মূল পৃষ্ঠা / শিক্ষা / নীতি/আঁচনিসমূহ / ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান চমুকৈ আৰ ইউ এছ এ হ’ল কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এক আঁচনি|

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান চমুকৈ আৰ ইউ এছ এ হ’ল কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এক আঁচনি| ৰাজ্যসমূহৰ যোগ্যতা সম্পন্ন উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান সমূহলৈ কৌশলপূৰ্ণ ভাৱে পুঁজি যোগানৰ লক্ষ্যৰে ২০১৩ চনৰ এই আঁচনি খন উন্মোচন কৰা হৈছিল| কেন্দ্ৰীয় পুঁজি আবণ্টনৰ ক্ষেত্ৰত নিয়ম ভিত্তিক আৰু ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে ব্যৱস্থা লোৱা হ’ব| ৰাজ্যসমূহৰ শ্ৰেণী হিচাবে এই পুঁজিৰ হাৰ ভিন্ন ধৰণৰ হয়| যেনে-সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ বাবে ৬০:৪০, বিশেষ শ্ৰেণীৰ ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ৰ বাবে ১০০ % ধন আবণ্টন দিয়া হয়| পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ’ব কেন্দ্ৰীয় চৰকাৰৰ ( মন্ত্ৰণালয়ৰ) পৰা ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চললৈ তাৰ পৰা ৰাজ্যৰ উচ্চতৰ শিক্ষা পৰিষদ সমূহলৈ আৰু তাৰ পৰাহে চিনাক্তকৰণ কৰা প্ৰতিষ্ঠান সমূহলৈ| ৰাজ্য সমূহলৈ পুঁজি আবণ্টন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ উচ্চতৰ শিক্ষা পৰিকল্পনাৰ দোষ-গুণ সমূহ চালি-জাৰি চোৱা হ’ব| যিয়ে উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত সমতা; সুগম্যতা আৰু শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ বাবে প্ৰতিখন ৰাজ্যৰ কৰ্ম-পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰিব|

উদ্দেশ্য

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান চমুকৈ আৰ ইউ এছ এ ৰ স্পষ্ট উদ্দেশ্যে সমূহ হ’ল-

-   নিৰ্দ্ধাৰিত নীতি-নিয়মসমূহ আৰু মানদণ্ড বজাই ৰখাৰ নিশ্চয়তা প্ৰদানৰ দ্বাৰা লগতে সংশ্লীষ্ট কতৃপক্ষৰ দ্বাৰা গুণগত মান নিৰুপণ বাধ্যতামূলক কৰাৰ জৰিয়তে ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহৰ সামগ্ৰিক উন্নতি সাধন কৰা|

-   ৰাজ্যিক ভিত্তিত পৰিকল্পনা আৰু নিৰিক্ষণৰ বাবে এক সহজলভ্য প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে ৰাজ্যিক বিশ্ববিদ্যালয় স্থায়িত্বতা প্ৰদানত সহায় কৰা আৰু প্ৰতিষ্ঠান সমূহৰ প্ৰশাসনিক দিশটো উন্নীতকৰণ কৰিবলৈ ৰাজ্যৰ উচ্চতৰ শিক্ষা পদ্ধতিত এক আমূল সংস্কাৰ সাধন কৰা|

-   বিশ্ববিদ্যালয়ভুক্তকৰণ, পঢ়াশালি সম্বন্ধীয় আৰু পৰীক্ষণ পদ্ধতিত সংস্কাৰ সু-নিশ্চিত কৰা|

-   সকলো উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানত পৰ্য্যাপ্ত সংখ্যক গুণগত মান সম্পন্ন শিক্ষাদাতাৰ উপলব্ধতা নিশ্চিতকৰণ আৰু সকলো স্তৰৰ কৰ্মীৰ কৰ্মদক্ষতা বৃদ্ধি নিশ্চিত কৰণ কৰা|

-   উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান সমূহত গৱেষণা আৰু উদ্ভাৱনৰ বাবে আত্মনিয়োগ কৰিবলৈ শিক্ষাৰ্থীৰ বাবে পৰ্য্যাপ্ত সুবিধাযুক্ত পৰিৱেশ সৃষ্টি কৰা|

-   ছাত্ৰ-ছাত্ৰীৰ নামভুক্তকৰণৰ লক্ষ্য পূৰাবলৈ পুৰণি প্ৰতিষ্ঠান সমুহৰ অতিৰিক্ত গ্ৰহণ ক্ষমতা সৃষ্টিৰ দ্বাৰা আৰু নতুন প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ দ্বাৰা প্ৰতিষ্ঠান সমূহৰ শিক্ষাদানৰ পৰিসৰ বৃদ্ধি কৰা|

-   উচ্চ শিক্ষাৰ সুবিধা নথকা আৰু কম সুবিধা থকা অঞ্চল সমূহত নতুন প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত আঞ্চলিক অসমতা দূৰ কৰা|

-   অনুসূচীত জাতি/ অনুসূচীত জনজাতি আৰু সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উচ্চশিক্ষাৰ পৰ্য্যাপ্ত সুযোগ প্ৰদানৰ জৰিয়তে আৰু মহিলা, শিশু আৰু অন্যভাৱে সক্ষম ব্যক্তি সকলক শিক্ষা গ্ৰহণৰ বাবে উদগনি যোগোৱাৰ দ্বাৰা উচ্চতৰ শিক্ষা ক্ষেত্ৰখনত সমতা প্ৰতিষ্ঠা উন্নীতকৰণ কৰা|

মুখ্যাংশ

কাৰ্য্যক্ষম হৈ থকা স্বায়ত্ব শাসিত মহাবিদ্যালয় সমূহৰ উত্তৰণৰ জৰিয়তে আৰু মহাবিদ্যালয় সমূহ একত্ৰিত কৰি এক ক্লাষ্টাৰ গঠনৰ জৰিয়তে আৰ ইউ এছ এ ই নতুন বিশ্ববিদ্যালয় সৃষ্টি কৰিব| এই অভিযানে নতুন মডেল ডিগ্ৰী কলেজ”, নতুন প্ৰফেচনেল কলেজ স্থাপন কৰিব আৰু বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ আন্তঃগাথনি নিৰ্মাণত সাহাৰ্য্য কৰিব| এই আঁচনি খনৰ আন এক গুৰুত্বপূৰ্ণ অংশ হ’ল শিক্ষক/শিক্ষয়িত্ৰী নিয়োগত সাহাৰ্য্য কৰা, শিক্ষক/শিক্ষয়িত্ৰী উন্নীতকৰণ কাৰ্য্যসূচী আৰু শিক্ষা প্ৰশাসনিক বিষয়া সকলৰ লিডাৰশ্বিপ ডেভেলপমেণ্ট কাৰ্য্যসূচী| দক্ষতা বিকাশক উদগনি যোগাবলৈ বৰ্তমানে চলি থকা পলিটেক্‌নিকৰ কেন্দ্ৰীয় আঁচনি সমূহ আৰ ইউ এছ এৰ আওতাৰ ভিতৰলৈ অনা| ব্যৱসায়িক শিক্ষাক উচ্চতৰ শিক্ষাৰ সৈতে সংপৃক্ত কৰিবলৈ আৰ ইউ এছ এৰ সৈতে আন এক পৃথক অংগ অন্তৰ্ভুক্ত কৰা হৈছে| এই আটাইবোৰৰ উপৰি আৰ ইউ এছ এ ই আন কিছুমান বিষয়তো সাহায্য কৰিব যেনে- অংশগ্ৰহণকাৰী ৰাজ্য সমূহৰ শিক্ষা প্ৰতিষ্ঠানৰ পুনৰ গঠন, পুনৰ নিৰ্মাণ আৰু কাৰ্য্য ক্ষমতা বৃদ্ধিত সহায় কৰা|

আৰ ইউ এছ এৰ লক্ষ্য পূৰণৰ বাবে যি মুখ্য কাৰ্য্য ব্যৱস্থা আৰু পুঁজি আবণ্টনৰ অঞ্চল বা বিষয় সমূহ অনিবাৰ্য্য বুলি ধাৰ্য্য কৰা হৈছে তাৰ ভিতৰত প্ৰাথমিক অংশ সমূহ হ’ল-

-   বৰ্তমান চলি থকা স্বায়ত্ব শাসিত মহাবিদ্যালয় সমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা|

-   মহাবিদ্যালয় সমূহ একত্ৰিত কৰি ক্লাষ্টাৰ ইউনিভাৰ্চিটী লৈ পৰিৱৰ্তন কৰা|

-   বিশ্ববিদ্যালয়লৈ আন্তঃগাঁথনি পুঁজি যোগান|

-   নতুন আদৰ্শ মহাবিদ্যালয় (সাধাৰণ)

-   বৰ্তমান চলি থকা মহাবিদ্যালয় সমূহ আদৰ্শ মহাবিদ্যালয়লৈ উন্নীতকৰণ কৰা|

-   নতুন মহাবিদ্যালয়

-   মহাবিদ্যালয়লৈ আন্তঃগাঁথনি পুঁজি যোগান

-   গৱেষণা, উদ্ভাৱন আৰু গুণাগুণৰ উন্নতি|

-   সমতা প্ৰচেষ্টাসমূহ|

-   শিক্ষক নিযুক্তি কৰণত সাহাৰ্য্য|

-   শিক্ষক উন্নীতকৰণ|

-   উচ্চতৰ শিক্ষাৰ ব্যৱসায়ীকৰণ|

-   শিক্ষা প্ৰশাসনিক বিষয়া সকলৰ নেতৃত্ব বিকাশ|

-   প্ৰতিষ্ঠানৰ পুনৰ নিৰ্মাণ আৰু পুনৰ গঠন|

-   কাৰ্য্যক্ষমতা গঠন আৰু প্ৰস্তুতি, তথ্য সংগ্ৰহ আৰু পৰিকল্পনা|

উৎস:-মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top