অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সকলোৰে বাবে শিক্ষা

ছটা নিৰ্দিষ্ট শৈক্ষিক লক্ষ্য

  • অতি দুৰ্বল গোটসমূহ আৰু অনগ্ৰসৰ শিশুসকলক বিশেষভাৱে লৈ পূৰ্ব শৈশৱ যত্ন আৰু শিক্ষা প্ৰসাৰিত কৰা আৰু সামগ্ৰিকভাৱে উন্নত কৰি তোলা।
  • ২০১৫ চনৰ ভিতৰত দেশৰ সকলো শিশু, বিশেষকৈ ছোৱালী আৰু যিসকলে বিভিন্ন পৰিস্থিতিত পৰি বা সংখ্যালঘু সম্প্ৰদায়ৰ সকলো শিশুকে সম্পূৰ্ণ, বিনামূলীয়া আৰু বাধ্যতামূলক উন্নতমানৰ প্ৰাথমিক শিক্ষা প্ৰদান নিশ্চিত কৰা।
  • সকলো যুৱ আৰু প্ৰাপ্তবয়স্ক লোকৰ বাবে যথোপযুক্ত শিক্ষা আৰু জীৱন ধাৰণৰ দক্ষতা বৃদ্ধিৰ কাৰ্য্যসূচী নিশ্চিত কৰা।
  • ২০১৫চনৰ ভিতৰত প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত ৫০ শতাংশ সাফল্য লাভ কৰা আৰু বিশেষকৈ মহিলাৰ লগতে প্ৰাথমিক আৰু অবিৰত শিক্ষা সকলো প্ৰাপ্তবয়স্কৰ বাবে সমানে আগবঢ়োৱা।
  • ২০১৫ চনৰ ভিতৰত প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত লিংগৰ বৈষম্যতা আতঁৰোৱা আৰু ছোৱালীৰ বাবে উন্নত মানৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ আৰু সমভাৱে উপলব্ধ কৰাৰ লক্ষ্য আগত ৰাখি ২০১৫ চনত লিংগ বৈষম্যহীন শিক্ষা আগবঢ়োৱা।
  • শিক্ষাৰ সকলো গুনগত মানদণ্ড উন্নত কৰা আৰু সাক্ষৰতা, সংখ্যাজ্ঞান আৰু অত্যাৱশ্যকীয় জীৱনশৈলীৰ দক্ষতা যাতে উন্নত মানৰ হয় তাৰ ব্যৱস্থা কৰা।

সকলোৰে বাবে শিক্ষা কিয় গুৰুত্বপূৰ্ণ?

সকলোৰে বাবে শিক্ষাৰ লক্ষ্যসমূহত উপনীত হ’বলৈ সু-স্থিৰ গতিত আগবঢ়া হৈছে। কিয়নো এই ক্ষেত্ৰত বৰ্তমান বহু ধৰণৰ প্ৰত্যাহ্বান আছে। এতিয়াও বহু সংখ্যক বিদ্যালয়লৈ যাব লগা বয়সৰ শিশুৱে অৰ্থনৈতিক, সামাজিক বা আন শাৰিৰীক প্ৰত্যাহ্বান যেনে, অত্যাধিক শিশু জন্ম, এইছআইভি/এইডছ আৰু বিভিন্ন সংঘাতৰ বলি হৈ বিদ্যালয়ৰ পৰা আতঁৰি থাকিব লগা হৈছে।

১৯৯০ চনৰ পৰা উন্নয়নশীল দেশসমূহত বিদ্যালয়ৰ উপলব্ধতা আৰু বিদ্যালয় গম্যতা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। ১৬৩ খন ৰাষ্ট্ৰৰ ভিতৰত প্ৰায় ৪৭ খনে প্ৰাথমিক শিক্ষা সাৰ্বজনীন স্তৰত উপনীত হ’ব পাৰিছে আৰু ২০ খন ৰাষ্ট্ৰ ২০১৫ চনৰ ভিতৰত এই লক্ষ্যত উপনীত হব বুলি ভবা হৈছে। বাকী থকা ৪৪ খন ৰাষ্ট্ৰৰ ২৩ খনেই আফ্ৰিকাৰ। দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় উদ্যোগ হাতত নল’লে এই কেইখন ৰাষ্ট্ৰত ২০১৫ চনৰ ভিতৰত প্ৰাথমিক শিক্ষা সাৰ্বজনীন সম্ভৱ হৈ নুঠিব।

শিক্ষাত লিংগ বৈষম্যতা যদিও কমি আহিছে তথাপিও প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ অলভ্যতাৰ বাবে ছোৱালীসকল এতিয়াও আগবাঢ়িব পৰা নাই। তথাপিও প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ত ছোৱালীৰ নামভৰ্ত্তি বৃদ্ধি পাইছে আৰু বিশেষকৈ আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ নিম্ন উপাৰ্জনশীল দেশসমূহে এই দুয়োটা পৰ্য্যায়ত ২০১৫ চনত নামভৰ্ত্তিৰ অৱস্থা উন্নত কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ২৪ খন দেশৰ ভিতৰত ১৩ খনেই আফ্ৰিকাৰ অন্তৰ্গত। শিক্ষাৰ ক্ষেত্ৰত নিম্ন পৰ্য্যায়ৰ শিক্ষণ আৰু নিম্ন মানদণ্ডৰ শিক্ষা ব্যৱস্থাও প্ৰধান কাৰক হিচাপে দেখা গৈছে। উদাহৰণ স্বৰূপে, বহুবোৰ উন্নয়নশীল দেশত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত নামভৰ্ত্তি কৰা শিশুৰ ৬০ শতাংশতকৈও কম সংখ্যকে বিদ্যালয়ৰ শেষ পৰ্য্যায়ত উপনীত হ’ব পাৰে। ইয়াৰ উপৰিও ছাত্ৰ শিক্ষকৰ অনুপাতো বহুবোৰ দেশত ৪০:১ তকৈ অধিক। আৰু বহুবোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকেই উপযুক্ত অৰ্হতা নথকা।

সকলোৰে বাবে শিক্ষাৰ বাবে অধিক জানিবলৈ দৰ্শন কৰক।(Education)

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate