মূল পৃষ্ঠা / শিক্ষা / সমলৰ যোগসূত্ৰসমূহ / শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব

শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব, সেই বিষয়ে লিখা হৈছে ।

 

মাক-দেউতাকৰ বাবে সন্তানৰ শিক্ষাই তেওঁলোকৰ ডাঙৰ সম্পদ। প্ৰত্যেক মাক-দেউতাকেই নিজৰ সন্তানে উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱাটো বিচাৰে। জীৱনত গুৰুত্বপূৰ্ণ শিক্ষাই হৈছে আত্মবিশ্বাসৰ শিক্ষা। শিশু অৱস্থাৰ পৰা সন্তানৰ মনত আত্মবিশ্বাস জগাই তুলিব নোৱাৰিলে সন্তানে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰে। ইয়াৰ উপৰি সন্তান হতাশাত ভোগে আৰু জীৱন দুৰ্বিসহ হৈ পৰে। গতিকে প্ৰথমাৱস্থাত সন্তানৰ মনত আত্মবিশ্বাস জগাই তোলাই মাক দেউতাকৰ প্ৰধান কৰ্তব্য। পিতৃ-মাতৃয়েই শিশুৰ প্ৰধান শিক্ষক, গতিকে সন্তানৰ আভ্যন্তৰীণ মানসিক বিকাশৰ বাবে শিশুৰ মাক-দেউতাকে কিছুমান সৎ আদৰ্শ নিজেই প্ৰস্তুত কৰি ল’ব লাগিব। শিশুক মানসিকভাৱে শক্তিশাৰী কৰাৰ কেইটিমান কৌশল আজিত আলোচনাৰ বিষয়।

সন্তানৰ প্ৰচেষ্টাত প্ৰশংসা কৰাটোৱেই আটাইতকৈ ডাঙৰ কথা। সৰু-বৰ যিয়ে প্ৰচেষ্টা নহওক সন্তানৰ প্ৰত্যেক ক্ষেত্ৰতে উদগনি যোগাব লাগে। কোনো ক্ষেত্ৰত সেই প্ৰচেষ্টাত সফল নহ’লেও সন্তানক নিৰুৎসাহ কৰিব নালাগে। তেনেদৰে বাৰে বাৰে চেষ্টাৰ পৰাহে সন্তানে কাম কৰাৰ বাবে উৎসাহ পাব।

সন্তান যিক্ষেত্ৰতে আগ্ৰহী সেই ক্ষেত্ৰতে তেওঁক যৎপৰোনাস্তি উৎসাহ যোগাব লাগে। সকলো শিশুৰে নিজা নিজা আগ্ৰহৰ ক্ষেত্ৰ থাকিব পাৰে। সন্তানৰ খেলা-ধূলা বা পঢ়া-শুনা যিক্ষেত্ৰতে আগ্ৰহ সেই ক্ষেত্ৰতে তেওঁক অনুশীলনৰ বাবে উৎসাহ যোগাব লাগে। তেনে কৰিলে সন্তানৰ মনত আত্মবিশ্বাস বাঢ়িব। অভিভাৱকৰ নিৰুৎসাহে সন্তানৰ মনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।

যিমানদূৰ সম্ভৱ সন্তানক নিজৰ সমস্যাৰ সমাধান কৰিবলৈ দিব লাগে। আমি অথাৎ অভিভাৱকে সকলো সমস্যা সমাধান কৰি দিলে সেই কামটো কৰাৰ বাবে সন্তানে উৎসাহ নাপাব আৰু সিহঁতৰ মনত আত্মবিশ্বাস গঢ় লৈ নুঠিব। ঠিক তেনেদৰে পঢ়া-শুনাৰ ক্ষেত্ৰতো পাঠ্যপুথি বা শ্ৰেণীৰ কাম-কাজসমূহ যিমান পাৰি নিজে কৰিবলৈ দিব লাগে। তেতিয়াহে সন্তানে পঢ়া-শুনাৰ গুৰুত্ব বুজিব পাৰিব। অন্যথা আমাৰ জৰিয়তে বৰ্তমান শিশুটিয়ে শিক্ষকৰ পৰা ভাল গ্ৰেড পাব সঁচা কিন্তু পঢ়া-শুনাৰ ক্ষেত্ৰত ভৱিষ্যতলৈ ভাল ফল দেখুৱাব নোৱাৰিব।

বহুক্ষেত্ৰত দেখা যায় যে, বহু অভিভাৱকে সন্তানে বিভিন্নধৰণৰ প্ৰশ্ন সুধি থাকিলে বেয়া পায় বা প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰে। তেনে কৰিলে সন্তানে নিৰুৎসাহিত হ’ব পাৰে। গতিকে সন্তানে কৌতূহলী হোৱাত বাধা দিব নালাগে। কাৰণ এনে প্ৰশ্ন শিশুৰ বাবে জৰুৰী।

অভিভাৱকে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব লাগে। তেওঁলোকক প্ৰশ্নসমূহ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলেহে তেওঁলোকৰ মনত সৰুৰে পৰা আত্মবিশ্বাস, অধ্যৱসায় লগতে প্ৰচেষ্টা বাঢ়িব।

সন্তানক কিছুমান নতুন নতুন, সৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ দিব লাগে। যেনে- আজৰি সময়ত মুকলি ঠাইত অকলে চাইকেল চলোৱা, ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ ফুৰি অহা, সৰু-সুৰা বজাৰৰ বাবে দোকানলৈ যোৱা ইত্যাদি। এনে কাম-কাজৰ অভ্যাস কৰালে সন্তানৰ মনত আত্মবিশ্বাস যথেষ্টখিনি বাঢ়িব।

ব্যৰ্থতাই শিশুৰ শিক্ষাগ্ৰহণত আত্মবিশ্বাস বঢ়ায়। কিন্তু এইক্ষেত্ৰত অভিভাৱকৰ চেষ্টা জৰুৰী। সন্তানৰ ব্যৰ্থতাত অভিভাৱকে উৎসাহ দিয়া উচিত। লগতে শিক্ষাগ্ৰহণৰ বাট পোনাও দিব লাগে। ব্যৰ্থতাই যাতে শিশুটিৰ মনত ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে চেষ্টা কৰিব লাগে।

শিশুটিয়ে অভিভাৱকৰ ভাল লগাবৰ বাবে কৰা কামৰ প্ৰত্যক্ষ সমালোচনা কৰিব নালাগে। প্ৰত্যক্ষ সমালোচনাই সন্তানৰ মনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে। সমালোচনাৰ সলনি শিশুটিৰ উৎসাহৰ বাবে অনুপ্ৰেৰণাদায়ক মন্তব্য দিব লাগে। ভুল সংশোধনৰ বাবে সৰু সৰু উপদেশমূলক মন্তব্যও দিলে শিশুহঁত উপকৃত হয়।

শিশুক নতুন কথা শিকিবলৈ বা জানিবলৈ দিব লাগে। প্ৰথম অৱস্থাত শিশুটিয়ে ভয় খাব পাৰে বা অস্বস্তিবোধ কৰিব পাৰে। কিন্তু সেই ক্ষেত্ৰত এবাৰ অভ্যস্ত হ’লে সন্তানৰ আত্মবিশ্বাস বাঢ়িব। অভিভাৱক হিচাপে সন্তানৰ অভিজ্ঞতাৰ সাহসৰ প্ৰশংসা কৰিলে সন্তানে আগলৈ ভাল ফলাফল দেখুৱাবলৈ উৎসাহ পায়।

সন্তানক প্ৰতিভাৰ নহয় চেষ্টাৰ বাবে উৎসাহিত কৰিব লাগে। বিফল হোৱা কামটো চেষ্টাৰ বাবে উৎসাহিত কৰিব লাগে। কাৰণ তেওঁ নোৱাৰা কামটো কৰিবলৈ চেষ্টা কৰিছে। প্ৰকৃততে সেয়াহে আচল কথা। তেনেদৰে অলপ অলপকৈ কৰা চেষ্টাৰ দ্বাৰা তেওঁ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব।

শিশু অৱস্থাৰ পৰাই সন্তানৰ মনত আত্মবিশ্বাস কৰ্মস্পৃহা জগাই তুলিব পাৰিলে ভাল। তেনে কৰিলেহে সন্তানে যিকোনো কামতে আগবাঢ়িব পাৰিব। কিন্তু এইক্ষেত্ৰত অভিভাৱকৰ ভূমিকা গুৰুত্বপূৰ্ণ। অভিভাৱকে সদায় সন্তানৰ লগত বন্ধুত্বসুলভ ভাবেৰে অনুপ্ৰেৰণা, উৎসাহ দিব লাগে। এনে কৰিলেহে শিশুৰ ভৱিষ্যৎ সুন্দৰ হ’ব লগতে গভীৰ আত্মবিশ্বাসৰ অধিকাৰী হ’ব।

লেখিকা: অন্বেষা ৰাজকুমাৰী(সাদিন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top