মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ

উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ

ৰৈখিক সমীকৰণ আমি উচ্চ মাধ্যমিকত সকলোৱে সমাধান কৰিছো। যিমানটা চলকীয় ৰাশি থাকে সিমানটা সমীকৰণ লাগে। দুটা চলকীয় ৰাশি থাকিলে, ধৰি লওঁ x আৰু y, আমি মাত্ৰ এটা সমীকৰণেৰে সমাধান কৰিব নোৱাৰো। সেই একেই কথাখিনি আমাৰ চাৰিওফালে থকা সমস্যাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নেকি আৰু তাৰ ফলত সমাধান ওলায় নেকি ভাবি চাইছিলো।
তলত কেইটামান সমীকৰণ দিলো। শেষত গোটেইকেইটা একেলগে সমাধান কৰিব পৰা যায় নেকি চেষ্টা কৰিছো।

ক) কেবল গুৱাহাটীৰ বানপানী সমস্যাই নহয় অসমৰ বাকী সকলো ঠাইত বানপানী। খাদ্যৰ অভাৱ হৈছে, মহামাৰী হৈছে, বহুত সংগঠনে লাষ্টগেটত চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ধৰ্ণা দিছে। মূখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী একেলগে আহি হেলিকপ্তাৰত উঠি বানপানীয়ে কৰা ক্ষয়-ক্ষতিৰ বুজ লৈছে। কেন্দ্ৰীয় চৰকাৰে ৫ লাখ বানপীড়িতৰ বাবে ৫০০ কোটি টকা দিছে। জনে প্ৰতি ৫০০ টকাকৈ। প্ৰবল গৰা-খহনীয়াৰ বাবে বিঘাই বিঘাই মাটি নদীৰ বুকুত জাহ গৈছে। মাটি-সম্পত্তি হেৰুৱাই দুৰ্ভগীয়া পৰিয়ালে মথাউৰিত আশ্ৰয় লৈছে। চৰকাৰী সাহায্যলৈ অপেক্ষা কৰিছে। দেশপ্ৰেমী কৃষক আৰু ছাত্ৰ সংগঠনে জোৰ লৈ সমদল কৰিছে। বিৰোধী ৰাজনৈতিক দলে চৰকাৰৰ শাসনত থকাৰ কোনো অধিকাৰ নাই বুলি প্ৰেছ বিজ্ঞপ্তি দিছে। বানপানীৰ স্থায়ী সমাধান লাগে বুলি চিঞৰ বাখৰ আৰম্ভ হৈছে। কিন্তু সমাধানৰ কোনো উপায়ৰ কথা কোনেও কোৱা নাই। সমাধানৰ উপাই কি? কোনে উদ্ভাৱন কৰিব সমাধানৰ পথ?

খ) বান-নিয়ন্ত্ৰণ বিভাগৰ কাৰ্য্যালয়ত অভিযন্তাসকলৰ আলোচনা চলিছে। মথাউৰি বন্ধাৰ কথা কোৱা হৈছে। ঠিকা কাক দিয়া হ’ব তাৰ কথা প্ৰথমতে আলোচনা হৈছে। বন্দুকধাৰীসকলে আৰু অবন্দুকধাৰী মালিকসকলে নিজৰ নিজৰ বাবে লবী কৰিবলৈ আৰম্ভ কৰিছে। ৰাজহুৱা বিতৰণ ব্যবস্থাৰ কাৰ্য্যালয়তো একেই অবস্থা, কিমান লুকুৱাব কিমান বিলাব তাৰ হিছাপ-নিকাছ চলিছে। কোন যোগানকাৰী ফাৰ্মৰ পৰা আঠুৱা, কম্বল কিনা হ’ব তাকে লৈ আলোচনা হৈছে। মুখ্যমন্ত্ৰীয়ে বিখ্যাত কলগছৰ বাক্যটোৱে সকলো আলোচনা তল পেলাইছে। সকলো বিভাগত মানৱ সম্পদ কম। নতুন প্ৰযুক্তিৰ কথা চিন্তা কৰিবলৈ নতুন মানুহ নাই, যিকেইজন নতুনে কৰিব বিচাৰিছে ওপৰৰ পৰা এটা ধমকতে ঠিকাদাৰৰ বিল কেইখন পাৰ কৰি দিয়াৰ কামত লাগি গৈছে। নতুন বটলত পুৰণি মদ। খৰালি আহিল। সকলো লাভ-লোকচানৰ অংকত ব্যস্ত আৰু অপেক্ষা পুনৰ বানলৈ।

গ) গুৱাহাটীত ৫ কিলমিটাৰ দীঘল যান-জট। এখন গাড়ীও আগবাঢ়িব পৰা নাই। যান-বাহন আৰক্ষীয়ে ইয়াৰ পৰা ন’এন্ট্ৰীখন আনি আন ঠাইত লগাই আছে। কোনটো পথত দৈনিক কিমান গাড়ী অহা-যোৱা কৰে কোনো তথ্য নাই। লখৰাৰ পৰা জালুকবাৰীলৈ যাবলৈ এজন মানুহে ৬ ঘণ্টা যান-জটত ৰৈ আছে। পিছদিনা বাতৰি কাকতত প্ৰতিবাদী সম্পাদকীয়। যান-জটৰ পৰা ৰেহাই পাবলৈ বিকল্প পথ এটাৰে যানবাহনক পঠাই দিবলৈও বিকল্প পথ সম্বন্ধে যান-বাহন নিয়ন্ত্ৰণ কক্ষত কোনো ‘ডাটা’ নাই। ৰাইজে চৰকাৰক ওৰাই ঘুৰাই গালি পাৰিছে।

ঘ) ৰাজহুৱা বিতৰণ ব্যবস্থাৰ চাউলখিনি মোকোলাই আনিবৰ বাবে ‘সুলভ মূল্যৰ দোকানীজনে’ উপায়ুক্তৰ কাৰ্য্যালয়ত বিভাগৰ পৰা বিভাগলৈ দৌৰিছে। পিয়নৰ পৰা বিষয়ালৈ টেবুলৰ তলেৰে মাহাত্মা গান্ধীৰ ছবিৰ আহ-যাহ চলিছে। এইবাৰৰ চেনিখিনি ৰাইজে গম নোপোৱাকৈ মোকোলাই আনিব পাৰিলে লাখটকামান লাভ হ’ব। গতিকে মহাত্মা গান্ধী কেইটামান আগতীয়াকৈ দিলেও লোকচান নাই। ফাইলৰ জাপৰ মাজৰ পৰা কোনেও বিচাৰি নাপায় কোনদিনা কিমান চেনি ওলাই আহিছিল। চৰকাৰে কৈ আছে সকলো কম্পিউটাৰত হিচাপ কৰা হ’ব। পিছে মেট্ৰিক পাছ কৰা ছাত্ৰসকলক দিবলৈ লাখ লাখ কম্পিউটাৰ থকা চৰকাৰৰ এই বিভাগলৈ কম্পিউটাৰৰ অভাব। কম্পিউটাৰ দিলেও কি হ’ব? চলাব কোনে? প্ৰগ্ৰামসমূহ কৰি এটা সুচাৰুৰূপে চলা ব্যৱস্থা কৰি দিবলৈ ৰাজ্যৰ বাহিৰৰ আই টি কোম্পেনী এটাকে ভাড়াত আনিব লাগিব।

ঙ) ভাৰত চৰকাৰৰ ২০১১, ২০১২ আৰু ২০১৩ চনৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষাত হোৱা খৰচ ২১২৩৬, ৭৮২৬১ আৰু ৯১৫১৬ মিলিয়ন টকা। দিনে দিনে খৰচ বাঢ়ি গৈ আছে। চৰকাৰৰ হাতত ইমান টকা নাই। গতিকে চৰকাৰে নতুন নিয়ম কৰিছে: উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহ স্বাৱলম্বী হ’ব লাগিব। নতুনকৈ চৰকাৰী সাহায্য দিয়া নহ’ব। গতিকে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে মাচুল বঢ়াই গৈছে বছৰি ১০০% কৈ। ইপিনে সকলোৰে বাবে বাধ্যতামূলক শিক্ষাৰ অধিকাৰ বিল, আনপিনে উচ্চ শিক্ষাত মাচুল বৃদ্ধি। টোগলক আকৌ ঘূৰি অহাৰ দিন। মাচুলৰ বাবে চৰকাৰী বেংকত শিক্ষা-ঋণ ল’বলৈ গৈ ইখনৰ পৰা সিখন কাগজ গোটাই গুৱাহাটী, জিলা সদৰ, মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ দৌৰি ১০০০ মহাত্মা গান্ধীৰ খৰচ হ’ল। এতিয়া আকৌ বেচৰকাৰী বেংকত আবেদন কৰা হৈছে। লগৰ-সমনীয়াৰ উত্তৰত কৈছে, এবাৰ অভিযন্তা হৈ ওলোৱাৰ পিছত বাংগালোৰ যাব। তাত হেনো বহুত চাকৰি। ৫ বছৰত ধাৰৰ টকা ঘুৰাই দিয়া হ’ব।

চ) অভিযান্ত্ৰিক মহাবিদ্যালয়ত তৃতীয় বৰ্ষৰ শেষত ছাত্ৰজনে প্ৰকল্পৰ বাবে আই আই টিত আবেদন কৰিছে। তাত গৈ নিউয়ৰ্ক চহৰৰ যানবাহনৰ ওপৰত প্ৰকল্প কৰাৰ কথা চিন্তা কৰিছে। আন এজনে চোৰ খেদা এলাৰ্মৰ ওপৰত কাম কৰিছে। অন্য এজনে মহাবিদ্যালয়তে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দলঙখনৰ ওপৰত কাম কৰিছে। প্ৰকল্পৰ বাবে আকৌ টকা লাগে। এবছৰ পিছত চেমিনাৰখন দি প্ৰকল্পৰ প্ৰতিবেদন দিয়াৰ পিছতেই ডিগ্ৰী পাই পোনে পোনে বাংগালোৰ যাব পৰা হ’ব। বাংগালোৰ গৈ প্ৰথম কেইমাহ চাকৰি নাপালে চলিবৰ বাবে কাৰোবাৰ পৰা অলপ টকা ধাৰে ল’ব লাগিব।

এতিয়া এই গোটেই সমীকৰণকেইটা একেলগে সমাধান কৰিব পৰা যাব নেকি? নাইবা যোৰ বান্ধি দুটামান সমীকৰণ সমাধান কৰিব পৰা যায় নেকি?

বানপানী সমস্যা সমাধানৰ বাবে নতুন প্ৰযুক্তিৰ দৰকাৰ। আওপুৰণি মথাউৰি-প্ৰযুক্তি ইমান বছৰে ভেকোঁভাওনা যেন সাধাৰণ ৰাইজৰ চকুত দেখা গৈছে। নতুন প্ৰযুক্তি আহিলেই আমাৰ দেশত প্ৰথম feasibility প্ৰশ্নটো কন্ট্ৰেক্টৰ বা অভিযন্তাৰ মাত্ৰাধিক লাভ হোৱা হ’ব লাগিব, তাৰ পিছত বাকী প্ৰশ্ন আহে। কিন্তু নতুন চিন্তা কৰিবৰ বাবে0 ২৫ বছৰ আগতে যোগদান কৰা অভিষন্তাজনৰ দ্বাৰা সম্ভৱ নহয়, কাৰণ তেওঁক নতুন প্ৰযুক্তিৰ লগত চিনাকি কৰিবৰ বাবে কোনো কৰ্মশালাৰ আয়োজনেই হোৱা নাই। গতিকে ব্যক্তিগত ফাৰ্ম এখনক ভাড়া দিয়া উচিত বুলি বৰ্তমানে এটা নীতি হৈ পৰিছে। চৰকাৰে চলোৱা মানে সকলো বগা হাটী। এতিয়া আমি যদি ইয়াক সমীকৰণ (চ) ৰ লগত জড়িত কৰিব পাৰোঁ তেন্তে নিশ্চয় সমাধানৰ পথ ওলাই অহাৰ সম্ভাৱনা এটা আছে। ছাত্ৰসকলক বছৰীয়া প্ৰকল্পৰ বাবে আমাৰ এই জলন্ত বিষয়সমূহ সমাধানৰ বাবে প্ৰকল্প কৰিবলৈ দিলে তেওঁলোকে ঠিকাদাৰ, ৰাজনীতিক আৰু বন্দুকধাৰীৰ আদেশৰ বিপৰীতে কাম কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ ছাত্ৰসকলৰ উদ্ভাৱনী শক্তি নাইকিয়া বুলি কাগজে-পত্ৰই যি আলোচনা হৈ আছে তাৰ পৰাও আঁতৰিব পাৰি। আভিযান্ত্ৰিকৰ একোটা বিষয়ত অধ্যয়ন কৰা ছাত্ৰৰ সংখ্যা সমগ্ৰ অসমত ২০০ জনমান হ’ব। মাত্ৰ সাতজন মানকে প্ৰতি বছৰে এই বিষয়ত প্ৰকল্প কৰিবলৈ দিলেও মাত্ৰ কেইবছৰমানৰ ভিতৰতে পৰম্পৰাগত জ্ঞানৰ লগত নতুন প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটি নতুন পদ্ধতি উদ্ভাৱন হ’ব বুলি ভবিষ্যদ্বানী কৰিলেও মিছা নহ’ব চাগৈ। মানৱ সম্পদ গঢ়াই যদি শিক্ষাৰ মূল উদ্দেশ্য বুলি ভাবো তেন্তে ভুল কৰা হ’ব। মানৱ সম্পদৰ উচিত ব্যবহাৰো অতি দৰকাৰী। আটাইতকৈ দৰকাৰী কথা হ’ল তেওঁলোকৰ চিন্তাধাৰাক কোনো অবৈধ লাভৰ আশাত থকা ব্যক্তি বা গোটৰ দ্বাৰা প্ৰভাবিত নহ’ব। এতিয়া একেধৰণেই (খ) ৰ লগতো কেইজনমান মেনেজমেন্টৰ ছাত্ৰক সংযোগ কৰি দিলে সহজ সমাধান পাব পাৰি।

প্ৰশ্ন উঠিব পাৰে যে ইয়াৰ দ্বাৰা ভবিষ্যতৰ চাকৰিসমূহ নাইকীয়া হ’ব নেকি? নহয়। কাৰণ, মূল কামখিনি ব্যবহাৰিক ৰূপলৈ নিবৰ বাবে তেওঁলোকৰ সদায় দৰকাৰহে হ’ব।

এতিয়া আমি যদি (ঙ) ক বাকী ওপৰৰ সমস্যাসমূহৰ লগত সংযোগ কৰোঁ, তেন্তে ছাত্ৰসকলৰো উপকাৰ হ’ব, লগতে বাকী সমস্যা সমাধানৰ বাবে ভবিষ্যতে বাহিৰলৈ ওলাই যাবলগীয়া মেধাবী ছাত্ৰসকলৰ পৰা সেৱা চৰকাৰে পাব পাৰে। ৰাষ্ট্ৰ বা ৰাজ্যই শিক্ষাৰ বাবে খৰচ কৰা বা মানৱ সম্পদ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা খৰচৰ বিনিময়ত যদি সেৱা লাভ কৰে তেন্তে চৰকাৰৰ সাহাজ্য দিয়াতো অসুবিধা নহ’ব। মাহে মাত্ৰ ৩০০০ ৰ পৰা ৫০০০ টকা জলপানি দি বছৰৰ এটা প্ৰকল্পৰ দ্বাৰা বহুত সমস্যাৰ সমাধানৰ পথ পাব পাৰি।

শিক্ষাৰ ব্যক্তিগতকৰণৰ ওপৰত আজিকালি বহুত কোৱা হৈছে। সমস্যাবোৰ একেলগ কৰি এনে অসুবিধাসমূহ দূৰ কৰিব পাৰি নেকি ৰাইজৰ আলোচনাৰ বাবে আগবঢ়ালো। ওপৰত দিয়া উদাহৰণসমূহ কেবল সমস্যাসমূহ একেলগ কৰাৰ ধাৰণা দিবৰ বাবেহে ব্যৱহাৰ কৰা হৈছে। ৰাইজৰ মতামত তথা আলোচনা আশা কৰিলো।

লিখক: পঙ্কজ ঠাকুৰীয়া

2.81538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top