অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে লোৱা চৰকাৰী আৰু বে-চৰকাৰী ব্যৱস্থাসমূহ

কুৰি শতিকাৰ শেষৰ কুৰিটা বছৰত ভাৰত চৰকাৰে দেশৰ প্ৰাথমিক শিক্ষা বিকাশৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকৰ মূল উদ্দেশ্য আছিল দেশৰ প্ৰাথমিক শিক্ষাত গুণ আৰু পৰিমাণ এই দুয়ো দিশতে উৎকৰ্ষ সাধন কৰা। ইয়াৰ বাবে স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰা, শিক্ষা-অপচয় আৰু অনুন্নয়ন ৰোধ প্ৰদান কৰা, শিক্ষকৰ প্ৰশিক্ষণ দিয়া, স্কুলৰ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য ৰক্ষা কৰা, মধ্যাহ্ন আহাৰৰ যোগান ধৰা, সংগীত-নৃত্য আৰু খেলা-ধূলাৰ ব্যৱস্থা কৰা আদি বিশেষ উল্লেখযোগ্য। প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে দেশজুৰি লোৱা গুৰুত্বপূৰ্ণ ব্যৱস্থাবোৰ তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে-

সাংবিধানিক ব্যৱস্থা গ্ৰহণ

১৯৪৭ চনত ভাৰতবাসীক স্বাধীনতা প্ৰদানে দেশৰ মানুহক প্ৰাথমিক শিক্ষা গ্ৰহণৰ প্ৰতি নতুন অনুভৱ আনি দিয়ে। ১৯৫১ চনৰ লোকপিয়লৰ মতে দেশৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ ১৯.৭৪ শতাংশ। ইয়াৰ ভিতৰত পুৰুষৰ শিক্ষিতৰ হাৰ ২৯% আৰু মহিলাৰ হাৰ ১২.৮২% মাথোন। সেইবাবে সংবিধান প্ৰণেতাসকলে বিভিন্ন অনুচ্ছেদৰ যোগে প্ৰাথমিক শিক্ষা বিকাশত অগ্ৰাধিকাৰ প্ৰদান কৰে।

  • অনুচ্ছেদ নং ৪৫-ত ভাৰতৰ নিৰক্ষৰতাৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশ দিয়া হয় যে সংবিধান কাৰ্যকৰী হোৱাৰ দহ বছৰ সময়ৰ ভিতৰত(১৯৫১-১৯৬০ চন)সকলোবোৰ ল’ৰা-ছোৱালীকে ১৪ বছৰ বয়স সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্য চৰকাৰবোৰে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে।
  • অনুচ্ছেদ নং ১৫-ত দেশৰ মানুহৰ মাজত জাতি-ধৰ্ম-বৰ্ণৰ ভেদভাৱ পৰিহাৰ কৰি ঐক্য-সংহতি স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ভাৰতীয় সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ স্বৰূপে গণ্য কৰে। কোনো নাগৰিকক লিংগৰ ভিত্তিত বৈষম্যভাৱ দেখুৱাব নোৱাৰিব।
  • অনুচ্ছেদ নং ২৮-ৰ যোগে দেশৰ শিক্ষাত ধৰ্মনিৰপেক্ষতা নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কোৱা হয় যে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধৰ্মীয় শিক্ষা দিয়া নহয়।
  • অনুচ্ছেদ নং ২৯-ত কোৱা হৈছে যে ভাৰতৰ নাগৰিক, যাৰ নিজা লিখিত ভাষা আৰু সংস্কৃতি আছে, তেওঁলোকে তাক সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব। কোনো ভাৰতীয় নাগৰিককে চৰকাৰী শিক্ষানুষ্ঠানে অথবা চৰকাৰী অনুদান পোৱা শিক্ষানুষ্ঠানে জাতি-ধৰ্ম-ভাষাৰ ভিত্তিত নামভৰ্তিকৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।
  • অনুচ্ছেদ নং ৩০-ত কোৱা হৈছে যে ভাষা অথবা ধৰ্মৰ ভিত্তিত সকলো সংখ্যালঘূ লোকেই নিজ নিজ পচন্দ মতে শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ থাকিব। তেওঁলোকৰ এই সাংবিধানিক অধিকাৰপ্ৰাপ্তি চোৱা-চিতা কৰিবৰ বাবেও বিশেষ বিষয়া নিযুক্তি দিয়া হয়।

অপাৰেচন ব্লেকব’ৰ্ড

ই হৈছে এক প্ৰতীকধৰ্মী নামাকৰণ, যাৰ যোগেদি প্ৰাথমিক শিক্ষাৰ অনুষ্ঠানবোৰৰ বৈষয়িক উন্নতি আৰু উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হৈছে। ভাৰত চৰকাৰে ৰাজীৱ গান্ধীৰ নেতৃত্বত ১৯৮৫ চনত নতুঅ শিক্ষা নীতি ঘোষণা কৰে। শিক্ষা সাৰ্বজনীনকৰণৰ দিশত প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ এই শিক্ষা-নীতিত এক ঘোষণা কৰা হয় যাক ‘অপাৰেচন ব্লেকব’ৰ্ড’ বুলি জনা যায়। উল্লেখযোগ্য যে প্ৰচলিত প্ৰাথমিক শিক্ষাই সেই সময়ত স্কুলৰ সৰ্বনিম্ন বৈষয়িক সম্পদ স্বৰূপে ‘ব্লেকব’ৰ্ড’ খনৰো যোগান ধৰিব পৰা নাছিল। প্ৰাথমিক শিক্ষাৰ এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা বৈষয়িক প্ৰয়োজনবোৰ আছিল এনে ধৰণৰ-

  • স্কুলৰ দুটা ডাঙৰ কোঠা, যাক বছৰৰ সকলো বতৰতে ব্যৱহাৰ কৰিব পাৰি।
  • শ্ৰেণীকোঠাৰ সহায়ক শিক্ষা সঁজুলি, যেনে- মেপ, চাৰ্ট, গ্লোব, ব্লেকব’ৰ্ড, চক আদি।
  • খেলা-ধূলাৰ প্ৰয়োজনীয় সঁজুলি, যেনে- পুতলা, বল আদি।
  • পুথিভঁৰালৰ কিতাপ, যেনে- পাঠ্যপুথি, সহায়ক পুথি, অভিধান, বিশ্বকোষ, শিশু-গ্ৰন্থ, আলোচনী, বাতৰি কাকত আদি।
  • স্কুলৰ ঘণ্টা, সংগীতৰ সঁজুলি, যেনে- ঢোলক, তবলা, হাৰমনিয়াম আদি।
  • প্ৰাথমিক বিজ্ঞানৰ শিক্ষা দিবৰ বাবে প্ৰয়োজনীয় সঁজুলি।
  • স্কুলত পানী যোগান আৰু শৌচাগাৰৰ সুবিধা।
  • হাত খৰচৰ বাবে শিক্ষকৰ হাতত ধন।
  • প্ৰতিখন স্কুলতে সৰ্বনিম্নভাৱে দুজনকৈ শিক্ষক।

উল্লিখিত আঁচনিবোৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য-চৰকাৰবোৰক অৰ্থ-সাহায্য প্ৰদান কৰিব। প্ৰস্তাৱিত স্কুল ঘৰবোৰ অৰ্থনৈতিকভাৱে মিতব্যয়ী বিধৰ হ’ব লাগে। গ্ৰাম্য শিক্ষা-কমিটিবোৰে স্কুলঘৰ নিৰ্মাণৰ দায়িত্ব ল’ব লাগে। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে(NCERT)অৰ্থ সাহায্য প্ৰদানৰ নীতি নিৰ্ধাৰণ কৰিব লাগে।

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

১৯৮৬ চনত ঘোষিত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ৰাষ্ট্ৰীয় নীতিত কোৱা হয় যে সেই সময়ত প্ৰাথমিক স্কুলৰ শিক্ষক প্ৰশিক্ষণৰ বাবে থকা নিম্ন মানবিশিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰৰ বিলোপ সাধন কৰা হ’ব। ইয়াৰ ঠাইত ৰাজ্য চৰকাৰবোৰৰ বিভিন্ন জিলাত জিলাভিত্তিকভাৱে প্ৰাথমিক শিক্ষকৰ প্ৰশিক্ষণ কেন্দ্ৰ(DIET)স্থাপন কৰি তোলা হ’ব। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ৰাজ্য চৰকাৰবোৰক ১৯৮৭ চনত প্ৰয়োজনীয় নিদেৰ্শনা আৰু অৰ্থ-সাহায্য প্ৰদান কৰে। কুৰি শতিকাৰ শেষলৈকে সমগ্ৰ দেশত ইয়াৰ বাবে প্ৰায় ৪০০ খন প্ৰাথমিক শিক্ষণ প্ৰশিক্ষণ স্থাপন কৰি তোলা হয়। এই DIET-বোৰৰ মুখ্য উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতাৰ দিশত শিক্ষাৰ গুণমান উন্নত কৰি তুলিবৰ বাবে শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। সময়ৰ প্ৰয়োজন অনুসৰি ইয়াৰ বাবে দেশজুৰি ব্যাপক পৰিসৰৰ আৰু উন্নত গুণমানৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এই কেন্দ্ৰবোৰত নিৰক্ষৰ প্ৰাপ্তবয়স্কসকলৰ শিক্ষক প্ৰশিক্ষণৰো আঁচনি গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও শিক্ষক প্ৰশিক্ষণৰ বাবে উন্নতমানৰ শিক্ষা-সঁজুলি উদ্ভাৱন আৰু এই সম্বন্ধীয় গৱেষণামূলক আঁচনিও গ্ৰহণ কৰা হয়।

জিলা প্ৰাথমিক শিক্ষা আঁচনি

বিশ্ববেংকৰ আৰ্থিক সাহায্য লাভ কৰি উঠি কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদৰ বিকাশ সাধন মন্ত্ৰ্যালয়ে প্ৰাথমিক শিক্ষাৰ বাবে উল্লিখিত আঁচনিখন ১৯৯৪ চনত গ্ৰহণ কৰে। ইয়াক জিলা প্ৰাথমিক শিক্ষা আঁচনি বা DPEP স্বৰূপে জনা যায়। ই হৈছে এক সময় সাপেক্ষ শিক্ষা বিকাশ আঁচনি, যাৰ সময়সীমা ধৰি দিয়া হৈছে কেৱল পাঁচ বছৰৰ বাবে। এই আঁচনিখনৰ আন এটা বিশেষত্ব এয়ে যে দেশৰ সকলো অঞ্চলৰ লোকৰ বাবে এই আঁচনি প্ৰযোজ্য নহয়। কেতবোৰ নিৰ্বাচিত পিছপৰা অঞ্চলৰ বাবেহে বিশ্ববেংকৰ এই আৰ্থিক সাহায্য প্ৰযোজ্য হ’ব। এই নিৰ্বাচিত অঞ্চলবোৰ হৈছে, যিবোৰ জিলাত মহিলাসকলৰ সাক্ষৰতাৰ শতকৰা হাৰ সৰ্বভাৰতীয় হাৰতকৈ নিম্ন মানত অৱস্থিত, তেনে অঞ্চলৰ বাবেহে এই অৰ্থ সাহায্য প্ৰযোজ্য। বিশেষকৈ ৰাজ্যৰ নিৰক্ষৰ মহিলাসকল, পিছপৰা শ্ৰেণীৰ বসতি অঞ্চলৰ লোকসকল আৰু অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলক সাহায্য প্ৰদানৰ বাবে এই আঁচনিযোগে সামৰি লোৱা হৈছে। আঁচনিখনৰ প্ৰথম পৰ্যায়ত ২৩ খন জিলাহে সৰ্বভাৰতীয় ভিত্তিত সাহায্যৰ বাবে অন্তৰ্ভুক্ত কৰা হয়। অসমকো প্ৰথম পৰ্যায়তে অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ আনবোৰ ৰাজ্য হৈছে হাৰিয়ানা, কৰ্ণাটক, কেৰেলা, মহাৰাষ্ট্ৰ আৰু তামিলনাডু। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন আনবোৰ ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে। এই জিলা প্ৰাথমিক শিক্ষা আঁচনিত অন্তৰ্ভুক্ত কৰা কেতবোৰ কাৰ্যসূচী আছিল নিম্নলিখিত বিধৰ-

  • শিশু-শিক্ষাৰ বাবে কেতবোৰ শিক্ষণৰ সহায়ক সঁজুলি প্ৰস্তুত কৰা।
  • ছাত্ৰীসকলৰ বাবে স্কুলত খোৱাপানী আৰু স্বাস্থ্য ৰক্ষামূলক(ছেনিটাৰী)বিশেষ ব্যৱস্থা কৰা।
  • এই আঁচনিখনত সাম্প্ৰদায়িক লোকসকলক জড়িত কৰা।
  • কৰ্মৰত শিশুসকলক শিক্ষাগ্ৰহণৰ সুবিধা দিয়া।
  • সামগ্ৰিক বিকাশ সাধনৰ বাবে ৩-৬ বছৰ বয়সৰ শিশুসকলৰ বাবে প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা।
  • শিশুসকলৰ সমাবেশ ঘটোৱা, পুতলা প্ৰদৰ্শনী আৰু চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা।
  • প্ৰাক্‌-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ মাজত সমন্বয় আৰু সহযোগিতা স্থাপন কৰা।

ওপৰত উল্লেখ কৰা শিক্ষা আৰু ক্ৰিয়া আঁচনিবোৰ শিশুৰ সাৰ্বজনীন বিকাশৰ দিশত বাস্তৱভিত্তিক আৰু ফলপ্ৰসূ স্বৰূপে বিবেচনা কৰিব পাৰি।

পূৰ্ণ সাক্ষৰতা অভিযান

জাতীয় সাক্ষৰতা মিছনৰ পৰা পোৱা ব্যৰ্থতাৰ অভিজ্ঞতাই ইয়াৰ সংশোধিত ৰূপত এই পূৰ্ণ সাক্ষৰতা অভিযানৰ নতুন ধাৰণা আৰু ইয়াৰ ক্ৰিয়া আঁচনি গঢ় দি তোলে। সেই অনুক্ৰমে ১৯৮৯ চনত স্বেচ্ছাকৃতভাৱে সৰ্বসাধাৰণ লোকক জড়িত কৰিব পৰাকৈ অতি কম সময়ৰ ভিতৰতে সাক্ষৰতা প্ৰদানৰ এই জন-অভিযান আঁচনি গ্ৰহণ কৰা হয়। এই কথা অনুভৱ কৰা হয় যে সৰ্বসাধাৰণ লোকক স্বেচ্ছাকৃতভাৱে ক্ৰিয়া জড়িত কৰি তুলিব পাৰিলেহে জন-সাক্ষৰতা প্ৰদানৰ আঁচনিয়ে সফলতা লাভ কৰি উঠিব পাৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কেৰেলা ৰাজ্যত ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদ’ আৰু ‘ভাৰত জন-বিজ্ঞান যাত্ৰা’ই তেওঁলোকৰ জন-শিক্ষাৰ আঁচনি সফল কৰি তোলাৰ প্ৰধান কাৰণ আছিল জনসাধাৰণ লোকক তৃণমূল পৰ্যায়ত তেওঁলোকৰ আঁচনিত জড়িত কৰি তুলিব পৰাটো। জনসাধাৰণ লোকৰ লোক-সংগীত, লোক-সংস্কৃতি আৰু লোক-নৃত্য আদিয়ে মানুহৰ মন সহজে আকৰ্ষণ কৰি তুলিব পাৰে। অসমতো মহাপুৰুষ শংকৰ-মাধৱে পাঁচশ বছৰৰ পূৰ্বে তেনেকৈ জনসাধাৰণৰ শিক্ষা-আঁচনি কাৰ্যকৰী ৰূপদান কৰিব পাৰিছিল। এই পূৰ্ণ সাক্ষৰতা অভিযানৰ বাবে গ্ৰহণ কৰা কাৰ্য-ব্যৱস্থাবোৰ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি-

  • ইয়াৰ প্ৰচাৰকাৰ্য চলাবৰ বাবে বিজ্ঞাপন-পত্ৰ, প্ৰাচীৰ-পত্ৰ, শিৰোনামা আদি প্ৰয়োগ কৰিব লাগে।
  • সৰ্বাধিক সংখ্যক সম্প্ৰদায়ৰ লোকে ক্ৰিয়া অংশগ্ৰহণ আৰু ক্ৰিয়া জড়িতকৰণ কৰি আন্দোলনটোক জনজাগৰণৰ ৰূপদান কৰিব লাগে।
  • জিলা, খণ্ড আৰু গাঁও এই তিনি পৰ্যায়ত একোজনকৈ লোকক দায়িত্বত ৰাখিব লাগে।
  • অধিক সংখ্যক স্বেচ্ছাসেৱী নিযুক্ত কৰিব লাগে।
  • স্বেচ্ছাসেৱীসকলৰ ক্ৰিয়া পটুতা বৃদ্ধি কৰি তুলিবৰ বাবে প্ৰশিক্ষণ শিবিৰ স্থাপন কৰি তুলিব লাগে।
  • সকলো চৰকাৰী আৰু বেচৰকাৰী কৰ্তৃপক্ষ, প্ৰতিনিধি আৰু স্বেচ্ছাসেৱী লোকক ইয়াত একত্ৰিত কৰিব লাগে।
  • শিক্ষাদান কাৰ্য এজনে আনজনক দিয়া ব্যৱস্থাৰে প্ৰদান কৰিব লাগে।
  • শিক্ষাদান কাৰ্যৰ বাবে সময়, স্থান, স্বেচ্ছাসেৱীসকল আৰু শিক্ষা গ্ৰহণকাৰীসকল নিৰ্ধাৰণ আৰু নিৰ্বাচন কৰি তুলিব লাগে।
  • শিক্ষা প্ৰদান ব্যৱস্থা সময় সাপেক্ষ হ’ব লাগে।
  • ইয়াৰ তিনিমাহ সময় প্ৰচাৰ কাৰ্যৰ বাবে আৰু পাঁচ-ছয় মাহ সময় শিক্ষা প্ৰদানৰ ধাৰ্য কৰিব লাগে।

পূৰ্ণ সাক্ষৰতা অভিযানৰ এই আঁচনিখনে ওপৰত বৰ্ণনা কৰা কাৰ্যসূচীবোৰৰ যোগেদি মূলতে সাক্ষৰতা প্ৰদানৰ ব্যৱস্থাটো জনপ্ৰিয় আৰু জন-আন্দোলনমুখী কৰি তাৰ তৃণমূল পৰ্যায়ৰ পৰা গঢ় দি তুলিবলৈ বিচৰা হৈছে।

সৰ্বশিক্ষা অভিযান

একৈশ শতিকাৰ আৰম্ভণিতে ভাৰতীয় প্ৰাথমিক শিক্ষাব্যৱস্থাত লোৱা সৰ্ববৃহৎ আঁচনি হৈছে সৰ্বশিক্ষা অভিযান। এই আঁচনিৰ মূল মন্ত্ৰ হৈছে শিক্ষাৰ যোগেদি দেশৰ প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি সমতা আৰু সামাজিক ন্যায় স্থাপন কৰি তোলা। ই এখন শিক্ষা আঁচনি, যাৰ যোগেদি এক নিৰ্দ্দিষ্ট আৰু স্পষ্ট সময়সীমাৰ ভিতৰত দেশৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবলৈ বিচৰা হৈছে। এই শিক্ষা-মিছনৰ মূল লক্ষ্য হৈছে সমগ্ৰ দেশতে উন্নত গুণ-মানৰ শিক্ষা প্ৰদান কৰা, যাৰ যোগেদি সামাজিক ন্যায় স্থাপন কৰি তুলিব পৰা হ’ব পাৰে। এই শিক্ষা-মিছনৰ প্ৰধান নীতি হৈছে প্ৰাথমিক শিক্ষা বিকাশৰ বাবে সকলো ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় প্ৰশাসন কতৃপক্ষকে সমান অংশীদাৰ স্বৰূপে গণ্য কৰা। ইয়াৰ যোগেদিহে শিক্ষা প্ৰশাসনৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি তুলিব পৰা হ’ব। এনে এক কাৰ্যই প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবৰ বাবে এক ৰাজনৈতিক ইচ্ছা শক্তি থকাৰ কথা প্ৰকাশ কৰিব পাৰে। এই শিক্ষা আঁচনিখনৰ প্ৰকৃতি আৰু ইয়াৰ সাংগঠনিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক স্বৰূপাৰ্থত সৰ্বশিক্ষাৰ এক ‘মিছন’ বা ‘সঁজাতী দল’ স্বৰূপে অভিহিত কৰিব পাৰি।

অভিযানৰ লক্ষ্য

মানৱ সম্পদৰ বিকাশ সাধন মন্ত্ৰ্যালয়ে এই শিক্ষা অভিযানৰ লক্ষ্য নিম্নলিখিতভাৱে স্থিৰ কৰিছে।

  • এই অভিযানে ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে তেওঁলোকৰ কামত অহা প্ৰাসংগিক বিধৰ শিক্ষা ২০১০ চনৰ ভিতৰত প্ৰদান কৰিব।
  • সক্ৰিয়ভাৱে ক্ৰিয়া অংশগ্ৰহণৰ যোগে স্কুলৰ সাম্প্ৰদায়িক লোকসকলৰ মাজত থকা সামাজিক, আঞ্চলিক আৰু লিংগভিত্তিক বিভেদসমূহ গুচোৱাটো এই অভিযানৰ লক্ষ্য।
  • শিশুসকলে তেওঁলোকৰ প্ৰাকৃতিক পৰিবেশক জানি উঠিবলৈ আৰু তাক নিয়ন্ত্ৰণ কৰিবলৈ শিকোৱাটো হৈছে এই অভিযানৰ লক্ষ্য।
  • মানৱ সম্পদৰ পাৰ্থিৱ আৰু আধ্যাত্মিক শক্তি ক্ষমতাবোৰৰ পূৰ্ণ উপযোগ কৰাটো এই মিছনৰ লক্ষ্য স্বৰূপে বিবেচিত হয়।
  • শিশুসকলে নৈতিক মূল্যবোধৰ শিক্ষা লাভ কৰি উঠিব পৰাটো এই অভিযানৰ লক্ষ্য।
  • শিশুসকলে নিজকে আত্মকেন্দ্ৰিক ব্যক্তিবিশেষত গঢ় লৈ উঠাৰ পৰিৱৰ্তে তেওঁলোকে ইজনে সিজনৰ লগত সহযোগিতাৰে কাম কৰি উঠিবলৈ সুবিধা পোৱাটোহে এই শিক্ষাৰ লক্ষ্য।

ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ

তত্ত্বমূলক বিশ্লেষণ পৰিহাৰ কৰি সৰ্বশিক্ষা অভিযানৰ মূল বৈশিষ্ট্যবোৰ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • এই অভিযানৰ শিক্ষা আঁচনি ২০১০ চনৰ ভিতৰত সম্পাদনৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
  • এই শিক্ষা আঁচনিখনে সমাজৰ সকলো সম্প্ৰদায়ৰ লোককে ক্ৰিয়া জড়িতকৰণ তুলি প্ৰকৃত অৰ্থত জনগনৰ আন্দোলনত পৰিণত কৰিবলৈ বিচৰা হৈছে।
  • ইয়াত শিক্ষাৰ প্ৰসংগত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি তোলা হৈছে।
  • এই অভিযানত শিক্ষা জনসাধাৰণৰ এক বিষয় স্বৰূপে অনুভৱ কৰিবলৈ শিকোৱা হৈছে, য’ত জনসাধাৰণ লোকৰ সহযোগিতাৰ প্ৰয়োজন।
  • এই শিক্ষা আঁচনিৰ যোগে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষসমূহক শিক্ষাৰ সমভাগী আৰু ক্ৰিয়াৰ অংশীদাৰ স্বৰূপে প্ৰক্ষেপন কৰা হৈছে।
  • সৰ্বশিক্ষা আঁচনিয়ে সমাজৰ দৰিদ্ৰা আৰু অৱহেলিত শ্ৰেণীৰ লোকসকলক শিক্ষাৰ ঘাই সুঁতিলৈ লৈ আনিবৰ বাবে চেষ্টা কৰা হৈছে।
  • এই আঁচনিয়ে দেশৰ প্ৰাথমিক শিক্ষাত গুণ আৰু পৰিমাণৰ দুয়ো দিশতে সমানে বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰিছে।
  • এই আঁচনিখনে শিশুৰ প্ৰাথমিক শিক্ষাত আনন্দদায়ক শিক্ষাৰ নীতি গ্ৰহণ কৰি শিক্ষাদানৰ পদ্ধতিত আধুনিকতাৰ মনোভাৱ আনিবলৈ বিচাৰিছে।

লেখক: যতীন বৰুৱা, উচ্চতৰ মাধ্যমিক শিক্ষা।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate