ মাৰ্কশ্বীট
  • স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ
  • পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ
  • নামভৰ্তিৰ প্ৰমাণপত্ৰ(ছাত্ৰ-ছাত্ৰী)
  • পাছপ’ৰ্ট আকাৰৰ ফটো।

উক্ত জলপানিৰ বাবে প্ৰতি বছৰে ব্লক পৰ্যায়ত লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই পৰীক্ষাসমূহ পৰিচালনা কৰে। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেহে এই পৰীক্ষা দিবলৈ আৱেদন কৰিব পাৰিব।

বিতং তথ্যৰ বাবে স্কুলৰ শিক্ষকৰ লগত যোগাযোগ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ লগত যোগাযোগ কৰক।

এই আঁচনিখনৰ যোগেদি চৰকাৰে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ যোগ্যতা অনুসৰি জলপানি প্ৰদান কৰে।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate